নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান

নিৰ্যাতিত নিপীড়িত কৃষক শক্তিমান

তুষাৰ প্ৰতিম

কেন্দ্ৰৰ বিজেপি চৰকাৰে প্ৰণয়ন কৰা তিনিখন কৃষি আইন অৱশেষত বাতিল কৰিবলৈ বাধ্য হ'ল। তিনিওখন কৃষি আইনৰ বিধেয়ক উত্থাপনৰ পূৰ্বৰে পৰা দেশজুৰি কৃষকসকলে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছিল। বহুকেইটা কৃষক সংগঠনৰ নেতৃ্ত্বত সমগ্ৰ দেশত প্ৰথমে কৃষি বিধেয়ক আৰু ইয়াৰ পিছত আইনলৈ ৰূপান্তৰ হোৱা ৩ খন কৃষি আইনৰ বিৰুদ্ধে চলিছিল প্ৰতিবাদ।গণতান্ত্ৰিক মাধ্যমেৰে হোৱা এই আন্দোলনে ১৫ আগষ্টত ধাৰণ কৰিছিল ভয়ংকৰ ৰূপ।

দিল্লীৰ ৰাজপথত টেক্টৰ চলাই প্ৰতিবাদ সাব্যস্ত কৰিবলৈ যোৱা হাজাৰ হাজাৰ কৃষকক ৰোধিবলৈ দিল্লী আৰক্ষীয়ে ৰচনা কৰিছিল বেহু। আৰক্ষীৰ বেহু ভেদ কৰি প্ৰতিবাদী কৃষকৰ এটা দল প্ৰৱেশ কৰিছিল দিল্লীত। এই দলটোৰ একাংশ কৃষকে লাল কিল্লাত প্ৰৱেশ কৰি সৃষ্টি কৰিছিল উত্তপ্ত পৰিস্থিতি। লাল কিল্লাৰ এটা শৌধত  আঁৰি দিছিল বিশেষ পতাকা। ইয়াৰ পিছতে সমগ্ৰ আন্দোলনটো সোমাই পৰিছিল বিতৰ্কত।

কি আছিল এই তিনিখন কৃষি আইনঃ

কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন ২০২০

'কৃষকৰ উৎপাদন সামগ্ৰীৰ ব্যৱসায় আৰু বাণিজ্য (সংবৰ্ধন আৰু সুবিধা) আইন, ২০২০' য়ে কৃষিজাত সামগ্ৰীৰ ক্ৰয়-বিক্ৰয় প্ৰক্ৰিয়ালৈ এক ব্যাপক পৰিৱৰ্তন কঢ়িয়াই আনিছে।কৃষক বিদ্ৰোহে তীব্ৰ ৰবপ ধাৰণ কৰা পাঞ্জাব,হাৰিয়ানাৰ দৰে ৰাজ্যত কৃষিজাত পণ্যৰ ক্ৰয়-বিক্ৰয় এই এ পি এম চিৰ জৰিয়তেই হয়। এই সমিতিবোৰ সম্পূৰ্ণৰূপে চৰকাৰীভাৱে পৰিচালিত। এই বজাৰসমূহৰ পৰা ৰাজ্য চৰকাৰ সমূহে কৃষিজাত পণ্যৰ কিনা-বেচাৰ ওপৰত এক বিশেষ হাৰত কৰ সংগ্ৰহ কৰে যদিও ইয়াৰ বিনিময়ত কৃষক সকলক তেওঁলোকৰ দ্বাৰা উৎপাদিত কৃষি পণ্যৰ এক নুন্যতম সমৰ্থন মূল্যও প্ৰদান কৰে। এই নতুন আইনখনে কৃষকসকলক এই এ পি এম চি বজাৰৰ বাহিৰতো কৃষি সামগ্ৰীৰ বিক্ৰীৰ বাবে অনুমতি প্ৰদান কৰিছে আৰু এই বিক্ৰী সম্পূৰ্ণৰূপে কৰমুক্ত হ'ব বুলি ঘোষণা কৰিছে। অৱশ্যে অসমৰ দৰে ৰাজ্যত কৃষিজাত পণ্যৰ বজাৰ সমিতি(ইংৰাজীত চমুকৈ এ পি এম চি)ৰ ধাৰণাটো প্ৰায়ে অপৰিচিত।

বিৰোধিতাৰ কাৰণঃ এই আইনৰ ফলত ৰাজ্যই ৰাজহ হেৰুৱাব। কিয়নো কৃষকসকলে যদি এ পি এম চি বজাৰৰ বাহিৰত শস্য বিক্ৰী কৰে তেন্তে তেওঁলোকে 'বজাৰ মাচুল' ল'ব নোৱাৰিব। ইয়াৰোপৰি যদি কৃষি ব্যৱসায় বজাৰৰ পৰা বাহিৰ লৈ যায় তেন্তে 'কমিছন এজেণ্ট'ৰ কি হ'ব?

এই আইনৰ জৰিয়তে শস্য ক্ৰয় এম এচ পিৰ জৰিয়তে ক্ৰয় ক্ৰমান্বয়ে বন্ধ কৰা হ'ব। বজাৰৰ ব্যৱসায় বন্ধ হোৱাৰ পিছত বজাৰ গাঁথনিৰ দৰে নিৰ্মিত ই-নামৰ দৰে ইলেক্ট্ৰনিক বাণিজ্য প্ৰণালীৰ সমাপ্তি কি হ'ব?

কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০

কৃষকৰ (কতৃৰ্ত্বৱান আৰু সুৰক্ষা) মূল্য নিশ্চিতকৰণ চুক্তি আৰু কৃষি সেৱা আইন, ২০২০ য়ে চুক্তিবদ্ধ কৃষিকৰ্ম আৰু কৃষিজাত পণ্যৰ প্ৰত্যক্ষ বিক্ৰীৰ সুবিধা আগবঢ়াইছে। ই কৃষিক্ষেত্ৰত বৃহৎ পুঁজিপতিৰ বিনিয়োগৰ বাট মুকলি কৰিছে। এই আইনত কৃষিজাত পণ্যৰ ক্ৰয়-বিক্ৰয়ৰ বাবে ব্যৱসায়িক চুক্তিৰ কথা উল্লেখ কৰিছে। এই প্ৰক্ৰিয়াত যাতে কৃষকসকল কৃষি-বাণিজ্যৰ লগত জড়িত ব্যৱসায়ীৰ পৰা সুৰক্ষিত হয় তাৰ ব্যৱস্থা কৰাৰ কথাও কৈছে। মূল্য নিৰ্ধাৰণৰ ক্ষেত্ৰতো যাতে কৃষকসকল সুৰক্ষিত হয় তাৰো ব্যৱস্থা কৰাৰ কথা কৈছে। এই আইনত কৃষকক নূন্যতম সমৰ্থন মূল্য প্ৰদান কৰিব নে নকৰে তাৰ কোনো স্পষ্ট উল্লেখ নাই।

বিৰোধিতাৰ কাৰণঃ এই আইনৰ ফলত ঠিকা খেতিৰ সময়ত, কৃষকে পৃষ্ঠপোষকৰ সৈতে ক্ৰয়ৰ বিষয়ে আলোচনা কৰাত দুৰ্বল হ'ব। ক্ষুদ্ৰ কৃষকৰ ভিৰৰ বাবে, পৃষ্ঠপোষকে তেওঁলোকৰ সৈতে মোকাবিলা কৰিব নিবিচাৰিব পাৰে। যিকোনো বিবাদৰ ক্ষেত্ৰত, ব্যক্তিগত কোম্পানী, ৰপ্তানিকৰ্তা, পাইকাৰী বিক্ৰেতা বা প্ৰচেছৰ যিয়ে পৃষ্ঠপোষকতা কৰিব তেওঁলোকে অধিক সুযোগ সুবিধা লাভ কৰিব।

অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন ২০২০

অত্যাৱশ্যকীয় সামগ্ৰী (সংশোধন) আইন ২০২০ ৰ জৰিয়তে আলু, পিয়াঁজ, দাইল, খোৱা তেল আদি সামগ্ৰীসমূহক অত্যাৱশ্যকীয় সামগ্ৰীৰ তালিকাৰ পৰা কৰ্তন কৰিছে। আৰু এইসমূহ পণ্যৰ উৎপাদন, মজুতকৰণ, বিতৰণ আৰু বিক্ৰীৰ ক্ষেত্ৰত থকা সকলো চৰকাৰী নিয়ন্ত্ৰণ পৰিহাৰ কৰিছে। এইবোৰ খাদ্যসামগ্ৰী অস্বাভাৱিক পৰিস্থিতি যেনে– যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ভয়ানক ৰূপৰ প্ৰাকৃতিক দুৰ্যোগৰ সময়ত কেন্দ্ৰীয় চৰকাৰে চৰকাৰী ৰাজপত্ৰত অধিসূচনা জাৰি কৰি নিয়ন্ত্ৰণ কৰিব পাৰিব বুলি উল্লেখ কৰিছে৷বিধেয়কখনে বিপণন আৰু পৰিবহনৰ ওপৰত ব্যয় হ্ৰাস কৰাৰ আহ্বান জনাইছে যাতে কৃষকসকলে ভাল মূল্য পায়। ই ইলেক্ট্ৰনিক বাণিজ্যৰ বাবে এটা সুবিধাজনক পৰিকাঠামো প্ৰদান কৰাৰ বাবেও আহ্বান জনাইছে।

বিৰোধিতাৰ কাৰণঃ যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ভয়ানক ৰূপৰ প্ৰাকৃতিক দুৰ্যোগৰ দৰে অসাধাৰণ পৰিস্থিতিত  মূল্যৰ যথেষ্ট বৃদ্ধি হ'ব যাক পিছত নিয়ন্ত্ৰণ কৰা কঠিন হ'ব।ডাঙৰ কোম্পানীবোৰৰ অধিক শস্য সংৰক্ষণ কৰাৰ ক্ষমতা থাকিব। ইয়াৰ অৰ্থ হৈছে যে যুদ্ধ, দুৰ্ভিক্ষ, অস্বাভাৱিক মূল্যবৃদ্ধি আৰু ভয়ানক ৰূপৰ প্ৰাকৃতিক দুৰ্যোগৰ দৰে অস্বাভাৱিক পৰিস্থিতিত কোম্পানীবোৰে কৃষকসকলক মূল্য নিৰ্ধাৰণ কৰিবলৈ বাধ্য কৰিব।

আৰু আছে বিৰোধিতাৰ কাৰণঃ

কৃষক সংগঠনসমূহে অভিযোগ কৰিছে যে নতুন আইন তিনিখনে কৃষি খণ্ডকো পুঁজিপতি বা কৰ্পোৰেট হাউচৰ হাতত গতাই দিব আৰু ইয়াৰ ফলত কৃষকসকলৰ ক্ষতি হব। কৃষি বিশেষজ্ঞ দেৱেন্দ্ৰ শৰ্মাৰ মতে, কৃষকসকলৰ উদ্বেগ ন্যায়সঙ্গত। তেওঁ বিবিচিৰ সৈতে হোৱা এই সাক্ষাতকাৰত কৈছে যে, "যদি কৃষকসকলে বজাৰত ভাল মূল্য লাভ কৰি আছে, তেন্তে তেওঁলোকে কিয় ইয়াৰ বাহিৰলৈ যাব"। তেওঁ কয়, কৃষকসকলে এমএছপি নোপোৱা সামগ্ৰীবোৰ কম দামত বিক্ৰী কৰিবলৈ বাধ্য হয়।

পঞ্জাৱত উৎপাদিত ঘেঁহু আৰু চাউলৰ সৰ্বাধিক অংশ এফ চি আইয়ে ক্ৰয় কৰে। ২০১৯-২০২০ বৰ্ষত ৰবি বিপণন ঋতুত, পঞ্জাৱে কেন্দ্ৰই ক্ৰয় কৰা প্ৰায় ৩.৪১ লাখ মেট্ৰিক টন ঘেঁহুৰ ভিতৰত ১.৩০ লাখ মেট্ৰিক টন ঘেঁহু যোগান ধৰিছিল।

প্ৰতিবাদকাৰীসকলে আশংকা কৰে যে নতুন কৃষি আইনৰ ফলত এফ চি আইয়ে আৰু ৰাজ্যিক বজাৰৰ পৰা ক্ৰয় কৰিব নোৱাৰিব। যাৰ ফলত এজেণ্ট আৰু এজেণ্টসকলৰ বাবে প্ৰায় ২.৫ শতাংশ কমিছন লোকচান হ'ব। একে সময়তে, ৰাজ্যখনে ইয়াৰ কমিছনৰ ৬ শতাংশ হেৰুৱাব। এনে পৰিস্থিতিৰ ফলত ভৱিষ্যতে কৃষকে বৰ্তমানে লাভ কৰি থকা  বজাৰ অদূৰ ভৱিষ্যতে শেষ হৈ যাব।

প্ৰতিবাদকাৰীসকলে বিশ্বাস কৰে যে কৃষকসকলক মুকলি বজাৰত তেওঁলোকৰ উৎপাদিত সামগ্ৰী বিক্ৰী কৰিবলৈ অনুমতি দিয়া আইনখন প্ৰায় ২ নিযুত কৃষকৰ বাবে  বিশেষকৈ জাটসকলৰ বাবে এক আঘাত।প্ৰায় ৩ নিযুত ভূমিহীন কৃষকৰ বাবেও এই আইন বিপদজনক।  

সংশোধিত কৃষি আইনৰ বাবে চৰকাৰৰ সংগ ত্যাগ কৰিছিল মিত্ৰ দলেওঃ

তিনি কৃষি আইনৰ বাবেই বিজেপি দলৰ সৈতে থকা মিত্ৰতা ত্যাগ কৰিছিল মিত্ৰ দলে। পঞ্জাৱৰ শিৰোমণি অকালি দলে বিজেপিৰ সংগ ত্যাগ কৰৰা লগতে কেন্দ্ৰীয় মন্ত্ৰী সভাত মন্ত্ৰী হিচাপে থকা দলটোৰ নেত্ৰী হৰচিমৰ্ত কৌৰ বাদলে মোডী মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰিছিল।ইয়াৰ পিছতে দলটোৱে মোডী চৰকাৰৰ বিৰুদ্ধে কঠোৰ হৈ পৰিছিল।

কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰাৰ পিছত হৰচিম্ৰত কৌৰ বাদলে টুইট কৰি কৈছিল, "মই কৃষক বিৰোধী অধ্যাদেশ আৰু বিধেয়কৰ বিৰুদ্ধে কেন্দ্ৰীয় মন্ত্ৰী পদৰ পৰা পদত্যাগ কৰিছো। কৃষকসকলৰ জীয়ৰী আৰু ভগ্নী হিচাপে তেওঁলোকৰ সৈতে থিয় হৈ গৌৰৱান্বিত।"

অকালি দলৰ মুৰব্বী সুখবীৰ সিং বাদলে কৈছিল যে এই কৃষি আইনৰ অধ্যাদেশসমূহৰ বিষয়ে তেওঁৰ দলৰ সৈতে যোগাযোগ কৰা হোৱা নাছিল, আনহাতে হৰচিম্ৰত কৌৰে ইয়াত আপত্তি জনাইছিল আৰু কৈছিল যে 'পঞ্জাৱ আৰু হাৰিয়ানাৰ কৃষকসকল এই কৃষি আইনক লৈ সুখী নহয়।'

চৰকাৰৰ মন্তব্য কি আছিল

তিনি কৃষি আইন গৃহীত হোৱাৰ পিছতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ইয়াক "স্বাধীনতাৰ পিছত খেতিয়কসকলক কৃষিক্ষেত্ৰত এক নতুন স্বাধীনতা প্ৰদান কৰা" আইন বুলি অভিহিত কৰিছিল। তেওঁ বহুকেইবাৰ চৰকাৰৰ স্থিতি স্পষ্ট কৰি কৈছিল যে, ৰাজনৈতিক দলসমূহে এই আইনসমূহৰ বিষয়ে অপপ্ৰচাৰ চলাই আছে। কৃষকসকলে এমএছপিৰ সুবিধা নোপোৱাটো ভুল।

বিহাৰ নিৰ্বাচনৰ সময়ত প্ৰধানমন্ত্ৰী মোডীয়ে কৈছিল, "যিসকলে কেইবা দশক ধৰি দেশ শাসন কৰি আহিছে, শাসন কৰি আহিছে তেওঁলোকে কৃষকসকলক বিপথে পৰিচালিত কৰিছে, কৃষকসকলক মিছাকৈ বুজাইছে।" তেওঁ কৈছিল যে এই আইনৰ ফলত কৃষকৰ উপাৰ্জনৰ এক বৃহৎ অংশ খোৱা মধ্যভূগীৰ ব্যৱস্থা এই আইনৰ জৰিয়তে নোহোৱা হ'ব। ইয়াৰোপৰি কেন্দ্ৰীয় চৰকাৰৰ সকলো মন্ত্ৰীয়েই এই আইনসমূহৰ প্ৰশংসা কৰি আহিছে।

দেশবাসীক ক্ষমা বিচাৰি আইন প্ৰত্যাহাৰ কৰিলে মোডীয়েঃ

শুকুৰবাৰে পুৱা প্ৰধানমন্ত্ৰী মোডীয়ে দেশবাশীক সম্বোধন কৰি গুৰু নানাকৰ জন্ম জয়ন্তী উপলক্ষে সকলোকে শুভেচ্ছা জনাই। ইয়াৰ পিছতে তেওঁ কয় যে, " মই দেশবাসীৰ ওচৰত আন্তৰিকতাৰে আৰু বিশুদ্ধ হৃদয়েৰে ক্ষমা বিচাৰিব বিচাৰো হয়তো আমাৰ তপস্যাত অভাৱ হ'ব পাৰে যাৰ বাবে মই দেশৰ কিছুমান কৃষকক বুজিব পৰা নাছিলো। মই আন্দোলনকাৰী কৃষকসকলক ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছো আৰু তিনিও কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ কৰাৰ কথা ঘোষণা কৰিছো। সংসদৰ অধিৱেশন এই মাহৰ শেষৰ ফালে আৰম্ভ হ'ব য'ত এই আইনকেইখন প্ৰত্যাহাৰ কৰা হ'ব।

তেওঁ পুনৰ কয় যে, দেশৰ প্ৰতি ১০০ জন কৃষকৰ ভিতৰত, ৮০ জন ক্ষুদ্ৰ কৃষক। তেওঁলোকৰ ২ হেক্টৰতকৈও কম মাটি আছে।এনে কৃষকৰ সংখ্যা ১০ কোটিতকৈও অধিক। আমি কৃষক কল্যাণক সৰ্বাধিক অগ্ৰাধিকাৰ দিছিলো। আমাৰ চৰকাৰে শস্য বীমা আঁচনিকাৰ্যকৰী কৰি তুলিছে। ২২ কোটি কৃষকক মাটিৰ স্বাস্থ্য কাৰ্ড জাৰী কৰা হৈছে। চৰকাৰে ক্ষুদ্ৰ কৃষকসকলক শক্তি প্ৰদান কৰিবলৈ সকলো প্ৰচেষ্টা চলাই আছে।

কিদৰে কৃষকে কৰিছিল এই তিনি আইনৰ বিৰুদ্ধে প্ৰতিবাদ

সংশোধিত ৩ খন কৃষি আইনৰ বিৰুদ্ধে দেশজুৰি কৃষকসকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। ৰাকেশ টিকাইতকে ধৰি বহু কেইগৰাকী কৃষক নেতাৰ নেতৃ্ত্বত লাখ লাখ কৃষকে প্ৰতিবাদ সাব্যস্ত কৰিছিল। যেতিয়ালৈকে ৩ খন কৃষি আইন বাতিল নহয় তেতিয়ালৈকে ঘৰলৈ ঘূৰি নাযাও বুলি উল্লেখ কৰা কৃষকসকলে দিল্লী সীমান্ততে প্ৰতিবাদ সাব্যস্ত কৰি অৱস্থান কৰি আছিল।

ধাৰাবাহিক প্ৰতিবাদৰ মাজতে ১৫ আগষ্টত দিল্লীত সংঘটিত হোৱা হিংসাত্মক ঘটনাৰ পিছতে এই কৃষি আন্দোলনৰ তীব্ৰতাত কিছু স্থবিৰতা আহিছিল যদিও কৃষকসকলে বিভিন্ন ৰাজ্যত গৈ আয়োজন কৰিবলৈ ললে কৃষক মহা পঞ্চায়ত। এই পঞ্চায়তৰ জৰিয়তে কৃষকসকলে বিজেপিৰ বিৰোধিতা কৰাৰ লগতে আগন্তুক নিৰ্বাচনত বিজেপি দলক পৰাস্ত কৰাৰ বাবে চেষ্টা চলোৱাৰ কথা প্ৰকাশকৰে। সেই অনুসৰি কৃষকসকলে বিজেপি তথা চৰকাৰৰ বিৰুদ্ধে ৰণকৌশল প্ৰস্তুত কৰে।

বিগত এবছৰ ধৰি কৃষকসকলে কৰি অহা এই আন্দলোনৰ বাবে কৃষকৰ ওপৰত আৰক্ষী তথা প্ৰশাসনৰ সুৰক্ষা কৰ্মীয়ে চলালে বিভিন্ন ধৰণৰ অত্যাচাৰ। আন্দোলনৰ ফলত  আৰক্ষীৰ গুলীৰ লগতে বিভিন্ন কাৰণত মৃত্যু হ'ল ৭০০ ৰো অধিক কৃষকৰ। দিল্লী সীমান্তত ৰাজপথত কৃষকক ৰোধিবলৈ আৰক্ষীয়ে ল'লে অমানৱীয় পন্থা।

ইফালে  উত্তৰ প্ৰদেশ, ,মধ্যপ্ৰদেশ, ৰাজস্থান আদিকে কৰি বিভিন্ন ৰাজ্যতো প্ৰতিবাদ কৃষকৰ ওপৰত চলিলি ধাৰাবাহিকভাৱে অত্যাচাৰ। গণতান্ত্ৰিক পদ্ধতিৰে আন্দোলন কৰা কৃষকক প্ৰশাসনৰ লগতে বিজেপিৰ আশীৰ্বাদপুষ্ট নেতা, পালিনেতায়ো চলালে আক্ৰমণ। বিজেপি নেতাৰ পুত্ৰই গাড়ীৰে খুন্দিয়াইও শান্তিৰে প্ৰতিবাদ সাব্যস্ত কৰা কৃষকক  হত্যা কৰিলে।  

ক্ষমা খুজিলেই শেষ নে?

প্ৰধানমন্ত্ৰী মোডীয়ে শুকুৰবাৰে পুৱা দেশবাসীক সম্বোধন কৰি প্ৰত্যাহাৰ কৰিলে কৃষি আইন। তেওঁ দেশবাসীক সম্বোধন কৰি কলে,মই দেশবাসীৰ ওচৰত আন্তৰিকতাৰে আৰু বিশুদ্ধ হৃদয়েৰে ক্ষমা বিচাৰিব বিচাৰো হয়তো আমাৰ তপস্যাত অভাৱ হ'ব পাৰে যাৰ বাবে মই দেশৰ কিছুমান কৃষকক বুজিব পৰা নাছিলো। মই আন্দোলনকাৰী কৃষকসকলক ঘৰলৈ উভতি যাবলৈ অনুৰোধ কৰিছো আৰু তিনিও কৃষি আইন প্ৰত্যাহাৰ কৰিবলৈ কৰাৰ কথা ঘোষণা কৰিছো।

এতিয়া প্ৰশ্ন হয়,দেশৰ লাখ লাখ কৃষকে তিনি কৃষি আইন প্ৰত্যাহাৰৰ বাবে কৰি অহা ৰাজপথৰ সংগ্ৰামক ইমান দিনে কিয় গুৰুত্বহীন কৰি অহা হৈছিল? কৃষকে কেন্দ্ৰীয় চৰকাৰৰ সৈতে কেইবালানী  আলোচনা কৰিছিল। প্ৰথমৰে পৰা  কৃষি আইন প্ৰত্যাহাৰৰ বাবে দাবী কৰা থকা কৃষকে এবাৰো তেওঁলোকৰ দাবীৰ পৰা আতৰি অহা নাছিল। আৰু কেন্দ্ৰীয়  চৰকাৰক স্পষ্টকৈ এই বিষয়ে জনাইদিছিল। ইয়াৰ পিছতো কৃষকৰ দাবী মানি নলৈ কেন্দ্ৰীয় চৰকাৰে সংশোধিত কৃষি বিলক কৃষি আইনলৈ পৰিণত কৰিছিল।

এই আইনৰ বিৰোধিতাৰে প্ৰতিবাদ সাব্যস্ত কৰি ৭০০ ৰো অধিক কৃষকে মৃত্যুক সাৱটি লবলগীয়া হ'ল। এই মৃত কৃষকসকলৰ আত্মাই কৃষি আইন বাতিল কৰাৰ লগে  লগে সকিছু ন্যায় পালে যদিও তেওলোকৰ মৃত্যুৰ বাবে এতিয়া দোষী কোন হব? কোনে দায়িত্ব লব মৃত কৃষকসকলৰ দায়িত্ব? মৃত কৃষকসকলৰ পৰিয়ালে পাব নে ন্যায়? এই প্ৰশ্নৰ উত্তৰ হয়তো কাৰো হাতত নাই।

কৃষক আন্দোলনৰ মূল ৫ নেতৃত্ব

কৃষক আন্দোলন যিসকল  নেতাৰ বাবে সফল হৈ উঠিল সেই নেতাসকলৰ  ভিতৰত অন্যতম ৬০ বছৰীয়া গুৰনাম সিং চাধুনি। তেওঁ  ভাৰতীয় কিষাণ ইউনিয়ন হাৰিয়ানাৰ সভাপতি। ২০২০ চনৰ ১০ ছেপ্টেম্বৰত হাৰিয়ানাৰ পিপলিত কৃষকসকলক লাঠীচালনা কৰা হৈছিল। সেই সময়ত এইগৰাকী কৃষক নেতাৰ নেতৃত্বত কৃষকসকলে আন্দোলনটো দুৰ্বল হ'বলৈ নিদিবলৈ শপত লৈছিল। এওঁৰ নেতৃত্বতে হাৰিয়ানাত আন্দোলন আৰম্ভ হৈছিল।

কৃষক আন্দোলনটোক নেতৃত্ব প্ৰদান কৰা আন এজন নেতা আছিল দৰ্শন পাল। তেওঁ এজনচিকিৎসক। এম.বি.বি.এছ.এম.ডি. ডিগ্ৰী গ্ৰহণ কৰিছে তেওঁ। প্ৰায় ২০ বছৰ আগতে চাকৰি এৰি তেতিয়াৰ পৰা কৃষকসকলৰ হকে মাত মাতি আহিছে। কৃষক সংগঠনসমূহৰ মাজত সমন্বয় গঢ়ি তোলাত ড০ দৰ্শন পালে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁল কৃষক নেতৃত্বৰ সন্মুখত আছিল যিয়ে কৃষকসকলৰ কথাবোৰ আঞ্চলিক ভাষাৰ লগতে ইংৰাজীতো দৃঢ়ভাৱে প্ৰকাশ কৰিছিল। ড০ দৰ্শন পাল বিপ্লৱী কিষাণ ইউনিয়নৰ সৈতে জড়িত।

আন এজন নেতা হৈছে বলবীৰ সিং ৰাজেৱাল। তেওঁ কিষাণ আন্দোলনৰ এনে এজন নেতা যাক গৃহমন্ত্ৰী অমিত শ্বাহে পোনপটীয়াকৈ মাতিছিল। ৭৭ বছৰীয়া বলবীৰ ভাৰতীয় কিষাণ ইউনিয়নৰ অন্যতম প্ৰতিষ্ঠাপক সদস্য। বলবীৰে কৃষকসকলক আদৰ্শ দিয়াত আৰু এই আন্দোলনত চৰকাৰৰ সৈতে নূন্যতম আলোচনাৰ চৰ্তাৱলী নিৰ্ধাৰণ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। তেওঁ বৰ্তমান বি কে ইউ ৰাজেৱালৰ সভাপতিও।

ভাৰতীয় কিষাণ ইউনিয়ন হৈছে পঞ্জাৱৰ অন্যতম শক্তিশালী আৰু বৃহৎ কৃষক সংগঠন। এই সংগঠনটোৰ সভাপতি যোগিন্দৰ সিং। এইগৰাকী নেতাও কৃষক আন্দোলনৰ এগৰাকী শক্তিশালী নেতা। তেওঁ এজন অৱসৰপ্ৰাপ্ত সৈনিক। তেওঁলোকৰ প্ৰভাৱৰ বাবেই কিষাণ ইউনিয়ন সংগঠনটো ক্ৰমান্বয়ে জনপ্ৰিয় হৈ পৰিছিল। মহিলা কৃষকসকলেও সংগঠনটোত যোগদান কৰিবলৈ আৰম্ভ কৰিছিল। বহুসংখ্যক কৃষক আছে যিয়ে যোগিন্দৰৰ নেতৃত্বত কৃষক বিদ্ৰোহলৈ আহিছে।

ভাৰতীয় কিষাণ ইউনিয়নৰ পিছত পঞ্জাৱত আটাইতকৈ শক্তিশালী দখল থকা কৃষক সংগঠনটো হৈছে ভাৰতীয় কিষাণ ইউনিয়ন (ডাকোণ্ডা)। জগমোহন সিং এই সংগঠনৰ নেতা। ১৯৮৪ চনত শিখ বিৰোধী সংঘৰ্ষৰ পিছতহে জগমোহন সিং সামাজিক কামত সম্পূৰ্ণৰূপে সমৰ্পিত হৈ পৰিছিল। তেওঁ কৃষক আন্দোলনত নতুন সংগঠনক অন্তৰ্ভুক্ত কৰা আৰু ৩০ টাতকৈও অধিক কৃষক সংগঠনক একত্ৰিত কৰি ৰখাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।

পঞ্জাৱ, হাৰিয়ানাৰ পৰা কৃষক আন্দোলনক সমগ্ৰ দেশলৈ লৈ যোৱা নেতাজন

প্ৰথমে কৃষ আন্দোলনকে কেৱল পঞ্জাৱ আৰু হাৰিয়ানাৰ বাবে এক সীমিত আন্দোলন বুলি কোৱা হৈছিল।  কিন্তু ৰাকেশ টিকাইটে এই ধাৰণাক আঁতৰাই পেলাইছিল। তেওঁ উত্তৰ প্ৰদেশৰ শ শ কৃষকৰ সৈতে আন্দোলনত যোগদান কৰিছিল। তেওঁ ভাৰতীয় কিষাণ ইউনিয়নৰ ৰাষ্ট্ৰীয় মুখপাত্ৰ। তেওঁ এই আন্দোলনৰ সন্মুখত থকা নেতাসকলৰ ভিতৰত শীৰ্ষত আছে। এইগাৰকী নেতাই  আন্দোলনটোক এটা গতি দিবলৈ সক্ষম হৈছিল। তেওঁ গোটেই আন্দোলনৰ সময়ছোৱাত সন্মুখত থাকি নেতৃত্ব প্ৰদান কৰিছিল আৰু সকলো সমালোচনাৰ উত্তৰ প্ৰদান কৰিছিল। ৰাকেশ টিকাইত এনে এগৰাকী নেতা হৈ পৰিলে  যে কৃষক আন্দোলনটোৰ প্ৰসংগ উত্থাপন হলেই প্ৰথমে আহে  তেওঁৰ নাম।

আনহাতে এইসকল নেতাৰ উপৰিও বিশষ্ট বুদ্ধিজীৱি যোগেন্দ্ৰ যাদৱ, দিশা ৰবি, নবদীপ, সুৰজীত কৌৰ আদিয়েও এই কৃষক বিদ্ৰোহক এক  গতিশীলতা প্ৰদান কৰাত যথেষ্ট আগভাগ লৈছিল।

আইন বাতিল কৰাৰ প্ৰসংগত কি কলে কৃষক নেতাই

ৰাকেশ টিকাইট

কৃষক আন্দোলনৰ নেতৃত্ব প্ৰদান কৰা ৰাকেশ টিকাইটে কয় যে এবছৰৰ পিছত চৰকাৰে 'কৃষক' শব্দটো বুজি পাইছে। আমি ইয়াক আমাৰ বিজয় হিচাপে গণ্য কৰিছো। চৰকাৰৰ সৈতে আলোচনাৰ পথ মুকলি হৈছে। যেতিয়া চৰকাৰে সংসদলৈ আইন এখন লৈ যায়, তেতিয়া তাত কি কি থাকিব সেইয়া অতি গুৰুত্বপূৰ্ণ। এম এছ পি আমাৰ সমস্যা। চৰকাৰে এম এছ পি গেৰাণ্টি আইন আনিছিল। যদি সকলো সমস্যা সমাধান নহয় তেনে আন্দোলন অব্যাহত থাকিব।

এম এচ পি আইন কাৰ্যকৰী কৰিবলৈ এখন সমিতি গঠন কৰা উচিত। চৰকাৰে কেৱল দিয়া প্ৰতিশ্ৰুতি দিলেই নহ'ব। ইয়াক কাৰ্যকৰী কৰিব লাগিব। কৃষকসকলেও এতিয়া অত্যাধিক আনন্দিত হ'ব নালাগে। তেওঁলোকে চৰকাৰৰ এই পদক্ষেপত সন্তুষ্ট হৈ পৰা উচিত নহয়। যেতিয়ালৈকে আমি এম.এছ.পি. গেৰাণ্টিৰ আইন পত্ৰ নাপাওঁ আমি আন্দোলন প্ৰত্যাহাৰ কৰিব নালাগে।

যোগেন্দ্ৰ যাদৱ

কৃষক আন্দোলনৰ সৈতে জড়িত অন্যতম নেতা যোগেন্দ্ৰ যাদৱে কৈছে "টিভিত মোডী চাহবৰ যি বক্তব্য দিলে তাক বিলম্বিত মেৰামতি বুলি ক'ব পাৰি। আমি আজি বহুত সুখী। কৃষকসকলৰ সংগ্ৰাম জয়ী হৈছে। চৰকাৰ জনসাধাৰণৰ দ্বাৰা গঠিত, জনসাধাৰণতকৈ ডাঙৰ কোনো নাই, সেয়েহে চৰকাৰে কোনোবা নহয় কোনোবা সময়ত জনসাধাৰণক নমস্কাৰ কৰিবই লাগিব।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in