আমিও ভাৱো আহক, মোডী-অমিত শ্বাহে কিয় সাহস পাইছে…

আমিও ভাৱো আহক, মোডী-অমিত শ্বাহে কিয় সাহস পাইছে…

● মৃদুল কুমাৰ সন্দিকৈ

প্ৰতিবাদ, যুক্তিনিষ্ঠ দাবী আৰু সবিনয় নিবেদনৰ পাছতো আমাৰ এইসকল নেতাই কোৱাৰ দৰে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু অমিত শ্বাহে অসম আৰু অসমীয়াক কিমান ভাল পায় তাৰ প্ৰমাণ ইতিমধ্যে ৰাজ্যবাসীয়ে পাইছে। যিসকলে তেওঁলোকৰ হৈ ওকালতি কৰে, সেইসকলে ভাল খবৰ আহিব বুলি বা 'মই জাতি-মাটিক প্ৰতাৰণা নকৰো বুলি' কোৱা কথা কথাতেই ৰ'ল।

অসমত প্ৰতিবাদ হৈছে। হাজাৰ হাজাৰ ৰাইজ ওলাই আহিছে। কিন্তু সেই প্ৰতিবাদলৈ ভ্ৰূক্ষেপ কৰা নাই চৰকাৰে। ভয় কৰা নাই মোডী-অমিত শ্বাহে। বিভাজনৰ ৰাজনীতিত সাৰ-পানী যোগাইছে আমাৰ সকলেই। একেদৰে আমাৰ তথাকথিত জাতীয় দল-সংগঠনসমূহে এনে এক গুৰুত্বপূৰ্ণ আৰু অতি স্পৰ্শকাতৰ বিষয়ক লৈ আজিও একত্ৰিত হ'ব নোৱাৰাটো জাতীয় জীৱনৰ বাবে ডাঙৰ দুৰ্ভাগ্য।

সমস্যা এটা। কিন্তু সেই সমস্যাটোক লৈ একেখন মঞ্চত সকলোৱে একেলগে একত্ৰিত হৈ 'আৱাজ' দিব নোৱাৰাটো আমাৰ দুৰ্বলতা। এইবোৰ কথা জাতি, মাটিক লৈ চিন্তা কৰা সকলে এতিয়াও ভৱাৰ অৱকাশ আছে। যদি লক্ষ্য সঁচাই এনে এখন আইনে আমাৰ জাতীয় সত্বাক ধ্বংস কৰিব, তেন্তে কিয় সেই সন্ধিক্ষণত আমি সকলো এক হ'ব পৰা নাই। কোনোবাই ৩০টা, কোনোবাই ৭০টা সংগঠনৰ বেনাৰত একত্ৰিত হোৱাতকৈ সকলোৱে একেলগে 'জয় আই অসম' ধ্বনিৰে দিল্লীয়ে শুনাকৈ প্ৰতিবাদ সাব্যস্ত কৰিব পৰা পৰিৱেশ এটা অহা নাই কিয়?

নাগৰিকত্ব সংশোধনী বিধেয়ক বলবৎ কৰাৰ পৰা এক ইঞ্চিও আঁতৰি নাহো বুলি কোৱা সকলে গণ বিক্ষোভ, জাতীয় দল-সংগঠনৰ দাবীক ভেঙুচালি কৰি ১০ জানুৱাৰী, ২০২০ত বলবৎ কৰিলে বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন। কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে ৰাজপত্ৰিত অধিসূচনাযোগে এই আইন বলবৎ কৰা বুলি ঘোষণা কৰাৰ পাছতেই অসমৰ ৰাইজে ভাৱিবলৈ বাধ্য হৈছে- অসম আৰু অসমীয়াৰ কথা কিমান গুৰুত্ব সহকাৰে শুনে প্ৰধানমন্ত্ৰী মোডী আৰু গৃহমন্ত্ৰী অমিত শ্বাহে?

আইনৰ বিধি সমূহ প্ৰস্তুত নকৰাকৈয়ে এই বিতৰ্কিত আইনখন বলবৎ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে জাৰি কৰা অধিসূচনাই এই কথা প্ৰমাণ কৰি দিলে যে দিল্লীয়ে যি ইচ্ছা কৰে সেয়াই কৰিব। ইয়াত কাৰোবাৰ ইচ্ছা অনিচ্ছা বা যুক্তিনিষ্ঠ দাবীৰ মূল্য নাই। অৱশ্যে এই আইনৰ ফ্ৰেমৱৰ্ক এতিয়াও চূড়ান্ত হোৱা নাই। ইফালে আইনখনৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত ইয়াৰ বিৰোধিতাৰে জনোৱা ৰাজহুৱা স্বাৰ্থ জড়িত আবেদনৰ শুনানি হ'বলৈ এতিয়াও বাকী।

নাগৰিকত্ব সংশোধনী বিধেয়ক দুই সদনত গৃহীত হোৱাৰ পাছত আৰু সেই বিধেয়কক আইনত পৰিণত কৰিবলৈ ৰাষ্ট্ৰপতি ৰামনাথ কোৱিন্দে স্বাক্ষৰ কৰাৰ পৰৱৰ্তী সময়ত অসমত যি গণ বিক্ষোভৰ সৃষ্টি হৈছিল, সেয়া সাধাৰণ আন্দোলন বা ক্ষোভ নাছিল। বিগত সময়ছোৱাত এই আইনক লৈ হোৱা প্ৰতিবাদ আৰু ইয়াৰ পাৰ্শ্বক্ৰিয়া সম্পৰ্কে শাসকীয় দলে যি ধাৰণা কৰিছে, সেই ধাৰণাৰ পৰা বুজা যায় যে এনে এখন আইন আনিবলৈকে দিল্লী-দিছপুৰলৈ বিজেপিক অসমৰ ৰাইজে পঠিয়াইছে বুলি কোনো কোনো লোকে পৰোক্ষভাৱে মন্তব্য কৰিব খোজে।

৯ জানুৱাৰী, ২০২০ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেলত সেই ইংগিত পোৱা যায়। কিয়নো এই সংবাদ মেলত মন্ত্ৰীগৰাকীয়ে কৈছিল- নিৰ্বাচনৰ আগেয়ে ৰাইজক এনে এখন আইন আনিব বুলি বিজেপিয়ে প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি জনাৰ পাছতো ৰাইজে বিজেপিক শাসনলৈ আনিছে। অসমৰ ৰাইজক আগতে এই কথা কৈ থোৱা বুলি মন্ত্ৰীগৰাকীয়ে আইনখনৰ সপক্ষে যুক্তি দাঙি যি ব্যখ্যা আগবঢ়াইছে, সেই ব্যখ্যাই এখন ধৰ্ম নিৰপেক্ষ আৰু গণতান্ত্ৰিক দেশত এনে এখন আইনৰ পৃষ্ঠপোষকতা কৰা আধাৰ বা যুক্তি হ'ব নোৱাৰে।

এই গুৰুত্বপূৰ্ণ সংশোধিত আইনখনৰ বিধিসমূহ এতিয়াও প্ৰস্তুত নকৰাকৈ চৰকাৰে সময় সুবিধা বুজি এই আইনৰ ফ্ৰেমৱৰ্ক প্ৰস্তুত কৰাৰ অৱকাশ ৰাখি বিষয়টো এনেদৰে আগুৱাই লৈ গৈছে যে 'সাপও মৰক আৰু লাঠিও নাভাঙক' নীতিৰে অসম-অসমীয়াক প্ৰতাৰণা কৰাৰ পৰিকল্পিত প্ৰেক্ষাপট পূৰ্বৰে পৰা ৰচনা কৰি থৈছিল।

অসমৰ ৰাইজে খিলঞ্জীয়া লোকৰ স্বাৰ্থ বিঘ্নিত হ'ব পৰা বা জাতি-মাটি-ভেটিলৈ প্ৰত্যাহ্বান আহিব পৰা কোনো কাম মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নকৰিব বুলিয়েই বিশ্বাস কৰিছিল। সেই বিশ্বাস শেষ মুহূৰ্তলৈকে লৈ ফুৰিও ৰাইজ আজি আশ্বস্ত হ'ব নোৱাৰিলে। ডলাৰ বগৰীৰ দৰে ঘূৰি ফুৰা সকলৰ কথাৰ মাজত তেনে বিশ্বাসযোগ্যতা আৰু জাতি প্ৰেমৰ আভাষ নাপাই সেইসকলৰ বচনক ইতিমধ্যে ৰাইজে ভাওনাৰ বচন বুলি জ্ঞান কৰিবলৈ ধৰিছে। তেওঁলোকে যিবোৰ কথা কয়, সেই কথাবোৰত সত্যতা আৰু জাতীয় জীৱনৰ প্ৰতি শ্ৰদ্ধাপূৰ্ণ দৃষ্টিভংগী থকাৰ বিপৰীতে তেনেই তলতীয়া মুখৰোচক চুপতি আৰু সাময়িকভাৱে মানি ল'ব পৰাকৈ সঁচাও নহয়, মিচাও নহয় জাতীয় কথাৰে ভৰি থাকে।

সময়, পৰিৱেশ আৰু সুযোগ পালে তেওঁলোকৰ মুখত আজি ওলোৱা কথাটো মুহূৰ্তৰ পাছতেই বিপৰীত হৈ পৰাৰ অজস্ৰ উদাহৰণ আছে। এই সকলক দিল্লীয়ে ঘৰৰ বিভীষণ ৰূপত প্ৰয়োগ কৰি অসমত তেওঁলোকৰ জৰিয়তে ধৰ্মীয় ৰাজনীতিৰ পৰীক্ষাগাৰ স্থাপন কৰি সুযোগ গ্ৰহণ কৰি আহিছে।

অসম আৰু অসমীয়াৰ বহল দৃষ্টিভংগীক কোনো লোকে আজিৰ প্ৰেক্ষাপটত একাকাৰ কৰিব খুজিলে সেয়া হ'ব ভৱিষ্যতৰ বাবে এক ডাঙৰ ভুল। এদিন এইখন অসমৰ প্ৰাচুৰ্যতাৰে ভৰি আছিল। জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে শান্তিপূৰ্ণভাৱে অসমৰ ৰাইজে বৰ অসম গঢ়াৰ সপোন দেখিছিল। ১২২৮ খ্ৰীষ্টাব্দত অসমলৈ আহি চ্যুকাফাই স্থাপন কৰা আহোম ৰাজ্যত বহু দুৰ্যোগে দেখা দিছিল পৰৱৰ্তী সময়ত। সেই শতৰুৰ প্ৰত্যাহ্বান গ্ৰহণ কৰিব পৰা আৰু খিলঞ্জীয়া লোকসকলক একত্ৰিত কৰি বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়াক চূড় মাৰ কৰি দিয়া সকলে হিন্দু বাংলাদেশী ৰাজনীতিৰে অসমক পুনৰ খণ্ড বিখণ্ড কৰা আৰু বিভাজনৰ বীজ ৰোপন কৰা পৰিলক্ষিত হৈছে।

অসমলৈ আহি অসমৰ মাটি, পানী, সংস্কৃতিৰ সৈতে বিলীন হৈ যোৱা আৰু অসমলৈ আহি অসমীয়াৰ অস্তিত্বক বিলীন কৰি আন এক সংস্কৃতি গঢ়ি তোলাৰ মানসিকতাৰ মাজত পাৰ্থক্য আছে। নাগৰিকত্ব সংশোধনী আইন কিয় নালাগে, তাৰ বিৰোধিতা কৰা সকলৰ হাতত থকা সবল যুক্তিক দিল্লী-দিছপুৰে কোনোদিনেই খণ্ডন কৰিব পৰা নাই।

কিয় নাগৰিকত্ব সংশোধনী আইন নালাগে, সেই প্ৰশ্নৰ উত্তৰত লাগে বুলি দাবী কৰিব খোজা সকলে কিয় এই আইনখন লাগে তাৰ ব্যখ্যা দিয়াৰ সলনি এই আইনখনৰ অপব্যখ্যাৰে তৃতীয় শক্তিয়ে ৰাজ্যত অপপ্ৰচাৰ চলাই আজিৰ পৰিৱেশ সৃষ্টি কৰা বুলি দাবী কৰিব খোজে।

সেইসকলৰ হাততো আইনখনৰ সমৰ্থনত তিনিটা প্ৰধান যুক্তি আছে বুলি ক'ব নোৱাৰি। তেওঁলোকে মূলতঃ তিনিটা কথাৰ ওপৰত গুৰুত্ব দি আইনখনৰ পক্ষত জনমত গঠনৰ চেষ্টা চলাইছে। সেই কেইটা হ'ল-

১. এয়া কাৰোবাৰ অপপ্ৰচাৰ।
২. অতি কম সংখ্যক বিদেশী আহিব।
৩. আন্দোলনকাৰীসকলৰ ৰাজনৈতিক সপোন আছে।

শাসকীয় পক্ষই এই তিনি নীতিৰ ওপৰতে গুৰুত্ব দি শান্তি সমদল, জনসভা আয়োজন কৰাত ব্যস্ত হৈ পৰিছে। শাসক তথা চৰকাৰে ভালদৰে বুজে যে এনে এখন বিতৰ্কিত আইনক লৈ অসমৰ মানুহ কিয় প্ৰতিদিনেই ৰাজপথলৈ ওলাই আহিছে। সেইসকল প্ৰতিবাদীৰ সৈতে মুক্ত পৰিৱেশত কথা পতাৰ অৱকাশ নাই বুলি কোৱা সকলে তুচ্ছ তাচ্ছিল্যৰে এই বিষয়টোক পুনৰ অনিশ্চিয়তাৰ মাজলৈ ঠেলি নিজক জাতীয় জীৱনৰ শ্ৰেষ্ঠ অবদানকাৰীৰূপে তুলি ধৰিছে।

দুবাৰকৈ প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণ নাকচ সৰু কথা নহয়। চৰকাৰী পক্ষই ললীপপ দি কিছু লোকক তেওঁলোকৰ কাষলৈ মতাৰ চেষ্টা কৰিছে। কিন্তু সাধাৰণ লোকৰ ৰঙা চকুত বহুতৰ চৰকাৰৰ ললীপপ খোৱাৰ লোভো জিভাতে ৰৈছে। এনে পৰিৱেশ পৰিস্থিতিত এই আইনখনক লৈ অসমৰ ৰাইজে উমৈহতীয়াভাৱে কি পদক্ষেপ গ্ৰহণ কৰিব পাৰে, সেয়া এতিয়া অতি সুক্ষ্ম বিশ্লেষণেৰে সিদ্ধান্ত লোৱাৰ সময়।

বিকল্প ৰাজনৈতিক সমীকৰণত বাধা দিব খোজা সকলে চৰকাৰী পক্ষৰ প্ৰৱক্তাসকলৰ নীতিকে সৰোগত কৰি ৰাজনীতি কৰিবলৈ খুজিলে বিজেপিলৈ আহক বুলি কাৰোবাক জনোৱা আহ্বান অসমৰ বিকল্প ৰাজনৈতিক শক্তিক অম্বেষণৰ বিকল্প পথ হ'ব নোৱাৰে।

ভাল, বেয়া সকলোতে থাকে। বেয়াৰ পৰা লাভ কৰা অভিজ্ঞতাৰ আধাৰত এক ভাল, সুস্থ ৰাজনৈতিক বাতাবৰণ আৰু জাতীয়তাবাদত প্ৰৱল বিশ্বাস ৰখোৱা এচাম নতুন প্ৰজন্মৰ স্বাৰ্থহীন প্ৰতিনিধিক বিচাৰি উলিওৱাৰ সময় এয়া।

দিল্লীৰ আঁকোৰগোজ স্থিতিৰ পাছত নাগৰিকত্ব আইনৰ ভৱিষ্যত কি হ'ব, সেয়া এতিয়া দেশৰ সৰ্ব্বোচ্ছ ন্যায়ালয়ে ক'ব। কিন্তু এই আইনৰ পৰিণামৰ প্ৰতি সচেতন হোৱাৰ সময় প্ৰতিজন দেশবাসীৰ লগতে অসমীয়াৰ। ডিঙিত গামোচা ল'লেই অসম আৰু অসমীয়াক ভাল পোৱা নুবুজায়। নিৰ্বাচনৰ সময়ত বুকু দেখিলেই বাংলাদেশী পলাই পত্ৰং দিব বুলি কোৱা সকলে এতিয়া হিন্দু বাংলাদেশী আনি অসম তথা অসমীয়াপ্ৰীতিৰ নমুনা দাঙি ধৰিছে নে নাই, সেই উত্তৰ আমাৰ বিভীষণ সকলৰ বাদে আন কোনে ভালদৰে দিব পাৰিব?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in