গুৱাহাটীত ‘মানুহ’ৰ বজাৰ!

গুৱাহাটীত ‘মানুহ’ৰ বজাৰ!

► মৃদুল কুমাৰ সন্দিকৈ

গুৱাহাটীত এখন বজাৰ! আপুনি ক'ব পাৰে এইখন 'মানুহ'ৰ বজাৰ। আপোনাক যদি 'মানুহ' লাগে তেন্তে এই বজাৰলৈ আপুনি আহিব পাৰে। কি মানুহ লাগে আপোনাক? যি ধৰণৰ 'মানুহ' লাগে, সেই ধৰণৰ মানুহেই আপুনি ইয়াত পাব। আপুনি এই বজাৰত ভৰি দিয়াৰ লগে লগেই আপোনাৰ কাষ চাপি আহি নিজেই সুধিবহি- মানুহ লাগিব নেকি দাদা, 'মানুহ'! কেৱল এজনেই নহয়, ইজনৰ পাছত সিজনে আপোনাক সুধি ব্যতিব্যস্ত কৰি দিব।

কথা-বতৰা মিলিলে  আপুনি ৪০০-৫০০টকা দামত কোনো এজন 'মানুহ'ক লৈ যাব পাৰে। মানুহৰ এইখন বজাৰ অতি শেহতীয়াকৈ গুৱাহাটীৰ কেইবাস্থানত গঢ় লৈ উঠিছে। জু-ৰোডত, হাতীগাঁৱত, শিলপুখুৰীত, ভূতনাথত আপুনি পুৱাই গ'লে তাত ৰৈ থকা মানুহবোৰে আপোনাক উপযাচি আহি সুধিবহি- 'মানুহ' লাগিব নেকি আপোনাক?

ৰাজ্যত এতিয়া মানুহৰ অভাৱ নাই। অভাৱ কামৰ। ১৫লাখতকৈ অধিক নিবনুৱাৰে ভৰা ৰাজ্য এইখন। ২০১৭-১৮ বৰ্ষৰ চৰকাৰী তথ্য অনুসৰি ৰাজ্যৰ মুঠ নিবনুৱাৰ সংখ্যা এয়া। ইয়াৰে ১.৫লাখৰ আছে বিশেষ বৃত্তিমুখী শিক্ষা। নিয়োগ বিনিময় কেন্দ্ৰৰ তথ্যহে এয়া। অৰ্থাৎ ৰাজ্যত ১৫,২৩,৫৩১জন নিবনুৱাই এই নিয়োগ বিনিময় কেন্দ্ৰত নিজৰ নাম পঞ্জীয়ন কৰি থৈছে। সেই সংখ্যা এতিয়া আৰু অধিক বৃদ্ধি পাইছে।

শিক্ষিত নিবনুৱা সকলক বাদ দি অশিক্ষিত বহু লোক আজি কৰ্মহীন। তেনে অধিকাংশ লোকেৰে ভৰি থাকে এই বজাৰ। পুৱা-গধূলি শাক-পাচলি বা মাছৰ বজাৰলৈ গ'লে আপোনাক যিদৰে দোকানীয়ে চিঞৰে- 'এ দাদা, মাছ ল'ব নেকি? এ দাদা ছবজি ল'ব নেকি?' ঠিক একে সুৰতে সুৰ মিলাই আপোনাক সুধিব- 'মানুহ' লাগিব নেকি? শুনিবলৈ বেয়া লাগিলেও এয়াই এতিয়া বাস্তৱ।

পুৱা তেতিয়া ৭ বাজিছিল। স্থানঃ জু-ৰোড। ৩০০-৪০০ মানুহৰ ভিৰ। কাৰোবাৰ হাতত যদি দা, আন কাৰোবাৰ হাতত কোৰ। বিভিন্ন সা-সজুলি লৈ তেওঁলোক সাজু। তেওঁলোক তেতিয়া তেওঁলোকক নিব বিচৰা মানুহৰ অপেক্ষাত। মানুহবোৰৰ ভিৰ ফালি এটা স্থানত ৰৈ ফুটপাথটোত থিয় হৈ থকা মানুহবোৰক লক্ষ্য কৰিলো। তেতিয়ালৈকে ৪-৫জনে আহি সুধিছেহি এটাই প্ৰশ্ন- 'মানুহ' লাগিব নেকি? এখন বন্ধ দোকানৰ ষ্টেপত বহি আছে কেইগৰাকীমান মহিলা। তেওঁলোকৰো একেই প্ৰশ্ন। সকলোৰে চকুত 'মানুহ' বিচাৰি মানুহৰ সন্ধান।

কাষতে ৰৈ থকা ল'ৰাটোক সুধিলো- ক'ত ঘৰ? তেওঁৰ ঘৰ লক্ষীপুৰত। উচ্চতৰ মাধ্যমিকলৈ পঢ়িছিল সি। পুৱাই এনেদৰে ওলাই আহে। আৰু আবেলি ৫-৬বজাৰ ভিতৰত সমীপৰ ভাস্কৰ নগৰত থকা ভাড়াঘৰটোলৈ উভতি যায়। নাম তেওঁ কৈছিল। আমি তেওঁৰ পৰিচয় প্ৰকাশ কৰা নাই। তেওঁ আমাক কৈছিল- 'সৰুতে মা-বাবা মৰি গ'ল। পৰিয়াল আছে। চলাব লাগে। কি কৰিম দাদা? এইটো কৰিয়েই খাইছো। পইচানো পাওঁ কেই টকা? ঘৰভাড়া দিওঁতেই যায় ৯০০টকা। খোৱা-বোৱা আছেই। মই অৱশ্যে আৰু এটা কাম কৰো। মোৰ ৰাতি ৪টা টিউচন আছে। বৰ বেছি টকা নিদিয়ে। ১২০০মান টকা তেনেকৈও আহে।' এই কথাখিনি কোৱা যুৱক এইজন। যিজনৰ মুখৰ ছবি স্পষ্টকৈ দেখুওৱা নাই। তেওঁ কাম কৰি জীৱিকা অৰ্জন কৰিছে। তেওঁক লঘু কৰা আমাৰ উদ্দেশ্য নহয়।

এই ল'ৰাটোৰ সৈতে কথা পাতি থাকোতেই আন এজন যুৱক আহি ওলাল। কথা-বতৰাত অলপ উদণ্ড। কথাপাতি থকা ল'ৰাজনৰ ফটো এখন লওঁতেই তেওঁৰ ফটো ম'বাইলত উঠোৱা বুলি ভাবি এক প্ৰকাৰৰ খঙেৰে সুধিলে- 'আপুনি ফটো উঠাইছে কিয়? আমি কি চোৰ-ডকাইত নেকি?' ল'ৰাটোক বুজাবলৈ চেষ্টা কৰিলো। তাৰ কণ্ঠস্বৰ বাঢ়ি গ'ল। অৱশেষত তাৰ সন্মুখতেই সেই ফটোখন ডিলিট কৰি তাক সুধিলো- 'এতিয়া ঠিকে আছে?'

মুখেৰে একো নামাতি খঙেৰেই সি আঁতৰি গ'ল সেই ঠাইৰ পৰা। কিছুদূৰ আগুৱাই যাওঁতে এজন আদহীয়া লোকক লগ পালো। নামটো তেওঁ ক'লে। পৰিয়াল তেওঁৰ মঙলদৈত থাকে। ছিপাঝাৰত তেওঁৰ ঘৰ। ৩০ বছৰ হ'ল এই বৃত্তিত থকা। যেতিয়া প্ৰথম গুৱাহাটীলৈ আহিছিল কামৰ বিনিময়ত পাইছিল সেই সময়ত ৬টকা। মোৰ সৈতে কথা পাতি থকাৰ মাজতে তেওঁ কোনো মানুহ আহিছে নেকি চাই থাকিল। দুজনমান মানুহ সেই সময়ত সেই স্থানলৈ আহিছিল। আনবোৰৰ দৰে এওঁ তেতিয়া সুধিলে- 'দাদা, 'মানুহ' লাগিব?'

কথা পাতি থাকোতেই তেওঁ কৈ পেলালে নিজৰে কিছু কথা। ওচৰৰ চাহ দোকানখনত চাহ একাপ খাব নেকি তেওঁক সুধিলো। একেষাৰে তেওঁ সন্মত হ'ল। প্লাষ্টিকৰ কাপত চাহ খাই খাই তেওঁ মেলি দিলে মনৰ দুৱাৰ- 'আমি গোস্বামী মানুহ। যিকোনো বস্তুত হাত নথওঁ। মোক ইয়াৰ পৰা বহুতে লৈ যায়। লেট্ৰিনৰ নলা চফা কৰিব দিয়ে। মইতো বেটাই এইবোৰ নকৰিম। গুচি আহো…।'

এই কথাখিনি কৈ থাকোতেই এটা সৰু ল'ৰাই আহি মাতিলেহি- 'দাদা, শুনকচোন। 'মানুহ' লাগিব নেকি সঁচাকৈ আপোনাক?'

ল'ৰাটোৰ চকুলৈ চালো। তাৰ ঘৰ ধুবুৰীত। সি ক'লে- 'আল্লাৰ শপত, আপোনাক মিছা কোৱা নাই। আপুনি যিটো মানুহৰ লগত কথা পাতি আছিল, সি এক নম্বৰ কামচোৰ। তাক সবে জানে ইয়াত। আছে যদি কওঁক মই যাম। কালি মই ঘৰৰ পৰা আহিছো। কাম-ধাণ্ডা নাই। আজি নহ'লে মৰি যাম।'

তাক আশ্বস্ত কৰিলো। নিশ্চয় তাক বিচৰা মানুহ আহিব। সি জোৰ কৰি তাৰ ম'বাইল নম্বৰটো দি ক'লে- 'কেতিয়াবা লাগিলে মোক ডাইৰেক্ট কন্টেক্ট কৰিব।'

সেই সময়তে এখন অট' ভেন আহি ৰ'লহি তাত। তাৰপাছত এজন আদহীয়া লোক নামি আহি মহিলা কেইজনীৰ ফালে গ'ল। ১০জনী মান মহিলাৰ গ্ৰুপ এটাৰ লগতে তেওঁ কথা পাতিলে। মানুহজন অহাৰ লগে লগেই তাত থকা মানুহবোৰ উবুৰ খাই পৰিল। প্ৰায়ে হেনো তেওঁ 'মানুহ' নিবলৈ আহিয়েই থাকে তালৈ। ১৫ মিনিট মানৰ ভিতৰতেই অট' ভানখন ভৰ্তি কৰি 'মানুহ' লৈ তেওঁ গুচি গ'ল। তাৰে অধিকাংশই আছিল মহিলা।

মানুহবোৰক ইতিমধ্যে মানুহে এজন-দুজনকৈ লৈ গৈছে। সেই ঠাই এৰি আগবাঢ়িলো হাতীগাঁৱৰ দিশে। তাতো তেতিয়া একেই পৰিৱেশ। গৈ পোৱাৰ লগে লগে তাত ৰৈ থকা মানুহবোৰৰ ব্যস্ততা বাঢ়িল। সকলোৰে চকুত এক উৎকন্ঠিত প্ৰশ্ন। যি প্ৰশ্ন পঢ়িব পাৰে সকলোৱে। তাতো দুজনৰ সৈতে কথা  পাতিলো। সময় তেতিয়া বাঢ়ি গৈছিল। প্ৰথমে কৈছিল ৪৫০। আগ্ৰহ নেদেখোৱাত তেওঁ দৰ-দাম আৰম্ভ কৰি দিলে- 'ঠিক আছে ৪০০ দিব।' তাতো কোনো প্ৰতিক্ৰিয়া ব্যক্ত নকৰাত তেওঁ ক'লে- 'লাষ্ট কৈছো থ্ৰী ফিফটি দিব?' মানুহজনক নালাগে বুলি কৈ আগবাঢ়ি যাওঁতে আন এজনে সুধিলে- 'কি আছিল কওঁকচোন?'

এইখন এখন অদ্ভূত বজাৰ। তাত মানুহে দিনটোৰ বাবে নিজক মানুহৰ ওচৰত এক প্ৰকাৰৰ বিক্ৰী কৰে। পুৱাই আহি তেওঁলোক তাত গোট খাইহি। আৰু তেওঁলোকক বিচৰা মানুহবোৰে জানে ক'ত কাক পোৱা যায়। বহুদিনৰ পৰাই এইখন বজাৰ গঢ় লৈ উঠিছে মহানগৰীত। হয়তো বহুতেই মন কৰা নাই। নিবনুৱা সকলৰ বাবে এই ঠাই অতি গুৰুত্বপূৰ্ণ। অসংগঠিতভাৱে মহানগৰীৰ বুকুত ঠায়ে ঠায়ে এনে কিছু অঞ্চলত এইসকল লোক গোট খায়। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ পৰা বিশেষকৈ ধুবুৰী, বঙাইগাঁও, বাক্সা, নলবাৰী, কোকৰাঝাৰ আদি ঠাইৰ পৰা অহা শ্ৰমজীৱী এই সকল লোকে তাতেই সন্ধান কৰে গ্ৰাহকৰ।

কোনোবাজন যদি ৰং মিস্ত্ৰী, আন কোনোবাজন আকৌ পকা মিস্ত্ৰী। পানীৰ পাইপৰ কাম কৰা মানুহৰ পৰা ঘৰ ঢালাই দিয়া মানুহলৈকে তাত 'মানুহ' পোৱা যায়।  অৱশ্যে সকলোৰে কামৰ মূল্য বেলেগ। কাৰোবাৰ ঘৰত সকাম-নিকাম থাকিলেও পুৱাই এনেবোৰ ঠাইলৈ আহিয়েই মানুহ বিচাৰে। কোনোবাজন যায় কাৰোবাৰ ঘৰৰ চৌহদ চাফা কৰিবলৈ। আন কোনোবাজন যায় সকাম-নিকামত বাচন ধুবলৈ। মুঠতে বিভিন্ন কামৰ বাবে ইয়াত বিভিন্ন ধৰণৰ 'মানুহ' সাজু হৈ থাকে।

মহানগৰীত এইদৰে শ্ৰমজীৱী লোকসকলে দিনটো কামৰ সন্ধান কৰে এই স্থানত ৰৈয়ে। কাম পালে দিনটো চলি যায়। কাম নাপালে লঘুণে-ভোকে পাৰ হয় সময়। অপেক্ষা কৰে পুৱা ৯বজাৰ পৰা ১০ বজালৈ। কিজানিবা আহেই কোনোবা তেওঁলোকক বিচাৰি। সেয়েহে মানুহ আহিলেই তেওঁলোকে সোধে- 'দাদা, 'মানুহ' লাগিব নেকি, কাম কৰা 'মানুহ'?'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in