‘কেব’ ‘কা’ (CAA) হ’ল!

‘কেব’ ‘কা’ (CAA) হ’ল!

মৃদুল কুমাৰ সন্দিকৈ

নাগৰিকত্ব সংশোধনী বিধেয়ক দুই সদনত গৃহীত হোৱাৰ পাছত ১৩ ডিচেম্বৰ, ২০১৯ত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বিধেয়কত স্বাক্ষৰিত কৰাৰ লগে লগে নাগৰিকত্ব সংশোধনী আইনত পৰিণত হ'ল। এই আইনৰ জৰিয়তে উত্তৰ পূবৰ খিলঞ্জীয়া লোকসকলৰ স্বাৰ্থ কিদৰে বিঘ্নিত হ'ব সেয়া আলোচনা হোৱাৰ বিপৰীতে এতিয়া ইয়াৰ বিৰুদ্ধে হোৱা আন্দোলনক লৈ পোষ্টমৰ্টেম চলিছে।

'জাগিলে দেশ, নহ'লে হ'ব শেষ', 'তুমি যদি অসমীয়া, আমাৰ সৈতে যোগ দিয়া', 'কেব নামানো নামানো নামানো', 'ন' কেব', 'কেব আমাক নালাগে' আদি শ্ল'গানবোৰৰ মূল্য আৰু ইয়াৰ অন্তৰালৰ অৰ্থ যেন দিল্লীয়ে বুজিবলৈ চেষ্টা নকৰিলে।

অন্তিম পথ হিচাপে নাগৰিকত্ব সংশোধনী আইন, ২০১৯ৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চপাৰ বাদে এতিয়া ইয়াৰ বিকল্প পথ আৰু নাথাকিল। এই আইন প্ৰণয়নেৰে কাৰ কি স্বাৰ্থ সিদ্ধি হয় সেয়া সকলোৱে গম পাইছে। অসম আৰু অসমীয়াই ইয়াৰ পৰা কি লাভ বা লোকচানৰ সন্মুখীন হ'ব সেই কথা কেইবাবাৰো কৈছে।

কিন্তু আলোচনাৰ নামত অসম তথা অসমীয়াক প্ৰতিনিধিত্ব কৰা দল-সংগঠন তথা ব্যক্তিবিশেষৰ মতামতক যে দিল্লীয়ে অলপো গুৰুত্ব নিদিলে সেয়া প্ৰমাণ হৈ গ'ল। ১১ আৰু ১২ ডিচেম্বৰ, ২০১৯ত মহানগৰীকে ধৰি ৰাজ্যখনত বিৰাজ কৰা পৰিৱেশ পৰিস্থিতিৰ পিছত ১৩ ডিচেম্বৰত সেই পৰিস্থিতি কিছু শান্ত হ'ল।

ইতিমধ্যে এই কেব বিৰোধী আন্দোলনত ৩ জনকৈ শ্বহীদ হ'ল। লাচিত নগৰত দীপাঞ্জল দাস নামৰ ৰাজগড়ৰ সৈনিক ভৱনত কৰ্মৰত ছয়গাঁৱৰ যুৱকজনে কেব বিৰোধী আন্দোলনত মৃত্যু সাৱটি লোৱা প্ৰথমজন যুৱক।

এই আন্দোলনৰ প্ৰেক্ষাপট আৰু ইয়াক লৈ বিভিন্ন পক্ষই নিজস্ব ধৰণেৰে বিচাৰ-বিশ্লেষণ কৰি আন্দোলনটোক পৰ্যালোচনা কৰিলেও বা কোনো দল-সংগঠনে বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলেও এই আন্দোলন আছিল স্বতঃস্ফূৰ্ত।

বিক্ষিপ্ত কিছু ঘটনা অৱশ্যে এই আন্দোলনৰ মাজত দুৰ্ভাগ্যজনক বুলিব পাৰি। তেনে পৰিস্থিতি কেতিয়াও কাম্য নহয়। সেই বিক্ষিপ্ত হিংসাত্মক ঘটনাৰে জড়িত সকলৰ সন্দৰ্ভত চৰকাৰী পক্ষই তৃতীয় পক্ষ বুলি অভিহিত কৰি এনে এচামক লক্ষ্য কৰি ল'লে, যিসকলে এই আন্দোলনৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক উপলব্ধি কৰিব পাৰে।

কিন্তু অতি পৰিকল্পিতভাৱে সেই সকলক চৰকাৰী পক্ষই বিভিন্ন অজুহাতত গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিলে। লক্ষণীয় যে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাত বাধা দি যি গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলা হৈছিল, সেই আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰী পক্ষই অতি কৌশলেৰে এই সুযোগ গ্ৰহণ কৰিলে।

এক গণতান্ত্ৰিক আন্দোলনৰ প্ৰয়োজনীয়তা কোনেও নুই কৰিব নোৱাৰে। কিন্তু সেই গণতান্ত্ৰিক আন্দোলনক সঠিক দিশেৰে আৰু লক্ষ্যপ্ৰাপ্তিৰ স্থানলৈ আগুৱাই নিয়াৰ বাবে যথেষ্ট কৰণীয় থাকে। ইয়াৰ অকণমান ইফাল সিফাল হ'লেই তেনে আন্দোলনক মষিমূৰ কৰিবলৈ চৰকাৰী যন্ত্ৰই সুযোগ গ্ৰহণ কৰাটো সাধাৰণ কথা।

কেব বিৰোধী এই আন্দোলনত চৰকাৰী পক্ষই সেই সুযোগ গ্ৰহণ কৰি কেবৰ বিৰুদ্ধে হোৱা এই প্ৰতিবাদক অন্য দৃষ্টিভংগীৰে আগুৱাই নি ইয়াৰ গ্ৰহণযোগ্যতা সৰ্বসাধাৰণৰ মাজত নাইকীয়া কৰিবলৈ চেষ্টা কৰিবই।

তেনে পৰিৱেশ পৰিস্থিতিৰ সৈতে মুখামুখি হৈ অতি পৰিকল্পিতভাৱে খিলঞ্জীয়াৰ স্বাৰ্থত আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি অহা শংকাৰ বিৰুদ্ধে মাত মাতিব লাগিব। সদৌ অসম ছাত্ৰ সন্থাই ১৩ ডিচেম্বৰ, ২০১৯ত চানমাৰী অভিযান্ত্ৰিক খেলপথাৰত গ্ৰহণ কৰা অনশনৰ কাৰ্যসূচী, লতাশিলত ইয়াৰ বিৰোধিতাৰে হোৱা জন সমাগম, যোৰহাট, ডিব্ৰুগড়কে ধৰি বিভিন্ন প্ৰান্তৰ এই প্ৰতিবাদী সত্বাই নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া জাতিৰ স্থিতিক তুলি ধৰিলে।

১২ ডিচেম্বৰ, ২০১৯ত যোৰহাটত কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ, ১৩ ডিচেম্বৰত কৃষক মুক্তিৰ আন এজন নেতা ধৈৰ্য কোৱৰসহ যোৱা দুদিনত ৬ জনক গ্ৰেপ্তাৰ কৰা, আৰক্ষী- নিৰাপত্তাৰক্ষীৰ সৈতে হোৱা সংঘৰ্ষত কেইবাজনো লোক আহত আৰু বাটে পথে বহু ৰাজহুৱা সম্পত্তিৰ ক্ষয়-ক্ষতি, যানবাহন জ্বলাই দিয়া আদি ঘটনাবোৰৰ বাবে এক পক্ষক দায়ী কৰিব নোৱাৰি।

চৰকাৰী পক্ষৰ কিছু নেতাই প্ৰৰোচিত মন্তব্যৰে এই আন্দোলনক জংগী কৰি তোলাত সহায় কৰিছে। যি সময়ত প্ৰধানমন্ত্ৰীয়ে অসম আৰু অসমীয়াক চিন্তা নকৰিবলৈ নিৰ্ভয় বাণী শুনাইছিল, মুখ্যমন্ত্ৰীয়ে প্ৰতিবাদৰ ৰূপ দেখি ৰাইজে বিশ্বাস নকৰিলেও আশ্বস্ত হোৱাৰ আহ্বান কৰিছিল, সেই সময়ছোৱাত কিছু নেতাই কি ধৰণেৰে মন্তব্যৰে শংকিত লোকসকলক প্ৰৰোচিত কৰিবলৈ বাক্যবাণ নিক্ষেপ কৰিছিল সেয়াও লক্ষণীয়।

এইবোৰ কাৰকেই এই আন্দোলনক তীব্ৰতৰ কৰিলে। জাতীয় স্বাভিমানৰ বাবে একাংশই ৰাজপথলৈ ওলাই অহাৰ বিপৰীতে অসংগঠিত কিছু লোকে কৰা কাম কাজে এই আন্দোলনক এক বিক্ষিপ্ত ঘটনালৈ সলনি কৰি দিলে।

সদৌ অসম ছাত্ৰ সন্থাই ৫ বজাৰ পাছত আন্দোলন নকৰাৰ ঘটনা, কাৰ্ফিউ, ১৪৪ ধাৰা, সান্ধ্য আইন আদি জাৰিৰে সমগ্ৰ ৰাজ্যখনৰ আইন শৃংখলাজনিত পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সেনাৰ নিয়োগ, দিল্লীয়ে বাচি পঠিওৱা কিছু লোকক এই আন্দোলন নিয়ন্ত্ৰণ কৰিবলৈ দায়িত্ব প্ৰদান বিশেষ ভাৱে মন কৰিবলগা।

এই সমগ্ৰ কৰ্মকাণ্ডৰ সঠিক আৰু নিৰপেক্ষ বিচাৰ বিশ্লেষণৰ প্ৰয়োজন। হিংসাত্মকং কাৰ্যকলাপ কোনো কাৰণতে সমৰ্থনযোগ্য নহয়। একেদৰে অসমীয়া মানুহৰ আবেগ অনুভূতিক কোনোবাই ভৰিৰে মোহাৰি জোৰকৈ আইন জাপি দি ভৱিষ্যতৰ সংকট সৃষ্টি কৰিলে তাৰ বিৰুদ্ধে অৱশ্যেই প্ৰতিবাদ হব।

শাসক গোষ্ঠীয়ে সেই কথাবোৰ এতিয়াও অনুধাৱন নকৰিলে বন্দুকৰ জোৰত বা নিৰাপত্তাৰক্ষীৰ গাৰ বলত এই আন্দোলনক কিছু দিনৰ বাবে শাম কটাব পাৰিলেও এয়া সমস্যাৰ স্থায়ী সমাধানৰ পথ নহয়। এইবোৰ দিশত দিল্লী-দিছপুৰে নিৰ্মোহ আত্মবিশ্লেষণ কৰিব লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in