ক’লৈ যায় যাওঁক, ১৫ দিনত খালী কৰক ঘৰ…

ক’লৈ যায় যাওঁক, ১৫ দিনত খালী কৰক ঘৰ…

তুষাৰ প্ৰতিম

মাত্ৰ ১৫ দিনৰ ভিতৰত আৱাসগৃহ খালী কৰিব লাগিব নগাওঁ আৰু কাছাৰ কাগজ কলৰ কৰ্মচাৰীসকলে। কাগজ কল দুটাৰ পৰিসৰৰ ভিতৰত থকা আৰু টাউনশ্বিপত থকা আৱসগৃহ সমূহ ১৫ দিনৰ ভিতৰত খালী কৰাৰ আইনী নিৰ্দেশ প্ৰদান কৰিছে লিকুইডেটৰ কুলদীপ বাৰ্মাই। ইয়াৰ পাছতে এতিয়া কাগজ কল দুটাৰ কৰ্মচাৰীসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰময় পৰস্থিতি। আৱাসগৃহত থকা কৰ্মচাৰীসকলৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সদস্যসকলে এই জাননীৰ বিৰুদ্ধে প্ৰতিবাদ কৰাৰ লগতে আৱাসগৃহ খালী নকৰে বুলি ঘোষণা কৰিছে। গোটেই বিষয়টো লৈ সৃষ্টি হৈছে এক অভাৱনীয় পৰিস্থিতি।

বিগত প্ৰায় ৫৬ মাহ ধৰি দৰমহাৰ পৰা বঞ্চিত হৈ আছে এই কাগজ কল দুটাৰ কৰ্মচাৰীসকল। ২০১৫ চনৰ ২০১৫ চনৰ ২০ অক্টেবৰত কাছাৰ কাগজ কল বন্ধ হৈ পৰাৰ বিপৰীতে ২০১৭চনৰ মাৰ্চ মাহৰ জাগীৰোড কাগজ কলৰ কাম-কাজ বন্ধ হৈ পৰিছিল। এই কল দুটা বন্ধ হৈ পৰাৰ সমান্তৰালভাৱে সুদীৰ্ঘ সময় ধৰি ইয়াৰ কৰ্মচাৰীসকলে দৰমহাকে ধৰি অন্যান্য সা সুবিধাৰ পৰা বঞ্চিত হৈ আছিল।

সুদীৰ্ঘসময় ধৰি প্ৰাপ্য দৰমহা তথা অন্যান্য সুযোগ-সুবিধাৰ পৰা বঞ্চিত হৈ থকা এই কৰ্মচাৰীসকলৰ বৰ্তমানৰ অৱস্থা অতি সূচনীয়। অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা এই কৰ্মচাৰীসকল দীৰ্ঘসময় ধৰি তেওঁলোকৰ প্ৰাপ্য আদায়ৰ বাবে দাবী তুলি আহিছে। বহুকেইজন কৰ্মচাৰীয়ে আৰ্থিক দিশত জুৰুলা হৈ পৰাৰ লগতে সমস্যাৰ সৈতে মুকাবিলা কৰিবলৈ নোৱাৰি আত্মহত্যাৰ দৰে ঘটনাও সংঘটিত কৰিছে।

ইয়াৰ মাজতে লিকুইডেটৰ কুলদীপ বাৰ্মাই আৱাসগৃহ খালী কৰিবলৈ যি নিৰ্দেশ প্ৰদান কৰিছে সেই নিৰ্দেশে কল দুটাৰ কৰ্মচাৰীক এতিয়া পানীত হাঁহ নচৰা অৱস্থালৈ লৈ গৈছে। ইফালে কুলদীপ বাৰ্মাৰ এই নিৰ্দেশনাৰ বিপৰীতে এ পি ডি চি এলেও আগন্তুক ১৫ ছেপ্টেম্বৰৰ ভিতৰত আৱাসগৃহৰ বিদ্যুৎ সংযোগ কৰ্তন কৰিব বুলি ঘোষণা কৰিছে। কল দুটাই এ পি ডি চি এলক প্ৰায় ১২০ কোটি টকাৰ বিদ্যুৎ মাচুল পৰিশোধ কৰিবলৈ বাকী থকাৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে এ পি ডি চি এলে।

মন কৰিবলগীয়া যে হিন্দুস্তান কাগজ নিগম লিমিটেডে নগাওঁ আৰু কাছাৰ কাগজ কল দুটাৰ সকলো সা-সম্পত্তি নিলামৰ বাবে নিবিদা আহ্বান কৰিছে। এই বিষয়টোক কেন্দ্ৰ কৰিও সমগ্ৰ ৰজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইফালে দেশৰ সৰ্ব্বোচ্চ ন্যায়ালয়ে কাগজ কল দুটাৰ নিলামত স্থগিতাদেশ জাৰি কৰিছিল।

জাগীৰোড আৰু কাছাৰ কাগজ কল বিক্ৰীৰ বাবে চৰকাৰে নূন্যতম মূল্য ৯৬৯কোটি টকা ধাৰ্য কৰি নিলামৰ বাবে নিবিদা আহ্বান কৰিছিল।হিন্দুস্তান পেপাৰ কৰ্পাৰেশ্যনে লোৱা এই সিদ্ধান্তৰ ক্ষেত্ৰত দিল্লী উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছিল।

বিগত ১০ আগষ্ট তাৰিখে দিল্লীত এক সংবাদমেলত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল যে, ৫৫০কোটি টকাৰো অধিক লোকচান ভৰাৰ লগতে বিদ্যুত বিল আৰু বাঁহ যোগানকাৰী সংস্থাক আদায় দিবলৈ বাকী থকা ৪০০কোটি টকাকে ধৰি কল দুটাৰ বাবদ লোকচানৰ বোজা ১২০০কোটি টকাৰো অধিক হৈছেগৈ।আনহাতে কলটোৰ যন্ত্ৰপাতিকে ধৰি সকলো আচবাব পেলনীয়া সামগ্ৰীত পৰিণত হৈছে।

মুখ্যমন্ত্ৰী শৰ্মাই এনে পৰিস্থিতিত কল দুটাৰ সম্পদ নিলামত দিয়াৰ বাহিৰে আন কোনো বিকল্প নাই বুলি উল্লেখ কৰিছিল।তেওঁ কৈছিল যে, কলদুটাৰ কৰ্মচাৰীসকলৰ দৰমহাৰ বাকেয়া, বীমা আৰু সাহায্যৰ বাবদ ৬৩০কোটি টকা ১০দিনৰ ভিতৰত আদায় দিবলৈ চৰকাৰ সাজু আছে। কিন্তু কৰ্মচাৰী ইউনিয়নে এই ক্ষেত্ৰত সন্মতি নজনোৱাৰ কাৰনেই কলদুটাৰ ভৱিষ্যত অনিশ্চয়তাত ওলমি আছে।

ইফালে ৪ ছেপ্টেম্বৰ শনিবাৰেও অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকায়ো একেই কথা দোহাৰিছে। মন্ত্ৰী হাজৰিকাই কৈছে যে, জাগীৰোডৰে হওক বা অশোক কাগজ কলৰে হওক, যিসকল কৰ্মচাৰী আছে তেওঁলোকৰ প্ৰতি জাগীৰোডৰ বিধায়ক হিচাপে মোৰ সহমৰ্মিতা আছে। পেপাৰ মিল দুটাৰ কাৰ্মচাৰী সংস্থাই বিগত ১০০ দিনত মুখ্যমন্ত্ৰীৰ লগত ৪ খন আলোচনা কৰিছে।

মই যিমান দূৰ জানো কৰ্মচাৰী সংস্থাই লিকুইডেটৰ পৰা পাবলগীয়া ৫৩০ কোটি টকা দাবী কৰিছে। তেওঁলোকৰ এই প্ৰাপ্য ধনৰ লগতে আৰু আনুসংগিক অলপ ধন বিচাৰিছে। সেই অনুসৰি খুব বেছি ৬০০ কোটি টকা হ'ব। সেই ৬০০ কোটি টকা অসম চৰকাৰে এসপ্তাহৰ ভিতৰত দিবলৈ সাজু হৈ আছে। চৰকাৰে এটা চৰ্তত কৰ্মচাৰী সকলে দাবী কৰা প্ৰাপ্য ৬০০ ৰ পৰা ৬৫০ কোটি টকা দিবলৈ সাজু হৈছে। সেই চৰ্ত হৈছে কৰ্মচাৰীসকলে ত্যাগ কৰিব লাগিব আৱাসগৃহ। কল দুটাৰ কৰ্মচাৰিসকলে মাটিকে ধৰি যিসমূহ সম্পত্তি ব্যৱহাৰ কৰি আছে, সেই সম্পত্তি ত্যাগ কৰিব লাগিব।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে পেপাৰ মিল দুটাৰ কৰ্মচাৰীসকলৰ, যিসকলৰ বয়স আছে আৰু যিসকলৰ সন্তানৰ যোগ্যতা আছে সেই সকলক অসম চৰকাৰৰ বিভিন্ন বিভাগত নিযুক্তি প্ৰদানৰ সিদ্ধান্তও গ্ৰহণ কৰিছে। মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা অনুসৰি কৰ্মচাৰীসকলৰ মাজৰ পৰা যোগ্যতা অনুসৰি ১০০ গৰাকীক নিযুক্তি প্ৰদান কৰিব। কিন্তু তেওঁলোকে আৱাসগৃহকে ধৰি কল দুটাৰ ভূমি ত্যাগ কৰিব লাগিব।

স্মৰ্তব্য যে, দীৰ্ঘদিন ধৰি অসমৰ দল, সংগঠনকে ধৰি সচেতন ৰাইজে নগাওঁ আৰু কাছাৰ কাগজ কল দুটা পুনৰ জীয়াই তুলিবলৈ দাবী উত্থাপন কৰিছিল। শাসনাধিস্থ চৰকাৰখনেও নিৰ্বাচনৰ পূৰ্বে এই কাগজ কল পুনৰ কাৰ্যক্ষম কৰা হ'ব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। চৰকাৰৰ ফালৰ পৰাও এই কাগজ কল দুটা জীয়াই তুলা হ'ব বুলি ঘোষণা কৰিছিল। কিন্তু তাৎপৰ্যপূৰ্ণ ভাৱে চৰকাৰে সেই সিদ্ধান্তক পুনৰ সলনি কৰি কল দুটা বিক্ৰীৰ বাবেহে সিদ্ধান্ত গ্ৰহণ কৰিলে।

এই কল দুটাৰ সৈতে ১৪০০ কৰ্মচাৰী আৰু তেওঁলোকৰ পৰিয়াল জড়িত হৈ আছে।কাছাৰৰ পাচঁগ্ৰাম কাগজ কলৰ ৮০০কৰ্মচাৰীৰ বিপৰীতে নগাওঁ কাগজ কলত ৬০০কৰ্মচাৰী আছিল। আৰু ইয়াৰ ভিতৰত ৫২জন কৰ্মচাৰীয়ে বিভিন্ন কাৰনত মৃত্যুবৰণ কৰিব লগা হৈছে।

মনকৰিবলগীয়া যে এই কল দুটাৰ ভূমি, আৱাসগৃহ, বিদ্যালয়-চিকিৎসালয় ভৱন, কল ঘৰ, আদিকে ধৰি সম্পত্তিৰ মূল্য ৫০০০ কোটিৰো অধিক যদিও মাত্ৰ ৯৬৯কোটি টকা নূন্যতম মূল্য ধাৰ্য কৰি চৰকাৰে কল দুটা বিক্ৰীৰ বাবে নিবিদা আহ্বান কৰাৰ আঁৰত পুঁজিপতিৰ ন্যস্তস্বাৰ্থ নিহিত হৈ থকা বুলিও অভিযোগ উত্থাপিত হৈ আহিছে।

বিভিন্ন সময়ত চৰকাৰে কলদুটাৰ পুণৰুজ্জীৱিকৰণৰ প্ৰতিশ্ৰুতি দিছিল যদিও শেহতীয়াকৈ ইয়াক পানীৰ দামত বিক্ৰীৰ বাবে লোৱা পদক্ষেপৰ বাবে কৰ্মচাৰীসকলে সন্দেহৰ দৃষ্টিৰে চাইছে। চৰকাৰে লোৱা এনে সিদ্ধান্তৰ বাবেই কৰ্মচাৰী ইউনিয়নে চৰকাৰৰ সিদ্ধান্তৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল। উচ্চতম ন্যায়ালয়ে কাগজ কল দুটা নিলামৰ বাবে চৰকাৰে লোৱা সিদ্ধান্তত স্থগিতাদেশ জাৰি কৰিছিল। কিন্তু ইয়াৰ মাজতে লিকুইডেটৰ কুলদীপ বাৰ্মাই পুনৰ কৰ্মচাৰীসকলক আৱাসগৃহ খালী কৰিবলৈ দিয়া নিৰ্দেশে এতিয়া অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে কাগজ কল দুটাৰ কৰ্মচাৰীৰ মাজত।

ভৱিষ্যতৰ কোনো নিশ্চিয়তা প্ৰদান নকৰাকৈ হঠাতে এইদৰে জাৰি কৰা নিৰ্দেশনাই কৰ্মচাৰীসকলৰ বাবে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ। মাত্ৰ ১৫ দিনত তেওঁলোক কলৈ যাব কি কৰিব তাৰ কোনো ঠিকনা নাই। আৰ্থিকভাৱে জুৰুলা হৈ থকা এই কৰ্মচাৰীসকলৰ ভৱিষ্যত কি হ'ব সেয়াও যেন চিন্তাৰ বিষয় নহয় সংশ্লিষ্ট বিষয়াসকলৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in