আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু…

আমাক এটা ৰাজনৈতিক দল লাগে, কিন্তু…

মৃদুল কুমাৰ সন্দিকৈ

নতুন ৰাজনৈতিক দল নে ৰাজ্যবাসীৰ উপযুক্ত প্ৰতিনিধি হ'ব পৰা নেতা লাগে আমাক। সেই প্ৰশ্ন পুনৰ প্ৰাসংগিক হৈছে সাম্প্ৰতিক পৰিৱেশ, পৰিস্থিতিত। কেৱল নতুন ৰাজনৈতিক দল এটা গঠন কৰিলেও জানো অসমবাসীৰ সমস্যা সমাধান হ'ব?

অসম আন্দোলনৰ অন্তত এটা শক্তিশালী আঞ্চলিক দল গঠন হৈছিল। সেই দলে ৰাজ্যবাসীক বহু সপোন দেখুৱাইছিল। কিন্তু তাৰ ফল কি হ'ল, কেনেদৰে ৰাইজ প্ৰতাড়িত হ'ল, তাৰ উদাহৰণ সময়ে অতীতৰ পাতত লিখি থৈছে। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ওপৰতো ৰাইজৰ আছিল অগাধ বিশ্বাস। কিন্তু যিদিনাই মুখ্যমন্ত্ৰী গৰাকীয়ে 'মোক অকলশৰীয়া নকৰিব' বুলি অসম বাসীক আহ্বান জনাই নিজৰ অসহায়তাৰ প্ৰমাণ দিলে, সেইদিনাই বহুতৰ মোহভংগ ঘটিল।

আমাক এনে এজন নেতা লাগে, যিজনে সন্মুখৰ পৰা জাতিটোক নেতৃত্ব দিব পাৰে। জাতিৰ সংকটৰ সময়ত জাতিৰ কাষত থিয় হৈ মেৰুদণ্ড পোণ কৰি অসম আৰু অসমীয়াক এই অসহায় অৱস্থালৈ ঠেলি দিয়া সকলক হুংকাৰ দিব পাৰে।

এনে নেতা এতিয়া ক'ত? কিহৰ বাবে কাৰ ওপৰত ৰাইজে বিশ্বাস কৰিব? সেই প্ৰশ্নৰ উত্তৰ বিশ্বাসযোগ্যভাৱে ৰাইজক দিব পৰা আৰু ৰাইজেও বিশ্বাসত ল'ব পৰা নেতাৰ অবিহনে কেৱল এটা ৰাজনৈতিক দল গঠন কৰিলেই জানো এইবোৰ সমস্যাৰ সমাধান হ'ব?

এই কথা ঠিক যে, উভত গোৰে নচা নেতাসকলক উপযুক্ত শিক্ষা দিবলৈ বিকল্প ৰাজনৈতিক শক্তি আমাক প্ৰয়োজন। কিন্তু তাৰ আস্থা আৰু বিশ্বাসৰ ভৰসা কি? বৃটিছ পাৰ্লিয়ামেন্টে ১৯৩৫ চনত ভাৰত শাসন আইন প্ৰণয়ন কৰি ভাৰতৰ স্বাধীনতা লাভৰ পথ সুগম কৰিছিল। সেই আইন মৰ্মে ১৯৩৭ চনত দেশৰ লগতে অসমতো নিৰ্বাচন হৈছিল।

প্ৰথমটো নিৰ্বাচনত অসমত বিধানসভাৰ মুঠ ১০৭ খন আসনৰ ভিতৰত কংগ্ৰেছ দলেই সৰ্বাধিক আসন লাভ কৰিছিল। কিন্তু সংখ্যা গৰিষ্ঠতা পোৱা নাছিল কোনো দলে। তেতিয়াই চৈয়দ মহম্মদ চাদুল্লাই আন দলৰ লগ লাগি ১৯৩৭ চনৰ ১৭ নৱেম্বৰত সংযুক্ত চৰকাৰ গঠন কৰিছিল। অসম প্ৰদেশৰ প্ৰধানমন্ত্ৰী ৰূপে চাদুল্লাই শপত লৈছিল আৰু তেওঁৰ মন্ত্ৰীসভাত স্থান দিছিল ৰোহিনী কুমাৰ চৌধুৰী, মুনৱাৰ আলী, হীৰেন্দ্ৰ চন্দ্ৰ চক্ৰৱৰ্তী, মুদাব্বি হুছেইন চৌধুৰী, মহেন্দ্ৰ নাথ শইকীয়া, আব্দুল মতিন চৌধুৰী, চাইদুৰ ৰহমান, মভিজ ডুন, ৰূপনাথ ব্ৰহ্ম আদিক।

এই মন্ত্ৰীসভাই ৰাইজৰ আস্থা অৰ্জন কৰিব পৰা নাছিল। যাৰ বাবে ১৯৪১ চনৰ ২৫ ডিচেম্বৰত পদত্যাগ কৰিলে চাদুল্লাই। প্ৰথমবাৰৰ বাবে অসমত প্ৰৱৰ্তন হৈছিল গৱৰ্ণৰ শাসন। তাৰ পৰৱৰ্তী সময়ত ১৯৪৫ চনৰ ২৩ মাৰ্চত কংগ্ৰেছৰ লগ লাগি পুনৰ চাদুল্লাই চৰকাৰ গঠন কৰিছিল। সেই মন্ত্ৰীসভাত বৈদ্যনাথ মুখাৰ্জী, মুনৱাৰ আলী, ৰোহিনী কুমাৰ চৌধুৰী, মুদাব্বী হুছেইন চৌধুৰী, সুৰেন্দ্ৰ নাথ বৰগোঁহাই, চাইদুৰ ৰহমান, অক্ষয় কুমাৰ দাস আদিক মন্ত্ৰিত্ব দিয়া হৈছিল।

এইবোৰ অসমৰ সংসদীয় ৰাজনীতিৰ ইতিহাস। নাটকীয়ভাৱে তেতিয়াৰ প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ উপদেশ অনুসৰি চাদুল্লা নেতৃত্বাধীন মুছলিম লীগে কংগ্ৰেছত যোগদান কৰিবলৈ সিদ্ধান্ত লৈছিল। ১৯৪৬ চনৰ ১১ ফেব্ৰুৱাৰীত কংগ্ৰেছ দলে প্ৰথম চৰকাৰ গঠন কৰিছিল অসমত। গোপীনাথ বৰদলৈৰ নেতৃত্বৰ সেই চৰকাৰত বসন্ত কুমাৰ দাস, বিষ্ণুৰাম মেধি, আব্দুল মতলিফ মজুমদাৰ, বৈদ্যনাথ মুখাৰ্জী, জে জে এম নিকল্স ৰয়, ৰামনাথ দাস, ভীমবৰ দেউৰী, আব্দুৰ ৰছিদ আদিক স্থান দিয়া হৈছিল।

বৃটিছ পাৰ্লিয়ামেন্টে ১৯৪৭ চনৰ ১৮ জুলাইত ভাৰতৰ স্বাধীনতা আইনখন গৃহীত কৰে। দেশৰ লগতে অসমেও স্বাধীনতাৰ মুখ দেখিলে। তেতিয়াই অসমবাসীৰ মনতো দেশবাসীৰ দৰেই স্বাধীন চৰকাৰে বহু পৰিবৰ্তন সাধিব বুলি আশাৰ সঞ্চাৰ হৈছিল।

গোপীনাথ বৰদলৈ ১৯৪৪ চনৰ ১১ ফেব্ৰুৱাৰীৰ পৰা ১৯৫০ চনৰ ৫ আগষ্টলৈকে অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্বত আছিল। ১৯৪১ চনত অসমৰ জনসংখ্যা আছিল ৬৬.৯ লাখ। আৰু ১৯৫১ চনত সেই জনসংখ্যা হৈছিল ৮০.৩ লাখ। ১৯৫০-৫১ বৰ্ষত অসমৰ জনমুৰি আয় আছিল ৫২০ টকা। যি সময়ত দেশৰ জনমুৰি আয় আছিল মাত্ৰ ৪৭০ টকা। অৰ্থাৎ দেশতকৈ অসমৰ জনমুৰি আয় ৫০ টকাই বেছি আছিল।

অসমৰ অৰ্থনীতি উন্নয়নৰ ক্ষেত্ৰত গোপীনাথ বৰদলৈৰ ভূমিকা আছিল বিশেষভাৱে মন কৰিবলগা। অসমক পূব পাকিস্তানৰ সৈতে কেন্দ্ৰই সংযুক্ত কৰিব খোজাৰ সময়ত সিংহৰ দৰে গৰ্জন কৰি উঠিছিল গোপীনাথ বৰদলৈ। কংগ্ৰেছ নেতৃত্বৰ বিৰুদ্ধেই তেওঁ থিয় দি অসম আৰু অসমীয়াৰ হৈ যুঁজিছিল।

১৯৫০ চনত বিষ্ণুৰাম মেধিয়ে গোপীনাথ বৰদলৈৰ মৃত্যুৰ পাছত মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল। তাৰ পাছত ১৯৫২ চনত অনুষ্ঠিত সাধাৰণ নিৰ্বাচনত কংগ্ৰেছক জয়ী কৰাই পুনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব লৈছিল মেধিয়ে। সেই মন্ত্ৰীসভাত ছত্ৰ সিং টেৰণ, দেবেশ্বৰ শৰ্মা, হৰেশ্বৰ দাস, কামাখ্যা প্ৰসাদ ত্ৰিপাঠী, ময়নুল হক চৌধুৰী, মতিৰাম বৰা আদি নেতাসকলক অন্তৰ্ভূক্ত কৰিছিল।

দিল্লীয়ে বলপূৰ্বকভাৱে শৰণাৰ্থীৰ বোজা অসমক জাপি দিব খোজাৰ সময়ত ইয়াৰ বিৰোধিতা কৰিছিল বিষ্ণুৰাম মেধিয়ে। যাৰ বাবে তেওঁ দলৰ শীৰ্ষ নেতৃত্বৰ ৰোষত পৰিবলগা হৈছিল। কিন্তু এইগৰাকী মুখ্যমন্ত্ৰীয়ে সীমান্তত বহিষ্কাৰৰ বাবে ৰখাই থোৱা শৰণাৰ্থীসকলক মানৱীয় দৃষ্টিভংগীৰে খাদ্য তথা আন সা-সুবিধা নিদিয়াৰ বাবে প্ৰশাসনৰ বিষয়াক জবাবদিহী কৰি ইয়াৰ ব্যৱস্থা কৰিবলৈ কঠোৰ নিৰ্দেশ দিছিল।

মানৱীয় দৃষ্টিভংগীৰে সেইবোৰ দিশ বিষ্ণুৰাম মেধিয়ে গুৰুত্ব দিলেও অসম আৰু অসমীয়াৰ স্বাৰ্থত আপোচ কৰা নাছিল। নাগৰিকত্ব সংশোধনী আইনক লৈ এতিয়া যি সকলে ধৰ্মীয় দৃষ্টিকোণেৰে যুক্তি দৰ্শাই বিদেশত থকা হিন্দু নাগৰিকসকলক ৰঙা দলিচা পাৰি আদৰিবলৈ আৰু নাগৰিকত্ব প্ৰদানৰ পৃষ্ঠপোষকৰ ভূমিকা পালন কৰিছে, সেইসকলে কিন্তু দেশৰ আন ৰাজ্য সমূহৰ নেতৃত্ব তথা জন সাধাৰণে কি বিচাৰে তাক উপেক্ষা কৰিছে।

পাঞ্জাৱৰ বিধানসভাত এই আইনখনৰ বিৰুদ্ধে প্ৰস্তাৱ গ্ৰহণ, কেৰালা বিধানসভাত অনুৰূপ প্ৰস্তাৱ গ্ৰহণ কৰাৰ লগতে ৰাজস্থান, পশ্চিম বংগ, ছত্তীশগড়, দিল্লীকে ধৰি কেইবাখনো ৰাজ্যই কেন্দ্ৰীয় চৰকাৰৰ এই সিদ্ধান্তৰ বিৰুদ্ধে মুকলিকৈ স্থিতি গ্ৰহণ কৰিছে।

উত্তৰ পূৰ্বাঞ্চলৰ অসমক বাদ দি আন ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলে এই আইনৰ বিৰোধিতা কৰাৰ লগতে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই নিজ ৰাজ্যৰ লগতে অসম তথা উত্তৰ পূৰ্বাঞ্চলত এই আইন বলবৎ হ'ব নালাগে বুলি ৰাজহুৱা সভাত ঘোষণা কৰিছে।

অৰুণাচল প্ৰদেশৰ চৰকাৰে ইনাৰ লাইন পাৰ্মিটৰ বাবে এই আইনৰ প্ৰভাৱত অতিৰিক্ত বিদেশীৰ বোজা ল'ব নালাগে বুলি নিশ্চিত হৈও ৰাজ্যখনৰ জাতীয় দল-সংগঠনে ইয়াৰ বিৰোধিতা কৰা দেখিবলৈ পোৱা গৈছে। উত্তৰ পূৰ্বাঞ্চল তথা অসমবাসীৰ মনত এই শংকা কিয় উদয় হৈছে, সেই কথা অনুধাৱন কৰিব নোৱাৰা সকলে অসমৰ গ্ৰাম্য অৰ্থনীতি এতিয়া যি ধৰণে বিপদগ্ৰস্ত হৈছে আৰু বৃটিছৰ আমোলৰ পৰাই অসমীয়াৰ ওপৰত বঙালী ভাষা জাপি দিয়াৰ যি ষড়যন্ত্ৰ চলিছে, তাৰ ইতিহাস নুই কৰিব নোৱাৰে।

বিষ্ণুৰাম মেধিক মাদ্ৰাছৰ গৱৰ্ণৰ পদত নিযুক্তি দি ১৯৫৮ চনত বিমলা প্ৰসাদ চলিহাক অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব দিয়া হৈছিল। তেতিয়া তেওঁ বিধায়ক নাছিল। কিন্তু অসমৰ অৰ্থনীতি বিভিন্ন কাৰণত ক্ষতিগ্ৰস্ত হৈছিল উক্ত সময়ছোৱাত । ১৯৬১-৭১ চনলৈ অসমৰ জনসংখ্যা আছিল ১৪৬.৩ লাখ। ১৯৫১ চনৰ তুলনাত অসমৰ জনসংখ্যা ১৯৭১ চনত ৬৪ লাখ বৃদ্ধি হৈছিল। ইয়াৰ কাৰণ আছিল প্ৰব্ৰজন।

১৯৭০ চনৰ ১১ নৱেম্বৰত মুখ্যমন্ত্ৰীৰূপে দায়িত্ব লৈছিল মহেন্দ্ৰ মোহন চৌধুৰীয়ে। ১৫ মাহ তেওঁ আছিল এই পদত। ৰাজনৈতিক খামখেয়ালিয়ে বেঢ়ি ধৰিছিল সেই সময়ত। বিভাজন হৈছিল কংগ্ৰেছত। ৰাজনৈতিক জীৱন তেওঁৰ ইতি পৰিছিল পঞ্জাৱৰ ৰাজ্যাপাল হিচাপে। কিন্তু ৰাজনৈতিক পৰিক্ৰমাৰ অন্ত পৰাৰ পাছত এইগৰাকী নেতাই হাতত আবেদন লৈ নিজৰ চিকিৎসাৰ বাবে আন এজন মুখ্যমন্ত্ৰীৰ কাষ চাপিছিল। এয়াই আছিল তেতিয়াৰ ৰাজনীতিৰ মূল্যবোধ।

এনে মুখ্যমন্ত্ৰীও আছিল অসমত, যিগৰাকীয়ে বিসম্বাদীয়ে মুখ্যমন্ত্ৰী পদৰ পৰা অপসাৰিত কৰাৰ হুংকাৰ দিয়াৰ পাছতো 'এয়া মোৰ পৈতৃক সম্পত্তি নহয়, প্ৰয়োজনত মই মন্ত্ৰিত্বই বাদ দিম, কিন্তু অনীতিগত কাম নকৰো' বুলি মুখ্যমন্ত্ৰীৰ গাদী এৰি দিছিল। তেওঁ আছিল গোলাপ বৰবৰা। ১৯৭৮ চনত অনুষ্ঠিত অসমৰ বিধানসভা নিৰ্বাচনত জনতা পাৰ্টীয়ে পিটিচিএৰ লগত আসন বুজা বুজি কৰি ৬০খন আসন লাভ কৰিবলৈ সক্ষম হৈছিল। ৪ খন আসন লাভ কৰিছিল পিটিচিএয়ে। ১৯৭৮ চনৰ ১২ মাৰ্চত মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল গোলাপ বৰবৰাই। তেৱেই আছিল অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰী।

তেওঁৰ মন্ত্ৰীসভাত দুলাল বৰুৱা, কেশৱ গগৈ, লক্ষেশ্বৰ গোহাঁই, লক্ষ্যধৰ চৌধুৰী, সোনেশ্বৰ বৰা, ৰমণী বৰ্মন, গান্ধীৰাম তিমু, ডা০ কোষেশ্বৰ বৰাৰ দৰে বিধায়কে মন্ত্ৰিত্ব লাভ কৰিছিল। প্ৰথম কেবিনেটতে বৰবৰাই ১০ বিঘালৈকে খেতি মাটিৰ ৰাজহ ৰেহাই ঘোষণা কৰিছিল।

ইয়াৰ পূৰ্বে শৰৎ চন্দ্ৰ সিংহই মহেন্দ্ৰ মোহন চৌধুৰীৰ পদত্যাগৰ পাছত ১৯৭২ চনৰ ৩০ জানুৱাৰীত মুখ্যমন্ত্ৰীৰূপে শপত লৈছিল। অতি সাধাৰণভাৱে জীৱন নিৰ্বাহ কৰা শৰৎ সিংহই মুখ্যমন্ত্ৰী হিচাপে সচিবালয়ক জনতাৰ ভৱন নাম দি চৰকাৰ আৰু জনসধাৰণৰ মাজত থকা পাৰ্থক্য দূৰ কৰাৰ চেষ্টা চলাইছিল। ক্ষমতাৰ কোনোদিনে অপব্যৱহাৰ নকৰা শৰৎ সিংহই অসমৰ মূল্যবোধৰ ৰাজনীতিত এক উল্লেখযোগ্য উদাহৰণ। তেওঁৰ ৰাজনৈতিক দৰ্শন আৰু জৰুৰীকালীন সময়ত গ্ৰহণ কৰা নিজা ৰাজনৈতিক স্থিতি বাদ দি ব্যক্তিগতভাৱে তেওঁ আছিল এজন সৎ আৰু অতি সাধাৰণভাৱে ৰাইজৰ সেৱা কৰিব খোজা লোক।

মুখ্যমন্ত্ৰীৰ পদবী এৰাৰ পাছত হাতত বেগ লৈ খোজ কাঢ়ি চৰকাৰী বাহন এৰি ঘৰমুখী হোৱা, পৰৱৰ্তী সময়ত চিটি বাছত উঠি ঘূৰা ফুৰা কৰিছিল এইগৰাকী নেতাই। তেনে এখন ৰাজনৈতিক মূল্যবোধৰ আধাৰত গঠিত ৰাজ্যত পৰৱৰ্তী সময়ত গঠন হোৱা চৰকাৰৰ নেতৃত্ব দিয়া সকলে সেই প্ৰমূল্যবোধৰ ধাৰাবাহিকতা ৰক্ষা কৰিব নোৱাৰিলে।

হিতেশ্বৰ শইকীয়া, প্ৰফুল্ল কুমাৰ মহন্ত আদিয়ে অসমৰ ৰাজনীতিত এনে কিছু উপাদান এৰি থৈ গ'ল, যাৰ ফল ৰাজ্যবাসীয়ে ভোগ কৰিবলগা হৈছে। সেই অভিজ্ঞতা অসমৰ ৰাইজে পাহৰা নাই। অসমৰ ৰাজনীতিত সস্তীয়া কথা বতৰাৰে ধৰ্মীয় মেৰু বিভাজনৰ পৰম্পৰা কোনে কেতিয়া সৃষ্টি কৰিলে, সেই কথাও ব্যখ্যা কৰিব নালাগে।

অসম গণ পৰিষদে ৰাইজৰ সমস্যা সমাধান কৰাৰ সলনি নিজৰ আভ্যন্তৰীণ সমস্যাৰ সমাধান কৰাতেই ব্যস্ত থাকিবলগা হ'ল। গুপ্ত হত্যাৰ সেই ক'লা দিনবোৰৰ কথা অসমৰ ৰাইজে কোনোকালে পাহৰিব নোৱাৰে। এদিন কোনোবা নেতা অসুস্থ হ'লে নামঘৰ, মন্দিৰত চাকি জ্বলোৱা অসমৰ ৰাইজৰ বাবে নায়ক কেনেদৰে খলনায়ক হৈ পৰিছিল, সেই কাহিনী কোনে নাজানে?

হু ইজ বদৰুদ্দিন বুলি কৈ অসমৰ ৰাইজৰ হৃদয় জিনা তথাকথিত নেতাই অসমবাসীৰ আস্থা আৰু উন্নয়নৰ সপোন তথা প্ৰতিশ্ৰুতি পূৰণ কৰিব নোৱাৰাৰ বাবেই অসমত পদুম ফুলাৰ এক পৰিৱেশ সৃষ্টি হৈছিল। আইএমডিটি আইন বাতিলেৰে আইনী যুঁজত নামি 'জাতীয় নায়ক' আখ্যা পোৱা নেতাসকলক ৰাইজে চকু মুদি বিশ্বাস কৰিছিল।

কিন্তু ফল কি হ'ল? এদিন যিসকল নেতাই অবৈধ বিদেশীৰ বিৰুদ্ধে অসমবাসীক ওলাই আহিবলৈ আহ্বান কৰিছিল, সেইসকল নেতাৰ এনে পৰিৱৰ্তন দেখি ৰাজ্যবাসীয়েও ভাৱিবলৈ বাধ্য হৈছে- লংকালৈ গ'লে সকলো ৰাৱণেই হয়।

এই সুযোগ শাসকীয় পক্ষইয়ো গ্ৰহণ কৰিছে। ৰাজনৈতিক বিকল্পৰূপে 'কা' বিৰোধী আন্দোলনক প্ৰতিষ্ঠা কৰিবলৈ গ'লে সৰ্বসাধাৰণৰ আস্থা আৰু এই আন্দোলনৰ সৈতে জড়িত সকলৰ প্ৰতি কি ধৰণৰ ভৰসা থাকিব সেয়া সময়েহে ক'ব। কিন্তু এই কথা সত্য যে, সকলোৰে আনন্দ দিব খোজা সকলক প্ৰত্যুত্তৰ দিয়াৰ এতিয়া বিকল্প পথ ৰাজনীতিৰ মাজতেই বিচাৰিব লাগিব।

কোনো লোকে কৈ দিলেই অসমৰ ৰাইজে বিকল্প ৰাজনীতিৰে সন্ধান কৰি এনে আন্দোলনক আগুৱাই নি '৮৫ৰ পৰিৱেশ সৃষ্টি কৰিব বুলিও ভৱাটোও ভুল। ইয়াৰ বাবে এচাম বিশ্বাসযোগ্য নেতা তৈয়াৰ কৰিব লাগিব আমিয়েই। আৰু সেই নেতাসকলে অসমবাসীক প্ৰতাৰণা নকৰে বুলি আশ্বস্ত কৰিব পাৰিব লাগিব।

জাতীয় জীৱনৰ এই সংকটৰ মুহূৰ্তত সকলো পক্ষই জাতিৰ হিতৰ বাবে ঐক্যবদ্ধভাৱে থিয় দিয়াৰ সময়। যি সময়ত দিল্লীৰ মুখ্যমন্ত্ৰীয়ে দিল্লীবাসীক আহ্বান জনাই কৈছে- আমি যদি ভাল কাম কৰিছো আমাক ভোট দিয়ক। সেই সময়ত অসমত ৰাজনীতি হৈছে- আজমল মুখ্যমন্ত্ৰী হ'ব, গতিকে আমাক শাসনত থাকিবলৈ দিয়ক।

এই সাম্প্ৰদায়িক ৰাজনীতি আন ঠাইত চলিব পাৰে। অসমত ইয়াৰ স্থান নাই। এইখন শংকৰ-আজানৰ দেশ। অসমৰ ৰাইজে দেৱতাৰ দৰে পুজা কৰা নেতাকো ডাষ্টবিনলৈ ঠেলি দিছে। এতিয়া চটফটাই থকা সকলে এদিন নিজক ক'ত আৱিস্কাৰ কৰে সেয়া এতিয়াও অনুমানেই কৰিব পৰা নাই। তেওঁলোকৰ দাম্ভিকতা ক্ষমতাসৰ্ব্বোচ্ছ। ক্ষমতা নাথাকিলে তেওঁলোক হৈ পৰিব পাৰে ঢাল নথকা একো একোজন নিধিৰাম চৰ্দাৰ।

বিকল্প ৰাজনৈতিক দলৰ সন্ধান কৰাৰ পূৰ্বে এনেবোৰ প্ৰেক্ষাপট আলোচনা কৰাৰ প্ৰয়োজন। নহ'লে এই বিকল্প ৰাজনীতিক লৈয়েই ৰাজনীতি কৰি তেওঁলোকে ক'ব- ৰাজনীতিৰ বাবেই তেওঁলোকে 'কা'ৰ বিৰোধিতা কৰিছে। তেওঁলোকৰ ৰাজনৈতিক লিপ্সা পূৰণৰ বাবে এনে আন্দোলন গঢ়ি তুলিছে। কিন্তু অসমৰ ৰাইজে কাৰোবাৰ ৰাজনৈতিক লাভালাভৰ বাবে 'কা'ৰ বিৰোধ কৰা নাই। সেই কথা দিল্লী-দিছপুৰৰ লগতে 'কা' আন্দোলনক নেতৃত্ব দিয়া সকলেও বুজিব লাগিব।

চতুৰ এইসকল নেতাই কি পৰ্যায়লৈ গৈ ৰাজনীতি কৰিছে সেয়া সকলোৱে দেখিছে। উপঢৌকনৰ ৰাজনীতিৰ পিছত এনে নিম্ন পৰ্যায়ৰ ৰাজনীতিৰে ২ লাখ, ৫ লাখৰ হিচাপ দিয়া জনে কিন্তু ধৰ্মীয় উৎপীড়নৰ বলি হৈ কোনোবা চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হিন্দু বাংলাদেশী আহিব বুলি কয় যদিও এইদৰে উৎপীড়নৰ বলি হৈ কিমান লোকে নাগৰিকত্বৰ বাবে আবেদন জনাইছিল, সেই প্ৰশ্নৰ উত্তৰ দিয়াত সদায় নিমাত।

অসমত বিকল্প আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজন আছে। কিন্তু সেয়া কংগ্ৰেছ বা বিজেপিৰ দৰেতো হ'ব নালাগেই, অসমৰ ৰাইজক সোণৰ অসমৰ সপোন দেখুওৱা অগপৰ দৰে বিশ্বাসঘাটকো হ'ব নালাগিব। বিকল্প ৰাজনীতিৰ সন্ধান আমি কৰিব লাগিব, কিন্তু তাৰ আগতে আমি নিশ্চিত হ'ব লাগিব, যি পৰিৱেশ, পৰিস্থিতিত এই ৰাজনৈতিক শক্তিৰ উত্থান ঘটিব, তাৰ পৰা এই শক্তিক নেতৃ্ত্ব দিয়াসকল কোনো দিনাখনেই কক্ষচ্যুত হ'ব নালাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in