সুন্দৰ মনৰ গৰাকী সুন্দৰী

সুন্দৰ মনৰ গৰাকী সুন্দৰী

তুষাৰ প্ৰতিম

১৭ বছৰৰ বয়সলৈ তেওঁ আছিল সমনীয়াৰ এটা হাঁহিৰ বিষয়। তেওঁৰ শাৰীৰিক দুৰ্বলতা আছিল উপহাসৰ কাৰণ। অতি ক্ষীণকায় সেই ১৭ বছৰীয়া ছোৱালীজনীয়ে ৪ বছৰৰ পিছত ২১ বছৰ বয়সত ২১ বছৰীয়া এক ইতিহাস পুনৰ লিপিবদ্ধ কৰিব বুলি হয়তো কোনেও ভৱা নাছিল। কোনেও নভৱাৰ দৰেই একালৰ সেই ক্ষীণকায়, সকলোৰে উপহাসৰ ছোৱালীগৰাকীয়েই সৌন্দৰ্যৰ প্ৰতিযোগিতাত তেওঁ হৈ পৰিল বিশ্বৰ ভিতৰতে শ্ৰেষ্ঠ।

হৰনাজ সান্ধু। আজিৰ দিনত বিশ্বৰে এটা চৰ্চিত নাম। মিছ ইউনিভাৰ্ছ ২০২১ ৰ খিতাপ জয় কৰি বিশ্বতে পৰিচিত হৈ পৰা হৰনাজ সান্ধু এতিয়া এটা চৰ্চিত নাম। কেৱল শাৰীৰিক সৌন্দৰ্যই নহয়, হৰনাজ সান্ধুৰ আছে নিজা চিন্তা ভাৱনাৰো এক পৃঠক সৌন্দৰ্য। মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাত এটা কঠোৰ প্ৰশ্নৰ সুন্দৰ উত্তৰ প্ৰদান কৰি হৰনাজে সৌন্দৰ্যৰ লগতে নিজা চিন্তাৰ বলেৰে বিচাৰক তথা বিশ্ববাসীৰ হৃদয় জয় কৰি হৰনাজে সুদীৰ্ঘ ২১ বছৰৰ মূৰত ভাৰতলৈ কঢ়িয়াই আনিলে এই সন্মান।

১৯৯২ চনত প্ৰথমবাৰৰ বাবে সুস্মিতা সেনে ভাৰতলৈ কঢ়িয়াই আনিছিল এই সন্মান। সেইবাৰ সুস্মিতা সেনৰ জৰিয়তে ভাৰতে প্ৰথমবাৰৰ বাবে লাভ কৰিছিল মিছ ইউনিৰ্ভাছৰ সন্মান। ইয়াৰ পিছত ২০০০ চনত লাৰা দত্তই লাভ কৰিছিল এই সন্মান। হৰনাজ সান্ধুৱে মিছ ইউনিভাৰ্ছৰ সন্মান লাভ কৰাৰ পূৰ্বলৈকে মিছ ইউনিভাৰ্ছৰ ইতিহাসত এয়াই আছিল ভাৰতৰ সফলতা। সুস্মিতা সেন আৰু লাৰা দত্তই আছিল ভাৰতক প্ৰতিনিধিত্ব কৰি মিউ ইনিভাৰ্ছৰ খিতাপ দখল কৰা মাত্ৰ দুগৰাকী সুন্দৰী।

লাৰা দত্তৰ পাছত সুদীৰ্ঘ ২১ বছৰৰ অন্তত পঞ্জাৱৰ হৰনাজ সান্ধুৱে পুনৰ ভাৰতলৈ কঢ়িয়াই আনিলে এই সন্মান। মিছ ইউনিভাৰ্ছৰ চূড়ান্ত প্ৰতিযোগিতাৰ ফাইনেল ৰাউণ্ডত হৰনাজক বিচাৰকে সুধিছিল এটা অতি কঠিন আৰু আকৰ্ষণীয় প্ৰশ্ন। তেওঁক সুধিছিল, বিভিন্ন হেচাঁত থকা মহিলাসকলক আপুনি কি পৰামৰ্শ দিব?

এই সহজ যেন লগা অতি কঠিন আৰু সুন্দৰ প্ৰশ্নৰ উত্তৰত হৰনাজে কৈছিল- আপুনি নিজকে অদ্বিতীয় বুলি ভাৱিব লাগিব আৰু সেই ধাৰণাই আপোনাক আৰু অধিক সুন্দৰ কৰিব। মুকলি হওঁক আৰু সকলো কাম নিৰ্ভয়ে কৰক। কিয়নো আপোনৰ জীৱনৰ গৰাকী আপুনি নিজেই। হৰনাজৰ এই উত্তৰত বিমুগ্ধ হৈছিল সকলো।

১২ ডিচেম্বৰ দেওবাৰে ৭০ সংখ্যক মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা ইজৰাইলত অনুষ্ঠিত হৈছিল। এই প্ৰতিযোগিতাত হৰনাজে চূড়ান্ত খিতাপ দখলৰ বাবে ৭৯ খন দেশৰ সুন্দৰীক অতিক্ৰম কৰিছিল। প্ৰতিযোগিতাত মিছ ইউনিভাৰ্ছ ৰানাৰ-আপ হৈছিল মিছ পাৰাগুৱে নাদিয়া ফেৰেৰা আৰু দ্বিতীয় ৰানাৰ-আপ হৈছিল মিছ দক্ষিণ আফ্ৰিকা লালেলা মাচৱানে। বলীউডৰ অভিনেত্ৰী উৰ্বশী ৰৌতেলাই মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতাৰ বিচাৰ কৰাৰ সুযোগ লাভ কৰিছিল। তেওঁ আছিল ভাৰতৰ বাবে জুৰী দলৰ অংশ। চণ্ডিগড়ৰ হৰনাজ সান্ধুৱে শেহতীয়াকৈ 'মিছ ডিভা মিছ ইউনিভাৰ্ছ ইণ্ডিয়া ২০২১' খিতাপ জয় কৰিছিল।

২১ বছৰীয়া হৰনাজ পেছাত এগৰাকী মডেল। তেওঁ চণ্ডিগড়ৰ শিৱালিক পাব্লিক স্কুলৰ পৰা প্ৰাৰম্ভিক পঢ়া শুনা কৰে আৰু চণ্ডিগড়তেই স্নাতক ডিগ্ৰী অৰ্জন কৰে। অধ্যয়নৰ মাজেদিয়েই তেওঁ মডেলিং আৰু অন্যান্য প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি আহিছিল।

হৰনাজৰ গোটেই পৰিয়ালটো কৃষি আৰু আমোলাতন্ত্ৰৰ সৈতে জড়িত। ২০১৭ চনত মহাবিদ্যালয়ৰ এটা অনুষ্ঠানত প্ৰথমবাৰৰ বাবে হৰনাজে নিজৰ সৌন্দৰ্যৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল।কেলজৰ সেই অনুষ্ঠানৰ পৰাই হৰনাজৰ মডেলিং জগতত আৰম্ভ হৈছিল যাত্ৰা।

মডেলিঙৰ উপৰিও হৰনাজে ঘোঁৰা চালনা, সাঁতোৰ, অভিনয়, নৃত্য আদিতো পাৰ্গতো।মডেলিঙৰ মাজতেই যেতিয়াই সময় আৰু সুযোগ লাভ কৰে তেতিয়াই তেওঁ নিজৰ ৰুচী অনুসৰি কাম কৰি যায়। ভাৰতীয় চলচিত্ৰ ক্ষেত্ৰতখনত এটা ট্ৰেণ্ড আছে। সৌন্দৰ্যৰ প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰাৰ পিছতে বলিউড জগতখনত ভৰি থয়।

হৰনাজকো বাৰু বলিউডত অদূৰ ভৱিষ্যতে দেখা পোৱা যাব নেকি? এই প্ৰশ্ন নিশ্চয় বহুতৰে মনত উদয় হৈছে। কাৰণ পূৰ্বে মিউ ইউনিভাৰ্ছৰ খিতাপ জয় কৰা সুস্মিতা সেন আৰু লাৰা দত্তয়ো বলিউডত ভৰি দি সফলতা লাভ কৰিছে। সেয়েহে এই প্ৰশ্ন সকলোৰে মনত উদয় হোৱাটো স্বাভাৱিক।

হৰনাজেও আগন্তুক সময়ত সুযোগ লাভ কৰিলে বলিউডত কাম কৰাৰ ইচ্ছা পুহি ৰাখিছে। অভিনয়ৰ প্ৰতি তেওঁৰ পূৰ্বৰে পৰা আছে দুৰ্বলতা। ইতিমধ্যে তেওঁ চলচিত্ৰত ভুমুকি মাৰিছে। পঢ়া-শুনা, মডেলিঙৰ উপৰিও হৰনাজে যাৰা দিয়ান পু বৰণ আৰু বাই জী কুট্টাংগে নামৰ দুখন চলিচিত্ৰত অভিনয় কৰিছে। এতিয়া বহুতেই আশা কৰিছে শীঘ্ৰে হৰনাজক দেখা পোৱা যাব বলিউডত।

১৭ বছৰ বয়সলৈকে হৰনাজ আছিল অতি অন্তৰ্মুখী আছিল। তেওঁৰ দুৰ্বলতাক বিদ্যালয়তো উপহাস কৰা হৈছিল। ইয়াৰ বাবে তেওঁ কিছু সময়ৰ বাবে হতাশাগ্ৰস্ত হৈ পৰিছিল। অৱশ্যে এই সময়ছোৱাত তেওঁৰ কাষত থিয় দিছিল তেওঁৰ পৰিয়ালটোৱে।

বিভিন্ন ধৰণৰ সুস্বাদু ব্যঞ্জন খাই ভাল পোৱা হৰনাজে ভালপোৱ সকলো খাদ্যই খাই। তেওঁ কোনো বাচ-বিচাৰ নকৰে। খোৱাৰ ক্ষেত্ৰত তেওঁ কৃৃপনালী নকৰে। তেওঁ সংবাদ মাধ্যমৰ আগত কয় যে তেওঁ সকলো খাই কিন্তু একে সময়তে ব্যায়াম কৰিবলৈ নাপাহৰে। তেওঁ বিশ্বাস কৰে যি মন যায় খাব লাগে কিন্তু ব্যায়ম কৰা বন্ধ কৰিব নালাগে।

মিছ ইউনিভাৰ্ছ হৰনাজে ইয়া পূৰ্বে ২০১৭ চনত প্ৰথমবাৰৰ বাবে টাইমছ ফ্ৰেছ ফেচ মিছ চণ্ডিগড় খিতাপ দখল কৰিছিল। ইয়াৰ পৰৱৰ্তী সময়ত ২০১৮ চনত মিছ মেক্স ইমাৰ্জিং ষ্টাৰ খিতাপ জয় কৰিছিল আৰু ২০১৯ ফেমিনা মিছ ইণ্ডিয়া পঞ্জাৱৰ খিতাপ জয় কৰিবলৈ সক্ষম হৈছিল।

আমেৰিকাৰ মিউ ইউনিভাৰ্ছ সংস্থাই প্ৰতিবছৰে অনুষ্ঠিত কৰি অহা এই প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ১৯৫২ চনৰ ২৮ জুনত। প্ৰায় ৭৫৬ কোটি টকা প্ৰতি বছৰে ব্যয় কৰি অনুষ্ঠিত কৰা এই প্ৰতিযোগিতাৰ উদ্দেশ্য হৈছে মানৱতাৰ সৈতে জড়িত বিষয়ক আগবঢ়াই নিয়া।

এই প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ সন্মুখত থাকে পৃথিৱীত যোগাত্মক পৰিৱৰ্তনৰ উদ্দেশ্য। আমেৰিকাৰ নিউ য়ৰক চিটিত আছে মিছ ইউনিভাৰ্ছৰ মুখ্য কাৰ্যালয়। এই প্ৰতিযোগিতাৰ অধিকাৰীক ভাষা হৈছে ইংৰাজী। বৰ্তমান এই সংস্থাৰ অধ্যক্ষৰ দায়িত্বত আছে পাউলা সুগাৰ্ট।

মিছ ইউনিভাৰ্ছৰ ৭০ সংখ্যক খিতাপ দখল কৰিছে ভাৰতৰ হৰনাজ সান্ধুৱে। এই প্ৰতিযোগিতাৰ প্ৰথম খিতাপ বা এই প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী আছিল আৰ্মি কুউচেলা। আৰ্মি আছিল ফিনলেণ্ডৰ যুৱতী। এই প্ৰতিযোগিতাৰ ইতিহাসত সৰ্বাধিকবাৰ খিতাপ জয় কৰিছে আমেৰিকাই।

মুঠ ৮ বাৰ আমেৰিকাৰ সুন্দৰীয়ে দখল কৰিছে মিছ ইউনিভাৰ্ছৰ খিতাপ। আনহাতে ভেনিজুৱেলাই ৭ বাৰ আৰুপুয়েৰ্টো ৰিকোৰ সুন্দৰীয়ে ৫ বাৰ এই খিতাপ জয় কৰি সৰ্বাধিক বিজয়ৰ তালিকাত দ্বিতীয় আৰু তৃতীয় স্থানত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in