২০ ছেপ্টেম্বৰ : লাষ্ট ডেট

২০ ছেপ্টেম্বৰ : লাষ্ট ডেট

মৃদুল কুমাৰ সন্দিকৈ

২০ ছেপ্টেম্বৰ ২০২০ । এইটো শেষ দিন । চৰম সীমা । তাৰ পিছত কি হ'ব ? এইদৰে চৰম সীমা দিয়াৰ পিছত সকলোৰে দৃষ্টি সেই দিনটোত নিৱদ্ধ হৈছে । হয়তো আৰু এটা আঞ্চলিক দলে অসমত ভুমুকি মাৰিব।কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে একেখন পতাকাৰ তলত সমবেত হৈ একেলগে এটা আঞ্চলিক ৰাজনৈতিক দল গঠনৰ বাবে আছু-এজেৱাইচিপি আহ্বান জনাইছিল যদিও সেই আহ্বানলৈ বিশেষ সহাৰি নজনালে সংগঠন দুটাই ।

তাৰ পিছতেই কৃষক মুক্তিয়ে সংবাদমেল অনুষ্ঠিত কৰি ২০ ছেপ্টেম্বৰলৈকে বাট চাব বুলি ঘোষণা কৰে । ইতিমধ্যে কৃষক মুক্তিয়ে এই কথা বুজি পাইছে যে তেওঁলোকৰ দাবীৰ প্ৰতি আছুৱে সঁহাৰি নিদিব । সেয়েহে কৃষক মুক্তিয়ে ভিতৰি ভিতৰি তৎপৰতা আৰম্ভ কৰিছে । ৰাজ্যৰ কেইবাজনো ব্যক্তিক সাক্ষাৎ কৰি ৰাজনৈতিক দল গঠনৰ সন্দৰ্ভত পৰামৰ্শ গ্ৰহণ কৰিছে সংগঠনটোৱে ।

কৃষক মুক্তিয়ে এটা আঞ্চলিক দল গঠনৰ সমীকৰণত ৭০ সংগঠনৰ সৈতে আছু-এজেৱাইচিপিৰ নেতৃত্বলৈ যি পত্ৰ প্ৰেৰণ কৰিছিল সেই পত্ৰত উল্লেখ কৰিছিল যে, ৭০ সংগঠনৰ নেতৃত্ব বহি এই প্ৰস্তাব গ্ৰহণ কৰা হৈছে । একেলগে ৰাজনৈতিক দল গঠন নকৰা সন্দৰ্ভত আছু নেতা লুৰীন জ্যোতি গগৈয়ে কৰা এক মন্তব্য তাৎপৰ্যপূৰ্ণ ।

লুৰীন জ্যোতি গগৈৰ মতে বহু ক্ষেত্ৰত গণতান্ত্ৰিক নহয় কৃষক মুক্তিৰ নেতা অখিল গগৈ । বাৰে বাৰে কৃষক মুক্তিৰ নেতৃত্বই ৭০ সংগঠনৰ কথা কয় যদিও আছু-এজেৱাইছিপিয়ে তেওঁলোকৰ পত্ৰৰ উত্তৰ নিদিয়া পিছত নিজাববীয়াকৈ চৰম সীমা বান্ধি দিয়াত ৭০ সংগঠনৰ কিছু নেতৃত্বই প্ৰশ্ন উত্থাপন কৰিছে । এনে সিদ্ধান্ত গ্ৰহণ কৰি ৰাজহুৱা কৰাৰ পূৰ্বে ৭০ সংগঠনৰ সৈতে কিয় কথা পতা নহ'ল ।

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সভাপতি ভাস্কো ডি শইকীয়াক সোধা হৈছিল এই প্ৰশ্ন । তেওঁৰ মতে এই সিদ্ধান্ত ৭০ সংগঠনৰ সৈতে মিলি লোৱা হ'ব । কোনো কোনো দল-সংগঠন এই নতুন আঞ্চলিক দলটোত নাথাকিবও পাৰে । ২০ ছেপ্তেম্বৰৰ পিছত তেনে প্ৰস্তাব তেওঁলোকে গ্ৰহণ কৰিব বুলিও জনালে ।

এজেপিৰ পিছত আন এটা ৰাজনৈতিক দলৰ জন্ম হ'ব ৰাজ্যত । মন কৰিব লগা যে এই আঞ্চলিক দলটোৰো মূল ভেটি হ'ব জাতীয়তাবাদ আৰু আঞ্চলিক ৰাজনীতিৰে সম্প্ৰদায়িক শক্তিক বিৰোধ কৰা । কা বিৰোধী ভোটাৰেই লক্ষ্য হ'ব এই দলটোৰ । তেনেস্থলত এই আঞ্চলিক শক্তিয়ে লাভ কৰিব লগীয়া ভোট চাৰি ভাগত বিভক্ত হ'ব।

এজেপি,কংগ্ৰেছ,এআইইউডিএফ,কৃষক মুক্তি ৰাজনৈতিক দলৰ মাজত এই ভোট বিভাজন হ'লে বিজেপিৰেই সুবিধা হ'ব । ২০১৬ চনৰ বিধান সভা নিৰ্বাচনত বিজেপিয়ে ৮৯ খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি ৬০ খন আসন লাভ কৰিছে ।দলটোৱে মুঠ ভোটদানৰ ২৯.০৫ শতাংশ ভোট লাব কৰিবলৈ সক্ষম হৈছিল ।

এই নিৰ্বাচনত অগপই ৮.০১ শতাংশ,বিপিএফে ৩.০৯ শতাংশ,কংগ্ৰেছে ৩১ শতাংশ আৰু এআইইউডিএফে ১৩ শতাংশ ভোট লাভ কৰিছিল । সেই হিচাপত বিজেপি অগপ আৰু বিফিএফৰ মিত্ৰজোঁটে লাভ কৰা মুঠ ভোটৰ শতাংশ হব ৪১.০৪ শতাংশ । ইফালে কংগ্ৰেছ আৰু এআইইউডিএফে যদি লগ হয় তেওঁলোকৰ মুঠ ভোটৰ শতাংশ হব ৪৪ ।

এইবোৰ প্ৰেক্ষাপটো বিশ্লেষণ কৰিবলগীয়া । অসম গণ পৰিষদৰ কিছু ভোট আঞ্চলিক দল বোৰে কাঢ়ি আনিব । যদি সেয়াই হয় কংগ্ৰেছ এআইইউডিএফৰ বাবে আশীৰ্বাদ আৰু বিজেপিৰ বাবে এই আঞ্চলিক শক্তি উত্থান সামগ্ৰিক ভাবে চিন্তাৰ কাৰণ হ'ব ।

ইয়াৰ পৰা আঞ্চলিক শক্তি কোনো লাভবান নহব । সেয়ে দুয়ো পক্ষৰ বুজা পৰাৰ মাজত এক ৰাজনৈতিক আঞ্চলিক শক্তি গঠনৰ পৰিগাঠামো সৃষ্টি কৰিব নোৱাৰিলে এই উদ্যোগে জাতি আৰু জাতীয়তাবাদক ক্ষতি কৰিব । আছু,কৃষক মুক্তি বা এজেৱাইচিপিৰ ৰাজনৈতিক দল গঠনৰ প্ৰক্ৰিয়াত যদি সচাই জাতিৰ স্বাৰ্থ লুকাই আছে তেনেহ'লে দল গঠনৰ প্ৰতিযোগিতাত নমাতকৈ আঞ্চলিক শক্তিক কিদৰে সংগঠিত কৰিব পাৰি সেই দিশটোহে এতিয়া গুৰুত্ব দিয়া প্ৰয়োজন ।

আছুৱে কোৱাৰ দৰে ৰাজনৈতিক দল গঠনৰ পিছত এই আঞ্চলিক শক্তিৰ সৈতে আন দল সংগঠনে সহযোগ কৰিব পাৰে । নতুবা কৃষক মুক্তিয়ে নতুন আঞ্চলিক দল গঠনেৰে এজেপিৰ সৈতে এক ৰাজনৈতিক মিত্ৰজোঁট স্থাপনৰ বিকল্প আছে । যদি কোনোবাই কাৰোবাৰ বোকোছাত উঠি নিৰ্বাচনত জয়ী হোৱা সপোনত বিভোৰ হৈ আছে তেনে কথাবোৰ বেলেগ হ'ব । সকলো দল সংগঠনে দায়বদ্ধতাৰ প্ৰমান দি সতৰ্কতাৰে ২১ৰ বাবে সাজু হোৱাৰ সময় ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in