শেহতীয়া খবৰ
স্পেনিছ গাৰ্ডেনত উপস্থিত হৈ কি ক'লে কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে, VIDEO  •  চেঙাৰ ৰৌমাৰী গাঁৱত অগ্নিকাণ্ডত ক্ষতিগ্ৰস্ত পৰিয়ালক বিভিন্নজনৰ সহায়ৰ হাত  •  দলৰ জন্মদিনত প্ৰতিজন কাৰ্যকৰ্তাই দৰিদ্ৰ লোকক সহায় কৰো আহকঃ বিজেপিৰ জন্মদিনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী  •  স্পেনিছ গাৰ্ডেনত কামৰূপ মহানগৰৰ উপায়ুক্ত বিশ্বজিৎ পেগু  •  চামগুৰিত এম্বুলেঞ্চলৈ শিলগুটি নিক্ষেপ  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  কি খাইছে ঘৰৰ ভিতৰতে আবদ্ধ স্পেনিছ গাৰ্ডেনৰ বাসিন্দাসকলে, VIDEO  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  পিছ পৰি নাথাকিল আৰক্ষী আয়ুক্তৰ জীয়াৰী, ৰাজপথলৈ ওলাই আহি বিলালে খাদ্য...  •  স্পেনিছ গাৰ্ডেনলৈ আহিব মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

আহি আছে এটা বেয়া খবৰ! টিভি, ফ্ৰীজ, মোবাইল ক্ৰয় কৰিবলৈ লাগিব অধিক ধন…

1,634

পলাশ জ্যোতি গগৈ

সমস্যাৰ অন্ত নাই। কোৰোনা ভাইৰাছো এক সমস্যা সদৃশ। ই এনে এক সমস্যা যাক এৰাই চলাটো অসম্ভৱ। কোৰোনা ভাইৰাছে প্ৰাণ কাঢ়িছে ২০০০ৰো অধিক লোকৰ। ৭৫,০০০ৰো অধিক লোক আক্ৰান্ত হৈছে। কেৱল চীনতে নহয়, কোৰো্‌না ভাইৰাছ ভাৰততো প্ৰৱেশ কৰিছেহি। যাৰ প্ৰভাৱ পৰিছে ভাৰতৰ অৰ্থনৈতিক ক্ষেত্ৰতো।

দেশৰ এতিয়া জিডিপি পূৰ্বৰ তুলনাত কমিছে। এই সংক্ৰান্তত বহু আলোচনাও হৈছে। দেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা অৰ্থনীতিবিদ ডঃ মনমোহন সিঙে চৰকাৰক পৰামৰ্শ দিছে কেনেকৈ জিডিপি বৃদ্ধি কৰিব পাৰি সেই সম্পৰ্কে। কোৰোনা ভাইৰাছৰ আতংকই সমগ্ৰ বিশ্বৰে জিডিপিত প্ৰভাৱ পেলাইছে। ভাৰতো ব্যতিক্ৰম নহয়।

ভাৰতৰ মুঠ আমদানিৰ ১৪ শতাংশ চীনৰ ওপৰত নিৰ্ভৰশীল। ২০১৮-১৯ বৰ্ষৰ তথ্যৰ আধাৰত এই কথা প্ৰকাশ পাইছে। ভাৰতৰ আন আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দ্ৰুত হাৰত চীনৰ সামগ্ৰীৰ প্ৰয়োভৰ দেখিবলৈ পোৱা গৈছে। এতিয়া গুৱাহাটীৰ বজাৰত চীনৰ সামগ্ৰী দ্ৰুত হাৰত বৃদ্ধি পাইছে। ভাৰতৰ সৰ্বমুঠ আমদানি কৰা বৈদ্যুতিক সামগ্ৰীৰ ভিতৰত ৪৫ শতাংশ চীনৰ পৰা আমদানি কৰা হয়।

ঠিক তেনেদৰে বিভিন্ন যন্ত্ৰ-পাতিৰো ৩ ভাগৰ এভাগ আহে চীনৰ পৰা। জৈৱ ৰাসায়নিক সামগ্ৰীৰো ৫০ শতাংশ চীনৰ পৰা আহে। এক কথাত কবলৈ গ’লে ভাৰতলৈ বিদেশৰ পৰা অহা সামগ্ৰীৰ ভিতৰত অধিকাংশ আহে চীনৰ পৰা। চীনে যদি এইসমূহ বন্ধ কৰি দিয়ে কেনে এক পৰিৱেশ ভাৰতত বিৰাজ কৰিব পাৰে সেয়া সহজে অনুমেয়।

এতিয়া চীনৰ পৰা বাহিৰলৈ যাব পৰা নাই বিমান। ৰপ্তানী হোৱা নাই সামগ্ৰীৰ। প্ৰস্তুতৰ ক্ষেত্ৰতো আহিছে বাধা। পূৰ্বৰ দৰে দেশখনত চলা নাই সামগ্ৰী প্ৰস্তুতৰ কাম। শ্ৰমিকৰ শ্ৰম হ্ৰাস পাইছে। যন্ত্ৰ-পাতিৰে অধিকাংশ কাম কৰা চীনৰ যন্ত্ৰ পূৰ্বৰ তুলনাত লেহেমীয়া গতিত চলিছে।

Image result for corona virus patient images

এতিয়া জনসাধাৰণৰ চলাচলৰ বাবে দৈনিক প্ৰয়োজনীয় সামগ্ৰীসমূহৰ দাম বৃদ্ধি পোৱাৰ আশংকাই দেখা দিছে। কাৰণ সামগ্ৰী প্ৰস্তুত নোহোৱা বাবে সকলো চিন্তিত। এতিয়া বিকল্পৰ প্ৰয়োজন সকলোৱে কৰিছে। প্ৰতিটো প্ৰয়োজনীয় সামগ্ৰী প্ৰস্তুত কৰিব নোৱাৰাৰ বাবে ভাৰতেও চীনৰ পৰা নহা সামগ্ৰী তৈয়াৰ কৰিব লাগিব।

চিকিৎসা সামগ্ৰী active pharmaceutical ingredients (APIs)ৰ প্ৰায় ৬৫ৰ পৰা ৭০ শতাংশ ভাৰতলৈ চীনৰ পৰা আহে। বৰ্তমান থাকিলেও এদিন ভাৰতত সামগ্ৰীৰ অভাৱ ঘটিব। তাৰ বাবে নিজে প্ৰস্তুত নকৰিলেও আন ঠাইৰ পৰা ভাৰতে আনিব লাগিব সেই সামগ্ৰী। কিন্তু সামগ্ৰীৰ ৰপ্তানীয়ে হওঁক বা প্ৰস্তুত যি কৰিলেও বৰ্তমানৰ তুলনাত অধিক ধন ব্যয় কৰিব লাগিব ভাৰতে।

চৰকাৰৰ পৰা ঋণ লৈও যদি সেই কাম কোনো সংস্থাই কৰে তেতিয়াও চৰকাৰো চিন্তাত পৰিব। কাৰণ তাৰ পৰা লাভ অথবা লোকচান দুয়োটাই হ্’প পাৰে। উদ্যোগিত ক্ষেত্ৰতো ভাৰতে চীনৰ পৰা ৫ শতাংশ সামগ্ৰী আমদানি কৰে। ইয়াৰ বাবে বহু ফাৰ্ম বা সংস্থা অৱশ্যে লোকচানৰো সন্মুখীন হ’ব।

Image result for corona virus patient images

কঁপাহ, ores পাথৰ, কেবাবিধ মাছ ইত্যাদি ভাৰতৰ পৰা চীনলৈ ৰপ্তানী কৰা হয়। এইসমূহ সামগ্ৰী ৰপ্তানী বন্ধ হোৱাৰ লগে লগে লোকচনাৰ সন্মুখীন হ’ব ভাৰত। এতিয়া ভাৰতে স্থানীয়ভাৱে এইসমূহ সামগ্ৰী প্ৰস্তুত কৰাত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। এইক্ষেত্ৰত সহায়ক হ’ব চৰকাৰী টাস্ক ফ’ৰ্চ। যিটো দ্বাৰা কোম্পানী বন্ধ, চাকৰি হেৰুওৱা, মূল্যবৃদ্ধি ইত্যাদি হ্ৰাস কৰাৰ বাবে এটা গুৰুত্বপূ্ৰ্ণ ব্যৱস্থা হিচাপে বিৱেচিত হৈছে।

বিভিন্ন শিতানত এইসমূহ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব ভাৰত। ভাৰতে বিশেষকৈ দেশত প্ৰয়োজনীয় সামগ্ৰী সমূহ প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিলে আৰু বিভিন্ন উচ্চকৰ্মক্ষমতাসম্পন্ন প্ৰতিষ্ঠানে টকা খৰচ কৰিলে ই দেশৰ ভৱিষ্যতৰ বাবে এক সুন্দৰ সম্ভাৱনা বহন কৰিব। ইয়াৰ বাবে industrial parks আৰু logistics hubৰ প্ৰয়োজনীয়তাও নুই কৰিব নোৱাৰি।

ভাৰতীয় ব্যৱসায়ীসকলো চিন্তাত পৰিছে। antibiotic ঔষধ, মোবাইল ইত্যাদি সামগ্ৰীত আমদানিত কৰ হ্ৰাস কৰাৰ বাবে চৰকাৰক দাবী জনাইছে। কোৰোনা ভাইৰাছৰ বাবে চীনৰ পৰা সামগ্ৰী আমদানি নোহোৱাৰ বাবে এনেদৰে দাবী জনোৱা হৈছে। চীনে ভাৰতৰ পৰা বছৰি ৩০ বিলিয়ন ডলাৰ সামগ্ৰী বিক্ৰীৰ নামত ধন লাভ কৰে।

প্ৰধানমন্ত্ৰীৰ কাৰ্যালয় আৰু আন মন্ত্ৰীসকলৰ সৈতে এই প্ৰসংগত আলোচনা কৰি সিদ্ধান্ত লোৱা হ’ব বুলি মন্ত্ৰী নিৰ্মলা সীতাৰমণে মন্তব্য কৰিছে। কোৰোনা ভাইৰাছৰ পৰা হোৱা লোকচানৰ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে প্ৰায় ২০০ ব্যৱসায়ীৰ সৈতে আলোচনা কৰিছে। আন দেশত উপলব্ধ হোৱা সেইসমূহ সামগ্ৰী যিবোৰ চীনতো নিৰ্মাণ কৰা হয় তেনে সামগ্ৰীৰ ক্ষেত্ৰত কৰ হ্ৰাস কৰাৰ সম্ভাৱনা আছে।

Image result for corona virus patient images

চীনৰ পৰা ইতিমধ্যে কোনো দেশলৈ সামগ্ৰী ৰপ্তানী সম্ভৱ হোৱা নাই। বিত্তমন্ত্ৰীগৰাকীক এক উদ্যোগিক গোটে জনোৱা অনুসৰি ভাৰতে প্ৰায় ৯০ শতাংশ মোবাইলৰ সামগ্ৰী চীনৰ পৰা আনে। কোনো কোনো সংস্থাই আকৌ কোৰোনা ভাইৰাছৰ বাবে সমগ্ৰ এছিয়াতে লোকচান হোৱাৰ কথা কয়। ব্যৱসায়, পৰ্যটন ইত্যাদি সকলো ক্ষেত্ৰতে দেশসমূহৰ লোকচান হৈছে।

কোৰোনা ভাইৰাছৰ বাবে চীনে দৰৱ প্ৰস্তুত কৰিব নোৱাৰিলেও ভাৰতে কৰিছে। ভাৰতৰ SIIPL নামৰ এক কোম্পানীয়ে প্ৰস্তুত কৰি উলিয়াইছে ঔষধ। যি ঔষধ ব্যৱহাৰ কৰিব পৰা যাব আগন্তুক ৬ মাহৰ ভিতৰত। American Biotechnology firm Codagenixৰ সৈতে যুটীয়াভাৱে তেওঁলোকে এই ঔষধ প্ৰস্তুত কৰিছে।

এতিয়া সকলো লোকৰে মনত শংকা হৈছে টিভি, এচি, ফ্ৰীজ ইত্যাদি সামগ্ৰীৰ মূল্যক লৈ। এই সকলো সামগ্ৰীৰে মূল্য বৃদ্ধি হোৱাৰ শংকা কৰা হৈছে। এনেবোৰ সামগ্ৰীৰ মূল্য ৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনাই প্ৰৱল। কেৱল সম্ভাৱনাই নহয় markets and investment group-CLSA-য়ে এই কথা সদৰিও কৰিছে। ধাতব সামগ্ৰীৰ চাহিদা হ্ৰাস পোৱাৰ সম্ভাৱনা কৰা হৈছে।

Image result for corona virus patient images

mobile displays, open cell TV panels, open circuit boards, memory আৰু LED ইত্যাদি সামগ্ৰী অনা হয় চীনৰ পৰা। চীনৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন কোম্পানীৰ সামগ্ৰীৰ মূল্য ৫ৰ পৰা ১০ শতাংশ বৃদ্ধি হোৱাৰ সম্ভাৱনাই দেখা দিছে। ইতিমধ্যে automobiles, aviation, stock market ইত্যাদিত লোকচানৰ সম্মুখীন হৈছে চীন।

চীনৰ হুবেইত মাত্ৰ মঙলবাৰেই পুনৰ কোৰোনা ভাইৰাছত ১,৬৯৩ লোক আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে। একেদিনাই মৃত্যু হৈছে ১৩২ গৰাকী লোকৰ। ভাৰতৰ বিভিন্ন প্ৰান্তত বহলোকৰ দেহত কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা জানিব পৰা গৈছে। ইয়াৰে আন প্ৰান্তৰ লগতে পশ্চিম বংগ আু কেৰালাত ক্ৰমে ৩ গৰাকীকৈ লোক আক্ৰান্ত হোৱাৰ তথ্য পোৱা গৈছে। এনেকৈয়ে এতিয়া প্ৰাণ লোৱাৰ লগতে মূল্যবৃ্দ্ধিৰ দ্বাৰাও অজস্ৰলোকক মাধমাৰ সোধাইছে কোৰোনা ভাইৰাছে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি