দুটা দৃশ্যই সলনি কৰিব পাৰে আপোনাৰ জীৱন ! শেষ হ’ব হতাশা…

দুটা দৃশ্যই সলনি কৰিব পাৰে আপোনাৰ জীৱন ! শেষ হ’ব হতাশা…

তুষাৰ প্ৰতিম

মানুহ সুখী নহয়। ব্যক্তিগত, সামজাকি আদি বিভিন্ন কাৰণত মানুহ এতিয়া অসুখী। সুখ বিচাৰি, সুখৰ সংজ্ঞা বিচাৰি হাইৰান আজিৰ মানুহ। মানুহ বোৰৰ মাজত দেখা দিছে কেৱল হতাশা। সকলোৰে মুখবোৰ সেমেকা। এটা সহজ প্ৰশ্ন- আপুনি প্ৰাণখুলি কেতিয়া হাঁহিছিল?

এই প্ৰশ্নৰ উত্তৰ আপুনি এবাৰতেই দিব পাৰিবনে? নোৱাৰে, হয় এই সাধাৰণ প্ৰশ্নটোৰ উত্তৰ আজিৰ বহু মানুহেই এটা শব্দত দিব নোৱাৰে। সকলোৰে মনত আছে কেৱল হতাশা, প্ৰাপ্তিহীনতা। সকলো হৈ পৰিছে অস্থিৰ। থকাত অজস্ৰ ধন, সম্পত্তি থাকিলেও কোনো সুখী হ'ব পৰা নাই।

সুখী হ'বলৈ মানুহক কি লাগে? অজস্ৰ ধন নে আন কিবা? কিমান কি পালে আপুনি, মই সুখী হ'ব পাৰিম? এই প্ৰশ্নবোৰৰ উত্তৰ তালিকাখন হয়তো দীঘলীয়া হ'ব। কিন্তু সেই তালিকাখন সম্পূৰ্ণ হ'লেই বা আপুনি বিচৰা সকলো পালেই আপুনি সুখী হ'ব পাৰিবনে? কেৱল ধন, সম্পত্তিয়েই জানো সুখৰ প্ৰধান আহিলা হ'ব পাৰে?

দুটা ভিডিঅ' সামাজিক মাধ্যমত ভাইৰেল হৈছে। ভাইৰলে হোৱাৰ কথা। দুয়োটা ভিডিঅ'ৰ মাজত আছে সম্পৰ্ক। দুয়োটা ভিডিঅ'ৰ মূল আকৰ্ষণ দুজন ব্যক্তি। দুয়োজন ব্যক্তিয়েই ফুড ডেলিভাৰী বয়। ঘটনাৰ সবিশেষ কোৱাৰ আগতে কিছু তথ্য দি লওঁ।

এই তথ্য নতুন নহয় যদিও এই লেখাৰ লগত আছে সম্পৰ্ক। তথ্য অনুসৰি যোৱা এটা দশকত অসমত মুঠ ২৮ হাজাৰৰো অধিক লোকে আত্মহত্যা কৰিছে। অসম বিধানসভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দিয়া তথ্য অনুসৰি ২০১২ চনৰ পৰা অসমত এতিয়ালৈকে মুঠ ২৮,০৫৬ টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।

এই আটাইবোৰ আত্মহত্যাৰ ঘটনাৰ ভিতৰত পাৰিবাৰিক সমস্যা, আৰ্থিক অনাটন, প্ৰেমজনিত ঘটনা আদিয়েই অধিক। আন এক তথ্য অনুসৰি ২০২০ চনত অসমত ৩,২৪৩টা আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে৷ ইয়াৰ ভিতৰত ২,৩৩৭গৰাকী পুৰুষ আৰু ৯০৬গৰাকী মহিলা। এই সংখ্যা ভাৰতৰ তুলনাত ২.১ শতাংশ।

এই আটাইকেইতা আত্মহত্যাৰ ঘটনাৰ ভিতৰচ ১,৩৮৬ জন লোকে আত্মহত্যা কৰিছিল পাৰিবাৰিক সমস্যাৰ বাবে। একেদৰে প্ৰেম জনিত কাৰণত আত্মহত্যা কৰিছে ৪৩৪ জনে, দৰিদ্ৰতাৰ বাবে ২৪০ জনে, কৰ্মসংস্থাপনহীনতাৰ বাবে ২৩৪ জনে আৰু আন বহু সমস্যাৰ বাবে আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে।

এই আটাইবোৰ আত্মহত্যাৰ দিশবোৰ বিশ্লেষণ কৰি এটা কথা গম পোৱা গৈছে যে মূলতঃ দৰিদ্ৰতাৰ বাবেই অধিক লোকে আত্মহত্যা কৰিছে। পাৰিবাৰিক সংক্ৰান্তত যিসকলে আত্মহত্যা কৰিছে তেওঁলোকৰ ভিতৰত অধিকাংশৰে কাৰণ হয়তো আৰ্থিক দিশ। এয়া ২০২০ চনৰ ভিতৰৰ তথ্য।

আজিৰ সামাজিক পৰিৱেশ সুস্থিৰ নহয়। চৌপাশে কেৱল ঋণাত্মক খবৰ। কি ৰাজনীতি, কি সংস্কৃতি অথবা কি সমাজনীতি? সকলোতে কেৱল দুৰ্নীতি, হিংসাৰ খবৰ। বিশেষকৈ ৰাজনৈতিক লেতেৰা পৰিৱেশে সমাজখনক ভাগ ভাগ কৰিছে। তাতে কোভিডে সাধাৰণ লোকৰ অৱস্থা জুৰুলা কৰিলে।

ৰাজনীতিৰ পাকচক্ৰত পৰি একাংশ লোকে চৰকাৰৰ সকলো সিদ্ধান্তক অন্ধভাৱে সমৰ্থন কৰি আহিছে যদিও অধিকাংশই চৰকাৰৰ এই সিদ্ধান্তৰ বিৰোধিতা কৰিব নোৱাৰিলেও প্ৰত্যক্ষ অথবা পৰোক্ষভাৱে জুৰুলা হৈ আহিছে। বৃদ্ধি পাইছে দৰিদ্ৰতাৰ সংখ্যা। বৃদ্ধি পাইছে সংস্থাপনহীনতা।

মূল্যবৃদ্ধি, নতুন নতুন সামগ্ৰীত আৰোপ কৰাৰ লগতে বৃদ্ধি কৰিও পৰিত্ৰাণ নোপোৱা চৰকাৰে ১ লাখ ১১ হাজাৰ কোটিৰো অধিক ধন ঋণ লৈ চৰকাৰ চলাবলৈ অসমৰ্থ হৈ পৰিছে। তাৰ মাজতো জনসাধাৰণক মূল বিষয়ৰ পৰা আঁতৰাই ৰাখিবলৈ কেৱল সৃষ্টি কৰি আছে হিতাধিকাৰী। পৰিস্থিতি এনে পৰ্যায় পাইছেগৈ যে মেট্ৰিক উত্তীৰ্ণ হয়েই হিতাধিকাৰী হ'বলৈ, চৰকাৰৰ পৰা স্কুটি পাবলৈ আন্দোলন কৰিছে শিক্ষাৰ্থীয়ে।

ইয়াৰ মাজতে সকলো দেখ-শুনি হতাশাত ভূগিছে ৰাজ্যখনৰ অজশ্ৰ লোক। মুখ খুলি কোনেও একো ক'ব নোৱাৰে, দেখিলেও মৌনতা অৱলম্বন কৰে। সকলো যেন গান্ধীৰ সেই তিনিওটা পুতলা। ফলত প্ৰাপ্তিহীনতা, হতাশা ইমানেই বৃদ্ধি পাইছে যে আত্মহত্যাৰ দৰে সিদ্ধান্ত ল'বলৈও আজিৰ মানুহে চিন্তা কৰিবলৈ আৰম্ভ কৰিছে।

কাৰো মুখত হাঁহি নাই। সপোন বোৰৰ অপমৃত্যুত ভাঙি পৰিছে তৰুণ প্ৰজন্ম। অৱশ্যে ইমানবোৰ সমস্যা, প্ৰাপ্তিহীনতা, নিৰাশা হতাশাৰ মাজতো সুখী হ'বপৰাকৈ বহু কাৰকেই বিচাৰিলে ওলাই পৰিব। জীৱন সংগ্ৰামৰ বাটত অহা এই প্ৰত্যাহ্বান হেলাৰঙে আঁতৰাবলৈ সক্ষম হ'ব পাৰি। কিন্তু ইয়াৰ বাবে লাগে মানসিক দৃঢ়তা।

এতিয়া আহো মূল বিষয়লৈ। সামাজিক মাধ্যমত ভাইৰেল হোৱা সেই বিশেষ ভিডিঅ' দুটালৈ। এখন বাইকত বহি এজন যুৱক ট্ৰেফিক জামত ৰৈ আছে। সেই সময়তে আহিছে এজাক বৰষুণ। ট্ৰেফিক জামত ৰৈ থকা সময়খিনিয়েই তেওঁৰ বাবে জিৰণীৰ সময়।

সেয়ে বৰষুণৰ মাজতে বাইকখনতেই বহি তেওঁ টোপনি মাৰিছে। কোনো এজন ব্যক্তিয়ে সেই সময়খিনি মোবাইলত আবদ্ধ কৰি সামাজিক মাধ্যমত এৰি দিছে। ইয়াৰ পিছতে ভাইৰেল হৈ পৰিল সেই দৃশ্য। খাদ্য ডেলিভাৰী বয়জনৰ এই কঠোৰ জীৱন সংগ্ৰামে বহুতকে দি গ'ল প্ৰেৰণা।

পুনৰ আন এক ভিডিঅ' হৈছে ভাইৰেল। এইবাৰো এই ভিডিঅ'ৰ মূল ব্যক্তিজন ফুড ডেলিভাৰী বয়। অৱশ্যে তেওঁ ওপৰত উল্লেখ কৰা লোকজনৰ দৰে নহয়। এইগৰাকী লোক কিছু ব্যতিক্ৰম। এইগৰাকী লোক বিশেষ ভাৱে সক্ষম। তেওঁ এখন বৈদ্যুতিক হুইল চেয়াৰত বহি ফুড ডেলিভাৰী দিবলৈ গৈছে।

শাৰীৰিক বাধাকো নেওচি তেওঁ খাদ্য যোগান ধৰাৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে। এই ভিডিঅ' ভাইৰেল হৈ পৰাৰ পিছতে এতিয়া সামাজিক মাধ্যমত ব্যপাক চৰ্চা। এয়াই জীৱন। এয়াই জীৱন সংগ্ৰাম। এইসকল লোকৰো আছে কিছু সপোন। আপোনাৰ মোৰ দৰে বহু আশা।

তেওঁলোক সুখী হয়নে নহয় সেই কথা ক'ব নোৱাৰি। কিন্তু এটা কথা ক'ব পাৰি যে এই লোক দুজনে জীৱন সংগ্ৰামৰ প্ৰতি আপোনাক, মোক নতুনকৈ প্ৰেৰণা আগবঢ়াব পাৰিছে। সংস্থাপনহীনতা, প্ৰাপ্তিহীনতাকো নেওচি কিদৰে জীৱনগাড়ী চলাই নিছে সেই দৃশ্যই আপোনাক, মোক নতুনকৈ জীৱন সম্পৰ্কে এক ধাৰণা আগবঢ়াব পাৰিছে।

সামাজিক, ৰাজনৈতিক জটিল পৰিস্থিতিৰ মাজতে সংস্থাপনহীনতা, প্ৰাপ্তিহীনতা, দৰিদ্ৰতা আদিয়ে জুৰুলা কৰা লোকসকলৰ জীৱনৰ প্ৰতি মোহভংগ হোৱাৰ সময়তে পোহৰলৈ অহা এই দৃশ্যই বহু কথাই ক'লে। এতিয়া সিদ্ধান্ত আপোনাৰ। নিজকে মানসিক ভাৱে শক্তিশালী কৰি গঢ়ি তুলিব নে হতাশাত ভূগি তিল তিলকৈ নিজকে শেষ কৰিব? আপোনাৰ যোগাত্মক সিদ্ধান্তই সলনি কৰিব আপোনাৰ জীৱন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in