‘হেমকোষ’ আৰু ‘ছনেট’ কবিতাৰ উপৰিও আছে হেমচন্দ্ৰ গোস্বামীৰ আন বহু পৰিচয়…

‘হেমকোষ’ আৰু ‘ছনেট’ কবিতাৰ উপৰিও আছে হেমচন্দ্ৰ গোস্বামীৰ আন বহু পৰিচয়…

তুষাৰ প্ৰতিম

"সকলো দেশতে মধ্যাহ্ন আলোকা

চোঁৱা অসমত আজিও নিশা,

সকলো দেশতে বসন্ত হাঁহিছে

চোঁৱা অসমত ঘোৰ বাৰিষা।"

আন দেশৰ, ৰাজ্যৰ তুলনাত অসমৰ শ্ৰীহীন অৱস্থাৰ বাবে এইদৰেই কবিতাৰ মাধ্যমেৰে উচুপি উঠিছিল অসমীয়া ভাষা, সাহিত্যক সুনিৰ্দিষ্ট ৰূপ দিয়াত অপৰিসীম অৱদান আগবঢ়াই যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামীয়ে। অসমীয়া সাহিত্যৰ জগতখনৰ লগতে অসমীয়া ভাষাৰ শ্ৰীবৃদ্ধিৰ বাবে জীৱনজোৰা অৱদান আগবঢ়াই যোৱা পণ্ডিত হেমচন্দ্ৰ গোস্বামী 'হেমকোষ'ৰ বাবে চিৰদিন অসমীয়াৰ নমস্য ব্যক্তি হিচাপে চিনাক্ত হৈ আহিছে।

জোনাকী যুগৰ ত্ৰীমূৰ্তিৰ অন্যতম হেমচন্দ্ৰ গোস্বামীক হোমকোষৰ প্ৰণেতা হিচাপে অসমীয়াই মনত ৰাখিছে যদিও তেওঁৰ অসমীয়া ভাষা আৰু সাহিত্যৰ ক্ষেত্ৰখনলৈ যি অপৰিসীম অৱদান আগবঢ়াই গৈছে সেই বিষয়ে বিশেষ চৰ্চা নহয়। নতুন প্ৰজন্মই নাজানে হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে। তেওঁ ভাষা, সাহিত্য আৰু সমাজ জীৱনলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে।

সৰ্বকালৰ শ্ৰেষ্ঠ অসমীয়া মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ, মাধৱদেৱৰ পিছতে যিসকল অসমীয়াই অসমীয়া ভাষা, সাহিত্যক সমৃদ্ধ কৰিলে সেই সকলৰ বিষয়ে চৰ্চা কৰিলে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা, ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা আৰু পৰৱৰ্তী সময়ত ড০ ভূপেন হাজৰিকা আদিয়ে স্থান লাভ কৰি আহিছে। এইয়া অতি স্বাভাৱিক।

মহাপুৰুষ দুজনাই অসমীয়া ভাষা-সাহিত্যক নিজৰ সাহিত্য সমলেৰে সমৃদ্ধ কৰাৰ লগতে অসমীয়া সমাজখনলৈ যি পৰিবৰ্তন আনিলে সেইয়া তুলনাবিহীন। ইয়াৰ পৰৱৰ্তী সময়ত সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই সাহিত্যৰ প্ৰতিটো দিশলৈ নিজৰ সৃষ্টিৰাজিৰে বিশেষ অৱদান আগবঢ়ালে। তেওঁক কলমেৰে নিগৰা সাহিত্যৰ প্ৰতিটো শিতানৰ সৃষ্টিয়ে অসমীয়া সাহিত্যৰ ভৰাল চহকী কৰিলে।

একেদৰে জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদিয়েও অসমীয়া ভাষা-সাহিত্যক স্ব-কৰ্মৰাজীয়ে মহিয়ান কৰিলে। এইসকল মহান অসমীয়া সদায়েই অসমীয়াৰ চিৰনমস্য। অসমীয়া-ভাষা সাহিত্যৰ বিষয়ে চৰ্চা কৰিলে যিদৰে এইসকল মহান অসমীয়াৰ বিষয়ে উত্থাপন হয় ঠিক তেনেদৰে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ বিষয়ে কিন্তু চৰ্চা নহয় বা তেওঁৰ অৱদানক ক'ৰবাত উচিত মৰ্যাদা প্ৰদান কৰা নহয়।

পণ্ডিত হেমচন্দ্ৰই কলিকতালৈ গৈ সেই সময়ৰ ছাত্ৰ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্ণীনাথ বেজবৰুৱা আদিৰ দৰে ছাত্ৰক লগপোৱাৰ পূৰ্বেই তেওঁ শৈশৱতে আহৰণ কৰিছিল পুৰণি কাহিনী আৰু লোককথাৰ জ্ঞান। মাতৃৰ মুখেৰে আহৰণ কৰিছিল সেই বিষয়ে সবিশেষ জ্ঞান। শৈশৱতে মধ্যযুগীয়া পুথি অধ্যয়ন কৰাৰ উপৰিও সংস্কৃত ভাষাৰো জ্ঞান আহৰণ কৰিছিল। শৈশৱতে লাভ কৰা এই জ্ঞানে তেওঁক পৰৱৰ্তী সময়ত ভাষা, সাহিত্যৰ চৰ্চাৰ লগতে বিভিন্ন তথ্যপাতি আহৰণত সহায় কৰিছিল।

১৮৭২ চনৰ ৮ জানুৱাৰীত গোলাঘাটৰ গৌৰাঙ্গ সত্ৰত জন্মগ্ৰহণ কৰা হেমচন্দ্ৰই কৈশোৰৰ এচোৱা সময় পাৰ কৰিছিল নগাঁৱত। সেই সময়ছোৱাত নগাওঁ আছি অসমৰ বৌদ্ধিক চৰ্চাৰ প্ৰাণচঞ্চল এক ঠাই। সেই সময়ৰ নগাঁৱত সাহিত্য, বিজ্ঞান, চিকিৎসা, সমাজৰ বিভিন্ন দিশৰ ওপৰত প্ৰচুৰ চৰ্চা চলিছিল। নগাঁত থকাৰ সময়তে হেমচন্দ্ৰৰ কলমেৰে নিগৰিছিল কেইবাটাও কবিতা ।

হেমচন্দ্ৰৰ কাব্যিক প্ৰতিভাক বিচাৰি উলিয়াইছিল গুণাভিৰাম বৰুৱাই। গুণাভিৰাম বৰুৱাই হেমচন্দ্ৰ গোস্বামীৰ কবিতা প্ৰথমে আসাম বন্ধুত প্ৰকাশ কৰিছিল। কবি, বুৰঞ্জীবিদ সূৰ্যকুমাৰ ভূঞাই হেমচন্দ্ৰৰ কবিতাক অতি উচ্চ প্ৰশংসা কৰিছিল। মাত্ৰ এখন কবিতা পুথি ৰচনা কৰিয়েই হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া কবিতাক এক নতুন মাত্ৰ প্ৰদান কৰিছিল। অসমীয়া সাহিত্যত প্ৰথম ছনেট কবিতা লিখিছি হেমচন্দ্ৰ গোস্বামীয়ে। 'প্ৰিয়তমাৰ চিঠি' প্ৰথম অসমীয়া ছনেট কবিতা।

হেমচন্দ্ৰ গোস্বামী অসমীয়া ভাষা, সাহিত্যৰ উপৰিও পুৰাতত্ত্ব বিষয়ক গেৱষণাৰ এগৰাকী পুৰোধা ব্যক্তি। তেওঁৰ এই দিশটোৱে আজিও বিষেশ চৰ্চা লাভ কৰা নাই। চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱাৰ সৈতে লগলাগি হেমচন্দ্ৰই 'জোনাকী' আলোচনী প্ৰতিষ্ঠা কৰিছিল। এই 'জোনাকী'ৰ পাততে হেমচন্দ্ৰই লিখা বিভিন্ন প্ৰবন্ধই প্ৰমাণ কৰিছিল অসমীয়া ভাষা যে বঙলা ভাষাৰ পৰা সম্পূৰ্ণ স্বতন্ত্ৰ।

সংস্কৃত ভাষাৰ ওপৰত জ্ঞান থকাৰ উপৰিও বুৰঞ্জী বিষয়ত থকা দখলৰ বাবেই হেমচন্দ্ৰ গোস্বামী আহিছিল এডৱাৰ্ডা গেইটৰ সংস্পৰ্শলৈ। অসমৰ ইতিহাস লিখিব পৰাকৈ এডবাৰ্ডে বিচাৰি আছিল এগৰাকী বুৰঞ্জী আৰু সংস্কৃত ভাষাত দখল থকা ব্যক্তি। এডৱাৰ্ড গেইটৰ সংস্পৰ্শলৈ অহাৰ পিছতে হেমচন্দ্ৰৰ বৌদ্ধিক জীৱনৰ গতি অন্য এক দিশলৈ গতি কৰিছিল।

পণ্ডিত হেমচন্দ্ৰই এডৱাৰ্ড গেইটে প্ৰদান কৰা দায়িত্ব অনুসৰি স্বৰ্গদেউ চন্দ্ৰকান্ত সিংহৰ নাতি কেশৱকান্ত সিংহৰ পৰিয়ালৰ পৰা উদ্ধাৰ কৰা এখন বুৰঞ্জী অনুবাদ কৰিছিল। পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ বাবে ভাষা, সাহিত্য আৰু বুৰঞ্জী বিষয়ক গৱেষণাৰ জীৱনটো অধিক সহজ হৈ পৰিছিল তেওঁ কৰ্মজীৱনৰ বাবেই।

হেমচন্দ্ৰই অনুবাদ কৰা প্ৰথমখন বুৰঞ্জীৰ বাবেই তেওঁক এডৱাৰ্ডে ডেপুটি কালেক্টৰ হিচাপে নিযুক্তি প্ৰদান কৰিছিল। তেওঁ যিসময়ত এই পদত অধিষ্ঠিত হৈছিল সেই সময়ত আনকি তেওঁৰ স্নাতকো সম্পূৰ্ণ হোৱা নাছিল। তেওঁৰ চাকৰি জীৱনৰো মূল কেন্দ্ৰবিন্দু আছিল ভাষা-সাহিত্যৰ চৰ্চা।

হেমচন্দ্ৰ গোস্বামীয়ে বুৰঞ্জী বিষয়ক গৱেষণা কৰাৰ বাবেই পুৰণি অসমীয়া পুথি সংগ্ৰহত গুৰুত্ব প্ৰদান কৰিছিল। অসমৰ বিভিন্ন অঞ্চল পৰিভ্ৰমণ কৰি হেমচন্দ্ৰই বিভিন্নজনক সৈমান কৰি প্ৰাচীন গ্ৰন্থ সংগ্ৰহ কৰিছিল। ১৯১৪ চনত তেওঁ হেজাৰৰো অধিক পুৰণি পুথিৰ তালিকা সংগ্ৰহ কৰি উলিয়াইছিল।

কেৱল পুৰণি পুথিৰ তালিকা সংগ্ৰহ কৰাই নহয়, হেমচন্দ্ৰই সেই সময়তে প্ৰায় অসাধ্য যেন লগা এক কাৰ্য সম্পাদন কৰিছিল। তেওঁ সংগ্ৰহ কৰা সেই প্ৰাচীন গ্ৰন্থৰ বিভিন্ন পাঠৰ অনুসন্ধান, লেখকৰ বিষয়ে সঠিক অনুধাৱন, সেই নিৰ্দিষ্ট গ্ৰন্থখন লেখাৰ সময়, গ্ৰন্থৰ শ্ৰেণী বিভক্ত আদিৰ দৰে কামবোৰ সমাধা কৰি তুলিছিল।

তেওঁৰ সেই অনুসন্ধান বা গৱেষনাই প্ৰাচীন অসমীয়া পুথি জগতৰ চিনাকী দাঙি ধৰাৰ লগতে অসমীয়া জাতি সত্তা সৃষ্টি কৰাত অভূতপূৰ্ব অৰিহণা আগবঢ়াই থৈ গৈছে। ১৯২৭ চনত স্থাপন হোৱা বুৰঞ্জী আৰু পুৰাতত্ত্ব অধ্যয়ন বিভাগৰ উদ্যোগত প্ৰকাশ পাইছিল অসমীয়া পুথিৰ বৰ্ণনামূলক তালিকা। সেই তালিকাই আছিল হেমচন্দ্ৰ গোস্বামীৰ জীৱন সৰ্বোচ্চ কীৰ্তিসমূহৰ অন্যতম।

কলিকতা বিশ্ববিদ্যালয়ত অসমীয়া মাধ্যমত পাঠ্যক্ৰম আৰম্ভ কৰাৰ আঁৰতো হেমচন্দ্ৰ গোস্বামীৰ আছিল বিশেষ অৱদান। সেই সময়ৰ কলিকতা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ছাৰ আশুতোষ মুখাৰ্জী চেদলাৰ কমিছনৰ সদস্য হৈ অসম ভ্ৰমণ কৰিছিল। সেই ভ্ৰমণৰ সময়তে আশুতোষ মুখাৰ্জীয়ে হেমচন্দ্ৰ গোস্বামীক অসমীয়া ভাষা-সাহিত্যৰ পৰিচয়মূলক এক চানেকি গ্ৰন্থ প্ৰস্তুত কৰি উলিয়াব পাৰি নেকি তাৰ প্ৰস্তাৱ দিছিল।

এইয়া আছিল হেমচন্দ্ৰৰ বাবে এক সুযোগ। এই সুযোগ গ্ৰহণ কৰি তেওঁ বৈষ্ণৱ সাহিত্যৰ পৰা বিংশ শতিকাৰ প্ৰথমভাগলৈকে প্ৰকাশিত অসমীয়া সাহিত্যৰ চিনাকিমূলক পাঠ বাছি উলিয়াইছিল। ইয়াৰ লগত তেওঁ সন্নিৱিষ্ট কৰিছিল পাঠ আৰু লেখকক চিনাকি কৰাই দিব পৰাকৈ নিৰ্দিষ্ট টোকা।

অৱশ্যে তেওঁৰ কষ্ট আৰু সাধনাৰ ফচল 'অসমীয়া সাহিত্যৰ চানেকি' তেওঁৰ জীৱনকালত প্ৰকাশ হোৱা তেওঁ দেখিবলৈ নাপালে। তথাপিও তেওঁৰ মৃত্যুৰ পিছত কলিকতা বিশ্ববিদ্যালয়ে ১৯২৯ চনত প্ৰকাশ কৰি উলিয়াই। আনহাতে ১৩৩৪ খন সাঁচিপতীয়া পুথি অধ্যয়ন কৰি ২৩৩ খন পুথিৰ বিষয় বস্তুৰ আভাস দিয়া হেমচন্দ্ৰ গোস্বামীৰ A Descriptive Catalogue of Assamese Manuscripts গ্ৰন্থখন ১৯২৭ চনত প্ৰকাশ পাইছিল। এইদুয়োখন গ্ৰন্থ আছিল তেওঁ জীৱনৰ সৰ্বোচ্চ কীৰ্তি।

এইগৰাকী পণ্ডিতৰ বিষয়ে খুব বেছি চৰ্চা নহয়। যদিও তেওঁৰ বিষয়ে কেতিয়াবা ক'ৰবাত চৰ্চা হয় তেনে সেইয়া 'হেমকোষ' আৰু প্ৰথম ছনেট কবিতা 'প্ৰিয়তমাৰ চিঠি'ৰ মাজতে সীমাবদ্ধ হৈ থাকে। কিন্তু অসমীয়া ভাষা, সাহিত্যৰ লগতে বুৰঞ্জী বিষয়লৈ যি অৱদান আগবঢ়াই গৈছে সেই বিষয়ে ব্যাপক হাৰত চৰ্চা লাভ কৰি অহা নাই।

হেমচন্দ্ৰ গোস্বামীৰ দীৰ্ঘদিনীয়া কষ্টৰ বলতেই ১৯১৭ চনত দৰঙ্গ ৰাজবংশাৱলী, ১৯১৮ চনত কথা গীতা আৰু ১৯২২ চনত পুৰণি অসম বুৰঞ্জী প্ৰকাশ হৈছিল। যিসময়ত অসমীয়া ভাষা-সাহিত্যৰ ইতিহাস সম্পৰ্কে খৰচি মাৰি অধ্য়য়ন হোৱা নাছিল সেই সময়ত মিছনেৰীসকলে প্ৰস্তুত কৰা অভিধানৰ বাহিৰে স্থানীয় লেখক বা পণ্ডিতৰ অভিধানো প্ৰকাশ হোৱা নাছিল। তেনে সময়ত হেমচন্দ্ৰ বৰুৱাই নিজ হাতে লিখি উলিওৱা 'হেমকোষ' অভিধানখন প্ৰায় পৰিত্যক্ত অৱস্থা আছিল।

বৃটিছৰ যি সময়ত সমগ্ৰ ভাৰততে ভাষাতাত্ত্বিক জৰীপৰ প্ৰাৰম্ভিক কাম-কাজ আৰম্ভ হৈছিল সেই সময়তে পি আৰ টি গৰ্ডনৰ উদ্যোগত আৰু হেমচন্দ্ৰ গোস্বামীৰ ঐকান্তিক প্ৰচেষ্টাত ১৯০০ চনত প্ৰকাশ পাইছিল হেমচন্দ্ৰ বৰুৱাৰ 'হেমকোষ'। কিন্তু সেই সময়ৰ অসমীয়া অভিজাত শ্ৰেণীয়ে এই মহান কাৰ্যলৈকো দেখুৱাইছিল অনীহা।

ইফালে অসমীয়া ভাষলৈ যিসময়ত বিপদ নামি আহিছিল অসমৰ পৰাই অসমীয়া ভাষা বিতাৰিত হোৱাৰ এক সময় আহি পৰিছিল সেই সময়ত হেমচন্দ্ৰ গোস্বামীৰ অসমীয়া ভাষাক পুনৰ উদ্ধাৰ কৰাত কোনো গুণে কম অৱদান নাছিল। অসমৰ পঢ়াশালি আৰু অফিচ-কাছাৰীত অসমীয়া ভষাৰ প্ৰচলন আৰম্ভ হৈছিল যদিও একাংশ ঔপনিবেশিক প্ৰশাসকে নিজৰ ভাষাতাত্ত্বিক জ্ঞানেৰে অসমীয়া ভাষাৰ স্বকীয়তা সম্পৰ্কে সন্দেহ প্ৰকাশ কৰিলে।

এয়া আছিল অসমীয়া ভাষাৰ কাৰণে এক ডাঙৰ প্ৰত্যাহ্বান। সেয়ে অসমীয়া ভাষাৰ স্বকীয়তাক প্ৰমাণ কৰিবলৈ গৈ চন্দ্ৰকুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামীৰ দৰে ছাত্ৰসকলে প্ৰকাশ কৰি উলিয়াইছিল সাহিত্য-আলোচনী 'জোনাকী' আৰু 'বিজুলী'।

যিদৰে বিজুলীৰ পাতত পদ্মনাথ গোহাঞিবৰুৱাই অসমৰ নতুন ভূমি ৰাজহ ব্যৱস্থাৰ সমালোচনা কৰি নিজৰ সুকীয়া ৰাজনৈতিক মনৰ চিনাকি দিছিল, সেইদৰে জোনাকীৰ পাতত হেমচন্দ্ৰ গোস্বামীয়ে অসমীয়া ভাষা-সাহিত্যৰ ঐতিহাসিক চৰিত্ৰৰ বিষয়ে লেখা প্ৰকাশ কৰি ভাষাকেন্দ্ৰিক অসমীয়া জাতীয় চিন্তাৰ দিশ উন্মোচন কৰিলে।

এইগৰাকী মহান অসমীয়াই সাহিত্যিক, পথি সংগ্ৰাহক, প্ৰণেতাৰ জন্মজয়ন্তী এবছৰীয়া কাৰ্যসূচীৰে অসমৰ বিভিন্ন স্থানত অনুষ্ঠিত হৈছে। তেওঁৰ জন্মস্থান গোলাঘাট জিলাৰ ঢেকিয়ালত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ সামৰণি অনুষ্ঠান ৮ জানুৱাৰী ২০২১ত অনুষ্ঠিত হৈছে।

পুৱা এঘাৰ বজাত পৰা আৰম্ভ হোৱা এই অনুষ্ঠানত গণেশ গোস্বামীয়ে সভাপতিত্ব কৰাৰ লগতে উপস্থিত আছে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড০ সমুদ্ৰ কুমাৰ ভট্টাচাৰ্য, অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক বসন্ত কুমাৰ গোস্বামী। অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ নগেন শইকীয়া শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰিলে যদিও তেওঁ সভালৈ লিখিত ভাষণ প্ৰেৰণ কৰে।

আনহাতে ইগৰাকী মহান অসমীয়াৰ ডেৰশ বছৰীয়া জন্মজয়ন্তীৰ বিশেষ কাৰ্যসূচী গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনতো অনুষ্ঠিত কৰা হৈছে। অখিল ভাৰতীয় সাহিত্য পৰিষদ অসমে আয়োজন কৰা এই অনুষ্ঠানৰ লগত সংগতি ৰাখি পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ ওজান বজাৰৰ বাসভৱনৰ পৰা ৰবীন্দ্ৰ ভৱনলৈ এক শোভাযাত্ৰা উলিওৱা হয়।

এই শোভাযাত্ৰাত মহানগৰীৰ কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। শোভাযাত্ৰাত গায়ন-বায়নকে ধৰি অসমীয়া সংস্কৃতিৰ বৰ্ণিল সমাহাৰ ঘটে। শোভাযাত্ৰাৰ লগত আছে দুটাকৈ প্ৰকাণ্ড হাতীও।এই বৰ্ণাঢ্য শোভাযাত্ৰা উদ্বোধন কৰে অসম সাহিত্য সভাৰ উপ-সভাপতি মৃণালিনী দেৱীয়ে। আনহাতে অনুষ্ঠানৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা বিশেষ প্ৰদৰ্শনীৰ দ্বাৰ শুভ উদ্বোধন কৰে বিশিষ্ট সাংবাদিক, সম্পাদক কনক সেন ডেকাই।

এই ডেৰশ বছৰীয়া জন্মজয়ন্তী অনুষ্ঠানৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। এই অনুষ্ঠানতে 'প্ৰজ্ঞাসাধক হেমচন্দ্ৰ গোস্বামী' শীৰ্ষক গ্ৰন্থও উন্মোচন কৰা হয়। ইফালে পণ্ডিত হেমচন্দ্ৰ গোস্বামীৰ গুৱাহাটীস্থিত বাসগৃহত স্থাপন কৰা হ'ব এক ডিজিটেল লাইব্ৰেৰী আৰু মিউজিয়াম। এই বিষয়ে তেওঁৰ নাতি তথা আমেৰিকা নিবাসী বিশিষ্ট হৃদৰোগ বিশষজ্ঞ ডাঃ নৱ গোস্বামীয়ে এই কথা ঘোষণা কৰিছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in