নতুন বন নীতিঃ ইচ্ছা কৰিলেই চৰকাৰে কৰিব পাৰিব বন ধ্বংস…

নতুন বন নীতিঃ ইচ্ছা কৰিলেই চৰকাৰে কৰিব পাৰিব বন ধ্বংস…

মৃদুল কুমাৰ সন্দিকৈ

এয়া কনজাৰ্ভেশ্যন নহয়। এক অৰ্থত কৰ্পোৰেশ্যন। এতিয়াৰ পৰা জধে, মধে কৰিব পাৰিব বন ধ্বংস। কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাতে এই আত্মশ্লাঘী সিদ্ধান্ত লোৱা হ'ল। কেন্দ্ৰীয় চৰকাৰে যি নতুন বন নীতি প্ৰস্তুত কৰিছে সেই বন নীতি অনুসৰি ইচ্ছা গ'লেই বন ভূমি ধ্বংস কৰিব পাৰিব চৰকাৰে।

কেন্দ্ৰীয় পৰিবেশ, বন, জলবায়ু পৰিবৰ্তন মন্ত্ৰণালয়ে উদ্যোগিক ক্ষেত্ৰখনৰ বিকাশৰ কথা দোহাই দি বন সুৰক্ষা অধিনিয়ম- ২০২২ ৰ প্ৰস্তাব লোকসভা আৰু ৰাজ্যসভালৈ প্ৰেৰণ কৰিছে। চলিত অধিৱেশনতে এই বন নীতি গৃহীত কৰিব মোডী চৰকাৰে।

এই বন নীতি অনুসৰি কোনো প্ৰকল্প ৰূপায়ণৰ বাবে চৰকাৰে ইচ্ছা অনুসৰি বন ভূমি অধিগ্ৰহণ কৰিব পাৰিব। পূৰ্বৰ দৰে কোনো লোক শুনানিৰ অনুষ্ঠিত নকৰাকৈ বন ভূমি অধিগ্ৰহণৰ এই সিদ্ধান্ত দেশৰ বাবেই অতি ক্ষতিকাৰক বিবেচিত হ'ব।

অসম তথা উত্তৰ পূৰ্বাঞ্চলত ইয়াৰ প্ৰভাৱ যথেষ্ট পৰিব। এই অঞ্চলটোত জনগোষ্ঠীয় লোকসকলে বন ভূমিৰ সমীপত বন ভূমিত বাস কৰে। তেওঁলোকৰ ইচ্ছা অনিচ্ছাক কোনো গুৰুত্ব নিদিয়াকৈ যদি চৰকাৰে সেই বন ভূমি অধিগ্ৰহণ কৰো বুলি ভাবে তেনেহ'লে সেই স্থায়ী লোকসকলক অঁতৰাই পঠাবলৈ এতিয়া আৰু কোনো আইনী বাধা নাথাকিব।

পূৰ্ব নিয়ম অনুসৰি তেনে বন ভূমি বাট-পথ, উদ্যোগ, জলবিদ্যুৎ প্ৰকল্প বা আন কামৰ বাবে অধিগ্ৰহণ কৰিবলৈ হ'লে জনশুনানি অনুষ্ঠিত হয়। সেই শুনানিৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা প্ৰতিবেদন অনুসৰি কেন্দ্ৰীয় বন আৰু পৰিৱেশ মন্ত্ৰণালয়ে ইয়াৰ বাবে অনুমতি দিয়াৰ নিয়ম আছিল।

সেই শুনানিতেই স্থানীয় লোকসকলৰ ক্ষতি পুনৰ সংস্থাপন আদি বিষয়টো জড়িত হৈ আছে। কিন্তু তাক নাকচ কৰি বন ভূমি চৰকাৰে ইচ্ছা কৰিলেই অধিগ্ৰহণ কৰিব পৰা এই নতুন অধিনিয়মৰ বাবে যি ধৰণে প্ৰতিবাদ হ'ব লাগিছিল সেই ধৰণৰ প্ৰতিবাদ ৰাজ্যত হোৱা নাই।

ৰাজ্যত বন ভূমি স্থাপন কৰিব লোৱা বহু প্ৰকল্পৰ বিৰুদ্ধে ন্যায়ালয়ত গোচৰ চলি আছে। তেনে গোচৰ যাতে দিয়াতো ৰোধ কৰিব পাৰে তাৰ বাবে চৰকাৰে এই সিদ্ধান্ত লৈ উদ্যোগী কৰণৰ নামত বন ধ্বংসৰ লাইচেঞ্চ দিবলৈ ওলাইছে। পৰিতাপৰ কথা যে বন ধ্বংসৰ ফলত অসমত যি হাৰত বন ভূমি সংকুচিত হৈ আহিছে সেয়া চিন্তনীয় হৈ পৰিছে।

২০০১ ৰ পৰা ২০২১ লৈকে ২০ টা বছৰত সৰ্বাধিক বন ভূমি ধ্বংস হৈছে কাৰ্বি আংলংত। জিলাখনত ১০৫ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস হৈছে উক্ত সময়ছোৱাত। ডিমা হাছাওত ৬৯ হাজাৰ হেক্টৰ, শোণিতপুৰত ১৭.৫ হাজাৰ হেক্টৰ, তিনিচুকীয়াত ১৩.৮ হাজাৰ হেক্টৰ, কোকৰাঝাৰত ১১.৮ হাজাৰ হেক্টৰ বন ভূমি এই সময়ত ধ্বংস কৰা হৈছে।

অসমত ২০০১ ৰ পৰা ২০২০ লৈকে ২ খন দিল্লীৰ সমান ভূমিত বন ধ্বংস হৈছে। ৰাজধানী চহৰ দিল্লীৰ আয়তন ১৪৮৩ বৰ্গ কিলোমিটাৰ। আৰু অসমত এই ২০ বছৰত মুঠ ২৬৯ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস হৈছে বিভিন্ন কাৰণত। বৰ্গ কিলোমিটাৰ হিচাপত ২৬৯০ বৰ্গ কিলোমিটাৰ বন ধ্বংস কৰা হৈছে ৰাজ্যখনত।

অৰ্থাত ২ খন দিল্লীৰ সমান বন ভূমি ধ্বংস হোৱাৰ পাছতো এই অভিযান চলি আছিল। শেহতীয়াকৈ চৰকাৰে নতুন বন নীতিৰে ইয়াক হয়তো আৰু অধিক ক্ষীপ্ৰ কৰিব। ২০১৬ বৰ্ষত ৰাজ্যখনত ২৫.৪ হেক্টৰ বন ভূমি নষ্ট হ'ল। ২০১৪ ত ২৩ হাজাৰ হেক্টৰ, ২০২০ ত ১৮.৩ হাজাৰ হেক্টৰ বন ভূমি নষ্ট ইতিমধ্যে হৈছে।

গুৱাহাটী মহানগৰতে চকুৰ সন্মুখত যোৱা ২০ টা বছৰত ১.০২ হাজাৰ হেক্টৰ বন ভূমি ধ্বংস নষ্ট হৈছে। আনহে নালাগে ফ্লাই অভাৰ, ফুড ব্ৰীজ নিৰ্মাণৰ নামত কিমান গছ কটা হ'ল সেই তথ্য যদি কোনোবাই চাই তেনেহ'লে সেই ছবিখন বেছি স্পষ্ট হ'ব। গুৱাহাটীৰ উপকণ্ঠ পলাশবাৰীত উৰণীয়া সেঁতু নিৰ্মাণৰ নামত ২৫৪ জোপা, জু ৰোডত ব্ৰীজ নিৰ্মাণৰ নামত ১২ জোপা, জি এছ ৰোড দিছপুৰত উৰণীয়া সেতু নিৰ্মাণৰ নামত ৫৪ জোপা, ফাচী বজাৰত মহাবীৰ উদ্যানৰ সমীপত ফুড ব্ৰীজ নিৰ্মাণৰ বাবে ৯ জোপা, খানাপাৰা জি এছ ৰোডত ফুড ব্ৰীজ নিৰ্মাণৰ নামত ৬ জোপা গছ অতি শেহতীয়াকৈ কটা হৈছে।

হাইৱে নিৰ্মাণৰ নামত যোৱা সময়ছোৱাত কিমান গছ কটা হ'ল সেই হিচাপ কেতিয়াও বন বিভাগে ৰাজহুৱা নকৰে। ডবকা সংৰক্ষিত বনাঞ্চলত এনে বন ধ্বংসৰ বিৰুদ্ধে স্থানীয় দল, সংগঠন তথা প্ৰকৃতি প্ৰেমী লোকসকলে অভূতপূৰ্ব প্ৰতিবাদ সাব্যস্ত কৰিছিল।

৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত মানৱ শৃংখল গঢ়ি প্ৰতিবাদ সাব্যস্ত কৰাই নহয়, গছ সাবটি ধৰি ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ নামত বন ধ্বংস নকৰিবলৈ চলোৱা অভিযানে সফলতা লাভ কৰিছে। উল্লেখযোগ্য যে ডবকা সংৰক্ষিত বনাঞ্চলৰ মাজেৰে যাবলগীয়া প্ৰস্তাবিত ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ নামত ৬২০০ জোপা মূল্যবান গছ কাটি পেলাবলৈ লৈছিল।

ৰাজ্যত ৭ খন ৰাষ্ট্ৰীয় উদ্যান আৰু ১৮ খন ৱাইল্ড লাইফ চেঞ্চুৰীৰ মুঠ মাটিকালিৰ পৰিমাণ বন বিভাগৰ তথ্য অনুসৰি ৪৯৩৮.৫৩ বৰ্গ কিলোমিটাৰ। যোৱা ২০ বছৰত ইয়াৰ আধা অৰ্থাত ২৬৯০ বৰ্গ কিলোমিটাৰ বন ভূমি আমি ধ্বংস কৰিছো। এনেকৈ বন ধ্বংস কৰাৰ কুফল আমি ইতিমধ্যে পাইছো।

জনগোষ্ঠীয় লোকসকলে বন ভূমিৰ কাষত বাস কৰিলেও তেওঁলোকে বন ধ্বংস কৰাৰ সলনি বন ভূমিৰ সৈতে সহবস্থান কৰে। ২০০৬ চনতে সেই জনগোষ্ঠীয় লোকসকলৰ অধিকাৰক লৈ চৰকাৰে যি আইন প্ৰণয়ন কৰিছিল সেই আইনৰ কোনো মূল্যই নাথাকিব এতিয়া।

এই লোকসকলৰ জীৱন প্ৰণালীত আউল লগাই পৰিবেশৰ প্ৰতি আৰু অধিক ভাবুকি সৃষ্টি হ'ব পৰা পৰিবেশ চৰকাৰে নিজেই গঢ়িছে। এফালে বন সংৰক্ষণৰ কথা কোৱা হয়, বৃক্ষ ৰোপণৰ কাৰ্যসূচী হাতত লয়। তাৰ বিপৰীতে এনে বন নীতিয়ে কৰ্পোৰেট গোষ্ঠীক প্ৰৰোক্ষ, প্ৰত্যক্ষ ভাৱে সহায় কৰিবলৈ চৰকাৰে পদক্ষেপ লৈছে।

সেয়েহে ক'ব পাৰি, উদ্যোগ স্থাপনৰ নামত বন ভূমি ধ্বংস কৰিবলৈ চৰকাৰে যি নতুন নিয়ম গঢ়িছে, সেই নিয়মে বন ভূমিৰ পৰা সকলোৰে অধিকাৰ কাঢ়ি চৰকাৰৰ সহযোগত কৰ্পোৰেট গোষ্ঠীক ৰঙা দলিচা পাৰি আদৰিছে। ইচ্ছা কৰিলে চৰকাৰে সেই কৰ্পোৰেট গোষ্ঠীক বন ভূমি ধ্বংস কৰিবলৈ দিব পাৰে। ইয়াত কাৰোৰে বাধা নৰজে। এইয়া বন সংৰক্ষণ অৰ্থাত কনজাৰ্ভেশ্যন নহয়, বন ভূমিক কৰ্পোৰেশ্যন হে কৰা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in