গুৱাহাটী VS ভিয়েটনাম, জাপান, ফিলিপিন্স…

গুৱাহাটী VS ভিয়েটনাম, জাপান, ফিলিপিন্স…

ডিম্পুল বৰগোহাঁই

পৰিৱৰ্তন শব্দটো শুনিবলৈ বা কবলৈহে ভাল, বাস্তৱত পৰিৱৰ্তন শব্দৰ সদপ্ৰয়োগ কৰাটো ইমান সহজ নহয়। কংগ্ৰেছৰ অপশাসন, দুৰ্নীতিৰ লগতে এশ-এবুৰি সমস্যাৰে ভাৰাক্ৰান্ত অসমক উদ্ধাৰৰ প্ৰতিশ্ৰুতিৰে ক্ষমতালৈ অহা বিজেপিয়ে লক্ষ্যণীয়ভাৱে কোনোক্ষেত্ৰতে বৰ্তমান লৈকে বিশেষ পৰিৱৰ্তন সাধন কৰিবলৈ সক্ষম নহ'ল। ৰাজ্যত নিবনুৱা সমস্যাৰ পৰা আদি কৰি উত্তৰ-পূবৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটীক স্মাৰ্ট চিটি পৰ্যায়লৈ প্ৰকৃতাৰ্থত লৈ যোৱাত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে চৰকাৰখন।

বিগত কেইটামান মাহৰ পৰা গুৱাহাটীখনক অতি চাফ-চিকুণকৈ সজাই-পৰাই তোলাত ব্যস্ত হৈ পৰিছে প্ৰশাসন। ৰাস্তা-পদূলিৰ পৰা আদি কৰি পদপথৰ লৈকে সকলোবোৰ পুণঃনিৰ্মাণ কৰা হৈছে। ৰাষ্ট্ৰীয় বা আন্তৰাষ্ট্ৰীয় পৰ্যায়ৰ যিকোনো অনুষ্ঠান অনুষ্ঠিত হোৱাৰ প্ৰাৰ্কমূৰ্হুতত এনে পৰিৱেশ সাধাৰণতে গুৱাহাটীত সুলভ। এডভাটেন্স আসামেই হওক বা ইণ্ডো-জাপান চামিটতেই হওক, এই সকলোবোৰ অনুষ্ঠানৰ আগত প্ৰশাসন বা চৰকাৰৰ কাম কৰে ক্ষীপ্ৰতা প্ৰতিবাৰেই লক্ষ্যণীয় হয়। কিন্তু সকলোৰে মনত উদয় হোৱা প্ৰশ্নটো হ'ল, গুৱাহাটীৰ জলন্ত সমস্যাবোৰ সমাধান কৰা ক্ষেত্ৰত চৰকাৰে দীৰ্ঘম্যাদী কোনো পদক্ষেপ গ্ৰহণ কৰিবনে!

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ২০১৫ চনতে গুৱাহাটীক স্মাৰ্ট চিটি হিচাপে গঢ়ি তোলাৰ পৰিকল্পনা গ্ৰহণ কৰিছিল যদিও ৰাজ্য চৰকাৰ আৰু সংশ্লিষ্ট চৰকাৰী বিভাগ সমূহৰ অৱহেলা আৰু দায়িত্বজ্ঞানহীনতাৰ বাবে স্মাৰ্ট চিটীৰ পৰিকল্পনাই আজিও বাস্তৱ ৰূপ নাপালে। আৰম্ভণিতে গ্ৰহণ কৰা আঁচনিকেইটাৰ কাম আৰম্ভ নকৰাকৈ আঁচনিকেইটা ২ বছৰ পেলাই থোৱাৰ পাছত স্মাৰ্ট চিটী প্ৰকল্প ৰূপায়নৰ দায়িত্বত থকা গুৱাহাটী স্মাৰ্ট চিটী লিমিটেডে দুবছৰ পিছত আৰু নতুনকৈ বহুকেইটা কেইটামান আঁচনি গ্ৰহণ কৰিছিল বুলিও সময়ত চৰ্চা হৈছিল।

পৰ্যাপ্ত পুঁজিৰ বাহিৰে স্মাৰ্ট চিটি প্ৰকল্প সফল হ'ব নোৱাৰে। স্মাৰ্ট চিটি প্ৰকল্প সফল কৰিবলৈ হ'লে প্ৰয়োজনীয় উপাদান সমূহ হৈছে- স্মাৰ্ট চিটিজেন, স্মাৰ্ট স্থানীয় প্ৰশাসন, স্মাৰ্ট পুঁজি, স্মাৰ্ট পৰিকল্পনা, স্মাৰ্ট চৰকাৰ বা আমোলাতন্ত্ৰ। এই উপাদান কেইটা সঠিক ৰূপত উপযুক্ত সময়ত ব্যৱহাৰ নহ'লে নিৰ্ধাৰিত সময়ত স্মাৰ্ট চিটি প্ৰকল্প সফল হোৱাটো অসম্ভৱ। গুৱাহাটীকে আমি ইয়াৰ উদাহৰণ হিচাপে লব পাৰো।

গুৱাহাটী মহানগৰীত আছে ৫ টা ৰিভাৰ চাৰ্কোল। ঠিক তেনেদৰে আছে ৩৩০ টা নলা। এই নলাসমূহেৰে অহা অপৰিস্কাৰ পানীৰ লগতে বিভিন্ন পেলনীয়া সামগ্ৰী আহি পৰেহি ভৰলু, বাহিনীৰ দৰে কেইবাখনো উপনৈত। যাৰ বাবে পূৰ্বে বহুলোকে মাছ মৰা এই উপনৈ সমূহৰ পানী এতিয়া যিকোনো কামৰ বাবেই অনুপযোগী। চহৰৰ মাজেৰে বৈ যোৱা এই উপনৈসমূহ গুৱাহাটীৰ বাবে আৰ্শীবাদ, কিয়নো কৃত্ৰিম বানপানীৰ সমস্যা নিৰ্মূল কৰাৰ এটা প্ৰধান উপায় আছিল এই উপনৈসমূহ। কিন্তু গুৱাহাটীবাসীৰ অদায়িত্বশীল মনোভাৱ আৰু প্ৰশাসনৰ স্মাৰ্ট পৰিকল্পনাৰ অভাৱতেই এয়া হৈ নুঠিল। ভৰলু, বাহিনীৰ দৰে উপনৈ সমূহ আৰ্শীবাদলৈ পৰিৱৰ্তন কৰিব নোৱাৰিলে।

কেৱল গুৱাহাটীয়ে নহয়, ভাৰতবৰ্ষৰ কেইবাখনো স্মাৰ্ট চিটি পৰিকল্পনাৰ অভাৱত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বাসিন্দাসকল। বিশ্বৰ অন্য উন্নত দেশসমূহত সাধাৰণতে বহনক্ষম উন্নয়নৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰে। প্ৰকৃতিৰ উপাদানবোৰক কিদৰে উন্নয়নৰ জখলা হিচাপে ব্যৱহাৰ কৰিব পাৰি তাৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হয়। কিন্তু গুৱাহাটীক স্মাৰ্ট চিটিলৈ ৰুপান্তৰ কৰাৰ ক্ষেত্ৰত বহনক্ষম উন্নয়নৰ ওপৰত গুৰুত্ব দিয়া হৈছনে!

ভিয়েটনামৰ এখন চহৰ

বিশ্বৰ উন্নত দেশৰ সমূহৰ চহৰবোৰ কোনো কোনোৱে হয়তো বছৰত কেইবাবাৰো ভ্ৰমণ কৰে। বিশেষকৈ ৰজাঘৰৰ প্ৰতিনিধিয়ে এই চহৰবোৰৰ মডেল পৰিদৰ্শন কৰাৰ খবৰ প্ৰায় খবৰ কাগজত প্ৰকাশ হয়। এই উন্নত দেশসমূহত এখন চহৰৰ পৰিকল্পনা যিদৰে কৰা হয়, তেনে বহু পৰিকল্পনা যদি গুৱাহাটীৰ ক্ষেত্ৰতো প্ৰয়োগ কৰা হয়, তেন্তে বহু সমস্যাৰ পৰা মুক্ত হ'ব গুৱাহাটী মহানগৰ।

আপুনি যদিহে ভিয়েটনামলৈ যোৱা নাই, গুগল'ত ছাৰ্জ কৰি চাব পাৰে ভিয়েটনামত এখন চহৰৰ উন্নয়নৰ পৰিকল্পনা কিদৰে কৰা হয় গুৱাহাটীৰ দৰেই ভিয়েটনাম চহৰৰ মাজেদিও বৈ গৈছে কেইবাখনো উপনৈ। যিকেইখন উপনৈত পৰেগৈ ভিয়েটনামৰ লোকসকলে দৈনন্দিন ব্যৱহাৰ কৰা পানী। কিন্তু গুৱাহাটীৰ দৰে ভিয়েটনামৰ এই উপনৈসমূহ গুৱাহাটীৰ ভৰলু, বাহিনীৰ দৰে লেতেৰা আৰু দুগন্ধময় পানী নহয়।

ভিয়েটনাম

লক্ষ্যণীয় কথাটো হ'ল এই উপনৈত সমূহত ভিয়েটনামবাসীয়ে নেপেলায় কোনোধৰণৰ গোটা আৱৰ্জনা। ইয়াৰোপৰি উপনৈসমূহৰ পানী যথাসম্ভৱ পৰিস্কাৰ কৰি ৰাখিবৰ বাবে প্ৰশাসনেও সময়ে সময়ে বিভিন্ন কৌশল অৱলম্বন কৰে। ভিয়েটনামৰ এই পৰিৱেশৰ সম্পূৰ্ণ বিপৰীত এখন ছবি দেখা যায় গুৱাহাটীত। গুৱাহাটীৰ ভৰলু আৰু বাহিনীৰ অপৰিষ্কাৰ বাদেই, উপনৈ কেইখনত পানীতকৈ বেছি আছে প্লাষ্টিকৰ লগতে অন্যান্য আৱৰ্জনা।

বাহিনী, চয়মাইল

স্মাৰ্ট চিটি প্ৰকল্পৰ অধীনত ব্ৰহ্মপুত্ৰ নদী পাৰৰ উন্নয়ন, মৰা ভৰলু, ভৰলু, বৰচলা আৰু দীপৰ বিলৰ সংৰক্ষণ আৰু উন্নয়ন, স্মাৰ্ট লাইটিং, স্মাৰ্ট চিটীবাছ আস্থান নিৰ্মাণ কৰা¸ আদি আঁচনিবোৰৰ বাবে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে ২০১৬-১৭ চনতে ১৯১ কোটি টকা আৰু ২০১৭-১৮ চনতে ৫ কোটি কোটি ধনৰ অনুমোদন দিছিল। যি টকা মোকলাই দিয়া ইতিমধ্যে ৩-৫ টা বছৰ অতিক্ৰম কৰিলে। কিন্তু পৰিতাপৰ কথা যে ইয়াৰ এটাও আঁচনিৰ কাম আজি পৰ্যন্ত সম্পূৰ্ণ নহ'ল।

গুৱাহাটী নহয়, এয়া ভিয়েটনামৰ ফটো

নিশ্চিতভাৱে এখন চহৰ পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত বাসিন্দা সকলো সচেতন হোৱা উচিত। এসময়ত যিকেইখন উপনৈয়ে গুৱাহাটীৰ অতিৰিক্ত পানী কঢ়িয়াই নি ব্ৰহ্মপুত্ৰত পেলাইছিলগৈ, সেই উপনৈ কেইখন এতিয়া প্লাষ্টিক আৰু আৱৰ্জনাই ক্ৰমান্বয়ে নিশেষ কৰাৰ দিশে। এইক্ষেত্ৰত যথোপযুক্ত ব্যৱস্থাও লোৱা নাই প্ৰশাসনে। দুটাকৈ বিয়াগোম বিভাগে মহানগৰখনৰ সৰ্বাংগ-সুন্দৰ কৰি ৰখাৰ দায়িত্বত আছে যদিও সেই কামত ৮০ শতাংশই বিফল বিভাগ দুটা।

ভৰলু

ওপৰত উল্লেখ কৰা ভিয়টনামতেই নহয়, বিশ্বৰ বহুকেইখন উন্নত দেশত প্ৰাকৃতিক সম্পদবোৰক অভিশাপৰ পৰিৱৰ্তে আৰ্শীবাদলৈ পৰিৱৰ্তন কৰিছে। জাপান টকিঅ' চহৰত আপুনি যদি চকু ফুৰায়, দেখিব টকিঅ চহৰৰ মাজেৰেও বৈ গৈছে বহুকেইখন উপনৈ। চহৰ খনৰ বৰ্জিত পানীৰ লগতে অতিৰিক্ত পানী এই উপনৈসমূহতে পৰে। তাৰ প্ৰশাসনেও এই উপনৈ সমূহৰ পানী পৰিষ্কাৰ কৰি ৰখাৰ ক্ষেত্ৰত কোনো কৃপনালি কৰা নাই। সেই উপনৈসমূহৰ ওপৰতে নিৰ্মাণ কৰিছে ৰেল পথ। লগতে উপনৈৰ দুয়োকাষ বান্ধি ৰোৱা হৈছে না না ৰঙী ফুল।

জাপানৰ টকিঅ'

শুনি আচৰিত হ'ব যে, জাপানৰ Kurashiki cityত উপনৈ সমূহ এনেভাৱে পুনৰ তৈয়াৰ কৰা হৈছে যে, বহু স্থানীয়লোকে এই উপনৈ সমূহতে পৰ্যটকসকলক নৌকা বিহাৰ কৰাই চহৰখন পৰিদৰ্শন কৰায়। জাপানেই নহয় ফিলিপিন্সৰ Manilaতো চহৰখনৰ মাজেৰে বৈ যোৱা উপনৈ সমূহত নৌকা বিহাৰ কৰা হয়।

গুৱাহাটীক লৈয়ো আপুনি এনে এখন ছবিৰ কল্পনা কৰিব পাৰিলেহেতেন। যদিহে ভৰলু, বাহিনী পৰিষ্কাৰ হলহেতেন। পেলনীয়া জাবৰতকৈ যদি পানী বেছি থাকিল হয়, আপুনিও জাপান, ফিলিপিন্সৰ দৰে গুৱাহাটীৰ ভৰলু, বাহিনীত নৌকা বিহাৰ কৰিবহেতেন। কিন্তু সেয়া অসম্ভৱ, এই চিন্তা কেৱল গুৱাহাটী উন্নয়নৰ দায়িত্বত থকা বিভাগ দুটাৰ বাহিৰেও অসমৰ পৰ্যটন বিভাগেও কৰিব পৰা অৱকাশ আছে। উল্লেখ কৰা প্ৰয়োজন যে, পাচঁটা ভাগত ভাগ কৰা হৈছে দেশৰ ৩৫১ খন প্ৰদূষিত নদীক। ইয়াৰে পাঁচটা ভাগৰ ভিতৰত প্ৰথম ভাগতে আছে ভৰলু।

ভৰলু নদী অনিল নগৰত

যিসময়ত বিশ্বৰ অন্য দেশসমূহে প্ৰাকৃতিক সম্পদক সাৰথি কৰি উন্নয়নৰ জখলা বগাইছে, তেনে সময়ত গুৱাহাটীৰ দৰে প্ৰাকৃতিক দিশৰ পৰা অতিকৈ চহকী এখন চহৰৰ উন্নয়নৰ পৰিকল্পনাসমূহে সচেতন মহলক সময়ে সময়ে চিন্তিত কৰি তোলে। সকলো সমস্যাৰ দীৰ্ঘম্যাদী সমাধানৰ কথা চিন্তা নকৰাকৈ ওপৰুৱাকৈয়ে কৰা কিছু কামে গুৱাহাটীক আৰু অধিক সমস্যাৰে ভাৰাক্ৰান্ত কৰিব। উদাহৰণ হিচাপে, শেহতীয়াকৈ গুৱাহাটীত পদপথবোৰ সুন্দৰকৈ সজোৱা হৈছে যদিও, পদপথৰ তলত থকা ড্ৰেনবোৰ কোনোধৰণ উন্নত নকৰাকৈ এনে উন্নয়নে কি সমস্যাৰ সমাধান কৰিব সেয়াও বহুতৰে বাবে এক অবুঁজ সাথৰ।

ভৰলু নদী ভৰলুমূখত

ভৰলু, বাহিনীৰ পানী পৰিষ্কাৰ কৰিবৰ বাবে কেইবাকোটিৰো টকা আৱন্টন কৰা হৈছে। কিন্তু কাৰ্যক্ষেত্ৰত সেয়া সফল প্ৰয়োগ হোৱা নাই। পৰিষ্কাৰটো বাদেই ক্ৰমাম্বয়ে এই উপনৈ সমূহ নিশেষ কৰাৰ ষড়যন্ত্ৰত নামিছে এচাম পুজিঁপতি। বিশাল বিশাল অট্টালিকা নিৰ্মাণ কৰি ক্ৰমান্বয়ে সংকুচিত কৰিছে বাহিনী, ভৰলু দৰে উপনৈসমূহৰ পৰিধি। গুৱাহাটীৰ চয়মাইলত বাহিনী নৈৰ পৰিধি পূৰ্বতকৈ যথেষ্ট হ্ৰাস পাইছে। সকলোবোৰ দেখিও নিমাত প্ৰশাসন। ভৰলুত দুষ্টচক্ৰই কৰা অধিগ্ৰহণ দেখিও কোনোধৰণৰ ব্যৱস্থাগ্ৰহণ কৰা নাই চৰকাৰে। কেৱল ইটোৰ পাছত, সিটো নিৰ্দেশ। নিৰ্দেশৰ মাজতে সীমাৱদ্ধ থকাৰ বাবেই অতি কমসময়ৰ ভিতৰতে এটাৰ পিছত আনটো অবৈধ অট্টালিকাৰ চানি ধৰিছ গুৱাহাটী।

প্ৰাকৃতিক বিভিন্ন কাম-কাজৰ সৈতে জড়িত আৰ্লি বাৰ্ডছৰ বিষয়াই জনোৱা মতে, দীপৰ বিল, শিলসাঁকো, চপাইদং, বৰচলা, সৰুচলা আদি বিল সমূহ ক্ৰমাৎ বাম হৈ পৰাত পানীৰ ধাৰণ ক্ষমতা কমি গৈছে। ইয়াৰ ফলত বিল কেইখনৰ পানী ন–ন– অঞ্চললৈ প্লাৱিত হৈছে। সেয়ে দীপৰ বিলকে আদিকৰি মহানগৰীৰ অন্যান্য বিলসমূহৰ পৰিসীমা কোনো কাৰণতে সংকুচিত নোহোৱাৰ এক নিশ্চিত পদক্ষেপ চৰকাৰে গ্ৰহণ কৰিব লাগে।

মৃত্যুমুখী বাহিনী

সকলোবোৰ সমস্যা বাস্তৱ আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰ দ্বাৰাহে সমাধান কৰিব পাৰি। কোটি কোটি জনসংখ্যা থকাৰ পাছতো জাপান, ফিলিপিন্স, লেটিন আমেৰিকাৰ দৰে দেশত চহৰবোৰ বাস্তৱ আৰু বিজ্ঞানসন্মত পৰিকল্পনাৰে নিৰ্মাণ কৰা হৈছে। কেৱল গুৱাহাটীয়ে নহয় অসমৰ সকলো চহৰ বিজ্ঞান সন্মত পৰিকল্পনাৰে নিৰ্মাণ হোৱাটো সকলোৱে কামনা কৰে। পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰ খনৰ প্ৰতিনিধিৰ পৰা হয়তো ৰাইজে কেতিয়াও শুনিব নিবিচাৰে যে, পূৰ্বৰ চৰকাৰৰ দিনটো কৃত্ৰিম বানপানী হৈছিল, সেয়েহে এতিয়াও হৈছে…

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in