বড়ো সাহিত্য সভা

বড়ো সাহিত্য সভা

মৃদুল কুমাৰ সন্দিকৈ

স্বাধীন ভাৰতৰ যি কেইটা জনগোষ্ঠীয়ে উল্লেখযোগ্য সফলতা লাভ কৰি বিকাশৰ যাত্ৰাৰ নজিৰ স্থাপন কৰিছে সেই জনগোষ্ঠীসমূহৰ ভিতৰত বড়ো জনগোষ্ঠী অন্যতম। পূৰ্বতে বড়ো জনগোষ্ঠীৰ লোকসকলে অসমীয়া অথবা বঙালী মাধ্যমত শিক্ষা লাভ কৰিছিল যদিও ১৯৬৩ চনৰ পৰাই প্ৰাথমিক শ্ৰেণীৰ পাঠসমূহ বড়ো ভাষাত আৰম্ভ কৰা হয়।

তাৰ পাছত ১৯৬৮ চনত বড়ো ভাষাত মাধ্যমিক শিক্ষাৰ পাঠ্যক্ৰম প্ৰস্তুত কৰাৰ সমান্তৰালভাৱে পৰৱৰ্তী সময়ত গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু নৰ্থইষ্টাৰ্ণ হিলছ ইউনিভাৰ্চিটিত বড়ো ভাষাত মেজৰ ইণ্ডিয়ান লেংগুৱেড চমুকৈ এম আই এল হিচাপে স্বীকৃতি দিয়া হৈছিল।

অসমৰ দ্বিতীয়টো ৰাজ্যিক ভাষা হিচাপে স্বীকৃতি লাভ কৰে বড়ো ভাষাই। বড়ো ভাষাৰ উৎকৰ্ষ সাধনৰ বাবে কেইবাজনো বড়ো ভাষাৰ বিশিষ্ট লোকৰ উদ্যোগত গঠন কৰা হৈছিল বড়ো সাহিত্য সভা। ১৯৫২ চনৰ পৰা ১৯৬৪ চনলৈ জয়ভদ্ৰ হাগ্জেৰ, ১৯৬৪ চনৰ পৰা ৬৮ চনলৈ সতীশ চন্দ্ৰ বসুমতাৰী, ১৯৬৮ চনৰ পৰা ৭৪ চনলৈ গৌৰীকান্ত ব্ৰহ্মই সভাপতি হিচাপে বড়ো সাহিত্য সভাক নেতৃত্ব দিছিল।

১৯৭৪ চনৰ পৰা ১৯৭৭ চনলৈ ৰামদাস বসুমতাৰী আছিল বড়ো সাহিত্য সভাৰ সভাপতি। তাৰ পৰৱৰ্তী সময়ত এই আসনত ১৯৮০ চনলৈ লক্ষেশ্বৰ ব্ৰহ্মই অধিষ্ঠিত হৈছিল। ১৯৮০ চনৰ পৰা ৮৩ চনলৈ পুনৰ ৰামদাস বসুমতাৰী, ১৯৮৩ চনৰ পৰা ৯০ চনলৈ জগেন্দ্ৰ কুমাৰ বসুমতাৰী বড়ো সাহিত্য সভাৰ সভাপতি আছিল।

১৯৯০ ৰ পৰা ৯৩ লৈ এই সন্মানীয় আসনত অধিষ্ঠিত হৈছিল কমল কুমাৰ বড়ো। ১৯৯৩ চনৰ পৰা ৯৬ চনলৈ মনিৰাম মছাহাৰী, ১৯৯৬ চনৰ পৰা ২০০০ চনলৈ বিনেশ্বৰ ব্ৰহ্ম, ২০০০ ৰ পৰা ২০০২ লৈ দলেশ্বৰ বড়ো, ২০০২ ৰ পৰা ২০০৮ লৈ ব্ৰজেন্দ্ৰ কুমাৰ ব্ৰহ্ম, ২০০৮ ত বড়ো সাহিত্য সভাৰ সভাপতি হয় ড০ কমলেশ্বৰ কুমাৰ ব্ৰহ্ম।

বড়ো সাহিত্য সভাৰ এতিয়া এই জনগোষ্ঠীটোৰ অন্যতম মুখ্য জাতীয় অনুষ্ঠান। ১৯৫২ চনৰ ১৬ নৱেম্বৰত বড়ো ভাষা আৰু বড়ো সংস্কৃতি বিকাশ তথা উত্তৰণৰ লক্ষৰে গঠন কৰা বড়ো সাহিত্য সভাই জাতিটোৰ ভৱিষ্যত নিৰ্ণয়ৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

বড়ো সাহিত্য সভাৰ আছে 'বড়ো' নামৰ এখন মুখপত্ৰ। ১৯৫৫ চনৰ পৰা মুখপত্ৰখনৰ নাম 'বড়ো' কৰা হৈছিল যদিও ইয়াৰ পূৰ্বে সেই মুখপত্ৰৰ নাম আছিল 'কছাৰী'। বড়ো সাহিত্য সভাৰ এটা নিজস্ব প্ৰকাশন পৰিষদ আছে। বড়ো ভাষাৰ বিভিন্ন পাঠ্যপুথি, সাহিত্য বিষয়ক গ্ৰন্থ বড়ো ভাষাত প্ৰকাশ কৰে এই প্ৰকাশন পৰিষদে।

বড়োসকলৰ মাজত জাতীয় চেতনা আৰু ৰাজনৈতিক জাগৰণ আৰম্ভ হৈছিল ১৯১৩ চনৰ পৰাই। বড়ো ভাষাত সাহিত্য চৰ্চা কৰা এক সুপৰিৱেশ এতিয়া ৰচনা হৈছে। ২০০৫ চনৰ পৰা বড়ো ভাষাত ৰচিত কৰ্মক সাহিত্য অকাডেমীয়ে স্বীকৃতি প্ৰদান কৰি আহিছে।

২০০৫ চনত বড়ো ভাষাৰ সাহিত্য অকাডেমী বঁটা প্ৰথমবাৰৰ বাবে লাভ কৰিছিল মংগল সিং হাজোৱাৰীয়ে। বড়ো ভাষাত প্ৰথম ১৮৪৩ চনতেই গ্ৰন্থ প্ৰকাশ হৈছিল। সেই গ্ৰন্থখন আছিল এখন প্ৰাৰ্থনা পুথি। ৰোমাণ লিপিতেই প্ৰথমে ভাষাটো লিখিবলৈ আৰম্ভ কৰিছিল। ১৮৮৪ ৰ পৰা ১৯০৪ চনলৈকে ৰোমাণ লিপিৰ জৰিয়তেই বড়ো ভাষা লিখা হৈছিল।

১৯১৫ চনত বড়ো ভাষাৰ প্ৰথমখন আলোচনী প্ৰকাশ কৰা হয়। সেই আলোচনীখন আছিল অসমীয়া বঙালী আৰু বড়োত। য'ত বড়ো ভাষা লিপি হিচাপে অসমীয়া ভাষাৰ বৰ্ণ ব্যৱহাৰ কৰিছিল। ১৯৫২ চনত বড়ো সাহিত্য সভাই ভাষাটোক কেৱল অসমীয়াত লিখাৰ সিদ্ধান্ত লৈছিল। কিন্তু খ্ৰিষ্টান সম্প্ৰদায়ৰ লোকসকলে ৰোমাণ লিপি ব্যৱহাৰ কৰে।

৬০ ৰ দশকত অসমীয়া ভাষাৰ আন্দোলনে তীব্ৰ ৰূপ ধাৰণ কৰিছিল। সেই সময়ত বড়ো সম্প্ৰদায়ে অসমীয়া লিপি ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লয়। ১৯৭০ চনৰ বড়ো সাহিত্য সভাৰ একাদশ বাৰ্ষিক অধিৱেশনত বড়ো সাহিত্য সভাই বড়ো ভাষা ৰোমাণ লিপিত লিখাৰ সৰ্বসন্মত সিদ্ধান্ত গ্ৰহণ কৰে।

সেই মৰ্মে ১৯৭১ চনত অসম চৰকাৰৰ ওচৰত এই দাবী জনাই যদিও চৰকাৰে ৰোমাণ লিপিক বিদেশী মূলৰ বুলি সেই দাবী অস্বীকাৰ কৰে। তাৰ পাছতেই আৰম্ভ হয় বড়ো ভাষাক ৰোমাণ লিপিত লিখাৰ আন্দোলন। এই আন্দোলনেই পৰৱৰ্তী সময়ত প্লে'ন ট্ৰাইবেলছ কাউন্সিল অফ আছাম অৰ্থাৎ অসমৰ সমতল জনজাতীয় পৰিষদৰ উদ্যোগত 'উদয়াচল' নামৰ পৃথক ৰাজ্যৰ দাবীৰ আন এক আন্দোলন গঢ় লৈ উঠে।

বড়ো সকলৰ ৰোমাণ লিপি ব্যৱহাৰৰ দাবীক লৈ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী পৰ্যায়টো বিষয়টো চৰ্চা হৈছিল। তেতিয়াৰ প্ৰধানমন্ত্ৰী গান্ধীয়ে ৰোমাণ লিপিৰ বাহিৰে আন ভাৰতীয় যিকোনো লিপি বাচঁনি কৰিবলৈ পৰামৰ্শ দিছিল। ১৯৭৪ চনত বড়ো সাহিত্য সভাই ৰোমাণ লিপিতেই বিথুৰাই নামৰ এখন পাঠ্যপুথি প্ৰকাশ কৰে।

সেই পাঠ্যপুথি বড়ো মাধ্যমৰ বিদ্যালয়ত ব্যৱহাৰ কৰিবলৈ বড়ো সাহিত্য সভাই সিদ্ধান্ত লোৱাত অসম চৰকাৰে তেনে পাঠ্যপুথি ব্যৱহাৰ কৰা বিদ্যালয়সমূহলৈ চৰকাৰী অনুদান বন্ধ পৰ্যন্ত কৰি দিছিল। বড়ো ভাষাত ৰোমাণ লিপিৰ ব্যৱহাৰৰ এই আন্দোলনে ১৯৭৪ চনত এনে পৰিস্থিতিৰ সৃষ্টি কৰে যে সেই বৰ্ষৰ নৱেম্বৰত ১৫ জনকৈ আন্দোলনকাৰী আৰক্ষীৰ গুলীত নিহত হয়।

বিষয়টো অসম চৰকাৰে কেন্দ্ৰীয় চৰকাৰলৈ প্ৰেৰণ কৰাত ইয়াৰ সমাধান হিচাপে দেৱনাগিৰী লিপি ব্য়ৱহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰিলে। ১৯৮২ চনত সদৌ বড়ো ছাত্ৰ সন্থাই পুনৰ এই দাবী উত্থাপন কৰে আৰু শেষত দেৱানাগিৰী লিপিয়েই বড়ো ভাষাত ব্যৱহাৰ কৰাৰ সিদ্ধান্ত লয়।

সেই বড়ো সাহিত্য সভাৰে ৬১ সংখ্য়ক অধিৱেশন তামুলপুৰৰ কচুবাৰীত অনুষ্ঠিত হয়। ২,৩ আৰু ৪ মে' ২০২২ ত অনুষ্ঠিত সভাৰ অন্তিম দিনা মুকলি অধিৱেশনত ভাৰতৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দ ৰাজ্যপাল জগদীশ মুখী, অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, ছিকিমৰ মুখ্যমন্ত্ৰী প্ৰেম সিং টামাং, মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আদি বিশিষ্ট লোকসকলে অংশ লয়।

ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই অধিৱেশনত অংশ লৈ বড়ো ভাষা, সাহিত্য, সংস্কৃতি সন্দৰ্ভত বহু কেইটা গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায়। ৰাষ্ট্ৰপতি কোবিন্দে কয়- অসমৰ লোকৰ মৰমৰ বাবেই বাৰে বাৰে অসমলৈ আহিবলৈ মন যায়। লগতে তেওঁ বড়ো ভাষাৰ প্ৰসাৰৰ ক্ষেত্ৰত বড়ো সাহিত্য সভাৰ ভূমিকাক শলাগ লয়। তেওঁ সভাত বড়ো মহিলাৰ পাৰ ভঙা উৎসাহ দেখি আনন্দিত হোৱাৰ লগতে ইয়াৰ বাবে বড়ো মহিলাসকলক প্ৰশংসাও কৰে।

বড়ো সকলৰ এতিয়া স্বকীয় পৰিচয় গঢ়লোৱাৰ লগতে সাহিত্য সংস্কৃতিৰ দিশত তেওঁলোক যথেষ্ট আগবাঢ়ি গৈছে। এক পৰিশ্ৰমি জাতি হিচাপে বড়োসকলে এই বিকাশৰ ধাৰা অব্যাহত ৰাখিলে এদিন দেশৰ ভিতৰতে জাকত জিলিক উঠিব। অৱশ্যে এইটোও থিক যে, বড়ো জনগোষ্ঠীৰ বহু নতুন প্ৰজন্মই আধুনিকতাৰ নামত এনেদৰে নিজকে বিসৰ্জন দিছে যে সেই প্ৰক্ৰিয়াক সংকুচিত কৰিব নোৱাৰিলে এটা চাম ধ্বংসৰ মুখলৈ গতি কৰিব।

ৰাজনীতিক ক্ষেত্ৰখনতো বড়ো সকলৰ উত্থান মন কৰিবলগীয়া। বহু অসমীয়া সাহিত্যিকে বড়ো ভাষাৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে। অসমীয়া কেন্দ্ৰিক জাতীয় চেতনাৰ সৈতে তেওঁলোকৰ সংঘাতপূৰ্ণ অৱস্থানৰ বিপৰীতে এক সহযোগিতাৰ মনোভাৱেৰে আগবাঢ়ি গ'লে সকলোৰে বাবে হ'ব মংগলজনক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in