অলিম্পিকলৈ লাভলীনাঃ জৰ্দানৰ পৰাই ক’লে মনৰ কথা…

অলিম্পিকলৈ লাভলীনাঃ জৰ্দানৰ পৰাই ক’লে মনৰ কথা…

▪ মৃদুল কুমাৰ সন্দিকৈ

শিৱ থাপাৰ পাছত বক্সিঙত অলিম্পিক খেলিব অসমৰ আন এগৰাকী খেলুৱৈয়ে। ৮ মাৰ্চ, ২০২০ত আহিল এই সুখবৰ। জৰ্দানৰ আম্মানত অনুষ্ঠিত হৈ থকা যোগ্যতা নিৰ্ণয়কাৰী প্ৰতিযোগিতাত উজ্বলি উছিল অসম কন্যা লাভলীনা বৰগোঁহাই।

১৯৯৭ চনৰ ২ অক্টোবৰত জন্মগ্ৰহণ কৰা লাভলীনাৰ ঘৰ গোলাঘাটত। তেওঁৰ পিতৃৰ নাম টিকেন বৰগোঁহাই আৰু মাতৃৰ নাম মামণি বৰগোঁহাই। পিতৃ বৃত্তিত এগৰাকী ক্ষুদ্ৰ ব্যৱসায়ী। আৰ্থিক প্ৰতিবন্ধকতাৰ মাজতো উচ্ছাকাংক্ষী লাভলীনাই খেলুৱৈ জীৱন আৰম্ভ কৰিছিল এগৰাকী কিক বক্সাৰ হিচাপে।

বৰপথাৰ হাইস্কুলত পঢ়ি থকাৰ সময়তে লাভলীনাৰ ওপৰত চকু পৰিছিল পদুম বড়োৰ। ২০১২ চনত তেওঁ লাভলীনাক কিক বক্সিঙৰ পৰিৱৰ্তে বক্সিঙৰ প্ৰশিক্ষণ দিয়ে।পৰৱৰ্তী সময়ত লাভলীনাই দেশৰ মহিলা বক্সাৰ সকলৰ মুখ্য প্ৰশিক্ষক শিৱ সিঙৰ তত্বাৱধানতো প্ৰশিক্ষণ লয়।

নতুন দিল্লীত অনুষ্ঠিত প্ৰথম মুকলি ইণ্টাৰনেশ্যনেল বক্সিং টুৰ্ণামেণ্টত লাভলীনাই সোণৰ পদক লাভ কৰিছিল। ৰাছিয়াত অনুষ্ঠিত এআইবিএ ৱ'মেনছ ৱৰ্ল্ডছ বক্সিং চেম্পিয়নশ্বিপতো লাভলীনাই ব্ৰঞ্জৰ পদক দখল কৰি কৃতিত্ব অৰ্জন কৰিছিল।

২০১৮ৰ কমনৱেল্থ গেমছলৈও নিৰ্বাচিত হৈছিল লাভলীনা। সেই লাভলীনাই এতিয়া দেশক প্ৰতিনিধিত্ব কৰিব অলিম্পিকত।৮ মাৰ্চ, দেওবাৰে ৰিঙত অপ্ৰতিৰোধ্য হোৱা লাভলীনাই উজবেকিস্তানৰ মেলিভাক পৰাস্ত কৰি ছেমি ফাইনেলত স্থান নিশ্চিত কৰিছে। লগতে তেওঁ অলিম্পিকলৈও যোগ্যতা অৰ্জন কৰিলে।

লাভলীনা বক্সিং ৰিঙত ইমানেই অপ্ৰতিৰোধ্য হৈ উঠিছিল যে ৫-০ৰ ব্যৱধানত পৰাস্ত হৈছিল উজবেকিস্তানৰ খেলুৱৈ গৰাকী। সোমবাৰে লাভলীনাৰ নাছিল কোনো খেল। জৰ্দানত সেইদিনা লাভলীনাৰ বিৰতি।

অসমীয়া প্ৰতিদিনৰ ডিজিটেল ডেস্কে যোগাযোগ কৰিছিল লাভলীনাৰ সৈতে। শিৱ থাপাৰ পিছত বক্সিঙত অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাক অভিনন্দন জ্ঞাপন কৰি অলিম্পিকৰ প্ৰস্তুতি সন্দৰ্ভত সোধাত, লাভলীনাই ক'লে- এতিয়াতো মই জৰ্দানতে আছো। এই প্ৰতিযোগিতাৰ ছেমি ফাইনেল কাইলৈ আছে। এতিয়া সেই প্ৰতিযোগিতাতে মনোনিৱেশ কৰিছো।'

অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলখনৰ সন্দৰ্ভত নিজৰ অভিজ্ঞতা ব্যক্ত কৰিলে লাভলীনাই। তেওঁ জনালে, উজবেকিস্তানৰ এই খেলুৱৈগৰাকীৰ সৈতে তেওঁ আগতে কোনো খেল খেলা নাছিল। অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰি তেওঁ অত্যন্ত সুখী। লাভলীনাৰ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া- 'অলিম্পিক খেলিবলৈ যোগ্যতা অৰ্জন কৰাত ভাল লাগিছে। অলিম্পিকত এটা পদক লাভ কৰাৰ সপোন লৈয়েই মই আগবাঢ়িছো। ইয়াৰ বাবে যথেষ্ট কষ্ট কৰিব লাগিব।'

জৰ্দানত অলিম্পিকৰ যোগ্যতা নিৰ্ণয়কাৰী খেলত প্ৰতিপক্ষ খেলুৱৈক ধৰাশায়ী কৰা লাভলীনাই এই খবৰ খেল শেষ হোৱাৰ পাছতে পৰিয়ালক জনাইছিল। পিতৃ-মাতৃৰ সৈতে কথা পতাৰ লগতে অসমৰ কেইবাজনো ক্ৰীড়া সংগঠকে তেওঁক অভিনন্দন জনোৱাৰ কথা ক'লে।

লাভলীনাৰ আটাইকেইগৰাকী ভগ্নী খেলৰ সৈতে জড়িত। তেওঁৰ দুগৰাকী যঁজা জ্যেষ্ঠ ভগ্নী আছে। তেওঁলোকৰ নাম- লিছা আৰু লিমা। লিছা আৰু লিমাই ৰাষ্ট্ৰীয় পৰ্যায়ৰ কিক বক্সিঙত ৰাজ্যক প্ৰতিনিধিত্ব কৰিছে। সেয়েহে লাভলীনায়ো খেলুৱৈ জীৱন আৰম্ভ কৰিছিল কিক বক্সিঙেৰে।

এই প্ৰতিযোগিতাৰ ছেমি ফাইনেলত বক্সিং ৰিঙত লাভলীনাৰ বিপৰীতে থাকিব চীনৰ এগৰাকী বক্সাৰ। প্ৰস্তুতি সন্দৰ্ভত লাভলীনাই বিশেষ ক'ব নিবিচাৰিলে যদিও পাৰ্য্যমানে এই খেলখনত শ্ৰেষ্ঠতা অৰ্জন কৰিবলৈ চেষ্টা কৰিব বুলি মন্তব্য কৰিলে।

সমগ্ৰ বিশ্বতে কোৰোনা ভাইৰাছৰ আতংক। তাতে সন্মুখত চীনৰ খেলুৱৈ। লাভলীনাক সোধা হৈছিল- কোৰোনা ভাইৰাছৰ প্ৰভাৱ সেই প্ৰতিযোগিতাত পৰিছে নেকি? লাভলীনাই তেনে প্ৰভাৱ পৰাৰ কথা অস্বীকাৰ কৰিলে। জৰ্দানৰ পৰা ঘূৰি আহিয়েই লাভলীনা অধিক অনুশীলনত ভাগ ল'ব।

অলিম্পিকত খেলিব পোৱাৰ সপোন তেওঁৰ পূৰণ হ'ল। এতিয়া তেওঁৰ সন্মুখত এই বিশ্বৰ বৃহৎ ক্ৰীড়া প্ৰতিযোগিতাত পদক অৰ্জনৰ লক্ষ্যৰে আগবাঢ়িব বুলিও জনালে। আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা টি-২০ মহিলা বিশ্বকাপ ক্ৰিকেটত ভাৰতীয় মহিলা ক্ৰিকেট দলে বিফলতা অৰ্জন কৰিলেও অসমৰ লাভলীলাই অসম তথা দেশবাসীক দিলে সুখবৰ।

লাভলীনা বৰগোঁহাইয়ে টকিঅ' অলিম্পিকত ৬৯ কেজি শাখাত দেশক প্ৰতিনিধিত্ব কৰিব। লাভলীনাই অলিম্পিক খেলিবলৈ যোগ্যতা অৰ্জন কৰাৰ পাছতে লাভলীনাক শুভেচ্ছা জনাই টুইট কৰিলে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেণ ৰিজিজুৱে।

উল্লেখযোগ্য যে, পূজা ৰাণীয়ে ইতিমধ্যে অলিম্পিক খেলাৰ যোগ্যতা অৰ্জন কৰিছে। বক্সাৰ পূজাৰ পাছতে লাভলীনা বৰগোঁহাইয়ে সেই যোগ্যতা অৰ্জন কৰা দ্বিতীয়গৰাকী ভাৰতীয় খেলুৱৈ। প্ৰতিপক্ষক ধৰাশায়ী কৰিবলৈ লাগে দৃঢ়তা আৰু লক্ষ্য। ইয়াৰ উপৰিও ক্ষীপ্ৰতাৰ প্ৰয়োজন এগৰাকী বক্সিং খেলুৱৈক। সেই সকলোখিনি গুণৰে গৰাকী লাভলীনা।

গোলাঘাটৰ বৰপথাৰৰ আৰ্থিকভাৱে দুৰ্বল এক পৰিয়ালৰ পৰা ওলাই গৈ ২২ বছৰীয়া লাভলীনাই যি সফলতা অৰ্জন কৰিছে, সেই সফলতা অলিম্পিকৰ পদকলৈ সলনি কৰিবলৈ তেওঁক লাগিব ইয়াতকৈ অধিক অনুশীলন আৰু পৰিশ্ৰম। সেই কথা লাভলীনাই বুজি উঠিছে। সেয়েহে এতিয়া তেওঁ মনোনিৱেশ কৰিছে কেৱল খেলত। অৱশ্যে জৰ্দানৰ পৰা তেওঁ এই কথা ক'বলৈ নাপাহৰিলে যে- 'মোৰ সফলতাত গৌৰৱাম্বিত হোৱা সমগ্ৰ অসমবাসীৰ ওচৰত মই কৃতজ্ঞ। তেওঁলোকৰ আশীৰ্বাদ আৰু আন্তৰিকতাৰ বাবেই আজি আহি এই পৰ্যায় পাইছোহি। কৰণীয় মোৰ বহু আছে…।'

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in