দুৰ্ঘটনাবিহীন থাৰ্টিফাষ্ট : দেখুৱালে মুখ্যমন্ত্ৰীয়ে

দুৰ্ঘটনাবিহীন থাৰ্টিফাষ্ট : দেখুৱালে মুখ্যমন্ত্ৰীয়ে

মৃদুল কুমাৰ সন্দিকৈ

কিছুমান কামৰ ফল থাকে। সেই কামবোৰ কৰিবলৈ আগ্ৰহ আৰু একাগ্ৰতা লাগে। ২০২১ বৰ্ষৰ শেষৰ দিনটোত তেনে এক উল্লেখযোগ্য কামেই কৰি ২০২২ বৰ্ষৰ প্ৰথমটো দিনটোত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চৰ্চ লাভ কৰিছিল।

বহুতৰ মুখত হাঁহি বিৰিঙাবলৈ সক্ষম হৈছিল মুখ্যমন্ত্ৰীয়ে। সাধাৰণতে উৎসৱৰ বতৰত সুৰাৰ প্ৰচলন বাঢ়ে। সুৰা সেৱন কৰি যান-বাহন চলাই একাংশ লোকে। যাৰ পৰিণতিত পুৰণিক বিদায় দি নতুনক আদৰাৰ এই সময়খিনিয়ে একাংশৰ বাবে দুখৰ বতৰা কঢ়িয়াই আনে।

সেই কথা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভালকৈয়ে উপলব্ধি কৰিছিল। সেয়েহে আগৰে পৰা তেওঁ এই সিদ্ধান্ত লৈছিল যে ২০২১ বৰ্ষত থাৰ্টিফাষ্ট উদযাপন আৰু নৱবৰ্ষৰ বনভোজৰ নামত সুৰা সেৱনৰ ফলত যি পদ দুৰ্ঘটনা সংঘটিত হয় ইয়াক প্ৰতিৰোধ কৰিব।

সেই অনুসৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰক্ষীক দিছিল কঠোৰ নিৰ্দেশ। তেওঁ নিজেই বিভিন্ন প্ৰচাৰ মাধ্যমৰ যোগে এই আহ্বান জনাইছিল যে অন্ততঃ এই দুটা দিন সুৰা সেৱন কৰি যান-বাহন নচলাব।

মুখ্যমন্ত্ৰীৰ আহ্বান আছিল- 'শ্ৰদ্ধাৰ ৰাইজ, ইংৰাজী নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আগতীয়াকৈ জনালো। নৱবৰ্ষৰ প্ৰাকক্ষণত মই ৰাইজক সজাগ আৰু সাৱধানতাৰে বাহন চলাই এক দুৰ্ঘটনামুক্ত পৰিৱেশ ৰচনা কৰিবলৈ বিনম্ৰ অনুৰোধ জনালো। ৰাইজ আমাৰ বাবে অত্যন্ত পৰিতাপৰ কথা যে ২০২১চনৰ ৩০ নবেম্বৰ পৰ্যন্ত ৬৭৪৫টা পথ দুৰ্ঘটনাত সৰ্বমুঠ ২৭৫৬জন লোক আমাৰ মাজৰ পৰা চিৰকালৰ বাবে আঁতৰি গৈছে। ৫২৫২জন লোক আহত হৈছে। যোৱা বছৰ ৩১ ডিচেম্বৰ আৰু এই বছৰৰ ১ জানুৱাৰীত ৬৯টা পথ দুৰ্ঘটনাত ২৯জন লোক প্ৰাণহানি হৈছে। এই দুৰ্ঘটনাবিলাক আমি এভ'ইড কৰিব পাৰো। অকণমান ধিৰে-সুস্থিৰে গাড়ী চলোৱা, পথৰ নিয়ম-নীতি মানি চলা আৰু মদ্যপান কৰি যদি আমি বাহন নচলাও , দুচকীয়া বাহনত আমি যদি হেলমেট পিন্ধো তেন্তে এই দুৰ্ঘটনাবিলাক নহয়। সেয়ে ৰাইজ আহক পথ সুৰক্ষাৰ সকলো নীতি নিয়ম আৰু যান বাহন আইন মানি চলি তীব্ৰ গতিত আৰু সুৰাপান কৰি চালক আৰু আৰোহীক উভয়ে হেলমেট তথা ছীট বেল্ট পিন্ধি আমি একেলগে অসমত দুৰ্ঘটনামুক্ত পৰিৱেশ ৰচনা কৰো। শ্ৰদ্ধাৰ ৰাইজ আৰক্ষী বিভাগ আৰু পৰিবহন বিভাগক মই নিৰ্দেশ দিছো হেলমেট পিন্ধাতো নিশ্চিত কৰিব লাগিব। যিজন ব্যক্তিয়ে গাড়ী চলাব সেইজন ব্যক্তিয়ে কোনো কাৰণতে মদ্যপান কৰিব নালাগিব। আৰক্ষী আৰু পৰিবহন বিভাগে স্পীডৰ ওপৰতো নিয়ন্ত্ৰণ ৰাখিব। ৩১ ডিচেম্বৰৰ দিনটো বছৰৰ শেষ দিন। ১ জানুৱাৰীৰ দিনা কিন্তু বছৰৰ আৰম্ভণিৰ দিন। এই দুয়োটা দিনতে আমি আহক এটা দুৰ্ঘটনামুক্ত পৰিৱেশ ৰচনা কৰো। কোনো পিতৃ-মাতৃৰ যাতে বুকু খালী নহয়। কোনো আই-মাতৃৰ কপালৰ পৰা যাতে শিৰৰ সেন্দুৰ মচি নাযায়। পৰিয়ালবিলাক সুৰক্ষাৰে থাকিব, নিৰাপত্তাৰ পৰিৱেশত থাকিব। আপোনালোকৰ সহযোগিতা কামনা কৰিলো।'

আৰক্ষী কঠোৰ হৈছিল। থাৰ্টিফাষ্টৰ পূৰ্বৰে পৰা সুৰাপায়ী চালকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীয়ে অভিযান চলাইছিল। আনকি ৩১ ডিচেম্বৰৰ নিশা ৰাজপথলৈ আহি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই অভিযান তদাৰক কৰিছিল। মহানগৰীৰ কেইবাস্থানলৈ গৈ তেনে অভিযানৰ বুজ লোৱাৰ লগতে চালকসকলৰ সৈতেও কথা পাতিছিল।

ইয়াৰ ফলাফল ওলাল ১ জানুৱাৰী ২০২২ত। গুৱাহাটী মহানগৰীতে সংঘটিত নহ'ল এটাও পথ দুৰ্ঘটনা। আনবছৰৰ থাৰ্টিফাষ্টতকৈ ব্যতিক্ৰম হ'ল ২০২১ বৰ্ষৰ থাৰ্টিফাষ্ট। উল্লেখযোগ্য যে ২০২০ৰ ৩১ ডিচেম্বৰত থাৰ্টিফাষ্ট উদযাপনৰ নামত সুৰা সেৱন কৰি যান বাহন চলোৱাৰ বাবে ১০ টাকৈ পদ দুৰ্ঘটনা সংঘটিত হৈছিল গুৱাহাটীত। পাণবজাৰ আৰু আজাৰত পথ দুৰ্ঘটনাত দুজনৈ লোকৰ মৃত্যু হৈছিল।

এই দুৰ্ঘটনাত আহত হৈছিল ৫ জনকৈ লোকৰ। সেই বছৰ বছৰৰ শেষটো দিনত আৰক্ষীয়ে সুৰা সেৱন কৰাৰ বাবে মুঠ ৬৭ টা গোচৰ ৰুজু কৰিছিল। আৰু জৰিমণা বিহিছিল ৬৩ হাজাৰ টকা।

ইফালে ২০১৯ ত গুৱাহাটী মহানগৰ আৰক্ষীয়ে সুৰাপান কৰি যান-বাহন চলোৱাৰ অপৰাধত ৪১৭ টা গোচৰ ৰুজু কৰিছিল। ২০২১ বৰ্ষৰ প্ৰথম ৮ টা মাহতে গুাৱাহাটীত সংঘটিক হোৱা পথ দুৰ্ঘটনা আছিল ৪৯৮ টা। এই দুৰ্ঘটনাসমূহত মৃত্যু হৈছিল ১৪৪ জন লোকৰ। ২০১৯ বৰ্ষত দেশত পথ দুৰ্ঘটনাত মৃত্যু হৈছিল ৩.৯২ লাখ লোকৰ।

নেচনেল ক্ৰাইণ ৰেকৰ্ড ব্যুৰৰ প্ৰতিবেদনত এই কথা প্ৰকাশ পাইছে। প্ৰায়ভাগ দুৰ্ঘটনাৰে কাৰণ আছিল দ্ৰুতবেগ আৰু সুৰাপান কৰি গাড়ী চলোৱা।পথ দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰে। পথ সুৰক্ষাৰ নামত বিভিন্ন কাৰ্যসূচী হাতত লৈ কোটি কোটি টকা ব্যয় হয়।

২০২২ বৰ্ষৰ ১ জানুৱাৰীত কোনো স্থানৰ পৰাই নাহিল দুৰ্ঘটনাত মৃত্যু হোৱাৰ খবৰ। পূৰ্বৰ বছৰৰ তুলনাত দুৰ্ঘটনাবিহীন নৱবৰ্ষৰ প্ৰথমটো দিন উপহাৰ পালে ৰাজ্যবাসীয়ে। কেৱল ৰাজপথতেই নিশা অভিযান চলোৱাতে আৰক্ষীক সীমাবদ্ধ কৰি ৰখা নাছিল হিমন্ত বিশ্ব শৰ্মাই। বনভোজ খাবলৈ যোৱা দল আৰু বনভোজস্থলীতো চলৱা হৈছিল আৰক্ষীৰ অভিযান।

কথাৰ মতেই কাম। এটাও দুৰ্ঘটনা থাৰ্টিফাষ্ট বা নববৰ্ষত সংঘটিত হবলৈ নিদিও বুলি সংকল্প লোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আশানুৰূপ ফলাফলেই লাভ কৰিছিল। বছৰৰ অন্তিম বা প্ৰথম দিনটোত হিমন্ত বিশ্ব শৰ্মাই লোৱা এনে পদক্ষেপৰ বাবে এইয়া সম্ভৱ হ'ল। এনেবোৰ কাৰণেতই তেওঁ ব্যতিক্ৰম। এইবোৰ কাম কেৱল কৰিব পাৰে বা জানে হিমন্ত বিশ্ব শৰ্মাই।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in