মিঞা পয়েট্ৰীঃ কি আৰু কিয়?- এক সামগ্ৰিক বিশ্লেষণ…

মিঞা পয়েট্ৰীঃ কি আৰু কিয়?- এক সামগ্ৰিক বিশ্লেষণ…

মৃদুল কুমাৰ সন্দিকৈ

পটভূমি, ২০১৬ঃ
কি চলিছে এইবোৰ? প্ৰথমে মিঞা কবিতা, তাৰ পিছত ইয়াক লৈ তীব্ৰ বাদানুবাদ। অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াত বিভেদৰ বীজ সিঁচি কবিতাৰ মাধ্যমেৰে যিটো জাতীয়ে আকোঁৱালি লৈছিল, সেই জাতিৰ বিৰুদ্ধে ইমান বিদ্বেষ কিয় তেওঁলোকৰ?

২০১৬ চন। সেই বছৰৰ এপ্ৰিলতে এটা কবিতা লিখিছিল হাফিজ আহমেদে। চৰ-চাপৰি সাহিত্য পৰিষদৰ সভাপতি হাফিজ আহমেদে লিখা এই কবিতাটোৰ নাম আছিল- 'লিখি লোৱা মই মিঞা'। কম দিনৰ ভিতৰতে সেই কবিতা ইংৰাজী আৰু বাংলা ভাষাত অনুবাদ কৰা হ'ল।

হাফিজ আহমেদৰ কবিতাটোৰ কিয়দাংশ…

কবিতাটোত কি আছিলঃ
কবিতাটোৰ প্ৰথম স্তৱকতে লিখিছিল- 'লিখা/ লিখি লোৱা/মই এজন মিঞা।/এনআৰচিৰ ক্ৰমিক নং- ২০০৫৪৩।' এই কবিতাটোৰ জৰিয়তে কবিয়ে কৈছে দুটা সন্তানৰ বাপেক তেওঁ। আৰু এটা সন্তান গ্ৰীষ্মত জন্ম হ'ব। কাৰোবাৰ বিৰুদ্ধে কবিৰ প্ৰচণ্ড ক্ষোভ।

ইচ্ছা কৰিলেই তেওঁক হত্যা কৰিব পৰা কথা, তেওঁৰ ঘৰৰ খেৰৰ পঁজা জ্বলাই দিয়াৰ কথা, বুকুৰ উপৰেদি বুলডজাৰ চলোৱাৰ কথা, বুলেটেৰে থকা সৰকা কৰাৰ কথা কোৱা হৈছে কবিতাটোত। লগতে কোৱা হৈছে- তোমাৰ এই কাৰ্য্যৰ বাবে তুমি কোনো শাস্তি নোপোৱা।

কবিতাৰ শেষৰ ফালে কবিয়ে লিখিছে- 'মোৰ দুচকুত জমা হৈ আছে/ যুগ যুগান্তৰৰ বঞ্চনা বাৰুদ/ আঁতৰি যোৱা/ নতুবা/ অচিৰেই পৰিণত হ'বা/মূল্যহীন ছাইত।'

কবি হাফিজ আহমেদৰ বাসগৃহত ছেলিম এম হুছেইনৰ সৈতে এক অন্তৰংগ মুহূৰ্তত।

কিয় লিখিছিল এই কবিতাঃ
হাফিজ আহমেদক সোধা হৈছিল- আপোনাৰ মনলৈ এই কবিতাটো লিখাৰ কথা কেনেকৈ আহিছিল? কি ভাবি লিখিছিল এই কবিতা? হাফিজ আহমেদে কৈছিল- পূব বংগীয় মূলৰ মানুহবোৰক লৈ এই কবিতাটো হঠাৎ লিখি পেলাইছিল। ফেচবুকত লিখিছিল এই কবিতা। তেওঁ ভৱা নাছিল, এই কবিতাটোক লৈ ইমান চৰ্চা হ'ব।

কবিতাটো যে পেলেইষ্টাইনী কবি মাহমুদ দাৰৱিশ্বৰ 'Write down i'm an Arab' কবিতাৰ দৰে একেই সেই কথা আপুনি জানেনে? সেই প্ৰশ্নৰ উত্তৰ হাফিজ আহমেদে ক'লে- সেই কবিতা পঢ়িয়েই মই এই কবিতা লিখিছিলো।

য'ত পেলেইষ্টাইনী কবি গৰাকীয়ে লিখিছিল-

'Write down I'm an Arab
My card number is 50000
My children number eight
And after this summer, a ninth on his way
Does this make you rage?'

হাফিজ আহমেদে পেলেইষ্টাইনী কবিগৰাকীৰ এই কবিতাটো ঠিকেই পঢ়িলে। কিন্তু কবিতাটো লিখাৰ প্ৰেক্ষাপট আৰু সেই সময়ৰ দাৰৱিশ্বে কিয় কবিতাটো লিখিছিল সেই কথা হৃদয়ংগম নকৰিলে। পেলেষ্টাইনৰ ওপৰত ইজৰাইলৰ প্ৰভূত্বৰ বিৰুদ্ধে লিখা এই কবিতাটো পেলেষ্টাইনৰ ৰাষ্ট্ৰীয় কবিতা। সেই সময়ত পেলেষ্টাইনৰ লোকৰ ওপৰত চলিছিল ইজৰাইলীসকলৰ অবাধ দখল। নাগৰিকক আই ডি নম্বৰেৰে চিনাক্ত কৰা হৈছিল। তেনে এক প্ৰেক্ষাপটৰ সৈতে অসমৰ প্ৰেক্ষাপটক এক কৰি হাফিজ আহমেদে এই কবিতা লিখি পেলালে।

কবিতাটোত তেওঁ কাক কাঠগড়াত উঠাইছে? কোনে শাস্তি পোৱাৰ কথা কৈছে? অসমীয়াই নে ৰাষ্ট্ৰযন্ত্ৰই? তেওঁলোকক কোনে এনে অত্যাচাৰ চলাইছে? তাৰ বাবে কি দায়ী সমগ্ৰ অসমীয়া সমাজ? অবৈধ বিদেশীৰে চানি ধৰা ৰাজ্যখনত কি থলুৱা খিলঞ্জীয়া লোকসকলে অবৈধ বিদেশীক প্ৰতিৰোধৰ দাবীও কৰিব নোৱাৰিব?

কবিতা গৈ পালেগৈ আল জাজিৰাঃ
এই কবিতাক লৈ পৰৱৰ্তী সময়ত এক পৰিকল্পিত ষড়যন্ত্ৰ চলিল। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত এই কবিতা এক ইছ্যু হ'ল। এনআৰচি প্ৰক্ৰিয়াক বাধা দিবৰ বাবে অতি কৌশলেৰে এই কবিতাৰ জৰিয়তে চলিল অপপ্ৰচাৰ। অসমীয়া জাতিৰ ওপৰত অত্যাচাৰী জাতিৰ অপবাদ জাপি দিয়া হ'ল।

কবি হাফিজ আহমেদে আল জাজিৰাক দিয়া এক টেলিফ'নিক সাক্ষাৎকাৰত ক'লে- 'এই জনগোষ্ঠীৰ লোকসকলৰ মনত বহুত ক্ষোভ বঞ্চনা লুকাই আছে। তেওঁলোকে হাতত বন্দুক তুলি ল'লে তোমালোকে নিষ্ঠাৰ নাপাবা।'

এই হুংকাৰ আচলতে কাৰ বিৰুদ্ধে? অসমীয়াৰ বিৰুদ্ধে এজন কবিৰ এনে হুংকাৰ? সেই সন্দৰ্ভত সোধা হৈছিল হাফিজ আহমেদক। হাতত বন্দুক তুলি ল'লে কোনে নিষ্ঠাৰ নোপোৱাৰ কথা কৈছিল আপুনি? হাফিজ আহমেদে ক'লে- তেওঁ আচলতে বেলেগ ধৰণে কৈছিল কথাখিনি। দুৰ্বাসা মুনিৰ চকুৰ পৰা জুই ওলোৱাৰ দৰে এই ক্ষোভৰ জুইত ভষ্মীভূত হোৱাৰ কথাহে তেওঁ কৈছিল। কিন্তু আল জাজিৰাৰ সাংবাদিকজনে সেইখিনি কথা ধৰিব নোৱাৰি এইদৰে লিখিলে।

প্ৰশ্ন হয়, যদি সাংবাদিকজনে ভুলেই কৰিছিল, তেন্তে তেওঁ তাৎক্ষণিকভাৱে কিয় তাৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাছিল। এতিয়া চৌদিশে সমালোচনা হোৱাৰ পিছত তেওঁ এইদৰে সুৰ সলাইছে নেকি? হাফিজ আহমেদে আমাক কৈছিল- 'এই সাক্ষাৎকাৰটো আল জাজিৰাই লোৱাৰ সময়ত মই আছিলো কিতাপ এখনৰ কাম কৰি। তেওঁলোকে মোক কি সুধিলে, আৰু মই কি ক'লো অকণমান বুজাত ইফাল সিফাল হোৱাৰ বাবেই এই ভুল হৈ গ'ল।'

আমি দ্বিতীয়বাৰো তেওঁক ফোন কৰি সুধিছিলো- আপুনি সাক্ষাৎকাৰটো লোৱাৰ সময়ত গুৱাহাটীতে আছিলনে? তেওঁ দ্বিতীয়বাৰো সেই সময়ত গুৱাহাটীতে থকা বুলি কৈছিল। কিন্তু হাফিজ আহমেদে ২০১৯ৰ ১৯ ফেব্ৰুৱাৰীত এক সংবাদ মাধ্যমক দিয়া সাক্ষাৎকাৰত কৈছিল- সেই সময়ত তেওঁ কলকতাৰ বুক ফেয়াৰত আছিল।

মিঞা পয়েট্ৰী সন্দৰ্ভত তেওঁ সাক্ষাৎকাৰটোত কোৱা কথা আছিল এয়া- 'In 2017, I wrote a poem titled 'Write Down I Am a Miya'. It was a turbulent time – I mean, yes, our people were killed in the Nellie massacre, in BTAD riots, in the riots of 1950 when over a thousand of us were killed, but we always spoke of harmony and peaceful coexistence. But in a poem of mine, I wrote that if you deny us our rights, we will snatch them from you and Assam might head towards destruction in the process. The interesting thing is, in the two days since I posted my poem on facebook, at least twenty other 'Miya' poems were posted and that is how the Miya poetry movement began. After my poem went viral, there were national and international reactions, Al-Jazeera interviewed me, I was at the Kolkata book fair…'

Groundxero.inত প্ৰকাশিত সাক্ষাৎকাৰটো…

এই সাক্ষাৎকাৰটোত তেওঁ সেই সময়ত কলকতাৰ বুক ফেয়াৰত থকাৰ কথা কৈছিল। কিন্তু আমাক তেওঁ সেই তথ্য লুকুৱাইছে। এতিয়া প্ৰশ্ন হয়, সঁচা কোনটো? আল জাজিৰাৰ সাংবাদিকজনৰ দৰেই ইয়াৰ সাংবাদিকজনেও মিছাকৈয়ে তেওঁ কলকাতাৰ গ্ৰন্থ মেলাত থকা বুলি লিখি দিলে নেকি?

এই সাক্ষাৎকাৰটোতে হাফিজ আহমেদে ক'লে- বাংলাদেশৰ চৰকাৰে ভাৰতত কোনো অবৈধ বাংলাদেশী নাই বুলি কৈছে। সেয়েহে তেওঁলোকক উভতি যাবলৈ নিদিয়ে। হাফিজ আহমেদৰ ভাষ্য আছিল সেই সন্দৰ্ভত এয়া- 'Then there's the part about what is going to happen to those who are left out of the NRC. Say ten lakh people are not included in the final NRC. What is the Indian government going to do with them? The Bangladesh government says there are no Bangladeshis in India. So clearly they are not going to let these people in. So now someone not on the NRC has to go to the Foreigners Tribunal, and then if that does not work, to the High Court. How are poor people going to do all that?'

এই যোগসূত্ৰৰ সৈতে মিঞা পয়েট্ৰীক লৈ নতুন দিশ উন্মোচন হয়। এয়া সম্পূৰ্ণ পৰিকল্পিত যে, তাৰ ইংগিত এনে সম্পৰ্কবোৰে দি যায়। যি কথা এতিয়া লুকুৱাবলৈ চেষ্টা কৰিছে হাফিজ আহমেদে।

গৱেষণা পত্ৰতো তথ্য বিভ্ৰান্তৰে চলিছে অপপ্ৰচাৰঃ
হাফিজ আহমেদে ২০১৪ চনত 'অসমীয়া সাহিত্যলৈ বংগমূলীয় অসমীয়া মুছলমানৰ অৱদান' শীৰ্ষক গৱেষণা পত্ৰৰ জৰিয়তে ডক্টৰেট ডিগ্ৰী গ্ৰহণ কৰিছিল। এই গৱেষণা পত্ৰত হাফিজ আহমেদে 'চৰুৱাৰ উক্তি' কবিতাটো বন্দে আলী মিঞা নামৰ এজন কবিয়ে লিখা বুলি উল্লেখ কৰিছে। পৰৱৰ্তী সময়ত সেই কবিতাটো এখন সংকলনত চৰ-চাপৰি উপ-ভাষাত লিখা কবিতাৰূপে সংকলিত কৰাৰ কথা উল্লেখ কৰিছিল।

মৌলানা বন্দে আলী মিঞাৰ পৰা আৰম্ভ কৰি ৫০ গৰাকী কবিৰ কবিতাৰে কাব্য সংকলন।

কিন্তু পোহৰলৈ অহা তথ্য মতে, এই কবিতাটো তেওঁলোকে ভবাৰ দৰে কোনো মৌলানা বেন্দে আলী মিঞাই লিখা নাছিল। ১৯৩৮ চনত প্ৰকাশ পোৱা এই কবিতাটো লিখিছিল অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি অতুল চন্দ্ৰ হাজৰিকাই। সেই সময়ত পূব বংগৰ সৈতে অসমক চামিল কৰাৰ যি ষড়যন্ত্ৰ চলিছিল, তাৰ বিৰুদ্ধে মৌলানা বন্দে আলীৰ ছদ্মনামত এই কবিতা লিখিছিল অতুল চন্দ্ৰ হাজৰিকাই।

কিন্তু মিঞা কবিতাৰ ইতিহাস দীঘলিয়া কৰিবলৈ অতি পৰিকল্পিতভাৱে শুদ্ধ তথ্যক আওকান কৰি এই প্ৰচাৰ চলোৱাত ব্যস্ত এইসকল লোক। অতুল চন্দ্ৰ হাজৰিকাই এই কবিতাটো ১৯২৬ চনত ৰচনা কৰিছিল আৰু এখন সংকলনত সেই কবিতা সংকলিত কৰি থৈ গৈছিল। যিখন সংকলনৰ কপি এতিয়া যোৰহাটৰ এটা গ্ৰন্থাগাৰত আছে।

অতুল চন্দ্ৰ হাজৰিকাইহে ছদ্মনামত লিখিছিল এই কবিতা

ইফালে, এম ইলিমুদ্দিন দেৱানৰ বাহিৰে পূববংগীয় মূলৰ কোনো মুছলমান সমাজৰ লেখকে সাহিত্যিক পেঞ্চন লাভ নকৰাৰ কথা এই গৱেষণা পত্ৰত উল্লেখ কৰা হৈছে। যি তথ্যই এক ভুল বাৰ্তা থৈ যাব ভৱিষ্যতৰ বাবে। হাফিজ আহমেদৰ দৰে এগৰাকী গৱেষকে হয়তো নাজানে, ১৯৯৩ চনত এম ইলিমুদ্দিন দেৱানে সাহিত্যিক পেঞ্চন লাভ কৰাৰ পূৰ্বেই ১৯৯০ চনত গোৱালপাৰা জিলাৰ সুখচৰৰ কবি, সমালোচনক ইমদাদ উল্লাহে অসম চৰকাৰৰ সাহিত্যিক পেঞ্চন লাভ কৰিছিল। এই তথ্য বিভ্ৰান্তৰে এক পৰিৱেশ ৰচনা কৰিবলৈ চেষ্টা কৰা হৈছে নেকি সেয়াও লক্ষণীয় কথা।

এই চক্ৰত কোন কোনঃ
অসমৰ প্ৰগতিশীল লোকসকলে মিঞা কবিতাৰ চৰ্চাক লৈ কোনো আপত্তি কৰা নাছিল প্ৰথমে। কিন্তু ইয়াৰ অন্তৰালত লাহে লাহে যেতিয়া ৰাজনীতি আৰু কু অভিসন্ধিৰ উমান পোৱা গ'ল, তেতিয়াই ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ আৰম্ভ হ'ল। আনকি এনে পৰ্যায় পালেগৈ যে, ছেলিম এম হুছেইন নামৰ যুৱকজনে আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত কটনৰ ছাত্ৰই বানপানীৰ বাবে গুৱাহাটীলৈ অহা চৰাঞ্চলৰ লোকক আক্ৰমণ কৰা বুলিও কুণ্ঠাবোধ নকৰিলে।

পূৰ্বৰ কিছু বিক্ষিপ্ত ঘটনা দাঙি ধৰি ইউটিউবত তেওঁলোকে সেই কবিতাৰ ইংৰাজী অনুবাদ প্ৰচাৰ কৰাৰ লগতে কি পৰ্যায়ত অসমত অত্যাচাৰ চলিছে তাক দেখুৱাবলৈ সেই কবিতাৰ ভিডিঅ'ৰ সৈতে এনে কিছু মন্তব্য বিশ্ববাসীক দেখুৱাবলৈ চেষ্টা কৰিলে, যিবোৰে ৰাজ্যখনক তথা অসমীয়াক মানৱীয়তাৰ বধ্যভূমি ৰূপে দাঙি ধৰিলে।

আনকি এনে খবৰো আহিছে যে কেইজনমান শিক্ষিত যুৱকে সেই অপপ্ৰচাৰত সাৰ পানী দি তেওঁলোকৰ পৰিচিত দিল্লীস্থ আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত কাম কৰা সাংবাদিকৰ জৰিয়তে অসমত এনআৰচিৰ নামত নিৰ্যাতন চলা আৰু পূব বংগীয় মুছলমান লোকসকলৰ ওপৰত অত্যাচাৰ কৰা বুলি একে ধৰণেই প্ৰচাৰ চলিছে।

মিঞা পয়েট্ৰীক বিষয় ৰূপে লৈ এই চৰ্চা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো চলিছে। সকলোবোৰ সংবাদ মাধ্যমতে পূব বংগীয় মুছলমানক অত্যাচাৰ চলোৱা বুলিয়েই খবৰ বিয়পি পৰিছে। ইতিমধ্যে এনে কাৰ্যৰ বিৰুদ্ধে এজাহাৰ দাখিল পৰ্যন্ত হৈছে।

প্ৰণৱজিৎ দলেয়ে দাখিল কৰা এজাহাৰখন…

এই এজাহাৰত নাম আছে- হাফিজ আহমেদ, ৰেহানা চুলতানা, আব্দুৰ ৰহিম, আশ্ৰাফুল হুছেইন, আব্দুল কালাম আজাদ, কাজি নীল, ছেলিম এম হুছেইন, কৰিশ্মা হাজৰিকা, বৰ্ণমালিকা চৌধুৰী আৰু ফৰহাদ ভূঞা আদিৰ।

এই সকলৰ উপৰিও আন কেইবাজনো লোকৰ নাম চৰ্চালৈ আহিছে। পৰোক্ষ বা প্ৰত্যক্ষভাৱে সেই সকলে এই প্ৰক্ৰিয়াক আগুৱাই নিয়াত সহায় কৰাৰ অভিযোগ উঠিছে। কবিতা লিখাৰ বাবে এই অভিযোগ নহয়, কিন্তু কবিতাৰ আলম লৈ কৰা ষড়যন্ত্ৰৰ বাবে আৰক্ষীয়ে গোচৰ ৰুজু কৰিছে।

আৰক্ষীৰ এক সূত্ৰই এই গোচৰ ৰুজু কৰাৰ কথা স্বীকাৰ কৰিছে আৰু এতিয়ালৈকে তেওঁলোকক আটক কৰা নাই যদিও সময় সাপেক্ষে ব্যৱস্থা গ্ৰহণৰ ইংগিত দিছে। ইণ্ডিয়ান এক্সপ্ৰেছত এই সন্দৰ্ভত ১২ জুলাই, ২০১৯ত প্ৰকাশিত খবৰত লিখিছে- 'The Assam police on Thursday registered an FIR against 10 people — most of them Bengal-origin Muslim poets and activists who write in a dialect colloquially called the 'Miya' dialect — after receiving a complaint about a poem on the citizenship issues faced by sections of the state.

Dharmendra Kr Das, Deputy Commissioner of Police, Guwahati Central, said, "Yes, an FIR has been registered today. No arrests have been made yet."

Deepak Kumar, Commissioner of Police, Guwahati, told  The Indian Express on Friday that the sections under which the poets and activists have been booked were Sections 120b, 153a, 295a and 188 of the IPC, read with section 66 of the IT Act.'

ইণ্ডিয়ান এক্সপ্ৰেছৰ সেই খবৰ…

বিদেশৰ পৰা আহে নেকি ধনঃ
অসমত এনে এক পৰিৱেশ ৰচনা কৰাৰ বাবে তৃতীয় পক্ষৰ জৰিয়তে বিদেশৰ পৰা ধন অহাৰ কথাও চৰ্চিত হৈছে। একাংশ সংবাদ মাধ্যমে নেডাৰলেণ্ডৰ পৰা অহা ধনেৰে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা এনজিঅ'ৰ উদ্যোগত এই ষড়যন্ত্ৰ চলাৰ কথা সদৰি কৰিছে।

প্ৰণিধানযোগ্য যে, ইয়াক এক আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ লৈ যাবলৈ বিভিন্ন অপবাদ আৰু অপপ্ৰচাৰেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত আলোচনা চলাৰ লগতে ছেলিম এম হুছেইন নামৰ যুৱকজনে বিশেষ উদ্যোগ লোৱাৰ তথ্যও পোহৰলৈ আহিছে। আইআইটি বোম্বেত জুনত আয়োজিত এখন ছেমিনাৰৰ বিষয় আছিল 'Miya poetry: Translating protest in times of xenophobia' । য'ত বক্তা আছিল ছেলিম এম হুছেইন।

বোম্বে আইআইটিত আয়োজিত ছেমিনাৰৰ নিমন্ত্ৰণী পত্ৰ…

কি এই ইক' নেট
এই বিতৰ্কৰ সৈতে নাম সাঙোৰ খাই পৰিছে ইক' নেট নামৰ এটা এনজিঅ'ৰ। এই এনজিঅ'টোৱে এন আৰ চিৰ নামত প্ৰচাৰ চলাই পূব বংগীয় মুছলমানসকলৰ মাজত অসম বিৰোধী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে।

এনে তথ্যও পোৱা গৈছে যে, এই এনজিঅ'টোৰ সৈতে কাৰ্বি আংলঙত স্বাস্থ্য আৰু শিক্ষাৰ ক্ষেত্ৰত কাম কৰিবলৈ অসমৰ কিছু নিৰ্বাচিত লোকক এনজিঅ'টোৰ সৈতে জড়িত কৰি সেই কামৰ সলনি এনআৰচিক লৈ সজাগতা সৃষ্টিৰ নামত তেওঁলোকৰ এজেণ্ডা ফলপ্ৰসূ কৰিবলৈ ব্যৱহাৰ কৰা হৈছে। উচ্চ হাৰত দৰমহা দিয়া এই লোকসকলে সেই কথা অনুধাৱন কৰি ছ'চিয়েল মিডিয়াত ইয়াৰ বিৰুদ্ধে মত ব্যক্ত কৰাত তেওঁলোকক তেনে নকৰিবলৈ সতৰ্ক কৰি দিয়া হৈছে।


বৰপেটাৰ গোমাফুলবাৰীত এক সভাত ড০ হৰ্ষ মন্দাৰ

খবৰ অনুসৰি, 'সংবিধান যাত্ৰা' শীৰ্ষক চাইকেল ৰেলীৰে সেই সহজ সৰল লোকসকলৰ মাজত মিঞা জাতীয়তাবাদ বিয়পাই অসমীয়া বিদ্বেষী এক স্থিতি আৰু পৰিৱেশ গঢ়ি তুলিবলৈ চেষ্টা অব্যাহত ৰখা হৈছিল। ইয়াত অংশ লৈছিল ড০ হৰ্ষ মন্দাৰ দৰে ব্যক্তিয়েও।

'সংবিধান যাত্ৰা' শীৰ্ষক চাইকেল ৰেলীৰ কাৰ্যসূচী

লক্ষণীয় কথাটো হ'ল- সকলোবোৰ সংবাদ মাধ্যমৰ জৰিয়তে অসমৰ পূব বংগীয় মুছলমান সকলক বেংগলী মুছলমান আখ্যা দিয়া হৈছে। আনকি আল জাজিৰাত ২০১৬ চনতে প্ৰকাশ পোৱা এখন প্ৰতিবেদনৰ শিৰোনাম আছিল- Protest poetry: Assam's Bengali Muslims take a stand.

আল জাজিৰাত প্ৰকাশিত প্ৰতিবেদনখনৰ শিৰোনাম…

ৰাষ্ট্ৰসংঘৰ বিবৃতিঃ
কবিতাৰ মাধ্যমেৰে অতি কৌশলেৰে এই বিষয়টো ৰাষ্ট্ৰসংঘৰো দৃষ্টি আকৰ্ষণ কৰাত সফল হৈছিল এই চক্ৰ। এক কথাত অসমীয়া জাতিয়ে তেওঁলোকক নিৰ্যাতন চলোৱাৰ দৰে অভিযোগ উত্থাপন কৰি মানৱতাবিৰোধী আৰু সংখ্যালঘু বিৰোধী বুলি অসমীয়াক প্ৰতপন্ন কৰোৱাত সফল হৈছিল এই চক্ৰ। এন আৰ চি উন্নীতকৰণৰ নামত সংখ্যালঘু সকলক নিৰ্যাতন চলোৱা বুলি তেওঁলোকে চলোৱা অপপ্ৰচাৰৰ পাছতে ৰাষ্ট্ৰসংঘৰ পৰাও ইয়াক লৈ বিবৃতি প্ৰদান কৰা হৈছে।

ৰাষ্ট্ৰসংঘৰ বিবৃতিটো…

বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ সক্ৰিয় বিদেশী চক্ৰঃ আছু
অসমৰ অবৈধ বাংলাদেশীক ৰক্ষণাবেক্ষণ দিবলৈ দেশ-বিদেশৰ চক্ৰ সক্ৰিয় হৈ পৰা বুলি প্ৰতিক্ৰিয়া ব্যক্ত কৰিব লগা হৈছিল আছুও।৩১ জুলাইত এন আৰ চিৰ চূড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে দেশ-বিদেশৰ চক্ৰই মানৱ অধিকাৰৰ নামত অবৈধ বিদেশীক ৰক্ষণাবেক্ষণ দিবলৈ ন ন কৌশল আৰু অপপ্ৰচাৰ আৰম্ভ কৰাৰ কথা স্বীকাৰ কৰিছিল আছুৱে। এই সন্দৰ্ভত ৭ জুলাই, ২০১৯ত আছুৱে এক প্ৰেছ বিজ্ঞপ্তি জাৰি কৰি অভিযোগ কৰিছিল- মানৱ অধিকাৰৰ লগত জড়িত কেইবাগৰাকী ব্যক্তি আৰু সংগঠনে শেহতীয়াকৈ অসম ভ্ৰমণ কৰি গৈছে। তেওঁলোকে অসম চুক্তি ৰূপায়ণেৰে অসমৰ জ্বলন্ত বিদেশী সমস্যাৰ সমাধান নিবিচাৰে।

আছুৰ নেতৃত্বই সেই চক্ৰক সতৰ্ক কৰি দিয়াৰ লগতে শুদ্ধ এন আৰ চি প্ৰস্তুতত গুৰুত্ব দিয়াৰ কথা এই বিবৃত্তিযোগে সদৰি কৰিছিল।

তাৰ মাজতেই বিতৰ্কিত সাংবাদিকৰ আহ্বানঃ
এই বিতৰ্কৰ মাজতে এজন বিতৰ্কিত সাংবাদিকে আহ্বান জনালে- ২০২১ত মাতৃভাষা বাংলা বুলি লিখক।

ছ'চিয়েল মিডিয়াযোগে এই বিতৰ্কিত আহ্বান দিছে ভৌমিকে। সাংবাদিকগৰাকীয়ে মুকলিভাৱে অসমীয়া ভাষাৰ বিৰুদ্ধে। ফেচবুকৰ এটা কমেন্টত ভৌমিকে লিখিছে- 'Every hindu and muslim of Bengali origin should say the truth in next census and write their mother tongue as Bangla.. that will be the befitting reply to these chauvinist.. bengalis hv fought and created a country for their language.. we should fight this chauvinism together again.. whenever bengalis have united, we hv won .. 1971.. but whenever divided we hv lost.. 1947.. we bengalis in northeast speak assamese, write in assamese, love assamese.. but bangla is my mother tongue and that should not change.. '

সাংবাদিক সুবীৰ ভৌমিকৰ আহ্বান- বাংলা ভাষা লিখিব মাতৃভাষা…

উল্লেখযোগ্য যে, মিঞা পয়েট্ৰিক লৈ ৰাজ্যত প্ৰতিক্ৰিয়া সৃষ্টি হৈ থকা সময়তে সুবীৰ ভৌমিকৰ এই মন্তব্যক লৈ জাঙোৰ খাই উঠে ৰাজ্যৰ দল-সংগঠন। সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'এইটো এটা পৰিকল্পিত ষড়যন্ত্ৰ। ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় স্তৰত এই ষড়যন্ত্ৰ চলিছে। এন আৰ চিৰ নামত তেওঁলোকে অপপ্ৰচাৰ চলাইছে। আগতেও এনে ষড়যন্ত্ৰ চলিছিল। ই এক ভয়াৱহ এজেণ্ডা অসমীয়া ভাষা ধ্বংস কৰাত। এনে ধৰণৰ ষড়যন্ত্ৰ কোনো কাৰণতেই সফল হ'ব দিব নোৱাৰি। ইয়াৰ বাবে সকলোৱে সজাগ আৰু সচেতন হ'ব লাগিব। উগ্ৰ সাম্প্ৰদায়িকতাৰে ভাষিক আৰু ধৰ্মীয় দৃষ্টিকোণেৰে চলা এই ষড়যন্ত্ৰৰ জালত যাতে কোনো ভৰি নিদিয়ে তাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাই সকলোকে আহ্বান জনাইছে। '৭১ৰ আগত অহা এই লোকসকল ইতিমধ্যে অসমীয়া জাতিৰ সৈতে বিলিন হৈ গৈছে।'

ইফালে, মিঞা পয়েট্ৰিৰ জৰিয়তে সূত্ৰপাত হোৱা এই বিতৰ্কক গুৰুত্বসহকাৰে চৰকাৰে নল'লে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব বুলিও মন্তব্য কৰে বিশিষ্ট সাহিত্যিক তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নগেন শইকীয়াই। তেখেতে কয়- 'এইটো কেৱল এতিয়াৰ কথা নহয়। এনে প্ৰচেষ্টা চলি আছে। মিঞা পয়েট্ৰিক লৈ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰচাৰ চলিছে। এইবোৰ কলিতে মোহাৰি নেপেলালে ইয়াৰ পৰিণাম ভয়াৱহ হ'ব। ই অসমৰ কাৰণে নহয়, ভাৰতৰ বাবেও ডাঙৰ প্ৰত্যাহ্বান।'

বিশিষ্ট সাহিত্যিকগৰাকীয়ে লগতে কয়- 'ইতিমধ্যে আমি গম পাইছো অলকায়দাই কাশ্মীৰত আক্ৰমণ চলাবলৈ ফতোৱা জাৰি কৰিছে। ই অসমৰ বাবেতো ভয়াৱহ কথাই, ভাৰতৰ বাবেও ই ডাঙৰ সমস্যা হ'ব। চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব বুলি বিশিষ্ট সাহিত্যিকগৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰে।।

অসম আৰু অসমীয়াৰ বিৰুদ্ধে চলা এই পৰিকল্পিত ষড়যন্ত্ৰৰ সন্দৰ্ভত জাতীয় দল-সংগঠনৰ নেতৃত্বয়ো প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন গগৈয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'অসম আৰু অসমীয়াৰ বিৰুদ্ধে আজি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চক্ৰান্ত চলিছে। মিঞা পয়েট্ৰিৰ জৰিয়তে চলা এই আন্তঃৰাষ্ট্ৰীয় ষড়যন্ত্ৰৰ বিৰুদ্ধে আমি মাৰবান্ধি থিয় হোৱা সময়। এজন সাংবাদিকে এনেদৰে মুকলি আহ্বান জনায় আমাৰ মাজত যি বিদ্বেষৰ ভাৱ সৃষ্টি কৰিব বিচাৰিছে তাৰ বিৰুদ্ধে সকলো পক্ষই সাৱধানে খোজ দিব লাগিব।'

ছাত্ৰ নেতাগৰাকীয়ে লগতে অসম বিৰোধী এই চক্ৰৰ ষড়যন্ত্ৰ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে কোনো ব্যৱস্থা গ্ৰহণ নকৰাটো অসন্তুষ্টি ব্যক্ত কৰে। চলো পাল্টাইৰ পাছত মিঞা পয়েট্ৰীৰ জৰিয়তে যিসকলে ব্যক্তিগত স্বাৰ্থৰ হকে অসমীয়া সমাজত লীন যাব খোজা লোকসকলক লৈ ৰাজনীতি কৰিছে, তেওঁলোককো সতৰ্ক কৰি দিয়ে।

ইফালে, আমছুৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক মিন্নাতুল ইছলামে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'আমাৰ চিধা কথা, কোনো অপশক্তিকে অসম আৰু অসমীয়াৰ বিৰুদ্ধে সুযোগ ল'বলৈ দিয়া নহ'ব। এইখন শংকৰ-আজানৰ দেশ। সম্প্ৰীতিৰে আমি বাস কৰি আছো। অসমীয়া ভাষাৰ হকে আমি সদায় আছো। নিজকে আমি অসমীয়া বুলি সদায় গৌৰৱ কৰো। কোনো অপশক্তিয়ে এনে ষড়যন্ত্ৰত লিপ্ত হ'লে ইয়াৰ বিৰুদ্ধে আমি থিয় দিম। নাজানো এইগৰাকী সাংবাদিকে কিয় এনে কথা কৈছে। তেওঁলোকৰ এনে ষড়যন্ত্ৰ সফল হ'বলৈ দিয়া নহ'ব। আমি সদায় অসমীয়া আৰু অসমীয়া হৈ থাকিম।'

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক পলাশ চাংমাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কয়- 'আগৰে পৰা এনে ষড়যন্ত্ৰ আৰু পৰিকল্পনা চলি আছে। অভিভাষী মুছলমানৰ একাংশ শিক্ষিত লোক আৰু ভাষিক সংখ্যালঘু এচাম লোকে মিলি এই ষড়যন্ত্ৰ কৰিছে। ইয়াৰ বিৰুদ্ধে অতি সচেতনতাৰে আমি থিয় দিব লাগিব। শুদ্ধভাৱে এন আৰ চি প্ৰস্তুত কৰাৰ কথা সেয়েহে আমি কৈ আহিছো। অসম চুক্তি সফল ৰূপায়নৰ দাবী আমি জনাই আহিছো। লগতে এই কথাও কওঁ- মুলসুঁতিৰ অসমীয়া মানুহৰো যথেষ্ট দায়িত্ব আৰু কৰ্তব্য আছে। অসমীয়া জাতিৰ বিভিন্ন জনগোষ্ঠীৰ সমাহাৰে গঠিত এটা জাতি। সেই জাতি-জনগোষ্ঠীৰ স্বকীয় অধিকাৰ আৰু সমবিকাশৰ ক্ষেত্ৰত চৰকাৰে গুৰুত্ব দিব লাগিব। অসমীয়া জাতিত মিলি যোৱা অভিভাষী লোকসকলৰো বিভিন্ন সমস্যা আছে। সেইবোৰে সমাধান কৰিব লাগিব।'

এয়া চলো পাল্টাইৰে অংশবিশেষ নেকিঃ
অসমত অসমীয়াক নিঃশেষ কৰাৰ এয়া চলো পাল্টাইৰ অনুৰূপ ষড়যন্ত্ৰ নেকি? ২০২১ চনত মাতৃভাষা বাংলা লিখিবলৈ আহ্বান জনাইছিল গৰ্গ চেটাৰ্জীয়ে। ফেচবুকত প্ৰথমটো পোষ্ট দিছিল চেটাৰ্জীয়ে। এই সন্দৰ্ভত ২০১৯ৰ ১ জুলাইৰ সংখ্যা প্ৰান্তিকত বিশিষ্ট সাংবাদিক তথা নিবন্ধকাৰ পুলিন কলিতাই লিখিছে- চলো পাল্টাইয়ে অৱশ্যে অসমত বাংলাভাষীৰ সংখ্যা হ্ৰাসত অসম চৰকাৰৰ ষড়যন্ত্ৰ আৱিস্কাৰ কৰিছে। এইবাৰ তেওঁলোকক সঁচাকৈয়ে তথ্যই সহায় কৰিছে। পিছে তেওঁলোকে পোৱাখিনি অৰ্ধসত্যহে। আৰু সেই আধাখিনিকো ঢাকি পেলাইছে অসমীয়া ভাষাৰ প্ৰতি থকা তেওঁলোকৰ প্ৰচণ্ড বিদ্বেষে।

তেওঁলোকে পোৱা ষড়যন্ত্ৰৰ প্ৰথম প্ৰমাণ অসম চৰকাৰে ১৯৫১ৰ লোকপিয়লৰ আগে আগে দিয়া এটা নিৰ্দেশনা। … তেওঁলোক দুয়োজনকে উগ্ৰ জাতীয়তাবাদী বঙালী বুলি উল্লেখ কৰি পুলিন কলিতাই তেওঁলোকৰ তথ্যৰ উৎস কি সেয়া দাঙি ধৰিছে। কলিতাৰ মতে গৰ্গ চেটাৰ্জী এবাৰ কৰিমগঞ্জলৈ আহিছিল। দুয়োজনৰে সকলো তথ্যৰ আধাৰ হ'ল- উচ্চতম ন্যায়ালয়লৈ যোৱা অসমৰ একাংশ ডি-ভোটাৰ।

চন্দন চেটাৰ্জী আৰু গৰ্গ চেটাৰ্জীৰ এই চলো পাল্টাইৰ ষড়যন্ত্ৰৰ আঁৰৰ উদ্দেশ্য আৰু অসমীয়াৰ কৰণীয়ৰ কথা এই প্ৰবন্ধটোত ব্যাখ্যা কৰা হৈছে। শেষত তেওঁ কৈছে- ঘৰ বিভীষণৰ পৰা ৰক্ষা পাবৰ কৱচ তৈয়াৰ নকৰাকৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা ৰক্ষা কৱচ বিচৰাৰ কোনো অৰ্থ নাই। লগতে তেওঁ পাবত গজা চেটাৰ্জীদ্বয়ৰ আহ্বানলৈ ভয় নকৰি অসমীয়া ভাষাৰ প্ৰতি, জাতিৰ প্ৰতি মানুহৰ দৃষ্টিভংগী সলনি কৰাৰ এক শ্ল'গানৰ প্ৰয়োজনৰ কথা দোহাৰিছে।

সেইবোৰ কেনে মিঞা কবিতাঃ
মিঞা কবিতাৰ নামত বিশ্বৰ দৰবাৰত কি নিম্ন স্তৰত একাংশই সুযোগ গ্ৰহণ কৰিছে তাৰ নমুনা দেখিলে চকু কপালত উঠিব। এনে কবিতাই কাৰ স্বাৰ্থ ৰক্ষা কৰে, সেয়া সময়েহে ক'ব। কিন্তু এই কবিতা লিখাৰ অন্তৰালত যে উদ্দেশ্য আছে, তাক নুই কৰিব নোৱাৰি। কাজি নীল নামৰ এজন কবিয়ে লিখা কবিতাত উল্লেখ আছে- তেওঁৰ ককায়েকক বুলেটেৰে মৰা হয়, ভনীয়েকক গণধৰ্ষণ কৰা হয়।

এইবোৰ কি কবিতা…

নেলী হত্যাকাণ্ড আৰু আন কিছু ঘটনাক লৈ অসম আৰু অসমীয়াৰ বিৰুদ্ধে প্ৰচাৰ চলোৱা সকলে এবাৰো কোৱা নাই যে নেলীৰ হত্যাকাণ্ডৰ ৪ দিনৰ পিছতে ইয়াৰ বিৰোধিতা কৰি ১৯৮৩ চনতে বিশিষ্ট কবি, সমালোচক নীলমণি ফুকলে লিখিছিল- 'মোৰ সপোনৰ সূৰ্য মানুহ' শীর্ষক কবিতা। তেওঁ লিখিছিল-
'কোনো নাই ইয়াত শিশু নাৰী বৃদ্ধ
প্ৰত্যেকেই মৃত
আকৌ সিহঁত আপোন-ঘাতী হ'ল
হিংসা-প্ৰতিহিংসা ঘৃণাৰ জুইৰ
জ্বলে অকাল ৰাতি
শিয়াল কুকুৰৰ টনা-আঁজোৰাত
দেশৰ নাৰী-ভুৰু হাড়।'

নেলী হত্যাকাণ্ডৰ বিৰুদ্ধে নীলমণি ফুকলে লিখা কবিতাটো…

কবিতাক লৈ আপত্তি নহয়। কোনোবাই ক'লেও এয়া কবিতাক লৈ আপত্তি নহয়। কবিতাৰ অন্তৰালৰ উদ্দেশ্য পোহৰলৈ অহাৰ পিছত এই প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ড০ হীৰেণ গোহাঁয়ে লিখিছে- 'তথাকথিত 'মিঞা কবি'য়ে কিয় অসমীয়া ভাষাত এই ধৰণৰ গোষ্ঠীগত হিংসাৰ পোৰণি, অবজ্ঞাৰ দংশন, নিজৰ অবদমিত ক্ষোভ-ৰোষ অসমীয়াত কবিতা লিখি প্ৰকাশ নকৰে? তেতিয়া অসমীয়া মানুহেও মৰ্মে মৰ্মে তেওঁলোকৰ মৰ্মবেদনা উপলব্ধি কৰিলেহেঁতেন। তাকে নকৰি এওঁলোকে বাহিৰৰ স্বীকৃতি, প্ৰশংসা, উচটনিক আশ্ৰয় কৰি লৈছে।

তেওঁলোকক জনাও অসমীয়া লেখক অৰুণ শৰ্মাৰ দুঃসাহসী 'আশীৰ্বাদৰ ৰং' নামৰ উপন্যাসত এজন সাহসী, বিবেকবান হিন্দু অসমীয়াই এটি তথাকথিত মিঞা পৰিয়ালক অত্যাচাৰৰ পৰা ৰক্ষা কৰিবলৈ হৈ নিজে ইশ্লাম ধৰ্ম গ্ৰহণ কৰিছে আৰু সেই পৰিয়ালকৰ হাছিনাক বিয়া কৰাইছে। গ্ৰহন্থখনে অসমীয়া পাঠকৰ হৃদয়স্পৰ্শ কৰি 'সাহিত্য অকাডেমি' পুৰস্কাৰ লাভ কৰিছিল। সাহিত্যই নিজেই ঠেক গোষ্ঠীগত মনোভাৱ অতিক্ৰম কৰি মানৱতাৰ নতুন বাৰ্তা দিব পাৰে।'

ইফালে, অপূৰ্ব কুমাৰ বৰুৱাই লিখিছে- 'মিঞা কবিতাৰ বাহিৰত সম্প্ৰচাৰিত আলোচনাত উত্তৰ আনুধিকতাবাদৰ অপ্ৰাসংগিক উদ্ধৃতিৰে পাণ্ডিত্য দেখুৱাব খোজা সকলৰ মানসিকতা বুজিছো। উগ্ৰ অংশটোৱে কেৱল অসমত অসমীয়াই কৰা অত্যাচাৰৰ কথা কৈ আছে। অসমীয়া মধ্য বিত্তৰে এচামে যে, এই দৰিদ্ৰ নিপীড়িত মানুহ খিনিৰ হৈ মাত মাতিছিল তাৰ উল্লেখ নেদেখো। সমগ্ৰ অমসীয়া সমাজখনকএকাকাৰ কৰি কাঠগড়াত ঠিয় কৰোৱা সকলক সুধিছোঁ- নিজ সমাজক আধিপত্যশীল উগ্ৰ অংশৰ ৰোষৰ সন্মুখীন হৈও ৭১লৈকে অহা অবিভাষী মুছলমানক নাগৰিকত্ব দিয়াৰ পোষকতা কৰা সকলৰ প্ৰতি সহমৰ্মিতাৰ অভাৱ কিয়? অপপ্ৰচাৰত বিপথে পৰিচালিত হোৱা আৰু স্বাৰ্থসিদ্ধিৰ লোভত চক্ৰান্তকাৰীৰ লগত বিভাজনত ভাগ লোৱা কৰিব সকল আৰু তেওঁলোকৰ আত্মনুকম্পা কোৱল সাহিত্য নহয়, ইয়াত ৰাজনীতি নিহিত নাই বুলি কোৱাটো হয় অজ্ঞতা নহয় ষড়যন্ত্ৰ।'

ইয়াৰ লগতে অন্যান্য সকলেও যুক্তিসহকাৰে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে। কিন্তু তেনে একাংশক এইসকলে ভীতি প্ৰদৰ্শন কৰাৰো অভিযোগ উঠিছে।

মিঞা কবিতাঃ হৰেকৃষ্ণ ডেকাঃ
বিশিষ্ট কবি সমালোচক হৰেকৃষ্ণ ডেকাই মিঞা কবিতা সন্দৰ্ভত লিখিছিল এনেদৰে-
'এটা সামাজিক মাধ্যমত দেখিবলৈ পালোঁ, মিঞা কবিতা নামৰ একশ্ৰেণী কবিতাক লৈ অসমত বাদানুবাদ সৃষ্টি হৈছে। কোনোবাই আপত্তি কৰিছে যে অসমৰ সাম্প্ৰতিক পৰিস্থিতিত ই এক বিভাজনমুখী ষড়যন্ত্ৰ হৈছে। আনহাতে, কোনো, কোনোৱে, বিশেষকৈ এই কবিতাৰ চৰ্চা কৰা কবিসকলে, নিজৰ কথিত ভাষাত কবিতা চৰ্চা কৰাৰ অধিকাৰৰ কথা কৈছে। আঞ্চলিক কথিত ভাষাবোৰ একোটা ভাষাৰ কালিকাৰ অংগ আৰু আঞ্চলিক ভাষাৰ সকলো সাহিত্যতে সৃজনীশক্তিৰ উপাদান হিচাপে এনে আঞ্চলিক উপভাষাৰ প্ৰয়োগ প্ৰচুৰ হৈছে। গল্প, উপন্যাসত উপযুক্ত পৰিৱেশত চৰিত্ৰ একোটাই আৱেগ, অনুভূতিৰ প্ৰকাশ নিজৰ কথিত ভাষাৰ কালিকাত কৰিলে বেছি প্ৰাণৱন্ত আৰু আকৰ্ষণীয় হোৱা পাইছোঁ। সৌৰভ কুমাৰ চলিহাৰ 'হাঁহিচম্পা' গোটেই গল্পটোৱেই কামৰূপৰ এটা অঞ্চলৰ ভাষাত একধৰণৰ স্বগতোক্তি আৰু ফলত গল্পটোৰ পৰিহাসময় কাৰুণ্য অতি মৰ্মস্পৰ্শী হৈছে। মাৰ্ক টোৱেইনৰ Huckleberry Fin উপন্যাস মিচিচিপি অঞ্চলৰ ক'লা মানুহে কোৱা দোৱানত লিখা হৈছে। উপন্যাসখনৰ সাৰ্থকতা এই প্ৰয়োগে বঢ়াইছে। ৰবাৰ্ট বাৰ্ণচে তেওঁৰ কবিতাবোৰ নিজৰ আঞ্চলিক ভাষাত লিখিছিল। কিন্তু তেওঁৰ কবিতাবোৰ ইংৰাজী সাহিত্যৰ এৰাব নোৱৰা অংগ। বাংলা ভাষাৰ স্বনামধন্য ঔপন্যাসিক মাণিক বন্দোপাধ্যায়ৰ 'পুতুল নাচেৰ ইতিকথা' পূৰ্ববংগীয় মাছমৰীয়া মানুহে ব্যৱহাৰ কৰা কথিত ভাষাৰ অনবদ্য ব্যৱহাৰ। অমূল্য বৰুৱাৰ 'এই পদুমণি' অসমীয়া সাহিত্যৰ এখন সাৰ্থক উপন্যাস (এই ঔপন্যাসিক কবি অমূল্য বৰুৱা নহয়।) উপন্যাসখনৰ ভাষা বিশুদ্ধ লিখিত অসমীয়া ভাষা নহয়, লক্ষ্মীমপুৰ অঞ্চলৰ কথিত ভাষা। এই ভাষাই উপন্যাসখনৰ সৰসতা বঢ়াইছে। এনেকুৱা অজস্ৰ উদাহৰণ আছে। কথিত উপভাষাবোৰ একোটা ভাষাৰ অপাংক্তেয় অংশ নহয়, বৰং সেই ভাষাবোৰৰ কালিকাৰ উৎস আৰু বৰ্ণাঢ্য পৰম্পৰাৰ সম্পদ। আঞ্চলিক উপভাষা ব্যৱহাৰৰ প্ৰধান উদ্দেশ্য সেই ভাষাৰ সাহিত্যৰ জীৱনী-শক্তি বঢ়োৱা। সম্প্ৰতি অসমীয়া কবিতাত কিছুমান অঞ্চলৰ উপভাষাৰ প্ৰয়োগ দেখিছোঁ আৰু তেনেকুৱা কিছু কবিতা যথেষ্ট উপাদেয় পাইছোঁ। জনজাতীয় ভাষাৰ লগত মিহলি কৰি লিখা কবিতাও পাইছোঁ। এই কবিতাবোৰক একোটা বেলেগ ভাষা বুলি দাবী কৰা পোৱা নাই। অসমীয়া কবিতা হিচাপে আগবঢ়োৱা হৈছে আৰু তেনেদৰেই পাঠকে গ্ৰহণো কৰিছে।
মিঞা শব্দটো মুছলমানৰ মাজত প্ৰচলিত এক পাৰস্পৰিক সম্বোধন। যদিও আমি শব্দটো পূৰ্ববংগীয় মুছলমানৰ মাজতহে প্ৰচলিত বুলি ভাবোঁ, আচলতে সেইটো নহয়। উৰ্দুভাষীসকলৰ মাজতো ই সম্ভাষণ হিচাপে ব্যৱহৃত হয়। শব্দটো মূলতঃ পাৰ্চী শব্দ। মই জনাত তাত এক সম্ভ্ৰমৰ ভাব আছে। কোনো কোনো ঠাইত গাঁৱৰ প্ৰধানজনকহে মিঞা সম্বোধন কৰা হয়। বিখ্যাত গায়ক তানসেনক সম্ৰাটে মিঞা উপাধি দিছিল।
অসমলৈ পূৰ্ববংগীয় মূলৰ মানুহৰ ব্যাপক আগমন বৃটিছৰ দিনতে আৰম্ভ হৈছিল আৰু স্বাধীনতাৰ পিছত তেওঁলোকৰ অসমীয়া ভাষা গ্ৰহণৰ মাজেদি এক চামিলকৰণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল। তেওঁলোকৰ পোছাকী ভাষাটো বা আন অৰ্থত লিখিত ভাষাটো অসমীয়া হৈছিল, কিন্তু কথিত ভাষাটো আগৰদৰেই হৈ ৰৈছিল। কেৱল বসবাস কৰিবলৈ লোৱা অঞ্চলবোৰৰ কিছু শব্দ হয়তো তাত সোমাইছিল। এওঁলোকৰ এই কথিত ভাষাক কিছুমানে চৰ-চাপৰিৰ ভাষা বুলি উল্লেখ কৰা দেখিছোঁ, যিটো শুদ্ধ প্ৰয়োগ নহয়। কাৰণ ৰাজ্যৰ মূল ভূভাগত বাস কৰা প্ৰব্ৰজন কৰি আহি স্হায়ী বাসিন্দা হোৱা মানুহখিনিয়েও একে উপভাষা ব্যৱহাৰ কৰে।
এইখিনিতে মিঞা শব্দটোক লৈ দুষাৰমান ক'বলগীয়া আছে। সম্ভ্ৰান্ত সম্বোধনৰ কাৰণে ব্যৱহাৰ কৰা শব্দটো খিলঞ্জীয়া অসমীয়া মানুহে দশক দশক জুৰি তুচ্ছাৰ্থত ব্যৱহাৰ কৰি আহিছে আৰু ই চামিলকৰণ প্ৰক্ৰিয়াত বাধা দি আহিছে। মিঞা শব্দটো পৃথকীকৰণৰ আহিলা হৈ পৰিল। এওঁলোক মুছলমান হোৱা কাৰণে ধৰ্মীয় বিভাজন এটাও সোমাল। মিঞা শব্দটো যিহেতু এক পাৰস্পৰিক সম্বোধনৰ কাৰণে ব্যৱহৃত শব্দ, সেয়ে এনে ভেদাভেদ সৃষ্টি কৰা ব্যৱহাৰ আমি সকলোৱে সযতনে এৰাই চলা ভাল। আকৌ অপপ্ৰয়োগ হোৱাৰ ফলত অভিবাসী মুছলমানৰ বহুতে মিঞা মুছলমান বুলি নিজকে পৰিচয় দি শব্দটোৰ গৌৰৱ যেন পৰিচয়ৰ গৌৰৱ কৰিব খুজিছে। সেইটোও পৃথকীকৰণৰ ধাৰণা বঢ়োৱাৰ চেষ্টাহে।
মিঞা কবিতা আখ্যা দিয়া কিছুমান কবিতা মই সম্প্ৰতি পঢ়িবলৈ পাইছোঁ। বেছি নহয়। গতিকে বিশেষ আলোচনা কৰিব নোৱাৰোঁ। ইয়াৰ কিছুমান কবিতাত কবিৰ বা কবিতাৰ বিষয়ীৰ অন্তৰোপলব্ধিৰ সুন্দৰ প্ৰকাশ দেখিছোঁ। পোছাকী ভাষাত এই কবিতাবোৰে হৃদয়াবেগ ইমান আন্তৰিকভাবে প্ৰকাশ কৰিব নোৱাৰিলেহেতেন। এই কবিতাবোৰ কথিত উপভাষাত লিখিবলৈ লৈছে পূৰ্ববংগীয় মূলৰ পৰা আহি অসমীয়া ভাষা গ্ৰহণ কৰা মানহখিনিৰ বৰ্তমান প্ৰজন্মৰ কিছু কবিয়ে। কিন্তু কবিতাবোৰৰ 'মিঞা কবিতা' নামটো দেখি খু-দুৱনি লাগিছে। কবিতা একোটা ভাষাত লিখা হয় আৰু আগতে কোৱাৰ দৰে আঞ্চলিক উপভাষাবোৰ সেই ভাষাৰে অংগ। যেনে, কামৰূপীয়া, গোৱালপৰীয়া, নগঞা আদি ঠাইৰ উপভাষাত লিখা যি কোনো ৰচনা অসমীয়া ভাষাৰ ৰচনা। তেনে ধৰণে আঞ্চলিক ভাষাৰ গীতো আছে, যাক উপভাষাৰ নামেৰে চিহ্নিত ক'ৰা হয় কিন্তু যাক অসমীয়া গীত বুলি স্বীকৃতি দিয়া হয়।।কিছুমান ভাষা আছে যিবোৰে ৰাষ্ট্ৰীয় ভাষাৰ মান্যতা পোৱা নাই। কিন্তু সেইবোৰ ভাষাত যদি সাহিত্য সৃষ্টি হৈছে, তাক মানি ল'ব লাগিব সেই ভাষাৰ সাহিত্য হিচাবে। উদাহৰণ স্বৰূপে, ৰাভা ভাষাৰ মৌখিক আৰু লিখিত সাহিত্যই সেই ভাষাৰ মৰ্যাদা পাব। কিন্তু মিঞা বুলি এটা ভাষাৰ কথা শুনা নাই। গতিকে, মিঞা শব্দটোৰে যিবোৰ কবিতাক চিহ্নিত কৰিব খোজা হৈছে, সেইবোৰক সাম্প্ৰদায়িক নাম এটা দি পৃথকীকৰণৰ প্ৰক্ৰিয়া এটা আৰম্ভ ক'ৰা হৈছে। ই কৃত্ৰিম পৃথকীকৰণ। ই সাম্প্ৰদায়িক পৰিচয়মূলক পৃথকীকৰণ। ই এতিয়া বিভাজনক উদগনি দিবলৈ লৈছে। এক সাম্প্ৰদায়িক জাতীয়তাবাদৰ পৰিচয়মূলক প্ৰকাশৰ দৰে ই হৈ পৰিছে। এই সুন্দৰ প্ৰকাশভংগীৰ কবিতাবোৰক এনেকুৱা সম্প্ৰদায়ৰ গোন্ধ থকা নাম দি এক ভাষিক বিভাজনৰ চেষ্টা নকৰিলে এই কবিতাবোৰ অসমীয়া ভাষাৰ সমৃদ্ধ উপাদান হ'ব পাৰে। মিঞা শব্দটোৱে ভাষাক ধৰ্মীয়কৰণ নকৰে, কিন্তু ৰাজনৈতিক পৰিস্থিতিৰ কাৰণে ইয়াৰ সাম্প্ৰদায়িকীকৰণ হোৱাৰ সম্ভাৱনা বিশেষ বাঢ়িছে।'

পৰৱৰ্তী সময়ত বিষয়বস্তৰ গভীৰলৈ গৈ তেওঁ পুনৰ ৯ জুলাই, ২০১৯ত গুৰুত্বপূৰ্ণ কিছু কথা এই লেখাৰ সৈতে সংযোগ কৰিলে-
'পুণশ্চ: দৈনিক জনমভূমিত প্ৰকাশ হোৱা উপৰ্যুক্ত লেখাটো মই কেইদিনমান আগতে লিখিছিলোঁ। এই লেখাটো কাকতলৈ পঠিওৱাৰ পিছত ডঃ হীৰেন গোঁহাইৰ প্ৰবন্ধ এটা আৰু কিছু বাদানুবাদ পঢ়িবলৈ পালোঁ।ভালেমানদিন ৰাজ্যৰ বাহিৰত থকা কাৰণে এই বিষয়ে হোৱা সকলো বাক-বিতণ্ডা তেতিয়া জনা নাছিলোঁ। সাম্প্ৰদায়িক নাম এটাৰে চিহ্নিত কৰা কাৰণে আশংকা কৰি কথাখিনি লিখিছিলোঁ। সম্প্ৰতি দেখিলোঁ, বাদানুবাদ তীব্ৰ হ'বলৈ ধৰিছে। ফেইচবুকত দেখিলোঁ, আল জাজিৰা নামৰ কাটাৰৰ সংবাদ মাধ্যম এটাত এনে এটা 'মিঞা কবিতা' ইংৰাজী অনুবাদত প্ৰকাশ হৈছে। কবিতাটোত সম্প্ৰদায় এটাৰ দুঃখ প্ৰকাশ কৰিবলৈ গৈ সাম্প্ৰদায়িক প্ৰতিক্ৰিয়াশীলতা প্ৰকাশ কৰা হৈছে আৰু অতিৰঞ্জিত উৎপ্ৰেক্ষাৰ ব্যবহাৰ কৰা হৈছে। ফলত অসমৰ বিষয়ে এটা নেতিবাচক সাম্প্ৰদায়িক ধাৰণা আন্তৰ্জাতিক মহলত প্ৰচাৰ হৈছে। কবিগৰাকীৰ নিজৰ উদ্দেশ্যে কি নাজানিলোঁ । কিন্তু এটা বেলেগ genre সৃষ্টি কৰিবলৈ গৈ তেওঁ যদি নিজেও নজনাকৈ বা জানিবুজি সাম্প্ৰদায়িক sensationalism সৃষ্টি কৰিছে, তেন্তে তেওঁৰ কাব্যিক প্ৰয়াস সাহিত্যৰ ৰাজনীতিকৰণ হৈছে। ই দুৰ্ভাগ্যজনক।'

কি কয় পূব বংগীয়মূলৰ লোকসকলেঃ
মিঞা পয়েট্ৰী বা মিঞা কবিতাৰ জৰিয়তে যি বিভাজনমুখী প্ৰৱণতাৰ সৃষ্টি কৰা হৈছে, ইয়াৰ ফল সংঘাতময় হোৱাটোৱেই স্বাভাৱিক। এচাম মুষ্টিমেয় লোকে কবিতাক মাধ্যমৰূপে লৈ অসমীয়া জন জীৱনৰ সৈতে একাকাৰ হ'ব বিচৰা সাধাৰণ লোকৰ মাজত অসমীয়া বিদ্বেষী আৰু সাম্প্ৰদায়িক বিষবাষ্প বিয়পোৱাৰ অন্তৰালত কি উদ্দেশ্য লুকাই থাকিব পাৰে সেয়া প্ৰায় স্পষ্ট হৈ পৰিছে। এই চক্ৰত চামিল হোৱা সকলৰ পৰিয়ালৰ লোকে বিভিন্ন ৰাজনৈতিক দলত যোগদান কৰি, বাওঁপন্থী আদৰ্শৰে অনুপ্ৰাণিত হৈ নিজকে চেকুলাৰ সজোৱাৰ চেষ্টা কৰিলেও ই ৰাজ্যখনৰ বাবে এক ভয়াবহ পৰিৱেশ সৃষ্টি কৰাটো নিশ্চিত।

এনে ষড়যন্ত্ৰৰ পৰা সাধাৰণ লোকসকল আঁতৰি নাথাকিলে এই চক্ৰৰ স্বাৰ্থ সিদ্ধি হ'ব। অসমত ভাষিক আৰু ধৰ্মীয় সংখ্যালঘু সকলক একগোট কৰি অসমীয়া থলুৱা জাতি জনগোষ্ঠীক সংখ্যালঘু কৰাৰ অপচেষ্টা কোনোবাই কৰিছে নেকি, সেয়াও গভীৰভাৱে বিবেচনা কৰিব লগা বিষয়।

এতিয়া মিঞা পয়েট্ৰী কেৱল কবিতাতে আবদ্ধ হৈ থকা নাই। বিচ্চিন্নতাবাদী শক্তিয়েও ইয়াৰ সুযোগ ল'ব পাৰে। এনআৰচি চৃড়ান্ত খচৰা প্ৰকাশৰ পূৰ্বে তেনে পৰিৱেশ সৃষ্টিৰে জাতীয় সংহতি বিনষ্ট কৰাৰ অপচেষ্টাক যোগ্য প্ৰত্যুত্তৰ দিয়াৰ সময় এয়া।

অসমীয়া কোন বা আমি কিয় অসমীয়া হম জাতীয় ভাবুকিৰে যিসকলে এক কাব্যধাৰাৰ মাজেৰে নিৰ্যাতন আৰু বঞ্চনাৰ কথা কৈছে, তেওঁলোকে অসমীয়া জাতিৰ সৈতে কৰা এই দৰ দামে বহু ক্ষতি ইতিমধ্যেই কৰিছে। অসমীয়া বুলি আঁকোৱালি লোৱাৰ পাছত নতুন পৰিচয়ৰে নিৰ্যাতন চলা বুলি বিশ্ববাসীৰ সন্মুখত যিখন ছবি দাঙি ধৰিছে, সেই ছবি সঁচানে? তেওঁলোকে ক'ব পাৰিবনে অসমত এজনো বিদেশী নাই বুলি? তাৰ পাছতো মানৱীয় মূল্যবোধেৰে তেওঁলোকক আঁকোৱালি লোৱা লোকসকলৰ বিৰুদ্ধে এই ষড়যন্ত্ৰ কিয়?

এয়া ছ'চিয়েল মিডিয়াৰ ল'ৰা-ধেমালি নাছিলঃ
মিঞা পয়েট্ৰী সন্দৰ্ভত বহু তথাকথিত বিশিষ্ট লিখক-বুদ্ধিজীৱিৰ ধাৰণা- এয়া ফেচবুকৰ সৃষ্টি এক বিতৰ্ক। ফেচবুকৰ পৰা এই বিষয় মূল সংবাদ মাধ্যমত আলোচনা হোৱাৰ লগতে ইয়াৰ অন্তৰালৰ কাহিনী, ৰাষ্ট্ৰসংঘৰ বিবৃতি, ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত হোৱা চৰ্চা, সেই লোকসকলে এতিয়া আওকান কৰিব পাৰিবনে?

মিঞা পয়েট্ৰী এক কাব্যধাৰা নাছিল। অতি পৰিকল্পিতভাৱে অসমৰ সংখ্যালঘু লোকসকলক লৈ উগ্ৰ চেতনাৰে তেওঁলোকৰ মাজত অসমীয়া বিদ্বেষী ধাৰণা সৃষ্টিৰ পৰিৱেশ ৰচনা কৰা হৈছিল ইয়াৰ জৰিয়তে। যি প্ৰক্ৰিয়াত হাত উজান দিছিল ৰাষ্ট্ৰীয় পৰ্যায়ৰ এনজিঅ' আৰু অৰ্থৰ যোগান ধৰিছিল আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ পৰা। ২০১৬ চনৰ পৰা এই প্ৰক্ৰিয়া তীব্ৰতৰ হৈছিল।

ইমান পাছতো কেৱল ছ'চিয়েল মিডিয়াত চৰ্চিত এক বিতৰ্ক বুলি এচামে হাত সাৱটি এক বিষয়ক অৱজ্ঞা কৰাৰ লগতে আন একাংশই ইয়াৰ জৰিয়তে মূল সুঁতিৰ অসমীয়া আৰু সংখ্যালঘু লোকসকলৰ মাজত বিভাজন সৃষ্টিৰে হিন্দু বাংলাদেশীসকলক কেনেদৰে আনিব পাৰি তাৰ চিন্তাত ব্ৰতী হৈছে। হিন্দু বাংলাদেশীসকল আহিলে তেওঁলোকৰ মাতৃভাষা বাংলা হোৱাৰ সূত্ৰে অসমত অসমীয়া সংখ্যালঘু হ'ব বুলি চৰ্চা হৈছিল।

কিন্তু হিন্দু বাংলাদেশীৰ বিপৰীতে অসমৰ ধৰ্মীয় সংখ্যালঘু আৰু ভাষিক সংখ্যালঘুসকলে মাতৃভাষা বাংলা লিখিব লাগে বুলি মুকলিকৈ জনোৱা আহ্বান, আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চলা অপপ্ৰচাৰ, এন আৰ চিৰ বিৰুদ্ধে টনা-আঁজোৰা আদিয়ে সমগ্ৰ বিষয়টোকে জটিল কৰি তুলিছে।

মিঞা পয়েট্ৰী বিতৰ্কৰ অন্ত পৰক। ইয়াৰ জৰিয়তে সৃষ্টি হ'ব পৰা প্ৰেক্ষাপট আৰু জটিলতাৰ মাজত যাতে সাধাৰণ মানুহখিনি ভুক্তভোগী নহয়, তাৰ বাবে একাংশ সচেতন লোক আৰু চৰ-চাপৰিবাসীয়ে উদ্যোগ গ্ৰহণ কৰিছে। এয়া পূব বংগীয় মুছলমান বা অসমৰ খিলঞ্জীয়া জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ কাৰণ যাতে হ'ব নোৱাৰে তাৰ বাবে সকলো পক্ষই সচেতনতাৰে পদক্ষেপ গ্ৰহণ কৰাটো এতিয়া প্ৰয়োজনীয় হৈ পৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in