হু ইজ প্ৰদীপ দত্ত ৰায়?

হু ইজ প্ৰদীপ দত্ত ৰায়?

মৃদুল কুমাৰ সন্দিকৈ

তেওঁ কোন? অসমত অসমীয়া ভাষাৰ বিৰুদ্ধে বাৰে বাৰে ষড়যন্ত্ৰ কৰাৰ সাহস প্ৰদীপ দত্ত ৰায় নামৰ লোকজনে কেনেকৈ পাইছে? খোদ প্ৰধানমন্ত্ৰী ফটো সম্বলিত এখন হৰ্ডিঙত অসমীয়া ভাষা লিখাৰ বাবে সেই বিজ্ঞাপনৰ ফলক ২৪ ঘণ্টাৰ ভিতৰত আঁতৰাই পেলাবলৈ তেওঁ হুংকাৰ দিছিল।

অসমীয়া ভাষাৰ মৰ্যদাআৰু গৰিমা ৰক্ষা কৰিম বুলি কোৱা এই চৰকাৰে সেই ভাবুকিতেই নেজ পেলাই দিলে। ২৪ ঘণ্টাৰ সময় নহ'লেই, শিলচৰ জিলা প্ৰশাসনে সেই হৰ্ডিং আঁতৰাই অসমীয়া ভাষাক শিলচৰত কবৰ দিয়াৰ সুবিধা কৰি দিলে।

শিলচৰত কিয় অসমীয়া ভাষা চলিব নোৱাৰিব? কি অসুবিধা আছিল এই বিজ্ঞাপনখনত? কেৱল অসমীয়া ভাষাত সেই বিজ্ঞাপন থকাটোৱেই অপৰাধ হ'ল নেকি? কিমান পৰিতাপৰ কথা এইয়া! ৰাজ্যত যদি অসমীয়া ভাষাৰেই যদি এনে অৱস্থা হয় তেনহ'লে ইয়াৰ মৰ্যদা ৰক্ষা কৰাৰ কথা কোৱা চৰকাৰৰ দায়িত্ব কি?

এনে চূড়ান্ত অসমীয়া বিদ্বেষ কিয় বাৰে বাৰে তথাকথিত প্ৰদীপ দত্ত ৰায় নামৰ এই ব্যক্তিজনে কৰাৰ সুবিধা পাইছে? বৰাক উপত্যকাত অসমীয়া আৰু অসমীয়া ভাষাৰ বিৰুদ্ধে চলা ষড়যন্ত্ৰৰ ক্ষেত্ৰত চৰকাৰে কঠোৰ স্থিতি ল'ব কেতিয়া? কেৱল ভাষণবাজিত অসমীয়া ভাষাৰ সুৰক্ষা আৰু বিকাশৰ কথা কৈয়েই দায়িত্ব সামৰিব নেকি হিমন্ত বিশ্ব শৰ্মাই?

অতি কৌশলেৰে অসমীয়া ভাষাৰ বিৰুদ্ধে এমাম লোকে ষড়যন্ত্ৰ চলাই গৈছে। চৰকাৰী কিছু সিদ্ধান্তইয়ো ইয়াত হাতউজান দিছে।পূৰ্বৰ ভাষা আন্দোলনৰ পৰিবেশ যেন ঘূৰাই আনিব বিচাৰিছে এনে কিছু লোকে। অসমত অসমীয়া ভাষা নচলিলে চলিব ক'ত? শিলচৰত তীব্ৰ বাংলা জাতীয়তাবাদৰ নামত অসমীয়া ভাষাৰ ওপৰত চলা আক্ৰমণক কোনো কাৰণতেই সহজভাৱে লোৱা উচিত নহয়।

শিলচৰ চহৰৰ মেহেৰপুৰত কোভিডৰ প্ৰতিষেধক সম্পৰ্কীয় এই বিজ্ঞাপন অঁৰা আছিল অসমীয়াত। বৰাক ডেমক্ৰেটিক ফ্ৰণ্ট নামৰ প্ৰদীপ দত্ত ৰায় নেতৃত্বাধীন সংগঠনটোৱে পুনৰবাৰ অসমীয়াক জোকাই লৈছে। ইয়াৰ পূৰ্বেও এই দত্তৰায়ৰ নেতৃত্বতেই বৰাকত জল জীৱন মিছনৰ এক চৰকাৰী বিজ্ঞাপনত অসমীয়া ভাষা ব্যৱহাৰ কৰাৰ বাবেই ক'লা ৰং সানি দিছিল।

এনে উৰ্দ্ধতালি প্ৰদৰ্শন কৰিব পৰাকৈ তেওঁ কি ক্ষমাতাৰে বলিয়ান? ৰাজ্যৰ জাতীয় দল, সংগঠন জাঙুৰ খাই উঠিছে। প্ৰদীপ দত্ত ৰায় নামৰ লোকজনৰ মানসিকতাক সকলোৱে ধিক্কাৰ দিছে। বৰাকৰ পৰা অসমীয়া ভাষাক বিদায় দিবলৈ এচাম সমাজ বিদ্বেষী লোকে কৰা আচৰণত চৰকাৰেও যেন মৌন হৈ হাত তালি মাৰিছে।

এ পি এছ চি পৰীক্ষাৰ পৰাও অসমীয়া ভাষাক বিদায় দিয়া হৈছে। কাৰ স্বাৰ্থত চৰকাৰে এনেবোৰ কাম কৰিছে। যদি ভাষাই নাথাকে তেনেহ'লে অসমীয়া জাতিৰ অস্তিত্ব ক'ত? ভাষণত অসমীয়া, ভাষা অসমীয়া ভাষা কৰি থাকিলে অসমীয়া ভাষা ৰ'ব গৈ নে?

আজি হৰ্ডিঙৰ পৰা অসমীয়া ভাষাক আঁতৰাই পেলাইছে। কাইলৈ অসমীয়া ভাষা আন স্থানৰ পৰাও আঁতৰাবলৈ তেওঁলোকে যে চেষ্টা নকৰিব তাৰ কি মানে আছে? ভাষাক সুৰক্ষা দিব লাগিব চৰকাৰেই। এই চৰকাৰেই বিধানসভাত অসমীয়া ভাষা উত্তৰণৰ ক্ষেত্ৰত এলানী পৰিকল্পনাৰ কথা ঘোষণা কৰিছিল।

সেই ঘোষণাবোৰ কাৰ্যত ৰূপায়ণ হৈছেনে? কোনোবা এজন প্ৰদীপ দত্ত ৰয়ৰ ৰঙা চকুলৈ অসমীয়া ভাষা বা অসমীয়া জাতিয়ে ভয় নকৰে। ইয়াৰ জৰিয়তে তেওঁলোকৰ সংকীৰ্ণ আৰু উগ্ৰ বাংলা জাতিয়তাবাদক প্ৰতিষ্ঠা কৰিবলৈ এইধৰণৰ কাম ধাৰাবাহিকভাৱে কৰি গৈছে।

অসমীয়া ভাষা ভাৰতীয় আৰ্য ভাষা, অসমৰ ৰাজ্য ভাষা। অসমীয়া ভাষাই বিৱৰ্তনৰ স্বাক্ষৰ বহন কৰি আহিছে। সেই অসমীয়া ভাষাক প্ৰতিষ্ঠা কৰিবলৈ অসমীয়াই ভাষা আন্দোলন কৰিবলগীয়া হৈছিল। ১৮২৬ চনত ইয়াণ্ডাবু সন্ধিৰ পাছতেই বৃটিছৰ অধীনলৈ যোৱা অসমত বঙালি ভাষাক চৰকাৰী ভাষা হিচাপে ব্যৱহাৰ কৰা হৈছিল।

১৯৫২ চনৰ পৰা অসমত অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ বাবে আন্দোলনৰ সুত্ৰপাত হয়। ভাষা আন্দোলনৰ সেই সময়ছোৱাত অসমীয়া আৰু বাংলা ভাষী লোকসকলৰ মাজত সৃষ্টি হোৱা সংঘাতৰ অন্ত নপৰিল। সুযোগ পালেই এচাম লোকে ইয়াক অসমীয়া-বাংলা মাজত সেই তিক্ততা পূৰ্ণ অতীত খুচৰিবলৈ চেষ্টা কৰে।

প্ৰদীপ দত্ত ৰয় নামৰ ব্যক্তিজনৰ এই মানসিকতাই অসমত অসমীয়া ভাষাক নস্যাৎ কৰাৰ ষড়যন্ত্ৰকে উদঙাই দিয়ে। কিন্তু সেই ষড়যন্ত্ৰ সফল কেতিয়াও নহয়। অসমীয়াত্ব থকালৈকে অসমীয়া ভাষা থাকিব। ইয়াক কোনোবাই জোৰ-জবৰদস্তি মচি পেলালেও সেই ভাষা আমি বহন কৰি লৈ ফুৰিছো আমাৰ হৃদয়ত।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in