সাধাৰণ মানুহৰ মাজত থকা অসাধাৰণ মানুহ…

সাধাৰণ মানুহৰ মাজত থকা অসাধাৰণ মানুহ…

তুষাৰ প্ৰতিম নাথ

পৃথিৱীৰ যিমূহ সাহিত্য কালজয়ী হিচাপে বিবেচিত হৈছে সেই সাহিত্যই শ্ৰমজীৱি মানুহৰ কথা কৈছে। সাধাৰণ মানুহৰ বাবে লিখা সাহিত্যই যুগে যুগে লাভ কৰি আহিছে স্বীকৃতি। যি সাহিত্যই শ্ৰমিকৰ কথা কয়, শ্ৰমৰ কথা কয়, নীপিড়ীতজনৰ কণ্ঠ হয়, শোষণৰ বিৰুদ্ধে গৰজি উঠে সেই সাহিত্যৰ স্থায়িত্ব থাকে।

কেৱল সাহিত্যই নহয় সকলো দিশতেই স্থায়িত্ব লাভৰ বাবে মিলি যাব পাৰিব লাগিব সাধাৰণ শ্ৰণীৰ মাজত। বিশ্ব সাহিত্যত যিবোৰ সাহিত্য কালজয়ী হিচাপে প্ৰতিষ্ঠা হৈছে সেই সাহিত্যৰ পৃষ্ঠা লুটিয়াই চালেই দেখিম নীপিড়ীতজনৰ কথা, সাধাৰণ শ্ৰেণীৰ মনৰ কথা।

মানুহজনৰ এখন গেলামালৰ দোকান আছে। তেওঁ সেই দোকানৰ মাধ্যমেৰে সাধাৰণ শ্ৰেণীৰ মাজত সোমাই থাকে। তেওঁৰ দোকানৰ গ্ৰাহকেই হওক বা সেই সাধাৰণ লোকসকলৰ সংস্পৰ্শতেই হওক তেওঁ সংগ্ৰহ কৰিছে সাহিত্যৰ সমল। সেই সাধাৰণ লোকসকলৰ মাজেত থাকি তেওঁ সৃষ্টি কৰিছে কালজয়ী সাহিত্য।

সাধাৰণ লোকৰ মাজত থাকি অসাধাৰণ সাহিত্যৰ সৃষ্টিকৰ্তা তেওঁ। তেওঁৰ কলমত শক্তি আছে, যাদু আছে। তেওঁৰ কালজয়ী সৃষ্টিসমূহৰ বাবে লাভ কৰিছে স্বীকৃতি। দৰিদ্ৰ,নীপিড়ীত, সাধাৰণ শ্ৰেণীৰ বিভিন্ন দুখ, দুৰ্দশা, তেওঁলোকৰ সংগ্ৰামৰ কাহিনীৰ মাজেৰেই সৃষ্টি কৰা কালজয়ী সাহিত্যৰ বাবে তেওঁ লাভ কৰিছে জ্ঞানপীঠ।

আজি শ্ৰমিক দিৱস। এই শ্ৰমিক দিৱসৰ আছে ইতিহাস। বিভিন্ন বিষয়, বিভিন্ন কাৰকক লৈ একোটাকৈ দিৱস উদযাপন কৰি অহা হৈছে যদিও আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ আছে সুকীয়া তাৎপৰ্য। শ্ৰমিক দিৱসৰ আঁৰত আছে ত্যাগৰ বিনিময়ত আনন্দ লাভ।

শিল্প বিপ্লৱৰ পিছৰ পৰাই জন্ম হৈছিল পুঁজিপতি শ্ৰেণীৰ। এই পুঁজিপতিসকলে সামান্য মজুৰিৰ বিনিয়মত শ্ৰমিকসকলক তেওঁলোকৰ আপত্তি স্বত্বেও নিতৌ ১৮ৰ পৰা ২০ ঘন্টা পৰ্যন্ত কামত খটুৱাইছিল। পুঁজিপতিসকলে শ্ৰমিক শ্ৰেণীৰ ওপৰত চলোৱা এনে অন্যায়ৰ বিৰুদ্ধে ঊনবিংশ শতিকাৰ মাজভাগত কাৰ্লমাক্স আৰু ফ্ৰেডৰিক এংগেলছ গৰজি উঠিছিল।

তেওঁলোকৰ সংগঠনৰ প্ৰতিবাদৰ জুইয়ে বিশ্বৰ বিভিন্ন ৰাষ্ট্ৰক স্পৰ্শ কৰিছিল। যাৰ পৰিণতিত ১৮৬৪ চনত জন্ম হৈছিল আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ । ইয়াৰ পিছতে শ্ৰমিকসকলৰ একত্ৰিত সংগঠনৰ চতুৰ্থ সন্মিলনত সিদ্ধান্ত হৈছিল, – ১৮৮৬ চনৰ ১ মে' তাৰিখৰ পৰা সকলো শ্ৰমিকে দৈনিক ১৮ৰ পৰা ২০ ঘন্তাৰ বিপৰীতে মাত্ৰ ৮ ঘন্টাহে কামৰ সময় বুলি গণ্য কৰিব। ১৬ ঘন্টা তেওঁলোকে বিশ্ৰাম আৰু সাংস্কৃতিক বিনোদনৰ মাজেৰে পাৰ কৰিব।

এই সিদ্ধান্তৰ পিছতেই শ্ৰমিকসকলে আৰম্ভ কৰিবলৈ ধৰিছিল ধৰ্মঘট। এনে ধৰ্মঘটৰ ফলত আতংকিত পুঁজিপতিসকল নিজৰ জীৱন সুৰক্ষিত কৰাৰ স্বাৰ্থত ছলে-বলে-কৌশলে শ্ৰমিকৰ বিক্ষোভ দমনৰ চেষ্টা চলাইছিল। কিন্তু এই কৌশল ব্যৰ্থ হোৱাত পুঁজিপতিসকলে পুলিচৰ সহায় লৈ শ্ৰমিকৰ ওপৰত চলাবলৈ আৰম্ভ কৰিছিল নানান অত্যাচাৰ।

ইয়াৰ মাজতে বহু শ্ৰমিকক মৃত্যুদণ্ডও বিহা হৈছিল। শ্ৰমিকসকলৰ চিকাগোত অনুষ্ঠিত হোৱা আন্তৰ্জাতিক সন্মিলনত ছহিদ হোৱা শ্ৰমিকসকলক পেৰিছত হোৱা সন্মিলনত শ্ৰদ্ধা আৰু স্মৰণ কৰি তেওঁলোকৰ ত্যাগৰ বিনিময়ত '১৮৯০ চনৰ পৰা প্ৰতি বছৰৰ মে' মাহৰ ১ তাৰিখৰ দিনটো আন্তৰ্জাতিক শ্ৰমিক দিৱস হিচাপে পালন কৰা হ'ব বুলি এক সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। তেতিয়াৰ পৰাই পালন কৰি অহা হৈছে ১ মে'ৰ দিনটো শ্ৰমিক দিৱস হিচাপে।

১ মে' শ্ৰমিক দিৱস উপলক্ষে ইয়াৰ ইতিহাস খুব চুমকৈ দাঙি ধৰাৰ কাৰণ আছে। লেখাৰ আৰম্ভণিতে উল্লেখ কৰা বিশিষ্ট লেখকগৰাকী এই শ্ৰমিক দিৱসৰ দিনটোতেই আহিল গুৱাহাটীলৈ। গুৱাহাটীলৈ আহি কৈ গ'ল তেওঁ মেহনতি জনতাৰ কথা। তেওঁ কৈ গ'ল সমাজ আৰু সময়ৰ কথা। কেনে এক জটিল সন্ধিক্ষণৰ মাজেৰে আমি আগুৱাই গৈছোঁ সেই কথাও তেওঁ কৈ যোৱাৰ লগতে দি গ'ল এই সময়ৰ সৈতে মোকাবিলা কৰাৰ উপায়।

অতি সাধাৰণ জীৱন অতিবাহিত কৰা এইগৰাকী বিশিষ্ট সাহিত্যিক দামোদৰ মৌজ। সমাজৰ পিছপৰা শ্ৰেণীৰ হকে কলম তুলি লৈছে মৌজে। তেওঁ থাকে সাধাৰণ লোকৰ মাজত। সাধাৰণ লোকৰ মাজত থাকি তেওঁ সৃষ্টি কৰি গৈছে অসাধাৰণ সাহিত্য।

এইগৰাকী জ্ঞানপীঠ বিজয়ী ভাৰতীয় সাহিত্যিকে সমাজ আৰু সময়ৰ ওপৰত এনে এটা দিনত গুৱাহাটীত আহি উপস্থিত হ'ল যে এই দিনটোৰ সৈতে জড়িত হৈ আছিল মেহনতি সাধাৰণ জনতা। তেওঁ যিখন মঞ্চত থিয় হৈ সমাজৰ কথা ক'লে, মানুহৰ কথা ক'লে, সময়ৰ কথা ক'লে সেই মঞ্চখনো আছিল এজন সাধৰণ হৈও অসাধাৰণ ব্যক্তিত্ব আৰু কৰ্মৰে মহিয়ান ব্যক্তিৰ নামত উৎসৰ্গিত মঞ্চ।

হেমচন্দ্ৰ বৰুৱাৰ স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত এক অনুষ্ঠানৰ বাবে আহিছিল তেওঁ। হেমচন্দ্ৰ বৰুৱাক ভাষাৰ ওজা বুলিয়েই জানে বহুতে। কিন্তু তেওঁৰ আছে আন বহু পৰিচয়। তেওঁ আছিল সাধাৰণ শ্ৰেণীৰ মাজত। সাধাৰণ শ্ৰেণীৰ মাজত থকাৰ বাবেই তেওঁ সন্মুখীন হ'বলগীয়া হৈছিল বিভিন্ন জটিল পৰিস্থিতিৰ।

হেমচন্দ্ৰ বৰুৱাই সমাজ সংস্কাৰৰ ওপৰত কাম কৰিছিল। মধ্যবিত্ত শ্ৰেণীৰ গণ্ডিৰ মাজৰ পৰা ওলাই আহি তেওঁ সাধাৰণ লোকৰ হৈ মাত মাতিছিল। তেওঁ বাচ-বিচাৰ কৰা নাছিল জাত-পাত অথবা ধনী-দুখীয়া। তেওঁ মাত মাতিছিল বিধৱা বিবাহৰ সপক্ষে। স্বাভাৱিকতে হেমচন্দ্ৰ বৰুৱা হৈ পৰিছিল সাধাৰণ শ্ৰেণীৰ মাজত থকা এজন মানুহ। সাধাৰণ লোকৰ মাজত থাকিয়েই তেওঁ অসমীয়া সমাজ, সাহিত্য, ভাষালৈ আগবঢ়াই গ'ল অনবদ্য অৱদান।

এইগৰাকী ওজা হেমচন্দ্ৰ বৰুৱাৰ ১২৫ সংখ্যক স্মৃতি দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বঁটা আৰু দেৱানন্দ বৰুৱা সমাজ চেতনা বঁটা প্ৰদান অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিলে দেশৰ প্ৰখ্যাত সাহিত্যিক দামোদৰ মৌজে।

অতি গুৰুত্বপূৰ্ণ এই দিনটোত তেওঁ ক'লে তেওঁৰ জীৱনৰ কথা। নিজৰ গাঁৱত তেওঁ এখন সাধাৰণ দোকান দিয়ে। দোকানখনৰ কাউণ্টাৰত বহি তেওঁ সাধাৰণ লোকৰ জীৱনৰ খবৰ লয়। তেওঁলোকৰ পৰা তেওঁ জগতৰ খবৰ লয়। তেওঁৰ এই সাধাৰণ কথাষাৰতেই সোমাই আছিল বহু অসাধাৰণ কথা। তেওঁ বুজাব বিচাৰিছিল কাম যিয়েই নহওক লেখকে লেখিবই।

জীৱিকা কেতিয়াও লেখকৰ বাবে বিশেষ গুৰুত্বপূৰ্ণ বিষয় হ'ব নোৱাৰে। ইয়াৰ প্ৰমাণ তেওঁ নিজেই। ইফালে মৌজৰ এই কথাষাৰক যদি আমি ওজা হেমচন্দ্ৰ বৰুৱা ভাষা-সাহিত্য বঁটা বিজয়ী ড০ শিৱনাথ বৰ্মনৰ জীৱনৰ ওপৰত আধাৰিত কৰি চাবলৈ বিচাৰো তেতিয়াও কথাষাৰ সত্য বুলি প্ৰমাণ হয়। বিজ্ঞানৰ ছাত্ৰ ড০ শিৱনাথ বৰ্মনে অসমীয়া ভাষা, সাহিত্যলৈ আগবঢ়োৱা অৱদান পুনৰাই সোঁৱৰাৰ প্ৰয়োজন নিশ্চয়কৈ নাই।

মৌজে নিজৰ ভাষণত কৈছিল জটিল সময়ৰ কথা। এক জটিল সময়ৰ মাজেৰে আমি আগুৱাই গৈছো। সমাজ, সংস্কৃতি, ধৰ্ম, ভাষা, সাহিত্য সকলো দিশতেই সৃষ্টি হৈছে জটিলতাৰ। এক অসহিষ্ণু পৰিৱেশে চিন্তিত কৰি ৰাখিছে বিদ্বত সমাজক। কিন্তু এই সকলো অসহিষ্ণুতাৰ মাজত এক নিৰাপদ দূৰত্ব বজাই ৰাখিলেই জানো সমস্যাৰ সমাধান হ'ব?

অসিহষ্ণুতাৰ পৰিৱেশৰ মাজত নিজকে যিকোনো প্ৰকাৰে বচাই চলাতোৱেই জানোঁ সহিষ্ণুতা হ'ব পাৰে? মৌজে দেখুৱাই থৈ গ'ল ইয়াৰ পথ। তেওঁ ক'লে চাৰিওফালে যি অন্যায়, অনীতি দেখোঁ তাৰ প্ৰতি সহনশীলতাই সেই অন্যায় আৰু অনীতিৰ পৰিস্থিতিক আৰু অধিক জটিল কৰি তোলে।

অন্যায়, অনীতি, অসহিষ্ণুতা যিয়েই চকুৰ আগত দেখে তাৰ প্ৰতি সৰৱ হোৱাৰ সময় এইয়া। অনীতি, অনিয়ম, অন্যায়ৰ বিৰুদ্ধে যি সহনশীলতাৰ এক পৰিৱশে সৃষ্টি হৈছে তাৰ বিৰুদ্ধে থিয় দিয়ক। অন্যায়, অনীতি, অনিয়ম আদিৰ প্ৰতি সহনশীলতাই সমাজত এই দিশ সমূহে সৃষ্টি কৰা পৰিৱেশক সুস্থিৰ নকৰে বৰঞ্চ আৰু অধিক জটিল হে কৰি তোলে।

সংবিধানে ন্যায়ৰ কথা কৈছে, সমতাৰ কথা কৈছে। একে সময়তে সংবিধানে কৈছে ভাতৃত্ববোধ আৰু স্বাধীনতাৰ কথা। কিন্তু আজিৰ সময়ত দেশৰ কিমান মানুহে ন্যায় লাভ কৰিছে? প্ৰৰৃতাৰ্থত সমতা স্থাপন হৈছেনে? আজিৰ দেশত ভাতৃত্ববোধ জীয়াই থকাৰ এক পৰিৱেশ আছেগৈনে? ধৰ্মৰ নামত মাৰামাৰি, ধৰ্মৰ নামত খেদা-খেদি। অনুষ্ঠানটোত মৌজে সংবিধানৰ এই চাৰিটা স্তম্ভৰ কথা সোঁৱৰাই থৈ গ'ল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in