মই এজনী বদনামী মহিলাই কৈছো…

মই এজনী বদনামী মহিলাই কৈছো…

মৃদুল কুমাৰ সন্দিকৈ

এয়া জীৱনৰ কাহিনী। এজনী নাৰীৰ স্বীকাৰোক্তি। যৌৱন, ৰূপ তেওঁৰ বাবে বোজা আছিল। জীৱনে তেওঁক প্ৰতাৰণা কৰিলে বহুবাৰ। তথাপিও তেওঁ জীয়াই আছে এগৰাকী অভিজাত বদনামী মহিলা হৈ।

এদিন তেওঁ পানবজাৰলৈ গৈছিল। লগত তেওঁৰ জীৱনৰ কাহিনী লৈ। তেওঁ লিখি নিয়া সেই কাহিনীবোৰ আছিল আত্মকথা। নিজৰ সৈতে হোৱা ঘটনাপ্ৰৱাহ। প্ৰকাশকৰ বাবে সেই কথাবোৰ প্ৰকাশ কৰাতো সম্ভৱ নাছিল। ইমান মুকলিকৈ লিখা কথাবোৰ আত্মকথাৰ ৰূপত প্ৰকাশ কৰিবলৈ কোনো প্ৰকাশক সাজু নহয়।

এইখন সেইখন দেশ য'ত যৌনতাৰ কথা মুকলিকৈ কোৱাতো পাপ! এই সমাজত ঘটি যোৱা বহু কথা নাৰীয়ে লৈ ফুৰিব লাগে বুকুত। সেই কথাবোৰ লিখিলেই হৈ পৰে কোনোবা তছলিমা নাছৰিন। ইমান সাহস বহু নাৰীৰে নাথাকে। অথচ বুকুত গোপনে লৈ ফুৰে এনে অজস্ৰ অভিজ্ঞতা আৰু ক্ষোভৰ পাহাৰ।

তেওঁৰ নাম ধৰি লওঁক গীত কামৰূপা। এয়া তেওঁৰ আচল নাম নহয়। ৰাজনীতিৰে তেওঁ জড়িত এতিয়া। আচল নাম তেওঁ গোপনে থৈছে এই কথাবোৰ কওঁতে। পানবজাৰত প্ৰকাশকৰ পৰা সহাৰি নাপাই তেওঁ কাষ চাপিছিল আন এজন প্ৰকাশকৰ। 'দ্যা ডাৰ্ক ৱৰ্ল্ড পাব্লিকেশ্যন', নামৰ হয়তো নতুন প্ৰকাশক জনে পঢ়িলে তেওঁৰ এই আত্মগাঁথা।

তেওঁৰো সাহস নহ'ল এনে আত্মকথা প্ৰকাশৰ। ক'লে আত্মকথাৰ ৰূপত নহয়, উপন্যাস ৰূপত তুলি ধৰক এই কাহিনী। তেওঁ সেয়াই কৰিলে। কিন্তু আৰম্ভণিতে লিখিলে- 'এয়া মাথোঁ এখনি গ্ৰন্থ নহয়। কল্পনা আৰু শব্দৰ তুলিকাৰে সৃষ্টি কৰা কোনো ৰস ৰচনা নহয়। এয়া যে এগৰাকী 'বদনামী মহিলা'ৰ জীৱন্ত আত্মকথা। এক দস্তাবেজ।'

এয়া এজনী বদনামী মহিলাৰ জীৱন্ত আত্মকথা।

৭ বছৰ বয়সতে তেওঁক বলাৎকাৰ কৰা হৈছিল। ১৭ বছৰ বয়সত বিয়া দিছিল। আৰু ৩০ বছৰ বয়সত বদনামী হৈ পৰা এইগৰাকী মহিলাই ৪৫ বছৰ বয়সত আত্মোপলব্ধিৰে ক'ব খুজিছে তেওঁৰ সৈতে কি হৈছিল। উপন্যাসৰ চৰিত্ৰ হৈ তেওঁ জ্যোতিকা নামেৰে এই কাহিনী কৈ গৈছে।

তেওঁ কেৱল উপন্যাসৰ চৰিত্ৰ নহয়…

২টা ৰসগোল্লাৰ লোভত দেউতাকে বিয়া দিছিল তেওঁক। আজি সেই মানুহজনৰ দৃষ্টিতে তেওঁ বেশ্যা। নিজ স্বামীয়েও তেওঁক ব্যৱহাৰ কৰিলে বহুবাৰ। এইবোৰ আৰম্ভণি। তাৰ পাছত এই মহিলাই কৈ গৈছে বহু কাহিনী। মাজে মাজে তেওঁ অনুশোচনাত ভোগে। কিয় এনে হ'ল তেওঁৰ জীৱনৰ সৈতে। কিয় তেওঁক কোনেও এবাৰো আঙুলিয়াই নিদিলে ভুলবোৰ। তেওঁৰ স্বামী আছিল এগৰাকী অভিযন্তা।

সেই অনুশোচনাৰ প্ৰমাণ তেওঁৰ এই কথা। -'তাইৰ কিয় এনেকুৱা হ'ল? বিষয়বোৰ শৃংখলিত কৰিব পৰা যায় কেনেকৈ? ইমান দিনে তাই কি কৰিলে? যদি কিবা ভুল কৰিছিল বা ভুল সিদ্ধান্ত লৈছিল, তেনেহ'লে কোনো এজনেও তাইক আঙুলিয়াই দিয়া নাছিল কিয়? আনে বাৰু নিদিয়ে বা নিদিলে কিন্তু তাইতকৈ ১৭ বৰ ডাঙৰ গিৰিয়েকেতো তাইক সঠিক পথ দেখুৱাব পাৰিব লাগিছিল। কিন্তু নেদেখুৱালে কিয়? নে ইচ্ছা নকৰিলে কিবা বিশেষ কাৰণত? পঢ়া-শুনা নথকাও নহয়; এগৰাকী চৰকাৰী বিষয়া, অভিযন্তা; তাৰ পাছতো।

ককায়েক যুগান্ত জগত শৰ্মাৰ পৰাও বহুত কিবা কিবি আশা কৰিছিল তাই। সিয়ো তাইক সঠিক পথ আঙুলিয়াই নিদিলে বা নুখুজিলে। বৰঞ্চ তাইৰ বিয়াৰ পিচত , তাইৰ ঘৰুৱা সমস্যাবোৰ ককায়েক হিচাপে সমাধান কৰাৰ পৰিৱৰ্তে, তাইক একপ্ৰকাৰৰ ৰক্ষিতাস্বৰূপে দিল্লী কিম্বা গুৱাহাটীত ৰাখিবলৈহে প্ৰস্তাৱ দিছিল বহুবাৰ।'


এইবোৰ তেওঁৰ অনুশোচনা…

জীৱনৰ এই অভিজ্ঞতাবোৰ তেওঁ মুকলিকৈ কৈছে। কৈছিল পৰিয়ালৰ, আত্মীয়ৰ, বয়সস্থ লোকৰ হাতত কিদৰে যৌন নিৰ্যাতনৰ বলি হৈছিল। সাধু শুনিবলৈ গৈ কি পৰিস্থিতিৰ সন্মুখীন হৈছিল। সেই কথাবোৰে তেওঁক এতিয়াও খুন্দিয়াই বিবেকত।

এজনী ধুনীয়া পৰী আছিল তেতিয়া তাইৰ কল্পনাত। আৰু সেই পৰীৰ সাধু শুনিবলৈ গৈ ককাকৰ দৰে এগৰাকী ৬০ বছৰীয়া বৃদ্ধই কি কৰিছিল তাইৰ সৈতে সেই কথা এতিয়াও সজীৱ হৈ আছে। সাধু কৈ শুৱাই দিম বুলি মাতি লৈ গৈ এই পৰিস্থিতিৰ সন্মুখীন হৈছিল তেওঁ।

৯ বছৰ বয়সত সন্মুখীন হৈছিল এই অভিজ্ঞতাৰ…

মদ, চিগাৰেট আৰু মানুহৰ লগত আদ্দা, সংস্পৰ্শ এইবোৰেই জীৱন ভৰি পৰিছিল লাহে লাহে। এখন নৰকৰ বাসিন্দা হৈছিল তেওঁ। সময়ে তেওঁক লৈ গৈছিল সেই পৃথিৱীলৈ। আনকি নিজৰ দেওৰেকেও এদিন সেই সুযোগ লৈছিল।

এনে দুৰ্ভগীয়া আছিল তেওঁ…

তেওঁ অৰ্থাৎ জ্যোতিকাৰ এই কাহিনীবোৰ কেৱল উপন্যাসৰ এটা চৰিত্ৰই কোৱা কাহিনী নাছিল। এটা আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ সৈতে তেওঁ জড়িত হৈ পৰিছিল। সেয়া আছিল ২০০০ চনৰ কথা। 'কেনৱেষ্ট ইমিগ্ৰেশ্বন' নামৰ সংস্থাটোৰ সৈতে জড়িত হৈ তেওঁ গুৱাহাটীত এটা শাখা কাৰ্যালয় খুলিছিল।

প্ৰথমে ঠিকেই চলিছিল। কিন্তু পিছলৈ সেয়া উপাৰ্জনৰ পথ হৈ নাথাকে। বহু বদনামৰ গৰাকী হ'ল তেওঁ। থানাত গোচৰ হ'ল তেওঁৰ বিৰুদ্ধে। পুলিচৰ চকুত ধুলি দি পলাই ফুৰিব লগা হ'ল। বিদেশলৈ নাৰী চালান দিয়াৰ অভিযোগৰ আঙুলি তেওঁলৈ উঠিল। লাহ লাহে তেওঁ হৈ পৰিল এগৰাকী বদনামী মহিলা।

এয়া সৌভাগ্য নহয়, দুৰ্ভাগ্য আছিল তেওঁৰ বাবে।

এজন শক্তিশালী মন্ত্ৰী, জড়িত হৈ থকা ৰাজনৈতিক দলটোৰ নেতা, পলাই গৈ দিল্লীত থাকোতে লাভ কৰা অভিজ্ঞতা লুক ঢাক নকৰাকৈ তেওঁ কৈ গৈছিল। সেই সকলোবোৰতে তেওঁৰ জীৱনৰ আৰৰ অধ্যায়ৰ পৰ্দা তুলি দিছে। কেইবাৰ তেওঁৰ মৃত্যু হৈছে সেয়া তেওঁ নাজানে।

বাৰে বাৰে জীৱনৰ ৰং সলাই এজনী উশৃংখল মহিলা হৈ তেওঁ জীৱনৰ সোণালী দিনবোৰ কাৰোবাৰ দুবাহুৰ মাজত এৰি দিয়া আত্মকেন্দ্ৰীক বিশ্লেষনেৰে এই কাহিনী ভৰি আছে। কিমান মানুহে তেওঁক ব্যৱহাৰ কৰিলে। খুদ স্বামীৰ পৰা আৰম্ভ কৰি ৰাজনৈতিক দলৰ শীৰ্ষ নেতাৰ লৈকে। তাৰ হিচাপ তেওঁ ইয়াত দিছে।

আকাশ! এতিয়া তেওঁৰ সপোন। তেওঁ জড়িত হৈ পৰা ৰাজনৈতিক দলটোৰে এজন বিষয়ববীয়া। সেই আকাশৰ মাজতে তেওঁ বিচাৰি পালে নিজক। আকাশ এতিয়া তেওঁৰ জীৱনৰ আকাশ। এদিন এখন সভাত আকাশৰ ভাষণ শুনিছিল। তাৰ পাছত আকাশ হৈ পৰিছিল তেওঁৰ সকলো। অভিভাৱক, মাগ দৰ্শক, মৰমৰ কেন্দ্ৰ বিন্দু।

সেই আকাশৰ অন্য এক পোচাকি নাম আছিল। সেইজন আকাশক বিচাৰিব জানিলে আপুনিও বিচাৰিব পাৰিব। চিনি পাব তেওঁক, জ্যোতিকা নামৰ সেই মহিলাগৰাকীৰ সন্ধানত আমি যেতিয়া আকাশৰ সৈতে কথা পাতিছিলো তেতিয়া আকাশেই কৈছিল তেওঁ এটাও মিছা কথা লিখা নাই…

আকাশৰ সৈতে তেওঁ মচগুল হৈ জীৱনৰ অন্ধকাৰ পথবোৰ এৰি পোহৰৰ ফালে গতি কৰোতে বহু কথাই কৈ গৈছে। বাস্তৱ আৰু কল্পনাৰ মাজত পাৰ্থক্য থাকিলেও সেই কল্পনাক বাস্তৱ ৰূপে পাবলৈ তেওঁ হাহাকাৰ কৰা আন্তৰিকতাত ফুটি উঠিছে সকলো ত্যাগ কৰিব পৰা মানসিকতা।

আকাশৰ বাবেই তেওঁ জীৱনক চাবলৈ শিকিছে। আৰু সিদ্ধান্ত লৈছে, এই কথাবোৰ মানুহৰ মাজলৈ এৰি আৰম্ভ কৰিব তেওঁ নতুন জীৱন। হয়তো লগত থাকিব আকাশ নামৰ সেই যুৱকজন। যি তেওঁৰ বাবে প্ৰেৰণাৰ বাট কাটিব খোজে।

এই বদনামী হৈ পৰা মহিলাগৰাকীৰ জীৱ কাহিনীৰে কিছু অংশ এয়া। 'আবু, আদালত আৰু তই' নামৰ এখন গ্ৰন্থ লিখিছে এই সকলো কথা। তেওঁ পৰিচয় নিদিলেও সেই গ্ৰন্থৰ পাততে দিছে তেওঁৰ এখন ফটো।


এইগৰাকী মহিলাৰে জীৱনৰ কথা…

ঘৰত এতিয়া তেওঁৰ ভাৱিব নোৱাৰা পৰিৱেশ। পাঠকৰ মাজলৈ এই গ্ৰন্থ নগলেও স্বামীৰ হাতত তুলি দিছে উপন্যাসৰ দৰে লিখা জীৱনৰ আত্মকথাৰ এটা কপি। ২০০৭ চনৰ পৰাই তেওঁ এই কথাবোৰ লিখিবলৈ আৰম্ভ কৰিছিল। আমি আকাশকে সুধিছিলো ছদ্মনামত লিখি কিয় তেওঁ নিজৰ ফটো ব্যৱহাৰ কৰিছে গ্ৰন্থৰ বেটুপাতত? আকাশে কৈছিল আমাক কিছু কথা। সেই কথা তেওঁ লিখিছিল শেষৰ ফালে।

১৪ আগষ্ট, ২০১৯। সেইদিনা তেওঁৰ জন্মদিন। এই দিনটোতে উন্মোচন হ'ব এইখন গ্ৰন্থ। সাহিত্যৰ বিচাৰত এই গ্ৰন্থৰ মূল্য হয়তো বৰ বেছি নহ'ব। কাহিনী আৰু ঘটনাৰ যোগসূত্ৰই কেতিয়াবা আতঁ হেৰাইছে। ভাষাৰ লালিত্য থমকি ৰৈছে। কিন্তু জীৱনক উপস্থাপন কৰোতে সাহসেৰে কৃপনালি নকৰাকৈ সকলো কথা কবলৈ চেষ্টা কৰিছে।

আকাশে কোৱাৰ দৰে সাহসেৰে লিখিছে তেওঁ এই কথাবোৰ। সকলো ভাবি চিন্তি লৈছে সিদ্ধান্ত। শংকৰদেৱৰ দৰ্শনক তেওঁ মূল মন্ত্ৰৰূপে লৈ এনে নিৰ্যাতনৰ বলি হোৱা, বুকুত ক্ষোভ লৈ থকা মহিলাসকলৰ বাবে কিবা এটা কৰাৰ পৰিকল্পনাৰে আগবাঢ়িছে। সলনি কৰিব বিচাৰিছে সকলো। নিজক, সমাজক আৰু আন দহজনক।

নিৰুপমা বৰগোহাঁঞিৰ সৈতেও তেওঁ দুদিনৰ আগতে গৈ কথা পাতিছে। ১৪ আগষ্টত তেওঁ ৪৬ বছৰত ভৰি থব। আৰু সেইদিনাই তেওঁ সলাই পেলাব নিজকে। অন্ধকাৰ আৰু বদনামী জগতখনৰ পৰা তেওঁ আতৰি আহি নতুন দিনৰ সন্ধান কৰোতে পাহৰিব বিচাৰে নিজৰ অতীত।

সেইদিনাই সিদ্ধান্ত ল'ব কেইবাটাও। বদনামী মানুহ হৈ থাকিব নিবিচাৰে আৰু। আকাশে তেওঁক দিছিল এটা নাম 'গীত'। সেই নামেৰেই তেওঁ পৰৱৰ্তী দিনবোৰত চিনাকি দিব খোজে। সেয়েহে তেওঁ পূৰ্বৰ নামৰ সলনি গ্ৰন্থখনত ব্যৱহাৰ কৰিছে গীত কামৰূপা।

পৰিচয় মই গোপনে ৰাখিব বিচৰা নাই।

'এগৰাকী বদনামী মহিলাৰ আত্মকথা' এয়া কাৰোবাৰ বাবে উপন্যাস হলেও সেই মহিলাগৰাকীৰ বাবে আত্মোপলব্ধিৰে লিখা জীৱন গাথা। ইমান সাহসেৰে নিজক তুলি ধৰি সংশোধনৰ বাটেৰে বাট বুলিব খোজা এই নাৰীলৈ সদায় থাকিব অলেখ শুভকামনা।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in