এনেকৈয়ে আহে নেকি স্বাধীনতা জাহ্নৱী…

এনেকৈয়ে আহে নেকি স্বাধীনতা জাহ্নৱী…

মৃদুল কুমাৰ সন্দিকৈ

মহানগৰীৰ নিৰাপত্তাই এতিয়া ডাঙৰ প্ৰশ্ন। উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীত যিমানেই জনসংখ্যা বৃদ্ধি পাইছে, তাৰ সমানেই বৃদ্ধি পাইছে অপৰাধ। কাৰ্যতঃ গুৱাহাটী অপৰাধীৰ ৰম্যভূমি হৈ পৰিছে। মহানগৰীত প্ৰতিদিনেই চুৰি-ডকাইতিৰ ঘটনা সংঘটিত হয় বুলি ক'লেও বেছি কোৱা নহয়।

১৫ মে'ত গুৱাহাটী মহানগৰীত গ্ৰেণেড বিস্ফোৰণ সংঘটিত হোৱাৰ পাছত আৰক্ষীয়ে ২৪ ঘন্টা নৌহওঁতেই এই বিস্ফোৰণৰ আঁৰত কোন আছিল বিচাৰি উলিয়ালে। বিস্ফোৰণৰ সৈতে নাম সাঙোৰ খালে প্ৰাণময় ৰাজগুৰু, জাহ্নৱী শইকীয়াকে ধৰি কেইবাজনৰো।

জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীক বহুতেই অভিনেত্ৰী আৰু কবি বুলিয়েই জানে। দৈনিক কাকতত প্ৰায় কবিতা লিখে জাহ্নৱী শইকীয়াই। তেওঁ এক অভিজাত আৰু সম্ভ্ৰান্ত পৰিয়ালৰ কন্যা আছিল। দেখিলে কোনেও কল্পনাই কৰিব নোৱাৰে যে এই মহিলাগৰাকীয়ে এনে কাম সংঘটিত কৰিব পাৰে।

মুখ চাই জাহ্নৱী শইকীয়াকে নহয়, মানুহ চিনা এতিয়া টান। কাৰ প্ৰভাৱত এই বয়জ্যেষ্ঠ মহিলাগৰাকীয়ে এনে পন্থা বাচি ল'লে সেয়া বহুতৰ বাবে এক ডাঙৰ প্ৰশ্ন। দীৰ্ঘদিন ধৰি কাব্য চৰ্চাৰে জড়িত জাহ্নৱী শইকীয়াৰ এই পৰিবৰ্তনৰ ইংগিত কিন্তু তেওঁৰ লেখা-মেলাৰ মাজতে আছিল।

প্ৰাণময় ৰাজগুৰুৰ সৈতে আটক কৰা মহিলাগৰাকীয়ে বিপ্লৱৰ প্ৰতি আকৰ্ষিত হোৱাৰ কথা ফেচবুকৰ জৰিয়তে মুকলিকৈ প্ৰকাশ কৰিছিল। তেওঁ প্ৰাণময় ৰাজগুৰুৰ এটা পোষ্টত লিখিছিল-


প্ৰাণময় ৰাজগুৰুৰ এটা পোষ্টত এইদৰে মন্তব্য দিছিল জাহ্নৱীয়ে…

'জীৱন সম্পৰ্কে, সংগ্ৰাম সম্পৰ্কে একোৱেই নাজানিছিলো। এখন ৰঙীন ওৰনাৰে চকু মুখ ঢাকি ৰাখিছিলো। আপুনিয়ে মোক পৰিচয় কৰাই দিলে জীৱনৰ লগত, সংগ্ৰমাৰ লগত, বিপ্লৱৰ লগত। এতিয়া মই মোৰ জীৱনৰ সঠিক মূল্য আৰু দায়বদ্ধতাৰ পৰিসীমা দেখিছো। সেইবাবেই দাদা বুলি মাতিলেও আপুনি মোৰ গুৰু, পিতৃ স্বৰূপ। জাতিৰ প্ৰতি আপোনাৰ প্ৰতিশ্ৰুতিক বাস্তৱ কৰাৰ স্বাৰ্থত প্ৰয়োজন হ'লে মোৰ জীৱন দি হ'লেও সহযোগ কৰি যোৱাৰ প্ৰতিশ্ৰুতি খাকিল এই ব'হাগৰ বিহুতেই।'

জাহ্নৱীয়ে লিখা এই কথা কেইটাতে বহু অৰ্থ লুকাই আছিল। প্ৰাণময় ৰাজগুৰুৰ প্ৰতি থকা দায়বদ্ধতাৰ বাবেই তেওঁ তেওঁৰ প্ৰতিশ্ৰুতি বাস্তৱ কৰাৰ স্বাৰ্থত প্ৰয়োজন হ'লে জীৱন দি হ'লেও সহযোগ কৰাৰ প্ৰতিশ্ৰুতি দিছিল।

এই ব'হাগতে এনে প্ৰতিশ্ৰুতি দিয়া জাহ্নৱী শইকীয়াই চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণৰ সময়ত প্ৰত্যক্ষভাৱে জড়িত বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে। ১ মে'ৰ পৰা পাঞ্জাৱাৰীৰ ভাড়াঘৰত থকা প্ৰাণময় ৰাজগুৰুৰ সৈতে জাহ্নৱীৰ সম্পৰ্ক দীৰ্ঘদিনৰ।

জাহ্নৱীয়ে তেওঁৰ কবিতা উচৰ্গা কৰিছিল প্ৰাণময় ৰাজগুৰুৰ নামত। 'সাৰ্বভৌম স্বাধীন লক্ষ্যত অটল মোৰ পিতৃসম দাদা প্ৰাণময় ৰাজগুৰুলৈ উচৰ্গা কৰিছো' বুলি কিছুদিনৰ পূৰ্বে জাহ্নৱীয়ে লিখিছিল এটা কবিতা। 'অৰ্ঘ্য' শীৰ্ষক এই কবিতাটো আছিল-

৷ ⇌ ৷ অৰ্ঘা ৷ ⇌ ৷

পিতাইয়ে কৈছিল —
ভাগি যোৱা আলিটো বান্ধিবলৈ
আৱশ্যক
এদল ৰণুৱাৰ-বনুৱাৰ

আৱশ্যক
এজন লাচিতৰ যাৰ বাবে
দেশতকৈ মোমাই তুচ্ছ

কছাৰী – কাৰ্বি
কিম্বা
মিচিং -চাওতাল
অথবা
তাই -কোঁচ
বা
দেশী মুচলমান
আন একো নালাগে
মাথো লাগে এখন বুকু
তপত শীহেও শালিব নোৱাৰা
দুখন হাতৰ পৰা
খহি নপৰে যাৰ হেংদাং
চিঙি পৰিলেও ডিঙি

মইও এজন
যুঁজাৰু পাইক
হব খোজো
তুচ্ছ কৰি জীৱন

চিঙিব খোজো আইৰ দুভৰিৰ পৰাধীনতাৰ শিকলি
কৰিছো প্ৰতিজ্ঞা
বুকুৰ শোণিত দি কৰিম
অসমী আইক ৰক্ষা

সময় আকৌ আহিল
সমৰ সজ্জাৰ

ঘৰ বিভীষণ তহঁত
খেলিছ খেল
ৰজাঘৰীয়াৰ ভৰি চেলেকি
দেশ জাতিক বিক্ৰী কৰি
বুলেট কামুৰি
তহঁতেই এদিন কৰা নাছিলিনে
আইক ৰক্ষাৰ প্ৰতিজ্ঞা ?

ৰাষ্ট্ৰৰ ধ্বজাবাহী
ভেৰোণীয়াৰ দল
সময় উকলিল
এতিয়া সাৰ পাইছে
অসমী আইক ভালপোৱা হেজাৰ সন্তান
এইবাৰ হবই লাগিব
চয় – নিশ্চয়

মৃত্যুবৰণ
নতুবা
স্বাধীন পতাকাৰ তলত
জীৱন ৷



জাহ্নৱীয়ে লিখিছিল কবিতা- 'মৃত্যু নতুবা স্বাধীন পতাকাৰ তলত…'

একপ্ৰকাৰ মুকলিকৈয়ে বিপ্লৱক আগুৱাই নিছিল জাহ্নৱীয়ে। সেই কথা চকুত নপৰিল কেৱল তথাকথিত অসম আৰক্ষী আৰু চোৰাংচোৱাৰ। প্ৰাণময় ৰাজগুৰুৱেও কবিতাৰ মাধ্যমেৰে ফেচবুকত এনে কিছু কথা প্ৰকাশ কৰিছিল। লোকসভা নিৰ্বাচনৰ অন্ত পৰাৰ পাছত তেওঁ এটা পোষ্ট দিছিল। য'ত লিখিছিল-

'লোকসভাৰ নিৰ্ব্বাচন অসম মুলুকত শেষ হল ৷ বহুলোকেই চেকা লগা আঙুলিবোৰ দেখুৱাইছে ৷
মোৰ পিছে আঙুলি- নখত চেকা লগা নাই ৷
চেকা আছে বুকুত ৷
চেকা আছে কলিজাত ৷
পৰাধীনতাৰ
গোলামীৰ . . . ৷
সেই চেকা , সেই ঘাঁ শুকুৱাবই লাগিব ৷
পৰাধীনতাৰ শিকলি ছিঙিবই লাগিব ৷৷৷'

আনকি আলফাৰ প্ৰতিষ্ঠা দিৱসৰ দিনা আলফাৰ পতাকা দি প্ৰাণময় ৰাজগুৰুৱে 'স্বাধীনতা মোৰ প্ৰিয় শব্দ। সকলোলৈকে মান্যানুসাৰে সম্ভাষণ আৰু অভিনন্দন যাঁছিলো' বুলি পোষ্ট দি থৈছিল তেওঁ।


স্বাধীনতা হেনো তেওঁৰ প্ৰিয় শব্দ…

চিৰিয়াখানাৰ বিস্ফোৰণৰ সময়ত নিজেই স্কুটি চলাই আহিছিল জাহ্নৱীয়ে। স্কুটিৰ পাছত বহি অহা এজন যুৱকে নিৰাপত্তাৰক্ষীলৈ লক্ষ্য কৰি গ্ৰেণেড দলিয়াইছিল বুলি আৰক্ষীৰ জেৰাত স্বীকাৰ কৰিছে বুলি সদৰি হৈছে।

পাঞ্জাৱাৰীৰ যিটো বাসগৃহত উদ্ধাৰ হৈছিল বিস্ফোৰক সামগ্ৰী

ফেচবুকত প্ৰাণময় ৰাজগুৰু আৰু জাহ্নৱী শইকীয়া দীৰ্ঘদিন ধৰি সক্ৰিয় আছিল। তেওঁলোকৰ প্ৰত্যেকটো পোষ্ট আছিল বিশেষভাৱে লক্ষণীয়। ২০ এপ্ৰিলত প্ৰাণময় ৰাজগুৰুৱে ফেচবুকত দিয়া তেনে এটা পোষ্ট আছিল এইটো-

এই পোষ্টটোৰো আছিল চাগৈ বিশেষ অৰ্থ!

পাঞ্জাৱাৰীৰ ভাড়াঘৰটোৰ পৰা দুয়োকে আটক কৰা সময়ত উদ্ধাৰ হৈছিল বিশাল পৰিমাণৰ বিস্ফোৰক, গ্ৰেণেড বনোৱা মেছিন আৰু ২৫ জাই গুলীসহ এটা পিষ্টল। সাধাৰণভাৱে অভিনয়, কবিতা লিখি থাকিলেও জাহ্নৱী শইকীয়া নামৰ মহিলাগৰাকীয়ে যেন ভিতৰি অন্য ধৰণৰ কাৰ্যকলাপত যে ব্যস্ত আছে, সেই কথা ছ'চিয়েল মিডিয়াৰ কাৰ্যকলাপৰ জৰিয়তেও বুজিব পাৰি।

'স্বাধীন ব'হাগ' শীৰ্ষক এটা কবিতাত মন্তব্য দি জাহ্নৱীয়ে লিখা এটা মন্তব্য অতি তাৎপৰ্যপূৰ্ণ। কোনোবা এজনক কমেন্টৰ উত্তৰ দি জাহ্নৱীয়ে লিখিছিল- '… ধন্যবাদ দাদা, আই বন্দী হৈ থাকিলে কোন সতেনো বিহু পাতো। কেনেকৈনো মন মতলীয়া হ'ব আপুনিয়ে কওকচোন।'


এয়াই আছিল জাহ্নৱীৰ দৃষ্টিভংগী…

২০১৭ চনৰ ১৬ চেপ্টেম্বৰত জাহ্নৱীয়ে এটা ভিডিঅ' পোষ্ট কৰিছিল। য'ত প্ৰাণময় ৰাজগুৰুৱে এক সংবাদমেল সম্বোধন কৰাৰ দৃশ্যাংশ আপলোড কৰা হৈছিল। সেই ভিডিঅ'টোত প্ৰাণময় ৰাজগুৰুৱে নিজকে কেপ্টেইন অনুভৱ চলিহা বুলি উল্লেখ কৰি কোৱা কথা আছিল এয়া-

ইতিমধ্যে চিৰিয়াখানাৰ বিস্ফোৰণৰ ৰহস্যৰ মেৰপাক খোল খাইছে। গ্ৰেণেড বিস্ফোৰণৰ পাছতেই অচিনাক্ত নম্বৰৰ সৈতে যোগাযোগ হৈছিল হেনো প্ৰাণময় ৰাজগুৰুৰ। সিমূৰৰ পৰা তেওঁক সোধা হৈছিল কাম হ'ল নে নাই। সেই প্ৰশ্নৰ উত্তৰ প্ৰাণময় ৰাজগুৰুৰ মোবাইলতে জাহ্নৱীয়ে দিছিল- 'মিছন ফিনিছড'।

প্ৰাণময় ৰাজগুৰু

ইতিমধ্যে এই কাণ্ডৰে জড়িতৰ সন্দেহত গোলাঘাটৰ পৰা এজনক আটক কৰিছে আৰক্ষীয়ে। ইয়াৰ উপৰিও চিৰিয়াখানাৰ সুন্দৰপুৰৰ পৰা চিন্ময় লস্কৰ, নগাঁৱৰ চলচলীৰ পৰা ইন্দ্ৰমোহন বৰা নামৰ আন দুজনকো আটক কৰা হৈছে।

সুন্দৰপুৰৰ পৰা আৰক্ষীয়ে আটক কৰা চিন্ময় লস্কৰ

এটা সাংস্কৃতিবান পৰিয়ালৰ ছোৱালী জাহ্নৱী। কিন্তু জনমানসত নাই জাহ্নৱীৰ ভাল ভাৱমূৰ্তি। এজন চিকিৎসকৰ সৈতে তেওঁ বিবাহ পাশত আবদ্ধ হৈছিল যদিও ১১ বছৰ পূৰ্বে তেওঁলোকে পৃথকে থাকিবলৈ লৈছিল। উচ্চ পদস্থ আৰক্ষী বিষয়া, সাংবাদিক, অভিনেতা, সাহিত্যিকৰে জাহ্নৱীৰ আছিল সুসম্পৰ্ক।

জাহ্নৱীয়ে চিৰিয়াখানাৰ বিস্ফোৰণৰ সৈতে জড়িত বুলি খবৰ পোৱাৰ পাছতে আচৰিত হৈছিল তেওঁৰ চিকিৎসক স্বামী। বিবাহ বিচ্ছেদ নোহোৱাকৈয়ে আতৰি থকা তেওঁৰ স্বামীৰ মতে যি কাম জাহ্নৱীয়ে কৰিছে, তাৰ শাস্তি পাব লাগে।

এই বিস্ফোৰণৰ দুদিনৰ পাছতে সংবাদ মাধ্যমৰ আগত জাহ্নৱী শইকীয়াৰ প্ৰাক্তন স্বামীৰ ভাষ্য আছিল এয়া। সাহিত্য, সংস্কৃতিৰ লগত জড়িত হৈ জাহ্নৱীয়ে এই পথেৰে বাট বুলাৰ কথা অৱশ্যে তেওঁৰ ঘনিষ্ঠ সকলেও জনা নাছিল। চিৰিয়াখানা কাণ্ডৰ পাছত পোহৰলৈ অহা তথ্যই সকলোৰে চকু কপালত তুলিছে এতিয়া।

জাহ্নৱীৰ ঘৰত উদ্ধাৰ হোৱা বিস্ফোৰক সামগ্ৰী, গ্ৰেণেড বনোৱা মেছিন আৰু সজীৱ গুলীসহ পিষ্টল

১৫ মে'ৰ নিশা প্ৰায় ৭.৪০ বজাত চিৰিয়াখানাৰ চেন্ট্ৰেল মলৰ সমীপত বিস্ফোৰণ স্ংঘটিত হৈছিল। ১৬ মে', ২০১৯ৰ পুৱা ৪ বজাত আৰক্ষীয়ে জাহ্নৱীৰ ভাড়াঘৰত অভিযান চলাইছিল। ১৭ মে'ত আদালতত হাজিৰ কৰাৰ পাছত জাহ্নৱী আৰু প্ৰাণময় ৰাজগুৰুক আদালতে ১০ দিনৰ আৰক্ষী জিম্মাত দিছে।

মহানগৰীত কেৱল জাহ্নৱী বা প্ৰাণময় ৰাজগুৰুৱে নহয়, এনে ছদ্মৰূপী জাহ্নৱী আৰু থাকিব পাৰে। যিসকলক সাধাৰণতে মানুহে এনে কাণ্ডৰে জড়িত হ'ব পাৰে বুলি কল্পনাই কৰিব নোৱাৰে। ছ'চিয়েল মিডিয়াত মুকলিকৈ এইবোৰ কথা আলোচনা, মহানগৰীৰ মাজ মজিয়াত বাহৰ পাতি বিস্ফোৰক-মাৰাণাস্ত্ৰ লৈ কূটাঘাতৰ ষড়যন্ত্ৰ ৰচি সফল হোৱাৰ পাছতহে আৰক্ষীয়ে ইয়াৰ সন্ধান পালে।

অপৰাধীৰ ৰম্যভূমি হৈ পৰা মহানগৰ এতিয়া সকলোৰে বাবে ছফ্ট টাৰ্গেট গৈ পৰিছে। আৰক্ষী, চোৰাংচোৱাৰ সফলতাৰ কথা কৈও এইদৰে ঘাটি পাতি আক্ৰমণৰ ব্লু প্ৰিন্ট ৰচিবলৈ সক্ষম হোৱা সকলক কূটাঘাত সংঘটিত কৰাৰ পূৰ্বে আৰক্ষীয়ে কিয় ধৰিব নোৱাৰে সেই প্ৰশ্নৰ পৰা আৰক্ষীয়ে নিজক এৰাই চলিব নোৱাৰে।

চিৰিয়াখানাৰ গ্ৰেণেড বিস্ফোৰণৰ পাছত আৰক্ষীয়ে সফলতা দাবী কৰিব পাৰে। কিন্তু এই কূটাঘাতৰ ব্লু প্ৰিন্ট কিয় কলিতেই মোহাৰিব পৰা সক্ষমতা নাই অসম আৰক্ষীৰ? সদায় কি অসম আৰক্ষী 'চোৰ গ'লে বুদ্ধি, বৰষুণ গ'লে জাপি' হৈয়ে থাকিব নেকি?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in