বিজ্ঞান ক’ত? পুষ্কৰত হেনো লুইতত গা ধুবহি গুৰু বৃহস্পতিয়ে!

বিজ্ঞান ক’ত? পুষ্কৰত হেনো লুইতত গা ধুবহি গুৰু বৃহস্পতিয়ে!

মৃদুল কুমাৰ সন্দিকৈ

নমামী ব্ৰহ্মপুত্ৰৰ পাছত ৰাজ্যখনত আয়োজিত আন এক উৎসৱক লৈ চৰ্চা হৈছে। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত অতি ধুমধামেৰে এই উৎসৱ আয়োজনৰ বাবে আগবাঢ়িছে 'বালাজী' নামৰ এক ন্যাসে। ইতিমধ্যে এই সন্দৰ্ভত ৰাজ্যৰ উচ্চপদস্থ বিষয়াসকলৰ সৈতে সংশ্লিষ্ট বিভাগৰ বিষয়া প্ৰতিনিধিৰ সৈতে কেইবালানি আলোচনা অনুষ্ঠিত হৈ গৈছে।

৫ নৱেম্বৰ, ২০১৯ৰ পৰা ১৬ নৱেম্বৰলৈ 'পুষ্কৰ' নামৰ এই উৎসৱৰ বাবে স্থান নিৰ্ধাৰণ কৰা হৈছে ভৰলুৰ ব্ৰহ্মপুত্ৰৰ পাৰ। প্ৰত্যক্ষভাৱে চৰকাৰী পৃষ্ঠপোষকতাত এই উৎসৱ আয়োজন নহ'লেও মিনাক্ষী সুন্দৰম নামৰ এগৰাকী ৰাজ্যৰ উচ্চপদস্থ বিষয়াৰ তত্বাৱধানতে পুষ্কৰ উৎসৱৰ প্ৰস্তুতি আৰম্ভ হৈছে।

ভিতৰৰ খবৰ অনুসৰি, ব্ৰহ্মপুত্ৰক সন্তুষ্ট কৰিবলৈ দেশৰ বিভিন্ন প্ৰান্তৰ সাধু, সন্যাসীয়ে যজ্ঞ পাতি কুম্ভমেলা সদৃশ নদী পূজনৰ আয়োজন কৰা হৈছে। প্ৰায় ৭০ লাখ টকা ব্যয়ৰ বাজেটেৰে অনুষ্ঠিত হ'বলগা উৎসৱৰ আন্তঃগাঁঠনি তথা চোৱা-চিতা চৰকাৰী কেইবাটাও বিভাগৰ তত্বাৱধানতে হ'ব।

ভৰলুৰ পাৰৰ পৰা ব্ৰহ্মপুত্ৰৰ মাজভাগলৈ ৰেম্প নিৰ্মাণ কৰি তাৰ পৰাই নদীৰ মাজভাগত যজ্ঞ চলিব। খবৰ অনুসৰি, সন্ত, সন্যাসীয়ে গণনা কৰি ব্ৰহ্মপুত্ৰৰ ৰাশি ধনু বুলি জানিব দিছে। এই ধনু ৰাশিৰ উক্ত দিনকেইটাত বৃহস্পতিত অৱস্থান হোৱাত সুদিন আগমণৰ প্ৰতি লক্ষ্য ৰাখি এই উৎসৱ আয়োজন কৰা হৈছে বুলি এক সূত্ৰত প্ৰকাশ।

এইবোৰ বিশ্বাস, অবিশ্বাসৰ কথা। যিয়ে বিশ্বাস কৰে, তেওঁৰ বাবে এয়া গুৰুত্বপূৰ্ণ সময়। যি সকলে বিশ্বাস নকৰে, তেওঁলোকৰ বাবে এয়া পুনৰ এনে উৎসৱ অনুষ্ঠিত কৰাৰ নামত ধন অপব্যয়ৰ বাদে আন একো নহয়। ব্ৰহ্মপুত্ৰক লৈ চৰকাৰে বহু কথা বিভিন্ন সময়ত কৈ আহিছে।

ব্ৰহ্মপুত্ৰৰ পাৰৰ সৌন্দৰ্য্য বৰ্ধনৰ বাবে চৰকাৰে বহু আঁচনি লোৱাৰ কথা ঘোষণা কৰিছিল যদিও সেইবোৰৰ বেছিভাগৰে এতিয়া অস্তিত্ব বিচাৰি পাবলৈ নাই। ব্ৰহ্মপুত্ৰৰ দুই পাৰত থকা বহু ঐতিহ্যপূৰ্ণ স্থান পৰ্যটক আকৰ্ষণৰ বাবে গঢ়ি তুলিব পৰাৰ অৱকাশ থাকিলেও ইয়াত সফল হ'ব পৰা নাই চৰকাৰ।

বিশ্বৰ ভিতৰতে সৰু নদীদ্বীপ উমানন্দ আৰু তাত থকা মন্দিৰলৈ পৰ্যটক যাব বিচাৰে যদিও পৰ্যটকৰ যাতায়তৰ ক্ষেত্ৰত আভ্যন্তৰীণ জল পৰিবহণ বা পৰ্যটন বিভাগে বিশেষ কিবা কৰিছে বুলি মনে নধৰে। একেদৰে ব্ৰহ্মপুত্ৰৰ পাৰত থকা অশ্বক্লান্ত মন্দিৰ, বিষ্ণুৰ পদচিহ্ন, কানাইৰ বৰশী বোৱা শিল, শৰাইঘাটৰ যুদ্ধস্থলী, শুক্লেশ্বৰ মন্দিৰ আদিক পৰ্যটকৰ বাবে আকৰ্ষণীয় কৰি গঢ়ি তুলিব পৰা গ'লহেঁতেন।

মহানগৰীৰৰ ফাঁচী বজাৰ অঞ্চলত ব্ৰহ্মপুত্ৰৰ পাৰত থকা পথত দেওবাৰে গাড়ী চলাচল বন্ধ কৰি কেৱল এক পৰ্যটনস্থলী ৰূপত গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছিল। কিন্তু সেই প্ৰয়াসৰো ইতিমধ্যে ইতি পৰিছে। কেৱল প্ৰচাৰ আৰু ঢাক-ঢোলতেই এই কামবোৰৰ অন্ত পৰে। কাৰ্যতঃ তেনে কোনো আঁচনি বাস্তৱৰ সফল ৰূপায়ণ নোহোৱাত ব্ৰহ্মপুত্ৰৰ পাৰৰ বহু অঞ্চল অতি কদৰ্যময়, বিভিন্ন দুষ্ট চক্ৰৰ আড্ডা, গাড়ীৰ পাৰ্কিং স্থলী, কিছু সংখ্যক অস্থায়ী দোকানেৰে ভৰি আছে।

খৰালি কালত ব্ৰহ্মপুত্ৰৰ বালিচৰে বহু পৰ্যটকক আকৰ্ষণ কৰিলেও সেইবোৰ তদাৰক কৰাৰ বা ইয়াৰ আন্তঃগাঁঠনি পৰ্যটকৰ অনুকূলে গঢ়ি তোলাৰ চেষ্টা নকৰিলে চৰকাৰে। ব্ৰহ্মপুত্ৰৰ বুকুত দুই এখন জাহাজৰ ৰেষ্টুৰেন্ট চলায়েই পৰ্যটকক কেৱল আকৰ্ষণ কৰিব নোৱাৰি।

ব্ৰহ্মপুত্ৰৰ খননৰ কথাও কোৱা হৈছিল। কিন্তু সেই খনন আৰু দুই পাৰত নিৰ্মাণ হ'বলগা চুপাৰ এক্সপ্ৰেছ হাইৱেৰ কথা এতিয়া তল পৰিল। লাচিত বৰফুকনৰ এক মূৰ্তি ব্ৰহ্মপুত্ৰৰ মাজত নিৰ্মাণ কৰা হ'ল। লাচিত বৰফুকনক জনা সকলৰ বাবে সেয়া লাচিতৰ মূৰ্তি বুলি শৰাইঘাটৰ যুদ্ধৰ স্মৃতি সুঁৱৰি দুই একে বীৰ পুৰুষজনৰ প্ৰতিমূৰ্তিলৈ দৃষ্টি নিক্ষেপ কৰিলেও বাহিৰৰ পৰ্যটকসকলৰ বাবে সেই প্ৰতিমূৰ্তিৰ মূল্য বুজিব পৰাকৈ কোনো ব্যৱস্থাই আজিলৈকে চৰকাৰে নকৰিলে।

লাচিত বৰফুকনৰ সেই স্থানৰ প্ৰতিমূৰ্তি নিৰ্মাণ বিভিন্ন দৃষ্টিকোণৰ পৰাই এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ কাম হ'লহেঁতেন যদিহে সেই মূৰ্তি কিয় নিৰ্মাণ কৰা হৈছে আৰু ঐতিহাসিক পটভূমি তুলি ধৰাত চৰকাৰ সফল হোৱা হ'লে।

গুৱাহাটীত পৰ্যটনৰ বহু উৎস আছিল। এফালে পাহাৰ, আনফালে ব্ৰহ্মপুত্ৰ নদী, বিশ্বপ্ৰসিদ্ধ কামাখ্যা মন্দিৰ, অন্যান্য ঐতিহাসিক স্থানসমূহক সঠিক ৰূপত তুলি ধৰাৰ কোনো ফলপ্ৰসূ আঁচনি চৰকাৰে লোৱাৰ বিপৰীতে নদী পূজনৰ এই প্ৰৱণতাক লৈ নিশ্চয় বিতৰ্ক বা আলোচনা হোৱাটোৱেই স্বাভাৱিক।

২০১৭ বৰ্ষৰ ৩১ মাৰ্চৰ পৰা ৪ এপ্ৰিললৈকে অনুষ্ঠিত কৰা হৈছিল নমানী ব্ৰহ্মপুত্ৰ মহোৎসৱ। দেশ বিদেশৰ পৰা সাধু, সন্যাসী আনি পূজন কৰা হৈছিল ব্ৰহ্মপুত্ৰক। প্ৰায় ১৪ কোটি টকা সেই উৎসৱৰ নামত ব্যয় কৰা হৈছিল। নমামী ব্ৰহ্মপুত্ৰ উৎসৱৰ প্ৰচাৰৰ বাবে প্ৰস্তুত কৰা শীৰ্ষ গীতৰ বাজেটেই আছিল কোটি টকাৰ ঘৰত। কিন্তু ইয়াৰ পৰা কি পালে ৰাজ্যবাসীয়ে?

এচাম এই উৎসৱৰ সৈতে জড়িত লোকৰ স্বাৰ্থ সিদ্ধি হ'ল। ৰাজকীয় আতিথ্যৰে পূজা কৰি সাধু-সন্যাসী উভতি গ'ল। কিন্তু লুইতৰ সৈতে সহাৱস্থান কৰা সাধাৰণ লোকৰ বাবে এই উৎসৱে কোনো পৰিবৰ্তন আনিব নোৱাৰিলে। তেতিয়াই এনে উৎসৱক লৈ আলোচনা, সমালোচনাৰ জোৱাৰ উঠিছিল।

তাৰ পাছত ব্ৰহ্মপুত্ৰ পুষ্কৰ আৰু সাংস্কৃতিক মহোৎসৱ, ২০১৯ৰ আয়োজন। আয়োজকসকলৰ মতে, এই ব্ৰহ্মপুত্ৰ নদীত আছে ধৰ্মীয় আৰু পাৰিপাৰ্শ্বিকতাৰ মহিমা, এক পবিত্ৰ আৰু পূণ্য জলাধাৰাক্ৰম। এনে পবিত্ৰ জলধাৰাত স্নান কৰিলে যিকোনো লোক হেনো ঐশ্বৰিক আশীৰ্বাদপুষ্ট আৰু সৌভাগ্যপ্ৰাপ্তি হয়।

সাধু, সন্যাসী তথা জ্যোতিষীসকলে দাবী কৰা মতে, প্ৰতি বছৰে বৃহস্পতিয়ে নিজৰ শক্তিৰ দ্বাৰাই স্থিতিৰ পৰা স্থানান্তৰিত হয় অপৰিসীম ভক্তিৰে। সেই বিৰল মহাগাণনিক পৰিঘটনাৰ সময়খিনিতে হেনো এই উৎসৱ পালন কৰা হয়। জ্যোতিষীসকলৰ মতে, বিভিন্ন নদ-নদীৰ ৰাশিচক্ৰৰ স্থানৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ অনুষ্ঠিত কৰিব লাগে।

ভাৰতত প্ৰায় ২৫০খন বোৱতী নদীৰ ভিতৰত ১২ খনৰ ৰাশিচক্ৰ চিনাক্ত কৰিছে জ্যোতিষীসকলে। জ্যোতিষীসকলৰ মতে, ৰাশি অধিপতি বৃহস্পতি। তেওঁ অজ্ঞান আন্ধাৰ দূৰ কৰি উজ্বল আৰু নিৰ্মল জীৱন প্ৰদান কৰে। এই পুষ্কৰ উৎসৱৰ সময়তে গুৰু বৃহস্পতিয়ে এটা ৰাশিৰ পৰা আন এটা ৰাশিলৈ স্থান পৰিবৰ্তন কৰি ৰাশিচক্ৰত জড়িত এখন নদীত স্নান কৰে।

এইবাৰ ধনু ৰাশিত উপৱিষ্ট হৈছে বৃহস্পতি।সেয়েহে ধুনু ৰাশিৰ ব্ৰহ্মপুত্ৰ নদীত স্নান কৰিব বৃহস্পতিয়ে। কাঞ্চী কামাঘাটী পিতমৰ পুজনীয় শ্ৰী শ্ৰী বিজেন্দ্ৰ সৰস্বতী স্বামীজীৰ আশীৰ্বাদ লৈ মহালক্ষ্মী চেৰিটেবল ট্ৰাষ্ট, চেন্নাই আৰু তিৰুপতি শ্ৰীবালাজী সেৱা সমিতিয়ে এই পুষ্কৰ উৎসৱৰ আয়োজন কৰিছে।

এই সময়ছোৱাত নিয়মিতভাৱে ব্ৰহ্মপুত্ৰৰ বুকুত আৰতি হ'ব। ৫ নৱেম্বৰ, ২০১৯ত পতাকা উত্তোলেনেৰে আৰম্ভ হোৱা পুষ্কৰ উৎসৱত পুৱা ৪ বজাতে সপ্ত নদী আৰধনা পূজাৰ ব্যৱস্থা কৰা হৈছে। ৫.১৭ বজাত অনুষ্ঠিত হ'ব পুষ্পস্নান। ৬ নৱেম্বৰত নবগ্ৰহ হোম যজ্ঞ অনুষ্ঠিত হ'ব। ৭ নৱেম্বৰত অনুষ্ঠিত হ'ব দুৰ্গাস্বৰূপা হোম যজ্ঞ আৰু স্বয়ম্ভ কলা পাৰ্বতী হোম যজ্ঞ। ৮ নৱেম্বৰতো এনে কিছু অনুষ্ঠানেই আছে। ৯ নৱেম্বৰত মহা সুদৰ্শন হোম আয়োজন কৰা হ'ব।

এই সময়ছোৱাত এনে কিছু যজ্ঞ অনুষ্ঠিত কৰি দেশ বিদেশৰ সাধু সন্যাসীয়ে সেই যজ্ঞ সম্পন্ন কৰিব। প্ৰতিদিনাই বেদ পাঠ, মহাৰুদ্ৰ জপ, চান্দী পৰায়ণ আদি কাৰ্যসূচী আছে। নদী আৰতি, বিষ্ণু সহস্ৰ প্ৰণাম থকাৰ লগতে এই উৎসৱত সত্ৰ অধিকাৰ সকল আৰু আধ্যাত্মিক গুৰুসকলেও বিভিন্ন কাৰ্যসূচীত অংশ ল'ব।

উৎসৱৰ দিন কেইটাত প্ৰতিদিনা বিয়লি ৫.৩০ বজাৰ পৰা হ'ব ব্ৰহ্মপুত্ৰ আৰধনা। এই পুষ্কৰ উৎসৱৰ পটভূমি এয়া। অৱশেষত ব্ৰহ্মপুত্ৰ নদীৰ ওপৰতো দক্ষিণৰ আধ্যাত্মিক গুৰুৰ দৃষ্টি নিবদ্ধ হ'ল। অতি কৌশলেৰে ৰাজ্যৰ শান্তি সম্প্ৰীতি, পাপ খণ্ডন আদিৰ প্ৰচাৰেৰে উৎসৱ অনুষ্ঠিত কৰাৰ পৰিৱেশ বিভিন্ন পক্ষই ৰচনা কৰিছে।

চৰকাৰী প্ৰত্যক্ষ পৃষ্ঠপোষকতাত এই উৎসৱ অনুষ্ঠিত নহ'লেও ইয়াত যে চৰকাৰৰ সেউজ সংকেত আৰু সহযোগৰ প্ৰতিশ্ৰুতি আছে, সেয়া নিশ্চিত। প্ৰথমে চৰকাৰী পৃষ্ঠপোষকতাতে এই উৎসৱ অনুষ্ঠিত কৰিবলৈ লোৱা বুলি খবৰ প্ৰকাশ হৈছিল। তাৰ পাছতেই উৎসৱৰ ৰণনীতি সলনি কৰি সাধাৰণ লোকক এনে এক প্ৰতিচ্ছবি দেখুৱাবলৈ চেষ্টা কৰা হৈছে, যে ইয়াৰ সৈতে চৰকাৰৰ কোনো সম্পৰ্ক নাই।

কিন্তু এই উৎসৱৰ বাবে গঠন কৰা কমিটীত চৰকাৰী বৰমূৰীয়া সকলৰ নামেই জিলিকি আছে। আনহাতে এই উৎসৱৰ মূল মানুহ ৰূপে চৰ্চা হৈছে ৰাজ্য চৰকাৰৰ এগৰাকী উচ্চপদস্থ আমোলাৰ নাম। কাৰোবাৰ ধৰ্মীয় বিশ্বাসত কোনেৱে বিৰোধিতা কৰাৰ অধিকাৰ নাই। কিন্তু অসমৰ দৰে এখন ৰাজ্যত দক্ষিণৰ এই সংস্কৃতি আমদানিৰে ব্ৰহ্মপুত্ৰ পূজনৰ নামত এনে কাৰ্য বা উৎসৱ অনুষ্ঠিত কৰাৰ যুক্তি যুক্ততাকলৈও নিশ্চয় বানত ভাৰাক্ৰান্ত ৰাজ্যবাসীয়ে প্ৰশ্ন কৰিব।

ব্ৰহ্মপুত্ৰ আমাৰ আয়ুস ৰেখা। ব্ৰহ্মপুত্ৰ কেতিয়াও অভিশাপ নাছিল। ইয়াক আশীৰ্বাদ ৰূপত গঢ়ি তুলিবলৈ যি প্ৰচেষ্টা চৰকাৰে লোৱাৰ প্ৰয়োজন আছিল। সেই প্ৰচেষ্টা হাতে কামে নকৰি এনেদৰে কোনো জ্যোতিষী, সাধু-সন্যাসীৰ মন্ত্ৰণাত নদী পূজনৰ উৎসৱ পাতিলেই জানো সমৃদ্ধিশীল হ'ব অসম?

সেই বিশ্বাস আৰু আস্থা ৰখা চৰকাৰে পুষ্কৰ উৎসৱ অনুষ্ঠিত কৰাৰ পূৰ্বে নমামী ব্ৰহ্মপুত্ৰৰ পাছত অসমৰ ৰাইজৰ কি পৰিবৰ্তন হ'ল এবাৰ ভাৱি চাইছেনে? উৎসৱৰ পাছত দৌৰা এই চৰকাৰ তথা আয়োজকসকলে এনে মহোৎসৱ পাতি যজ্ঞ কৰিলেই যদি ৰাজ্যবাসীৰ সমস্যা সমাধান হয়, তেন্তে প্ৰতিমাহে অনুষ্ঠিত কৰক এইবোৰ উৎসৱ।

অম্বুবাচীৰ দৰে উৎসৱক লৈ মানুহে প্ৰশ্ন নকৰে। বিশ্বাস আৰু আস্থাৰ লগতে তাত এক পৰম্পৰাগত আৰু আত্মিক সম্পৰ্ক আছে ৰাজ্যবাসীৰ। কিন্তু দক্ষিণৰ কোনো সাধু-সন্যাসীৰ এই সাধুকথাত পতিয়ন গৈ পুষ্কৰ উৎসৱ পাতিব বিচৰা চৰকাৰক ৰাইজে আজি নহ'লেও এদিন জবাবদিহী কৰিব। ব্ৰহ্মপুত্ৰক পূজা কৰি নিয়ন্ত্ৰণ কৰাৰ প্ৰয়াস আৰু শাসক তথা সাধু-সন্যাসীসকলে আৰু কিমান দিনলৈ চলাব? ৰাজ্যবাসীয়ে এতিয়া পুষ্কৰ উৎসৱৰ বিষয়ে জানিব বিচৰাতকৈ জানিব বিচাৰে- এই চৰকাৰে ঘোষণা কৰা ব্ৰহ্মপুত্ৰ খনন কি হ'ল?

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in