সুকৃতি আকৌ আহিব উভতি !

সুকৃতি আকৌ আহিব উভতি !

মৃদুল কুমাৰ সন্দিকৈ

আমাৰ সমস্যা বহু আছে। সেই সমস্যাবোৰৰ কথা আমি ইমান সচেতনতাৰে কেতিয়াবা ভাবোঁনে? ভাৰ্ছুৱেল জগতখনত বিচৰণ কৰি ফুৰা এটা চৰিত্ৰক লৈ বহু লোক ব্যস্ত। সেই ব্যস্ততাৰ মাজতে নিজক কেন্দ্ৰ কৰি আঁকি লোৱা এখন পৃথিৱী বহু প্ৰশ্ন ৰৈ যায়।

ডাঃ সুকৃতি চৌধুৰী নামৰ নাৰী গৰাকীৰ অস্তিত্ব বিচাৰী ব্যস্ত হৈ থকাৰ সময়ত কেতিয়াও এবাৰলৈ ভৱা হোৱা নাই এই কাল্পনিক বা অতিবাস্তৱ চৰিত্ৰটোৱে আমাক কি দি গ'ল? যাৰেই মানস কন্যা নহওক সুকৃতি চৌধুৰী, সেয়া এক আপেক্ষিক ধাৰণাৰে মনৰ সৈতে বান্ধি যোৱা আত্মীয়তাৰ প্ৰতিফলন হয়তো কিছু ক্ষেত্ৰত হৈছে।

সেই দৃষ্টি কোণেৰে তেনে এক চৰিত্ৰৰ সন্ধানেৰে মৌলিকতাবিহীন ভাৱে হলেও তেওঁক লৈ আজিৰ প্ৰেক্ষাপটত চিন্তা-চৰ্চা কৰিব পৰা অৱকাশ থাকি যায়। ভাৰ্ছুৱেল জগতখন প্ৰায়েই অস্তিত্বহীন অথচ এৰি দিব নোৱাৰা এখন বৃহৎ মঞ্চ। সেয়েহে এই চৰিত্ৰৰ সৈতে নাম সাঙোৰ খোৱা কোনোবা প্ৰাণ প্ৰতিম বৰদলৈ, ভাস্কৰ পাপুকন গগৈ আদিৰ সৈতে বিষয়টোক লৈ চৰ্চা কৰাৰ বিপৰীতে আন কোনেও হয়তো ইয়াৰ সঠিক উত্তৰ দিব নোৱাৰিব।

তাৰ মাজতো যোৱা দুদিন ধৰি এই অতি বাস্তৱ চৰিত্ৰক বিচাৰি হাহাকাৰ কৰা সকলে এবাৰলৈ হলেও বাস্তৱৰ পৃথিৱীখনলৈ ঘূৰি আহি জাপানত মৃত্যু হোৱা বুলি প্ৰচাৰ চলোৱা খবৰৰ বোৰৰ পিছত দৌৰাতকৈ আন কিছু সামাজিক-ব্যক্তিগত বিষয়ক লৈ সজাগ, সচেতনতাৰে দৃষ্টিপাত কৰাৰ প্ৰয়োজন নাই নে?

সকোলেতে কেৱল সুকৃতি। হোৱাটছএপ, ফেচবুক, মোবাইল ফোন সৰ্বত্ৰে এই সুকৃতিক লৈ মানুহ ব্যস্ত। কিন্তু ইয়াৰ বিপৰীতে সামাজিক দৃষ্টি কোণেৰেও গুৰুত্বপূৰ্ণ কিছু বিষয় বহুজনে লিখিলেও সেই বিষয়বোৰৰ প্ৰতি মানুহৰ কোনো আগ্ৰহ নাথাকে।

আমাক ভাৰ্ছুৱেল জগতখনে তৰল কৰি পেলাইছে নেকি? আমি চানাছুৰ দৰে কিছু সস্তীয়া কথাবতৰাত লাগি থাকোতে আমাক এনেকৈ ব্যস্ত কৰি ৰাখে যে, সামাজিক মাধ্যমত চৰ্চিত হ'বলগীয়া আন বিষয় তল পৰি ৰয়। ৰহণ সানি প্ৰকাশ কৰা এই মুখৰচক কাহিনীবোৰে সুকৃতি চৌধুৰীক সৃষ্টি কৰাই নহয়, ইয়াক জীৱন্ত কৰি তুলিবলৈও চেষ্টা কৰিছে।

এই বিষয়ক লৈ ইমান অস্ত্ৰোপচাৰ হৈছে যে, বিভিন্নজনে বিভিন্ন দৃষ্টি ভংগীৰে সামাজিক মাধ্যম তোলপাৰ লগাই দিছে। পুৱা-গধূলি হয়তো আৰু দুদিনমানলৈ এই চৰিত্ৰই হেন্দোলনি খেলি থাকিব। তাৰ পাছত লাহে লহা েসেই বিষয়বোৰ তল পৰিব, সুকৃতিৰ ঠাইত নতুন চৰিত্ৰ গঢ়লৈ উঠিব।

যদি সুকৃতিয়ে বেয়া কৰা নাছিল আৰু যদি সুকৃতিৰ সৈতে কোনেও বেয়া নকৰিছিল তেনেহ'লে সেই চৰিত্ৰই অতি বাস্তৱতাৰ মাজতো অসমীয়া ভাৰ্ছুৱেল জগতখনত এনে এক প্ৰভাৱশালী চৰিত্ৰ সৃষ্টি কৰাৰ ইতিহাসৰ সাক্ষী হৈ ৰ'ব। সেই ইতিহাস সৃষ্টিৰ বাবে কাৰ মস্তিষ্কত এনে কথা বতৰাই প্ৰথম ভূমুকি মাৰিছিল সেয়াও আলোচনা চলিব।

সুকৃতিক লৈ আৱেগিক হৈ থকা সকলে, সুকৃতিক এনেদৰে প্ৰতিষ্ঠা কৰা কেইজনে সফলতা দাবী কৰিব পাৰে। হয়তো সুকৃতিৰ মৃত্যুৰ খবৰ প্ৰচাৰ কৰি সেই চৰিত্ৰক ইমানতে অন্ত পেলাই তাৰ পৰৱৰ্তী সময়ৰ ক্ৰিয়া-প্ৰতিক্ৰিয়াই মানুহক দুদিন-মানৰ বাবে ব্যস্ত কৰি ৰখাৰ বিপৰীতে সঁচা অৰ্থত আমাক সুকৃতিৰ দৰে বাস্তৱৰ চৰিত্ৰ এটাৰ হে প্ৰয়োজন।

যি সুকৃতিয়ে মানুহৰ কথা ভাবিব পাৰে, মানুহৰ বাবে কৰিব পাৰে। ভাৰ্ছুৱেল পৃথিৱীখনৰ জৰিয়তে হলেও বাস্তৱ আৰু কল্পনাৰ সৈতে আমাৰ সামাঞ্জস্য ৰক্ষা কৰিবলৈ সক্ষম হয়। এফালে মানুহৰ আৱেগ অনুভূতি মূল্যহীন হৈ পৰাৰ বিপৰীতে মানুহৰ মন জয় কৰিব পৰা এই ধৰণৰ চৰিত্ৰই আমাক পূৰণি দিনবোৰ উভতাই দিবলৈ সক্ষম হ'ব। যদিহে এই কাল্পনিক সুকৃতিৰ দৰেই আমি নিজকে বাস্তুৱক সুকৃতি ৰূপত গঢ় দিব পাৰো।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in