কোৰোনা কৰুণা কৰা…

কোৰোনা কৰুণা কৰা…

দীপজ্যোতি শৰ্মা

কোভিডে কন্দুৱাইছে । আপোন জনক হেৰুৱা খবৰ এতিয়া সাধাৰণ হৈ পৰিছে । অবিশ্বাস্য কোভিডৰ পৰিবেশ পৰিস্থিতিয়ে মানুহক শংকিত কৰি তুলিছে । কেৱল মৃত্যুৰ খবৰ । সমগ্ৰ বিশ্বৰ বাবে ভাৰত এতিয়া মৃত্যুৰ উপত্যাকা ।

চিকিৎসালয়ত বিছনা খালী নাই । ৰাজধানী চহৰত হাতত ধন থাকিলেও চিকিৎসা বিচাৰি মানুহে হাহাকাৰ কৰিব লগা হৈছে । বহু বৰণ্য ব্যক্তি বিনা চিকিৎসাই মৃত্যুক সাৱটিছে । অক্সিজেনৰ অভাৱত গাড়ীৰ ভিতৰতে বা চিকিৎসালয়ৰ বিচনাত মানুহ চটফটাই মৰিছে ।

কোভিড আহিছিল এবছৰৰ পূৰ্বে । কোভিডে কি ৰূপ ধাৰণ কৰিব পাৰে সেয়া তেতিয়াই দেখুৱাইছিল । তাৰ পিছতো কোভিডক আমি সহজ ভাবে ল'লো নেকি ? দ্বিতীয় ঢৌৱে পূৰ্বতকৈ ভয়াবহ ৰূপ ধাৰন কৰিছে ।

সংক্ৰমণ হৈছে ইজনৰ পিছত সিজন মানুহ । মুহুৰ্তৰ ভিতৰতে শেষ হৈ গৈছে বহুতৰ জীৱন । দুদিনৰ আগলৈকে সুস্থ মানুহজন কোভিডৰ সংক্ৰমনৰ পিছত কাবু হৈ পৰিছে । তাৰ পিছতো কোভিডক লৈ কিয় এই ল'ৰা ধেমালী ।

মাদ্ৰাছ উচ্চ ন্যায়ালয়ে কিয় হত্যাকৰী আখ্যা দিব লগা হ'ল নিৰ্বাচন আয়োগক ? সৰ্বসাধাৰণৰ বাবে কোভিড সংক্ৰান্তীয় প্ৰট'কল জাৰি কৰি থোৱা আছিল । কিন্তু নিৰ্বাচনৰ নামত সেইবোৰ ধোৱাচাঙত উঠিল ।

দেশৰ কোটি কোটি লোকক পন বন্দী কৰা হ'ল । ইয়াৰ বাবে দায়ী কোন ? কেনেদৰে এতিয়া যুঁজিৱ এই পৰিস্থিতিৰ সৈতে । কোভিড শেষ হ'ল বুলি ভবাৰ ফল এয়া । কোভিড কোনো শত্ৰু ৰাষ্ট্ৰৰ বিৰুদ্ধে কৰা যুদ্ধ নাছিল । কোভিড আছিল মানৱ সভ্যতাৰ বিৰুদ্ধে এক যুঁজ । এই যুঁজত সমগ্ৰ বিশ্বই বিধস্ত ।

কোভিডৰ বিৰুদ্ধে বিজয় কেতিয় সম্ভৱ সেয়া কোনেও নাজানে । প্ৰতিৰোধ,প্ৰতিকাৰৰ বিধি মানি কোভিডৰ বিৰুদ্ধে চলা এই যুঁজ বহু দীঘলীয়া হ'ব পাৰে । ইয়াৰ প্ৰভাৱ সৰ্বত্ৰে পৰিছে । কোনেও ক'ব নোৱাৰে কোভিডে তেওঁক লক্ষ্য কৰি নল'ব ।

কোভিড মহামাৰী এক অজাত শত্ৰু । কোভিড অহালৈ ৰৈ থকা যুক্তি ক'ত ? দ্বিতীয় বাৰৰ বাবে কোভিডৰ সৈতে আমি যুঁজিব লগা হৈছে । জীৱন সংগ্ৰামৰ এই পথত অভিশাপ হৈ পৰা কোভিডৰ পৰা সতৰ্কতাৰে আতৰত থকাৰ বিকল্প নাই ।

কোভিডে মুহুৰ্ততে ভয়াবহ ৰূপ ধাৰণ কৰিছে । কাহি- বাতি বজাই কোভিড নিয়ন্ত্ৰন কৰিব নোৱাৰি । সেই কথা এতিয়াও যদি কোনোৱাই বুজা নাই তেওঁ বুজোৱাৰ উপায় নাই । এয়া আত্ম প্ৰচাৰৰ বা সন্তুষ্টিৰ সময় নহয় ।

কোন তাৰিখলৈকে বা কিমান দিনলৈকে পৰিস্থিতি নিয়ন্ত্ৰনত থাকিব সেয়া ঘোষণা কৰাতকৈ আহিব লগা পৰিস্থিতিৰ কি ধৰণে সাজু হৈছে সেই ৰণনীতিৰ ওপৰত গুৰুত্ব দিয়াৰ সময় । সন্মুখত এক অনিশ্চিত পৰিবেশ । সেই কথা সকলোৱে মনত ৰখা উচিত ।

মানুহ আজি সজাগ হৈছে । কোভিডৰ বিভিষিকা দেখি মানুহে বুজি পাইছে । অসমত কোভিডৰ দ্বিতীয় ঢৌ লাহে লাহে তীব্ৰতৰ হৈ পৰিছে । মুখ্য সচিবে ২৭ এপ্ৰিল ২০২১ ত জাৰি কৰিছে নতুন নিৰ্দেশনা । সমগ্ৰ ৰাজ্যতে জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ।

নিশা ৮ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰা এই নৈশ সান্ধ্য আইনে কোভিড নিয়ন্ত্ৰন কৰিব নোৱাৰিলে ইয়াতকৈও অধিক কঠোৰ ব্যৱস্থা ল'ব লগা হ'ব পাৰে । যদিও কোনেও নিবিচাৰে আকৌ কোভিডৰ বাবে লকডাউন দিয়াৰ বাবে পৰিস্থিতি আহক । কিন্তু ইয়াৰ বিকল্প কি ?

ৰাজ্য চৰকাৰে জাৰী কৰা নিৰ্দেশনাত কোৱা হৈছে নৈশ সান্ধ্য আইনৰ সময়চোৱাত অত্যাৱশকীয় সেৱাৰ সৈতে জড়িত লোক সকলে চলন ফুৰণ কৰিব পাৰিব । অৱশ্যে পূৰ্বৰ দৰে ৬ বজাতেই বন্ধ কৰিব লাগিব দোকান পোহাৰ ।

টিকট দেখুৱাই বিমান,ৰেল আৰু বাছৰ যাত্ৰীয়ে আহা যোৱা কৰিব পাৰিব । গৰ্ভৱতী মহিলা চিকিৎসালৈ অনা নিয়াৰ ক্ষেত্ৰত থাকিব বিশেষ ৰেহাই । সংবাদ মাধ্যমৰ লোক সকলে সান্ধ্য আইনৰ সময়চোৱাত অহা যোৱা কৰিব পাৰিব যদিও তেওঁলোকৰ লগত থাকিব লাগিব বৈধ পৰিচয় পত্ৰ ।

দুগ্ধ ব্যৱসায়ী, জীৱ-জন্তুৰ খাদ্য,শাক-পাচলিৰ ব্যৱসায়, ফলমূলৰ ব্যৱসায়, বেংক,বীমা,পেট্ৰল পাম্প,এলপিজি, কলষ্টৰেজ,ব্যক্তিগত নিৰাপত্তা,অত্যাশকীয় সামগ্ৰী প্ৰস্তুত কৰণ,কোভিড ভেকচিন ল'বলৈ যোৱা ব্যক্তি, আদিক এই সময়চোৱাত ৰেহাই দিয়া হ'ব ।

এই নিৰ্দেশনাত সকিয়াই দিয়া হৈছে যে নিয়ম ভংগকাৰী সকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । জনসাধাৰণে এতিয়া নিজে উপলব্ধি কৰাৰ সময় । কোভিডৰ ৰেহ ৰূপ দেখাৰ পিছত নিজক সুৰক্ষিত কৰিবলৈ সচেতন হোৱাৰ বাদে আন পথ নাই । কোনে জানে ১ মেৰ পিছত সম্পূৰ্ণ লকডাউন দিয়াৰ পৰিস্থিতিও যে সৃষ্টি নহ'ব অসমত ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in