ৰাজকন্যাৰ নাটক

ৰাজকন্যাৰ নাটক

মৃদুল কুমাৰ সন্দিকৈ

নাটক ঠিকেই কৰিছিল। কিন্তু এইয়া মডেলিঙৰ ৰেম্প নাছিল। বাচিব নোৱাৰিলে ৰাজকন্যা। হাতত মোবাইলটো থকা হ'লে ১ মিনিটতে ইয়াৰ পৰা যাব পাৰিলোহেতেন বুলি ডাঙকোপ মৰা ৰাজকন্যা বৰুৱা নামৰ বিতৰ্কিত মডেলগৰাকীক দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে দ্বিতীয়বাৰৰ বাবে।

১ অক্টোবৰৰ নিশা সুৰাৰ ৰাগীত মতলীয়া হৈ বিলাসী বাহনেৰে মহানগৰীৰ ৰাজপথত ৯ জনকৈ শ্ৰমিকক মহতীয়াই নিছিল ৰাজকন্যাই। এই ভয়ংকৰ দুৰ্ঘটনাৰ পিছতো গাত হোচ নাছিল তেওঁৰ। এটাৰ পাছত আন এটা ভুল কৰি যোৱা ৰাজকন্যাই প্ৰথমবাৰ ঠিকেই মেনেজ কৰিছিল।

তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ যি ধাৰা আৰক্ষীয়ে প্ৰয়োগ কৰিবলগীয়া আছিল সেইয়া প্ৰয়োগ নকৰাত মাত্ৰ কেইটামান ঘণ্টাৰ আলহী হৈ সদম্ভে ৰাজকন্যা ওলাই আহিছিল থানাৰ পৰা। জামিন লাভ কৰি ৰাজকন্যা হৈ পৰিছিল আৰু বেছি দম্ভ আৰু অহংকাৰী।

আচৰিত হৈছিল সাধাৰণ লোক। কেনেদৰে তেওঁ ইমান ডাঙৰ এক অপৰাধ সংঘটিত কৰি বাচি যাব পাৰে। সৃষ্টি হৈছিল প্ৰতিক্ৰিয়া। দৃষ্টি গোচৰ হৈছিল বিষয়টো মুখ্যমন্ত্ৰীৰ। তাৰ পিছতহে চকু খোল খাইছিল আৰক্ষীৰ উচ্চপদস্থ বিষয়াৰ।

কৰ্তব্যত গাফিলতি কৰাৰ অভিযোগত দিছপুৰ থানাৰ ২ বিষয়াৰ চাকৰি গৈছিল। ৰিজাৰ্ভ ক্ল'জ কৰা হৈছিল দুয়োকে। চমন দিয়া হৈছিল ৰাজকন্যালৈ। থানালৈ মতা হৈছিল তেওঁক। ৰাজকন্যাই আকৌ এবাৰ আৰক্ষীক বুঢ়া আঙুলি দেখুৱাই বেমাৰৰ ভাওঁ জুৰিছিল।

অসুস্থতাৰ দোহাই দি জি এন আৰ চিত ভৰ্তি হৈছিল আই চি ইউত। ভাবিছিল আই চি ইউৰ ভিতৰত সুৰক্ষিত। আৰক্ষীয়েও মুখ্যমন্ত্ৰীৰ দৃষ্টিত থকা এই গোচৰৰ বাবে তৎপৰতা প্ৰদৰ্শন কৰিবলৈ বাধ্য হৈছিল। ৰাজকন্যা সচাকৈয়ে অসুস্থনে এইয়া তেওঁৰ নাটক তাক তদন্ত কৰিবলৈ গঠন কৰা হৈছিল গুৱাহাটী চিকিৎসা মাহাবিদ্যালয়ৰ চিকিৎসকৰে গঠিত এখন মেডিকেল ব'ৰ্ড।

নিৰ্দেশ নম্বৰ MCH/82/87/PT-27/125 তাং ৫/১০/২০২১ ৰ জৰিয়তে গঠন হোৱা এই মেডিকেল ব'ৰ্ডত আছিল ডাঃ পুৰোজিৎ চৌধুৰী, ডাঃ আৰ পি দাস, ডাঃ উৎপল বৰা, ডাঃ উৎপলজ্যোতি ডেকা, ডাঃ আছমান আলী আৰু আৰু ডাঃ শংকৰ শইকীয়া।

ডাঃ পুৰোজিৎ চৌধুৰীৰ অধ্যক্ষতাত গঠিত এই মেডিকেল ব'ৰ্ডে ৬-১০-২০২১ত গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ হাস্পতালৰ অধ্যক্ষৰ হাতত জমা দিয়া প্ৰতিবেদনত ৩ টা বিষয় উল্লেখ কৰিলে। প্ৰথমটেই প্ৰতিবেদনত উল্লেখ কৰা হল যে চিকিৎসালয়ত চিকিৎসাধীন হ'ব লগাকৈ তেওঁ অসুস্থ নহয়।

তাৰ পাছতে উন্মোচিত হ'ল ৰাজকন্যাৰ নাটকৰ বহু অধ্যায়। মেডিকেল ব'ৰ্ডে এই কথাও ক'লে যে অনুসন্ধানকাৰী বিষয়াৰ ওচৰত উপস্থিতি হ'ব নোৱাৰাকৈ তেওঁ অসুস্থ নহয়। তাৰ পাছতে দিছপুৰ আৰক্ষীয়ে জি এন আৰ চি লৈ গৈ ৰাজকন্যা বৰুৱাক আটক কৰিলে।

মেডিকেল ব'ৰ্ডে দিয়া প্ৰতিবেদন…

ৰাজকন্যাক গ্ৰেপ্তাৰ কৰাটো ভিন্ন দৃষ্টি কোণেৰে বিচাৰ কৰাৰ অৱকাশ আছে। অপৰাধ সংঘটিত কৰি কোনো অপৰাধীয়ে প্ৰভাৱ খটুৱাই কেনেদৰে বাচি যায় সেই কথা ৰাজকন্যাৰ ঘটনাই উদঙাই দিলে। প্ৰথম অৱস্থাত হিট এণ্ড ৰানৰ এই কাণ্ডৰ খলনায়িকা ৰাজকন্যাক লৈ আৰক্ষীৰ ভূমিকাও এতিয়া প্ৰশ্নলৈ আহিছে।

যি সময়ত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ গুৱাহাটীৰ আগমণৰ প্ৰতি লক্ষ্যৰাখি এই শ্ৰমিক কেইজনে মাজ নিশা কাম কৰি থকাৰ অৱস্থাত ৰাজকন্যাই সান্ধ্য আইন ভংগ কৰি, সুৰা সেৱন কৰি এই দুৰ্ঘটনা সংঘটিত কৰিছিল সেই সময়ত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে ৰুজু কৰিছিল প্ৰথম অৱস্থাত ভাৰতীয় দণ্ডবিধিৰ ২৯৪, ৩৫৩, ৩৩৮ আৰু ২৭৯ ধাৰা।

ইয়াৰ ভিতৰত ২৭৯ হ'ল দ্ৰুত গতিত গাড়ী চলোৱা , ২৩৮ হ'ল গাড়ীৰে মানুহক খুন্দিওৱা, ২৯৪ হ'ল ৰাজহুৱা স্থানত অভব্য আচৰণ কৰা আৰু ৩৫৩ হ'ল আৰক্ষীক বাধা দিয়াৰ বাবে প্ৰয়োগ কৰা ধাৰা। অথচ আৰক্ষীয়ে ইচ্ছা কৰা হ'লে তেতিয়াই ডিজেষ্টাৰ মেনেজমেণ্ট এক্ট ভংগ কৰা, বিপদজনকভাৱে সুৰা সেৱন কৰি গাড়ী চলোৱা আদি ধৰা প্ৰয়োগ কৰিব পাৰিলহেতেন।

কিন্তু তাকে নকৰি আৰক্ষীয়ে ৰাজকন্যাক সুযোগ প্ৰদান কৰিছিল। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আৰক্ষী তৎপৰ হোৱা পিছত জি এন আৰ চিৰ ছেমি আই চি ইউত ভৰ্তি হৈ থকা ৰাজকন্যাক সুৰক্ষা দিয়াত লাগিছিল চিকিৎসক।

এতিয়া প্ৰশ্ন হয় ৰাজকন্যা গ্ৰেপ্তাৰ হ'ল। কিন্তু ৰাজকন্যাক এনেদৰে মিছাকৈ অসুস্থ বুলি চিকিৎসালয়ত ভৰ্তি কৰোৱা চিকিৎসকৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰিব আৰক্ষীয়ে? ৰাজকন্যাৰ দুৰ্ব্যৱহাৰ আৰু এনে বিতৰ্কিত অধ্যায় এয়াই প্ৰথম নহয়।

২০১৫ চনতেই চৰ্চালৈ আহিছিল ৰাজকন্যা। ৰাজভৱনৰ কাষত সুৰা সেৱন কৰি বটল ভঙা এক অভিযোগত লতাশিল থানাৰ আলহী হৈছিল। ২০১৭ চনত গাড়ীৰে খুন্দিছিল নৱনীতা সন্দিকৈৰ পুত্ৰক। তাৰ পাছত ২০১৮ চনত তেৰা মায়া বাৰৰ সন্মুখত আৰক্ষীৰ সৈতে হতাহতি হোৱাৰ সন্দৰ্ভত আন এক গোচৰ ৰুজু হৈছিল ৰাজকন্যাৰ বিৰুদ্ধে।

কাৰ আশীৰ্বাদত ৰাজকন্যা ইমান ক্ষমতাশালী হৈ পৰিছিল ? তেওঁ কৰে কি ? তাক লৈয়ো এতিয়া বিভিন্নজনে বিভিন্ন প্ৰশ্ন কৰিছে। কোনোবা প্ৰভাৱশালী সাংবাদিকৰ আত্মীয়, কোনোবা ৰাজনৈতিক নেতাৰ সৈতে থকা সু-সম্পৰ্ক বা আন কোন কাৰণত ৰাজকন্যাই যদি ভাবিছিল ভুল কৰিও তেওঁ সাৰি যাব পাৰিব সেইয়া আছিল তেওঁৰ আন এটা ডাঙৰ ভুল।

ৰাজকন্যাৰ প্ৰতি এতিয়া কাৰো অনুকম্পা নাই। দুৰ্ঘটনা হৈ যাব পাৰে। কিন্তু এই দুৰ্ঘটনাক সাধাৰণ দুৰ্ঘটনা আৰু ইয়াৰ পাছৰ কৰ্মকাণ্ডক সহজতে সাধাৰণ লোকে গ্ৰহণ নকৰে। প্ৰভাৱ আৰু সম্পৰ্ক থকাৰ বাবেই পঞ্চ তাৰকা হোটেলত তেওঁ পাৰ্টি কৰিব পাৰে। কিন্তু ৰাজপথত কৰ্মৰত শ্ৰমিকৰ জীৱন কাঢ়ি ল'ব নোৱাৰে।

পোহৰলৈ সকলো তথ্য খুলি ক'ব নোৱাৰিলেও সেই অতীতৰ ধাৰাবাহিকতা তেওঁ অক্ষুন্ন ৰাখিছে। সাংবাদিককো নীতি শিক্ষা দিবলৈ যোৱা ৰাজকন্যাই সংযমতা আৰু মানৱীয় প্ৰমুল্যবোধৰ জ্ঞান লোৱাৰ প্ৰয়োজন আছে। ৰাজকন্যা গ্ৰেপ্তাৰ হ'ল পুনৰ। সেইয়া ডাঙৰ খবৰ নহয়।

এটা প্ৰভাৱশালী চক্ৰই তেওঁক ৰক্ষা কৰিবলৈ সকলো ধৰণৰ চেষ্টা চলাইছিল। সেই চক্ৰ বিফল হ'ল। তেনে চক্ৰৰ সৈতে আৰক্ষীন নেক্সাছ পোহৰলৈ আহিল। ৰাজকন্যা গ্ৰেপ্তাৰ হোৱাৰ পাছত আইনে নিজৰ পথ ল'ব। সাধাৰণ মানুহৰো যে জীৱনৰ মূল্য আছে সেই উপলব্ধি ৰাজকন্যাই কৰক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in