এৰাতিতেই থানাৰ আলহী হ’ল ৪৫০ ভূ-মাফিয়া

এৰাতিতেই থানাৰ আলহী হ’ল ৪৫০ ভূ-মাফিয়া

মৃদুল কুমাৰ সন্দিকৈ

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সাৱধানবাণী শুনাইছিল আৰু দালাল ৰাজ নচলিব।ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সক্ৰিয় হৈ থকা ভূ-মাফিয়াৰ বিৰুদ্ধে আছিল এই সাৱধানবাণী। গুৱাহাটীত অনুষ্ঠিত এখন বৈঠকত সন্মুখত ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াসকলক বহুৱাই মুখ্যমন্ত্ৰীয়ে এই কথা কৈছিল।

মাটি বেচা-কিনা কৰাৰ নামত বা আন মাটি সংক্ৰান্তীয় কামত সাধাৰণ মানুহে দালালৰ পৰা যি জ্বালা-কালা খাইছে সেইয়া ব্যাখ্যাৰ প্ৰয়োজন নাই। বাপেকৰ নামৰ পৰা পুতেকৰ নামলৈ মাটিৰ স্থানান্তৰ কৰিবলৈ গৈও সাধাৰণ লোকে অতি দুখজনক অভিজ্ঞতাৰ সন্মুখীন হয়।

ৰাজহ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত প্ৰায় সংখ্যক বিষয়া কৰ্মচাৰীৰ বিৰুদ্ধে গুৰুত্বৰ অভিযোগ দীৰ্ঘদিন ধৰি উত্থাপন হৈ আহিছে। মণ্ডল-লাট মণ্ডলৰ কথা কবই নালাগে। তেওঁলোকে টকাৰ বাহিৰে যেন আন একোৱেই চিনি নাপায়।

মুখ্যমন্ত্ৰীয়ে সেই দিনা বৈঠকতেই কৈছিল, তেওঁ নিজেও মাটিৰ কাম দালালৰ জৰিয়তেই কৰিবলগা হৈছিল। মন্ত্ৰী হৈ থকা কালৰ অভিজ্ঞতা আছিল এইয়া তেওঁৰ।সেয়েহে সাধাৰণ লোকে যাতে তেওঁ মুখ্যমন্ত্ৰী হোৱাৰ পাছত এনে অভিজ্ঞতা আৰু সন্মুখীন নহয়  তাৰ বাবে কঠোৰ হৈ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত সক্ৰিয় হৈ থকা দালালক গামোচা পিন্ধাই বিদায় দিবলৈও এই বৈঠকতে তেওঁ আহ্বান জনাইছিল।

২ অক্টোবৰ ২০২১ৰ পৰা ৰাজ্য চৰকাৰে বসুন্ধৰা নামৰ এখন আঁচনি আৰম্ভ কৰাৰ কথা। এই আঁচনিৰ জৰিয়তে গাঁৱৰ লোকসকলে মাত্ৰ ১ টকাতে তেওঁলোকৰ মাটি ম্যাদি কৰাৰ সুবিধা লাভ কৰিব।

মুখ্যমন্ত্ৰীৰ এই গৰ্জনৰ পাছতেই ২০ ছেপ্টেম্বৰ ২০২১ ৰ নিশাজুৰি ভূ-মাফিয়া আৰু মাটিৰ দালালৰ বিৰুদ্ধে অসম আৰক্ষীয়ে ব্যাপক অভিযান চলালে। প্ৰায় ৭০০ ভূ-মাফিয়াৰ তালিকা প্ৰস্তুত কৰি আৰক্ষীয়ে নিশাজুৰি চলোৱা অভিযানত আটক হ'ল ৪৩০ জনৰো অধিক লোক।

গ্ৰেপ্তাৰ নকৰিলেও ভূ-মাফিয়াৰ বিৰুদ্ধে চলোৱা এই অভিযানে মাটিক কেন্দ্ৰ কৰি ৰাজ্যৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কি ধৰণৰ মাফিয়া ৰাজ চলি আছিল তাৰেই ইংগিত প্ৰদান কৰিলে। ভূ-মাফিয়াৰ বিৰুদ্ধে এইয়া এক ব্যাপক অভিযান।

ইয়াৰ পূৰ্বে এনে অভিযান আৰক্ষীয়ে চলোৱা নজিৰ নাই। কিন্তু ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মাটিক লৈ এই দালালৰাজৰ ক'লা অধ্যায় চলি আহিছে। এই চক্ৰত বহু নামি-দামি লোক জড়িত হৈ আছে। আনকি সাংবাদিক, আৰক্ষী, ব্যৱসায়ী, ৰাজনৈতিক নেতা, দল-সংগঠনৰ নেতা, শিক্ষক আদিও এনে কাৰ্যৰ সৈতেও জড়িত হোৱাৰ অভিযোগ আছে।

মুখ্যমন্ত্ৰীয়ে তেনে দালালক দেখিলেই থপিয়াই ধৰিম বুলি হুংকাৰ দিয়াৰ লগতে ঘোষণা কৰিছিল যে মই মুখ্যমন্ত্ৰী হৈ থকা লৈকে মাটিৰ কাম দালালৰ জৰিয়তে নহয়, এছ ডি চি, এ ডি চিৰ জৰিয়তে হ'ব লাগিব।

ড্ৰাগছৰ পিছত এয়া ৰাজ্যত আৰক্ষীৰ আন এক সফল অভিযান হ/ব যদিহে ইয়াৰ ধাৰাবাহিকতা অব্যাহত থাকে। সাধাৰণ মাটিৰ দালাল বোৰক ধৰাতকৈ এই দালাল চক্ৰক নেতৃত্ব দিয়া প্ৰভাৱশালী লোকক আৰক্ষীয়ে ঢুকি পাবনে নাপায় সেই প্ৰশ্নও এতিয়া উত্থাপন নিশ্চয় হ'ব।

মুখ্যমন্ত্ৰীৰ চিধা কথা, মাটিৰ কাম লৈ যোৱা লোকক এছ ডি চি কাৰ্যালয়ত গুৰুত্বই দিয়া নহয়। তেওঁ নিৰ্দেশ এতিয়াৰ পৰা এইবোৰ কাম বিনা পইচাৰে হ'ব লাগিব। ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়লৈ দালাল আহে। বিষয়াৰ কাষলৈ দালাল আহে, মানুহ নাহে কিয় সেই প্ৰশ্ন নিজকে কৰিবলৈ তেওঁ আহ্বান জনাইছিল।

কিছুমান কাম কৰিবলৈ টকা নালাগে। লাগে আগ্ৰহ আৰু সুপৰিকল্পনা। সেই পদক্ষেপ সমূহ গ্ৰহণ কৰিলে ৰাজ্যৰ কোটি কোটি লোক বিনা পইচাৰে উপকৃত হয়। চৰকাৰখনৰ প্ৰতি, আৰক্ষীৰ প্ৰতি ৰাইজৰ আস্থা বৃদ্ধি পায়।

বহু সময়ত আৰক্ষীয়ে কৰিম বুলি ভবা বহু কাম কৰিব নোৱাৰে। দিল্লী, দিছপুৰৰ হেচা থাকে আৰক্ষীৰ ওপৰত। সেই কাম কৰাৰ সুযোগ অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই লাভ কৰি আৰক্ষীক আৰু জনমুখী কৰাৰ বাবে তেওঁ গ্ৰহণ কৰা পদক্ষেপ সমূহ কাৰ্যকৰী কৰিলে চৰকাৰ আৰু আৰক্ষী দুয়োপক্ষৰ লগতে জনসাধাৰণো সুখী হ'ব।

এজন আই এছ বা এ চি এছ বিষয়াই চাকৰিত যোগদান কৰি এনেবোৰ কাৰ্যালয়ত সক্ৰিয় দালালৰ সৈতে চিনাকী হৈ দীৰ্ঘসময় তেওঁলোকে এই চক্ৰৰ কৱলতে ৰৈ যায়। মুখ্যমন্ত্ৰীৰ মতে তেওঁলোকে প্ৰথম চিনাকী হ'ব লাগে দৰিদ্ৰ লোকৰ সৈতে।

এইয়া যদি কোনোবাই ৰাজনৈতিক চমক দিব বিচাৰিছে তেনেহলে কথা বেলেগ। কিন্তু অন্তঃকৰণেৰে কৰা এইবোৰ সংস্কাৰে দুৰ্নীতি মুক্ত আৰু সমৃদ্ধশীল অসম গঢ়াত সহায়ক হ'ব। মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে এছ ডি  চি, এ ডি চিৰ কাষত পৰি থকা মাটিৰ ফাইলৰ কাম ৬ অক্টোবৰ ২০২১ ৰ ভিতৰত সম্পন্ন হ'ব লাগিব।

গুৱাহাটী মহানগৰীতে ৰাজহ বিভাগৰ দায়িত্বত থকা বিষয়াৰ টেবুলত ৭০০০ ৰো অধিক এনে ফাইল পৰি আছে। কিহৰ বাবে এই ফাইল পৰি আছে বুলি সেইদিনা অনুষ্ঠিত হোৱা বৈঠকত ৰাজহ বিভাগৰ দায়িত্ব প্ৰাপ্ত অতিৰিক্ত উপায়ুক্ত গৰাকীক মুখ্যমন্ত্ৰীয়ে প্ৰশ্ন কৰিবলগা হৈছে।

হুংকাৰ দিয়েই মুখ্যমন্ত্ৰীয়ে এৰা নাই। সেই হুংকাৰৰ উপৰিও তেওঁ বিষয়া সকলক জনাই দিছে, ৩ জনকৈ লোকক এছ ডি চি, এ ডি চিৰ মাটি সংক্ৰান্তীয় কামত আঁতৰৰ পৰা তদাৰক কৰিবলৈ দায়িত্ব দিব।

প্ৰতিটো ৰাহজ চক্ৰৰ বিষয়াৰ কাৰ্যালয়ত অৱসৰপ্ৰাপ্ত অধ্যাপক, অৱসৰপ্ৰাপ্ত শিক্ষক, নিৰপেক্ষ বিশিষ্ট লোকক ডাঁৰৰ খবৰ মুখ্যমন্ত্ৰীক দিব পৰাকৈ নিয়োজিত কৰিব। অৰ্থাৎ এই বিষয়াসকলৰ কাম-কাজ মুখ্যমন্ত্ৰীৰ নখ দৰ্পনত থাকিব।

ইম্পেক্ট ষ্টাডিৰ জৰিয়তে মুখ্যমন্ত্ৰীয়ে ৰাজহ বিভাগক কাম-কাজৰ পৰা দুৰ্নীতি নিৰ্মূল কৰাৰ লগতে দালাল ৰাজ উৎখাতৰ বাবে ব্যৱহাৰিকভাৱে কৰা এই পদক্ষেপ এতিয়া সকলোৱে স্বাগতম জনাইছে।

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে আৰক্ষীয়ে চলোৱা অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ৪৫৩ জন লোকক আটক কৰা হয়। মাটিৰ সংক্ৰান্তিয় কামত দালালগীৰি কৰা অভিযোগত আটক কৰা হৈছে তেওঁলোকক।

দক্ষিণ কামৰূপত ভূ মাফিয়াৰ বিৰুদ্ধে কামৰূপ আৰক্ষীৰ অভিযান চলাইছিল। সমগ্ৰ নিশা অভিযান চলাই ছয়গাঁও, গৰৈমাৰী, পলাশবাৰী আদিৰ পৰা কেইবাজনো ভূ মাফিয়াক আটক কৰে আৰক্ষীয়ে।  ছয়গাও আৰক্ষীয়ে ২০জন আৰু পলাশবাৰী  আৰক্ষীয়ে ৬  জন ভূ-মাফিয়াক আটক কৰে।

ছয়গাও থানালৈয়ো ১১জন আৰু পলাশবাৰী থানাত ১৫ জন মাটি দালালক আৰক্ষীয়ে আটক কৰি সোধ-পোছ কৰে। আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত পলাশবাৰী থানাৰ অন্তৰ্গত কুখ্যাত ভূ-মাফিয়া ৰাজপ্ৰতাপ সিং ওৰফে ৰামসিং (বিজয় নগৰ) বিপুল নাথ (ৰঙা মাটি) নুৰ হুছেন (ভকচেল), ফজৰুল হক(বগা),(মুছলিম সৰপাৰা) আজিম আলি (হালিগাঁও) খগেন ঠাকুৰীয়া,(উপৰহালি) অন্যতম।

বিশ্বনাথ চাৰিআলি আৰক্ষীয়ে আটক কৰে ১৪ জন ভূ-মাফিয়াক।  ভূ মাফিয়াৰ দপদপনি অব্যাহত থকা অন্য এখন জিলা হ'ল ধুবুৰী।ধুবুৰী আৰক্ষীয়ে আটক কৰা মাটিৰ দালাল কেইজন হ'ল-  উত্তম কুমাৰ সাহা, চান মিক্ৰা, কুদ্দুছ মোল্লা, ৰাজু, দেবু, জাহাংগিৰ আৰু জাকিৰ । মুঠ ১৬ জন মাটিৰ দালালক আটক কৰে আৰক্ষীয়ে।

মৰিগাঁওৰ আৰক্ষীয়ে নিশা অভিযান চলাই ২৭ জন মাটিৰ দালালক এই সময়ছোৱাত আটক কৰে। ইফালে নগাঁৱত ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে কঠোৰ অভিযান চলায়। জিলাখনত আৰক্ষীয়ে ১৬ টাকৈ দালালক গ্ৰেপ্তাৰ কৰে।ৰূপহী ৰাজহ চক্ৰৰ পৰা আৰক্ষীয়ে ৰানা বৰা নামৰ এজন চৰকাৰী কৰ্মচাৰীৰ লগতে নজৰুল ইছলাম আৰু ৰঞ্জিত ভুঞা নামৰ দুজন চৰকাৰী গাঁওবুঢ়াকো আটক কৰিছে।

নগাঁও সদৰ ৰাজহ চক্ৰত মাটিৰ দালালি কামত জড়িত  ৰমজান নুৰ, বিষ্ণু বৰা আৰু অজয় সাহাকো আৰক্ষীয়ে আটক কৰিছে। দালালসকলৰ পৰা বৃহৎ পৰিমাণৰ দলিল উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে নগাওঁ আৰক্ষী। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে চলা এই অভিযানত ছয়গাওঁ আৰক্ষীয়ে নিশা অভিযান চলাই ছয়গাঁও , গৰৈমাৰী আৰু ছমৰীয়া ৰাজহ চক্ৰৰ লগতে বকো আৰু সোণতলীৰ পৰা ২০ জন মাটিৰ দালালক আটক কৰে।

আৰক্ষীয়ে আটক কৰা কলৰ ভিতৰত আছে ছয়গাঁৱৰ বিমল কলিতা,  ঘনশ্যাম দাস,  বিনোদ দাস,ৰাতুল শৰ্মা  প্ৰণৱ দাস,  সোণ কলিতা, হৃদয় দাস, জিতেন কলিতা,  দ্বিজেন কলিতা,  বাবুল কলিতা,  শুক্লেশ্বৰ দাস৷গৰৈমাৰীত আৰক্ষীয়ে মাটিৰ দালালৰ সৈতে জড়িত ক্ৰমে চোহৰাব আলী, জাকিৰ হুছেইন,  আব্দুৰ ৰেজ্জাক,  কলিমুদ্দিন আলী,  জালাল উদ্দিন,  চামচুল আলম,  ছিদ্দিক আলী,  চফিকুল ইছলাম,  নুৰমহম্মদ আলীক আটক কৰিলে।

ইফালে হাজোত মাটিৰ দালালৰ বিৰুদ্ধে চলিল আৰক্ষী বিভাগৰ অভিযান। এই অভিযান হাজো আৰক্ষীয়ে মাটিৰ দালালিৰে  জড়িত স্থানীয় বিজেপি নেতাকে ধৰি ৯জনক আটক কৰে।  আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে শংকৰ দাস (দুখু), দিলীপ দাস, দেৱজিৎ দাস, তৰণি দাস, নিৰঞ্জন পাটোৱাৰী, নাছিৰ শইকীয়া, আইনাল হক, জিয়াউল হক আৰু মনচুব আলী। আটক কৰা সকলৰ ভিতৰত  শংকৰ দাস, জিয়াউল হক আৰু মনচুব আলী বিজেপিৰ কৰ্মী।

ৰাজ্যৰ অন্যান্য জিলাৰ লগতে চিৰাং জিলাতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলিল । এই অভিযানত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ'ল দুজনকৈ মণ্ডল। মণ্ডলসহ সহ মুঠ ৬ জন মাটিৰ দালালক আৰক্ষীয়ে আটক কৰিলে। আনহাতে আৰক্ষীৰ এই অভিযানৰ পিছতেই চাংসাৰী থানাত আয়েজৰ ৰহমান নামৰ ভূ-মাপিয়া গৰাকীয়ে আত্ম সমৰ্পন কৰিলেহি।

বজালীত  ভূ- মাফিয়াৰ বিৰুদ্ধে  সক্ৰিয় হ' লআৰক্ষী।  ১৭ জনকৈ লোকক সোধা -পোছাৰ বাবে পাটাছাৰকুছি আৰক্ষী চকীলৈ আনিলে। আৰক্ষীয়ে প্ৰস্তুত কৰা তালিকাখন দীঘলীয়া। এই  তালিকাত নাম আছে বহু কেইগৰাকী সভ্ৰান্ত  লোকৰ নাম।ভূ-মাফিয়াসকলৰ ঘৰত আৰক্ষীৰ অভিযান চলিল যদিও এই দুস্কাৰ্যৰে জড়িত বহু কেইগৰাকীক আৰক্ষীয়ে এতিয়াও আটক কৰা নাই।

সৰুপথাৰতো আৰক্ষীৰ জালত পৰিল তিনিজনকৈ মাটিৰ দালাল । আৰক্ষীয়ে আটক কৰা মাটিৰ দালাল তিনিটা হ'ল- ৰাজেন কোঁৱৰ, মানিক ঘোচাল, আৰু হিৰালাল শীল । মানিক ঘোষাল আৰু হীৰালাল শীল সৰুপথাৰ ৰাজহ চক্ৰ বিষয়া কাৰ্য্যালয়ৰ তৰনি আছিল। ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সমুখত ৰাজেন কোৱঁৰৰ আছিল নিজা কাৰ্যালয় ৷দীৰ্ঘদিন ধৰি মাটিৰ দালালি কৰি অহা অভিযোগ আছিল ধৃত তিনি দালালৰ বিৰুদ্ধে

শৱালকুছিতো আটক হ'ল মাটিৰ দালাল। মাটিৰ দালালিত জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে সোধ- পোচৰ বাবে আটক কৰিলে চৰকাৰী  গাওবুঢ়াকো। শুৱালকুছি আৰক্ষীয়ে আটক কৰা লোকদুজন ক্ৰমে শুৱালকুছি শান্তিটোল নিবাসী গাওবুঢ়া দীপক ডেকা আৰু আই বি নিবাসী বিনোদ মেধি

কৰিমগঞ্জৰ আৰক্ষীয়ে আটক কৰিলে ১২ জনকৈ মাটিৰ দালালক। জিলাখনত আটক হোৱা কেইজনমান মাটিৰ দালাল হ'ল-  আমিৰুল হক, আবুল হুছেইন, জাকিৰ হুছেইন, আলকাফ হুছেইন, তাৰিক আহমদ, সুকান্ত ৰয়

 শোণিতপুৰ জিলা আৰক্ষীয়ে আভিযান চলাই আটক কৰে ৯জন মাটি দালালক। ঢেকিয়াজুলিত এজন, বেবেজীয়া আৰক্ষী চকীত চাৰিজন আৰু বাকী চাৰিজনক তেজপুৰ আৰক্ষীয়ে নিশা অভিযান চলাই আটক কৰে মাটিৰ দালাল দ্বীপেন ফুকন, মনোজ বৰ্মণ, ৰাজবাবু পটংগীয়া আৰু অপু বৰা বেবেজীয়া আৰক্ষীয়ে আটক কৰিলে।

মানিকপুৰত  মাটিৰ দালাল চক্ৰৰ বিৰুদ্ধে কঠোৰ হ'ল আৰক্ষী। মাণিকপুৰত নিশা আৰক্ষীয়ে আটক কৰে ৬ জনকৈ মাটিৰ দালালক। তেওঁলোক ক্ৰমে-  বলো ৰায় (ভাটিপাৰা) , দীলিপ ৰায় (চকীহালি) , কুশল ৰায় (ছিটকিবাৰী) , হাইদৰ আলী (ভাটি পাৰা) , জালাল উদ্দিন (বৰবিলা) , খুশি (নোৱাপাৰা)।

বিলাসীপাৰা আৰক্ষীয়ে আটক কৰে  তিনিজন মাটিৰ দালালাক। শিলচৰতো বিশিষ্ট ব্যৱসায়ীসহ ৫ জন মাটি দালালক আৰক্ষীয়ে আটক কৰিলে। আৰক্ষীয়ে আটক কৰা সকলৰ ভিতৰত আছে  বিশিষ্ট ব্যৱসায়ী সঞ্জয় নাহাটা। আনসকল হ'ল ক্ৰমে  নিশিকান্ত সৰকাৰ, , অসীম  দাস আদি।  সঞ্জয় নাহাটা শিলচৰৰ আগশাৰীৰ নাহাটা টেক্সটাইলৰ মালিকৰ পুত্ৰ ৷ অসীম দাস বিজেপিৰ প্ৰাক্তন ৱাৰ্ড কমিছনাৰ ৷

মায়াঙত জাগীৰোড আৰক্ষায়ে আটক কৰে ৩ জন দালালক। মঙ্গলদৈত ৮ জন দালালাক আৰক্ষীয়ে আটক কৰিলে। বোকাখাট আৰক্ষীয়ে আটক কৰা ৪ ভূ-মাফিয়া হ'ল- লীলাধৰ পাটোৱাৰী ওৰফে নীলু পাটোৱাৰী, বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ তৰণী ক্ৰমে বিদ্যা শইকীয়া, দ্ৰোণকান্ত দাস, যদুমণি খাউণ্ড

মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে তৎপৰ  হৈ আৰক্ষীয়ে ডিব্ৰুগড় জিলাৰ মৰাণ ৰাজহ চক্ৰ কাৰ্যালয়ত মাটি দালাল কৰা তিনি দালালক আটক কৰিলে। মৰাণ আৰক্ষীয়ে আব্দুল হক নামৰ মাটি দালালক আটক কৰাৰ লগতে খোৱাং আৰক্ষীয়ে লক্ষীনাথ ফুকন আৰু গোপাল চন্দ্ৰ গগৈ আটক কৰে।

লাহৰীঘাট ভূৰাগাওঁ ৰাজহ চক্ৰত  মাটিৰ দালালৰ বিৰুদ্ধেও কঠোৰ হ'ল আৰক্ষী। নিশা লাহৰীঘাট আৰক্ষীৰ অভিযানত আটক হ'ল ৫ জনকৈ মাটিৰ দালাল ৷ লাহৰীঘাটত আটক  হোৱা দালালল কেইটা  হ'ল – হাৰুনউল ৰছিদ, জিন্নাতুল ফেৰদৌছ, আব্দুল ছালাম, ভক্ত ডেকা আৰু আইনুল হ'ক ৷ইফালে ভূৰাগাওঁ আৰক্ষীয়ে আটক কৰা  মাটিৰ দালাল কেইটা হ'ল – আব্দুল কাছেম চৌধুৰী , ম: ছেৰ আলি ম: কুতুবুদ্দিন আহমেদ  জালালউদ্দিন , গিয়াছউদ্দিন , ছিকন্দৰ আলি , হলিৰাম বনিয়া , আজাহাৰুল ইছলাম  ৷

ধিঙতো মাটিৰ দালালৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান । আৰক্ষীয়ে আটক কৰিলে দুজনকৈ মাটিৰ দালালক ।দীৰ্ঘদিন ধৰি ধিং ৰাজহ চক্ৰ বিষয়া কায্যলয়ত  চলাই আহিছিল দালালি ।আটক কৰা লোকদুজন ক্ৰমে সুভাষ দেৱনাথ আৰু দৰ্পন বৰা। বিজনীত আৰক্ষীৰ অভিযানত আটক হ'ল লাট মণ্ডল ৰামানাথ বৰ্মন, মহৰি ফকৰুদ্দিন মুছুলীক। বিজনী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত কৰ্মৰত দুয়োগৰাকী।

বৰপেটাত নিশা চলা ভূ-মাফিয়া বিৰোধী অভিযানত আৰক্ষীয়ে আটক কৰে ৬ গৰাকীক। আৰক্ষীৰ হাতত আটক হোৱা ভূ-মাফিয়া কেইজন হ'ল- ইন্নছ আলি, ৰহম আলি, তায়েব আলি, নুৰুল ইছলাম, ৰামানন্দ দাস আৰু কৃষ্ণ দাস ৷

ইফালে গুৱাহাটী মহানগৰীৰ আৰক্ষীয়েও ভূ-মাফিয়াৰ বিৰুদ্ধে জোৰদাৰ অভিযান চলালে। মহানগৰীৰ আৰক্ষীৰ ক্ৰাইম বাঞ্চত ৰুজু হোৱা গোচৰ নম্বৰ ১১/২০২১ ৰ ভিত্তিত বশিষ্ঠ আৰক্ষীয়ে ভেটাপাৰ চন্দ্ৰ চৌধুৰী পথৰ গৃহ নং ১১ ত অভিযান চলায়। এই অভিযানত আৰক্ষীয়ে শতাধিক মাটিৰ ফাইল জব্দ কৰে।

শ্ৰীমন্ত চৌধুৰী নামৰ মাটিৰ দালালৰ ঘৰত চলিছিল এই অভিযান। অভিযান চলোৱা সময়ত দালাল শ্ৰীমন্ত চৌধুৰী ৰাজ্যৰ বাহিৰত আছে। ইফালে বশিষ্ঠ আৰক্ষীৰ হাটত আটক হয় ৬ জনকৈ মাটিৰ দালাল। তেওঁলোক ক্ৰমে আব্দুল ৰাহমত,হৰেন শইকীয়া , তাপশ চৌধুৰী ,বংকিম শৰ্মা আৰু নীলমণি তালুকদাৰ।

বিহপুৰীয়া আৰু নাৰায়ণপুৰতো এজনকৈ মাটিৰ দালাল আটক কৰে আৰক্ষীয়ে। বিহপুৰীয়াত আটক কৰা মাটিৰ দালাল জনৰ নাম প্ৰদীপ মজুমদাৰ আৰু নাৰায়ণপুৰত সদাগন দেউৰীক আটক কৰে আৰক্ষীয়ে।

বিলাসীপাৰাত আটক হয় তিনিটাকৈ মাটিৰ দালাল। আৰক্ষীৰ অভিযানত বোকাখাতত আটক হয় ৪ ভূ-মাফিয়া।আটক হোৱা ভূ-মাফিয়া কেইজন হ'ল- লীলাধৰ পাটোৱাৰী ওৰফে নীলু পাটোৱাৰী, বোকাখাত ৰাজহ চক্ৰ বিষয়াৰ তৰণী ক্ৰমে বিদ্যা শইকীয়া, দ্ৰোণকান্ত দাস, যদুমণি খাউণ্ড ৷

নিশা দেৰগাঁও আৰক্ষীৰ জালতো পৰিল বহুকেইজন মাটিৰ দালাল। দেৰগাঁৱৰ বিভিন্ন প্ৰান্তৰ পৰা ৭ জন মাটিৰ দালালক আৰক্ষীয়ে আটক কৰে। তেওঁলোক ক্ৰমে- শম্ভ ৰবি দাস, বিজিত ফুকন,নৰেন ৰবি দাস, অজিত দও,  আচুৰ্য (নানু) হাজৰিকা আৰু  প্ৰভাত বৰা।

হোজাইত আৰক্ষীৰ হাতত আটক হ'ল ৯ গৰাকী মাটিৰ দালালৰ। অভিযানত হোজাই আৰক্ষীৰ হাতত আটক হোৱাসকল ক্ৰমে-ৰাজীৱ চাহু,ইব্ৰাহিম আলি,আলি ৰাজা লস্কৰ,মহম্মদ বিলাল উদ্দিন,কালিম উদ্দিন,পল্টন ৰয়,নিজামুদ্দিন চৌধুৰী আৰু হানসিং তেৰাং।

মূখ্যমন্ত্রীৰ নিৰ্দেশৰ যোৰহাটতো চলিল ভূ-মাফিয়াৰ বিৰুদ্ধে অভিযান। আৰক্ষী হাতত আটক হ'ল ৯ টাকৈ মাটিৰ দালাল ক্ৰমে-মঞ্জিৎ চাংমাই, পংকজ বৰুৱা, ধৰনী চেতিয়া, দিগন্ত গগৈ, বাবু বৰা, চিৰঞ্জিত ৰাজখোৱা, দ্বীপ নেওগ, জ্ঞানমনি বৰবৰাৰ, বিজয় বৰা। আনহাতে শিৱসাগৰত আৰক্ষীয়ে আটক কৰিছে ১১ জন মাটিৰ দালালক।

নলবাৰীত ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে  অভিযান চলালে ।মুখ্যমন্ত্ৰীয়ে দালালৰাজৰ  অৱসানৰ নিৰ্দেশ দিয়াৰ পিছতেই কঠোৰ হ'ল আৰক্ষী ।  আৰক্ষীৰ জালত পৰিল নলবাৰীৰ  তথাকথিত সাংবাদিক, নামি ব্যৱসায়ী লাট মণ্ডল আদি।এই অভিযানতে সাংবাদিক  সঞ্জয় জৈনসহ নিশা ১০ গৰাকী লোকক  আটক কৰিলে  আৰক্ষীয়ে ।

তথাকথিত  সাংবাদিক  সঞ্জয়  জৈনৰ লগতে নলবাৰী চক্ৰ  বিষয়াৰ  কাৰ্যালয়ৰ  লাট মণ্ডল চক্ৰ কলিতা, ব্যৱসায়ী অজয় জৈন, মুকেশ আগৰৱালা, দাদুল আহমেদ, অনিল জৈন আৰ নলবাৰী চহৰৰ কৃষ্ণ  ফাৰ্মাচীৰ  স্বত্বাধিকাৰীকো নিশা আৰক্ষীয়ে  আটক কৰে।

আৰক্ষীয়ে ৰাজ্যজুৰি চলোৱা অভিযানত এনেদৰে আটক হল ভূ-মাফিয়া। কামৰূপ জিলাত ৬০ জন ভূ-মাপিয়াক আটক কৰিলে আৰক্ষীয়ে। প্ৰতিখন জিলাতেই ওলাল ভূ-মাফিয়া। গুৱাহাটী মহানগৰীত ভূম-মাফিয়াৰ দপদপনীৰ কথা কবই নালাগে। চানমাৰীৰ আৰক্ষীয়ে আটক কৰিলে এজন ভূ-মাফিয়াক।

ভূ-মাফিয়াৰ কেন্দ্ৰ বিন্দু গুৱাহাটী। গুৱাহাটীত অতি প্ৰভাৱশালী যিসকল ভূ-মাফিয়া আছে তেওঁলোক ৰাজনৈতিক ভাৱেও শক্তিশালী। বহু ৰাজনৈতিক নেতা তেওঁলোকৰ পৃষ্ঠপোষক। সেইসকল ভূ-মাফিয়াৰ বিৰুদ্ধে আৰক্ষীয়ে পদক্ষেপ গ্ৰহণ কৰিব কেতিয়া?

ধনৰ বলত বহু ভূ-মাফিয়াই কাকোৱেই কেৰপ নকৰে। চৰকাৰী বিষয়াক তেওঁলোকে জেপত সোমোৱাই থোৱা বুলি ভাৱে। শদিয়াৰ পৰা ৩ গৰাকী, তিনিচুকীয়াৰ পৰা ১ গৰাকী, গোৱালপাৰাৰ পৰা ১১ গৰাকী, হাইলাকন্দিৰ পৰা ১২ গৰাকী, কামৰূপ মহানগৰীৰ পৰা ২০ গৰাকী , ডিব্ৰুগড়ৰ পৰা ১৯ গৰাকী ভূ-মাফিয়াক আৰক্ষীয়ে আটক কৰিছে।

আটক কৰাতেই চৰকাৰৰ দায়িত্ব শেষ নহয়। যি কঠোৰতাৰে চৰকাৰে এই পদক্ষেপ গ্ৰহণ কৰা বুলি সদৰী কৰিছে একেই কঠোৰতাৰে চৰকাৰি বিষয়াসকলৰ সৈতেওঁ ভূ-মাফিয়াৰ সম্পৰ্ক ছেদ কৰিব লাগিব। ভূ-মাফিয়া সকলে  দৰিদ্ৰ লোকৰ মাটি কাঢ়ি, মাটিৰ কাগজ পত্ৰ জাল কৰি বেলেগৰ মাটি, বেলেগে বিক্ৰী কৰাৰ বহু উদাহৰণ আছে।

মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছে প্ৰতি শুক্ৰবাৰ আৰু শনিবাৰে জিলা উপায়ুক্তসকলৰ সৈতে ৰাজহ বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত আৰু ৰাজহ চক্ৰ বিষয়াসকল বহি মাটি বেচা, কিনাৰ অনুমতি প্ৰদান কৰিব লাগে। কোনো লোকক হাৰাশিস্তি কৰিব নালগে। সেই নিৰ্দেশ কাৰ্যকৰি হলে বহু লোকে স্বস্তিৰ নিশ্বাস পেলাব।

কেৱল ৰাজহ চক্ৰ বিষয়া, মণ্ডল আৰু দালালেই এই চক্ৰৰ সৈতে জড়িত নহয়। এই চক্ৰৰ সৈতে বহু  উচ্চ পদস্থ ৰবিষয়াৰ হাত থাকে. সেইসকল ক্ষমতাশালী লোককো এনে সংস্কাৰ পদক্ষেপে নিয়ন্ত্ৰণ কৰিব পাৰিব লাগিব। অভিযোগ উঠে ৰাজনৈতিক নেতা আৰু  আৰক্ষীৰ সৈতে ভূ-মাফিয়া চক্ৰৰ এক নেক্সাছ আছে।

ইয়াকো নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰে ব্যৱস্থা কৰিব লাগিব। কেৱল মাত্ৰ শ শ মাটিৰ দালালক ধৰি আনি ভয় প্ৰদৰ্শন কৰিলেই  সেয়া অন্ত নপৰে। এইয়া এক ভাল পদক্ষেপ। এই পদক্ষেপক স্থায়িত্ব ৰূপ দিবলৈ মুখ্যমন্ত্ৰীয়ে এনে চক্ৰক নিয়ন্ত্ৰণ কৰা ক্ষমতাৱান ভূ-মাফিয়া সকলৰ গাটো হাত দিবলৈ সাহস কৰিব লাগিব।

ৰাজ্যত শ শ ভূ-মাফিয়া আটক হৈছে। কিন্তু গুৱাহাটীত ডাঙৰ ডাঙৰ ভূ-মাফিয়াসকলেই মুকলি আকাশৰ তলত বুকু ফিন্দাই ঘূৰি আছে। পুঠি-খলিহণাত হাত দিছে ঠিকেই এই কাৰ্য় সংঘটিত কৰা ৰৌ-বৰালী ৰূপী ভূ-মাফিয়াসকলক চৰকাৰে সতৰ্ক আৰু হুংকাৰ দিব লাগে। নহলে এইয়া কেৱল চমক হৈয়ে ৰৈ যাব। আৰক্ষীয়ে আটক কৰা ভূ-মাফিয়াকৰ সংখ্যা বৃদ্ধি পাইয়েই আছে। শেহতীয়াকৈ এই সংখ্যাই ৪৫০ অতিক্ৰম কৰিছে।

ৰাইজে অন্তঃকৰণেৰে ভাবিছে এইবাৰ অন্ততঃ কিবা এটা হ'ব। ভূ-মাফিয়াৰ দৌৰাত্ম্য আন্ত পৰিব। খোলা মন লৈ মাটিৰ কামত ৰাজহ চক্ৰ বিষয়াৰ কাষ চাপিব পাৰিব। ভূ-মাফিয়াৰ সমান্তৰলকৈ একাংশ মণ্ডলো চৰকাৰী দৰমহা লৈ ভূ-মাফিয়াৰ ওপৰৰ ওক শংকাৰ কাৰণ হৈ পৰিছে। চৰকাৰে এই দিশতো চকু দিব লাগিব। নহলে মুখ্যমন্ত্ৰীৰ এই সুপদক্ষেপত চেঁচা পানী পৰিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in