২ বজালৈ ডিউটি, ৩ বজাত জোৰোণঃ ন-বোৱাৰীৰ সাজত ছিষ্টাৰ অলীৰ নতুন জীৱন…

২ বজালৈ ডিউটি, ৩ বজাত জোৰোণঃ ন-বোৱাৰীৰ সাজত ছিষ্টাৰ অলীৰ নতুন জীৱন…

মৃদুল কুমাৰ সন্দিকৈ

সকলো নাৰীৰে এটা সপোন থাকে। অপেক্ষা কৰে সেই দিনটোলৈ। প্ৰিয়জনে কপালত আঁকি দিব সেন্দুৰ। ক'ত ব্যস্ততা, ক'ত স্বপ্নময় সময় পাৰ কৰা হয় এই ক্ষণৰ বাবে। কিন্তু তেওঁৰ বাবে নাছিল এয়া সপোন দেখি পাৰ কৰাৰ সময়।

দিনটো ব্যস্ততাৰ অন্তত ঘূৰি আহিছিল ঘৰলৈ। সেইদিনা আছিল ১৭ মে', ২০২০। মৰ্ণিং ডিউটি কৰি ঘৰত আহি পাওঁতে দুপৰীয়া ২ বাজিছিল। তাৰপাছত এঘণ্টা সময়। তেওঁ সাজু হৈছিল । দৰা ঘৰৰ লোক আহিছিল জোৰোণ লৈ।

আৱেলি ৩ বজাত আৰম্ভ হৈছিল জোৰোণ পৰ্ব । বিয়াখনত নাছিল কোনো জাক-জমকতা। কোৰোনা ভাইৰাছে চুই যোৱা জটিল সময় এয়া। নামাতিলে নোহোৱা আত্মীয় দুই-এজনৰ উপৰিও, তেওঁক আশীৰ্বাদ দিবলৈ আহিছিল নিজেই নলবাৰী উপায়ুক্তও।

কইনাৰ নাম অলী বৰ্মন। বৃত্তিত তেওঁ এগৰাকী জিএনএম। ২০১৮চনৰ ডিচেম্বৰত অলী বৰ্মনে নাৰ্ছ হিচাপে নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত যোগদান কৰিছিল। চিকিৎসাৰ সৈতে জড়িত ডাক্টৰ, নাৰ্ছ আদিৰ ব্যস্ততা কেতিয়াও শেষ নহয়। ২৪ ঘণ্টাই তেওঁলোক ব্যস্ত হৈ থাকিব লগা হয়।

দুপৰীয়া ২ বজাত ডিউটিৰ পৰা আহি আবেলি ৩ বজাত এইদৰে জোৰোনত বহিছিল অলী বৰ্মন…

কোভিড-১৯ত সমগ্ৰ বিশ্ব আক্ৰান্ত হোৱাৰ পাছত অসমতো চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ ব্যস্ততাই নহয়, জীৱনৰ প্ৰতি অহা ভাবুকিকো কেৰেপ নকৰি কৰ্তব্য সম্পাদন কৰিব লগা হৈছে। তাৰেই এটা উদাহৰণ অলী।

কলেজত পঢ়ি থাকোতেই অলীয়ে প্ৰেমত পৰিছিল সহপাঠী কন্দৰ্প বৰ্মনৰ সৈতে। নলবাৰীৰ বেলশৰত ঘৰ অলীৰ। তাৰ কিছু দূৰৈতে কন্দৰ্পৰো ঘৰ। চুবুৰী বেলেগ হ'লেও ঠাই একেখনে। সেই কন্দৰ্পৰ সৈতে এইবাৰ ব'হাগতে বিয়াত বহা কথা আছিল অলীৰ। কিন্তু কোৰোনাই নিদিলে।

ন-বোৱাৰীৰ সাজত অলী বৰ্মন…

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নলবাৰী চিকিৎসালয়ত স্থাপন কৰা হৈছিল কোৱাৰেন্টাইন কেন্দ্ৰ। তাতো ডিউটি কৰিব লগা হৈছিল অলীয়ে। এই জটিল সময়ত কৰ্তব্যতকৈ বিয়া তেওঁৰ বাবে ডাঙৰ নহয়। সেয়েহে বিয়াৰ আগদিনা লৈকে ডিউটি কৰি গৈছিল এইগৰাকী নাৰ্ছে।

১৬ মে'ৰ দিনা ৰাতি ৮ বজালৈকে হাস্পতালতে আছিল অলী। ১৭ মে'তো পুৱা ৮ বজাৰ পৰা ২ বজালৈ ডিউটি কৰি হাস্পতালৰ পৰা ১৪ কিলোমিটাৰ দূৰৈৰ ঘৰলৈ আহিহে হাতত মেহেন্দী লগাইছিল। ন-বোৱাৰী হিচাপে অলীৰ ১৯ মে', ২০২০ত আছিল প্ৰথমটো দিন।

সেই দিনটোতো অলীয়ে ক'লে- 'মাতিলেই ডিউটিলৈ যাব পৰাকৈ সাজু হৈ আছো। আমাৰ কামেই এনেকুৱা। মই চাৰিদিন ছুটী লৈছিলো। নহ'লে চাৰিদিনৰ পাছতে গৈ কামত যোগ দিমগৈ।' অলীৰ জ্যেষ্ঠ ভাতৃ উদয়নৰ সৈতেও কথা পাতিছিলো আমি। তেওঁ ক'লে- বিয়া খন অনুষ্টুপিয়াকৈ হৈ গ'ল। সামাজিক দূৰত্ব আৰু নীতি-নিয়ম মানি ভণ্টীক উলিয়াই দিলো এঘৰলৈ।

কলেজত পঢ়ি থাকোতেই চিনাকি হৈছিল দুয়ো…

অসমত চিকিৎসক-চিকিৎসা কৰ্মীসকলে কিমান নিষ্ঠাৰে দায়িত্ব পালন কৰিছে তাৰ এক উদাহৰণ অলী। বৰ্তমান নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মেডিচিন বিভাগৰ মহিলা ৱাৰ্ডত ডিউটি কৰি আছে অলীয়ে।

জীৱনত এবাৰে আহে এনে সময়। সেই সময়ক লৈ ৰঙীন স্বপ্ন দেখে প্ৰতিজনী যুৱতীয়ে। পৰিস্থিতিয়ে নমাই অনা পৰিৱেশে অলীক সেই সুযোগ নিদিলেও, অলীৰ ইয়াৰ বাবে কোনো আক্ষেপ নাই। কিমান দায়িত্ববোধেৰে কোৰোনা ভাইৰাছৰ এই সময়চোৱাত এই চিকিৎসা কৰ্মীসকলে কাম কৰি গৈছে তাৰ প্ৰমাণ ইয়াতকৈ আৰু কি লাগে?

নলবাৰীৰ মুকুন্দ কাকতি অসামৰিক হাস্পতালত কৰ্মৰত জিএনএম অলী বৰ্মন…

এতিয়া কেৱল নাৰ্ছেই নহয়, ১৮ মে'ৰ পৰা অলী হ'ল কাৰোবাৰ পত্নী, কাৰোবাৰ বোৱাৰী। কিন্তু অলীৰ মনত এতিয়া কেৱল দায়িত্বৰ কথা। অলীৰ দৰেই বহুতে এই নিষ্ঠাৰে পালন কৰি গৈছে দায়িত্ব। এইবোৰ খবৰে সমাজৰ আন লোকসকলক আশাবাদী কৰি তোলে।

অলীৰ প্ৰতি আছে সকলোৰে শুভকামনা। সাধাৰণ ভাৱেই বিয়াখন হৈ গ'লেও, অলীৰ এই বিয়াখন আছিল অসাধাৰণ। এয়া অলীৰ কৰ্মনিষ্ঠাৰ বাবেই। চিকিৎসক-চিকিৎসা কৰ্মীসকলে যথেষ্ট সংশয়ৰ মাজেৰে দায়িত্ব পালন কৰিব লগা হৈছে।

অলীৰ দৰেই এজন চিকিৎসক। তেওঁ চৰ্চালৈ আহিছে যোৱা দিন কেইটাত। অৱশ্যে বিয়া পাতি নহয়। তেওঁৰ নাম অৰূপ তালুকদাৰ। ছ'চিয়েল মিডিয়াত অৰূপ তালুকদাৰ নামৰ চিকিৎসকগৰাকীয়ে স্বাস্থ্য মন্ত্ৰীলৈ সম্বোধন কৰি লিখিছিল এখন মুকলি পত্ৰ।

৯ মে', ২০২০ত আয়ুৰ্বেদিক মহাবিদ্যালয়ৰ চূড়ান্ত বৰ্ষত উত্তীৰ্ণ হৈ ইন্টাৰ্ণ কৰি থকা ডাক্টৰ অৰূপ তালুকদাৰে লিখিছিল-' আপোনাৰ ভাষণবোৰ নিউজত শুনো যে, আমাৰ তাত ১ লাখ পিপিই কীট, ৫০ হাজাৰ এন-৯৫ মাস্ক আছে। কিন্তু আমিহে হাস্পতালত একো নাপাওঁ এইবোৰ।'

ডাঃ অৰূপ তালুকদাৰে কি লিখিছিল স্বাস্থ্য মন্ত্ৰীলৈ…

এইদৰে স্বাস্থ্য মন্ত্ৰীলৈ মুকলি চিঠি লিখা অৰূপ তালুকদাৰলৈ চিআইডিয়ে জাৰি কৰিলে 'কা' আন্দোলনৰ সৈতে জড়িত থকা সন্দৰ্ভত জেৰাৰ বাবে এক চমন। অৱশ্যে এইগৰাকী চিকিৎসকে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ এই সময়ত কিছু আৱশ্যকীয় প্ৰশ্ন বা বিষয় উত্থাপন কৰিলেও তেওঁ যে এক ৰাজনৈতিক দলৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত ।

কিন্তু সেই দৃষ্টিভংগীৰেই কেৱল কোৰোনা ভাইৰাছৰ বিৰুদ্ধে যুঁজা সময়ত চিকিৎসকৰ অভাৱ-অভিযোগক আওকাণ কৰি চলিব নোৱাৰি। আন এগৰাকী নাৰ্ছ। নাম অঞ্জনা শইকীয়া শৰ্মা। মহেন্দ্ৰ মোহন চৌধুৰী হাস্পতালত তেওঁ কৰ্তব্যৰত।

এগৰাকী জ্যেষ্ঠ নাৰ্ছ তেওঁ। কোভিড-১৯ত আক্ৰান্ত ৰোগীক ৰখোৱা চিকিৎসালয়খনত ব্যস্ততাৰ তেওঁৰ অন্ত নাই। তেওঁ ক'লে- কিদৰে প্ৰতিটো মুহূৰ্ততে সজাগ-সচেতনতাৰে দায়িত্ব পালন কৰিব লাগে। চিকিৎসক-নাৰ্ছ, ছুইপাৰ, ৱাৰ্ড বয়ৰ দলে কেনেদৰে দায়িত্ব পালন কৰি গৈছে তাৰ ব্যাখ্যাও দিলে।

পিপিই কীটছ পিন্ধি তেওঁলোক বাহিৰলৈ ওলাব নোৱাৰে। এটা নিৰ্দিষ্ট স্থানলৈকেহে তেওঁলোক আহিব পাৰে। তাতেই আদান-প্ৰদান হয় ঔষধ, আহাৰ, অন্যান্য সা-সামগ্ৰী। কোভিড ৰোগী থকা ৱাৰ্ডত তেওঁ ডিউটি নকৰিলেও, তেওঁৰ দৰে যথেষ্ট সংখ্যক নাৰ্ছে এই সময়ত দায়িত্ব পালন কৰি গৈছে।

ঘৰ-পৰিয়ালৰ পৰা আঁতৰত থাকিব লাগে তেওঁলোক। কোভিড ৱাৰ্ডত ডিউটি কৰা চিকিৎসক-চিকিৎসা কৰ্মীসকলে হাস্পতালৰ কোৱাৰেন্টাইন চেন্টাৰতে থাকিব লাগে। ৭ দিন ডিউটি কৰাৰ পাছত ১৪দিনৰ কোৱাৰেন্টাইন। তাৰপাছত সকলো পৰীক্ষা-নিৰীক্ষা কৰাৰ পাছত ঘৰলৈ যাব পাৰে চাৰিদিনৰ বাবে। তাৰপাছত পুনৰ যোগ দিব লাগে কামত।

চিকিৎসক-চিকিৎসা কৰ্মী সকল এতিয়া ভগৱান সদৃশ হৈ পৰিছে। দুই-এক আসোৱাহ আঙুলিয়াই দিয়াই মানেই এইটো নহয় যে তেওঁলোকৰ কামৰ প্ৰতি সন্দেহ বা ইয়াক অস্বীকাৰ কৰা হৈছে। সকলোৱে বুজি উঠা উচিত যে- এই সময়ত চিকিৎসক তথা চিকিৎসা কৰ্মীসকলৰ গত্যন্ত নাই।

অসমত এনেও চিকিৎসক তথা চিকিৎসা কৰ্মীৰ অভাৱ। বৰ্তমান ৰাজ্যখনত নিযুক্ত হৈ আছে ১২হাজাৰ জিএনএম। ভাৰতত এতিয়া ৮লাখ ৩৩হাজাৰ চিকিৎসকহে কৰ্মৰত হৈ আছে। বিশ্ব স্বাস্থ্য সন্থাৰ মতে, প্ৰতিজন ১হাজাৰজন জনসংখ্যাৰ বিপৰীতে ন্যূনতম এজন চিকিৎসক থাকিব লাগে। কিন্তু দেশত চিকিৎসৰ জনসংখ্যাৰ অনুপাত ১ঃ১৫৯৬।

মেডিকেল কাউন্সিল অৱ ইণ্ডিয়াৰ ২০১৭চনৰ তথ্য মতে, ভাৰতত পঞ্জীয়ন কৰা এল'পেথিক চিকিৎসকৰ সংখ্যা ১০,৪১,৩৯৫জন। দেশত থকা ৩৭০খন চৰকাৰী-বেচৰকাৰী মেডিকেল কলেজৰ জৰিয়তে প্ৰতি বছৰে ৪৯,৮৪০জন চিকিৎসক গড়ে এমবিবিএছ পাঠ্যক্ৰম উত্তীৰ্ণ হৈ আহে।

কিন্তু জনসংখ্যাৰ বৃদ্ধি অনুপাতে সেয়া পৰ্যাপ্ত নহয়। ইয়াৰে কিছু কিছুৱে বিদেশলৈ গৈ কৰ্মজীৱন আৰম্ভ কৰে। অসমত চিকিৎসকৰ জনসংখ্যাৰ অনুপাত সৰ্বভাৰতীয়ৰ তুলনাত বেছি। প্ৰতি ১৮০০ লোকৰ বিপৰীতে একোজন চিকিৎসক আছে অসমত।

অসমৰ চৰকাৰী চিভিল হাস্পতালসমূহত প্ৰায় এক-ডেৰ বছৰৰ পূৰ্বৰ তথ্য অনুসৰি, ২০৮৩জন স্থায়ী চিকিৎসক আছে। যি সংখ্যা হ'ব লাগে ৪৬৬৭। কিন্তু এতিয়া এন এ চি এমৰ অধীনত যথেষ্ট সংখ্যক চিকিৎসক নিয়োগ কৰা হৈছে যদিও, সেয়া ঠিকাভিত্তিক।

কিউবাৰ দৰে দেশৰ চিকিৎসা ব্যৱস্থাই সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে। চিকিৎসক-চিকিৎসা কৰ্মী আদি অবিহনে এই জটিল সময়তে নহয়, স্বাভাৱিক সময়তো জীৱন অতিবাহিত কৰাতোৱেই অসম্ভৱ। এনে চিকিৎসকো আছে যিসকলে চিকিৎসা প্ৰদানক কেৱল বৃত্তি ৰূপে নহয়, সেৱা ৰূপে গ্ৰহণ কৰি আহিছে।

চিকিৎসকৰ বাবে , নাৰ্ছ বা আন চিকিৎসা কৰ্মীৰ বাবে আমি ইতিবাচক দৃষ্টিভংগীৰে নিজস্ব দায়িত্ব পালন কৰাতো উচিত। যিখন ৰাজ্যত অলী বৰ্মনৰ দৰে নাৰ্ছ আছে, যিখন ৰাজ্যত জীৱনক বাজীত লগাই ৰোগীৰ বাবে চিকিৎসা সেৱা প্ৰদান কৰি থকা চিকিৎসকে ঘৰ-পৰিয়ালৰ পৰা আঁতৰি কৰ্তব্য সম্পাদন কৰি গৈছে, তেওঁলোকৰ প্ৰতি সমাজখন সদায় কৃতজ্ঞ হৈ থাকিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in