শেহতীয়া খবৰ
এছকাৰ্ড বেংকৰ সকলো বিত্তীয় লেনদেনৰ নথি জব্দৰ নিৰ্দেশ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ...  •  পথৰ ওপৰত ট্ৰেভেলাৰ বাগৰি ছজনকৈ লোক আহত....  •  সোণৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে আৰক্ষীৰ অভিযানঃ কুখ্যাত ব্যৱসায়ী ছাহজামালক গ্ৰেপ্তাৰ, ২৭ লাখ টকা জব্দ...  •  মঙলদৈত ভৰা নদীত পৰি এজনৰ মৃত্যু...  •  ৰৌতাত জলসিঞ্চন বিভাগৰ বিৰুদ্ধে ক্ষোভ কৃষকৰ : হাতে হাতে দাঁ, কোৰ লৈ ওলাই আহিল সাধাৰণ কৃষক...  •  ছিপাঝাৰৰ পশ্চিম কুৰুৱাত নাও দুৰ্ঘটনাঃ ৪ জনক উদ্ধাৰ, এতিয়াও সন্ধানহীন আন এজন...  •  নগাওঁ শেনচোৱাত বাগৰি পৰা ট্ৰেভালৰত খুন্দা ছুইফট বাহনৰ...  •  মাৰ্ঘেৰিটাৰ পৰা অৰুণাচললৈ সৰবৰাহৰ যো-জা চলোৱা ১৮ টা গৰুসহ বলেৰ' পিকআপ গাড়ী জব্দ...  •  নগাঁও-হোজাইত দেওঁবাৰে জ্বলিব ড্ৰাগছ...  •  সীমান্তৰ ভালুকমাৰীগাঁৱত অসমৰ লোকক এঘৰীয়া কৰাৰ ষড়যন্ত্ৰ ব্যৰ্থ...

ধৰ্মীয় উত্তেজনা বৃদ্ধিত ইমান গুৰুত্ব কিয়?

তুষাৰ প্ৰতিম

ধৰ্মীয় উন্মাদনাত বিধ্বস্ত ৰাষ্ট্ৰ। বিজেপি নেতাৰ ধৰ্মীয় অনুভূতিত আঘাতহনা মন্তব্যই জ্বলাইছে দেশ। পয়গম্বৰ হজৰত মহম্মদক লৈ অপমানজনক মন্তব্য কৰাৰ পিছতে দেশৰ ইছলামধৰ্মীয় লোকসকলৰ লগতে ইছলামিক ৰাষ্ট্ৰসমূহতো ইয়াৰ প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। এনে প্ৰতিক্ৰিয়াৰ ফলতেই বিজেপি দলে দুই মুখপাত্ৰ নুপুৰ শৰ্মা আৰু নবীন জিন্দালক দলৰ পৰা বহিষ্কাৰ কৰিবলৈ বাধ্য হোৱাই নহয় তেওঁলোকৰ বিৰুদ্ধে আৰক্ষীয়ে ৰুজু কৰিছে গোচৰ। 

সাম্প্ৰদায়িক কথা-বতৰাৰে দেশৰ ৰাজনীতি গৰম কৰি থকা এইসকল নেতাৰ সমৰ্থনত থিয় হোৱা লোকৰ বিৰুদ্ধেও আৰক্ষীয়ে অভিযান চলাবলৈ বাধ্য হৈছে। দেশ-বিদেশত সৃষ্টি হোৱা প্ৰৱল প্ৰতিবাদ আৰু বিক্ষোভৰ বাবে নুপুৰ শৰ্মা আৰু  নবীন জিন্দালৰ সমৰ্থনত সামাজিক মাধ্যমত মন্তব্য আগবঢ়োৱা কেইবাজনো লোকৰ বিৰুদ্ধে আৰক্ষীয়ে চলাইছে অভিযান। তেওঁলোকৰ বিৰুদ্ধে যাতে কোনেও সামাজিক মাধ্যমত মন্তব্য নকৰে তাৰ বাবেও নিৰ্দেশনা জাৰি কৰিছে।

পয়গম্বৰ হজৰত মহম্মদক অপমান কৰা নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ আজিও দেশজুৰি হিংসাত্মক প্ৰতিবাদ অব্যাহত আছে। উত্তৰ প্ৰদেশ, ৰাঁচী আদি চহৰত এই প্ৰতিবাদে লৈছে হিংসাত্মক ৰূপ। ৰাঁচীত এনে প্ৰতিবাদত লিপ্ত হোৱা দুজনকৈ লোকে ইতিমধ্যে মৃত্যুক সাৱটি লৈছে।

শুকুৰবাৰে জুম্মাৰ নামাজৰ পিছতে দেশৰ কেইবাখনো চহৰত নুপুৰ শৰ্মা আৰু নবীন জিন্দালক গ্ৰেপ্তাৰ কৰিবলৈ ইছলাম ধৰ্মৰ লোকসকলে  প্ৰতিবাদ সাব্যস্ত কৰে। এই প্ৰতিবাদে হিংসাত্মক ৰূপ ধাৰণ কৰাৰ পিছতেই দেশজুৰি এই ঘটনাক লৈ পুনৰ এক নতুন বিতৰ্কৰ সূচনা হৈছে।

যোৱা মাহত বিজেপিৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ নুপুৰ শৰ্মাই কৰিছিল এই বিতৰ্কিত মন্তব্য। এক ৰাষ্ট্ৰীয় টেলিভিছন চেনেলৰ অনুষ্ঠানত নুপুৰ শৰ্মাৰ বিৰুদ্ধে পয়গম্বৰ মহম্মদৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

ইয়াৰ পিছতে প্ৰথম অৱস্থাত আৰৱে এই বিষয়টোত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। আৰৱ তথা ইয়াৰ ইছলামীয় দেশসমূহত নিযুক্ত ভাৰতীয় ৰাষ্ট্ৰদূতসকলকো মাতি পঠিয়াই নুপুৰ শৰ্মাৰ মন্তব্যৰ বাবে সমালোচনা কৰে। আৰৱীয় দেশসমূহত সৃষ্টি হোৱা এই প্ৰতিক্ৰিয়াৰ পিছতে বিজেপিয়ে নুপুৰ শৰ্মা আৰু দলটোৰ বিজেপিৰ দিল্লী মিডিয়া চেলৰ মুৰব্বী নবীন জিন্দালক বহিষ্কাৰ কৰে।

কিন্তু ইয়াৰ পাছতো প্ৰতিবাদী কণ্ঠ বন্ধ হোৱা নাই। ইছলামধৰ্মীয় বহুনেতা আৰু সংগঠনে নুপুৰ শৰ্মা আৰু নবীন জিন্দলক গ্ৰেপ্তাৰ কৰাৰ দাবীত অব্যাহত ৰাখিছে প্ৰতিবাদ। এই প্ৰতিবাদে ঠায়ে ঠায়ে লৈছে হিংসাত্মক ৰূপ।

ঘটনা সন্দৰ্ভত বুধবাৰে দিল্লী আৰক্ষীয়ে নুপুৰ শৰ্মাৰ বিৰুদ্ধে এখন এজাহাৰা পঞ্জীয়ন কৰে। আনহাতে এ আই এম আই এমৰ মুৰব্বী আসাদুদ্দিন ওৱেইচি আৰু বিতৰ্কত থকা মহন্ত যতী নৰসিংহানন্দকে ধৰি আন ৩১ জনৰ বিৰুদ্ধে আন এখন এজাহাৰ পঞ্জীয়ন কৰিছে যদিও এতিয়াও এইসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

সেয়েহে দেশজুৰি নুপুৰ শৰ্মাক গ্ৰেপ্তাৰ কৰিবলৈ প্ৰতিবাদ সাব্যস্ত হৈছে। আনহাতে চুবুৰীয়া বাংলাদেশ, পাকিস্তান আদিতো নুপুৰ শৰ্মা আৰু ভাৰত বিৰোধী শ্ল’গান প্ৰতিধ্বনিত হৈছে। বাংলাদেশৰ ৰাজপথত ভাৰত বিৰোধী বিশাল প্ৰতিবাদী সমদল বাহিৰ হৈছে। দেশখনে ভাৰতক বৰ্জন কৰাৰো হুংকাৰ দিছে।

ইফালে ভাৰতৰ ৰাঁচীত এই ঘটনাক কেন্দ্ৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰাৰ মাজতে আৰক্ষীলৈ শিল গুটি দলিয়াই একাংশ প্ৰতিবাদকাৰীয়ে। যাৰ ফলশ্ৰুতিত আৰক্ষীয়ে গুলী চালনা কৰিবলৈ বাধ্য হয়। প্ৰতিবাদে ইয়াত এনে ভয়ংকৰ ৰূপ ধাৰণ কৰে যে বহু কেইখন বাহনত প্ৰতিবাদকাৰীয়ে অগ্নি সংযোগ কৰে।

এই ঘটনাত বহু লোক আঘাতপ্ৰাপ্ত হোৱাৰ প্ৰাথমিক খবৰ শুকুৰবাৰে প্ৰকাশ পোৱাৰ পিছত শনিবাৰে ইয়াৰ ২ আঘাতপ্ৰাপ্তৰ মৃত্যু হৈছে বুলি বাতিৰ প্ৰকাশ পাইছে। ৰাঁচীৰ এই ঘটনাৰ পিছতে বিভিন্ন স্থানত কাৰফিউ জাৰি কৰা হৈছে।

পশ্চিম বংগৰ ৰাজধানী কলকাতাতো জুম্মাৰ প্ৰাৰ্থনাৰ পিছত এক বৃহৎ প্ৰতিবাদী কাৰ্যাসূচী গ্ৰহণ কৰিছিল। এই প্ৰতিবাদৰ মাজতে চহৰখনৰ হাওৰা অঞ্চলত সংঘটিত হৈছিল হিংসাত্মক ঘটনা। হাওৰাত বিজেপিৰ এটা কাৰ্যালয়ত একাংশ দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ লগতে আৰক্ষী থানাতো আক্ৰমণ কৰিছে।

দেশৰ বিভিন্ন প্ৰান্তত নুপুৰ শৰ্মাৰ মন্তব্যক কেন্দ্ৰ কৰি সৃষ্টি হোৱা হিংসাত্মক প্ৰতিবাদৰ মাজতে আৰক্ষীয়ে এনে কাৰ্যৰ লগত জড়িত শতাধিক লোকক গ্ৰেপ্তাৰ কৰিছে। ইফালে মধ্যপ্ৰাচ্যৰ দেশসমূহ বিশেষকৈ কাটাৰ, চৌদি আৰৱ, কুৱেইট আৰু আৰৱত তীব্ৰ প্ৰতিক্ৰিয়া অব্যাহত আছে।

নুপুৰ শৰ্মাৰ বিতৰ্কিত মন্তব্যই এই দেশসমূহকো স্পৰ্শ কৰাত এতিয়া এই দেশসমূহত কৰ্মৰত হৈ থকা বহু ভাৰতীয় লোকৰ জীৱনলৈও সংশয় নামি আহিছে। যাৰ বাবে এই দেশসমূহত কৰ্মৰত হৈ থকা ভাৰতীয়ই সেই দেশ এৰি স্বদেশলৈ উভতি আহিবলগীয়া এক পৰিস্থিতিৰ সূচনা হৈছে।

শুকুৰবাৰে দেশৰ অন্যান্য প্ৰান্তৰ লগতে ৰাজধানী দিল্লীৰ জামা মছজিদৰ বাহিৰতো বিক্ষোভ প্ৰদৰ্শন কৰা হয়। এই বিক্ষোভৰ মাজতে একাংশই শিলগুটি নিক্ষেপ কৰে। একেদৰে উত্তৰ প্ৰদেশ, ৰাঁচী, কলকাতা, মহাৰাষ্ট্ৰ আদিতো একেই ঘটনা সংঘটিত হৈছে।

উত্তৰ প্ৰদেশৰ মোৰাদাবাদত আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক আঁতৰাবলৈ লাঠি চাৰ্জ কৰিছে। একে সময়তে, প্ৰয়াগৰাজত শিলগুটি নিক্ষেপ কৰাৰ বাবে আৰক্ষীয়ে প্ৰতিবাদকাৰীলৈ কন্দুৱা গেছ নিক্ষেপ কৰিছে।

উত্তৰ প্ৰদেশ আৰক্ষীয়ে জনোৱা অনুসৰি শুকুৰবাৰে নিশা ৯.৪৫ বজালৈকে সংঘটিত ঘটনাত জড়িত থকাৰ বাবে মুঠ ১৩৬ জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। শেহতীয়া তথ্য অনুসৰি গ্ৰেপ্তাৰ কৰা লোকৰ সংখ্যা ২২৭ জনলৈ বৃদ্ধি পাইছে।

বিতৰ্কিত বিজেপি নেত্ৰী নুপুৰ শৰ্মাৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে যদিও এতিয়াও তেওঁৰ বিৰুদ্ধে অব্যাহত আছে প্ৰতিবাদ। ইয়াৰ কাৰণ ব্যাখ্যা কৰি জ্যেষ্ঠ উৰ্দু সাংবাদিক মাছুম মোৰাদাবাদীয়ে কৈছে- ক’ৰবাত চৰকাৰৰ ওপৰত মুছলমানসকলৰ আস্থা হ্ৰাস পাইছে। যদি চৰকাৰে ইতিমধ্যে বিতৰ্কিত মন্তব্য দিয়া সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিলেহেঁতেন, পৰিস্থিতি এনে পৰ্যায়ত উপনীত নহ’লহেঁতেন।

তেওঁৰ মতে ইছলামিয় দেশসমূহে এই মাত মতাৰ বাবেহে শাসনাধিস্ত বিজেপিয়ে বিতৰ্কিত মুখপাত্ৰ নুপুৰ শৰ্মাৰ দৰে নেত্ৰীক বহিষ্কাৰ কৰিছে। কিন্তু বিজেপি চৰকাৰে ভাৰতীয় মুছলমানসকলৰ প্ৰতিবাদক উপেক্ষা কৰিছে।

এইগৰাকী সাংবাদিকৰ মতে  ২৭ মে’ত নুপুৰ শৰ্মাই বিতৰ্কিত মন্তব্য কৰিছিল। কিন্তু তেওঁৰ বিৰুদ্ধে আৰক্ষীকে ধৰি সংশ্লিষ্ট বিষয়াই কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ পৰিৱৰ্তে এই ঘটনাক যিমান পাৰি সিমান দমন কৰি ৰাখিবলৈ চেষ্টা অব্যাহত ৰাখিলে। যাৰ বাবে সাধাৰণ লোকসকল ক্ৰোধান্বিত হৈছে।

সেয়া যিয়েই নহওক যিকোনো সচেতন লোকে ধৰ্মীয় কথা বতৰাৰে দেশৰ সামাজিক পৰিস্থিতি এইদৰে বিঘ্নিত কৰা কাৰ্য গ্ৰহণ কৰিব নোৱাৰে। গণতান্ত্ৰিক দেশৰ নাগৰিক হিচাপে দেশত সকলো ধৰ্মৰ লোকৰ সমান মৰ্যাদা আছে। সকলোৰে ধৰ্মীয় বিশ্বাসক সন্মান প্ৰদৰ্শন কৰাটো সাংবিধানিক কথা।

কিন্তু তাকেই নকৰি একাংশ ৰাজনীতিবিদে নিজৰ ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত ধৰ্মীয় উত্তেজনা বিয়পাই দেশৰ সামাজিক পৰিস্থিতি বিঘ্নিত কৰা এনে কাৰ্যই এতিয়া দেশখনক অশান্তি কৰাই নহয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো লজ্জানত কৰিছে। আনহাতে কোনো এক ৰাজনৈতিক নেতাই উদ্দেশ্য প্ৰণোদিত ভাৱে কৰা এনোবোৰ কাৰ্যৰ প্ৰতিবাদ সাব্যস্ত কৰিবলৈ গৈ একাংশ লোকে আইন হাতত তুলি লোৱাৰ লগতে হিংসাত্মক ঘটনা সংঘটিত কৰা কাৰ্যকো কোনো সচেতন লোকে গ্ৰহণ কৰিব নোৱাৰে। এই দুয়ো ঘটনাই সভ্য সমাজৰ বাবে নিন্দাজনক।