আকৌ নতুন প্ৰভাত হ’ব…

আকৌ নতুন প্ৰভাত হ’ব…

তুষাৰ প্ৰতিম

কোভিড মহামাৰীৰ সংক্ৰমণৰ মাজতে দেশে দেওবাৰে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ইতিমধ্যে সমগ্ৰ দেশত স্বাধীনতা দিৱস উদযাপন কৰিবলৈ প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। কোভিডৰ সংক্ৰমণৰ বাবে বিগত বৰ্ষৰ দৰে দেশৰ জনতাই মুকলি মনে এইবাৰো উদযাপন কৰিব নোৱাৰিব স্বাধীনতা দিৱস।

বিগত বৰ্ষতো বিশ্বৰ লগতে দেশত কোভিডৰ সংক্ৰমণৰ বাবে জনতাই কোভিড বিধিৰ মাজেৰে অনুষ্টুপিয়াকৈ উদযাপন কৰিছিল স্বাধীনতা দিৱস। এইবাৰো তাৰ ব্যতিক্ৰম নহ'ব। দেশত কোভিডে এতিয়াও চলাই আছে সন্ত্ৰাস। সেয়ে এইবাৰো স্বাধীনতা দিৱসৰ বিভিন্ন কাৰ্যসূচী ভাৰ্ছুৱেলী অনুষ্ঠিত কৰাৰ বাবে সাজু হৈছে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে চৰকাৰ।

স্বাধীনতা লাভ কৰাৰ পাছত ভাৰতে ক্ৰমান্বয়ে নিজকে সলনি কৰি আহিছে। অনুন্নত ৰাষ্ট্ৰৰ পৰা এখন উন্নয়নশীল ৰাষ্ট্ৰলৈ ভাৰতে উত্তৰণ কৰিছে।প্ৰতিটো ক্ষেত্ৰতেই ভাৰতে ধাৰাবাহিকভাৱে উন্নত ৰাষ্ট্ৰৰ সৈতে একেলগে থিয় দিবলৈ চেষ্টা কৰি আহিছে। কিন্তু ভাৰতে এই সুদীৰ্ঘ সময়ৰ পাছতো সম্পূৰ্ণৰূপে নিজৰ আভ্যন্তৰীন সমস্যাই সমাধান কৰিবলৈ সক্ষম হোৱা নাই।

স্বাধীনতাৰ ৭৫ বছৰৰ এই সময়ছোৱাত ভাৰতে দৰিদ্ৰতা, অনগ্ৰসৰতা, নিবনুৱা সমস্যা, জাতিগত সমস্যাকে ধৰি সকোল ক্ষেত্ৰতে সমস্যাৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। বিশেষকৈ কোৰোনাৰ সংক্ৰমনৰ পাছত ভাৰতে উন্নয়নশীল ৰাষ্ট্ৰৰ পৰা পুনৰ অনুন্নত ৰাষ্ট্ৰলৈ গতি কৰাৰ লগতে পূৰ্বৰ তুলনাত সমস্যাৰ সৈতে অধিক মোকাবিলা কৰিব লগীয়া হোৱাৰ লগতে অত্যাধিক হাৰত বৃদ্ধি পালে নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি দৰিদ্ৰতা, অনগ্ৰসৰতাকে ধৰি সকলোবোৰ। ইয়াৰ মাজতে দেওবাৰে দেশে উদযাপন কৰিব স্বাধীনতা দিৱস। এই স্বাধীনতা দিৱস সেয়ে সমগ্ৰ দেশৰ বাবে বৈ পৰিছে ব্যতিক্ৰম।

এই সমস্যাসমূহ কিদৰে দূৰ কৰিব, ভাৰতক নতুনকৈ কিদৰে সজাই তুলিব, ধ্বংস হৈ যোৱা অৰ্থনীতিক কিদৰে তুলি ধৰিব সেই বিষয়ে নিশ্চয় পৰিকল্পনা প্ৰস্তুত কৰিছে কেন্দ্ৰীয় চৰকাৰে। এই বিষয়ত ১৫ আগষ্টৰ পুৱা দেশৰ প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰা জনসাধাৰণক সম্বোধন কৰাৰ সময়ত আভাস পোৱা যাব বুলি আশা কৰা হৈছে।

সমগ্ৰ দেশৰ লগতে ইতিমধ্যে অসমো স্বাধীনতা দিৱস উদযাপন কৰিবলৈ সাজু হৈছে। কোৰোনাৰ বিভিন্ন বিধি বলৱত হৈ থকা ৰাজ্যখনত কিদৰে জনতাই স্বাধীনতা দিৱস উদযাপন কৰিব সেইলৈ ইতিমধ্যে ৰাজ্যৰ দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে এক নিৰ্দেশনা জাৰি কৰিছে।

অসমৰ জনতাক স্বাধীনতা দিৱস উদযাপনৰ বাবে বান্ধি দিয়া বিধি অনুসৰি ৰাজ্যিক পৰ্যায়ত উদযাপন কৰিবলগীয়া অনুষ্ঠানত ১৫০০ তকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব। সেইদৰে জিলা ভিত্তিত অনু্ষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত ৫০০ আৰু মহকুমা ভিত্তিত অনুষ্ঠিত কাৰ্যসূচীত ৩০০ত কৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব। ইয়াৰ উপৰিও অন্যান্য স্থানত অনুষ্ঠিত কৰা স্বাধীনতা দিৱস উদযাপনৰ কাৰ্যসূচীত ২০০ জনতকৈ অধিক লোকে অংশগ্ৰহণ কৰিব নোৱাৰিব।

গুৱাহাটীৰ খানাপাৰাত অনুষ্ঠিত হ'ব অসম চৰাকাৰৰ কেন্দ্ৰীয় স্বাধীনতা দিৱস। ইতিমধ্যে সম্পূৰ্ণৰূপে সাজু কৰি তোলা হৈছে খানাপাৰা পশু চিকিতসালয় মহাবিদ্যালয়ৰ খেলপথাৰ। সমান্তৰালকৈ গুৱাহাটীৰ লগতে সমগ্ৰ ৰাজ্যতে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা ব্যৱস্থা। একেদৰে প্ৰতিখন জিলাৰ সদৰৰ স্বাধীনতা দিৱস উদযাপন স্থলীসমূহো সাজু কৰি তোলা হৈছে।

৭৫ সংখ্যক স্বাধীনতা দিৱস অসমৰ বাবে এইবাৰ কেইবাটাও কাৰণত হ'ব ব্যতিক্ৰম। প্ৰতিবছৰে অসমৰ ৰাইজে স্বাধীনতা দিৱসত সন্মুখীন হৈ আহিছিল বাধাৰ। বিশেষকৈ সংযুক্ত মুক্তি বাহিনী চমুকৈ আলফাই জন্মলগ্নৰে পৰা স্বাধীনতা দিৱস বৰ্জন কৰিবলৈ আহ্বান কৰি আহিছিল। সংগঠনটোৱে এই স্বাধীনতা দিৱসত বিভিন্ন কুটাঘাটমূলক কাৰ্য সংঘটিত কৰি আহিছে। কিন্তু এইবাৰ অসমৰ জনতাক আলফাই তেনে কোনো আহ্বান জনোৱা নাই। কেৱল সংগঠনটোৱে কোভিডৰ মাজতে চৰকাৰে স্বাধীনতা দিৱস উদযাপনৰ বাবে চলোৱা প্ৰস্তুতিৰ সমালোচনাহে কৰিছে।

আনহাতে মুখ্যমন্ত্ৰী হিচাপে এইবাৰ প্ৰথমবাৰৰ বাবে পতাকা উত্তোলন কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই। ইয়াৰ পূৰ্বে ধাৰাবহিকভাৱে মন্ত্ৰী হিচাপে অসমৰ বিভিন্ন জিলাত পতাকা উত্তোলন কৰি অহা হিমন্ত বিশ্ব শৰ্মাই প্ৰথমবাৰৰ বাবে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত স্বাধীনতা দিৱসৰ কাৰ্যসূচীত পতাকা উত্তোলন কৰাৰ লগতে ৰাজ্যবাসীক সম্বোধন কৰিব।

ৰাজ্যই শেহতীয়াকৈ সন্মুখীন হোৱা অনেক সমস্যাৰ লগতে সীমা সমস্যাই তীব্ৰ ৰূপ ধাৰণ কৰিছে। মাত্ৰ কেইটামান দিন পূৰ্বে অসম-মিজোৰাম সীমান্তত মিজোৰ আক্ৰমনত নিহত হৈছে ৬ গৰাকী অসম আৰক্ষীৰ জোৱান। ইয়াৰ পাছতো মিজোৱে মাজে সময়ে কৰি আছে আক্ৰমন। আনহাতে মেঘালয়, নাগালেণ্ড, অৰুণাচলেও অসমৰ ভূমি দখল কৰি আহিছে। দিছপুৰৰ কাষতে মেঘালয়ে অসম ভূমি দখল কৰাৰ লগতে নাগালেণ্ডেও অসমৰ ভূমি দখল কৰাক লৈ ধাৰাবাহিকভাৱে সৃষ্টি হৈ আহিছে বিতৰ্ক।এনে পৰিস্থিতিত স্বাধীনতা দিৱস উদযাপনৰ এই সময়চোৱাত মুখ্যমন্ত্ৰীগৰাকীয়ে কি বাৰ্তা প্ৰেৰণ কৰে সেয়াও হ'ব লক্ষ্যণীয়।

আনহাতে দেশে স্বাধীনতা লাভৰ ৭৫ বছৰীয়া এই ক্ষণত অসমৰ বাবে আন এক যোগাত্মক বাৰ্তা হৈছে লাভীলান বৰগোহাঁইৰ অলিম্পিকত পদক লাভ। অসমৰ বাবে এয়া এক গৌৰৱৰ ক্ষণ।স্বাধীনতাৰ এই সুদীৰ্ঘ সময়ত অসমে প্ৰথমগৰাকী অলিম্পিক পদক বিজয়ী খেলুৱৈ লাভ কৰিছে।

কোভিড মহামাৰীৰ বাবে বিভিন্ন বাধা আৰু নীতি, নিয়মৰ মাজতে ৰাজ্যবাসীয়ে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ আগবাঢ়িছে যদিও এয়া যেন স্বাধীনতাৰ প্ৰকৃত সোৱাদ নহয়। জনতাই মুকলিমনে স্বাধীনতা উদযাপন কৰিবলৈ সুযোগ পোৱা নাই। মহামাৰীয়ে যেন দেশৰ জনতাক কৰি তুলিছে পৰাধীন। এই মহামাৰীৰ পৰা মুক্ত নোহোৱালৈ জনতাই প্ৰাণখুলি স্বাধীনতা উদযাপন বা উপভোগ কৰিবলৈ সক্ষম যে নহ'ব সেয়া ইতিমধ্যে নিশ্চিত হৈছে।

৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনটোৰ পূৰ্বে এই কথা জনতাই মৰ্মে মৰ্মে অনুভৱ কৰিবলৈ সক্ষম হৈছে। এইমহামাৰীৰ পৰা মুক্ত হৈ মুকলি মনেৰে স্বাধীনতাৰ সোৱাদ উপভোগ কৰিব পৰাকৈ এক পৰিবেশ গঢ়ি দিয়াতো এতিয়া কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ অতি গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে। অৱশ্যে এই মহামাৰীৰ সংক্ৰমণ অসমত হ্ৰাস হৈ আহিছে। কিন্তু এতিয়াও এই মহামাৰীৰ ভয়াবহতা দূৰ হোৱা নাই। বৰঞ্চ মহামাৰীৰ তৃতীয় ঢৌৰ আগমণৰ আশংকা কৰা হৈছে। এনে প্ৰেক্ষপটত সৰ্বস্তৰৰ জনতাক কোভিড ভেকচিন প্ৰদানেৰে চৰকাৰে সুৰক্ষিত কৰিবই লাগিব।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in