ঋণং কৃত্বা ঘৃতং পিবেৎ…

ঋণং কৃত্বা ঘৃতং পিবেৎ…

মৃদুল কুমাৰ সন্দিকৈ

ৰাজ্যত সচাঁকৈ চলিছে নেকি মন্দাৱস্থা। উদং ৰাজভৰাঁলৰ বাবে ৰাজ্য চৰকাৰে মুকলি বজাৰৰ পৰা ঋণ ল'বলৈ সিদ্ধান্ত লব লগা হৈছে। বিত্ত বিভাগৰ প্ৰধান সচিব সমীৰ কুমাৰ সিনহাই স্বাক্ষৰ কৰা এক বিজ্ঞাপন ৯ছেপ্তেম্বৰ, ২০২১ত প্ৰকাশ হৈছিল। যি বিজ্ঞাপনক লৈ এতিয়া তীব্ৰ চৰ্চা হৈছে। অসম চৰকাৰে অতি কৌশলেৰে মুকলি বজাৰৰ পৰা প্ৰায় ৬০০কোটি টকা ঋণ ল'ব। যি ঋণ হব দীৰ্ঘম্যাদী ঋণ।

এই ঋণক চৰকাৰে নাম দিছে ষ্টেট ডেভেলপমেন্ট লোণ। অথাত ৰাজ্য উন্নয়নৰ ঋণ। যি ধন ৰাজ্য চৰকাৰে বিভিন্ন আচঁনিৰ নামত ব্যয় কৰাত কোনো বাধা নাথাকিব। নিৰ্বাচনী প্ৰতিশ্ৰুতি পালন কৰাৰ নামত চৰকাৰে বহু আচনি ৰূপায়ন কৰি আহিছে। সেই আঁচনিসমূহ ৰূপায়নৰ ক্ষেত্ৰত ৰাজকোষৰ পৰা যথেষ্ট পৰিমাণৰ ধন ব্যয় কৰিব লগা হৈছে।

কিন্তু সেই ধন ৰাজকোষত নথকাত চৰকাৰে এনেদৰে মুকলি বজাৰৰ পৰা ঋণ লোৱাৰ কোনো বিকল্প নাইকিয়া হৈছে। কোৰোনাৰ প্ৰভাৱো চৰকাৰৰ ওপৰত পৰিছে। ৰাজহ সংগ্ৰহ হ্ৰাস পোৱাৰ বাবে চৰকাৰে ধন সংগ্ৰহৰ বাবে গ্ৰহণ কৰা এই পদক্ষেপে ৰাজ্যৰ আৰ্থিক অৱস্থাৰ এখন ছবি দাঙি ধৰিছে।

শেহতীয়াকৈ কেন্দ্ৰীয় পৰিসংখ্যা প্ৰকল্প ৰূপায়ন মন্ত্ৰালয়ে প্ৰকাশ কৰা প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে, ক্ৰমাত ঋণ ডুব গৈছে অসমৰ সাধাৰণ জনতা। কেন্দ্ৰীয় চৰকাৰৰ এই মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ মতে অসমৰ গ্ৰামাঞ্চলত এটা এটা পৰিয়ালৰ মূৰত ঋণৰ বোজা ১৬হাজাৰ টকালৈ বৃদ্ধি পাইছে।

ইণ্ডিয়া ডেট এণ্ড ইনভেষ্টমেন্ট চাৰ্ভেৰ মতে যোৱা ৬বছৰত অসমৰ গ্ৰামাঞ্চলত ঋণৰ বোজা ৩গুণ বৃদ্ধি পাইছে। ২০১২চনত অসমৰ গ্ৰামাঞ্চলৰ পৰিয়ালৰ মূৰত থকা ঋণৰ পৰিমাণ আছিল ৫হাজাৰ টকা। সেয়া যোৱা ৬বছৰত বৃদ্ধি হৈ হৈছেগৈ ১৬হাজাৰ। ইফালে চহৰাঞ্চলত ঋণৰ পৰিমাণ ৩৭হাজাৰৰ পৰা বৃদ্ধি হৈ হৈছেগৈ ৭৭হাজাৰ টকা।

লক্ষ্যণীয় কথাতো হৈছে অসমৰ মুঠ ঘৰুৱা উতপাদনৰ প্ৰায় ২০শতাংশই হৈছে চৰকাৰী ঋণ। তেনে এক পৰিস্থিতিত ৰাজ্যখনৰ আৰ্থিক অৱস্থাৰ বিপৰীতে চৰকাৰে ন ন আচনিৰ ঘোষণা কৰিলেও অসম চৰকাৰে সেইবোৰ জোৰা মাৰিবলৈ মুকলি বজাৰত হাত পাতিব লগা হৈছে।

ৰাজ্যখনত কৰ আৰু ৰাজহ সংগ্ৰহ বৃদ্ধি কৰিবলৈ চৰকাৰে সকলো ধৰণৰ পদক্ষেপ হাতত লৈছে। কোভিডৰ সময়ত পেট্ৰল-ডিজেলৰ ওপৰতো প্ৰতিলিটাৰত ৫টকাকৈ অতিৰিক্ত কৰ আৰোপ কৰিছিল। আবকাৰী বিভাগ, জি এছ টি, পৰিবহন বিভাগ ৰাজ্যখনৰ প্ৰধান কৰ সংগ্ৰহৰ উৎস।

এফালে কৰ, ৰাজহ সংগ্ৰহ কমিছে, আনফালে খৰছ কমিছে। সন্মুখত খালী ৰাজভৰাঁল হৈ হিতাধিকাৰীক ধন, আন সামগ্ৰী বিলাবৰ বাবে চৰকাৰে বিকল্প পথৰ সন্ধান কৰিব লগা হৈছে। WB.03/2021তাং-৯/০৯/২০২১নং জাননীযোগে ৰাজ্য চৰকাৰে ভাৰতীয়া ৰিজাৰ্ভ বেংকৰ অধীনত হব লগা নিলামৰ জৰিয়তে সময় নিৰ্ধাৰিত ঋণ পত্ৰ বিক্ৰী কৰিবলৈ আগবাঢ়িছে।

১৪ছেপ্তেম্বৰত ৰিৰ্জাভ বেংকৰ মুম্বাইস্থিত কেন্দ্ৰীয় কাৰ্যালয়ত এই নিলাম হ'ব বুলি উল্লেখ আছিল এই বিজ্ঞাপনত। সেইমতে, হয়তো এই নিলাম ইতিমধ্যে হৈ গৈছে। ঋণ পত্ৰত ৰাজ্য চৰকাৰে দিয়া প্ৰতিশ্ৰুতি পত্ৰত যিবোৰৰ পৰা ঋণ ল'ব তেওঁলোকক প্ৰতি ছমাহৰ মূৰত ঋণৰ সুদ ঘূৰাই দিব বুলি উল্লেখ কৰা আছে।

১০বছৰৰ ভিতৰত সম্পূৰ্ণ ঋণৰ ধন ঘূৰাই দিয়াৰ প্ৰতিশ্ৰুতিও চৰকাৰে দিছে। অসম চৰকাৰে ঋণ ল'ব লগা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান সমূহৰ ভিতৰত আছে বাণিজ্যিক বেংক, কোভিড এণ্ড ফাণ্ড, বীমা কোম্পানী আদি। ইয়াৰ উপৰিও আৰবান কোপাৰেটিভ বেংককে ধৰি আন প্ৰতিষ্ঠানৰ পৰা ঋণ ল'ব চৰকাৰে।

বিজ্ঞাপনত উল্লেখ কৰা মতে, এই প্ৰতিযোগিতামূলক নিবিদা ভাৰতীয়া ৰিজাৰ্ভ বেংকৰ চি বি এছ প্লেটফৰ্ম ই-কুবেৰৰ জৰিয়তে অনলাইন মাধ্যেমেৰে জমা লৈছে। অপ্ৰতিযোগিতামূলক নিবিদাৰ ক্ষেত্ৰত বিনিয়োগ কৰিব খোজা কোম্পানীয়ে মুঠ ধনৰাশি ১শতাংশ পৰ্যন্তহে এখনকৈ নিবিদা জমা দিব পাৰিব বুলি উল্লেখ আছে।

নিলামত নিৰ্ধাৰিত সুদৰ প্ৰস্তাৱিত ঋণ পত্ৰত কুপন ৰেট বুলি নিশ্চিত কৰিছে। উল্লেখ্য যে, সংবিধানৰ ২৯৩(৩) অনুচ্ছেদৰ মতে, কোনো চৰকাৰ বা কেন্দ্ৰীয় শাসিত অঞ্চলে এটা বছৰত বজাৰৰ পৰা আহৰণ কৰা ঋণৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ পৰা অনুমতি লব লাগে। অসম চৰকাৰে এই ক্ষেত্ৰত অনুমতি হয়তো গ্ৰহণ কৰিছে।

কিয়নো, তেনে ঋণ লবৰ বাবে ৰাজ্য চৰকাৰে যি জাননী বা চৰ্তাৱলী দিয়ে ইয়াক ৰাজহুৱাভাৱে প্ৰকাশ কৰাটো প্ৰয়োজন। প্ৰতিবছৰে চৰকাৰে এনে ঋণ গ্ৰহণ কৰে। কেন্দ্ৰীয় চৰকাৰেও আৰ্থিক অৱস্থা জোৰা মাৰিবলৈ ৰাজহুৱা খণ্ডৰ সম্পত্তিসমূহ ব্যক্তিগত খণ্ডৰ হাতত তুলি দিছে।ট

আঁচনিয়ে চমক দিয়াৰ সময়ত ভৱিষ্যতৰ বাবে এক ভয়াৱহ ইংগিত প্ৰদান কৰে এনেবোৰ সিদ্ধান্তই। চৰকাৰৰ হাতত ইয়াৰ সপক্ষে যথেষ্ট যুক্তি থাকিব। পূৰ্বতেও এনেদৰে মুকলি বজাৰৰ পৰা ঋণ লোৱা বুলি চৰকাৰে যুক্তি দৰ্শাব। হয়তো স্বীকাৰ নকৰিব যে, ৰাজ্যখনৰ ভাগি পৰা আৰ্থিক অৱস্থাৰ কথা।

কিন্তু কিমানদিনলৈ এইবোৰ চমকেৰে এখন সৰ্বাংঙ্গীন অসমৰ সপোন বাস্তৱৰ মুখামুখি হোৱাকৈ লুকুৱাই ৰাখিব পাৰিব। সমৃদ্ধিশালী অসম গঢ়াৰ বাবে হাতে-কামে লগাৰ সময় এয়া। এচাম হিতাধিকাৰীৰ সৃষ্টিৰে নিজৰ ভোট সুৰক্ষিত কৰাৰ বাহিৰে স্বনিৰ্ভৰশীল আৰু প্ৰগতিশীল এখন ৰাজ্য আশা কৰিব নোৱাৰি।

ৰাজ্যখনৰ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা ধনৰ বিপৰীতে চমক আৰু জনপ্ৰিয়তাৰ অৰ্জনৰ বাবে কোনোবাই চৰকাৰী ধন বিতৰণ কৰিল তাত কোনো উৎপাদনৰ কথা নাহে। চৰকাৰে সেয়াও কৰিব লাগিব। সহায় কৰাৰ দায়িত্ব চৰকাৰৰো আছে। কিন্তু ইয়াকে কৰিবলৈ যাওতে ব্যৱস্থাপনাহীন আৰু ৰাজকোষৰ ধন অপব্যয় হলে তাৰ উত্তৰ সময়ে দিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in