শেহতীয়া খবৰ
আন্তঃৰাষ্ট্ৰীয় কংফু গেম ২০২১ত সোণৰ পদক অৰ্জন বকোৰ বিতোপন বড়োৰ...  •  নগাওঁ আৰক্ষীৰ অভিযানঃ বুজন পৰিমানৰ ড্ৰাগছ উদ্ধাৰ, দুগৰাকী মহিলাসহ তিনিজন আৰক্ষীৰ জালত...  •  অসমত পুনৰ ১২৪জন কোৰোনাত আক্ৰান্তঃ পজিটিভিটী হাৰ ০.৪৪ শতাংশ, ৩ জনে হেৰুৱাইছে প্ৰাণ...  •  বকোত ছমৰীয়া শাখা ছাত্ৰ সন্থাৰ উদ্যোগত ছাত্ৰ নেতা অনিমেষ ভূঞাৰ আত্মাৰ চিৰশান্তিৰ বাবে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান...  •  ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেডৰ বিৰুদ্ধে অবৈধভাৱে ভূমি অধিগ্ৰহণৰ অভিযোগ জীপাল কৃষক শ্ৰমিক সংঘৰ, উপায়ুক্তলৈ প্ৰেৰণ স্মাৰকপত্ৰ...  •  গোৱালপাৰাত দুখন বাহনৰ মুখামুখি সংঘৰ্ষ, নিহত ৫জন লোক...  •  বোকাখাতত ডাম্পাৰৰ খুন্দাত প্ৰাণ হেৰুৱালে মহিলাই...  •  ভাৰতীয় ৰে’লৱে মাল গুদাম শ্ৰমিক সংঘৰ ধেমাজি জিলা গোট চিতৰ উদ্যোগত ৰে’লৱে শ্ৰমিকৰ ই-শ্ৰম পঞ্জীয়নৰ...  •  এগৰাকী দুৰ্ভগীয়া আইতাৰ কৰুণ কাহিনী, বিচাৰিছে চৰকাৰৰ সহায়...  •  স্বাধীনতা দিৱস কাপঃ বঙাইগাঁও ইলেভেন কোৱাৰ্টাৰ ফাইনেলত...

ঈশ্বৰ নে মহান স্বাধীনতা সংগ্ৰামী!

তুষাৰ প্ৰতিম

বৃটিছ শাসনৰ বিৰুদ্ধে জনজাতীয় সমাজখনক সংগ্ৰামী কৰি তোলাৰ ক্ষেত্ৰত যিগৰাকী নেতাৰ মুখ্য ভূমিকা আছিল সেইগৰাকী নেতাই আছিল বীৰছা মুণ্ডা। তেওঁ আছিল মুণ্ডা বিদ্ৰোহৰ মূল হোতা। এইগৰাকী নেতাক আদবাসীসকলে ভগৱান বুলি জ্ঞান কৰে। ১৮৭৫ চনৰ ১৫ নৱেম্বৰত তেতিয়াৰ বিহাৰ আৰু বৰ্তমানৰ ঝাৰখণ্ডৰ ৰাঁচীৰ উলিহাটু গাঁৱত জন্মগ্ৰহণ কৰিছিল এইগৰাকী স্বাধীনতা সংগ্ৰামীয়ে। তেওঁৰ দেউতাকৰনাম সুগনা মুণ্ডা আৰু তেওঁৰ মাতৃৰ নাম কাৰামি বাহাতু।

বাহিৰৰ পৃথিৱীখন সদায়েই জানিবলৈ নতুন কিবা এটা শিকিবলৈ আগ্ৰহী বীৰছা মুণ্ডাই প্ৰাথমিক শিক্ষাগ্ৰহণ কৰিছিল ৰাঁচীৰ চালগা গাঁৱত। সৰুৰে পৰা বিৰছাৰ পঢ়াশুনাত আছিল যথেষ্ট আগ্ৰহ। কুন্তী খণ্ডৰ চামলং স্কুলত তৃতীয় শ্ৰেণীলৈকে পঢ়ি বীৰছা মুৰ্জু খণ্ডৰ বুৰুজ্জু উচ্চ প্ৰাথমিক বিদ্যালয়ৰ পৰা পঞ্চম শ্ৰেণীউত্তীৰ্ণ হৈছিল। বীৰছাই তেতিয়া চাইবাছাৰ থেৰান জাৰ্মান মিছনেৰী স্কুলত যোগদান কৰিছিল আৰু সপ্তম শ্ৰেণীলৈকে ইয়াত অধ্যয়ন কৰিছিল।এই সময়ছোৱাতে তেওঁ গ্ৰহণ কৰিছিল খ্ৰীষ্টান ধৰ্ম।তেতিয়া তেওঁ ডেভিড দাউদ নাম গ্ৰহণ কৰে। স্কুলত পঢ়ি থকাৰ সময়ৰ পৰাই বীৰছাই জনজাতীয় সম্প্ৰদায়ক ব্ৰিটিছৰ পৰা মুক্ত কৰাৰ সপোন দেখিছিল।

ক্লিক কৰি পঢ়কঃ কিয় কংগ্ৰেছ নেতা, লেখক ছলমান খুৰ্ছিদৰ গৃহত দুৰ্বৃত্তই কৰিলে অগ্নি সংযোগ? শেহতীয়া গ্ৰন্থই মূল কাৰণ নেকি…

বীৰছা আৰু তেওঁৰ পৰিয়ালে ১৮৮৬ চনৰ পৰা ১৮৯০ চনৰ ভিতৰত চাইবাচাত বাস কৰিছিল। যেতিয়া জাৰ্মান আৰু ৰোমান কেথলিক খ্ৰীষ্টানসকলৰ মাজত সংঘাট আৰম্ভ হৈছিল সেই সংঘাট আৰু সংঘাটৰ প্ৰতিবাদৰ প্ৰভাৱ জনজাতীয় লোকসকলৰ মাজত পৰে। ইয়াৰ পিছতে স্বাধীনতা সংগ্ৰামৰ পোহৰত আলোকিত হৈ সুগনা মুণ্ডাই বীৰছাক স্কুলৰ পৰা উলিয়াই আনে। ১৮৯০ চনত বীৰছাৰ মাতৃয়ে চাইবাছাৰ পৰা চৰ্দাৰসকলৰ হেঁচাত বীৰছাক উলিয়াই অনাৰ লগতে খ্ৰীষ্টান ধৰ্ম ত্যাগ কৰি গাঁৱলৈ উভতি আহে।
ইয়াৰ পিছত ১৮৯১ চনত বীৰছাক বান্দাগাঁৱৰ জমিদাৰ জগমোহন সিঙৰ মুন্সি আনন্দ পাওৰৰ সৈতে পৰিচয় কৰাই দিয়া হয়, যাৰ প্ৰভাৱত বীৰছা বৈষ্ণৱ ধৰ্মলৈ ৰূপান্তৰিত হয়। লাহে লাহে বীৰছাই নিজৰ জাতিক দক্ষতাৰে জাগ্ৰত কৰাৰ দায়িত্ব পালন কৰিবলৈ আৰম্ভ কৰিলে। বীৰছাই জনজাতীয় লোকসকলক তেওঁলোকৰ মুখ্য পৰম্পৰাগত জনজাতীয় ধৰ্ম ‘ছানা’ পথ অনুসৰণ কৰিবলৈ পৰামৰ্শ দিয়ে। ১৮৯৫ চনত বীৰছাই ২০ বছৰ বয়সত এক নতুন ধৰ্ম ঘোষণা কৰে। যি ধৰ্মৰ ভেটি আছিল একেশ্বৰবাদী মুণ্ডা ধৰ্ম।

বীৰছা মুণ্ডাক মুণ্ডা বিদ্ৰোহৰ নেতা হিচাপে জনা যায়। অৱশ্যে, তেওঁ প্ৰথমহাতত অস্ত্ৰ গ্ৰহণ কৰা নাছিল। কোৱা হয়, কিশোৰ অৱস্থাত তেওঁৰ হাতত তৰা আৰু কঁকালত বাঁহী আছিল, আৰু প্ৰকৃতিয়েও তেওঁৰ বাঁহীৰ শব্দৰ প্ৰতি সঁহাৰি জনাইছিল। কিন্তু অধিকাৰৰ যুঁজত বীৰছাই হাতত ধনু তুলি লৈছিল। মিছনেৰী স্কুলত থাকোতেই বীৰছাই চৰ্দাৰী আন্দোলনত জড়িত হৈছিল। সেই আন্দোলনৰ অভিজ্ঞতাত তেওঁ বুজি পাইছিল যে অকলে বৃটিছৰ লগত থকা ডিকু অৰ্থাত বাহিৰৰ লোকসকলক যাক জনজাতীয় লোকসকলে শত্ৰু জ্ঞান কৰিছিল তেওঁলোকেই প্ৰধান শত্ৰু নহয়। ইংৰাজ সকলো তেওঁলোকৰ শত্ৰু। জনজাতীয় লোকসকলৰ দুৰ্দশাৰ বাবে এইসকলো

ব্ৰিটিছে ঔপনিৱেশিক ব্যৱস্থাত এখন সামন্ত ৰাজ্য গঢ়িব বিচাৰিছিল। তেওঁলোকে জনজাতীয় লোকসকলে বাস কৰা এটা এটাকৈ বনভূমি দখল কৰিছিল। জনজাতীয় লোকসকলে দখল কৰিথকা ভূমিবোৰ তেওঁলোকৰ পৰা অন্যায়ভাৱে কাঢ়ি লোৱা হৈছিল। ১৮৯৪ চনত ব্ৰিটিছ চৰকাৰে বন আইন প্ৰৱৰ্তন কৰে আৰু জনজাতীয় লোকসকলক ভাৰতৰ বিশাল জংঘল অভয়াৰণ্যত প্ৰৱেশ কৰাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰে।

হাজাৰ হাজাৰ বছৰ ধৰি জনজাতীয় লোকসকলে বাস কৰা অৰণ্যৰ অধিকাৰ তেওঁলোকৰ পৰা কাঢ়ি লোৱা হৈছিল। যেতিয়া ব্ৰিটিছ চৰকাৰে চোটোনাগপুৰৰ অৰণ্য দখল কৰিবলৈ উদ্যোগ লৈছিল, সমগ্ৰ পাহাৰীয়া বনাঞ্চল আৰু বীৰছাইট বাহিনী জাগ্ৰত হৈ পৰিছিল। ধনু আৰু কাড়ৰ সৈতে বীৰছাইট বাহিনী বন্দুকেৰে সজ্জিত বৃটিছ সেনাৰ বিৰুদ্ধে যুঁজ আৰম্ভ কৰে। এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ ১৮৯৫ চনত জিলা আৰক্ষীয়ে বীৰছাক বন্দী কৰি দুবছৰৰ কাৰাদণ্ড প্ৰদান কৰিছিল। ১৮৯৭ চনৰ ৩০ নৱেম্বৰত বীৰছাৰ মুক্তিৰ পিছত পুনৰ আৰম্ভ হয় বিদ্ৰোহৰ প্ৰস্তুতি। ১৮৯৯ চনৰ পৰা ১৯০০ চনৰ ভিতৰত ৰাঁচীৰ দক্ষিণ অংশত বীৰছা মুণ্ডাৰ নেতৃত্বত মুণ্ডা বিদ্ৰোহৰ আয়োজন কৰা হৈছিল। এই বিদ্ৰোহক মুণ্ডাৰীত ‘উলগুলান’ বুলি কোৱা হয় যাৰ অৰ্থ হৈছে তীব্ৰ প্ৰতিবাদ’।
এই বিদ্ৰোহৰ মূল লক্ষ্য আছিল মুণ্ডা ৰাজৰ প্ৰতিষ্ঠা আৰু স্বাধীনতা; অৰ্থাৎ, মুণ্ডা সমাজত অৰণ্যৰ অধিকাৰ প্ৰতিষ্ঠা কৰা। মুণ্ডা বাহিনীৰ মুখ্য কেন্দ্ৰ আছিল বৰ্তমানৰ ৰাঁচী-জামছেদপুৰ ঘাইপথৰ পৰা প্ৰায় ২০ কিলোমিটাৰ দূৰত থকা চেইল ৰাকাব গাঁৱৰ ডম্বৰি পাহাৰ। তেওঁলোকে যুদ্ধৰ ৰণনীতি হিচাপে গেৰিলা পদ্ধতি বাছনি কৰিছিল।

১৮৯৯ চনৰ ২৪ ডিচেম্বৰত ৰাঁচী আৰু কুকটি চহৰত বীৰছা বাহিনীৰ আক্ৰমণৰ ফলত কেইবাজনো আৰক্ষীসহ বহু লোক নিহত হয় আৰু বৃটিছৰ বহু ঘৰ জ্বলি যায়। এই আক্ৰমণৰ প্ৰতিক্ৰিয়াস্বৰূপে ব্ৰিটিছ চৰকাৰে ১৫০ জন সৈন্যৰে ডম্বৰি পাহাৰ আক্ৰমণ কৰে। আয়ুক্ত ফৰ্বছ আৰু উপায়ুক্ত ষ্ট্ৰীটফিল্ডে খিলঞ্জীয়া ‘আবুয়া দিচান’ অৰ্থাত জনজাতীয় লোকসকলৰ স্বতন্ত্ৰ শাসন ধ্বংস কৰিবলৈ ৪০০ জন খিলঞ্জীয়া লোকক নিৰ্বিচাৰভাৱে গুলীয়াই হত্যা কৰিছিল। ডম্বৰি পাহাৰত সংঘটিত নিৰ্বিচাৰ গণহত্যাই মৃতদেহৰ এক পাহাৰ সৃষ্টি কৰিছিল।স্থানীয় খিলঞ্জিয়াসকলৰ মৃতদেহ বুকুত লৈ ডম্বৰি পাহাৰ হৈ পৰিছিল ‘শীৰ্ষবুৰু’ অৰ্থাত মৃতকৰ স্তূপ।


এই গণহত্যাৰ মাজতো কিন্তু বীৰছাক ব্ৰিটিছ আৰক্ষীয়ে ধৰিব নোৱাৰিলে। চৰকাৰে বীৰছাক বৃটিছৰ হাতত গতাই দিবলৈ পাৰিলে ৫০০ টকাৰ পুৰস্কাৰ দিয়া হ’ব বুলি ঘোষণা কৰিলে। বৃটিছৰ এই ঘোষণাই বীৰছাক কৰায়ত্ত কৰিবলৈ সহজ কৰি তুলিছিল। ইয়াৰ পিছতে বীৰচাক ১৯০০ চনত চক্ৰধৰপুৰৰ যমকোপাই অৰণ্যত নিৰস্ত্ৰ আৰু শুই থকা অৱস্থাত বন্দী কৰিবলৈ সক্ষম হৈছিল।
এইগৰাকী জনজাতীয় বীৰক বৃটিছে কৰায়ত্ত কৰাৰ ইতিহাস বিশ্বাসঘাতকতাৰ ইতিহাস। ৰোগাটো নামৰ ঠাইত এখন সভা খন সম্পূৰ্ণ কৰাৰ পিছত বীৰছা চেনেট্ৰাৰ অৰণ্যত ভাগৰুৱা হৈ শুই আছিল। সেই অৰণ্যৰ বাসিন্দা ডঙ্কা মুণ্ডাৰ পত্নী ছালীক বীৰছাৰ বাবে ভাত ৰান্ধিবলৈ দিয়া হৈছিল। ৰন্ধা চাউলৰ ধোঁৱা বনৰ মূৰৰ ওপৰেৰে দূৰৰ পৰাই দেখা গৈছিল। ব্ৰিটিছবাহিনীয়ে সেই ধোঁৱা দূৰৰ পৰাই লক্ষ্য কৰিছিল।

ইয়াৰ পিছতে বীৰছাক কৰায়ত্ত কৰিবলৈ বৃটিছবাহিনী সাজু হৈ পৰিছিল। বৃটিছে মনমাৰু আৰু জাৰকাইল গাঁৱৰ লোকসকলক বীৰছাক আটক কৰাৰ বাবে কিছু টকা আৰু দুবাৰৰ আহাৰ যোগান ধৰিছিল। সেই উপঢৌকনৰ বিনিময়তে বীৰছাক আটক কৰি গাঁওৱাসীয় বৃটিছৰ হাতত গতাই দিছিল। বীৰছাক আটক কৰাৰ পিছতে বৃটিছে আৰম্ভ কৰিছিল বিচাৰ প্ৰক্ৰিয়া। বীৰছাৰ লগতে আন ৫৭১ গৰাকী লোকৰো বিচাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বৃটিছবাহিনীয়ে।এই বিচাৰত বীৰছা অপৰাধী হিচাপে বিবেচিত হৈছিল আৰু বীৰছাক আন দুজন সহযোগীৰ সৈতে বৃটিছে মৃত্যুদণ্ড বিহে। আনহাতে ৭৭ জনক কাৰাগাৰত বন্দী কৰিছিল।


ৰাঁচী কাৰাগাৰত আৱদ্ধ হৈ থকা বীৰছাৰ ১৯০০ চনৰ ৯ জুন তাৰিখে মাত্ৰ ২৫ বছৰ বয়সতে বিষক্ৰিয়াৰ ফলত বীৰছা মুণ্ডাৰ মৃত্যু হয়। অৱশ্যে, কাৰাগাৰৰ প্ৰতিবেদনত কোৱা হৈছে যে বীৰছাৰ তেজ বমি ফলত মৃত্যু হৈছিল। মৃত্যুৰ লগে লগে বীৰছাক সমাধিস্থ কৰাহৈছিল। ইয়াৰ মূল উদ্দেশ্য আছিল বীৰছাৰ মৃত্যুৰ প্ৰকৃত কাৰণ ঢাকি ৰখা। জনজাতীয় লোকসকলে বীৰছাক ঈশ্বৰ জ্ঞান কৰিছিল। কিন্তু বীৰছাক মৃত্যুৰ লগে লগে সমাধিস্থ কৰি বৃটিছসকলে জনজাতীয় লোকক বীৰছা ঈশ্বৰ নহয় এজন সাধাৰণ মানুহ বুলি প্ৰমাণ কৰিবলৈ ব্যস্ত হৈ পৰিছিল।


এইগৰাকী স্বাধীনতা সংগ্ৰামীক আজিও দেশৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধাৰে স্মৰণ কৰা হয়। আজিও বীৰছাৰ জন্মবাৰ্ষিকী উদযাপন কৰে দেশৰ বিভিন্ন প্ৰান্তত। বীৰছা মুণ্ডাৰ নামত আছে বহু প্ৰতিষ্ঠান। ইয়াৰ ভিতৰত উল্লেখযোগ্য হ’ল বীৰছা মুণ্ডা বিমানবন্দৰ, বীৰছা ইনষ্টিটিউট অফ টেকনলজি, বীৰছা মুণ্ডা বনবাসী ছাত্ৰাবাস, সিধো-কানু বীৰছা বিশ্ববিদ্যালয় আৰু কৃষি বিশ্ববিদ্যালয়। বৰ্তমান আই আই এম ৰাঁচীৰ প্ৰতিষ্ঠান বীৰছা মুণ্ডা চেণ্টাৰ ফৰ ট্ৰাইবেল এফায়াৰছ বিভাগ আৰম্ভ কৰিছে। ইয়াৰ দ্বাৰা আদিবাসী জীৱনৰ বিষয়ে গৱেষণা কৰা হ’ব।

২০০৪ চনত এইগৰাকী মহান স্বাধীনতা সংগ্ৰামীৰ জীৱনক আধাৰ কৰি ‘উলগুলান-এক ক্ৰাম্তি’ নামৰ এখন হিন্দী চিনেমা নিৰ্মাণ কৰা হৈছিল। মহাশ্বেতা দেৱীয়ে এইগৰাকী স্বাধীনতা সংগ্ৰামীৰ জীৱনক লৈ লিখিছিল ‘অৰণ্যৰ অধিকাৰ’ নামৰ এক উপন্যাস। এই উপন্যাসৰ বাবেই তেওঁ লাভ কৰিছিল সাহিত্য একাডেমী পুৰস্কাৰ।ভাৰতীয় সংসদৰ মিউজিয়ামে একমাত্ৰ আদিবাসী নেতা হিচাবে বীৰছাৰ ছবি সযত্নে ৰখা হৈছে। বৃটিছ বিৰোধী সংগ্ৰামত তেওঁৰ অসমান্য সংগ্ৰামৰ কথা স্মৰণ কৰি ২০০০ চনত তেওঁৰ ১৫ নৱেম্বৰ দিনটোতে ঝাৰখণ্ড ৰাজ্য গঠন কৰা হয়।

ইফালে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ পৌৰোহিত্যত ১০ নৱেম্বৰ ২০২১ত কেন্দ্রীয় মন্ত্রীসভাৰ বৈঠকত বীৰ জনজাতীয় স্বাধীনতা সংগ্রামীসকলৰ স্মৰণত ১৫ নৱেম্বৰ দিনটো জনজাতীয় গৌৰৱ দিৱস হিচাপে উদযাপনৰ প্রস্তাব অনুমোদিত কৰা হৈছে। দেশৰ বাবে তেওঁলোকৰ আত্মবলিদানৰ কথা নতুন প্রজন্মক জনাবলৈ এই উদ্যোগ গ্ৰহণ কৰা হৈছে। ছাওঁতাল, তোমৰ, কোল, ভীল, খাছি, মিজোসহ বিভিন্ন আদিবাসী সম্প্রদায়ৰ আন্দোলনে ভাৰতৰ স্বাধীনতা আন্দোলনক শক্তিশালী কৰিছিল।


বৃটিছ ঔপনিবেশিক শাসনৰ বিৰুদ্ধে আদিবাসী সম্প্রদায়ৰ বহু সাহসী লোকে আন্দোলনৰ সময়ত প্রাণ বিসর্জন দিছিল। এইসমূহ আন্দোলনে জাতীয় স্তৰত স্বাধীনতা আন্দোলনক উদ্বুদ্ধ কৰিছিল। কিন্তু আদিবাসী নায়কসকলৰ কথা আজিও বেছিভাগ লোকৰেই জ্ঞাত নহয়। ২০১৬ চনত স্বাধীনতা দিৱসৰ দিনা প্রধানমন্ত্রীয়ে তেওঁৰ ভাষণত দেশত বিভিন্ন স্থানত আদিবাসী স্বাধীনতা সংগ্রামীসকলৰ সংগ্রহশালা নির্মাণৰ যি প্রস্তাব দিছিল কেন্দ্রই সেয়া অনুমোদন কৰিছে। ইয়াৰ অংশ হিচাপে ১০টা সংগ্রহশালা গঢ়ি তোলা হৈছে।


কেন্দ্রই স্বাধীনতা দিৱসৰ ৭৫ বছৰ পূর্তি উপলক্ষ্যে আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ ইতিহাস, সংস্কৃতি আৰু প্ৰাপ্তিৰ কথা প্রচাৰ কৰিবলৈ ১৫ নৱেম্বৰৰ পৰা ২২ নৱেম্বৰলৈকে সপ্তাহজুৰি বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰিছে। ৰাজ্য চৰকাৰসমূহৰ সৈতে যৌথভাবে অনুষ্ঠানৰ পৰিকল্পনাৰ সমান্তৰালকৈ আদিবাসী জনগোষ্ঠীৰ লোকসকলৰ বিভিন্ন সাফল্য গাঁথা তুলি ধৰা হ’ব। তদুপৰি ভাৰতৰ স্বাধীনতা আন্দোলনত তেওঁলোকৰ অবদান আৰু সাংস্কৃতিক ঐতিহ্যৰ কথা সকলোকে জনোৱা হ’ব। শিক্ষা, স্বাস্থ্য, জীবিকা, পৰিকাঠামো আৰু দক্ষতা বিকাশত আদিবাসীসকলৰ বাবে কেন্দ্রৰ বিভিন্ন জনকল্যাণমূলক প্রকল্পৰ কথাও এই অনুষ্ঠানত প্রচাৰ কৰা হ’ব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি