কৃষক-শ্ৰমিকৰ জীৱনৰ মূল্য কি বুজিবা হে ৰাজকন্যা, হে ৰাজপুত্ৰ…

কৃষক-শ্ৰমিকৰ জীৱনৰ মূল্য কি বুজিবা হে ৰাজকন্যা, হে ৰাজপুত্ৰ…

মৃদুল কুমাৰ সন্দিকৈ

এজন ৰজা আছিল। প্ৰজা বৎসল ৰজাই মন্ত্ৰীক সুধিলে- আমাৰ ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ মানুহ কোন? চতুৰ মন্ত্ৰীয়ে ৰজাৰ মনোভাব বুজিলে। উত্তৰ দিবলৈ লৈ ৰজাক সুধিলে- মহাৰাজ, পদবীৰে গুৰুত্বপূৰ্ণ, মৰ্যাদাৰে গুৰুত্বপূৰ্ণ নে সামগ্ৰিকভাৱে ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ মানুহৰ কথা সুধিছে আপুনি? ৰজাই উত্তৰ দিলে- মই আমাৰ ৰাজ্যৰ কথা সুধিছো।

মন্ত্ৰীক লগতে নিৰ্দেশ দিলে- তুমি তেনে ৫জন মানুহ মোৰ সন্মুখত এসপ্তাহৰ ভিতৰত হাজিৰ কৰোৱা। ৰজাৰ আন বিষয়া-বৰ্গই ভাবিলে এইবাৰ চতুৰ বুলি ভাবি থকা মন্ত্ৰীৰ মৰণ মিলিল। ইমানবোৰ গুৰুত্বপূৰ্ণ মানুহ থকাৰ পাছত তেওঁ ৫জন মানুহ নিৰ্বাচন কৰি ৰজাৰ সন্মুখলৈ আনিলে আনসকল গুৰুত্বপূৰ্ণ মানুহ তেওঁৰ শত্ৰু হৈ পৰিব।

সময় অতিবাহিত হ'ল। মাজত মাত্ৰ দুটা দিন। ৰজাৰ বিষয়া-বৰ্গৰ , ৰাজ্যৰ কবি-পণ্ডিতকে ধৰি সকলোৱে শেষৰ দিনটোত মন্ত্ৰীৰ পৰা ৰজাৰ সন্মুখলৈ যাবলৈ নিমন্ত্ৰণ পাব বুলি আশাৰে বাট চাই ৰ'ল। এসপ্তাহ সময় হোৱাৰ দিনা ৰজাৰ সভা বহিল। মন্ত্ৰীও আহিল। তেওঁক ৰজাই নিৰ্দেশ দিলে- ৰাজ্যৰ ৫জন গুৰুত্বপূৰ্ণ ব্যক্তিক হাজিৰ কৰোৱা হওঁক।

আদেশ পাইয়ে মন্ত্ৰীজন ৰাজ দৰবাৰৰ পৰা ওলাই গ'ল আৰু লগত ৫জন মানুহ লৈ সোমাই আহিল। মানুহ কেইজন দেখিয়েই ৰজাৰ খং চুলিৰ আগ পালেগৈ। ৰাজ্যত ইমানবোৰ মানুহ থাকোতে এই কেইজন মানুহকহে তেওঁ গুৰুত্বপূৰ্ণ মানুহ বুলি নিৰ্বাচন কৰিলে। খং কোনোমতে দমাই ৰজাই মন্ত্ৰীক সুধিলে- এই কেইজনে মোৰ ৰাজ্যৰ গুৰুত্বপূৰ্ণ মানুহ নেকি?

ৰজাৰ যে খং উঠিছে আন বিষয়া-বৰ্গই ধৰিব পাৰিলে। মুখ টিপি টিপি তেওঁলোকে হাঁহিলে আৰু মনতে ভাবিলে- আজি এই চতুৰ বুলি ভবা মন্ত্ৰীয়ে মজা পাব! ৰজাই মন্ত্ৰীক নিৰ্দেশ দিলে- কিহৰ বাবে তেওঁলোক মোৰ ৰাজ্যৰ গুৰুত্বপূৰ্ণ লোক? মন্ত্ৰীয়ে প্ৰথমে হাতে-ভৰিয়ে বোকা লাগি থকা মানুহজনক ৰজাৰ সৈতে চিনাকি কৰাই দি ক'লে- মহাৰাজ, এইজন এজন খেতিয়ক।

তাৰপাছত আন এজন চন্তৰীক চিনাকি কৰি দি ক'লে- মহাৰাজ, এখেত আমাৰ ৰাজ্যৰ এজন সাধাৰণ সৈনিক। তাৰপাছত তৃতীয়জনক চিনাকি কৰাই দি তেওঁ যে এজন সাধাৰণ শ্ৰমিক সেই কথা ক'লে। চতুৰ্থতে ৰজাক মন্ত্ৰীয়ে এগৰাকী শিপিনীৰ সৈতে পৰিচয় কৰাই দিলে। তাৰপাছত ৰজাক মন্ত্ৰীয়ে চিনাকি কৰাই দিলে এজন কবিৰাজৰ সৈতে।

ৰজাই মন্ত্ৰীক নুসুধি নোৱাৰিলে- মোৰ ৰাজ্যত ইমান বিদ্বান লোক আছে। ৪০-৫০জন মোৰ ৰাজপৰিষদ আছে, ঋষি-মুনিয়ে ভৰি আছে। তেনেস্থলত সেই পণ্ডিত, বিদ্বানলোক সকলো থকাৰ পাছতো তোমাৰ দৃষ্টিত এওঁলোক কেনেকৈ ৰাজ্যৰ গুৰুত্বপূৰ্ণ ব্যক্তি হ'ল? মন্ত্ৰীয়ে ব্যাখ্যা কৰিলে- মহাৰাজ, আমাক প্রথমে লাগে খাদ্য। সেই খাদ্যৰ বাবে খেতি কৰে কৃষকে। তেওঁলোকে কৰা শ্ৰমেৰেই আমি খাওঁ। খেতি নকৰো বুলি এই লোকসকলে ক'লে আমি ভোকত মৰিব লাগিব। আপুনি মই ৰাজভোগ খাইছো। কিন্তু এবাৰ জানো ভাবিছো- আমাৰ খাদ্য উৎপাদন কৰিবৰ বাবে হাঁড়ক পানী কৰা এই লোকসকলৰ কথা?

ৰজাই শুনি গ'ল। মন্ত্ৰীয়ে তেওঁৰ ব্যাখ্যা আগবঢ়াই গ'ল এই লোকসকল কিয় ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ। আমাৰ ৰাজ্যৰ নিৰাপত্তাৰ দায়িত্বত এই সকল সৈনিক। আমি সুখনিদ্ৰা লোৱাৰ সময়তো তেওঁলোক উজাগৰে থাকে। তেওঁলোকৰ অবিহনে ৰাজ্য সুৰক্ষিত নহয়। আপুনিয়ে মহাৰাজ কওঁক সাধাৰণ হ'লেও এই সকল সৈনিক ৰাজ্যৰ বাবে গুৰুত্বপূৰ্ণ হয় নে নহয়?

এইজন শ্ৰমিক। শ্ৰমদান কৰি জীৱন নিৰ্বাহ কৰে। আপোনাৰ- মোৰ কাম তেওঁ নকৰিলে কৰোতা নাই। কেনেকৈ আপুনি ক'ব এওঁলোক সাধাৰণ হ'লেও গুৰুত্বপূৰ্ণ নহয় বুলি? আৰু এইগৰাকী শিপিনী। বস্ত্ৰ বয় তেওঁ। তেওঁ বস্ত্ৰ নোবোৱা হ'লে আপুনি মই পিন্ধিলো হেঁতেন কি? শেষত এওঁ কবিৰাজ। স্বাস্থ্যই পৰম ধন। আমাৰ সকলোৰে স্বাস্থ্যৰ বিধান দিয়ে তেওঁ।

এতিয়া মহাৰাজ আপুনি কওঁক- আপুনি বিচাৰিব দিয়া ৰাজ্যৰ ৫জন গুৰুত্বপূৰ্ণ ব্যক্তি এওঁলোক হয় নে নহয়? আপুনি কোৱা সকলতকৈ তেওঁলোকৰ গুৰুত্ব বেছি হয় নে নহয় এবাৰ ভাবক। এইবুলি কৈ মন্ত্ৰীয়ে নিজৰ আসনত বহিল। ৰজাই ভাবিলে- তেওঁ ইমান দিনে নভবা কথা মন্ত্ৰীয়ে ভবাই তুলিলে। ৰজাই স্বীকাৰ কৰিলে- তুমি ঠিকেই কৈছা। এই সকলেই মোৰ ৰাজ্যৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ব্যক্তি।

লাল বাহাদুৰ শাস্ত্ৰীয়ে সেই কথা বুজিছিল। সেয়েহে তেওঁ দেশৰ কৃষকসকলক, জোৱান সকলক মেৰুদণ্ড আখ্যা দি 'জয় জোৱান, জয় কিষাণ' শ্লগান দিছিল। কিন্তু এতিয়া জোৱান, কৃষক আৰু শ্ৰমিকৰ মূল্য দিয়ে কোনে? তেওঁলোকৰ সমস্যা , দাবীৰ প্ৰতি কাৰো অনুকম্পা নাথাকে। সমাজত অতিকৈ অবহেলিত সকলৰ ভিতৰত কৃষক আৰু শ্ৰমিকেই অন্যতম।

কল্যাণকামী ভাৰত ৰাষ্ট্ৰই জোৱান আৰু কৃষকৰ বাবে বহু আঁচনি ঘোষণা কৰে। কিন্তু সেই আঁচনিসমূহে তেওঁলোকৰ উপকাৰ বা জীৱন ধাৰণৰ মান উন্নত কৰিছেনে? সেই কথাহে কেতিয়াও আলোচনা নহয়। নিৰ্বাচনৰ প্ৰাকক্ষণত এই লোকসকলেই সকলোৰে লক্ষ্য হৈ পৰে। শ্ৰমিক সকলৰ ক্ষেত্ৰতো একেই কথা। তেওঁলোকক বিভাজনকামী নীতিৰে ঐক্যবদ্ধ, শ্ৰেণীমুক্ত সংগ্ৰামৰ পৰা আঁতৰাই ৰাখিব পৰাতোৱেই শাসক পক্ষৰ ডাঙৰ সফলতা।

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰিত দেওবাৰে প্ৰতিবাদী কৃষকৰ ওপৰত কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰই গাড়ী চলাই দিলে। এই ঘটনাত ৪জন প্ৰতিবাদী কৃষকৰ মৃত্যু হ'ল। ইয়াৰ পাছত কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰাত আৰক্ষীৰ গুলীত আন ৪জন কৃষকৰ মৃত্যু হয়। তিনিখন কৃষি আইনৰ বিৰোধিতাৰে সমগ্ৰ দেশজুৰি কৃষকৰ আন্দোলন অব্যাহত আছে।

দীৰ্ঘদিন ধৰি চলা সেই আন্দোলনৰ প্ৰতি চৰকাৰৰ আজিও হৃদয় কোমলা নাই। বিতৰ্কিত তিনি কৃষি আইনে কৃষকক সৰ্বস্বান্ত্ কৰিব বুলি দিল্লী কঁপাই দিয়াৰ পাছতো ৰাষ্ট্ৰতন্ত্ৰই কৃষকৰ সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত কিয় কোনো সমাধান সূত্ৰ উলিয়াব পৰা নাই সেয়া আলোচনাৰ বিষয় হৈয়ে ৰৈ গৈছে। লখিমপুৰৰ খেৰি টিকনিয়াত প্ৰতিবাদী কৃষকৰ ওপৰেৰে মন্ত্ৰীৰ পুত্ৰৰ গাড়ী চলি গ'ল।

প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা কৃষকসকলে উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য এক অনুষ্ঠানলৈ আহিব বুলি জানিব পাৰি এই কাৰ্যসূচী হাতত লৈছিল। উপ মুখ্যমন্ত্ৰী গৰাকীয়ে অংশ ল'ব লগা মল্লযুঁজ অনুষ্ঠানটোৰ আয়োজক আছিল খেৰি সাংসদ তথা কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী অজয় কুমাৰ মিশ্ৰ।

অভিযোগ উঠিছে- কেন্দ্ৰীয় মন্ত্ৰী মিশ্ৰৰে পুত্ৰ আশীষ মিশ্ৰই তেওঁৰ গাড়ী কৃষকৰ ওপৰেৰে চলিছিল। হিট এণ্ড ৰানৰ এই ঘটনা সংঘটিত হোৱাৰ পাছত কৃষকসকল জ্বলি উঠিছিল। কৃষকৰ খঙৰ উমান পাই উত্তৰ প্ৰদেশৰ উপ মুখ্যমন্ত্ৰী মৌৰ্যই তেওঁৰ অনুষ্ঠান বাতিল কৰিছিল। মন্ত্ৰীৰ পুত্ৰ মানেই ৰাজপুত্ৰ। তেনে মনোভাবেই এতিয়া দেখা যায়।

সমগ্ৰ দেশজুৰি প্ৰতিক্ৰিয়া সৃষ্টি হোৱাৰ পাছত মন্ত্ৰীৰ পুত্ৰই এই ঘটনাৰ সময়ত তেওঁ কনভয়ত থকা কথা অস্বীকাৰ কৰিছে। সংবাদ মাধ্যমক ৩ অক্টোবৰ, ২০২১ত সংঘটিত এই ঘটনাৰ ব্যাখ্যা দি ক'লে- মই সেই সময়ত গাড়ীত নাছিলো। তেতিয়া মই উপ মুখ্যমন্ত্ৰী গৰাকীক আদৰণি জনাবলৈ প্ৰস্তুতি চলাই আছিলো। আৰক্ষীও যেন উত্তৰ প্ৰদেশৰ ৰাজপুত্ৰ সদৃশ আশীষ মিশ্ৰক ৰক্ষণা-বেক্ষণ দিবলৈ নতুন নাটকৰ পাতনি মেলিলে।

নিয়ম মাফিক আইনগত ব্যৱস্থা লোৱা দেখুৱালে যদিও যিকোনো প্ৰকাৰে বিজেপিৰ এই নেতা গৰাকীৰ পুত্ৰক ৰক্ষণা-বেক্ষণ দিবলৈ তৎপৰ হৈ পৰিল। কিয়নো এই ঘটনাৰ অভিযুক্ত হৈছে ৰাজপুত্ৰ! ৰাজপুত্ৰই যিকোনো কাম কৰিব পাৰে। মৃত কৃষকসকলক ৪৫ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰা হৈছে। লগতে চৰকাৰী চাকৰিৰ টোপ।

একো একোজন কৃষকৰ জীৱনৰ মূল্য তেওঁলোকে ইমানেই বুলি ভাবে। একেদৰে ৰাজনৈতিক নেতা তথা ক্ষমতাশালী মন্ত্ৰীৰ সিদ্ধান্তৰ বাবেই শত্ৰুৰ হাতত জোৱান শ্বহীদ হয়। এটা চেল্যুট দি কেই টকামান ক্ষতিপূৰণ দিলেই যেন সকলো শেষ হৈ যায়। ৰাজদণ্ড যিসকলৰ হাতত আছে সেই সকল ক্ষমতাত অন্ধ হৈ পৰে।

নাম, ধন, যশস্যাৰ বলত মানুহৰ গাৰ ওপৰেৰে গাড়ী চলাই গুচি যোৱাৰ দৰে ঘটনা সংঘটিত কৰিছে বলিউডৰ অভিনেতায়ো। জীৱনৰ মূল্য ইমানেই কম নেকি তেওঁলোকৰ ওচৰত? ন্যায়ালয়ত এই বিষয়টো আলোচনা হৈছে। ন্যায়ালয়ে প্ৰশ্ন কৰিছে চৰকাৰক কৃষকসকল বিতৰ্কিত তিনি আইনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰাৰ পাছতো কৃষকসকল কিয় আন্দোলন কৰি থাকিব লগা হৈছে।

উত্তৰ কাৰো ওচৰতেই নাই। সাধাৰণ শ্ৰেণীৰ এই লোকসকলক তেওঁলোকে মানুহ বুলিয়েই গণ্য নকৰে। এখন গণতান্ত্ৰিক দেশত প্ৰতিবাদ সাব্যস্ত কৰিলেই তেওঁলোকৰ বুকুলৈ লক্ষ্য কৰি গুলী বৰ্ষণ কৰিবলৈ শাসক পক্ষৰ প্ৰভূভক্ত স্বৰূপ হৈ পৰা আৰক্ষী-নিৰাপত্তাৰক্ষী ৰৈ থাকে। কিন্তু একেই আৰক্ষী-নিৰাপত্তাৰক্ষীয়ে ৰাজনৈতিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰা প্ৰতিবাদকাৰীৰ বুকুলৈ গুলীবৰ্ষণ কৰিবলৈ হাজাৰবাৰ ভাবে।

দেশ এখন গঢ়ে তেওঁলোকে। দেশৰ মূল মেৰুদণ্ড এওঁলোক। তথাপিও তেওঁলোকক কিয় এনে তৃতীয় শ্ৰেণীৰ লোকৰ দৰেই ৰাজযন্ত্ৰই ব্যৱহাৰ কৰে? তেওঁলোকৰ অধিকাৰ কাঢ়ি আনি ভোগ-লালসাত মত্ত হৈ কঠোৰ শ্ৰমৰ মাজেৰে উৎপাদন কৰা শস্য বা শ্ৰমিক সকলে শ্ৰমৰ মূল্য নাপায়। সেই ভেদ ভাব কেতিয়াবা আঁতৰ হ'বনে? নে এনেদৰেই চলি থাকিব কৃষক-শ্ৰমিকক শোষণ কৰাৰ কাৰবাৰ?

চৰ্চাত ৰাজকন্যা। ঘটনা প্ৰায় একেই। সুৰাৰ ৰাগীত মাতাল ৰাজকন্যা। দিছপুৰৰ জিএছ ৰোডত ধুমুহা গতিত চলাইছিল গাড়ী। ৰাজপথ নহয় যে আকাশত উৰিছে উৰাজাহাজ! ৮জনকৈ শ্ৰমিকক মহতিয়াই লৈ গ'ল। মাজনিশা গুৱাহাটীৰ ৰাজপথত সংঘটিত হৈছিল এই ঘটনা। ১ অক্টোবৰ, ২০২১ত সংঘটিত হৈছিল এই দুৰ্ভাগ্যজনক ঘটনা।

তাজ হোটেলৰ পৰা আহিছিল ৰাজকন্যা। কিমান সুৰা সেৱন কৰিছিল সেয়া ৰাজকন্যাই হয়তো নাজানে। অনিয়ন্ত্ৰিত গতি-বেগত গাড়ী চলাই আহি ৰুক্মিনীগাঁৱৰ ডিভাইডাৰত কাম কৰি থকা ৮জন শ্ৰমিকৰ প্ৰায় ওপৰেৰেই গাড়ী পাৰ হৈ গৈছিল। ভৰি পৰ্যন্ত ছিগি পৰিছিল এজন শ্ৰমিকৰ। এনে এক ভুল কৰাৰ পাছতো তেওঁৰ অহংকাৰ কমা নাছিল।

আৰক্ষীয়ে ৰাজকন্যাক আটক কৰিছিল। এজাহাৰ দাখিল কৰি যান-বাহন শাখাৰ আৰক্ষীয়ে আদালততো হাজিৰ কৰালে। কিন্তু দিছপুৰ আৰক্ষীয়ে আইপিচি ২৭৯/৩৩৮/২৯৪/৩৫৩ ধাৰাতহে ৰুজু কৰিছিল গোচৰ। ৩৫৩নং ধাৰাৰ বাদে বাকী সকলো ধাৰাই আছিল জামিনযোগ্য। ৰাজকন্যাই জামিন পালে।

সুৰাপান কৰি গাড়ী চলোৱা সাধাৰণ চালকৰ বিৰুদ্ধে আৰক্ষী কিমান কঠোৰ হয়। কিন্তু এই ৰাজকন্যা অৰ্থাৎ ৰাজকন্যা বৰুৱাৰ বিৰুদ্ধে কঠোৰ হ'ব নোৱাৰিলে। নৈশ সান্ধ্য আইন চলি আছে ৰাজ্যত। তথাপি আৰক্ষীয়ে সেই ধাৰা আৰোপেই নকৰিলে। পঞ্চতাৰকা হোটেলত পাৰ্টী কৰি আহিছিল ৰাজকন্যাই।

এনিশাৰ বাবেও তেওঁ থানা বা থানাৰ আলহী হ'ব লগা নহ'ল। ৮জনকৈ শ্ৰমিকক মহতিয়াই নি উৎশৃখল আচৰণ কৰা এই ৰাজকন্যা হয়তো হাতদীঘল মানুহৰ তনয়া। তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। সেই প্ৰতিক্ৰিয়া দি আৰক্ষীয়ে পাছত দিছপুৰ মহিলা আৰক্ষী উপ পৰিদৰ্শক আভাৰাণী গগৈ, ট্ৰেফিক ব্ৰাঞ্চৰ উপ পৰিদৰ্শক ছাহিৰ আলীক ৰিজাৰ্ভ ক্ল'জ কৰি লাজ ঢাকিব লগা হৈছে।

অভিযোগ উঠিছে – ৰাজকন্যাক ৰক্ষণা-বেক্ষণ দিছিল তেওঁলোকে। আৰক্ষীয়ে অপৰাধীক সাৰি যোৱাৰ বাট দেখুৱাই দিছে। এই ভয়ংকৰ দুৰ্ঘটনা সংঘটিত কৰাৰ পাছতো কেনেকৈ তেওঁ জামিন পালে তাক লৈও প্ৰশ্ন উঠিছে। ৰাজকন্যাই এই ঘটনাৰ পাছত ষ্টেট দিছে তেওঁৰ সামাজিক মাধ্যমত। গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত বুলি কৈছে।

১৮ ঘন্টা ধৰি সুচিকিৎসা নোপোৱাৰ অভিযোগ তুলিছে। মূৰ আৰু ডিঙিৰ লগতে সমগ্ৰ দেহত ৰাজ কন্যাই আঘাত পাইছে। নিজকে হতাশগ্ৰস্ততাত আক্ৰান্ত এজন ৰোগী বুলিও ক'বলৈ কুন্ঠাবোধ কৰা নাই। তিনি বছৰ ধৰি হেনো তেওঁ এই ৰোগত ভোগী আহিছে। থেৰাপী কৰি আছে। সংবাদমাধ্যমকে তেওঁ গালি পাৰিছে। টিআৰপিৰ বাবে হেনো তেওঁক দোষৰ ওপৰত দোষ দিছে।

চিৰিয়াখানাত বহু দুৰ্ঘটনা ঘটি থাকে। মৃত্যুও হয়। কিন্তু কেৱল সংবাদ মাধ্যমে তেওঁৰ দুৰ্ঘটনাটোকহে বোলে বেছি ৰৌজাল কৰিছে। তেওঁৰ কিবা হ'লে সংবাদ মাধ্যমেই দোষী হ'ব বুলি ভাবুকিও দিছে। নিজেই কৈছে- আৰক্ষীয়ে হিট এণ্ড ৰান আৰু মাদক দ্ৰব্য সেৱন কৰাৰ কোনো গোচৰেই ৰুজু কৰা নাই। এই দুৰ্ঘটনাৰ পাছত তেওঁ যে বাচি গৈছে তাৰ বাবে তেওঁৰ শুভাকাংক্ষী আৰু পৰিয়ালৰ সদস্যক ধন্যবাদ জনাইছে।

ৰাজকন্যা বাচি গৈছে। এক ভয়ংকৰ দুৰ্ঘটনাত তেওঁৰ প্ৰাণৰক্ষা হৈছে। তাৰ বাবে নেদেখাজনক আমিও ধন্যবাদ জনাইছো। মৃত্যু কাৰোৱেই কাম্য নহয়। কিন্তু সেই ৰাজকন্যাক সুধিব খুজিছো- যিজন শ্ৰমিকে তেওঁৰ ভৰি হেৰুৱাই পেলাইছে, সেই শ্ৰমিকজনক হেৰুওৱা ভৰি দুখন তেওঁ ঘূৰাই দিব পাৰিবনে? তেওঁ ক'ব পাৰিবনে- সেই মাজৰাতি পঞ্চতাৰকাৰ হোটেলত পাৰ্টী কৰি সুৰা সেৱন নকৰাকৈ আহিছে?

ৰাজকন্যাই এতিয়া কি ক'ব? যি কেইজন আৰক্ষীয়ে তেওঁক সাৰি যোৱাৰ বাট দেখুৱাইছিল তেওঁলোকৰ বিৰুদ্ধে শাস্তি হ'ল। সংবাদ মাধ্যমক গালি পাৰিলেই ৰাজকন্যাৰ সকলো দোষ নোহোৱা হৈ যাব নেকি? ইমান ডাঙৰ এটা দুৰ্ঘটনাৰ খবৰ সংবাদ মাধ্যমে দিয়াটো ভুল আছিল নেকি? ভুল-শুদ্ধ আদালতত প্ৰমান হ'ব। কিন্তু জনতাৰ আদালতত ৰাজকন্যা দোষী বুলি চৰ্চা হৈছে। কাৰ মুখত তেওঁ খোপা দিব?

ডিপ্ৰেছনত ভোগা ৰোগত যদি তেওঁ আক্ৰান্তই তেনেহ'লে তেওঁ গাড়ী চালনাৰ বাবে অনুজ্ঞাপত্ৰৰেই যোগ্য নহয়। তেওঁ জনাইছিল নে পৰিবহন বিভাগক যে তেওঁ এনে এক ৰোগত আক্ৰান্ত যাৰ বাবে গাড়ী চলাব নোৱাৰে। কিয়নো তেওঁ নিজেই কোৱা মতে তিনিবছৰ ধৰি চৰম হতাশা, অন্যমনস্ক হৈ থকাৰ কথা।

এবাৰ তেওঁ কিয় ভবা নাই – তেওঁৰ এনে কাণ্ডৰ বাবে আঘাতপ্ৰাপ্ত হোৱা কেইজনৰ কথা। সংবাদ মাধ্যমক মিছা বুলি কৈ নিজক ধুৱা তুলসীপাত সজাবলৈ গৈ ৰাজকন্যাই নিজেই চোন বোকাত নামিছে। সংবাদ মাধ্যমক শিক্ষা তেওঁ পাছত দিব। হ'ব পাৰে সংবাদ মাধ্যমৰো ভুল। কিন্তু প্ৰথম ভুলটো তেওঁ কৰিলে। সুৰা সেৱন কৰি সান্ধ্য আইন ভংগ কৰি শ্ৰমিকক মহতিয়াই লৈ গৈ এতিয়া নিজকেই নিৰ্দোষী প্ৰমান কৰিবলৈ ইটোৰ পাছত সিটো ভুল কৰিছে।

তেওঁ নাজানিলেও তেওঁৰ বিষয়ে জনা বহু লোক আছে। তেওঁৰ কৰ্মকাণ্ডৰ খতিয়ান সাংবাদিকৰ নখদৰ্পনত আছে। ৰাজকন্যা বুলিয়েই তেওঁ বাচি যাব নেকি? ৰাজপুত্ৰ-ৰাজকন্যাই কিয় ভাবিছে সাধাৰণ লোকসকলৰ জীৱনৰ মূল্য নাই বুলি? হে ৰাজকন্যা, হে ৰাজপুত্ৰ কৃষক-শ্ৰমিকৰো জীৱনৰ মূল্য আছে। আপোনাৰ দৰে তেওঁলোকৰো পৰিয়াল আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in