হাই পৰিমিতা! হাই লুইতপৰীয়া! কিমানদিনলৈ সপোন দেখিবা-দেখুৱাবা!

হাই পৰিমিতা! হাই লুইতপৰীয়া! কিমানদিনলৈ সপোন দেখিবা-দেখুৱাবা!

হাই পৰিমিতা! হাই লুইতপৰীয়া! কিমানদিনলৈ সপোন দেখিবা-দেখুৱাবা!

তুষাৰ প্ৰতিম

নিমাতী-কমলাবাৰী ঘাটত বুধবাৰে দুখন ভটভটিৰ মাজত হোৱা সংঘৰ্ষৰ পৰিণতিত শতাধিক যাত্ৰীয়ে যেতিয়া প্ৰাণ বচাবলৈ বাৰিষাৰ ভৰা ব্ৰহ্মপুত্ৰত জাপ দিছিল, চাৰি চকিয়া আৰু দুচকিয়া বৃহৎসংখ্যক বাহন যেতিয়া নৈৰ বুকুত জাহ গৈছিল সেই সময়ৰ দৃশ্য একাংশ লোকৰ মোবাইলে মোবাইলে বন্দী হৈছিল। কথমপি প্ৰাণৰক্ষা পৰা লোকসকলে মোবাইল যোগে কৰা ভিডিঅ' পিচ মুহূৰ্ততে সংবাদ মাধ্যম আৰু বিভিন্ন লোকলৈ যিসময়ত প্ৰেৰণ কৰিছিল সেই সময়তো দুমহীয়া সন্তানৰ পৰা পৰিমিতাকে ধৰি বহু যুৱতী, মহিলা আৰু যুৱক, বৃদ্ধ, বৃদ্ধাই প্ৰাণ বচাবলৈ লুইতৰ বুকুত মৰণপন যুঁজ দিছিল।

ইয়াৰ মাজৰে একাংশই নিজৰ জীৱন বিপন্ন কৰি এই লোকসকলক উদ্ধাৰৰ বাবে চলাইছিল একেই মৰণপন চেষ্টা। তাৰ মাজতে অকালতে প্ৰাণ হেৰুৱাইছিল পৰিমিতাৰ দৰে যুৱ প্ৰজন্মৰ প্ৰতিভাসম্পন্ন প্ৰবক্তাই। তেওঁৰ প্ৰাণহীন দেহ উদ্ধাৰ হ'ল যদিও এই পৰ্যন্ত উদ্ধাৰ হোৱা নাই ভৰা লুইতৰ বুকুত হেৰাই যোৱা যোৰহাটৰ চিকিৎসক ডাঃ বিক্ৰমজিৎ বৰুৱা আৰু লখিমপুৰৰ যুৱক জান বৰা।

এই ঘটনাক আলম কৰিয়েই আজি সমগ্ৰ ৰাজ্যত মাজুলীৰ ৰাইজৰ যাতায়তৰ দুৰ্দশা আৰু মাজুলী সংযোগী ব্ৰহ্মপুত্ৰৰ বুকুৰ বিভিন্ন পাৰ ঘাটত ভটভটিৰে বিপদসংকুল যাত্ৰাৰ বিষয়টোৰ লগতে ২০১৬ চনতে দ্বিতীয়বাৰৰ বাবে স্বয়ং কেন্দ্ৰীয় পৰিবহন মন্ত্ৰী নিতিন গাদকাৰীয়ে আধাৰশিলা কৰা নিমাতী-কমলাবাৰী দলঙৰ নিৰ্মাণৰ প্ৰসংগক লৈ সমগ্ৰ ৰাজ্য উত্তাল হৈ আছে।

বিভিন্ন মাধ্যমৰ আলোচনাত নিমাতীঘাটৰ দলঙক লৈ চলা ৰাজনীতি আৰু কমলাবাৰী সংযোগী পাৰঘাটৰ বিপদসংকুল যাত্ৰা সন্দৰ্ভত বহুতে বিশেষজ্ঞ মন্তব্য কৰাৰ সমান্তৰালভাৱে ইয়াকে লৈ দল সংগঠন তথা চৰকাৰ আৰু বিৰোধী ৰাজনীতিকৰ মাজত আক্ৰমণ-প্ৰত্যাক্ৰমনো চলিছে।

বুধবাৰৰ ঘটনাটো যে মৰ্মান্তিক আৰু বাচিযোৱা লোকসকলক যে ভগৱানেহে বচাইছে এই লৈ কাৰো দ্বিমত নাই। একেদৰে নিমতীঘাট-কমলাবাৰীৰ দলঙেই হওক অথবা মাজুলীৰ ৰাইজৰ জীৱনক লৈ চৰকাৰৰ উদাসীনতা তথা দায়িত্বহীনতা যে অক্ষমনীয় সেই কথাও দোহৰাৰ প্ৰয়োজন নাই।

কিন্তু এই ঘটনাক আলম কৰিয়েই আন কেতবোৰ বিষয় আলোচনাৰ মাজলৈ অহাটো সময়ৰ দাবী। সামগ্ৰীকভাৱে মাজুলীৰ লগতে ব্ৰহ্মপুত্ৰ আৰু অন্যান্য নৈ পৰীয়া ৰাইজৰ দৈনন্দিন জীৱন-যাতায়তৰ প্ৰসংগ সামগ্ৰীকভাৱে চৰ্চালৈ নাহিলে অথবা পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে চৰকাৰে বাস্তৱসন্মত ব্যৱস্থা আন্তৰিকতাৰে গ্ৰহণ নকিৰলে দলং বা পাৰঘাটৰ ৰাজনীতি বিগত দশক সমূহৰ দৰেই অনন্ত কাললৈ চলি থাকিব।

অসমত আভ্যন্তৰীন জলপৰিবহন বুলি এটা বিভাগ আছে যিটো বিভাগৰ অধীনত মন্ত্ৰীৰ পৰা শ শ কৰ্মচাৰীলৈ অসংখ্য বিষয়া কৰ্মচাৰীয়ে দৰমহা ভোগ কৰে। ব্ৰহ্মপুত্ৰক ৰাষ্ট্ৰীয় জল পৰিবহনৰ আওতালৈ অনাৰ দায়িত্ব মাজুলীৰে প্ৰাক্তন বিধায়ক, অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমানৰ কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ইতিমধ্যে গ্ৰহণ কৰিছে।

কিন্তু এইগৰাকী কেন্দ্ৰীয় মন্ত্ৰী বৰ্তমানৰ মুখ্যমন্ত্ৰী অথবা ৰাজ্যৰ আভ্যন্তৰীন জলপৰিবহন মন্ত্ৰীয়ে সমগ্ৰ ব্ৰহ্মপুত্ৰত শদিয়াৰ পৰা ধুবুৰীলৈ কিমান পাৰঘাট আছে, এই পাৰঘাটত কিমান সংখ্যক যাত্ৰী ভটভটি চলে, তাৰ ভিতৰত কিমান চৰকাৰী, কিমান বেচৰকাৰী আৰু কিমান অবৈধ তাৰ কোনো হিচাপ নিজানে।

আনহে নালাগে যিটো দিনত সমগ্ৰ মাজুলীবাসীৰ লগতে ৰাজ্যখনৰ অগণন লোকে কান্দিছে সেই সময়তো এই ঘটনাক লৈ চিঞৰ-বাখৰ কৰা চৰকাৰী মন্ত্ৰী-বিষয়া, বিৰোধী বিধায়ক, নেতা তথা প্ৰবক্তাই মাজুলীত কিমান পাৰঘাট কিমান বৈধ আৰু অবৈধ নাওৱে দৈনিক হাজাৰ হাজাৰ লোকক পাৰাপাৰ কৰে সেই কথাও নাজানে ।

শুনিলে সকলো আচৰিত হ'ব যে মাজুলীত চৰকাৰৰ দ্বাৰা অনুমোদিত ১০ টা পাৰঘাটত আভ্যন্তৰিন জল পৰিবহন বিভাগৰে অনুমোদন লৈ চলি থকা মুঠ ২৭ খন ফেৰী বুলি কোৱা যন্ত্ৰ চালিত ভটভটি নাৱৰ মাত্ৰ ৫ খনহে চৰকাৰী। ইয়াৰ বাহিৰেও ফুলনি-নিমাতী সংযোগী বগৰীগুৰি, চেলেপ-ধূনাগুৰি, লুহীত-খাবলু, অফলামুখ-নিমাতী, দক্ষিণপাট-নিমাতী, বিহপুৰীয়া সংযোগী বদটি ঘাট, জেঙৰাই-গাগোমুখ, কমলাবাৰী-নিমতী এইকেইটা ঘাটৰ লগতে সৰু সৰু অসংখ্য ঘাট আছে য'ত শতাধিক ভটভটি আৰু হাট নাও অবৈধভাৱে চলাচল কৰে।

কিছুদিন আগলৈকে মাজুলীৰ পৰা ঢকুৱাখনা সংযোগী খেৰকটিয়া আৰু চাৰিকড়ীয়া ঘাটতো চলাচল কৰিছিল এনে নাও। এই ঘাট দুটাত এসময়ত দলং আছিল, সেই দলং ভাগি যোৱাৰ নতুন দলং নিৰ্মাণৰ ৰাজনীতিৰে আধাৰশিলা আৰু কাঠৰ খুটা পোতা অৱস্থাৰেই বহু বছৰ পাৰ হ'ল। একেদৰে লুহীত-খাবলু, চেলেপ-ধুনাগুৰি ঘাটৰ দলঙৰ ওপৰেৰে এসময়ত মাজুলীৰ পৰা লখিমপুৰ হৈ গুৱাহাটীলৈ বাছ চলিছিল।

সেয়া অসমৰ দ্ৰুত উন্নয়ন বুলি দাবী কৰা চৰকাৰসমূহৰ আগৰ কথা। এতিয়া ঢকুৱাখনা সংযোগী ঘাট দুটাত দলং হলেও লুহীত খাবলু বা চেলেক-ধুনাগুৰিৰে গাড়ীত উঠি পাৰ হ'ব নোৱাৰি। কমলাবাৰী-নিমাতীঘাটৰ দৰেই অতিকে বিপদসংকুলভাৱে ভটভটিত পাৰাপাৰ হয়। এইবোৰ ঘাটত ভটভটিৰ সলনি দলং নিৰ্মাণৰ ৰাজনীতি বছৰ বছৰ ধৰি চলি আহিছে।

অসম চুক্তিৰ পৰৱৰ্তী কালত ইয়াত অগপৰ মুখ্যমন্ত্ৰী, কংগ্ৰেছৰ মুখ্যমন্ত্ৰী, বিজেপিৰ মুখ্যমন্ত্ৰী সকলোৰে মিচা প্ৰতিশ্ৰুতি আৰু দলঙৰ ৰাজনীতি অব্যাহত আছে। আনকি কমলাবাৰী-গড়মূৰ সংযোগী দৰীয়া ঘাটৰ ১০০ ফুটীয়া দলঙখন নিৰ্মাণ কৰিবলৈকো ৪ খন চৰকাৰৰ দিনত ৪ বাৰ আধাৰশিলা স্থাপন কৰা হৈছিল। জুবিনৰ কণ্ঠত মাজুলীৰ এজনী ছোৱালী গীততো এই দৰীয়া ঘাটৰ উল্লেখ আছে যদিও এই ঘাট ব্ৰহ্মপুত্ৰ বানে মাথাউৰি চিঙি সৃষ্টি কৰা এটা অস্থায়ী সুঁতি হে আছিল।

অথচ মাজুলী বাসীয়ে ২ দশকৰো অধিক কাল এই দলং খনৰ বাবে কৰা হাহাকাৰক ভ্ৰুকুটি কৰি দিছপুৰৰ শাসকে আধাৰশিলাৰ ৰাজনীতি কৰিছিল। অসমত মাটমৰা-দিছাংমুখ, ঢলা-ছৈখোৱা, ঐৰাম ঘাট-কবু চাপৰিৰ পৰা গুৱাহাটী মহানগৰীৰ কাছাৰী-উত্তৰ গুৱাহাটী ঘাট অথবা গৰৈমাৰী, সোণতলি, বৰপেটা,ধুবুৰীলৈকে থকা অসংখ্য ঘাটত হাজাৰ হাজাৰ বেআইনী নাও। এইবোৰক আইনী বান্ধোনৰে বান্ধি নিষিদ্ধ কৰাৰো সামৰ্থ নাই চৰকাৰৰ। কিয়নো লাখ লাখ মানুহৰ জীৱন-জীৱিকা তথা যাতায়তৰ আন কোনো বিকল্প নাই। চৰকাৰৰ বিকল্প দিয়াৰ সামৰ্থও নাই।

সকলোৰে চাগে ২০১২ চনৰ এপ্ৰিল মাহত ধুবুৰী ঘাটৰ পৰা পৰা হাটশিঙিমাৰীলৈ ৩ শাতাধিক যাত্ৰীলৈ গৈ থকা অৱস্থাত ফকিৰগঞ্জৰ সমীপত নিয়ন্ত্ৰণ হেৰুৱাই পাৰত খুন্দা মাৰি চিন্ন-ভিন্ন হৈ পৰা নাওখনৰ কাহিনী ৰিণি-ৰিণি মনত আছে। আজিৰ দিনটোত এই কথা চৰ্চালৈ নাহিলেও বহুতৰ মনতে খুন্দিয়াইছে সেই শোকাবহ দুৰ্ঘটনাটোৱে। যিটো ঘটনাত থিতাতে লুইতৰ বুকুত হেৰাই গৈছিল শতাধিক লোক আৰু প্ৰাণহীন ১০৩ জনৰ দেহ পিচত উদ্ধাৰ হলেও নাওখনৰ বহু অংশ বিচাৰি পোৱাই নগ'ল।

তাৰো আগে এক শোকাৱহ ঘটনা সংঘটিত হৈছিল গুৱাহাটী মহানগৰীৰে কাছাৰী ঘাটত। উত্তৰ গুৱাহাটীৰ পৰা মহানগৰীৰ কছাৰী অভিমুখী ভটভটিখন ঘাট পোৱাৰ প্ৰাকক্ষণত সেই স্থানত ৰৈ থকা এখন নাৱত খুন্দা মাৰি হঠাতে জাহ গৈছিল লুইতৰ বিশাল বক্ষত। যাৰ সন্ধান আজিও নোলাল।

ইয়াৰ পিছত ২০১৮ চনৰ শিক্ষক দিৱসৰ দিনা উত্তৰ গুৱাহাটীৰ ঘাটৰ পৰা ৪০ জন যাত্ৰীলৈ যাত্ৰা আৰম্ভ কৰাৰ পিছতে হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই অস্বক্লান্তৰ সমীপত জাইকা নামৰ প্ৰতিষ্ঠানটোৱে খোৱা পানী যোগান প্ৰকল্পলৈ পানী উত্তোলনৰ বাবে লুইতৰ বুকুত নিৰ্মাণ কৰা পাইপবাহী দলঙত প্ৰচণ্ড জোৰেৰে খুন্দিয়াইছিল।

বহুকেইজনে লুইতত জপিয়াইছিল আন একাংশই দলঙৰ খুটাটউলমি থাকি প্ৰাণ বচোৱাৰ চেষ্টা কৰিছিল। তাৰ মাজতে হেৰাই গৈছিল কটনৰ ছাত্ৰীসহ ১০ জনৰো অধিক লোকৰ প্ৰাণ। য'ত কণমানী শিশু এটাই মাকৰ বুকুত সাৱটি ধৰি থকা অৱস্থাতে দুয়োৰে প্ৰাণহীন দেহ উদ্ধাৰ হোৱা ছবি নিশ্চয় স্মৰণৰ চেষ্টা কৰিলে সকলোৰে চকুত ভাঁহি উঠিব।

এইয়াই হ'ল ব্ৰহ্মপুত্ৰ, পাৰঘাট আৰু প্ৰাণঘাটী ভটভটীৰ লগতে দলঙৰ ৰাজনীতি আৰু দশক দশক জুৰি লুইতৰ বুকুত বিভিন্ন সময়ত জীৱন বচাবলৈ ত্ৰাহিমান ৰোদনৰ অসংখ্য কৰুণ কথা। ধুবুৰীৰ ঘটনাটোৰ পিছতে চৰকাৰে ঘোষণা কৰিছিল শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ সকলো পাৰঘাট চৰকাৰে কঠোৰভাৱে নিৰীক্ষণ কৰিব আৰু চৰকাৰৰ দ্বাৰা অনুমোদিত নিৰাপদ নাওহে ইয়াত চলিব পাৰিব। সকলো নাৱত লাইফ জেকেট, এয়াৰ বেগ আৰু লাইফ ব'টৰ নিৰ্ধাৰিত ব্যৱস্থা নিশ্চিতভাৱে থাকিব লাগিব। প্ৰতিখন নাও প্ৰতিটো ঘাটত চলি থকা দালাল ৰাজ সম্পূৰ্ণ ৰূপে বন্ধ কৰি আভ্যন্তৰিন জল সম্পদৰ দ্বাৰা নিয়োজিত বিষয়া কৰ্মচাৰী আৰু আৰক্ষীয়ে এয়া তদাৰক কৰিব।

মাজুলী সংযোগী ঘাট বোৰত অত্যাধুনিক প্ৰযুক্তিৰ চৰকাৰী নাও চলাচলৰ এখন আঁচনি মাজুৰীলে প্ৰতিনিধি হৈ মুখ্যমন্ত্ৰী হোৱা সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছিল। ইয়াৰ বাবে ১০০ কোটি টকাও ধাৰ্য কৰা হৈছিল। কিন্তু যিদৰে ২০১৬ চনতে আধাৰশিলা স্থাপন কৰা দলঙৰ নিৰ্মাণ নহ'ল সেইদৰে মাজুলীৰ ঘাটবোৰত অত্যাধুনিক নালাগে নিৰাপদ নাৱৰ ব্যৱস্থাও কৰা নহ'ল।

বুধবাৰৰ ঘটনাটোৰ পিছতো এতিয়া চৰকাৰ-বিৰোধী সকলো মাজুলীলৈ ঢপলিয়াইছে। চৰকাৰৰ মুখ্যমন্ত্ৰী, মন্ত্ৰীয়ে জনতাৰ নিৰাপত্তাৰ বাবে বিভিন্ন আঁচনি ঘোষণা কৰিছে। বিৰোধিয়ে চৰকাৰক দায়িত্বহীন বুলি গালি পাৰিছে। ইয়াত আন্তৰিকতা কিমান তাৰ ব্যাখ্যাৰ প্ৰয়োজন নাই।

মাজুলীত কিছুদিনৰ পিছতে অনুষ্ঠিত হ'ব উপনিৰ্বাচন। এই নিৰ্বাচনৰ ক্ষেত্ৰটো মূল ইছ্যু হৈ পৰিব নিমাতী কমলাবাৰী ঘাট। এনেদৰেই পাৰ হৈ যাব নিৰ্বাচন। আৰু শদিয়াৰ পৰা ধুবুৰীলৈ থকা অসংখ্য পাৰ ঘাটত বেআইনী ৱনাওবোৰ যিদৰে চলি থাকিব সেইদৰেই ,অনন্ত কাললৈ জ্ঞাতে অজ্ঞাতে সংঘটিত দুৰ্ঘটনা আৰু শোকাবহ মৃত্যু ঘটনাবোৰ ঘটিয়েই থাকিব।

যেন ৰাজনীতিৰ বাবেই এনে ঘটনা সময়ে সময়ে ঘটি থকা ভাল। তেতিয়াহে পৰিবৰ্তনৰ সপোন দেখিবও পাৰি, দেখুৱাবও পাৰি। নৈৰ বুকত মৰণপন যুঁজ দিয়া মানুহবোৰৰ ছবি বোৰো যেন তেনে সপোনৰ অংশ বিশেষ। ধিক চৰকাৰ, ধিক বিৰোধী ৰাজনীতি, ধিক অৰ্থহীন প্ৰতিবাদ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in