এগৰাকী শিক্ষয়িত্ৰীৰ কথাৰে…

এগৰাকী শিক্ষয়িত্ৰীৰ কথাৰে…

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান খবৰ মানুহৰ দৃষ্টিত নপৰে। চৰ্চা নহয় সেই খবৰবোৰ। ইয়াৰ বিপৰীতে অতি তৰল আৰু ৰুচিহীন খবৰে ভিৰ কৰেহি। সেই ভিৰৰ মাজত বিচাৰি ফুৰা খবৰ এইটো। মানুহগৰাকীৰ নাম দীপাঞ্জলী পাঠক। উচ্চ শিক্ষিত আৰু ব্যক্তিত্ব সম্পন্ন দীপাঞ্জলী পাঠক বৃত্তিত শিক্ষয়িত্ৰী।

তেওঁ সদায় পৃথক ধৰনেই কথাবোৰ ভাৱে। প্ৰতিটো চিন্তাত নতুনত্ব থাকে। থাকে আত্মীয়তা আৰু দায়বদ্ধতা। ৰাসায়ন বিজ্ঞানত তেওঁ স্নাতকোত্তৰ। বি এড, এল এল বিৰ উপৰিও ইণ্টেৰিয়ৰ ডেক'ৰেচনত এডভান্স ডিপ্লমা, সাংবাদিকতাৰ ডিপ্লমা লৈছে তেওঁ।

লণ্ডনৰ এখন বিখ্যাত শিক্ষা প্ৰতিষ্ঠানৰ পৰা তেওঁ পাঠ্যক্ৰমো গ্ৰহণ কৰিছে। শিক্ষাদানকেই জীৱনৰ ব্ৰত ৰূপে লোৱা দিপাঞ্জলী পাঠক মহানগৰৰ এখন অভিজাত বিদ্যালয়ৰ উপাধ্যক্ষ আছিল। বৰ্তমানো তেওঁ আন এখন বিদ্যালয়ৰ উপাধ্যক্ষ। তাতেই তেওঁ দায়িত্ব শেষ কৰা নাই। চি বি এছ ই দশম আৰু দাদ্বশ শ্ৰেণীৰ মুখ্য পৰীক্ষক ৰূপে দায়িত্ব পালন কৰাৰ লগতে শিক্ষা ক্ষেত্ৰখনত কৰা বহু উল্লেখযোগ্য কামৰ মাজতেই তেওঁ এক অসাধাৰণ কাম কৰি গৈছে।

জীৱনলৈ তেওঁৰ বহু জটিলতা আহিছে। সেই জটিলতাৰ তেওঁ মুখামুখি হৈ কোনো দিনেই হাৰি যোৱা নাই। বৰঞ্চ কৰিব খোজা কামবোৰ অতি নিখুতঁ ভাৱে কৰাৰ সংকল্পৰে, দৃঢ়তাৰে সকলোখিনি কৰি গৈছে। গুৱাহাটীৰ মাজমজিয়াত থকা এখন বিদ্যালয়ৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ পিছতো উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত তেওঁ ৩ বছৰৰ পূৰ্বে আৰম্ভ কৰিছিল এখন বিদ্যালয়।

এই বিদ্যালয়খনৰ নাম দিছিল ডিকেন্দ্ৰী একাডেমিকা। সেই অঞ্চলৰ ছাত্ৰ-ছাত্ৰীসকলক কেৱল শিক্ষাদানেই নহয়, মানুহ ৰূপে গঢ়ি তোলাৰ বাবে তেওঁৰ এই প্ৰয়াস সৰু হৈ থাকিলেও এদিন যে এই চিন্তা, চেতনাই বিস্তাৰিত ৰূপ পাব সেইয়া নিশ্চিত।

বিদ্যালয়খনৰ শিক্ষক, শিক্ষয়িত্ৰী আৰু বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, অভিভাৱক সকলোৰে সপোন ডিকেন্দ্ৰী। ব্যৱসায়িক স্বাৰ্থৰ বিপৰীতে সামাজিক দায়বদ্ধতাৰে সংস্কৰামূলক আৰু জাতি, মাটিৰ প্ৰতি উৎসৰ্গিত মন লৈ দীপাঞ্জলী পাঠকে ছাত্ৰ-ছাত্ৰীসকলক জীৱনৰ পাঠ দিছে তাত।

গুৱাহাটীৰ আভিজাত বিদ্যালয়ত নিজ কন্যাক পঢ়ুৱাব পাৰিলে হয় যদিও সেই স্থানীয় লোকসকলৰ ছাত্ৰ-ছাত্ৰীৰ সৈতে নিজেই গঢ়ি দিয়া বিদ্যালয়খনতেই কন্যাক পঢ়ুৱাইছে। নাচ, গান, সমৰকলা সকলোতে পাৰ্গত কৰি তুলিছে কন্যাক। বিদ্যালয়খনৰ প্ৰতিষ্ঠা দিৱসলৈ মাতে একো একোজন প্ৰতিষ্ঠিত ব্যক্তিক।

সেই প্ৰতিষ্ঠা দিৱসলৈ যদি কোনোবা গৈছে তেতিয়া অনুমান কৰিব কিমান আত্মীয়তা আৰু সততাৰে এই বিদ্যালয়খন গঢ়িব খুজিছে তেওঁ। এক অনাবিল সুখে আৰু সংস্কাৰলব্ধ চেতনাই মন ভৰাই পেলাব। ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আছে মূল বিদ্যালয়খনৰ লগতে ডিকেন্দ্ৰী টাইকোৱাণ্ড' একাডেমী আৰু চাম্মছ বেডমিণ্টন একাডেমী।

শেহতীয়াকৈ এই বিদ্যালয়ৰ ভগ্নি প্ৰতিষ্ঠান ডিকেন্দ্ৰী টাইকোৱাণ্ড একাডেমীৰ ছাত্ৰই ১১ টাকৈ সোণৰ পদক লাভ কৰি গৌৰৱ কঢ়িয়াই আনিছে। বিদ্যালয়খনত ভাল লগা প্ৰতিটো দিশেই এক সুস্থ ৰুচীবোধৰ ওপৰত প্ৰতিষ্ঠিত। অসমীয়া সাহিত্য, সংস্কৃতিৰ চৰ্চা যেনেকৈ হৈছে আন দিশবোৰো ইয়াত সাঙুৰি লোৱা হৈছে।

আনে অৱজ্ঞা কৰা বিশেষ ভাৱে সক্ষম লোকসকলক আনি অনুষ্ঠান পৰিবেশন কৰিবলৈ দিয়া হৈছে। তাতোকৈ গুৰূত্বপূৰ্ণ কথাটো হ'ল তেওঁলোকক উপযুক্ত সন্মান প্ৰদানেৰে ছাত্ৰ-ছাত্ৰীসকলৰ সন্মুখত এক নৈতিক পাঠ ব্যৱহাৰিক ভাৱে দিয়া হৈছে যে, বিশেষ ভাৱে সক্ষম হ'লেও তেওঁলোক আমাৰ মাজৰে এজন আৰু তেওঁলোকক সন্মান কৰাতো সকলোৰে দায়িত্ব।

অতি ব্যস্ত হলেও তেওঁ সেই ব্যস্ততাক কেতিয়াও প্ৰতিফলিত নকৰে। প্ৰচুৰ আত্মবিশ্বাসেৰে সুক্ষ্ম বিচাৰ বিশ্লেষণেৰে এগৰাকী মমতাময়ী নাৰীৰ ৰূপত এনেকৈ এই প্ৰতিষ্ঠানটোক ধৰি ৰাখিছে যেন তেওঁৰ কাষত থকা সকলো সুখী। তেওঁৰ তাৎক্ষণিক সিদ্ধান্ত আৰু উপস্থাপন মন কৰিবলগা।

প্ৰতিষ্ঠা দিৱসৰ দিনা তেওঁক দিয়া ফুলৰ থোপাটো আন এজনক প্ৰদান কৰি যি ধৰণে সেই কথাখিনি উপস্থাপন কৰিলে তাত অন্তঃনিৰ্হিত আন্তৰিকতাই কাক দুখী কৰিব পাৰে। ২৭ ফেব্ৰুৱাৰী ২০২২ ত আছিল এই বিদ্যালয়খনৰ তৃতীয় সংখ্যক প্ৰতিষ্ঠা দিৱস। এদিন এই বিদ্যালয়লৈ আহিছিল ৰীমা দাস। আৰু আহি তেওঁ অভিভূত হৈছিল।

আন বহু লোক বিদ্যালয়লৈ আহি এটা কথা লক্ষ্য কৰে যে, এই সপোন সমাজৰ বাবে দেখা সপোন। তেনে সপোনবোৰ সদায় জীয়াই থাকক বুলি সেইদিনা ৰীমা দাসে কৈ গৈছিল। প্ৰতিটো ক্ষেত্ৰতে তেওঁ অতি পৰিপাটি। এক লক্ষ্য লৈ জীৱনৰ ঘাট-প্ৰতিঘাটৰ মাজত আগুৱাই নিব পৰাকৈ সাহসী।

বিদ্যালয়খনৰ শিক্ষয়িত্ৰীসকলো বৰ প্ৰতিভাধাৰী। অতিথিক আদৰণি জনাবলৈ তেওঁলোকৰ যে কিমান প্ৰস্তুতি। গামোচাখনৰ পৰা শুভেচ্ছা পত্ৰলৈকে সকলোতে এই বিদ্যালয়ৰ শিক্ষয়িত্ৰীসকলৰ পৰিশ্ৰম আছে। তেওঁলোকৰ এনে আন্তৰিকতা দেখিবলৈ পালো ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে।

আজি ডিকেন্দ্ৰীৰ কথা কোনেও লিখা নাই।কিন্তু এদিন এই ডিকেন্দ্ৰী সূৰ্যৰ দৰে উজলি উঠিব। সেই বিশ্বাস দীপাঞ্জলী পাঠকৰ বাবেই হয়। তেওঁ নীৰৱে যেন সকলো কথা কৈ যায়। আত্মীয়তাৰে মানুহক বান্ধিব পাৰে। উপযুক্ত বুলি ভবা জনক সন্মান দিব জানে। তেওঁ জানে ৰত্ন বুটলিবলৈ। মাইম শিকোৱা এজন শিল্পীক যথাযোগ্য সন্মানেৰে আনি বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক সেই শিক্ষা দিছে।

সংগীত আৰু নৃত্যৰে জড়িত স্থানীয় লোকক মাতি আনি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীক এক নতুন মাত্ৰা প্ৰদানেৰে আত্মীয় হোৱাৰ সুযোগ দিছে। সেই আত্মীয়তাৰেই তেওঁ সকলোকে সন্মোহন কৰে। এই বিদ্যালয়ৰ আলহী হোৱা জনেহে সেই কথা অনুভৱ কৰে, ভাষাৰে প্ৰকাশ কৰিব নোৱাৰে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in