ৰঞ্জন গগৈঃ ন্যায়পালিকাৰ পৰমেশ্বৰৰ ৰূপত ১৩ মাহ

ৰঞ্জন গগৈঃ ন্যায়পালিকাৰ পৰমেশ্বৰৰ ৰূপত ১৩ মাহ

● মৃদুল কুমাৰ সন্দিকৈ

অৱসৰৰ বাবে মাজত ৩টা দিন থকাৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দুটা গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিলে। ইয়াৰে এটা সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় গোচৰৰ পূৰ্বতে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ৰ পুনৰ বিবেচনাৰ আবেদন আৰু আনটো আছিল ৰাফেল যুদ্ধ বিমান ক্ৰয়ত দুৰ্নীতি সংঘটিত হোৱাৰ গোচৰ।

এই দুয়োটা গুৰুত্বপূৰ্ণ গোচৰৰ পুনৰ বিবেচনাৰ আবেদনৰ সন্দৰ্ভত ১৪ নৱেম্বৰ, ২০১৯ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন বিচাৰপীঠে ৰায়দান কৰিলে। ৰাফেল গোচৰৰ পুনৰ বিবেচনাৰ সকলো আবেদন খাৰিজ কৰিলে উচ্চতম ন্যায়ালয়ে। লগতে এই উত্থাপিত দুৰ্নীতিৰ অভিযোগৰ সন্দৰ্ভত কোনো তদন্তৰ প্ৰয়োজন আছে বুলি ন্যায়ালয়ে বিৰোধী পক্ষই তোলা অভিযোগ স্বীকাৰ নকৰিলে।

ইয়াৰ পূৰ্বে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কাৰ্যকালত এন আৰ চি উন্নীতকৰণ, আৰ টি আইৰ আওতালৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয়, অযোধ্যা সম্পৰ্কীয় গোচৰৰ ৰায়দান আছিল উল্লেখযোগ্য। ৯ নৱেম্বৰ, ২০১৯ত মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন উচ্চতম ন্যায়ালয়ৰ ৫গৰাকী ন্যায়াধীশেৰে গঠিত বিচাৰপীঠে অযোধ্যাৰ ৰাম জন্মভূমি-বাবৰি মছজিদ গোচৰৰ ঐতিহাসিক ৰায় প্ৰদান কৰিছিল। ন্যায়াধীশ এছ এ বোবড়ে, ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়, ন্যায়াধীশ এছ এ নাজিৰেৰে গঠিত বিচাৰপীঠে দিয়া ৰায়দানত অযোধ্যাৰ বিবাদমান ভূমিত ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ৰায়দান কৰিছিল।

এই গোচৰৰ পাছত সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় গোচৰৰ ৰায়দানলৈ সকলোৱে দৃষ্টি ৰাখিছিল। কিয়নো ৮০০ বছৰ পুৰণি এটা মন্দিৰত পৰম্পৰাৰ বিপৰীতে সংবিধানে প্ৰদান কৰা অধিকাৰক লৈ ন্যায়ালয়ে দিব লগা ৰায়দান কি হ'ব পাৰে, তাক লৈ চৰ্চা চলিছিল।

মঠ-মন্দিৰ, বা আন ধৰ্মীয় স্থানত মহিলাৰ প্ৰৱেশত থকা বাধা নতুন কথা নহয়। পৰম্পৰাগতভাৱে মানি অহা এই নিয়মৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ে পূৰ্বতে দিয়া ৰায় পুনৰ বিবেচনাৰ অৰ্থে গ্ৰহণ কৰা আবেদনৰ ভিত্তিত দেশৰ আন ধৰ্মীয় স্থানতো মহিলাৰ প্ৰৱেশৰ বাট মুকলি কৰাৰ অৱকাশ আছিল।

ভগৱানৰ বাবে হেনো সকলো সমান। ভগৱানে পুৰুষ-মহিলাক পৃথক দৃষ্টিৰে গ্ৰহণ কৰে বুলি মানি ল'বলৈ টান লাগে। দৈনন্দিন জীৱনত পুৰুষতকৈ মহিলাৰ ভগৱানৰ প্ৰতি বেছি আস্থা যেনেই বোধ হয়। তথাপিও কিছু পৰম্পৰা মানি, কিছু নীতি নিয়মে ভগৱানৰ পৰা দূৰৈত ৰখাই মহিলাক।

ন্যায়ালয় পাইছিলগৈ তেনে এক গোচৰ। কেৰালাৰ এটা ঐতিহাসিক মন্দিৰ সবৰিমালা। সেই মন্দিৰটো ৮০০ বছৰ পুৰণি বুলি গণ্য কৰা হয়। কেৰালাৰ পাঠানমঠিট্টা জিলাত থকা এই মন্দিৰত পূজা কৰা হয় ভগৱান আয়াপ্পাক।

এই মন্দিৰটোৰ পূৰ্বৰ নিয়মানুসৰি ১০-৫০ বছৰৰ ভিতৰ বয়সৰ মহিলাক প্ৰৱেশ কৰিবলৈ দিয়া নহয়। মন্দিৰ পৰিচালনাৰ সৈতে জড়িত কৰ্তৃপক্ষই এই নিয়ম কঠোৰভাৱে মানি আহিছে। ইয়াৰ বিৰোধিতাৰে ১৯৯১ চনতে কেৰালা উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন দাখিল কৰা হৈছিল।

এই বিষয়টো গৈ উচ্চতম ন্যায়ালয় পাইছিল। তেতিয়াৰ উচ্চতম ন্যায়ালৰ মুখ্য ন্যায়াধীশ দীপক মিশ্ৰই সবৰিমালাত মহিলাৰ প্ৰৱেশ সম্পৰ্কীয় গোচৰৰ আবেদনৰ সন্দৰ্ভত ২০১৮ৰ ২৮ ছেপ্তেম্বৰত এক ৰায়দান কৰিছিল। ৫জন ন্যায়াধীশেৰে গঠিত বিচাৰপীঠৰ ৪গৰাকী ন্যায়াধীশে মন্দিৰত মহিলাৰ প্ৰৱেশৰ সপক্ষে ৰায় দিয়াত সবৰিমালাত মহিলাৰ প্ৰৱেশৰ বাট মুকলি হৈছিল।

ন্যায়ালয়ে এই ৰায়দান কৰিলেও স্থানীয় লোক আৰু মন্দিৰ কৰ্তৃপক্ষই ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছিল। ৰায়দানৰ পাছত বন্ধ হৈ থকা মন্দিৰটোৰ দুৱাৰ ২০১৮ৰ ১৭ অক্টোবৰত যেতিয়া মুকলি কৰা হৈছিল, তেতিয়া মন্দিৰত যাতে মহিলাই প্ৰৱেশ কৰিব নোৱাৰে তাৰ বাবে স্থানীয় লোকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। মন্দিৰৰ সন্মুখত গঢ়ি তুলিছিল মানৱ শৃংখল।

এই প্ৰতিবাদত মহিলা সাংবাদিকক শাৰিৰীকভাৱে প্ৰহাৰ, কেমেৰা কাঢ়ি নিয়া আৰু তেওঁলোকৰ যান-বাহন নষ্ট কৰাৰ অভিযোগ উঠিছিল। মন্দিৰলৈ যোৱাৰ পথত স্থানীয় মহিলাই যান বাহন পৰীক্ষা কৰি মন্দিৰত যাতে মহিলাই প্ৰৱেশ কৰিব নোৱাৰে, তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছিল।

২০১৮ৰ ২৬ ডিচেম্বৰত মন্দিৰত আয়োজন হৈছিল 'আয়াপ্পা জ্যোতি' শীৰ্ষক এক অনুষ্ঠানৰ। তাৰ পূৰ্বে দুগৰাকী মহিলাই মন্দিৰত প্ৰৱেশৰ চেষ্টা কৰিছিল যদিও মন্দিৰৰ প্ৰৱেশ দ্বাৰৰ এশ মিটাৰ দূৰৈত তেওঁলোকক বাধা দি ৰখা হৈছিল। ২০১৯ৰ ২ জানুৱাৰীৰ পুৱা ৩.৪৫ বজাত উচ্চতম ন্যায়ালয়ৰ ৰায়দান অনুসৰি দুগৰাকী মহিলাক আৰক্ষীয়ে নিৰাপত্তা প্ৰদান কৰি সবৰিমালা মন্দিৰলৈ লৈ গৈছিল।

পিছ দুৱাৰেদি মহিলা দুগৰাকীক মন্দিৰত প্ৰৱেশ কৰোৱা বুলি খবৰ প্ৰকাশ হোৱাৰ পাছতেই মন্দিৰৰ পুৰোহিতসকলে মন্দিৰৰ দুৱাৰ বন্ধ কৰি দিছিল। এফালে বিশ্বাস, আনফালে ন্যায়ালয়ৰ নিৰ্দেশ। এই বাধা আৰু মহিলাৰ অধিকাৰৰ প্ৰশ্নত কোনো এক সৰ্বসন্মত সিদ্ধান্ত ল'ব পৰা নাছিল।

তাৰ পৰৱৰ্তী সময়ত সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ ক্ষেত্ৰত ন্যায়ালয়ে দিয়া নিৰ্দেশ পুনৰ বিবেচনাৰ বাবে উচ্চতম ন্যায়ালয়ৰ কাষ চাপে। ৬০ খনৰো অধিক এই সন্দৰ্ভত আবেদন দাখিল কৰা হৈছিল উচ্চতম ন্যায়ালয়ত।

মহিলাৰ প্ৰৱেশত বাধা দিয়াৰ বিৰুদ্ধে ২০০৬ চনতো ইয়ং লয়াৰ্ছ এছচিয়েশ্যনে এক আবেদন দাখিল কৰিছিল। কিন্তু তিনি গৰাকী ন্যায়াধীশেৰে গঠিত এখন বিচাৰপীঠে বিষয়টোৰ শুনানি গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছিল।

২০১৬ চনত ন্যায়ালয়ে মহিলাক সবৰিমালাত প্ৰৱেশ কৰিবলৈ নিদিয়া সন্দৰ্ভত প্ৰশ্নৰ উত্থাপন কৰিছিল। সংবিধান অনুসৰি এয়া কৰিব নোৱাৰে বুলি যুক্তি দৰ্শাইছিল ন্যায়ালয়ে। ২০১৬ চনৰ ৭ নৱেম্বৰত কেৰালাৰ চৰকাৰে ন্যায়ালয়ক জনাইছিল যে, মন্দিৰত মহিলাৰ প্ৰৱেশ কৰাৰ সপক্ষত আছে চৰকাৰ।

২০১৭ চনত এই বিষয়টো শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত গঠন কৰা হৈছিল সাংবিধানিক বিচাৰপীঠ। ২০১৮ৰ ছেপ্তেম্বৰত সেই বিচাৰপীঠেই মহিলাৰ প্ৰৱেশৰ সপক্ষে ৰায়দান কৰিছিল।

এই গোচৰক কেৱল সবৰিমালা মন্দিৰত মহিলাৰ প্ৰৱেশৰ অধিকাৰ হিচাপেই গণ্য কৰিব পৰা নাযায়। ভাৰতৰ বিভিন্ন স্থানত এনে কিছু মঠ-মন্দিৰ বা ধৰ্মীয় উপাসনাৰস্থলী আছে, য'ত মহিলাৰ প্ৰৱেশত বাধা আছে। কেৱল পৰম্পৰাকে সম্বল কৰি লৈ সেয়া মানি অহা হৈছে। মছজিদ সমূহতো মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াটো আন এক বিচাৰ্য্য বিষয়।

একেদৰে অসমৰ বৰেপেটা সত্ৰত মহিলাক প্ৰৱেশ কৰিবলৈ নিদিয়াক লৈও দীৰ্ঘদিন ধৰি চৰ্চা চলি আহিছে। মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই সত্ৰৰ পৰম্পৰা অনুসৰি সত্ৰৰ ভিতৰত মহিলাৰ প্ৰৱেশ নিষেধ। এফালৰ পৰা চাবলৈ গ'লে সেয়া বিশ্বাস আৰু ভক্তিৰ মাজেৰে পৰম্পৰাৰ নামৰ হোৱা নাৰী-পুৰুষৰ বৈসম্যৰ উদাহৰণ।

বৰপেটাৰ কীৰ্ত্তন ঘৰত মহিলাৰ প্ৰৱেশক বিভিন্নজনে বিভিন্ন দৃষ্টিভংগীৰে যুক্তি দাঙি ধৰে। ২০১৬ৰ মাজভাগত এই সন্দৰ্ভত বৰপেটা কীৰ্ত্তন ঘৰক লৈও বিতৰ্কৰ সূত্ৰপাত হৈছিল। যাৰ বাবে ২০১৬ চনৰ ৭ আগষ্টত ৰাজহুৱা সভা অনুষ্ঠিত কৰি বৰপেটা সত্ৰত মহিলাৰ প্ৰৱেশ কৰিবলৈ নিদিয়াৰ সিদ্ধান্ত গ্ৰহণেৰে জাননী জাৰি কৰা হৈছিল।

সেই সভাত লোৱা সিদ্ধান্ত অনুসৰি পূৰ্বৰ নিয়মেই বৰপেটা সত্ৰত অক্ষুণ্ণ থাকিব। লগতে কীৰ্ত্তন ঘৰত নাৰীয়ে প্ৰৱেশ কৰিব নোৱাৰিব, সত্ৰৰ পৰম্পৰাৰ প্ৰতি গৰিষ্ঠ সংখ্যকৰ সমৰ্থন, নাৰী সকলেও বিচাৰিলে পৰম্পৰা অক্ষুণ্ণ ৰাখিবলৈ আদি সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল।

পৰম্পৰাক সকলোৱে সন্মান জনোৱা উচিত। এই নিয়ম বা পৰম্পৰা আমাৰ বাবে আমি বান্ধি লোৱা। সময় অনুসৰি ইয়াক শিথিল কৰা বা নিয়মৰ সংশোধন ঘটোৱাৰ প্ৰয়োজন আহি পৰে। কেৱল পৰম্পৰাৰ দোহাই দি মহিলাক বা কিছু লোকক তেওঁলোকৰ অধিকাৰৰ পৰা বঞ্চিত কৰা কথাটো নিশ্চয় সমৰ্থনযোগ্য বা যুক্তিসংগত হ'ব নোৱাৰে।

অৱসৰ গ্ৰহণৰ পূৰ্বে এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত যোৱা কিছু দিনত কেইবাটাও গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰি চৰ্চাত থকা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে কি ৰায়দান কৰে তাৰ প্ৰতি সকলোৱে দৃষ্টি ৰাখিছিল। মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ নেতৃত্বাধীন ৫জনীয়া বিচাৰপীঠে বিষয়টো ৭জনীয়া সাংবিধানিক বিচাৰপীঠলৈ প্ৰেৰণ কৰাৰ সিদ্ধান্ত লয়। এই বিচাৰপীঠত থকা ৫গৰাকী ন্যায়াধীশৰ ভিতৰত ৩ গৰাকীয়ে এই সিদ্ধান্তত সহমত পোষণ কৰাত সবৰিমালা মন্দিৰ কৰ্তৃপক্ষই পুনৰ বিবেচনাৰ বাবে জনোৱা আবেদনৰ শুনানি ৭জনীয়া বিচাৰপীঠে গ্ৰহণ কৰি ইয়াৰ ৰায়দান কৰিব।

মুখ্য ন্যায়াধীশৰূপে ৰঞ্জন গগৈৰ ১৩ মাহঃ

উচ্চতম ন্যায়ালয়ক মুখ্য ন্যায়ধীশৰূপে ৰঞ্জন গগৈয়ে ২০১৮ চনৰ ৩ অক্টোবৰত দায়িত্ব গ্ৰহণ কৰিছিল। তেওঁৰ এই কাৰ্যকালৰ অন্ত পৰিব ২০১৯ চনৰ ১৭ নৱেম্বৰত। এই কাৰ্যকালত কেইবাটাও গুৰুত্বপূৰ্ণ গোচৰৰ ৰায়দান কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

১৯৫৪ চনৰ ১৮ নৱেম্বৰত জন্মগ্ৰহণ কৰা ৰঞ্জন গগৈ আছিল দেশৰ ৪৬ সংখ্যক মুখ্য ন্যায়াধীশ। এই পদত অধিষ্ঠিত হোৱা তেৱেঁই প্ৰথম অসমীয়া। উল্লেখযোগ্য যে উত্তৰ-পূবৰ পৰা কোনো ন্যায়াধীশে ইয়াৰ পূৰ্বে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত অধিষ্ঠিত হোৱা নাছিল।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ ৰঞ্জন গগৈয়ে ১৯৭৮ চনত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তাৰূপে কৰ্মজীৱনৰ পাতনি মেলিছিল। ২০০১ চনৰ ২৮ ফেব্ৰুৱাৰীত তেওঁ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰূপে নিযুক্তি দিয়া হৈছিল। ২০্১০ চনত তেওঁক বদলি কৰা হৈছিল পঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ।

২০১০ চনৰ ৯ ছেপ্তেম্বৰত পাঞ্জাৱ আৰু হাৰিয়ানা উচ্চ ন্যায়ালয়লৈ বদলিকৰণ হোৱা ৰঞ্জন গগৈক ২০১১ চনৰ ১২ ফেব্ৰুৱাৰীত এই উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি দিয়া হয়। ২০১২ চনৰ ২৩ এপ্ৰিলত ন্যায়াধীশ ৰঞ্জন গগৈক পদোন্নতি দিয়া হৈছিল উচ্চতম ন্যায়ালয়লৈ। উচ্চতম ন্যায়ালয়ত তেওঁ ৭ বছৰ কাৰ্যনিৰ্বাহ কৰে। ইয়াৰে ১৩ মাহ তেওঁ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব পালন কৰে।

১৭ নৱেম্বৰ, ২০১৯ত অৱসৰ ল'বলগা মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে দীপক মিশ্ৰৰ পাছত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰূপে দায়িত্ব গ্ৰহণ কৰিছিল। এন আৰ চি উন্নীতকৰণ, অযোধ্যা বিবাদমান ভূমি গোচৰ, সবৰিমালা গোচৰ, ৰাফেল ক্ৰয় কেলেংকাৰী গোচৰ, আৰ টি আইৰ আওতালৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ কাৰ্যালয় আদি গোচৰৰ ৰায়দান কৰিছিল মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in