বাৰ্মিংহামত ৭ অসমীয়াঃ ভাৰতবাসীৰ প্ৰত্যাশা…

বাৰ্মিংহামত ৭ অসমীয়াঃ ভাৰতবাসীৰ প্ৰত্যাশা…

তুষাৰ প্ৰতিম

পুনৰ আৰম্ভ হৈছে ক্ৰীড়াৰ এক মহাৰণ। বাৰ্মিংহামত সমাগম ঘটিছে বিশ্বৰ কেইবাখনো আগশাৰী দেশৰ ক্ৰীড়াবিদৰ। প্ৰতিযোগিতাখনত ভাগ ল'বলৈ ভাৰতৰো এক বৃহৎ দল গৈছে। ভাৰতীয় এই দলটোৰ ওপৰত আছে দেশবাসীৰ বহু প্ৰত্যাশা।

ভাৰতীয়ৰ এই প্ৰত্যাশাক অৱশ্যে প্ৰতিযোগিতাখনৰ দ্বিতীয়টো দিনতে দুজনকৈ ভাৰত্তোলকে পদক লাভেৰে অধিক গাঢ় কৰি তুলিলে। প্ৰতিযোগিতাৰ দ্বিতীয়টো দিনতেই প্ৰথমে সংকেত মহাদেৱ সাৰগৰে ৫৫ কেজি শাখাত ৰূপৰ পদক লাভ কৰাৰ কিছু মুহূৰ্তৰ পিছতে আন এগৰাকী ভাৰত্তোলক গুৰুৰাজ পূজাৰীয়ে ৬১ কেজি শাখাত লাভ কৰিলে ব্ৰঞ্জৰ পদক।

সমান্তৰালকৈ বেডমিণ্টনত ভাৰতীয় মিক্সড দলটোৱে প্ৰথমখন মেচত শ্ৰীলংকাক ৪-০ ব্যৱধানত পৰাস্ত কৰাৰ পিছত পাকিস্তানক ৫-০ ব্যৱধানত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে। একেদৰে ভাৰতীয় বক্সিংক প্ৰতিনিধিত্ব কৰি অসম সন্তানক শিৱ থাপাইয়ো পাকিস্তানৰ প্ৰতিদ্বন্দিক ৫-০ ব্যৱধানত পৰাস্ত কৰি প্ৰীকোৱাৰ্টত প্ৰৱেশ কৰিছে।

বাৰ্মিংহামত অনুষ্ঠিত হোৱা এই প্ৰতিযোগিতাৰ বাবে ভাৰতে প্ৰেৰণ কৰিছে এক বৃহৎ দল। ভাৰতে মুঠ ১০৬ গৰাকী পুৰুষ আৰু ১০৪ গৰাকী মহিলাৰ দল প্ৰেৰণ কৰিছে। এই বৃহৎ দলটোৱে মুঠ ১৬ টা ইভেণ্টত প্ৰতিদ্বন্দিতা আগবঢ়াব। অৱশ্যে ৩x৩ বাক্সেটবল, বীচ ভলীবল, নেটবল আৰু ৰাগবী ইভেণ্টত ভাৰতে প্ৰতিদ্বন্দিতা আগনবঢ়ায়।

প্ৰতিযোগিতাখনৰ বাবে ভাৰতে প্ৰেৰণ কৰা খেলুৱৈসকলৰ ভিতৰত স্কোৱাছ খেলুৱৈ আনাহাত সিং আটাইতকৈ কনিষ্ঠ খেলুৱৈ যিয়ে বাৰ্মিংহামত দেশক প্ৰতিনিধিত্ব কৰিব। তেওঁৰ বয়স মাত্ৰ ১৪ বছৰ। আনহাতে সুনীল বাহাদূৰ হৈছে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰা ভাৰতৰ আটাইতকৈ জ্যেষ্ঠ খেলুৱৈ। লনবলত দেশক প্ৰতিনিধিত্ব কৰা সুনীল বাহাদূৰৰ বয়স ৪২ বছৰ।

এইবাৰ কমনৱেলথ গেমছত দেশক প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে অসমৰ মুঠ ৭গৰাকী কৈ খেলুৱৈয়ে। এই ৭ গৰাকী খেলুৱৈৰ ভিতৰত আছে অলিম্পিক পদক বিজয়ী লাভলীনা বৰগোহাঁই, অলিম্পিয়ান শিৱ থাপা, হিমা দাস,  পপী হাজৰিকা, তানিয়া চৌধুৰী, নয়নমণি শইকীয়া আৰু মৃদুল বৰগোহাঁই।

টকিঅ' অলিম্পিকত ব্ৰঞ্জৰ পদক লাভ কৰা লাভলীনাই ২০১৬ চনৰ পৰাই দেশক প্ৰতিনিধিত্ব কৰি আহিছে আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত বহু কেইটা পদক লাভ কৰিছে। মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটা প্ৰাপক লাভলীনাই এইবাৰ বাৰ্মিংহামটো পদক লাভ কৰিব বুলি সকলোৱে আশা কৰিছে। লাভলীনাই অলিম্পিকৰ উপৰিও ২০১৭ৰ মহিলা এছিয়ান চেম্পিয়নশ্বিপ বক্সিং প্ৰতিযোগিতাত ব্ৰঞ্জ, ২০১৮ ৰ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰঞ্জৰ পদক লাভ কৰিছে।

অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা ভাৰতৰ কনিষ্ঠতম বক্সাৰ হিচাপে পৰিগণিত হোৱা শিৱ থাপাই ২০১২ চনৰ লণ্ডন অলিম্পিকত অংশগ্ৰহণ কৰিছিল। অৰ্জুন বঁটা লাভ কৰা শিৱই ২০১৬ চনত ৰিঅ' অলিম্পিকতো দেশক প্ৰতিনিধিত্ব কৰিছিল। ২০০৮ চনত মস্কোৰ এছিয়াৰ শিশুৰ আন্তৰ্জাতিক ক্ৰীড়াত ব্ৰঞ্জৰ পদক, 'হাইদৰ আলিয়েভ কাপ'ত সোণৰ পদক, ২০০৯ চনৰ বিশ্ব কনিষ্ঠ বক্সিং চেম্পিয়নছিপত ব্ৰঞ্জৰ পদক,  ২০১০ চনৰ আন্তৰ্জাতিক যুৱ বক্সিং চেম্পিয়নছিপ'ত ৰূপক পদক, গ্ৰীষ্মকালীন যুৱ অলিম্পিকত ৰূপৰ পদক অৰ্জন কৰিছে শিৱই।

আনহাতে হিমা দাসে দুটা ইভেণ্টত এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। প্ৰথমে ৪x১০০ ৰীলেৰ বাবে যোগ্যতা অৰ্জন কৰা হিমাই পৰৱৰ্তী সময়ত ২০০ মিটাৰ দৌৰৰ বাবেও যোগ্যতা অৰ্জন কৰে। এছিয়ান গেমছৰ স্বৰ্ণজয়ী হিমাই ২০ অনুৰ্ধ্বৰ এথলেটিকছ প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰিছিল। ইয়াৰ উপৰিও হিমাই বিভিন্ন আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত পদক অৰ্জন কৰাৰ লগতে ইতিমধ্যে কমনৱেলথ প্ৰতিযোগিতাত অংশগ্ৰহণৰো অভিজ্ঞতা আহৰণ কৰিছে।

ইফালে লন বলত দেশক প্ৰতিনিধিত্ব কৰিব অসমৰ ৩ গৰাকীকৈ খেলুৱৈয়ে। এই তিনিগৰাকী খেলুৱৈৰ ভিতৰত আছে তানিয়া চৌধুৰী, নয়নমণি শৰ্মা, আৰু মৃদুল বৰগোহাঁই। ইয়াৰে তানিয়া চৌধুৰীয়ে ২০১০ চনৰ কমনৱেলথ গেমছত ভাৰতক প্ৰতিনিধিত্ব কৰিছিল। সেই সময়ত তেওঁ আছিল লন বলত দেশক প্ৰতিনিধিত্ব কৰা আটাইতকৈ কনিষ্ঠ খেলুৱৈ। ইয়াৰ পিছত তেওঁ ২০১৪ চনৰ কমনৱেলথ গেমছতো দেশক প্ৰতিনিধিত্ব কৰিছিল।

তানিয়া চৌধুৰীয়ে ইতিমধ্যে আছাম ইঞ্জিনিয়াৰীং কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে তেজপুৰ বিশ্ববিদ্যালয়ৰ পৰা এম বি এ ডিগ্ৰীও গ্ৰহণ কৰিছে। তেওঁৰ পিতৃ অনুপ কুমাৰ চৌধুৰীও এগৰাকী লন বল খেলুৱৈ তথা অসমৰ এগৰাকী আগশাৰীৰ ক্ৰীড়া সংগঠক। অসম অলিম্পিক সন্থাৰ উপ-সভাপতি। ইয়াৰ উপৰিও দেশক প্ৰতিনিধিত্ব কৰা আন দুগৰাকী লন বল খেলুৱৈ ক্ৰমে নয়নমণি শৰ্মা আৰু মৃদুল বৰগোহাঁই।

আনহাতে ভাৰত্তোলনত দেশক প্ৰতিনিধিত্ব কৰা আন এগৰাকী অসমৰ খেলুৱৈ হৈছে পপী হাজৰিকা। পপী হাজৰিকাই ৫৯ কেজি শাখাত ইতিমধ্যে কমনৱেলথ ভাৰত্তোলন চেম্পিয়নশ্বিপত ৰূপৰ পদক অৰ্জন কৰিছে।

বৰ্তমানলৈকে প্ৰতিযোগিতাখনৰ পদক তালিকাত ১৮ টা পদকেৰে অষ্ট্ৰেলিয়া আছে শীৰ্ষত। অষ্ট্ৰেলিয়াই এতিয়ালৈকে ১০ টা স্বৰ্ণ ৪ টা ৰূপ আৰু ৪ টা ব্ৰঞ্জৰ পদক লাভ কৰিছে। আনহাতে ৩ টা স্বৰ্ণসহ ১২ টা পদকেৰে ইংলেণ্ড দ্বিতীয়, ৩ টা স্বৰ্ণসহ ৭ টা পদকেৰে নিউজিলেণ্ড তৃতীয় স্থানত আছে। আনহাতে ভাৰতে এতিয়ালৈকে ১ টা ৰূপ আৰু ১ টা ব্ৰঞ্জৰ পদকৰ সৈতে পদক তালিকাৰ নৱম স্থানত আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in