নাম সকলোৰে মুখতঃ আইডলত ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা জনলৈ কিহৰ ইমান দৰদ…

নাম সকলোৰে মুখতঃ আইডলত ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধ্বংস কৰা জনলৈ কিহৰ ইমান দৰদ…

মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ইনষ্টিটউত অফ ডিচটেন্স এণ্ড অপেন লাৰ্নিং চমুকৈ আইডলত সংঘটিত অনিয়ম আৰু কেলেংকাৰীয়ে প্ৰায় ৭৪ হাজৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত কৰি তুলিছে। এই কেলেংকাৰীৰ মাষ্টাৰমাইণ্ড ৰূপে চিহ্নিত হোৱা পূৰ্বৰ আইডলৰ সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছতো এই পৰ্যন্ত প্ৰাক্তন সঞ্চালকজনৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই।

অসমীয়া প্ৰতিদিনৰ ডিজিটেলৰ হাতত পৰা তথ্য অনুসৰি প্ৰাক্তন সঞ্চালক গৰাকীক ৰক্ষণাবেক্ষণ দিবলৈ তৎপৰ হৈছে বিশ্ববিদ্যালয়ৰে এক পক্ষ। ১৯৯৮ চনত স্থাপন কৰা পোষ্ট গ্ৰেজুৱেট কৰেছপন্দেন্স স্কুল চমুকৈ পি জি চি এছক পৰৱৰ্তী সময়ত আইডল নামেৰে নামাকৰণ কৰা হৈছিল।

সেই বৰ্ষৰ মে' মাহত মুঠ ৫১৪ জন ছাত্ৰ-ছাত্ৰীৰে আৰম্ভ কৰা পি জি চি এছক আইডল নামেৰে নীতি বহিৰ্ভুতভাৱে পৰৱৰ্তীসময়ত ইউ জি চিৰ অনুমোদন নোহোৱাকৈয়ে যথেষ্ট সংখ্যক পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল। আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসে।

এতিয়া আইডল , তেতিয়া পি জি ডি এছৰ বাবে জাৰি কৰা জাননী..

আইডলত কোন বৰ্ষত, কোন বিষয়ত কিমান ছাত্ৰ-ছাত্ৰী আছিল?

১৯৯৮ বৰ্ষত আৰম্ভ কৰা পি জি চি এছ এতিয়াৰ আইডলত ৬ টা বিষয়ত ৯৮-৯৯ বৰ্ষৰ বাবে বিভিন্ন বিষয়ত নামভৰ্তি কৰাত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ৫১৪ গৰাকী। সেই বছৰ আৰম্ভ কৰা পাঠ্যক্ৰম ৬ টা আছিল অসমীয় স্নাতকোত্তৰত ৫১ গৰাকী, ইংৰাজী স্নাতকোত্তৰত ৮৬ গৰাকী, অৰ্থনীতিত স্নাতকোত্তৰ ৮২ গৰাকী, বুৰঞ্জী স্নাতকোত্তৰ পাঠ্যক্ৰমত ৪৯ গৰাকী, ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ১৩০ গৰাকী আৰু গণিতত স্নাতকোত্তৰ পাঠ্যক্ৰমত ১১৬ গৰাকী।

১৯৯৯-২০০০ বৰ্ষতো এই ৬ টা পাঠ্যক্ৰমতে মুঠ ৭০৯ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নাম অন্তৰ্ভুক্তি কৰিছিল আইডলত। ইয়াৰ ভিতৰত- অসমীয় স্নাতকোত্তৰত ১২৪ গৰাকী, ইংৰাজী স্নাতকোত্তৰত ১২৮ গৰাকী, অৰ্থনীতিত স্নাতকোত্তৰ ১০৫ গৰাকী, বুৰঞ্জী স্নাতকোত্তৰ পাঠ্যক্ৰমত ৫৪ গৰাকী, ৰাজনীতি বিজ্ঞানৰ স্নাতকোত্তৰ পাঠ্যক্ৰমত ১৫৮ গৰাকী আৰু গণিতত স্নাতকোত্তৰ পাঠ্যক্ৰমত ১৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল।

২০০১ বৰ্ষত এম কম পাঠ্যক্ৰম আইডলত অন্তৰ্ভুক্ত কৰা হৈছিল। সেই বৰ্ষত মুঠ ছাত্ৰ-ছাত্ৰাৰ সংখ্যা আছিল ৬৬৭ গৰাকী। ২০০১-০২ বৰ্ষত আইডলত নামভৰ্তি কৰা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১২৯৭ গৰাকী।

২০০২-০৩ বৰ্ষত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ১৭০৯ গৰাকীলৈ বৃদ্ধি পাইছিল। নতুনকৈ সেই বৰ্ষত পি জি ডি এছ এম এম আৰু পি জি ডি এইছ আৰ এমৰ পাঠ্যক্ৰম আইডলত অন্তৰ্ভুক্ত কৰা হৈছিল। ২০০৩-০৪ বৰ্ষত নতুনকৈ অন্তৰ্ভুক্ত কৰা পাঠ্যক্ৰম দুটা আছিল পি জি ডি এম আৰু দৰ্শন বিভাগৰ স্নাতকোত্তৰ পাঠ্যক্ৰম। সেই বৰ্ষৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা আছিল ১৭৮৭ গৰাকী।

২০০৪-০৫ ত আইডলৰ মুঠ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ২২২০, ২০০৫-০৬ত ২৭৮৪, ২০০৬-০৭ত ২৯৪৪, ২০০৭-০৮ ত ৩৭৮৫, ২০০৮-০৯ত ৩৮৭০, ২০০৯-১০ত ৫৪১১ আৰু ২০১০-১১ত ৯৪৯৩ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল।

কোন বৰ্ষৰ কিমান ছাত্ৰ-ছাত্ৰী আইডলত আছিল…

আইডলৰ ৭৩,৯১২ গৰাকী ছাত্ৰ-ছাত্ৰীক লৈ খেলা…

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আইডলৰ সন্দৰ্ভত কেগৰ এক প্ৰতিবেদনত এক বিস্ফোৰক তথ্য প্ৰকাশ পায়। সেই অনুসৰি আইডলৰ তেতিয়াৰ সঞ্চালকগৰাকীয়ে ২০১০ চনৰ পৰা ২০১৭ চনলৈকে ২১ টা অনুমোদন নোহোৱা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল।

এই পাঠ্যক্ৰমসমূহ অন্তৰ্ভুক্ত কৰিবলৈ বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ পৰা অনুমোদন লোৱাতো বাধ্যতামূলক। কিন্তু সেই সময়ত আইডলৰ সঞ্চালক পদত থকা কন্দৰ্প দাসৰ বিৰুদ্ধে কোনো অনুমোদন নোলোৱা অভিযোগ উত্থান হৈছে।

এই বৰ্ষ কেইটাত অৰ্থাৎ ২০১০-১১ বৰ্ষৰ ২০১৬-১৭ বৰ্ষ পৰ্যন্ত মুঠ ৭৩ হাজাৰ ৯১২ গৰাকী ছাত্ৰ-ছাত্ৰী, ২১ টা অনুমোদন নোহোৱা পাঠ্যক্ৰমৰ ডিগ্ৰী প্ৰদান কৰা হৈছিল। বৰ্ষৰ অনুযায়ী ২০১০-১১ বৰ্ষত আইডলত মুঠ ৯,৪৯৩ গৰাকী ২০১১-১২ত ১১,৪৮২ গৰাকী, ২০১২-১৩ত ১৪,৭৭১ গৰাকী, ২০১৩-১৪ বৰ্ষত ১৮,১০৬ গৰাকী, ২০১৪-১৫ বৰ্ষত ২২,৩৫৯ গৰাকী, ২০১৫-১৬ বৰ্ষত ২২,৫২২ গৰাকী, ২০১৬-১৭ বৰ্ষত ১৯,২০৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নামভৰ্তি কৰিছিল।

২১ টা অনুমতি বিহীন পাঠ্যক্ৰমেৰে কিমান ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰে খেলা খেলিছিল আইডলে…

কন্দৰ্প দাসৰ বিৰুদ্ধে কি ৭ অভিযোগ ?

৭ টা অভিযোগত অভিযুক্ত হৈছে কন্দৰ্প দাস। আইডলৰ প্ৰাক্তন সঞ্চালকজনৰ বিৰুদ্ধে উত্থাপিত প্ৰথমটো অভিযোগ হ'ল সঞ্চালক গৰাকীয়ে তেওঁৰ কাৰ্যকালত ২১টা অনুমোদন নোহোৱা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিছিল।

দ্বিতীয়তে সঞ্চালকগৰাকীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষকৰ আচৰণবিধি ১৯৮৪ ৰ ৪ নং দফা ভংগ কৰিছে।তৃতীয় অভিযোগ অনুসৰি বিশ্ববিদ্যালয় অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ পৰা অনুমোদন লাভ কৰাটো বাধ্যতামূলক বুলি জানিও তেওঁ এইবোৰৰ অনুমোদন লাভ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ কৰা নাছিল।

চতুৰ্থ অভিযোগ হ'ল ৭৩,৯১২ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠ্যক্ৰম শেষ কৰাই তেওঁলোকক নিয়োগৰ পৰা বঞ্চিত কৰিলে প্ৰাক্তন সঞ্চালকগৰাকীয়ে। পঞ্চম অভিযোগ মতে বিশ্ববিদ্যালয়ত ৭ বছৰৰো অধিক কাল এনে পাঠ্যক্ৰম অনুমোদন ভাৱে চলাই আছিল বুলি অৱগত কৰোৱা নাছিল।

ইয়াৰ বাবেও বিশ্ব বিদ্যালয়ৰ শিক্ষক আচৰণ বিধি ১৯৮৪ ৰ ৪ নং দফা অনুসৰি তেওঁক দোষী সাব্যস্ত কৰা হৈছে।ষষ্ঠটো দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগ হ'ল অনুদান আয়োগৰ দূৰ শিক্ষা পৰিষদৰ নীতি নিয়ম তেওঁ মানি চলা নাছিল।

সপ্তম অৰ্থাৎ অন্তিমটো অভিযোগ তেওঁৰ কাৰ্যকালত অনুমোদন অবিহনে এনে পাঠ্যক্ৰম চলাই য়োৱাৰ বাবে বিশ্ব বিদ্যালয়ে যথেষ্ট ধন ব্যয় কৰিবলগীয়া হৈছিল। এই ৭ টা মূল অভিযোগ উত্থান হৈছে কন্দৰ্প দাসৰ বিৰুদ্ধে।

অভিযুক্ত আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাস…

কেগৰ প্ৰতিবেদনত কি উন্মোচিত হৈছিল?

কেগৰ প্ৰতিবেদনত পোহৰলৈ আহিছিল প্ৰায় ৭৪ হাজাৰ ছাত্ৰ-ছাত্ৰী আইডলে ২১ টা অনুমোদন নোহোৱা পাঠ্যক্ৰমত ডিগ্ৰী প্ৰদান কৰি অবৈধ ভাৱে ছাত্ৰ-ছাত্ৰীৰ পৰা প্ৰায় ৩৯.০৬ কোটি টকা সংগ্ৰহ কৰিছিল। অসম বিধানসভাৰ ২০১৯ বৰ্ষৰ শীত কালিন অধিৱেশনত কেগৰ এই প্ৰতিবেদন জমা দিয়া হৈছিল।

যি প্ৰতিবেদনত উন্মোচন হৈছিল যে উত্তৰ পূবৰে পুৰণি বিশ্ব বিদ্যালয় হিচাপে পৰিচিত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ অধীনস্ত আইডলে বিশ্ব বিদ্যালয় আনুদান আয়োগকো ভুৱা শপতনামা দাখিল কৰিছিল। এই শপতনামাত কেতিয়াও জনোৱা নাছিল যে তেওঁলোকে অনুমোদন বিহীনভাৱে ২১ টা বিষয়ৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে।

উল্লেখযোগ্য যে ২০১০ বৰ্ষত ডিচটেন্স এড্যুকেশ্যন কাউন্সিলে ৮ টা বিষয়ৰ পাঠ্যক্ৰমৰ অনুমতি প্ৰদান কৰিছিল। আইডলে ইউ জি চিক সময়ে সময়ো জমা দিয়া শপতনামাত তেনে কোনো ধৰণৰ দূৰসংযোগ পাঠ্যক্ৰম কাৰ্যসূচী আৰম্ভ কৰা নাই বুলিয়েই সদৰী কৰিছিল।

অনুদান আয়োগৰ যাতে স্বীকৃিত বাতিল নহয় তাৰ বাবে এই মিছাৰ আশ্ৰয় লৈছিল আইডলে। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা মতে ২০১৭ ৰ অক্টোবৰৰ ডিচেম্বৰত হে গুৱাহাটী বিশ্ব বিদ্যালয়ে স্বীকাৰ কৰিছিল যে তেওঁলোকে এনেধৰণৰ পাঠ্যক্ৰম আৰম্ভ কৰিছিল আৰু ২০১৭ ৰ শিক্ষা বৰ্ষৰ পৰা সেইবোৰ বন্ধ কৰা হৈছিল।

কেগে এই বিষয়টো ২০১৮ ৰ আগষ্টতে চৰকাৰক আৱগত কৰিছিল। ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতক লৈ হেতালি খেলাৰ বিষয়ে উল্লেখ কৰি এনে পাঠ্যক্ৰম গ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীয়ে কেন্দ্ৰীয় চৰকাৰৰ কোনো চাকৰিৰ বাবে উপযোগী নহব বুলি উল্লেখ কৰিছিল।

কন্দৰ্প দাসক নিলম্বন

২০১০ৰ পৰা ২০১৭ চনলৈকে ২১ টা বিষয়ত অনুমোদন নোহোৱা পাঠ্যক্ৰম আইডলে প্ৰদান কৰা বুলি কেগৰ প্ৰতিবেদনত উন্মোচিত হোৱাৰ পিছত সেই সময়ৰ আইডলৰ সঞ্চালক কন্দৰ্প দাসক নিলম্বন কৰিছিল ৰাজ্যপাল জগদীশ মুখীয়ে।

১৩ আগষ্ট ২০২১ত ৰাজ্যপালে তেতিয়াৰ কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ব বিদ্যালয়ত উপাচাৰ্য হিচাপে কৰ্মৰত দাসক নিলম্বন কৰি সেই দায়িত্ব অস্থায়ীভাৱে নৃপেন্দ্ৰ নায়াৰণ শৰ্মাক অৰ্পন কৰিছিল।

আইডল কেলেংকাৰীৰ তদন্তৰ বাবে আয়োগ গঠন

গুৱাহাটী বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে লোৱা সিদ্ধান্ত মৰ্মে সমগ্ৰ ঘটনাৰ তদন্তৰ বাবে এখন এজনীয়া আয়োগ গঠন কৰা হৈছিল। ২০১৯ চনৰ ৪ ডিচেম্বৰত গুৱাহাটী বিশ্ববিদ্যালয়ে লোৱা সিদ্ধান্ত মৰ্মে এই আয়োগ গঠন কৰা হয়।

ৰিজ'লেশ্যন নম্বৰ R/EC-10/2019/99 অনুসৰি ৪ ডিচেম্বৰ ২০১৯ত এই প্ৰস্তাৱ গ্ৰহণ কৰা হয়। বিশ্ব বিদ্যালয়ৰ সৰ্বোচ্চ পৰিষদখনে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন ১৯৪৭ অনুসৰি এই আয়োগ গঠন কৰিছিল। সেই মতে ৭ ডিচেম্বৰ ২০১৯ ত এই এজনীয়া আয়োগৰ হাতত যাৱতীয় নথি পত্ৰ হস্তান্তৰ কৰা হৈছিল।

ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগে কেগৰ প্ৰতিবেদনৰ আধাৰত সমগ্ৰ বিষয়টো তদন্ত কৰি ২৮ ছেপ্টেম্বৰ ২০২০ত আয়োগৰ প্ৰতিবেদন গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ হাতত জমা দিয়ে। তাৰ পাছত ৫ অক্টোবৰ ২০২০ত অনুষ্ঠিত হোৱা গুৱাহাটী বিশ্বিবিদ্যালয়ৰ কাৰ্যবাহী পৰিষদে এই প্ৰতিবেদন গ্ৰহণ কৰে।

২ টা খণ্ডত আয়োগে দাখিল কৰিছিল প্ৰতিবেদন। ইয়াৰ প্ৰতিলিপি গুৱাহাটী বিশ্বিবিদ্যালয়ৰ আচাৰ্য অসমৰ ৰাজ্যপাললৈ প্ৰেৰণ কৰিছিল।আয়োগৰ এই প্ৰতিবেদনত ৮ টা পৰামৰ্শ দিয়া হৈছে। ইয়াৰ ভিতৰত ১ আৰু ৩ নম্বৰৰ ৰিকমেণ্ডছনত সেই সময়ৰ প্ৰাক্তন উপাচাৰ্য আৰু পঞ্জীয়কৰ ভূমিকাক লৈয়ো আলোচনা কৰা হৈছে।

ন্যায়াধীশ আফতাবৱহুছেইন শইকীয়াৰ প্ৰতিবেদন…

কাৰ্যবাহী পৰিষদে এই দুজন ব্যক্তি বৰ্তমান গুৱাহাটী বিশ্ব বিদ্যালয়ত কৰ্মৰত নোহোৱাত তেওঁলোকৰ বিৰুদ্ধে উপযুক্ত ব্যৱস্থা লবলৈ ৰাজ্য চৰকাৰক অৱগত কৰে। কাৰ্যবাহী পৰিষদৰ সভা ক্ৰমে ৫/১০/২০২০ আৰু ১৪/১০/২০২০ ত লোৱা সিদ্ধান্ত মৰ্মে ৰাজ্য চৰকাৰলৈ চিঠি নম্বৰ GU/Regr(SF)/2020/197 dated 21-10-2020 আৰু চিঠি নম্বৰ GU/Regr (SF)/2020/210 dated 21-10-2020 ৰ জৰিয়তে সমগ্ৰ বিষয়টো অৱগত কৰা হৈছে।

বিশ্ববিদ্যালয় কৰ্তৃপক্ষই GU/Regr(SF)/2021/19 dated 03-02-2021 ৰ জৰিয়তে অসম চৰকাৰক ফেব্ৰুৱাৰী ২০২১ ত অৱগত কৰে। ইয়াৰ পূৰ্বে বিশ্ব বিদ্যালয় কৰ্তৃপক্ষই ২৮ জানুৱাৰী ২০২১ ত উচ্চ শিক্ষা বিভাগৰ সৈতে এক আলোচনাত মিলিত হৈছিল।

গঠন কৰা হ'ল ন্যায়াধীশ আফতাৱ হুছেইন শইকীয়াৰ আয়োগ…

আয়োগৰ ২ নং ৰিকমেণ্ডশ্যনত কি আছিল ?

ন্যায়াধীশ শইকীয়া আয়োগে দাখিল কৰা প্ৰতিবেদনত ২ নং ৰিকমেশ্যনত ইয়াৰ বাবে আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসক দোষী সাব্যস্ত কৰিছিল। ২০১০ চনৰ পৰা ২০১৭ চনলৈ সংঘটিত এই কেলংকাৰীৰ সময়ত উক্ত পদত আছিল দাস।

উল্লেখযোগ্য যে আইডলৰ সঞ্চালক হিচাপে ২০০৬ৰ ১৯ আগষ্টৰ পৰা ২০১৬ৰ ৩১ জানুৱাৰীলৈকে কাৰ্যনিৰ্বাহ কৰিছিল দাসে। শইকীয়া আয়োগৰ প্ৰতিবেদনৰ পাছতেই আয়োগে দাখিল কৰা প্ৰতিবেদনৰ সন্দৰ্ভত কন্দৰ্প দাসক মতামত জানিবলৈ যোগাযোগ কৰা হৈছিল।

২৬ ফেব্ৰুৱাৰী ২০২১ত তেওঁ সেই উত্তৰ জমা দিছিল সেই দিনা অনুষ্ঠিত হোৱা বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ সভাত। পৰিষদৰ ৪ জন সদস্যই তেওঁ উত্তৰ পৰীক্ষা কৰি ইয়াৰ বিহীত ব্যৱস্থা লবৰ বাবে এক কমিটী গঠন কৰা হৈছিল।

এই কমিটীয়ে ৩১ মাৰ্চ ২০২১ ত প্ৰতিবেদন দাখিল কৰিছিল। গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আইডলৰ এনে বিসংগতী সন্দৰ্ভত উচ্চ শিক্ষাৰ বিভাগৰ প্ৰধান সচিবে AHE 590/2018 তাং ৩১-০৫-২০২১ এখন পত্ৰ প্ৰেৰণ কৰিছিল। এই পত্ৰত গুৱাহাটী বিশ্ব বিদ্যালয়ৰ উপাচাৰ্যক গুৱাহাটী বিশ্ববিদ্যালয়ৰ আইন অনুসৰি দোষীৰ বিৰুদ্ধে অনুসাশন মূলক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কোৱা হৈছিল।

বিশ্ব বিদ্যালয়ৰ কাৰ্যবাহী পৰিষদৰ ৪ জনীয়া কমিটীৰ প্ৰতিবেদন আৰু উচ্চ শিক্ষা বিভাগৰ প্ৰধান সচীবৰ পত্ৰ ৮ জুন ২০২১ত অনলাইনত অনুষ্ঠিত হোৱা কাৰ্যবাহী পৰিষদৰ সভাত উত্থাপন কৰা হৈছিল। কিন্তু তাৰ পাছত সমগ্ৰ বিষয়টো তল পৰি থাকিল।

পল্লৱ ভট্টাচাৰ্যক তদন্তৰ দায়িত্ব

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ পঞ্জীয়ক ড০ এইছ কে নাথে তেওঁৰ চিঠি নম্বৰ GU/Regr (SF)/201/75 dated 10-06-2021 ত এ পি এছ চিৰ প্ৰাক্তন অধ্যক্ষ তথা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া পল্লৱ ভট্টাচাৰ্যলৈ এক পত্ৰ প্ৰেৰণ কৰে। ন্যায়াধীশ আফতাব হুছেইন শইকীয়া আয়োগে প্ৰাক্তন আইডলৰ সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে দাখিল কৰা তদন্তৰ প্ৰতিবেদনৰ আধাৰত কি ধকৰণৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব পাৰি এই সন্দৰ্ভত বিষয়টো তদন্ত কৰিবলৈ তেওঁক দায়িত্ব দিয়া হৈছিল।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ০৮-০৬-২০২১ত অনুষ্ঠিত কাৰ্যবাহী পৰিষদৰ সভাত সেই সিদ্ধান্ত লোৱা হৈছিল। ০১-০৭-২০২১ত ভট্টাচাৰ্যই ইয়াৰ দায়িত্ব গ্ৰহণ কৰে। অনুসন্ধানকাৰী বিষয়া হিচাপে দায়িত্ব গ্ৰহণ কৰিয়েই পল্লৱ ভট্টাচাৰ্যই ০২-০৭-২০২১ত এই অনুসন্ধানৰ বাবে তথ্যপাতি আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

পল্লৱ ভট্টচাৰ্যৰ প্ৰতিবেদন….

পল্লব ভট্টাচৰ্যৰ প্ৰতিবেদনত কি আছিল?

শইকীয়া আয়োগৰ তদন্তৰ প্ৰতিবেদনৰ ভিত্তিত এই কেলংকাৰী সন্দৰ্ভত বিশ্ববিদ্যালয়ে কাৰ্যকৰী পৰিষদে নিযুক্তি দিয়া তদন্তকাৰী বিষয়া পল্লৱ ভট্টাচাৰ্যই ৭২ পৃষ্ঠা জোৰা এক প্ৰতিবেদন দাখিল কৰে। এই প্ৰতিবেদনত দোষী প্ৰমাণিত কৰিছিল প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসক।

প্ৰতিবেদনত উল্লেখ কৰা মতে কেগে উদঙাই দিয়াৰ দৰে ২১ টা বিষয়ত নহয় মুঠ ২৩ টা বিষয়ৰ পাঠ্যক্ৰম তেওঁৰ কাৰ্যকালত অনুমোদন অবিহনে ডিগ্ৰী প্ৰদান কৰা হৈছিল। ১০ ৰ পৰা ১৭ চনৰ এই সময়ছোৱাত কন্দৰ্প দাসেই আছিল ৬ বছৰ ১ মাহ সঞ্চালক। তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সমূহৰ সন্দৰ্ভত পল্লৱ ভট্টাচাৰ্যৰ আগত কন্দৰ্প দাসে দিয়া লিখিত উত্তৰ দিছিল সেইবোৰৰ গ্ৰহণযোগ্যতাক অস্বীকাৰ কৰিছিল।

ভট্টচাৰ্যৰ এই প্ৰতিবেদন ২০ ছেপ্টেম্বৰ ২০২১ত কাৰ্যবাহী পৰিষদে গ্ৰহণ কৰিছে। প্ৰতিবেদনত উল্লেখ থকা মতে কন্দৰ্প দাস সঞ্চালক হৈ থকাৰ সময়ত পোষ্ট গ্ৰেজুৱেট প্ৰগেমৰ ৮টা, পোষ্ট গ্ৰেজুৱেট ডিপ্লমাৰ ৮ টা, আন্দাৰ গ্ৰেজুৱেট প্ৰগেমৰ ৪ টা, ডিপ্লমা প্ৰগেমৰ ১টা, চাৰ্টিফিকেট প্ৰগেমৰ ২টা পাঠ্যক্ৰম অবৈধভাৱে চলোৱা হৈছিল।

উল্লেখযোগ্য যে, ০৭-০৯-২০২১ত কন্দৰ্প দাসে তেওঁৰ ভাষ্য লিখিত ৰূপত প্ৰদান কৰিছিল। এই কেলংকাৰী সংঘটিত হোৱাৰ সময়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ৰূপে ১০-০৫-২০০৮ ৰ পৰা ১৮-০৮-২০১৩ লৈকে অখিল কুমাৰ মেধি, ১৯-০৮-২০১৩ ৰ পৰা ২০-০৮-২০২০ লৈকে ডা০ মৃদুল হাজৰিকা আছিল। ইয়াৰ উপৰিও ১২-১২-২০০৮ ৰ পৰা ১১-১২-২০১৩ লৈকে উত্তম চন্দ্ৰ নাথ, ২৪-১২-২০১৩ ৰ পৰা ২৪-১২-২০১৮ লৈকে সুৰেশ কুমাৰ নাথ বিশ্ব বিদ্যালয়খনৰ পঞ্জীয়ক আছিল।

উক্ত সময়ছোৱাত ১৯-০৮-২০০৬ ৰ পৰা ২১-০১-২০১৬ লৈকে আইডলৰ সঞ্চালক আছিল কন্দৰ্প দাস। তাৰ পাছত ০২-০২-২০১৬ ৰ পৰা ২০-১১-২০১৭ লৈ প্ৰণৱ জ্যোতি দাস আৰু ০৫-১২-২০১৭ ৰ পৰা ০২-০৪-২০১৮ লৈ অশোক কুমাৰ বৰাই এই দায়িত্ব গ্ৰহণ কৰিছিল।

কেগে উদঙাইছিল ভুৱা শপতনামা দাখিল কৰাৰ তথ্য…

পল্লৱ ভট্টাচাৰ্যক দিয়া উত্তৰত কন্দৰ্প দাসে দাবী কৰিছিল এই ২১ টা পাঠ্যক্ৰম তেওঁ নিজাকৈ আৰম্ভ কৰা নাছিল। তেওঁৰ মতে একাডেমিক কাউন্সিলৰ অনুমোদনৰ অবিহনে গুৱাহাটী আইডলৰ সঞ্চালক হিচাপে সেই কাম কৰিব নোৱাৰে।

কিন্তু বিভিন্নজনৰ ভাষ্য আৰু তথ্যৰ আধাৰত কন্দৰ্প দাসকেই দায়ী বুলি কোৱা হৈছে। তদন্তত পোহৰলৈ অহা মতে ২০১০ ৰ পৰা ২০১৩ লৈকে গুৱাহাটী বিশ্ব বিদ্যালয়ৰ আইডলে অনুমোদন নোহোৱা যিবোৰ পাঠ্যক্ৰম প্ৰদান কৰিছিল সেই সন্দৰ্ভত তেতিয়াৰ পঞ্জীয়কক প্ৰাক্তন আইডলৰ সঞ্চালক কন্দৰ্প দাসে লিখিত ভাৱে বা মৌখিক ভাৱে কোনো কথা জনোৱা নাছিল।

সেই সময়ৰ পঞ্জীয়কগৰাকীয়ে জানিবলৈ দিয়া মতে পঞ্জীয়ক হিচাপে যোগদান কৰাৰ পূৰ্বৰে পৰা কেনেদৰে এই অনুমোদন নোহোৱা বিষয়বোৰ চলি আছিল সেই সন্দৰ্ভত তেওঁ অৱগত নহয়। কন্দৰ্প দাসে এই বিষয়টো তেওঁৰ কাৰ্যকালত একাডেমিক কাউন্সিলৰ আগত দাঙি ধৰা নাছিল।

তেতিয়াৰ পঞ্জীয়ক সুৰেশ কুমাৰ নাথে পল্লৱ ভট্টাচাৰ্যক জানিবলৈ দিয়া মতে সঞ্চালকেই ইউ জি চি আৰু আন ডি ই বি কৰ্তৃপক্ষৰ সৈতে নিজেই যোগাযোগ কৰিছিল। আনকি তেওঁ এনে যোগাযোগৰ প্ৰতিলিপিও তেতিয়াৰ পঞ্জীয়কলৈ প্ৰেৰণ কৰা নাছিল।

কন্দৰ্প দাসে সকলোৰে সৈতে যোগাযোগ কৰিছিল তেতিয়া…

তদন্তকাৰী বিষয়া ভট্টচাৰ্যৰ সন্মুখত আইডলৰ প্ৰাক্তন সঞ্চালক প্ৰণৱজ্যোতি দাসে দিয়া ভাষ্য অনুসৰি তেওঁৰ কাৰ্যকালত সকলোবোৰ সিদ্ধান্ত এডভাইছেৰি ব'ৰ্ডৰ অনুসৰি লোৱা হৈছিল আৰু সেই ব'ৰ্ডৰ অধ্যক্ষ আছিল তেতিয়াৰ উপাচাৰ্য মৃদুল হাজৰিকা।

এনেদৰে এই প্ৰতিবেদনত তেওঁৰ বিৰুদ্ধে উত্থাপিত প্ৰতিটো অভিযোগ সত্য প্ৰমাণিত হৈছিল। কন্দৰ্প দাসৰ উত্তৰত তদন্তকাৰী বিষয়া সন্তুষ্ট হোৱা নাই। দূৰ শিক্ষা পৰিষদৰ লগতে কন্দৰ্প দাসে নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্তৰ বাবে অনুমোদনো গ্ৰহণ কৰা নাছিল।

দূৰ শিক্ষা সন্দৰ্ভত কাৰ্যব্যৱস্থা আৰু নীতি, নিয়মৰ স্পষ্ট নিৰ্দেশনা নথকাৰ বাবে তেওঁ সঞ্চালত ৰূপে কাৰ্যনিৰ্বাহ কৰাৰ সন্দৰ্ভত অসুবিধা সন্মোখিন হোৱাৰ কথা কলেও এই প্ৰতিবেদনত উল্লেখ আছে যে ২০০৬ চনতেই এই বিষয়ত হাত পুথি প্ৰকাশ পাইছিল।

তেতিয়াৰ পঞ্জীয়ক সুৰেশ নাথে দাখিল কৰা শপতনামা….

অভিযুক্ত কন্দৰ্প দাসক ৰক্ষণাবেক্ষণৰ চেষ্টা

অভিযুক্ত কন্দৰ্প দাসক ৰক্ষণাবেক্ষণ দিবলৈ উঠি পৰি লাগিছে এটা চক্ৰ।বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদৰ সভাতো এই চক্ৰটোৱে তেওঁক ৰক্ষা কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। ইমান এক গুৰুত্বৰ কেলেংকাৰী সংঘটিত হোৱাৰ পাছতো প্ৰাক্তন সঞ্চালকগৰাকীৰ বিৰুদ্ধে আজি পৰ্যন্ত কিয় ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি খোদ বিশ্ববিদ্যালয়খনৰ ছাত্ৰ একতা সভাই প্ৰশ্ন উত্থাপন কৰিছে।

গুৱাহাটী বিশ্ব বিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক পাৰ্শ্ব পাটগিৰীয়ে এই সন্দৰ্ভত মন্তব্য প্ৰকাশ কৰি কয়, অভিযুক্তৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাত লেহেম হোৱা পৰিলক্ষিত হৈছে। ইফালে সমান্তৰালভাৱে উত্থাপন হৈছে কন্দৰ্প দাসৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণত হেঙাৰ হৈ থিয় দিছে খোদ বিশ্ব বিদ্যালয়খনৰ বৰ্তমানৰ উপাচাৰ্য প্ৰতাপ জ্যোতি সন্দিকৈ।

অভিযোগ অনুসৰি উপাচাৰ্য গৰাকীৰ পত্নী জ্যোতিৰেখা সন্দিকৈক নিয়ম বহিৰ্ভুত ভাৱে কৃষ্ণ কান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য হৈ থাকোতে কন্দৰ্প দাসে তেওঁক বিশ্ব বিদ্যালয়ত অধ্যাপক হিচাপে নিযুক্তি দিছিল।

ইয়াৰ পূৰ্বে ডিব্ৰুগড় বিশ্ব বিদ্যালয়ত ৰাসায়ন বিজ্ঞান বিভাগত কাম কৰিছিল জ্যোতিৰেখা সন্দিকৈয়ে। সেইসূত্ৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে। বিভিন্ন দল সংগঠনে এই বিষয়টোৰো তদন্ত দাবী কৰিছে।

১০ দিনৰ সময় কন্দৰ্প দাসক

আইডলৰ প্ৰাক্তন সঞ্চালক কন্দৰ্প দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ প্ৰায় সচাঁ বুলি প্ৰমাণিত হোৱাৰ পাছত বিশ্ববিদ্যালয়ৰ কাৰ্যকৰী পৰিষদে তেওঁক এই সন্দৰ্ভত উত্তৰ দিবৰ বাবে ১০ দিনৰ সময় প্ৰদান কৰিছে। ২০ ছেপ্টেম্বৰ ২০২১ ত অনুষ্ঠিত পৰিষদৰ সভাত সেই সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি ৩০ ছেপ্টেম্বৰৰ ভিতৰত কন্দৰ্প দাসে তেওঁৰ স্থিতি স্পষ্ট কৰিব লাগিব।

এতিয়া লক্ষণীয় হৈছে ন্যায়াধীশ শইকীয়া আয়োগ আৰু পল্লৱ ভট্টাচাৰ্যৰ এজনীয়া তদন্ত কমিটী প্ৰতিবেদনৰ উত্তৰত কি কব কন্দৰ্প দাসে! ৰাজ্যৰ ৭০ হাজৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতকলৈ খেলা কৰা কন্দৰ্প দাসৰ লগতে আইডল কেলেংকাৰীৰ সৈতে জড়িত থকা এইসকল ব্যক্তিৰ শাস্তি হ'ব কেতিয়া? ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত কি ভূমিকা গ্ৰহণ কৰে সেয়াও হৈ পৰিছে লক্ষ্যণীয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in