বস্তি ঢাকি ৰখা দেৱালৰ কাষেৰে আহি ট্ৰাম্পে ক’লে- ‘মোৰ বন্ধুৰ বাবেই দৰিদ্ৰতা নিৰ্মূল হোৱাৰ পথত ভাৰত…’

বস্তি ঢাকি ৰখা দেৱালৰ কাষেৰে আহি ট্ৰাম্পে ক’লে- ‘মোৰ বন্ধুৰ বাবেই দৰিদ্ৰতা নিৰ্মূল হোৱাৰ পথত ভাৰত…’

● মৃদুল কুমাৰ সন্দিকৈ

৩৬ ঘণ্টাৰ বাবে ভাৰতত আহি উপস্থিত হোৱা মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক উষ্ম আদৰণি জনালে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। প্ৰট'কল ভংগ কৰি আহমেবাদৰ চৰ্দাৰ বল্লভ ভাই আন্তৰাষ্ট্ৰীয় বিমান বন্দৰত মোডী আলিংগন কৰি স্বাগতম জনালে ভাৰতলৈ।

মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে আহমেদাবাদত উপস্থিত হোৱা বিমান খন…

পত্নী মেলনীয়া ট্ৰাম্প, কন্যা ইভাংকা ট্ৰাম্প আৰু জোঁৱায়েকৰ সৈতে ভাৰত ভ্ৰমণলৈ অহা ট্ৰাম্পে ভাৰতলৈ অহাৰ পূৰ্বে এই ভ্ৰমণৰ প্ৰতি উৎসুক হৈ থকাৰ কথা সদৰী কৰি যাত্ৰা পথতে টুইট কৰিছিল হিন্দীত।ট্ৰাম্পে লিখিছিল- 'মই বাটতে আছো, কিছু সময়ৰ পাছতে সকলোকে লগ পাম।' এই টুইটৰ প্ৰত্যুত্তৰ দি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৰি-টুইট কৰি লিখিছিল- অতিথি দেৱঃ ভৱঃ।

'মই বাটতে আছো, কিছু সময় পিছতে সকলোকে লগ পাম'

বিমান বন্দৰতে বিভিন্ন লোক সংগীতৰ অনুষ্ঠানেৰে মাৰ্কিন ৰাষ্ট্ৰপতি আৰু তেওঁৰ পৰিয়ালক আদৰণি জনোৱাৰ ব্যৱস্থা কৰা হৈছিল। গুজৰাটী লোক সংগীতৰ আমেজ লৈছিল ট্ৰাম্পৰ পত্নী মেলানীয়া ট্ৰাম্পে।

বিমানৰ পৰা নমাৰ মুহূৰ্তত পত্নীৰ সৈতে ট্ৰাম্প…

তাৰ পাছত পূৰ্বৰে পৰা সাজু কৰি থোৱা ট্ৰাম্পৰ বিশেষ কনভয়ত উঠি আৰম্ভ কৰিছিল ট্ৰাম্পে এক ঐতিহাসিক ৰোড শ্ব'। আহমেদাবাদৰ বিমান বন্দৰৰ পৰা ট্ৰাম্পৰ কনভয় আগবাঢ়িছিল সবৰমতি আশ্ৰমৰ দিশে। বাটে পথে অগণন লোকে হাতত মাৰ্কিন পতাকা লৈ আদৰণি জনাইছিল ট্ৰাম্পক।

ট্ৰাম্পৰ ঐতিহাসিক ৰোড শ্ব'…

ৰং-বিৰঙৰ পোছাক পৰিধান কৰা লোক সংগীতৰ বিভিন্ন শিল্পীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক হাত বাউলি আৰু লোক সংস্কৃতি প্ৰদৰ্শন কৰি ভাৰতলৈ আদৰণি জনোৱাৰ এই দৃশ্য আছিল অপূৰ্ব। আনকি আহমেদাবাদৰ ৰাজপথত দেখা পোৱা গৈছিল অসমৰ বিহুও।

আহমেদাবাৰ ৰাজপথত ট্ৰাম্পৰ সন্মুখত বিহু…

১১.৩৯ বজাত মাৰ্কিন বায়ুসেনাৰ বিশেষ বিমানেৰে আহমেদাবাদত উপস্থিত হৈছিল মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকী। প্ৰায় ১২ বজাত ট্ৰাম্প আৰু ট্ৰাম্পৰ পৰিয়ালক ভাৰতলৈ আদৰণি জনাই প্ৰধানমন্ত্ৰী মোডীয়ে সাৱটি ধৰিছিল বন্ধু ট্ৰাম্পক।

ট্ৰাম্প আৰু মোডীৰ বন্ধুত্ব, বিমান বন্দৰত কৰিলে আলিংগন

দুপৰীয়া ১২.৩১ বজাত ট্ৰাম্পৰ কনভয় গৈ উপস্থিত হৈছিল সবৰমতি আশ্ৰমত। আশ্ৰমত মোডী আৰু ট্ৰাম্পে মহাত্মা গান্ধীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰাৰ লগতে যঁতৰত সূতা কাটিছিল। পত্নী মেলানীয়া ট্ৰাম্পেও ঘূৰাইছিল যঁতৰৰ চকৰি।

সবৰমতিত যঁতৰত সূতা কটাৰ মুহূৰ্তত…

সবৰমতি আশ্ৰম দৰ্শন কৰি কিছু সময় আশ্ৰমৰ বাৰান্দাত বহিছিল মোডী ট্ৰাম্প আৰু তেওঁৰ পত্নী। তাৰ পাছত আশ্ৰমত থকা টোকা বহীত এই ভ্ৰমণৰ সন্দৰ্ভত ট্ৰাম্পে লিখিছিল নিজৰ মতামত। সেই সময়ত সোঁফালে থিয় হৈ আছিল প্ৰধানমন্ত্ৰী মোডী আৰু বাওফালে আছিল মেলানীয়া ট্ৰাম্প।

ট্ৰাম্পে টোকা বহীত মতামত লিখি পঢ়ি শুনাইছিল মোডীক। অতি কম শব্দৰ ভিতৰত মতামত ব্যক্ত কৰি লিখিছিল- 'মোৰ মহান বন্ধু প্ৰধানমন্ত্ৰী মোডী, এই সুন্দৰ ভ্ৰমণৰ সুবিধা দিয়াৰ বাবে ধন্যবাদ।'

সবৰমতিৰ টোকা বহীত কি লিখিলে ট্ৰাম্পে…

ইয়াৰ পাছতে মোডীয়ে ৰঙা কাপোৰেৰে ঢাকি থোৱা এখন টেবুলৰ কাষলৈ লৈ গৈছিল ট্ৰাম্প দম্পত্তিক। ৰঙা কাপোৰ আঁতৰাই হাতেৰে চকু মুদি থকা, কাণ ঢাকি থকা আৰু মুখত হাত দি থকা তিনিটা বান্দৰৰ প্ৰতিমূৰ্তি দেখুৱাই মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক মোডীয়ে দিছিল মহাত্মা গান্ধীৰ দৰ্শনৰ পাঠ।

বেয়া বস্তু নাচাবা, বেয়া কথা নুশুনিবা, বেয়া কথা নকবা- মহত্মা গান্ধীৰ বিশ্ববিখ্যাত দৰ্শন এইদৰে বুজাইছিল মোডীয়ে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক।

মহাত্মা গান্ধীৰ দৰ্শনৰ পাঠ দিছিল প্ৰধানমন্ত্ৰী মোডীয়ে…

তাৰ পাছতেই মোডী আৰু ট্ৰাম্প আগবাঢ়িছিল মোটেৰা ষ্টেডিয়ামৰ দিশে। দুপৰীয়া ১২.৫১ বজাত বিশ্বৰ আটাইতকৈ ডাঙৰ ষ্টেডিয়াম মোটেৰাৰ দিশে ৰাওনা হৈছিল দুই ৰাষ্ট্ৰনেতা। ইতিমধ্যে লক্ষাধিক লোকে ষ্টেডিয়ামত অপেক্ষা কৰিছিল মাৰ্কিন ৰাষ্ট্ৰপতিৰ আগমণৰ বাবে। তাতেই 'নমস্তে ট্ৰাম্প' অনুষ্ঠান আয়োজন কৰা হৈছিল।

প্ৰায় ১.২২ বজাত ট্ৰাম্পৰ কনভয় উপস্থিত হয়গৈ ষ্টেডিয়ামত। তাৰ কিছু সময় পিছতে আৰম্ভ হয় 'নমস্তে ট্ৰাম্প'ৰ কাৰ্যসূচী।

নমস্তে ট্ৰাম্পত এইদৰে ট্ৰাম্পক অভিবাদন…

দুপৰীয়া ১.৪০ বজাত আৰম্ভ হয় অনুষ্ঠানৰ কাৰ্যসূচী। সোঁফালৰ পৰা ষ্টেডিয়ামৰ অস্থায়ী মঞ্চত মাৰ্কিন ৰাষ্ট্ৰপতি আৰু বাওফালৰ পৰা প্ৰৱেশ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। মঞ্চত আছিল মুঠ ৩ জন ব্যক্তি। ডোনাল্ড ট্ৰাম্প, মোডী আৰু মেলানীয়া ট্ৰাম্প।

প্ৰথমে আমেৰিকাৰ ৰাষ্ট্ৰীয় সংগীত, তাৰ পাছত ভাৰতৰ ৰাষ্ট্ৰীয় সংগীতেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত আদৰণি ভাষণ দি মোডীয়ে 'ভাৰত মাতা কী জয়' ধ্বনিৰে তেওঁৰ ব্যক্তব্য আৰম্ভ কৰে। মঞ্চতে কেইবাবাৰো কৰমৰ্দনো কৰিলে দুই ৰাষ্ট্ৰনেতাই।

নমস্তে ট্ৰাম্প বুলি মোডীয়ে কোৱাৰ লগে লগে বিপুল হৰ্ষধ্বনিৰে গজগজাই উঠিল ষ্টেডিয়ামৰ চৌপাশ। তাৰ পিছত মোডীয়ে ক'লে- মই ইণ্ডিয়া-ইউএছ ফ্ৰেইণ্ডশ্বিপ বুলি ক'ম, আপোনালোকে লং লিভ বুলি ক'ব।

মই ইণ্ডিয়া-ইউএছ ফ্ৰেইণ্ডশ্বিপ বুলি ক'ম, আপোনালোকে লং লিভ বুলি ক'ব

এই শ্ল'গান দি ভাষণ আৰম্ভ কৰি মোটেৰা ষ্টেডিয়ামত নতুন ইতিহাস ৰচা বুলি উল্লেখ কৰি মোডীয়ে নমস্তে শব্দৰ অৰ্থ ব্যাখ্যা কৰিলে। ৫ মাহৰ পূৰ্বে আমেৰিকালৈ যোৱা আৰু হাউডী মোডী কাৰ্যসূচীৰ অভিজ্ঞতাৰ কথা কৈ প্ৰধানমন্ত্ৰী মোডীয়ে ক'লে- মই সেইবাৰ আমেৰিকা ভ্ৰমণ আৰম্ভ কৰিছিলো হাউডী মোডী কাৰ্যসূচীৰে। আৰু আজি 'নমস্তে ট্ৰাম্প'ৰে ভাৰত ভ্ৰমণ আৰম্ভ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।'

লক্ষাধিক জনতাক সাক্ষী কৰি দুই নেতাই পুনৰ আলিংগন কৰিছিল ষ্টেডিয়ামৰ মঞ্চত। আমেৰিকাৰ পৰা পোনে পোনে ইমান দূৰ বাট অতিক্ৰম কৰি পৰম আগ্ৰহেৰে সবৰমতি আশ্ৰমলৈ যোৱা, তাৰ পাছত মোটেৰা ষ্টেডিয়ামলৈ অহা মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীক ধন্যবাদ জ্ঞাপন কৰিলে মোডীয়ে।

আদৰণি ভাষণত কন্যা ইভাংকাকো প্ৰশংসাৰে উপচাই পেলালে। ট্ৰাম্পৰ জোঁৱায়েককো প্ৰধানমন্ত্ৰীয়ে কৰিলে উচ্চ প্ৰশংসা। আঁৰত থাকিও তেওঁ কৰা কামৰ মূল্যায়ণ দাঙি ধৰিলে। ভাৰতৰ প্ৰতি থকা আন্তৰিকতা উল্লেখ কৰিলে।

এইখিনিতে আৰু এটা দৃশ্যই সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। নিৰাপত্তা বেষ্টনী অতিক্ৰম কৰি সাধাৰণ লোকৰ কাষ চাপিছিল ট্ৰাম্পৰ জীয়াৰী। দুই একে চেল্ফী তুলিব বিচৰাত চেল্ফীৰ বাবেও প'জ দিলে ট্ৰাম্পৰ দুহিতা ইভাংকাই।

মোটেৰা ষ্টেডিয়াত এইদৰে চেল্ফীৰ বাবে প'জ দিলে ট্ৰাম্প দুহিতাই…

মিষ্টাৰ প্ৰেচিডেণ্ট বুলি উল্লেখ কৰি হিন্দীতে দিয়া আদৰণি ভাষণত মোডীয়ে ক'লে- 'মিষ্টাৰ প্ৰেচিডেণ্ট, নমস্তেৰ এক গভীৰ অৰ্থ আছে। আজি আপুনি সেই সবৰমতি নদীৰ পাৰত আছে, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত ই এক মহত্বপূৰ্ণ স্থান আছিল। আমাৰ বৈচিত্ৰতা আৰু একতাৰে ভৰা দেশ ভাৰত। আমেৰিকাৰ সৈতে শক্তিশালী সম্পৰ্কৰ বাবে এয়া এক আধাৰ। সপৰিয়ালে আপোনালোকে ভাৰতলৈ অহাটো আমাৰ বাবে সন্মানৰ কথা। আমেৰিকা সদায় ভাৰতৰ সঁচা আৰু ভাল বন্ধু হৈ আহিছে। আৰু আপোনাৰ দ্বাৰা সেয়া অধিক শক্তিশালী হৈছে।'

ট্ৰাম্পক প্ৰশংসা কৰি তেওঁ সদায় আমেৰিকাবাসীৰ সপোন পূৰণৰ অৰ্থে বহু কৰিছে বুলি মন্তব্য কৰে মোডীয়ে। সুস্থ আৰু সমৃদ্ধশীল আমেৰিকা গঢ়িবলৈ আপোনাৰ প্ৰচেষ্টাই সফলতা বুটলিছে। শিশু আৰু মহিলাৰ বাবে মাৰ্কিন ৰাষ্ট্ৰপতিৰ পত্নী মেলানীয়া ট্ৰাম্পে যি কৰিছে, সেয়াও অভূতপূৰ্ব বুলি উল্লেখ কৰে মোডীয়ে।

মোটেৰা ষ্টেডিয়ামত মাৰ্কিন ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰী মোডী, গৃহমন্ত্ৰী অমিত শ্বাহ আৰু অন্যান্য সকল…

তাৰ পাছতে মাৰ্কিন ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পে নমস্কাৰ জনাই আৰম্ভ কৰে তেওঁৰ ভাষণ। মোডীৰ দৰেই ডোনাল্ড ট্ৰাম্পৰ ভাষণত শুনা গ'ল বন্ধুক লৈ কৰা প্ৰশংসা। মোডীক পৰম মিত্ৰ বুলি উল্লেখ কৰি তেওঁৰ প্ৰতি জনোৱা এই সন্মানত অভিভূত হোৱাৰ কথা ক'লে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

ট্ৰাম্পে ভাৰতক বহু মৰম আৰু সন্মান কৰে বুলি উল্লেখ কৰি তেওঁৰ এই ভাৰত ভ্ৰমণ এক সৌভাগ্য বুলি আখ্যা দিয়ে। এয়া এক ডাঙৰ সন্মান। ১.২৫ লাখ লোকৰ উপস্থিতিত তেওঁৰ প্ৰতি জনোৱা এই অভিবাদনত তেওঁ আবেগিক হৈ পৰে।

মোডীক শক্তিশালী নেতা বুলি উল্লেখ কৰাই নহয়, তেওঁক ভাৰতৰ চেম্পিয়নো আখ্যা দিয়ে ট্ৰাম্পে। ভাৰতক লৈ তেওঁ গৌৰৱবোধ কৰে। তেওঁ কয়, ভাৰত অৰ্থনীতিৰ এক মহাশক্তি হৈ গৈছে। প্ৰধানমন্ত্ৰী মোডীৰ বাবেই এতিয়া সমগ্ৰ দেশৰ প্ৰতিঘৰ দেশতেই বিজুলি উপলব্ধ। ভাৰতৰ এই উত্থান আন দেশৰ বাবে উদাহৰণ হৈ ৰ'ব বুলিও তেওঁ কয়।

ভাৰত আমেৰিকাৰ পৰম বন্ধু…

ট্ৰাম্পৰ ভাষণত শুনা গ'ল বলীউডৰ গুণ গৰিমাৰ কথা। প্ৰতি বছৰে দুই সহস্ৰাধিক চিনেমা নিৰ্মাণ কৰা ভাৰতৰ ক'লা-সংস্কৃতিৰ কথা তেওঁ বিশেষভাৱে উল্লেখ কৰে। বিশ্বৰ ভিতৰতে বৃহৎ ক্ৰিকেট ষ্টেডিয়ামখনত ভাষণ দিবলৈ গৈ তেওঁ ল'লে শচীন তেণ্ডুলকাৰ, বিৰাট কোহলীৰ নাম।

স্বামী বিবেকানন্দকো স্মৰণ কৰিলে ট্ৰাম্পে। সুঁৱৰিলে চৰ্দাৰ বল্লভ ভাই পেটেলক। অহা ১০ বছৰৰ ভিতৰত ভাৰতৰ পৰা দৰিদ্ৰতা নাইকীয়া হ'ব বুলিও ভৱিষ্যত বাণী কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

সবৰমতিৰ বাৰান্দাত এনেদৰে বহিছিল তিনিও…

মোডীৰ প্ৰসংগত তেওঁ ক'লে- 'মোডী এজন অদ্ভূত নেতা। দেশৰ বাবে তেওঁ দিনে-ৰাতিয়ে কাম কৰে।' তেওঁৰ মতে, মোডী এজন মহান নেতা। সকলোৱে তেওঁক ভাল পায়। কিন্তু তেওঁ কঠোৰ। ট্ৰাম্পৰ ভাষাত- হি ইজ এ গ্ৰেট লীডাৰ, এনিব'ডী লভছ হিম, বাট হি ইজ ভেৰী টাফ।'

ট্ৰাম্পে এইদৰে মোডীৰ প্ৰশংসা কৰি থকাৰ সময়ত আন্মসন্তুষ্টিভৰা দৃষ্টিৰে চিৰ পৰিচিত হাঁহিটি মাৰি আছিল মোডীয়ে। ভাষণত মোডী চৰকাৰে গ্ৰহণ কৰা উজ্বলাকে ধৰি কেইবাখনো আঁচনিৰ কথা ক'লে। দেৱালী, হোলীৰ কথা উল্লেখ কৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে।

বিশ্বৰ ২ বৃহৎ গণতান্ত্ৰিক দেশৰ ৰাষ্ট্ৰনেতাৰ এই মহা মিলন আৰু অন্তৰংগতাক উপভোগ কৰিলে সমগ্ৰ বিশ্বই। মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰি গ'ল যে আমেৰিকা সদায় ভাৰতৰ বিশ্বস্ত সংগী হৈ থাকিব। চন্দ্ৰযান-২ৰ কথা উল্লেখেৰে মহাকাশ ক্ষেত্ৰখনতো দুয়োখন দেশে একেলগে কাম কৰাৰ প্ৰতিশ্ৰুতি দিয়ে ট্ৰাম্পে। এই যাত্ৰাত ভাৰত আমেৰিকাৰ সংগী হ'ব বুলিও উল্লেখ কৰে ট্ৰাম্পে।

চন্দ্ৰযান-২ক এক মহান কাৰ্যসূচী বুলি উল্লেখ কৰিছিল ট্ৰাম্পে। দুয়োখন দেশে এক বৃহৎ বানিজ্যিক চুক্তিত স্বাক্ষৰ কৰাৰো ইংগিত দিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। ভাৰতৰ বাবে মোডীয়ে বহু সংস্কাৰমূলক কাম কৰিছে বুলি ক'লে ট্ৰাম্পে।

স্বামীৰ ভাষণ শুনি থকাৰ মুহূৰ্তত মোটেৰা ষ্টেডিয়ামত মেলানীয়া ট্ৰাম্প

ট্ৰাম্পৰ ভাষণত স্থান পালে পাকিস্তানৰ প্ৰসংগয়ো। সন্ত্ৰাসবাদৰ কথা উল্লেখ কৰি সন্ত্ৰাসবাদ প্ৰতিৰোধৰ ক্ষেত্ৰত তেওঁ লোৱা উদ্যোগৰ কথা কওতে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে পাকিস্তানৰ সৈতে আমেৰিকাৰ সম্পৰ্ক উন্নত হোৱা বুলিও উল্লেখ কৰে। লগতে সীমান্তত সন্ত্ৰাসবাদীৰ কাৰ্যকলাপ হ্ৰাস পোৱা বুলিও দাবী কৰিলে।

আমেৰিকাৰ সৈতে ভাৰতৰ ৩ বিলিয়ন মাৰ্কিন ডলাৰৰ এক প্ৰতিৰক্ষা চুক্তিত স্বাক্ষৰ হ'ব। ভাৰত আৰু মাৰ্কিন সেনাই যুটীয়া ভাৱে চলোৱা অনুশীলন আৰু ভাৰতক প্ৰতিৰক্ষা দিশৰ পৰা সমৃদ্ধশালী কৰিবলৈ আমেৰিকাৰ সহযোগৰ কথা তেওঁ দোহাঁৰিলে।

'ভাৰতে মানৱতাৰ প্ৰতি আশাৰ সঞ্চাৰ কৰিছে। ভাৰত বিশ্বৰে এখন মহান দেশ। মোডীৰ নেতৃত্বতে ভাৰতৰ ৩ মিলিয়ন লোকে ইণ্টাৰনেটেৰে সংযোগ স্থাপন কৰিব পাৰিছে। ভাৰত মোৰ হৃদয়ত আছে।' মোডীক 'চাইৱালা' বুলি উল্লেখ কৰি মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে লগতে ক'লে- 'যদিও তেওঁ চাহৱালা আছিল, এটা ডাঙৰ নিৰ্বাচনত জয়ী হৈ সকলো সলনি কৰিলে। তেওঁৰ বাবে একোৱেই অসম্ভৱ নহয়।'

মূলতঃ মোডীৰ প্ৰশংসা, ভাৰতৰ প্ৰতি থকা আন্তৰিকতাক প্ৰদৰ্শন কৰাত কৃপণালি নকৰিলে মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়ে। মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণৰ অন্তত পুনৰ মোডীয়ে সম্বোধন কৰে ষ্টেডিয়ামত উপস্থিত থকাসকলক। কৃতজ্ঞতা জনায় ট্ৰাম্প দম্পত্তিক। মোডীৰ সেই কৃতজ্ঞতা হাত চাপৰিৰে গ্ৰহণ কৰে ট্ৰাম্প দম্পত্তিয়ে।

ধন্যবাদ মোডী, এই সন্মানৰ বাবে…

আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে এই ভ্ৰমণেৰে ভাৰতক গৌৰৱাম্বিত কৰিলে বুলি উল্লেখ কৰিলে মোডীয়ে। তেওঁ ক'লে- ভাৰতে আটাইতকৈ বেছি যুদ্ধৰ অনুশীলন আমেৰিকাৰ সৈতেই কৰিছে। বেপাৰ-বানিজ্য, উন্নয়নৰ ক্ষেত্ৰতো আমেৰিকাৰ সৈতেই আছে ভাৰতৰ বেছি অংশীদাৰিত্ব।

মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীৰ ভাষণত শ্বাহৰুখ খানৰ ছবি দিলৱালে দুলহেনীয়া লে জায়েংগে, অমিতাভ বচ্চন আৰু ধৰ্মেন্দ্ৰৰ ছবি 'শ্বোলে'ও স্থান পাইছিল। মোডীৰ নেতৃত্বত ভাৰতে বহু উন্নতি লাভ কৰিছে। বেছি সংখ্যক লোকৰ ঘৰতে এতিয়া গেছৰ খাদ্য বনোৱা হয়।

প্ৰায় এঘণ্টা ধৰি চলিল নমস্তে ইণ্ডিয়াৰ কাৰ্যসূচী। তাৰ পিছত আহমেদাবাৰ পৰা ৩.১২ বজাত ৰাওনা হয় আগ্ৰা অভিমুখে। নমস্তে ইণ্ডিয়াক লৈ চলিছিল ব্যাপক চৰ্চা। সজাই পৰাই তোলা হৈছিল আহমেদাবাদ চহৰ। ট্ৰাম্পৰ ভ্ৰমণৰ বাবে পানীৰ দৰে খৰছ কৰা হৈছিল ধন। বিমান বন্দৰৰ পৰা ষ্টেডিয়ামলৈ যোৱাৰ পথত নতুনকৈ নিৰ্মাণ কৰা হৈছিল ১,৬৪০ ফুট দৈৰ্ঘ্যৰ আৰু প্ৰায় ৪.৫ ফুট উচ্চতাৰ দেৱাল।

ট্ৰাম্প ভ্ৰমণৰ পূৰ্বে হঠাৎ দিয়া হৈছিল এই দেৱাল

বিমান বন্দৰৰ পৰা ট্ৰাম্প অহা পথত আছিল বহু বস্তি অঞ্চল। ২০০০ৰো অধিক লোকে বাস কৰে সেই ঠাইত। দৰিদ্ৰতা যাতে ট্ৰাম্পে নেদেখে, তাৰ বাবেই কৰা হৈছিল এই ব্যৱস্থা। খবৰ ওলাইছিল যে মোটেৰা ষ্টেডিয়ামৰ সমীপৰো তেনে ২২ টা দৰিদ্ৰ পৰিয়ালক আঁতৰাই পঠিওৱা হৈছিল। ৩০ বছৰ ধৰি তেওঁলোকে বাস কৰি আহিছিল সেই ঠাইত।

বেড কভাৰ! বিচনা ঢাকিবলৈ ব্যৱহাৰ কৰা হয়। পুৰণি বিচনাখনো নতুন বেড কভাৰখনে শুৱনি কৰি তোলে। একেদৰে মলিয়ন গাৰু এটা পিল' কভাৰেৰে ন ৰূপ দিব পাৰি। অনুৰূপ ধৰণেই যেন সেই পকী দেৱাল নিৰ্মাণ কৰি মাৰ্কিন ৰাষ্ট্ৰপতিৰ দৃষ্টিৰ পৰা দৰিদ্ৰতাক ঢাকি ৰাখিলে মোডীয়ে।যাক ক'ব পাৰি- প্ৰভাৰটী কভাৰ!

'নমস্তে ট্ৰাম্প'ত অংশ লৈ মাৰ্কিন ৰাষ্ট্ৰপতিগৰাকীয়েও কৈ গ'ল- ভাৰতৰ পৰা দৰিদ্ৰতা নোহোৱা হ'ব। একেবাৰেই নোহোৱা হ'ব। সেই দেৱালৰ সিপাৰে কি আছে, সেয়া তেওঁ দেখাটো সম্ভৱ নাছিল। প্ৰশংসা আৰু ট্ৰাম্পৰ আশ্বাসেই এই কাৰ্যসূচীৰ আত্মসন্তুষ্টিৰ কাৰণ হ'ল বহুতৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in