বিদ্ৰোহী সমস্যাঃ কেৱল আলোচনাই চলিবনে, সমাধানো ওলাব…

বিদ্ৰোহী সমস্যাঃ কেৱল আলোচনাই চলিবনে, সমাধানো ওলাব…

মৃদুল কুমাৰ সন্দিকৈ

দেশ তথা শাসনাধিস্থ কৰ্তৃপক্ষৰ মাজত হোৱা সংঘাতৰ মাজত হোৱা ৰাজনৈতিক আৰু স্ব-অধিকাৰৰ দাবীত সশস্ত্ৰ সংগ্ৰাম এক সাধাৰণ ঘটনা হৈ পৰিছে। এয়া ইতিহাস, ভূগোল, ৰাজনৈতিক, সামাজিক আৰু স্বঅধিকাৰক কেন্দ্ৰক লৈ আৰম্ভ হোৱা সশস্ত্ৰ সংগ্ৰাম। ঔপনিৱেশ কালৰ পৰাই এই অঞ্চলটোত সংঘাটৰ পাতনি হৈছিল। কিন্তু এই সমস্যাসমূহ আজিও সমাধান নহ'ল।

বিভিন্ন নৃগোষ্ঠীয় সম্প্ৰদায়ৰ মাজত সৃষ্টি হোৱা সংঘাত আৰু ৰাজনৈতিক কাৰণত তীব্ৰতৰ পৰা তীব্ৰতৰ হৈ গৈ আছে। কেতিয়া এই সমস্যাৰ সমাধান হ'ব ইয়াৰো কোনো উত্তৰ নাই। ভূমিপুত্ৰ সকলৰ স্বাৰ্থ আৰু তেওঁলোকৰ অধিকাৰ সাব্যস্ত কৰাকলৈ এনে বিদ্ৰোহী বা সশস্ত্ৰ আন্দোলনক বিভিন্ন ভাগত ভাগ কৰিব পাৰি।

শাসক বা দেশ, ৰাষ্ট্ৰযন্ত্ৰই মূলতঃ ইয়াক বিভাজনকামী আৰু বিছিন্নতাবাদী শাৰীত ৰখাব বিচাৰে। আজিও সেই ধাৰণাৰ পৰা ৰাষ্ট্ৰযন্ত্ৰই মুক্ত হ'ব খোজা নাই। মৌলিক আনুগত্যৰ বাবে সমাধানৰ নামত দীঘলীয়া শান্তি আলোচনাৰে এনে সমস্যাক থাপি-থুপি থব খোজে যদিও ইয়াৰ বীজ কিমান দিনলৈ সজীৱ হৈ থাকিব সেইয়া ক'ব নোৱাৰি।

পৰিচয় আৰু স্বকীয় প্ৰতিষ্ঠাৰ দাবীত যিবোৰ লক্ষ্যৰে সশস্ত্ৰ সংগ্ৰামৰ পাতনি মেলা হয় সেইয়া কেৱল সামৰিক বল প্ৰয়োগেৰে সমাধান কৰিব নোৱাৰি। উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় প্ৰতিখন ৰাজ্যতে আছে বিদ্ৰোহী সমস্যা। সেই বিছিন্নতাবাদত ৰাষ্ট্ৰযন্ত্ৰই আলোচনাৰ ছিল মহোৰ মাৰি শান্তি স্থাপনৰ প্ৰচেষ্টা কৰা বুলি কলেও তেনে পদক্ষেপৰ সঠিক মূল্যায়ন কৰিলে এইবোৰ সাৰশূন্যহীন হোৱাৰ উপক্ৰম হৈছে।

নাগালেণ্ডত কেতিয়ালৈ সম্পূৰ্ণ হ'ব শান্তি আলোচনা?

নাগাসকলৰ ৰাজনৈতিক অধিকাৰ আৰু ইতিহাসক মান্যতা তথা সন্মান প্ৰদৰ্শনৰ দাবী আজিৰ নহয়। ১৯৩২ চনত বৃটিছ যেতিয়া নাগালেণ্ডত প্ৰৱেশ কৰিছিল তেতিয়াই নাগা সকলে স্বাধীন ঘোষণা কৰিছিল। পৰৱৰ্তী সময়ত ভাৰত ৰাষ্ট্ৰৰ সৈতে চামিল হলেও বৃহত্বৰ নাগালিম গঠনৰ দাবী আৰু তেওঁলোকৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত কৰাৰ লক্ষ্যৰে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিছে।

আত্মনিয়ন্ত্ৰণৰ এই সংগ্ৰাী অন্ত পেলাই স্থায়ী শান্তিৰ লক্ষ্যৰে চুক্তি হলেও নাগালেণ্ডৰ সামগ্ৰিক পৰিৱেশ এতিয়াও ধুসৰ। ২০১৫ ৰ ৩ আগষ্টত ফ্ৰেম অৱ এগ্ৰিমেণ্টত স্বাক্ষৰ হোৱাৰ পাছত এই শান্তি প্ৰক্ৰিয়া যেন ক'ৰবাত স্থবিৰ হৈ পৰিছে। এন এছ চি এনৰ সৈতে শান্তি আলোচনাৰল মধ্যস্থতাকাৰী আৰ এন ৰবিক নগালেণ্ডৰ ৰাজ্যপাল নিযুক্তি দিয়াৰ পাছত এই প্ৰক্ৰিয়া অধিক তড়াম্বিত হব বুলি ভৱা হৈছিল।

৭ দশকৰো অধিক কালজোৰা দক্ষিণ পূৱ এছিয়াৰ দীঘলীয়া সশস্ত্ৰ সংগ্ৰামখন আজিও অন্ত পৰা নাই। কেৱল সামৰিক বাহিনী আৰু শক্তিৰে এই সমস্যা সমাধান নহয় বুলি জানিও ভাৰত চৰকাৰে ইয়াক ইচ্ছাকৃতভাৱেই যেন জটিল কৰি তুলিছে। নগা জাতীয় দল সংগঠনসমূহে ঐক্যবদ্ধভাৱে এই সমস্যা সমাধানৰ বাবে চৰকাৰক অনুৰোধ জনাই আহিছে।

কেন্দ্ৰীয় চৰকাৰৰ অৱহেলাৰ বাবেই নগা বিদ্ৰোহী সংগঠন বোৰে পুনৰ বিদ্ৰোহৰ সকিয়নী দিয়াৰ কাৰ্যই এই অঞ্চলটোত স্থায়ী শান্তি স্থাপনৰ বাট কিমান সুগম হ'ব সেয়া সন্দেহৰ বিষয় হৈছে। মধ্যস্থতাকাৰী সলনি কৰাৰ দাবী চৰকাৰে মানি ল'লে যদিও নতুনকৈ নিযুক্তি দিয়া মধ্যস্থতাকাৰী পক্ষপাত ভূমিকাক লৈ প্ৰশ্ন নুঠা নহয়।

নগা ট্ৰাইবে হু হু, চাৰ্ছ কাউন্সিল, নাগৰিক সমাজকে ধৰি ৪০ টা সংগঠনে ২০২০ ৰ অক্টোবৰত কোহিমাত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰিছিল। এই সভাত নাগালেণ্ডৰ চৰকাৰ তথা কেন্দ্ৰীয় চৰকাৰক ৭ দফীয়া সমাধান সূত্ৰৰ প্ৰস্তাব দিয়া হৈছিল। নগা জাতীয় সংগঠি সমূহৰ মাজতে বিবাজনৰ এক প্ৰৱনতাও দেখিবলৈ পোৱা যায়। নগা সমস্যা সমাধানৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰি আহিছে বিভিন্ন জাতীয় সংগঠনে।

কিন্তু এই এইছ চি এন য(আই এন) এন এন জি পি, ডব্লিই চিৰ মাজত আছে মত প্ৰাৰ্থক্য। যাৰ বাবে নগা মাডাৰ এচ'ছিয়েশ্ব, নগা পলিটিকেল এফেয়াৰছ মিছন আদি সংগঠনৰ সৈতেও চৰকাৰে পৃথকে পৃথকে আলোচনাত বহিছে। নগা সমস্যা কেৱল এক সশস্ত্ৰ সংগ্ৰামৰ মাজেৰে সমাধান কৰা সমস্যা নহয়। প্ৰথমে নগাসকলক একত্ৰিকৰণ আৰু পৰিচয়ৰ দাবীক লৈ সৃষ্টি হোৱা মতানৈক্য সমাধান কৰিব লাগিব।

নাগা সশস্ত্ৰ বিদ্ৰোহী সকলে বৃহত্তৰ নাগালিমৰ দাবী পৰা কেতিয়াও আতৰি নাহে। তেওঁলোকে সুকীয়া সংবিধান আৰু পতাকাৰ দাবীত আকোৰগোজ হৈ লাগি আছে। এন এছ চি এনৰ নেতৃত্বই ইতিমধ্যে ইংগিত দিছে যে ভাৰতীয় সংবিধান তেওঁলোকে মানি নলয়। এই মূল বিষয়ৰ উপৰিও এন এইছ চি এম (আই এম)ৰ সৈতে তেওঁলোকৰ মাজতে হোৱা মত প্ৰাৰ্থক্যই আলোচনাত বহিবলৈ আগ্ৰহ প্ৰকাশ কৰিলেও মূল দাবী লৈ দুই পক্ষৰ মাজত হোৱা মতানৈক্যই এই সমস্যা সমাধানৰ কোনো গ্ৰহণ যোগ্য পথ দিব পৰা নাই বুলি চৰকাৰে কয়।

থুইগালেং মুইভাই নাগা নেচনেল পলিটিকেল গ্ৰুপ আৰু নাগৰিক সমাজে সুকীয়া সংবিধান আৰু পতাকা দাবী কৰা নাই বুলিও মন্তব্য কৰিছে। ইফালে নাগালিমৰ দাবী পূৰণ কৰিবলৈ গ'লে অসমৰ লগতে চুবুৰীয়া কেইবাখনো ৰাজ্যৰ ভৌগলিক অখণ্ডতা ৰক্ষা নহ'ব বুলিও প্ৰতিক্ৰিয়া প্ৰকাশ হৈছে।

কেন্দ্ৰীয় চৰকাৰে নাগালিমৰ বিকল্প হৈছে নগা বসতি পূৰ্ণ এই অঞ্চলসমূহ স্বায়ত্বশাসনৰ প্ৰস্তাব দিলেও এন এছ চি এন (আই এম)য়ে ইয়াক স্বীকৰ কৰা নাই। কেন্দ্ৰীয় চৰকাৰে জন্মু-কাশ্মীৰত বিশেষ সাংবিধানিক ব্যৱস্থা প্ৰত্যাহাৰ কৰাৰ পাছত নাগালেণ্ডৰ ক্ষেত্ৰত কি স্থিতি ল'ব সয়াও এতিয়া মন কৰিবলগীয়া হ'ব।

এন এইছ চি এন আই এমক বাদ দি নগা শান্তি চুক্তিও সম্ভৱ নহয়। খাপলং গোটে ইতিমধ্যে আলোচনাৰ মাজতেই কূটাঘাট সংঘটিত কৰিছে। নগা নেচনেল কাউন্সিলৰ সৈতে দেশে স্বাধীনতা লাভৰ সময়তে ৯ দফীয়া এখন চুক্তি স্বাক্ষৰ কৰিছিল।সেই চুক্তিৰ এক দাত কোৱা হৈছিল যে, ১০ বছৰৰ পাছত এখন বিস্তৃত চুক্তি স্বাক্ষৰিত কৰিব। কিন্তু সেই চুক্তিৰ কথা তল পৰিল।

এন এন চি নেতা জেড ফিজুৱে নাগালেণ্ডক ১৯৪৭ চনৰ ১৪ আগষ্টত স্বাধীনতা ঘোষণা কৰিছিল। এনে বহু উত্থান পতনৰ মাজেৰে নগাৰ সংগ্ৰামী ধাৰ অব্যাহত আছে। ১৯৯৭ চনতেই ইছাক মুইভাই কেন্দ্ৰীয় চৰকাৰৰ সৈতে যুদ্ধ বিৰতি ঘোষণা কৰিছিল। কিন্তু শান্তি চুক্তি আজিও স্বাক্ষৰিত নহ'ল। উত্তৰ পূৰ্বাঞ্চলত বিদ্ৰোেহী সমস্যা আজিৰ নহয়। উত্তৰ-পূৱ ভাৰতৰ ৰাজ্য গঠন, বিদ্ৰোহী সংগঠনৰ আত্মপ্ৰকাশ এদিনতেই হোৱা নাই।

বিশ্বৰ ভিতৰতে নাগালেণ্ডত দীৰ্ঘকাল ধৰি বিদ্ৰোহী সমস্যা অব্যাহত আছে। ১৯৫৪ চনতেই এন এন চিয়ে ভাৰতৰ সমান্তৰাল চৰকাৰ গঠন কৰিছিল। নগাসকলৰ সাৰ্বভৌমত্বৰ বাবে জাকো ফিজু নামৰ নাগা লোকজনে যি উগ্ৰ পন্থা গ্ৰহণ কৰিছিল সেইয়া ৭০ দশকত অধিক তীব্ৰতৰ হৈ পৰিছিল। ১৯৮০ চনত আইজাক শ্বু আৰু থুৱেংগালিম মুইভাৰ নেতৃত্বত গঠিত এন এছ চি এনে বিভক্ত হৈ দুই গোট গঠন কৰে। তাৰ পাছত এতিয়া অব্যাহত আছে শান্তি প্ৰক্ৰিয়া।

আলফা সমস্যা সমাধান হ'বনে?

১৯৭৯ চনৰ ৭ এপ্ৰিলত আনুষ্ঠানিকভাৱে আত্মপ্ৰকাশ কৰিছিল আলফাই। আলফা বহুতৰ বাবে অসমীয়া উগ্ৰ জাতীয়তাবাদৰ ফচল। ৰাজনৈতিক সত্বাৰ পৰা উগ্ৰ পন্থাত বিশ্বাস কৰিব লোৱা আলফাই বিভিন্ন প্ৰত্যাহ্বানৰ মাজেৰে সময় অতিক্ৰম কৰিছে। অৰবিন্দ ৰাজখোৱা নেতৃত্বত আলোচনাৰ বাবে এটা বৃহৎ দল মূল সুঁতিলৈ উভতি আহিলেও আলফা চৰকাৰৰ আলোচনাৰ বাস্তৱতা আদিও অসমৰ ৰাইজে ভৱাৰ ধৰণে দেখিব পোৱা নাই।

পৰেশ বৰুৱা আজিও সেই উগ্ৰ পন্থাত অটল হৈ আছে। এচাম আত্মসমৰ্পণকাৰী আলফা চমুকৈ ছালফা সৃষ্টি কৰিলে হিতেশ্বৰ শইকীয়াই। আলফাক দুৰ্বল কৰিলে যদিও সেই সত্বাক শেষ কৰিব নোৱাৰিলে। পৰেশ বৰুৱাক বাদ দি আলফাৰ আন জ্যেষ্ঠ নেতাসকলে আলোচনালৈ সন্মতি দিলে যদিও দিল্লীলৈ কিছু দিনৰ মূৰে মূৰে আহ-যাহ কৰাতেই আলোচনাৰ প্ৰক্ৰিয়া সীমাবদ্ধ হৈ ৰৈছে।

পৰেশ বৰুৱাই এই শান্তি প্ৰক্ৰিয়ালৈ সেউজ সংকেট দিয়া এক নিৰ্দিষ্ট ডিজাইনেৰে সতৰ্কতাৰে আলফা সমস্যা সমাধানৰ বাবে উদ্যোগ গ্ৰহণ কৰা বুলি চৰকাৰে কৈ আহিছে। অৰবিন্দ ৰাজখোৱাৰ নেতৃত্বত বৃহৎ দল শান্তি প্ৰক্ৰিয়ালৈ আগবাঢ়ি অহাৰ পাছত পৰেশ বৰুৱাৰ নেতৃত্বতক থকা আলফা স্বাধীনৰ স্থিতিক লৈ অসমৰ ৰাইজে স্পষ্ট ধাৰণা ল'ব পৰা নাই।

ৰাইজে বিচাৰে আলপাৰ সমস্যা আৰু দাবী সমূহৰ সমাধানৰ ক্ষেত্ৰত এক সন্মানজনক আলচোনা হ'ব লাগে। ইয়াত জাতীয় জাতীয় মৰ্যাদায়ো স্থান লাভ কৰাটো প্ৰয়োজন। দীৰ্ঘদিনৰ সশস্ত্ৰ বিপ্লৱৰ অন্তত অসমে কি পালে সেইয়া ইতিহাসে বিচাৰ কৰিব। পৰেশ বৰুৱাইয়ো আলোচনা কেন্দ্ৰিক পৰিবেশৰ বাবে ইতিবাচক ইংগিত প্ৰদান কৰা বুলি দাবী কৰিব খোজে। এই ক্ষেত্ৰখনত অতি অভিজ্ঞ পৰেশ বৰুৱাই জানে প্ৰত্যক্ষভাৱে তেওঁ আলোচনাৰ টেবুলত বহিবলৈ নাহিলেও তেওঁৰ যোগ্য প্ৰতিনিধি প্ৰেৰণৰ জৰিয়তে চৰকাৰৰ সৈতে দৰদাম কৰা এক পৰিবেশ সৃ্ষ্টি কৰিব লাগিব।

দীৰ্ঘদিনৰ বিপ্লৱৰ নামত উত্থাপন কৰা প্ৰশ্ন বোৰ একেদিনাই পৰেশ বৰুৱাই এৰি দিব নোৱাৰে। প্ৰশ্ন হয়, এই শান্তি আলোচনা পৰেশ বৰুৱা অবিহনে যদি সম্ভৱ নহয় তেনে চৰকাৰৰ ওচৰত বিকল্প পথ কি আছে? সেই বিকল্প পথেৰে শান্তি সম্ভৱ নে? অসমত আন বিদ্ৰোহী সংগঠন সমূহৰ সৈতেও শান্তি প্ৰক্ৰিয়া আৰম্ভণি হৈছে। এন ডি এফ বি বা কাৰ্বি আংলংৰ আন বিদ্ৰোহী সংগঠন সমূহে তেওঁলোকৰ দাবী শান্তি আলোচনাৰ মাধ্যমেৰে সমাধান কৰিব বিচাৰিলেও প্ৰতিটো সংগঠনৰ দাবী সমূহ মানি লোৱাটো চৰকাৰী পক্ষৰ বাবে অসম্ভৱ হৈ পৰে।

এনে পৰিপ্ৰেক্ষিতত বিটিআৰ চুক্তি স্বাক্ষৰিত,আন সংগঠন সমূহৰ সৈতে কৰা শান্তি প্ৰক্ৰিয়া আৰম্ভণি ঠিকেই হৈছে। কিন্তু সেইবোৰৰ অন্ত পৰিব কেতিয়া? ৰাজনৈতিক বা আত্মনিয়ন্ত্ৰণৰ অধিকাৰৰ প্ৰশ্ন বোৰ এনেদৰে জানো নিঃশেষ কৰি দিব পৰা যায়? ৰাষ্ট্ৰযন্ত্ৰই উত্তৰ পূৰ্বাঞ্চলত প্ৰায় প্ৰতিটো বিদ্ৰোহী সংগঠনৰ সৈতে আলোচনাত বহাৰ উদ্যোগ লৈছে। কিন্তু সেই আলোচনাৰ ফলাফল বা ইয়াৰ ফ্ৰেমৱৰ্ক নিৰূপণ কৰোতেই বছৰৰ পাছত বছৰ পাৰ কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in