শেহতীয়া খবৰ
গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...  •  নতুন সংসদ ভৱন নিৰ্মাণ ব্যয় ২৯ শতাংশ বৃদ্ধিঃ ৯৭১ কোটিৰ পৰা ১,২৫০ কোটিলৈ বৃদ্ধি কৰা হ'ল নিৰ্মাণ ব্যয়....  •  জোনবিল মেলাৰ আজি দ্বিতীয়টো দিনঃ অনুষ্টুপীয়াকৈ অনুষ্ঠিত বিনিময় প্ৰথা...  •  শিশুৰ বাবে মাস্ক বাধ্যতামূলক নহয়ঃ কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰণালয়ৰ নতুন নিৰ্দেশনা...  •  গণৰাজ্য দিৱসত কোনে ক’ত কৰিব পতাকা উত্তোলন ...

‘ক’লা’ চাফা…

মৃদুল কুমাৰ সন্দিকৈ

গাড়ীৰ পৰা জপিয়াই ক’লা ল’ৰা কফিনৰ ভিতৰত সোমাল । যোৰহাটৰ নিৰ্মল চাৰিআলিত ২৯ নৱেম্বৰ, ২০২১ত এটা সৰু ঘটনাক কেন্দ্ৰ কৰি অনিমেষ ভূঞা নামৰ ছাত্ৰ নেতাজনক ঘুচিয়াই হত্যা কৰা মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাসৰো অধ্যায় ৩০ নৱেম্বৰৰ নিশা অন্ত পৰিল।

মোহন চন্দ্ৰ দাস নামৰ ব্যক্তিজনৰ পুত্ৰ আছিল ক’লা ল’ৰা। এই ব্যক্তিজনক কেন্দ্ৰ কৰিয়েই সেই দিনা এই অবাঞ্চিত ঘটনা ঘটিছিল। আৰক্ষীৰ ভাষ্য অনুসৰি নিশা ক’লা ল’ৰাক ড্ৰাগছৰ ঘাটি দেখুৱাবলৈ লৈ গৈছিল আৰক্ষীৰ দুখন বাহনে। প্ৰথমখন বাহনত আছিল ক’লা ল’ৰা। বিপথে পৰিচালিত কৰি ক’লা ল’ৰাই আৰক্ষীৰ জিম্মাৰ পৰা পলাবলৈ গাড়ীৰ পৰা জাপ দিওঁতে পিছত থকা আৰক্ষীৰ এছক’ৰ্ট বাহনখনৰ খুন্দাত আহত হৈছিল এই অভিযুক্তটো।

আৰক্ষীৰো ৩ জন লোক এই দুৰ্ঘটনাত আহত হৈছিল আৰু চিকিৎসালয়ত চিকিৎসকে মৃত্যু ঘোষণা কৰিছিল নীৰজ দাস নামৰ অপৰাধীটোৰ। এনেকৈয়ে অন্ত পৰিল ক’লা ল’ৰা অধ্যায়। যোৰহাটৰ এই ঘটনাই কেৱল অসমতে নহয়, সমগ্ৰ দেশতেই চৰ্চা লাভ কৰিছিল।

ৰাইজে দাবী কৰি আছিল যে এনে বৰ্বৰ কাণ্ড সংঘটিত কৰা সকলক কঠোৰ শাস্তি দিব লাগে। ক’লা ল’ৰা নামৰ এই অৰাধীটোৰ অপৰাধৰ তালিকা বৰ দীঘল। মাহেকত ৩/৪ বাৰ থানালৈ যোৱাটো ক’লা ল’ৰাৰ নিয়ম হৈ পৰিছিল। থানাহে যেন ইয়াৰ আছিল আন এখন ঘৰ।

ডিঙিত শকত সোণৰ চেইন, হাত-বুকু সকলোতে টেটু। দেখিলেই লাগে ই এটা খলনায়ক। বুকুৰ বাওঁফালে লিখি লৈছিল টেটু কৰি ইংৰাজী আখৰে এটা শাৰী। আনকি ডিঙিতো দুটাকৈ ষ্টাৰ টেটু কৰি নিজকে খলনায়ক ৰূপত প্ৰকাশ কৰিবলৈ চেষ্টা কৰিছিল ক’লা ল’ৰাই।

ক’লা ল’ৰাৰ পৰিয়ালটোৱেই অপৰাধৰ সৈতে জড়িত ৯০ টাৰো অধিক গোচৰ তাৰ নামত আছিল। গোচৰক লৈ কোনো দিনেই কেৰেপ কৰা নাছিল ই। ঘৰত ধনৰ অভাৱ নাই। এসময়ত অতি দৰিদ্ৰ পৰিয়াল আছিল যদিও এতিয়া অগাধ সম্পত্তিৰ গৰাকী আছিল পৰিয়ালটো।

মোহন চন্দ্ৰ দাস নামৰ এই লোকজনৰ ৩ সন্তানেই অপৰাধ জগতৰ বাসিন্দা। কি নকৰে তেওঁলোকে। এক প্ৰকাৰৰ ডন বুলি ভাৱে নিজকে। ডাঙৰ পুত্ৰ ৰাকেশ দাস যোৰহাটৰ মাৰোৱাৰীপট্টিত ব্যৱসায়িসকলৰ ধন লেনদেনৰ সৈতে জড়িত। কাৰোবাক কোনোবাই ধন দিব আছে, পাব আছে সেই সমস্যাৰ সমাধান ৰাকেশ দাসে কৰি দিয়ে।

দাবী-ধমকি দিয়াত ৰাকেশ দাসৰ নাম আছে। তাৰ পাছতেই নীৰজ দাস ওৰফে ক’লা ল’ৰা। আৰু সৰু ল’ৰাৰ নাম অকনি দাস। ভোগদৈ নৈৰ পাৰত থকা বড়িগাঁৱত ঘৰ। কৃষি আৰু মৎস্য ব্যৱসায়ৰ সৈতে বড়িগাঁৱৰ লোকসকল জড়িত। কৈৱৰ্ত এই গাওঁখনত সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল ১৯৩৪ চনতেই।

মহাত্মাগান্ধীৰ অনুপ্ৰেৰণাৰে সেই সময়ৰ নেতা কৃষ্ণ শৰ্মাই গাওঁখনত সংস্কাৰবাদী আন্দোলনৰ শুভাৰম্ভ কৰিছিল। সলনি হৈছিল বহু লোকৰ জীৱন। কিন্তু সলনি নহ’ল মোহন দাসৰ দৰে লোকসকল। সন্তানৰ নামত তেওঁলোকে গঢ় দিলে একো একোজন অপৰাধী।

অপৰাধৰ ঘাটি বুলিও কয় এই গাওঁখনৰ কিছু লোকৰ ঘৰক। কিন্তু এই বড়িগাঁৱতে আছে বহু শিক্ষিত আৰু সমাজৰ হিতৰ কথা চিন্তা কৰা মানুহো। মানুহে যোৰহাটক সমালোচনা কৰিছে। বড়িগাঁৱক লৈ আলোচনা চলিছে। চৰ্চালৈ আহিছে নিৰ্মল চাৰিআলি। মোহন দাস নামৰ লোকজনে পুত্ৰসকলক শিকাইছিল ধনবল আৰু বাহুবলেৰে মহিয়ান হবলৈ। মাছৰ ব্যৱসায়ৰ পৰা বৰফ, ড্ৰাগছ, সুৰা কি ব্যৱসায় নকৰে তেওঁলোকে!

অভিযোগ আছে এই অঞ্চলটোত ড্ৰাগছৰ ক’লা বজাৰ ক’লা ল’ৰাৰ নেতৃত্বতে চলিছিল। পিতৃৰ দৰে দুগৰাকী মহিলাক বিয়া কৰাই কাকোৱেই মানুহ বুলি নভবা ক’লা ল’ৰাই পুত্ৰক কিনি দিছিল লাখটকীয়া বাইক। বাপেকৰ দৰেই সৰুৰে পৰাই উদণ্ডামি দেখিছে বা শিকিছে।

ৰাজপথত বাইক লৈ ষ্টাণ্ট কৰে, বাধা কোনে দিয়ে। এই ক’লা ওৰফে নীৰজে নিৰ্মল চাৰিআলি আৰু সমীপৰ স্থানত ৰাজত্ব চলাইছিল। একেদৰে ক’লা ল’ৰাৰ খুৰাকৰ ল’ৰা বিতুপন দাসক নিৰ্মল চাৰিআলিৰ কালেক্টৰ মাষ্টৰ বুলিয়েই জানে।

ক’লাৰ অধ্যায় সমাপ্তি ঘটিল। থাকি গ’ল ক’লা ল’ৰাৰ কু-কীৰ্তি। এই দুধৰ্ষ অপৰাধীটোৰ মৃত্যুৰ পিছত সাময়িকভাৱে ৰাইজে স্বস্তিৰ নিশ্বাস এৰিছে। ক’লা ল’ৰাহে ছাফা হ’ল। বহু দিশ উন্মুচিত নহ’ল। ৯০ টাকৈ গোচৰ থকাৰ পিছতো ড্ৰাগছৰ বেপাৰ মেলাৰ পাছতো ক’লা ল’ৰা কেনেদৰে বাহিৰত আছিল?

মানুহে কোৱাৰ দৰে কোনোবা উচ্চপদস্ত আৰক্ষী বিষয়াৰ হাত ক’লাৰ মূৰৰ ওপৰত আছিল নেকি! ক’লা ল’ৰাৰ মৃত্যুত ফটকা ফুটিছে। মানুহে ভাল পাইছে। এই সুবিধাৰে আৰক্ষীয়েও তেওঁলোকৰ বিৰুদ্ধে উঠা অভিযোগ আৰু ভাৱমূৰ্তি উদ্ধাৰ কৰিছে।

মৃত্যু কাৰোৰে কাম্য নহয়। কিন্তু এই মৃত্যু বহুতেই বিচাৰিছিল। কোনোৱে কটাক্ষ কৰি কৈছে প্ৰথমবাৰ ফাষ্টট্ৰেক ক’ৰ্ট দেখিলো। আন কাৰোবাৰ বাবে এইয়া কাণপুৰৰ পুনৰাবৃত্তি। খুদ উচ্চপদস্ত বিষয়া হঠাৎ পদাৰ্থ বিজ্ঞানী হৈ পৰিছে। নিউটনৰ তৃতীয় সূত্ৰৰ জৰিয়তেও বহু কথা কৈ দিছে। সকলো কামৰে এক বিপৰীত প্ৰতিক্ৰিয়া থাকে। এইবোৰ কথাও বুজা জনে বুজিছে।

প্ৰশ্ন উঠিছিল সেই দিনা আৰক্ষীৰ ভূমিকাক লৈ। ক’ত হেৰাইছিল যোৰহাটৰ আৰক্ষী? মুখ্যমন্ত্ৰীৰ ভ্ৰমণৰ বাবে আনসকলৰ জীৱন-নিৰাপত্তৰ প্ৰশ্ন সেইদিনা গৌন হৈছিল নেকি?এইবোৰ প্ৰশ্নৰ উত্তৰো জানো আমাক নালাগিব! যি হ’ল ভালেই হ’ল বুলি ৰাইজে কৈছে। কিন্তু এনেবোৰ ঘটনা পুনৰাবৃত্তি হৈ থাকিলে আইন-আদালতৰ বা কি দৰকাৰ সেয়াও ভাবিবলগীয়া…।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি