ৰঞ্জিত তামুলীঃ নালাগে আপুনি..

ৰঞ্জিত তামুলীঃ নালাগে আপুনি..

মৃদুল কুমাৰ সন্দিকৈ

অৱশেষত সিদ্ধান্ত হ'ল, তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ সঁচা বুলিয়েই চীল-মোহৰ পৰিল। কেলংকাৰীৰ বাবে চৰ্চাত থকা এখন বিশ্ববিদ্য়ালয়ৰ উপাচাৰ্য অপসাৰিত কৰিলে ৰাজ্যপাল তথা আচাৰ্যই। কেৱল এটা অভিযোগ তেওঁৰ বিৰুদ্ধে নাছিল। এজন শিক্ষাবিদ, উপাচাৰ্য হৈও কেনেদৰে সহজধনৰ মোহত পৰিব পাৰে সেইয়াহে এতিয়া ডাঙৰ প্ৰশ্ন হৈছে।

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সদ্য অপসাৰিত উপাচাৰ্য ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে মূলতঃ উত্থাপিত অভিযোগ বোৰৰ ভিতৰত আৰ্থিক কেলংকাৰী অভিযোগোই আছিল প্ৰধান। ইয়াৰ উপৰিও বিশ্ববিদ্যালয়ৰ কামকাজত ছিণ্ডিকেট ৰাজ চলোৱা বুলি অভিযোগ উত্থাপন হৈছিল তেওঁৰ বিৰুদ্ধে।

নিযুক্তিৰ ক্ষেত্ৰতো তেওঁৰ অনিয়ম সংঘটিত কৰাৰ অভিযোগ আছে। মুঠৰ ওপৰত এইজন উপাচাৰ্য আছিল এক অৰ্থত ভুৱা। তেওঁ দিছিল ভুৱা ভ্ৰমণ বিল, কোভিডৰ সময়ত নামভৰ্তিৰ বাবে বাঁহৰ চালি নিৰ্মাণ কৰাতো বিশ্ববিদ্যালয়ৰ পুঁজিৰ পৰা ১.৪৮ লাখ টকা তেওঁ ভুৱাকৈ সৰকাইছিল।

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত সলনি নিজৰ সম্পত্তি গঢ়াতহে তেওঁ ব্যস্ত কহৈ পৰিছিল। বিলাসী গাড়ী থকাৰ পিছতো বিশ্ববিদ্যালয়ৰ ধন ব্যয় কৰি নিজ মৰ্জিত ক্ৰয় কৰিছিল ইনভা গাড়ী। চিকিৎসাৰ নামত ভুৱা বিল দি এইজন উপাচাৰ্যই নিজৰ জেপত ২.২৪ লাখ টকা ভৰাইছিল।

আনহে নালাগে লাইব্ৰেৰীৰ কিতাপ বাইণ্ডিংৰ নামত তেওঁ ১৫ লাখ টকীয়া ভুৱা বিল দিয়া বুলি চৰ্চা হৈছিল। হোটেলত থকাৰ নামটো ভুৱা বি দিয়াত পাকৈত আছিল উপাচাৰ্যৰূপী এইগৰাকী লুণ্ঠক। ইয়াতকৈ তেওঁক কি বিশেষণেৰে সন্মানিত কৰিব পাৰি? টাইলছ লগোৱাৰ নামতো ৭ লাখ ৬০ হাজাৰ টকাৰ ভুৱা বিল দিয়াৰো গুৰুতৰ অভিযোগ আছে ড০ ৰঞ্জিত তামুলীৰ বিৰুদ্ধে।

বাংলোৰ পৰ্দাৰ নামত ৩,৪৬,৩০৮ টকা

উপাচাৰ্য এক সন্মানীয় পদ। সেই গৰিমা তেওঁ ৰাখিব নাজানিলে। ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰেৰণাৰ উৎস হোৱাৰ সলনি ঘৃণাৰ পাত্ৰ হ'ল। নিজ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে তেওঁৰ বিৰুদ্ধে আন্দোলন কৰিবলগীয়া হৈছিল। উপাচাৰ্য ৰঞ্জিত তামুলী গ'বেক ধ্বনি দিছিল। তেওঁৰ অপসাৰণৰ দাবী তুলিছিল।

আগতে এনে হোৱা নাছিল। উপাচাৰ্য মানেই গহীন-গম্ভীৰ, সৎ, নিষ্ঠাবান আৰু ব্য়ক্তিত্বসম্পন্ন এখন ছবিয়েই মনত ভাহিছিল। বিতৰ্কই তেওঁলোকক চুব নোৱাৰিছিল। কিন্তু শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা ব্যৱস্থাত এনে কিছু ঘটনা ঘটিছে যিবোৰে ছাত্ৰ সমাজক সঠিক পথৰ সন্ধান দিয়াৰ সলনি তেওঁলোকৰ কাম কাজে ছাত্ৰ-ছাত্ৰীকেই লজ্জিত কৰে।

ডিব্ৰুগড় বিশ্ববিদ্যালয় অসমৰ এখন উল্লেখযোগ্য পুৰণি বিশ্ববিদ্যালয়। ২০১৮ চনত তেওঁ বিশ্ববিদ্যালয়খনৰ উপাচাৰ্যৰ দায়িত্ব গ্ৰহণ কৰিছিল। ছাত্ৰ তথা বিদ্বান সমাজে ভাবিছিল এইগৰাকী শিক্ষাবিদে বিশ্ববিদ্যালয়খনৰ গৰিমা বৃদ্ধি কৰিলে। অৰুণাচলৰ ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰি ৰঞ্জিত তামুলীৰ আগমনে বিশ্ববিদ্যালয়খনৰ গৰিমা বৃদ্ধিৰ সলনি ইয়াৰ মান লঘু কৰিলে।

যিখন স্কুটিৰে তেওঁ ভাড়াত লৈছিল

উপাচাৰ্যৰ বিৰুদ্ধ ৰাজপথত নামিছিল জাতীয় দল-সংগঠন তথা ছাত্ৰ-ছাত্ৰীসকল। স্কুটি লৈ ডিব্ৰুগড়ৰ পৰা গুৱোহাটীলৈ, গুৱাহাটীৰ পৰা লখিমপুৰলৈ এজন উপাচাৰ্য যায়। সেই দুৰ্নীতি ফাদিল হৈছিল তেওঁ দিয়া ভ্ৰমণ বিলত। যিখন বাহন তেওঁ লৈ এই ভ্ৰমণ কৰা বুলি দেখুৱাইছিল সেই বাহনখন আছিল আচলতে এখন স্কুটিৰ পঞ্জিয়ন নম্বৰ।

এটাৰ পাছত আনটো অভিযোগ তেওঁৰ বিৰুদ্ধে উত্থাপন হৈছিল। যিজন উপাচাৰ্যই আত্মীয়ৰ কথা চিন্তা কৰি বিশ্ববিদ্যালয়ৰ উত্তৰণ, ছাত্ৰ-ছাত্ৰীৰ সৰ্বাংগীন উন্নয়নৰ হকে পিঠি দিব পাৰে তেনে এজন উপাচাৰ্যৰ প্ৰয়োজনেই বা ক'ত?এনে অভিযোগো আছে যে, বিদেশত গৈ বিদেশী সামগ্ৰীৰ লুভ সামৰিব নোৱাৰি সেইয়া লগত লৈ অহাৰ বাবে চীনৰ দৰে ৰাষ্ট্ৰইয়ো ইয়াক চুৰি কাণ্ড আখ্যা দিছিল।

পৰ্দাৰ যোগানৰ ঠিকাৰ নিৰ্দেশ

সেইবোৰ কথাই কাকা সুখী কৰিব? অতিথিশালাত নিযুক্তিৰ নামত কি হৈছিল? বিজ্ঞাপন দিয়া হৈছিল হোটেল মেনেজমেণ্ট পাঠ্যক্ৰমত অধ্যয়ন কৰা অৰ্হতা সম্পন্ন প্ৰাৰ্থীয়ে আবেদন কৰিব পাৰিব। কিন্তু বিজ্ঞাপনকে সংশোধন কৰি ৭৬ গৰাকী প্ৰাৰ্থীৰ যোগ্যতাক ভৰিৰে মোহাৰি নিজৰ বোৱাৰীয়েকক সংস্থাপন দিব পৰা লোকজন কিমান স্বাৰ্থপৰ হ'ব পাৰে !

ডি কে ট্ৰেভেলছৰ বিল তেওঁ দিয়ে। এ এছ ০১ এ এক্স ৯১২৫ নম্বৰৰ গাড়ীত নম্বৰৰ গাড়ীত হেনো তেওঁ ঘূৰে। আৰ টি অ' ভেহকেল ইনফৰমেচনত সেই নম্বৰ মাৰিলে সেইখন গাড়ী নহয়, স্কুটিহে সেই প্ৰমাণ ওলাই পৰে। এছ জি ষ্টোৰৰ পৰা তেওঁ উপাচাৰ্যৰ বাঙলোৰ বাবে পৰ্দা কিনিছিল। এটা বাঙোলত ২১৭ খন পৰ্দা !ইয়াৰ বিল ৩ লাখ ৪৪ হাজাৰ ৩০৮ টকা।

বেমেজালি কৰবাত হৈছে

১৯-০৭-২০১৯ ৰ নিৰ্দেশ যোগে এই পৰ্দা যোগান ধৰা হৈছিল। কিন্তু প্ৰশ্ন হয়, উপাচাৰ্যৰ বাঙলোত ইমান পৰ্দা আঁৰিবলৈ ঠাই ক'ত? সেই উত্তৰ তেওঁৰ হাতত নাছিল। আছিল ভুৱা বিল আৰু যিকোনো প্ৰকাৰ বিশ্ববিদ্যালয়ত লুণ্ঠন চলোৱাৰ মানসিকতা। বিশ্ববিদ্যালয়ৰ ভিজিলেঞ্চ উইঙে ৭-০৫-২০১৯ ত দিয়া প্ৰতিবেদনত উল্লেখ কৰিছিল যে সা-সামগ্ৰী যোগানৰ নামত বিসংগতি হৈছে।

গৰম দিনত কম্বল যোগানৰ ঠিকা

এজন উপাচাৰ্যৰ বিৰুদ্ধে তেওঁৰ কাৰ্যকালতেই এনে অভিযোগ। এনে প্ৰতিবেদন। তেওঁ অদ্ভুত মানুহ। গৰম দিনত কিনে গৰম কাপোৰ। বিশ্ববিদ্যালয়ৰ কাৰ্যবাহী বিষয়াই এছ জি ষ্টোৰক দিছিল ১ লাখ ৬০ হাজাৰ টকাৰ এই ঠিকা। য'ত ১৩ খনকৈ ব্লেংকেট ক্ৰয় কৰা হৈছিল। গুৱাহাটীত নথকা অস্তীত্বহীন হোটেলত তেওঁ ৰাতি কটায়।

আৰু কিমান ফাঁকি দিব পাৰে তেওঁ। সেই ফাঁকি আৰু নচলিল। ফাদিল হ'ল সত্য। যোগ্যতা শৈক্ষিক দৃষ্টি কোণেৰে নিশ্চয় আছিল কিন্তু নৈতিক দৃষ্ট কোণেৰে তেওঁ এজন কি উপাচাৰ্য ৰূপে নিজকে প্ৰতিষ্ঠা কৰি গল সেইয়া নিজেই ভাৱকয যাৰ বাবে তেওঁক ক'ব লগা হ'ল নালাগে আৰু তেওঁ উপাচাৰ্য হৈ থাকিবলৈ। যাওঁকগৈ…।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in