পদক ব্ৰঞ্জৰ হ’লেও লাভলীনাই অসমৰ স্বৰ্ণ কন্যা…

পদক ব্ৰঞ্জৰ হ’লেও লাভলীনাই অসমৰ স্বৰ্ণ কন্যা…

তুষাৰ প্ৰতিম

'হ'বদে আই, স্বৰ্ণ নাহিল কি হ'ল, ব্ৰঞ্জৰ পদকটো আহিল।পদক ব্ৰঞ্জৰে হওক বা স্বৰ্ণৰে হওক এই সফলতাৰ বাবে তোলৈ শুভেচ্ছা।আমাৰ বাবে তয়েই স্বৰ্ণ। তয়েই আমাৰ স্বৰ্ণ কন্যা।' বৰ্তমান সময়ত অসমৰ জনতাৰ এয়াই মনৰ কথা। পদক যিয়েই নহওক দেশলৈ যে গৌৰৱ কঢ়িয়াই আনিছে সেয়াই বহুত।

টকিঅ' অলিম্পিকত বক্সিংৰ ৱেল্টাৰৱেইট শাখাত তুৰ্কীৰ শক্তিশালী প্ৰতিদ্বন্দ্বী বুছেনাজ চুৰমেনেলীৰ হাতত ছেমি ফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জৰ পদক লাভ কৰিলে অসমৰ জীয়ৰী লাভলীনা বৰগোহাঁইয়ে। এই সফলতা অসমৰ দৰে এখন ৰাজ্যৰ বাবে সৰু কথা নহয়। অসমৰ পৰা অলিম্পিকৰ ইতিহাসত ইয়াৰ পূৰ্বে মাত্ৰ ৪ জন খেলুৱৈয়ে অলিম্পিকত অংশগ্ৰহণ কৰিছিল। চাৰিওজন খেলুৱৈয়েই অলিম্পিকত পদক লাভ কৰিবলৈ সক্ষম হোৱা নাছিল। অসমৰ পঞ্চম গৰাকী অলিম্পিয়ান হিচাপে আৰু প্ৰথমগৰাকী মহিলা হিচাপে টকিঅ' অলিম্পিকত অংশগ্ৰহণ কৰি লাভলীনাই ইতিহাস সৃষ্টি কৰি লাভ কৰিলে ব্ৰঞ্জৰ পদক। ইয়ো এক ইতিহাস। এক অন্যান্য সফলতা।

অলিম্পিকত ভাৰতৰ প্ৰদৰ্শন সন্তোষজনক নহয়। টকিঅ'ত বৰ্তমানলৈকে লাভ কৰিছে মাত্ৰ ৩ টা পদক। ১ টা ৰূপ ২টা ব্ৰঞ্জ। এটা ব্ৰঞ্জ পিভি সিন্ধুৰ, এটা ৰূপ উত্তৰ পূৰ্বাঞ্চলৰে আন এগৰাকী জীয়ৰী মীৰা বাঈ চানুৰ আৰু আনটো ব্ৰঞ্জ অসমৰ লাভলীনাৰ। স্বাভাৱিকতে অসমৰ বাবে এয়া এক গৌৰৱৰ বিষয়। দেশক ক্ৰীড়া বিশ্বৰ দৰৱাৰত মূৰ তুলিব পৰাকৈ অলিম্পিক পদক দিছে লাভলীনাই।

কি আছিল লাভলীনাৰ? কি পাইছিল লাভলীনাই? লাভলীনাৰ চাৰিও ফালে আছিল কেৱল সমস্যা। আৰ্থিক দুৰ্ৱলতাৰ পৰা আৰম্ভ কৰি অলিম্পিকৰ পূ্ৰ্বে পৰ্যাপ্ত অনুশীলন মেচত অংশগ্ৰহণৰ সুবিধাৰ পৰা বঞ্চিত হোৱালৈকে অনেক সমস্যাৰ মোকাবিলা কৰি লাভলীনা অলিম্পিকলৈ গৈছিল। মনত পদক জয়ৰ দুৰ্বাৰ হাবিয়াস আৰু জেদ। দুবাহুৰ শক্তিৰে অলিম্পিকৰ মঞ্চত বুকুত লৈথকা ক্ষোভ বোৰ প্ৰকাশ কৰাৰ জেদ। কিয় প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে তাই! চৰকাৰে একাংশ গ্লেমাৰ খেলুৱৈৰ বাবে যিদৰে আহোপুৰুষাৰ্থ কৰিছিল তেনেদৰে লাভলীনাৰ লগত কৰা নাছিল।কিন্তু লাভলীনাই নিজক প্ৰমাণ কৰিলে। গ্লেমাৰৰ পৰা বহু যোজন আঁতৰত থাকি লাভলীনাই প্ৰমাণ কৰিলে সফলতাৰ বাবে লাগে কেৱল সাধনা।

অলিম্পিকত অংশগ্ৰহণৰ পূৰ্বে কোভিড হৈছিল লাভলীনাৰ। যাৰ বাবে বিদেশত উন্নত প্ৰশিক্ষণৰ পৰা বঞ্চিত হৈছিল তেওঁ। অলিম্পিকৰ পূৰ্বে পৰ্যাপ্ত অনুশীলন মেচত ভাগলোৱাৰ পৰাও বঞ্চিত হৈছিল তেওঁ।দেশতেই থাকি কৰি গৈছিল অনুশীলন। প্ৰশিক্ষকৰ নিৰ্দেশনা অনুসৰি কৰিছিল কঠোৰ এই অনুশীলন। আনকি লকডাউনৰ সময়ত আহি নিজৰ ঘৰত থকাৰ সময়ত ঘৰতে সুবিধা অনুসৰি লাভলীনাই কৰিছিল অনুশীলন। সেই সময়ত তেওঁ কিদৰে অনুশীলন কৰিছে সেই খবৰ কোনেও ৰখা নাছিল। অৱশ্যে 'ছাই'য়ে লাভলীনালৈ পঠিয়াই দিছিল অনুশীলনৰ বাবে কেইপদ মান সামগ্ৰী।

অলিম্পিকৰ পূৰ্বে বিজেন্দৰ সীঙৰ দৰে বক্সাৰেও লাভলীনাৰ নাম উচ্চাৰণ কৰিবলৈ পাহৰিছিল। বিজেন্দ্ৰৰ সিঙৰ অলিম্পিকৰ পদক জয়ৰ সম্ভাৱ্য খেলুৱৈৰ তালিকাত নাছিল লাভলীনাৰ নাম। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছিল এই খবৰ।

মণিপুৰৰ জীয়ৰী মেৰী কমক আদৰ্শ হিচাপে লৈ বক্সিং খেলি গৈছে লাভলানীই। ৬ বাৰকৈ বিশ্ব চেম্পিয়ন হোৱাৰ লগতে লণ্ডন অলিম্পিকত ব্ৰঞ্জৰ পদক দখল কৰা মেৰী কমে দেশৰ মহিলা বক্সিং ক্ষেত্ৰখনলৈ আনিছে জাগৰণ। মেৰী কমক আদৰ্শ হিচাপে লৈয়ে লাভলীনাৰ দৰে বক্সাৰ সৃষ্টি হৈছে। সেই একেই জাগৰণ সৃষ্টি হৈছে এতিয়া অসমত। অসমৰ অভিভাৱকসকলে নিজৰ কন্যা সন্তানক এতিয়া লাভলীনাৰ দৰে গঢ়ি তুলিব বিচাৰিছে। সামাজিক মাধ্যমত এই বিষয়ে চৰ্চা হৈছে। এয়া অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবেই আশাৰ খবৰ।

সমৰকলা মোৱাথাইৰ জৰিয়তে ক্ৰীড়া ক্ষেত্ৰত প্ৰৱেশ কৰা লাভলীনা বক্সিং ক্ষেত্ৰখনলৈ অহাৰ পৰাই এটাই লক্ষ্য বুকুত বান্ধি লৈছিল। অলিম্পিক স্বৰ্ণ পদক। যেতিয়াই লাভলীনাৰ লগত কথা হৈছিল তেওঁ অলিম্পিক পদক জয়ৰ কথা দোহাৰিছিল। অৱশেষত তেওঁৰ সেই সপোন পূৰণ হ'ল। অৱশ্যে স্বৰ্ণ জয়ৰ আশা বাস্তৱায়িত নহ'ল লাভলীনাৰ। তথাপিও কোনা কথা নাই। আত্মপ্ৰকাশতেই ব্ৰঞ্জৰ পদক লাভ কৰিছে তেওঁ।

গোলাঘাট জিলাৰ ধনশিৰী মহকুমাৰ বাৰমুখীয়া গাঁৱৰ টিকেন বৰগোঁহাই আৰু মামণি বৰগোহাঁইৰ জীয়ৰী লাভলীনা। এখন ক্ষুদ্ৰ চাহ বাগনৰ কৰ্মচাৰী টিকেন বৰগোহাঁইয়ে ঘৰলৈ নিজ সন্তানৰ বাবে লৈ অনা মিঠাইৰ টোপোলাৰ কাগজত দেখিছিল কিম্বদন্তি বক্সাৰ মহম্মদ আলিৰ বিষয়ে। মিঠাই বান্ধি অনা সেই কাগজখনতেই লাভলীনাই মহম্মদ আলিৰ বিষয়ে পঢ়িছিল আৰু আকৰ্ষিত হৈছিল বক্সিংৰ বাবে। ইয়াৰ পাছতেই দেউতাকে লাভলীনাক মুৱাথাইৰ প্ৰশিক্ষণ গ্ৰহণৰ বাবে নম লগাই দিছিল। সেয়া আছিল ২০১১ চনৰ কথা।

মুৱাথাইৰ উপৰিও লাভলীনাই আন এক ক্ৰীড়াৰো কিছু অনুশীলন কৰিছিল। সেই সময়ত প্ৰচূৰ আৰ্থিক অনাতনৰ সন্মুখীন হৈছিল লাভলীনাৰ পিতৃ। পাৰিশ্ৰমিক হিচাপে লাভ কৰে মাত্ৰ ২৫০০ টকা। সেই টকাৰে পৰিয়াল পোহপাল দিব লাগে। লাভলীনাৰ বাবে ক্ৰীড়া সামগ্ৰী ক্ৰয় কৰাটো আছিল অসম্ভৱ। অৱশ্যে নিজৰ পাৰদৰ্শিতাৰ বাবে 'ছাই'লৈ নিৰ্বাচিত হৈছিল লাভলীনা। তাৰ পাছত তেওঁ অসুবিধা অবিহনেই লাভ কৰিছিল বক্সিংৰ প্ৰশিক্ষণ।

২০১২ চনত পৰ্যাপ্ত অনুশীলন, প্ৰশিক্ষণ অবিহনেই লাভলীনাই কলকাতাত অনুষ্ঠিত ছাব জুনিয়ৰ বক্সিং প্ৰতিযোগিতাত লাভ কৰিছিল স্বৰ্ণ পদক। সেয়াই আছিল আৰম্ভণি। ইয়াৰ পাছত ক্ৰমাগতভাৱে ২০১৩ চনত ছাৰ্বিয়াত অনুষ্ঠিত হোৱা ইণ্টাৰনেশ্বনেল নেচনকাপত ৰূপৰ পদক, কাজাকিস্তানত অনুষ্ঠিত প্ৰেছিডেণ্ট কাপত পদক, ২০১৭ ৰ এছিয়ান চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক, ইণ্ডিয়ান অ'পেন ইণ্টাৰনেচনেল চেম্পিয়নশ্বিপত স্বৰ্ণ পদক, কমনৱেলথ গেমছত স্বৰ্ণ পদক, বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপ ২০১৮ আৰু ২০১৯ত ব্ৰঞ্জৰ পদক, গুৱাহাটীত অনুষ্ঠিত ইণ্ডিয়ান অপেন ইণ্টাৰনেচনেল বক্সিং চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল। ইয়াৰ উপৰিও আন কেইবাখনো প্ৰতিযোগিতাত লাভলীনাই লাভ কৰিছিল পদক।

সফলতা আহিলে জনপ্ৰিয়তাও আহে। কিন্তু জনপ্ৰিয়তাৰ পাছত দৌৰিব নিবিচাৰে লাভলীনা। জনপ্ৰিয়তাৰ পাছত দৌৰিলে ক্ৰীড়া জীৱনৰ গতিশীলতাত আহে স্থবিৰতা। সেই কথা লাভলীনাই জানে। সেয়ে তেওঁ কেতিয়াও জনপ্ৰিয়তাৰ পাছত দৌৰা দেখিবলৈ পোৱা নাই। তেওঁ ভাগ লোৱা নাই বিভিন্ন সামাজিক অনুষ্ঠানত। কেৱল কৰিছে অনুশীলন। সেই সাধনাৰ প্ৰাপ্তি অলিম্পিক ব্ৰঞ্জৰ পদক।

সৌ সিদিনালৈকে হাৰিয়ানাই আছিল দেশৰ বক্সিংৰ পাৱাৰ হাউচ। হাৰিয়ানাৰ সেই গৰ্ব ভংগ কৰিলে অসমে। অসমৰ মহিলা বক্সাৰে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত লাভ কৰা সফলতাৰ বাবেই এতিয়া দেশে অসমৰ বক্সাৰৰ মুখলৈ চাবলগীয়া হয়। দেশক মহিলা বক্সাৰে যি দুটা পদক বৰ্তমানলৈকে দিছে সেই দুয়োটা পদকেই উত্তৰ পূৰ্বাঞ্চলৰ।

ব্ৰঞ্জৰ পদকেৰে টকিঅ'ৰ অভিযান সামৰা লাভলীনাৰ সন্মুখত এক দীঘলীয়া বাট। অভিজ্ঞতাৰ ফালৰ পৰা বিশ্বৰ সকলো প্ৰতিযোগিতাৰে অভিজ্ঞতা সঞ্চয় কৰিলে লাভলীনাই। সেই অভিজ্ঞতাকেই সঞ্চয় কৰি পেৰিছ অলিম্পকলৈ সাজু হ'ব লাভলীনা।মাজত মাত্ৰ ৩ বছৰ। স্বৰ্ণ পদকৰ হাবিয়াস কৰা লাভলীনাই পেৰিছত সেই হাবিয়াস পূৰণ কৰক। সকলোৰে সেয়াই আশা।

ক্ৰীড়া বিশ্বৰ আগত মূৰ দাঙিব পৰাকৈ অসমক পৰিচয় কৰাই দিয়া লাভলীনালৈ আমাৰ কৃতজ্ঞতা। দীৰ্ঘসময়ৰ পৰা এটা অলিম্পিক পদকৰ বাবে হেঁপাহেৰে বাট চাই ৰোৱা অসমীয়াক অলিম্পিক পদক দিলে লাভলীনাই। এই মুহূৰ্তত অসমৰ বাবে ইয়াতকৈ ডাঙৰ প্ৰাপ্তি আৰু কি হ'ব পাৰে! অভিনন্দন লাভলীনা..।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in