আয়ুসে আনিছে আশাৰ বতৰা

আয়ুসে আনিছে আশাৰ বতৰা

মৃদুল কুমাৰ সন্দিকৈ

প্ৰাকৃতিক সম্পদেৰে ভৰপূৰ উত্তৰ পূৰ্বাঞ্চল। অঞ্চলটোত বাস কৰা লোকসকলৰ আছে পৰম্পৰাগত কিছু চিকিৎসা পদ্ধতি। বিশেষকৈ জনগোষ্ঠীয় লোকসকলৰ মাজত শ শ বছৰ ধৰি প্ৰচলিত এই চিকিৎসা পদ্ধতি বিজ্ঞান সন্মত অধ্যয়নৰ অৱকাশ আছে। বহাগ বিহুত এশ এবিধ শাক খোৱা পৰম্পৰা, আজিও অসমত প্ৰচলিত হৈ আছে। বাৰীৰ চুকে-কোণে পোৱা এই গছ-লতা তৃণ সমূহৰ আছে ঔষধি গুণ।

জৈৱ বৈচিত্ৰৰে ভৰপূৰ উত্তৰ-পূৰ্বাঞ্চলত ৬ ঋতুত বিভিন্ন গছ-বন গজে। সেই গছ-বনসমূহ জীৱন দায়িনী হোৱাৰ উপৰিও বিভিন্ন দুৰাৰোগ্য ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰা হয়। সাধাৰণতে খোৱা কেৰেলা পাত মধুমেহ ৰোগৰ বাবে এতি উপকাৰী। ইয়াত ভিটামিন 'চি'ৰ উপৰিও আছে কিছু শৰীৰৰ বাবে প্ৰয়োজনীয় উপাদান আছে। তাৰ ভিতৰত আইৰন, মেগনেছিয়াম অন্যতম।

এনেকুৱা বহু গছ বনেৰে ভৰি আছে উত্তৰ পূৰ্বাঞ্চল। সেই গছ-বন সমূহে এতিয়া উত্তৰ পূৰ্বাঞ্চলত এখন নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিব। অলপতে অনুষ্ঠিত হৈছিল গুৱাহাটীত আয়ুসৰ এখন আলোচনা চক্ৰ। এই মন্ত্ৰনালয়ৰ দায়িত্বত থকা কেন্দ্ৰীয় কেবিনেট মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপৰিও উত্তৰ পূবৰ ৮ ৰাজ্যৰ স্বাস্থ্য মন্ত্ৰীসকল উপস্থিত আছিল।

আয়ুসৰ জনপ্ৰিয়তা হাজাৰ বছৰ পূৰ্বৰ পৰাই আছিল। আয়ুৰ্বেদিক ঔষধৰ ব্যৱহাৰ অতীতৰ পৰাই মানুহে কৰি আহিছে আৰু ইয়াৰ সমাদৰ কেতিয়াও কমা নাই। পৰম্পৰাগত এই চিকিৎসা পদ্ধতিসমূহক একেলগ কৰি বিজ্ঞানসন্মতভাৱে এলপেথিক চিকিৎসাৰ বিকল্প হিচাপে আয়ুসৰ ব্যৱহাৰ এতিয়া ভাৰততে নহয়, সমগ্ৰ বিশ্বতে হয়।

কোৰোনাৰ সময়ত আয়ুৰ্বেদিক ঔষধেও ৰোগীক সুস্থ কৰাত সহায় কৰিছিল। আয়ুৰ্বেদ, য়োগা, নেচাৰোপেথি, উনানি, চিদাহা আৰু হোমিওপেথিকৰ সংমিশ্ৰণেই হ'ল আয়ুস। আয়ুস ব্যৱস্থাৰ মূল লক্ষ্য হ'ল প্ৰাকৃতিভাৱে পোৱা গছ-বনৰ পৰা তৈয়াৰ কৰা ঔষধৰে কোনো পাৰ্শ্ব প্ৰতিক্ৰিয়া নথকাকৈ কেনেদৰে ৰোগীক সুস্থ কৰিব পাৰি।

এক কথাত ক'ব পাৰি এয়া আমাৰ পৰম্পৰাগত ঔষধ সমূহক অধ্যয়ন আৰু গৱেষণাৰ জৰিয়তে জনমুখী কৰি কম ব্যয়ৰে কোনো লোকক সুস্থ কৰি তোলা। দেশৰ বিভিন্ন প্ৰান্তত আয়ুসৰ চিকিৎসা আৰু ভালেমানক কেন্দ্ৰও স্থাপন কৰা হৈছে। মানুহৰ দেহত প্ৰয়োজন হোৱা বিভিন্ন মৌল আৰু যৌগৰ এই আয়ুসৰ দ্বাৰাই উৎপাদিত আৰু যোগান ধৰা।

সেই উদ্দেশ্যেই ঘোষণা কৰা হৈছিল নেচনেল আয়ুস মিচন। এই মিচনৰ লক্ষ্য আছিল ব্যয়সাধ্য আয়ুসৰ চিকিৎসা প্ৰদান, চিকিৎসালয়সমূহত আয়ুসৰ চিকিৎসা উপলব্ধ, ফাৰ্মাচি আৰু ঔষধৰ পৰীক্ষণ পদ্ধতিৰ সুবিধা প্ৰদান, বিভিন্ন স্থানত ঔষধি গছ-বনৰ খেতি আৰু আয়ুৰ্বেদিক ঔষধ উৎপাদনৰ বাবে প্ৰয়োজনীয় কেঁচা সামগ্ৰী সংগ্ৰহ, ইয়াৰ বিপনন, বিনিয়োগকাৰী সৃষ্টি আদি।

আয়ুসৰ গুৱাহাটীত অনুষ্ঠিত হোৱা সন্মিলনৰ কথা বিশেষভাৱে চৰ্চা নহলেও এই সন্মিলনে উত্তৰ পূৰ্বাঞ্চলৰ জৈৱ বৈচিত্ৰতাৰ ভিত্তি কৰি খেতি কৰিব বিচৰা বহু যুৱকক উৎসাহিত কৰিব পৰাৰ স্থল আছে। তেনে সম্ভাৱনা আৰু আয়ুসৰ এই পদক্ষেপক সমল কৰি লৈ উদ্যোগি যুৱক যুৱতীসকলে অঞ্চলটোত ঐষধি গছৰ খেতি কৰাৰ লগতে ইয়াৰ সমান্তৰালভাৱে আন কিছু উদ্যোগ গঢ়ি তুলিব পাৰি।

ৰাজ্যৰ বন বিভাগৰ তত্বাৱধানত ষ্টেট মেডিচনেল প্লেণ্টেচন ব'ৰ্ডে এই ক্ষেত্ৰত বিশেষ উদ্যোগ ল'ব পাৰে। এই সন্মিলনত ইতিমধ্যে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে ঘোষণা কৰিছে যে, অঞ্চলটোত থকা সম্ভাৱনাৰ প্ৰতি লক্ষ্য ৰাখি, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক আয়ুসে বিশেষ গুৰুত্ব প্ৰদান কৰিছে। সেই উদ্দেশ্যে উত্তৰ পূৰ্বাঞ্চলত ১০০ খন আয়ুস ডিচপেঞ্চেৰি, ১০০০ হেল্থ আৰু ৱেলনেছ চেণ্টাৰ স্থাপনৰ সিদ্ধান্ত লৈছে আয়ুস মন্ত্ৰনালয়ে।

ইয়াৰ উপৰিও অঞ্চলটোত থকা একমাত্ৰ আয়ুৰ্বেদিক মহাবিদ্যালয়খনক ১০ কোটি টকা ব্যয়ৰে উৎকৰ্ষ কেন্দ্ৰ ৰূপে স্থাপন কৰা আৰু ৭০ কোটি টকা ব্যয়ৰে গোৱালপাৰা জিলাৰ দুধনৈত আন এখন আয়ুৰ্বেদিক মহাবিদ্যালয় স্থাপন কৰাৰ কথা ঘোষণা কৰে। প্ৰচূৰ সম্ভাৱনা থকাৰ বাবেই এই অঞ্চলটোত আয়ুসে দৃষ্টি নিবিদ্ধ কৰিছে।

ইচ্ছা কৰিলে অসমৰ ফৰেষ্ট ভিলেজ সমূহতো ঔষধি গছৰ খেতি কৰাৰ সুযোগ আছে। ইতিমধ্যে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ পৰা বহু ঔষধি গছ বাহিৰলৈ ৰপ্তানি হৈছে। সেই ব্যৱসায়িক আন্তঃগাঁথনি সৱল ৰূপত কৰিলে বিশ্বজুৰি এখন বজাৰ ইয়াত গঢ়লৈ উঠিব। আন্তঃৰাষ্ট্ৰীয় বজাৰত সেই ঔষধি গছসমূহৰ উৎদিত কেঁচা সামগ্ৰীৰ যথেষ্ট সম্ভাৱনা আছে। ৰাজ্যত দুই-একে ঔষধি গছৰ খেতিৰে নিদৰ্শন দাঙি ধৰিছে।

আয়ুসৰ সহযোগত তেনে আঁচনি ৰূপায়ন কৰিলে উত্তৰ পূৰ্বাঞ্চলত এক বিপ্লৱৰ সূচনা হ'ব। সমগ্ৰ বিশ্বত প্ৰায় ২ লাখ ৫০ হাজাৰ বিধ বিভিন্ন প্ৰজাতিৰ উদ্ভিদৰ ভিতৰত ৮০ হাজাৰ বিধেই ঔষধি গুণযুক্ত। ইয়াৰ গৰিষ্ঠসংখ্যকেই অসমত উপলব্ধ। তেজমুই, মধুসোলেং, তুলসী, মাণিমুনি, জালুক, যম লাখুটি, পনেৌনৱা, ব্ৰাহ্মী, অৰ্জুন, শিলিখা, গিলৈ, আমলসী আদি বিভিন্ন ঔষধ যুক্ত আমাৰ চকুৰ সন্মুখতে আছে।

ৰাজ্যত খালী হৈ পৰি থকা মাটি সমূহত এই খেতি কৰিলে সংস্থাপনৰ বাটো মুকলি হ'ব। জানিব পৰা মতে, আয়ুসে উদ্যোগ লৈ ৬০-৭০ হাজাৰ হেক্টৰ মাটিত মেডিচনেল প্লাণ্টৰ খেতি কৰাৰ পৰিকল্পনা কৰিছে। যদি থলুৱা যুৱকসকলক ইয়াৰ সৈতে জড়িত কৰা হয় তেনেহ'লে অতি কমেও ৫০ সহশ্ৰাধিক যুৱক-যুৱতী সংস্থাপিত হ'ব।

বহিৰাগত কোম্পানী বা পুঁজিপতিক এই সুবিধা দিয়াৰ সলনি স্থানীয় যুৱকসকলক ইয়াৰ বাবে আগ্ৰহী কৰি তুলিবলৈ ৰাজ্য চৰকাৰে পদক্ষেপ গ্ৰহণ কৰা উচিত।ঔষধি গছৰ খেতিৰ সমান্তৰালভাৱে সেই গছৰ পুলিৰ নাৰ্চাৰীৰ এখন বজাৰ সৃষ্টি হ'ব। ঔষধি গছৰ উৎপাদিত সামগ্ৰীৰ পৰা কেঁচা মাল উৎপাদন আৰু ইয়াৰ পৰিশোধনৰো উদ্যোগ গঢ়লৈ উঠিব।

আয়ুসৰ জৰিয়তে এই অঞ্চলটোত ঔষধ প্ৰস্তুতকৰণৰ উদ্যোগৰ নতুন সম্ভাৱনা আছে। বিনিয়োগৰ ক্ষেত্ৰখনত নতুন নতুন বিনিয়োগকাৰীক আকৰ্ষণ কৰিব। উত্তৰ পূ্ৰ্বাঞ্চলৰ ৮ ৰাজ্যৰ বাবে আয়ুস হ'ব আশীৰ্বাদ স্বৰূপ। সমগ্ৰ বিশ্বতে আয়ুসৰ উৎপাদিত সামগ্ৰীৰ আদৰ বাঢ়িছে। সেই সুযোগৰ ব্যৱহাৰ কৰাৰ দায়িত্ব ৰাজ্য চৰকাৰ তথা অসমৰ উদ্যোগী যুৱকৰ।

আয়ুসৰ জৰিয়তে ইতিমধ্যে বহু আঁচনি ঘোষণা কৰা হৈছে। সেই আঁচনিসমূহৰ বাবে চৰকাৰে প্ৰয়োজনীয় ধন মুকলি কৰি দিছে। আয়ুস ৱেলনেছ চেণ্টাৰ, টেলিমেডিচিন,স্প'ৰ্টছ মেডিচিন, ঔষধি গছৰ খেতিৰ উপৰিও এই চিকিৎসা আগবঢ়াবলৈ বহু শিক্ষা প্ৰতিষ্ঠানো স্থাপনৰ বাট মুকলি হৈছে। তেনে শিক্ষা প্ৰতিষ্ঠান স্থাপনৰ বাবে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ পৰা প্ৰস্তাৱ বিচাৰিছে আয়ুস মন্ত্ৰনালয়ে।

কেন্দ্ৰীয় চৰকাৰৰ সাহায্যপ্ৰাপ্ত বহু কেইখন আঁচনি ঔষধি গছ ৰোপণৰ বাবে ঘোষণা কৰা হৈছে।৯৫ শতাংশ আয়ুসৰ প্ৰডাক্ত গছৰ পৰা উৎপাদন কৰা হয়। সেইসমূহ খেতি কৰা স্থানৰ পৰা পৰিবহন কৰি প্ৰচেছিং ইউনিটলৈ নিয়ালৈকে উপযুক্ত সংৰক্ষণ কৰিবলৈ এক ব্যৱস্থাৰ প্ৰয়োজন হ'ব। ইয়াৰ উপৰিও বিশ্বৰ বজাৰত সেই সমূহ বিক্ৰী কৰিবলৈ এই বোৰ অৰ্গেনিক চাৰ্টিফাইড হোৱাৰ লগতে গুড এগ্ৰিকালছাৰ প্ৰডাক্ট চমুকৈ GAP মান ৰক্ষা কৰিব লাগিব।

সমগ্ৰ বিশ্বত ১২০ বিলিয়ন মাৰ্কিন ডলাৰৰ হাৰ্বেল মাৰ্কেট আছে। কেন্দ্ৰীয় চৰকাৰে ২০০০ চনত গঠন কৰিছিল নেচনেল মেডিচনেল প্লেনছ ব'ৰ্ড। এই সংস্থাৰ উদ্দেশ্য হ'ল বিজ্ঞানসন্মত এই উদ্ভিদসমূহৰ খতি কৰা। আয়ুসে বিদ্যালয়সমূহতো বিভিন্ন স্বাস্থ্য আঁচনি ঘোষণা কৰিছে। এইবোৰ আঁচনিৰ লক্ষ্য হ'ল ছাত্ৰ-ছাত্ৰীসকলক স্বাস্থ্য আৰু পুষ্টিৰ সন্দৰ্ভত শিক্ষা দিয়া, স্থানীয়ভাৱে উপলব্ধ ঔষধি গছ-বনৰ সৈতে চিনাকী আৰু ব্যৱহাৰ শিক্ষা দিয়া, য়োগাৰ অনুশীলনৰ শিক্ষা দিয়া ইত্যাদি।

এই সন্দৰ্ভত সবিশেষ জানিবলৈ আয়ুসৰ ৱেবছাইট আৰু বিভিন্ন তথ্য ইণ্টাৰনেটত উপলব্ধ হৈ আছে। আমি লক্ষ্য নকৰিলেও এদিন আয়ুস হৈ পৰিব আমাৰ বাবে আশীৰ্বা স্বৰূপ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in