কাৰ ভুলৰ বাবে বাঘজান কাণ্ডঃ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত কি আছে…

কাৰ ভুলৰ বাবে বাঘজান কাণ্ডঃ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনত কি আছে…

মৃদুল কুমাৰ সন্দিকৈ

কাৰ ভুলৰ বাবে বাঘজান কাণ্ড সংঘটিত হৈছিল। ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰনে বাঘজান কাণ্ডৰ সন্দৰ্ভত সমগ্ৰ বিষয়টোৰ তদন্তৰ বাবে গঠন কৰি দিছে এখন বিশেষজ্ঞ কমিটি। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ বি পি কটকীৰ অধ্যক্ষতাত গঠন কৰি দিয়া ৮জনীয়া বিশেষজ্ঞ কমিটিয়ে ২৪জুলাই ২০২০ত বাঘজান কাণ্ডৰ সন্দৰ্ভত প্ৰাথমিক প্ৰতিবেদন দাখিল কৰিছে ৰাষ্ট্ৰীয় সেউজ প্ৰাধিকৰণৰ ওচৰত।

বাঘজান কাণ্ড সন্দৰ্ভত বিশেষজ্ঞ কমিটিয়ে দাখিল কৰা প্ৰতিবেদন

ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰন গঠন কৰা এই বিশেষজ্ঞ কমিটিখনত থকা আন সদস্যসকল হল, চেন্ট্ৰেল পলিউচন কন্ট্ৰল বৰ্ডৰ সদস্য সচিব, চি এছ আই আৰৰ এজন জ্যেষ্ঠ বিশেষজ্ঞ, গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ডঃ সৰ্বেশ্বৰ কলিতা, বায়'ডাইভাৰ্চিটি ব'ৰ্ডৰ প্ৰাক্তন সদস্য অভয় কুমাৰ জুহাৰী, অ. এন জি. চি. এলৰ প্ৰাক্তন অধ্যক্ষ অজিত হাজৰিকা, অসম ৰাজ্যিক পৰিৱেশ প্ৰদূষণ ব'ৰ্ডৰ এগৰাকী প্ৰতিনিধি আৰু তিনিচুকীয়া জিলা প্ৰশাসনৰ এগৰাকী জিলা দণ্ডাধীশ এই তদন্ত কমিটিৰ সদস্য আছিল।

এন জি টিয়ে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটি।

৪০৭ পৃষ্ঠাৰ প্ৰাথমিক প্ৰতিবেদনত সেই অঞ্চলৰ বিভিন্ন লোকৰ মতামত, অইল কৰ্তৃপক্ষই গ্ৰহণ কৰা পদক্ষেপ আৰু বিভিন্ন তথ্য অধ্যয়ণ কৰি প্ৰাথমিক ভাৱে এই প্ৰতিবেদনত উল্লেখ কৰিছে যে বাঘজানৰ এই খাদটোত গেছ নিৰ্গত হোৱা প্ৰথমছোৱা সময়তে বহুকেইটা ভূল সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল। এই প্ৰতিবেদনত প্ৰথমতেই বাঘজান কাণ্ড সন্দৰ্ভত কিছু ব্যাখ্যা আৰু তদন্ত পদ্ধতিৰ সম্পৰ্কে উল্লেখ কৰা হৈছে। ৪০৭ পৃষ্ঠাৰ প্ৰতিবেদনৰ ৭ নম্বৰ পৃষ্ঠাৰ পৰা ২০ পৃষ্ঠালৈকে সমগ্ৰ কাণ্ড সন্দৰ্ভত বিশেষজ্ঞ সমিটিয়ে কি পদ্ধতিৰে বিষয়টো চালিজাৰি চাইছে আৰু ইয়াৰ এনালাইচিছ অৱ ৰিপ্ৰেজেনটেছন, ৰিপ'ৰ্টছ এণ্ড ৰিকোমেণ্ডচেনৰ বিষয়ে আছে।

এই প্ৰতিবেদনক মুঠ ছয়টা অধ্যায়ত ভাগ কৰা হৈছে। প্ৰতিবেদনত জীৱকূলৰ ওপৰত আৰু প্ৰাকৃতিক পৰিৱেশ ওপৰত কেনেধৰণৰ প্ৰভাৱ পৰিছে সেই সন্দৰ্ভটো উল্লেখ আছে।

কি কি আছে এই প্ৰতিবেদনত
  • এই বিশেষজ্ঞ কমিটিয়ে মূলতঃ
  • গেছ আৰু তেল নিৰ্গত হোৱাৰ কাৰণ।
  • মানুহৰ জীৱন ,বন্যপ্ৰাণী আৰু পৰিৱেশত পৰা প্ৰভাৱ।
  • জনস্বাস্থ্যৰ প্ৰতি আহিব পৰা ভাৱুকি বা কাৰক।
  • ইয়াৰ চৌপাশৰ অঞ্চলত বায়ু, মাটি আৰু পানীত পৰিব পৰা প্ৰভাৱ।
  • তেলৰ কণিকাই ডিব্ৰু নদীৰ জলপৃষ্ঠত পেলাব পৰা প্ৰভাৱ।
  • ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যাণ, মাগুৰী-মটাপুং জলাশয়ত পৰিব পৰা প্ৰভাৱ।
  • এই ঘটনাৰ বাবে কোনো লোক জগৰীয়া নেকি
  • ক্ষতিগ্ৰস্ত লোকসকলক দিবলগীয়া ক্ষতিপূৰণ।
  • কি ধৰণৰ প্ৰতিৰোধ আৰু উপশম মূলক ব্যৱস্থা গ্ৰহণ কৰিব পৰা যায়।
  • ইয়াৰ সৈতে আন ঘটনাক্ৰম আৰু আন প্ৰসঙ্গ জড়িত আছে নেকি এই বিষয়ে অধ্যয়ণ কৰিছিল।

মুঠ তেৰটা দিশ এই বিশেষজ্ঞ কমিটিয়ে অধ্যয়ণ কৰি এই প্ৰতিবেদন এন জি টিৰ হাতত জমা দিছিল।

কমিটিয়ে দুজন গৱেষণা সহায়কাৰী জড়িয়তে বাঘজান কাণ্ডৰ সন্দৰ্ভত তেওঁলোকৰ প্ৰতিবেদন প্ৰস্তুত কৰাত বিভিন্ন তথ্য সংগ্ৰহ কৰিছে। যি দুজন 'ৰিচাৰ্ছ এচ'ছিয়েট' কমিটিক সহায় কৰিছে তেওঁলোক আছিল ডাঃ প্ৰাঞ্জল বেজবৰুৱা আৰু অৱন্তি দত্ত। ডাঃ বেজবৰুৱা এজন পৰিৱেশ বিদ আৰু তেওঁ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰিৱেশ বিজ্ঞান বিভাগৰ অতিথি অধ্যাপক।

আনহাতে অৱন্তি দত্ত উদ্ভিদ বিদ্যাৰ পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰা এগৰাকী পৰিৱেশ বিদ আৰু বৃত্তিত তেওঁ এগৰাকী অধিবক্তা। ২২ জুলাইত এই বাঘজানকৰ পাঁচ নং খাদত আন এটা বিস্ফোৰণ সংঘটিত হৈছিল। প্ৰতিবেদনৰ সমিটিয়ে উল্লেখ কৰা মতে সেই বিস্ফোৰণৰ সন্দৰ্ভত টেলিফোন যোগে কিছু তথ্য সংগ্ৰহ কৰিলেও অইল আৰু জিলা প্ৰশাসনক এই সন্দৰ্ভত প্ৰতিবেদন দিবলৈ কৈছে যদিও সেয়া এতিয়াও তেওঁলোকে লাভ কৰা নাই।

প্ৰতিবেদনত কমিটিয়ে উল্লেখ কৰা মতে- "Be it stated herein that on 22.07.2020, another explosion occurred at the same site which injured three experts engaged by OIL to douse the fire that has been raging since 09.06.2020. The Committee has called for immediate reports from both the Office of the District Administration and OIL, which are awaited. However, the Committee has received telephonic information, both from the Office of the District Administration and OIL, that the three experts had suffered minor injuries while removing a spool from the well head. It has been further informed that operations to douse the fire will resume from today i.e. 24.07.2020. The Committee will, however, review the causes of the second explosion and report its findings in its subsequent Report."

কোভিড-১৯ৰ লকডাউন আৰু বানপানীৰ বাবে টেলিফোন আৰু ভিডিঅ কনফাৰেন্স যোগে কমিটিয়ে সমগ্ৰ বিষয়টোক অধ্যয়ণ কৰি এই প্ৰাথমিক প্ৰতিবেদন প্ৰস্তুত কৰিছিল। এই বিশেষজ্ঞ কমিটিক কোনো ক্ষতিগ্ৰস্ত লোক বা দল-সংগঠন আদিয়ে তেওঁলোকৰ মতামত, দৃষ্টিভঙ্গী জনাব বিচাৰিলে জনাব পাৰিব বুলি ৫ জুলাই ২০২০ত এখন ৰাজহুৱা জাননীও জাৰি কৰিছিল। সেই অনুসৰি বহু দল সংগঠন আৰু স্থানীয় লোকে কমিটিক এই সমগ্ৰ বাঘজান কাণ্ড সন্দৰ্ভত তেওঁলোকৰ মতামত ব্যক্ত কৰিছে।

বিশেষজ্ঞ কমিটিক স্থানীয় দল সংগঠনে কি কলে

নিৰন্তৰ গোঁহাই নামৰ এজন পৰিৱেশ কৰ্মীয়ে কমিটিক জনাইছিল যে এই খাদটো আছিল বে আইনী। কিয়নো এনে খাদৰ বাবে অইল কৰ্তৃপক্ষই পৰিৱেশ মন্ত্ৰালয়ৰ অনুমতি ল'ব লাগে যদিও অইল কৰতৃপক্ষই সেয়া কৰা নাছিল। লগতে তেওঁ এই অভিযোগ কৰে যে তেল খাদটোৰ সন্দৰ্ভত কোনো জন শুনানী গ্ৰহণ কৰা নাছিল। অইল কৰ্তৃপক্ষৰ এনে অৱহেলাৰ বাবে অঞ্চলটোৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু মাগুৰী মটাপুং বিলত যথেষ্ট প্ৰভাৱ পৰিছে।

ইফালে অইল কৰ্তৃপক্ষই এই অঞ্চলৰ জনস্বাস্থ্যৰ প্ৰতি কোনো সজাগ নহয় বুলি কমিটিক জনায়। লগতে তেওঁ কয়, এই বাঘজান কাণ্ডৰ পাছত কাষৰীয়া অঞ্চল সমূহৰ টিউবেলৰ পানী খাব নোৱাৰা হৈছে। কিয়নো সেই পানীৰ সৈতে তেলৰ কণিকা মিশ্ৰণ ঘটাত জনস্বাস্থ্যৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি কৰিছে। বাঘজানৰ পাঁচ নং খাদটোৰ পৰা ৫-৬ কিঃমিটাৰ ব্যাসাৰ্ধ লৈকে অহা বিশ বছৰত কোনো খেতি পথাৰত খেতি কৰিব পৰা অৱস্থা নহ'ব বুলিও আশংকা ব্যক্ত কৰে।

কমিটিক এঘাৰখন গাঁৱৰ ৮৩জন লোকৰ স্বাস্থ্য সন্দৰ্ভত তেওঁলোকৰ অসুবিধাও সাক্ষাৎ কাৰ ভিত্তিত জমা দিয়া হৈছিল। শিশুৰ শিক্ষা, বায়ু প্ৰদূষণ, সেই অঞ্চলত পৰা প্ৰভাৱ আদি বিষয়ত এই সাক্ষাৎকাৰ সমূহত আলোকপাত কৰা হৈছে। মনোজ হাজৰিকা নামৰ আন এজন লোকেও এই কমিটিক ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত অৱগত কৰে। বাঘজানৰ বিস্ফোৰিত এই খাদটোৰ পৰা আকাশী দুৰত্বৰে এক কিঃ মিটাৰ দূৰৈত তেওঁৰ ঘৰ। সেই ব্যক্তিজনে জানিবলৈ দিয়ামতে ২৭-০৫-২০২০ৰ পৰা যথেষ্ট সমস্যাৰ সন্মুখীন হৈছে অঞ্চলবাসী। কনডেনছেটৰ বাবে আনকি চাহ বাগিছাত পাত তুলিব নোৱাৰাৰ পৰিস্থিতিৰ কথাও তেওঁ উল্লেখ কৰে।

খেতি পখাৰত কি প্ৰভাৱ পৰিছিল

ইয়াৰ উপৰিও তিনিচুকীয় কলেজৰ ভূগোল বিভাগৰ মুৰব্বী অধ্যাপক ৰঞ্জন কুমাৰ দাস, গ্ৰীণ ভিজন নৰ্থ ইষ্ট, তিনিচুকীয়া কলেজৰ ছাত্ৰ ইমন আৱেদিনকে ধৰি অনেকজনে এই কাণ্ডৰ ফলত সৃষ্টি হোৱা পৰিস্থিতিৰ বিষয়ে কমিটিক অৱগত কৰিছে।

অৰণ্যক, দ্যা ৱাইল্ড লাইফ ইনষ্টিটিউত অৱ ইণ্ডিয়া, ৱাটাৰ লেণ্ডছ ইন্টাৰনেছনেল ছাইথ এছিয়া আদিৰ প্ৰতিনিধিয়ে ইয়াৰ প্ৰভাৱৰ সন্দৰ্ভত এই বিশেষজ্ঞ কমিটিৰ আগত বিভিন্ন তথ্য দাঙি ধৰিছে।

এইদৰে বাঘজানত মৃত্যু হৈছিল জীৱজন্তুৰ

এই বিশেষজ্ঞ কমিটিয়ে তেওঁলোকৰ অধ্যয়ণ আৰু অনুসন্ধানত বিভিন্ন জনৰ মন্তব্য গ্ৰহণ কৰাৰ লগতে এই খাদটোৰ ক্ষেত্ৰত ২০ মে ২০২০ৰ পৰা ২৭ মে ২০২০লৈকে অইল কৰ্তৃপক্ষই কি ধৰনে কাম কৰিছিল তাৰ DPR পুংখানুপুংখভাৱে অধ্যয়ণ কৰিছে।

প্ৰতিবেদনত উল্লেখ কৰা মতে যি গণ আচনীৰে তেওঁলোক আগবাঢ়িছিল সেয়া যথেষ্ট ক্ৰুতিপূৰ্ণ আছিল। ২০০৬ চনত ড্ৰিল কৰা হৈছিল এই খাদটো। যাৰ গভিৰতা প্ৰায় ৩৯০০ মিটাৰ লক্ষ্য স্থিৰ কৰা হৈছিল। এম এছ জন এনাৰ্জিক বাঘজানৰ এই পাঁচ নং খাদটোৰ ১৯ এপ্ৰিল ২০২০ত চমজাই দিয়া হৈছিল। খাদটো বন্ধ কৰিবলৈ এই প্ৰতিবেদনত স্পষ্টকৈ উল্লেখ আছে যে অইল কৰ্তৃপক্ষই ষ্টেণ্ডাৰ্ড অপৰেটিং প্ৰেক্টিছ ভংগ কৰিছে। প্ৰতিবেদনত লিখিছে- "senior officers from Contactor and OIL was a gross violation of Standard Operating Practice. Moreover, WOC was 48 hours as per plan but dismantle of BOP was done after 15-16 hours of WOC. Once BOP was removed there was practically only one safety barrier."

খাদটোৰ এনে অভিযান চলি থকা সময়ত উচ্চ পদস্থ বিষয়াৰ অনুপস্থিতি হ'ল আৰু নিৰ্দিষ্ট গভীৰতাতকৈ কম গভীৰতাত চিমেন্ট প্লাগ কৰাৰ সিদ্ধান্ত আৰু অন্যান্য আসোৱাহ সমূহৰ কথা উল্লেখ কৰা হৈছিল।

"Be it stated herein that on 22.07.2020, another explosion occurred at the same site which injured three experts engaged by OIL to douse the fire that has been raging since 09.06.2020. The Committee has called for immediate reports from both the Office of the District Administration and OIL, which are awaited. However, the Committee has received telephonic information, both from the Office of the District Administration and OIL, that the three experts had suffered minor injuries while removing a spool from the well head. It has been further informed that operations to douse the fire will resume from today i.e. 24.07.2020. The Committee will, however, review the causes of the second explosion and report its findings in its subsequent Report."

কিহৰ বাবে এই কাণ্ড সংঘটিত হ'ল সেই সন্দৰ্ভতো এই প্ৰতিবেদনত উল্লেখ আছে। চিমেন্ট প্লাগ এহাজাৰ মিটাৰৰ গভিৰতাত কৰাটো চেকেণ্ডাৰী ছেফটি বেৰিয়াৰ হ'ব পাৰে। প্ৰতিবেদনত উল্লেখ কৰা মতে এই চিমেন্ট প্লাগ PERFORATE ZONE অৰ্থাৎ PACKERক সমীপত হ'ব লাগে। লগতে কিয় RBG অৰ্থাৎ retrievable Bridge Plug প্লেনিং কৰা নহ'ল সেই সন্দৰ্ভটো প্ৰশ্ন উত্থাপন কৰিছে। চিমেন্ট প্লাগৰ ক্ষেতৰত ৪৮ ঘন্টা সময় ৰখাব লাগে যদিও সেয়া ১২ ঘন্টাহে ৰখা হৈছিল। In the plan of cement plug job, it was mentioned WOC as 48 Hours. But in actual D/P were pulled out of casing after 12 hours of WOC and BOP was removed from well head after 15 Hours of WOC. This was a gross violation of written instructions of WOC of 48 Hours in the Plan. It is very hard to believe that Contractor Driller would act on his own to remove BOP after 15 hours of WOC against a written instruction of WOC of 48 hours unless Driller gets some instruction in writing or telephonically from someone from OIL.

প্ৰাথমিক প্ৰতিবেদনতঅইল ইণ্ডিয়া কৰ্তৃপক্ষই এই খাদটোৰ চিমেন্ট প্লাগৰ কাম গুৰুত্ব সহকাৰে লৈ কৰা নাছিল বুলি কমিটিয়ে মন্তব্য কৰিছে। ইফালে কমিটিয়ে এই প্ৰতিবেদনৰ সাৰংশত উল্লেখ কৰিছে যে অইল কৰ্তৃপক্ষৰ এনে আসোৱাহৰ কথা।

কাৰ ভুলৰ বাবে বাঘজান কাণ্ড

আনহাতে এতিয়াও বাঘজানত জুই নিৰ্বাপন কৰিব পৰা নাই। স্থানীয় লোকে জানিবলৈ দিয়া মতে যোৱা ৬৫ দিন ধৰি আশ্ৰয় শিবিৰতে আছে বাঘজানবাসা। ক্ষতিপূৰণৰ সন্দৰ্ভতো কেইটামান পৰিয়ালক বাসগৃহ নিৰ্মাণৰ বাবে কিছু ধন দিয়া হৈছে যদিও বাকীসকলে এই পৰ্যন্তলৈকে ক্ষতিপূৰণ লাভ কৰা নাই। অইলৰ এক সূত্ৰৰ মতে যোৱা একসপ্তাহৰ ভিতৰত এই জুই নিৰ্বাপন কৰিব পৰা যাব। ইতিমধ্যে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গঠন কৰি দিয়া বিশেষজ্ঞ কমিটিয়ে তিনিটা ভাগত ক্ষতিপূৰণ দিয়াৰ বাবে পৰামৰ্শ দান কৰিছে। সেই অনুসৰি প্ৰথম শ্ৰেণীক ২৫ লাখকৈ, দ্বিতীয় শ্ৰেণীক ১০ লাখকৈ আৰু তৃতীয় শ্ৰেণীক ২.৫ লাখ দিবৰ বাবে পৰামৰ্শ দিছে।

বাঘজানৰ এই কাণ্ড যে অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ যে অৱহেলাৰ ফল সেয়া এতিয়া স্পষ্ট হ'ল। অৱশ্যে এন জি টিয়ে গঠন কৰা বিশেষজ্ঞ কমিটিয়ে এই সন্দৰ্ভত পৰৱৰ্তী সময়ত তেওঁলোকে লাভ কৰা খুটিনাতি সমূহ সংলগ্ন প্ৰতিবেদন আকাৰত পুনৰ জমা দিয়াৰ বাট খোলা আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in