ব্যৱহাৰ নোহোৱাকৈ পচিছে কোটিটকীয়া সম্পত্তি! মৃত্যুৰ দুৱাৰ দলিত এটা চৰকাৰী কাৰ্যালয়, দেখিলে আপুনিও হ’ব আচৰিত, VIDEO

ব্যৱহাৰ নোহোৱাকৈ পচিছে কোটিটকীয়া সম্পত্তি! মৃত্যুৰ দুৱাৰ  দলিত এটা চৰকাৰী কাৰ্যালয়, দেখিলে আপুনিও হ’ব আচৰিত, VIDEO

● পলাশ জ্যোতি গগৈ

চালানী মাছৰ ব্যৱসায়ত নামিছে ৰাজ্যৰ মীন বিভাগ। চালানী মাছ বিক্ৰী কৰি চলিছে বিভাগটো। মীন বিভাগৰ কাৰ্য দেখিলে তবধ মানিব আপুনি। অতি পৰিতাপৰ কথা যে যি সময়ত ৰাজ্য চৰকাৰে ফৰ্মেলিনযুক্ত মাছৰ বিক্ৰী বন্ধ কৰাৰ কথা কয় তেনে সময়তে এইখন চৰকাৰৰে মীন বিভাগ চলিছে চালানী মাছৰ দ্বাৰা। ৰাজ্যৰ লোকেল মাছৰ বৃহৎ বজাৰ নিয়ন্ত্ৰিত হোৱা অথবা বজাৰখন চলাই থকা ফিছফেড চলিছে মাত্ৰ ২৪ গৰাকী কৰ্মচাৰীৰে।

কোনোমতেহে চলি আছে মীন বিভাগৰ ফিছফেড। কৰ্মচাৰীক দৰমহা দিয়াৰ ক্ষেত্ৰতো ফিছফেডত দেখিবলৈ পোৱা গৈছে চৰম অচলাৱস্থাৰ। বিভাগটো চলি আছে অধিকাংশ কেজুৱেল কৰ্মচাৰীৰে। যাৰ বাবে সেইসকল কৰ্মচাৰীয়ে মাত্ৰ ৪ ৰ পৰা ৭ অথবা ৮ হাজাৰ টকাৰ বাবদ নিশাৰ লৈকে কাম কৰিবলগীয়া হৈছে। পৰিস্থিতি এনেও পায়গৈ কেতিয়াবা যে, কৰ্মচাৰীসকলক নিজৰ ইচ্ছানুসৰি উচ্চপদস্থ বিষয়াই অধিক সময়ৰ বাবেও কামত নিয়োজিত কৰি ৰাখে।

ফিছফেডৰ কাউন্টাৰ।

ফিছফেডে বৰ্তমান সময়ত দৈনিক প্ৰায় ৩০ ৰ পৰা ৪০ কিলোগ্ৰাম মাছ বিক্ৰী কৰে গুৱাহাটী মহানগৰীত। মহানগৰীৰ মুঠ ৩খন ঠাইত ভ্ৰাম্যমাণ বাহনেৰে মাছ বিক্ৰী কৰে ফিছফেডে। ইফালে মহানগৰীৰ মালিগাঁও আৰু ৰূপনগৰত আছে বিভাগটোৰ এটাকৈ মাছ বিক্ৰী কেন্দ্ৰ। ৰূপনগৰৰ কেন্দ্ৰৰ পৰা মাছসমূহ বিক্ৰী কৰাৰ বাবে বাহনৰ দ্বাৰা বিভাগৰ মানুহ পঠিওৱা হয়। উল্লেখ্য যে, পৰ্যাপ্ত পৰিমাণৰ আন্তঃগাঁঠনি নথকা বিভাগটোৰ ভ্ৰাম্যমাণ মাছ বিক্ৰী কেন্দ্ৰতো নাই বিশেষ কোনো সুবিধা।

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আছে ফিছফেডৰ প্ৰায় ১১০০ বিঘা ভূমি। কিন্তু ৰাজ্যৰ থলুৱা মাছ খেতিয়ক তথা মাছ ব্যৱসায় কৰি চলা লোকসকলক কেন্দ্ৰ কৰি গঢ়ি উঠা ফেছফেডে থলুৱা ব্যৱসায়ীক দিব পৰা নাই বজাৰ। বিভিন্ন প্ৰকল্পত আছে ফিছফেডৰ শ শ বিঘা ভূমি। ইয়াৰে বহু অংশ বৰ্তমান লিজত দিয়া আছে। আন কিছু ভূমি ব্যৱহাৰ নোহোৱাকৈয়ে পৰি আছে।

গাড়ীবোৰ এনেকৈ পচিছে।

প্ৰাপ্ত খবৰ অনুসৰি গোলাঘাট জিলাৰ কাকডোঙাত আছে ফিছফেডৰ প্ৰায় ১২০ বিঘা ভূমি। ঠিক তেনেদৰে টকৌবাৰীত ৬০ বিঘা, মৰিকলঙত ৩০০ বিঘা, মৰিগাঁও জিলাৰ গলচেপাত ৩০০ বিঘা, টৌপাতলিত ৭ বিঘা, গুৱাহাটীৰ ৰূপনগৰত ৭ বিঘা আৰু আমিনগাঁৱত ৬২ বিঘা মাটি আছে। কিন্তু এইসমূহ মাটিৰ উচিত ব্যৱহাৰ কৰিব পৰা নাই ফিছফেডে। বৰঞ্চ এইসমূহ মাটি পেলাইহে ৰাখিব লগা হৈছে। যিসময়ত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বহু চৰকাৰী কাৰ্যালয় ঘৰ ভাড়া কৰি চলিব লগা হৈছে তেনে সময়তে এটা চৰকাৰী বিভাগৰ এনে কামে বিভাগটোৰ অক্ষমতাকে বুজাইছে।

অতি ভয়ংকৰ কথা যে, কিছু দিন পূৰ্বে চালানী মাছ অতি মাৰাত্মক আৰু ভক্ষণৰ অনুপযোগী বুলি ঘোষণা কৰিছিল স্বয়ং ৰাজ্য চৰকাৰৰ মন্ত্ৰী পীয়ুস হাজৰিকাই। মন্ত্ৰীগৰাকীয়ে লগতে অভিযানো চলাইছিল এনে মাছৰ বিৰুদ্ধে। পিছে পৰিতাপৰ কথা মীন বিভাগৰ দ্বাৰা নিয়ন্ত্ৰিত ফিছফেডে তাৰ পিছতো কোনো পৰীক্ষা নিৰীক্ষা নকৰাকৈ বিক্ৰী কৰি আহিছে চালানী মাছ। স্মৰ্তব্য যে, মাত্ৰ বিভাগটো জীয়াই ৰখাৰ স্বাৰ্থতে বৰ্হি ৰাজ্যৰ পৰা ক্ৰয় কৰা মাছ বিক্ৰী কৰিছে ফিছফেডে।

চৰজমিন অনুসন্ধানত জানিব পৰা অনুসৰি, ফিছফেডৰ গুৱাহাটী মহানগৰস্থিত কাৰ্যালয়ত ব্যৱহাৰ নোহোৱাকৈ পৰি আছে লাখ লাখ টকাৰ মূল্যৰ কেবাখনো বাহন। প্ৰায় ৬খন কেবালাখটকীয়া বাহন ব্যৱহাৰ নোহোৱাকৈ পচিছে কাৰ্যালয়ৰ চৌহদত। ইমান কোটিটকীয়া সম্পত্তি জহি-খহি গৈছে যদিও গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।

কি পৰিৱেশ…

পচিবলৈ আৰম্ভ হোৱা বাহনসমূহৰ ভিতৰত বিভিন্ন মডেলৰ কেবাখনো বাহন আছে। এএছ-০১-ডিচি-৫০৭১, এএছ-০১-ডিডি-১৮৫২,এএছ-০১-ডিডি-১৮৯২ আৰু এএছ-০১-ডিডি-২৮২৮ নম্বৰৰ ৪খন বাহন নিলামৰ বাবে বিজ্ঞাপনো দিছিল ফিছফেডৰ পৰিচালন সঞ্চালকগৰাকীয়ে। কিন্তু কোনো লোকেই ক্ৰয় কৰিবলৈ আগবাঢ়ি নাহিল বাহনকেইখন।

মুঠ ২৪ গৰাকী বিষয়া-কৰ্মচাৰীৰে ভৰা ফিছফেডত আছে ১২ গৰাকী মাছ বিক্ৰী কেন্দ্ৰৰ সৈতে জড়িত কৰ্মচাৰী। সেইসকল লোকেই মাছ বিক্ৰী কৰিবলৈ যাব লাগে বিভিন্ন স্থানলৈ। তাৰ ভিতৰত ৪ গৰাকী চালক, ছেলছমেনো আছে। কিন্তু তাত কাম কৰা ১২ গৰাকী লোকৰ অধিকাংশৰে চাকৰি নিয়মীয়া নহ'ল। চাকৰি নিয়মীয়া হোৱা সকলৰো মাননী শুনিলে পাঠক ৰাইজ আচৰিত হ'ব। মাত্ৰ ৫ ৰ পৰা ৭ হাজাৰ টকাৰ বিনিময়তে এইসকল লোকে নিজৰ কৰ্তব্য পালন কৰিব লাগে।

এগৰাকী মাছ বিক্ৰেতা।

কৰ্মচাৰীসকলক নিজৰ ব্যক্তিগত সহায়কৰ দৰে ব্যৱহাৰ তথা আচৰণ কৰাৰো অভিযোগ পৰিচালন সঞ্চালকগৰাকীৰ বিৰুদ্ধে। বৃহস্পতিবাৰে দিনটোৰ প্ৰায় কেইবাঘন্টা ফিছফেডৰ কাৰ্যালয়ত ঘূৰি জানিব পৰা অনুসৰি ফিছফেডৰ ৪ গৰাকী চালকৰ এগৰাকীক পৰিচালন সঞ্চালকগৰাকীয়ে ব্যক্তিগত বাহন চলোৱাৰ বাবে ব্যৱহাৰ কৰি আহিছে। ইফালে পুৱা ৯ বজাৰ পৰা কৰ্তব্যত ব্যস্ত হোৱা ফিছফেডৰ কৰ্মচাৰীসকলক নিশাৰ ভাগলৈ নিজৰ ব্যক্তিগত কামৰ বাবে ব্যৱহাৰ কৰাৰো অভিযোগ পৰিচালন সঞ্চালক ধ্ৰুৱজ্যোতি শৰ্মাৰ বিৰুদ্ধে।

মীন বিভাগৰ কোনো উন্নতি সাধন কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ থকা মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ ঘণিষ্ঠ বুলিও পৰিচিত এইগৰাকী বিষয়া। মন্ত্ৰীৰ পৰিচিত লোক হোৱাৰ সুবাদতে যোগ্যতাৰ দিশেৰে উপযুক্ত নোহোৱাকৈয়ে পৰিচালন সঞ্চালকৰ দৰে এটা গুৰুত্বপূৰ্ণ পদত কেনেদৰে এগৰাকী ফিছাৰী ডেভেলপমেন্ট বিষয়া নিয়োজিত হৈছে ই চিন্তাৰ লগতে ৰহস্যৰ বিষয়।

কোনে ৰাখিছে খবৰ।

চৰজমিন অনুসন্ধানত প্ৰকাশ পোৱা খবৰ অনুসৰি যোগ্যতা নথকাকৈয়ে একাংশ কৰ্মচাৰীক নিয়োজিত কৰা হৈছে মাছ বিক্ৰী কৰা কাৰ্যত। নিজ খেয়াল খুচি মতে পৰিচালন সঞ্চালকগৰাকীয়ে কামত নিয়োজিত কৰিছে একাংশ ছকিদাৰক। যদিও কোনো চকিদাৰক ৰাস্তাত মাছ বিক্ৰী কৰাৰ বাবে পঠিয়াব নোৱাৰে তথাপিও সেই কাম কৰি আহিছে এইগৰাকী বিষয়াই।

তাৰোপৰি পুৱা কিছু কিছু স্থানত ১১ বজাৰ পৰা আৰু আন কিছু স্থানত ১০ বজাৰ পৰা বিক্ৰী কৰা হয় মাছ। তেনেস্থলত পুৱাৰ ভাগত মাছ বিক্ৰী নকৰাৰ বাবে গ্ৰাহকৰ সংখ্যা তেনেই সেৰেঙা হোৱা দেখিবলৈ পোৱা যায়। মুঠ মাছ উপলব্ধ হোৱা গুৱাহাটী মহানগৰীৰ ফিছফেড কাৰ্যালয়ৰ নেতৃত্বৰ স্তান হ'ল মুঠ ৫ খন। সেই সমূহৰ কিছু কিছু স্থানত বিক্ৰীদাৰৰ সলনি চকিদাৰেও কাম কৰিব লগা হৈছে। এইখন তালিকা চালে সেই কথা সহজেই অনুমান কৰাৰ লগতে কোনো লোকে প্ৰমাণ পাব।

চকিদাৰেও কৰিব লাগে বিক্ৰেতাৰ কাম।

'আমি এতিয়া ঘৰ যাব নোৱাৰো। কাৰণ আমাৰ ঘৰলৈ যাবলৈ গাড়ীৰ ভাড়া যিমান লাগে সিমান আমি দৰমহাহে পাওঁ।' এগৰকী কৰ্মচাৰীয়ে জানিবলৈ দিয়ে এই কথা। তেওঁৰ মতে, চৰকাৰী কাম বুলিহে তেওঁ এই কাম কৰি আছে। দৰমহা পাব বুলি নহয়, কাৰণ দৰমহাৰ কথা কলেই তেওঁলোকক চাকৰিৰ পৰা নিলম্বন কৰিব বিচাৰে পৰিচালন সঞ্চালকগৰাকীয়ে। ইফালে ফিছফেডৰ অন্যান্য প্ৰান্তৰ কাৰ্যালয়ৰ বাবে অনা এখন বলেৰ' বাহনো পৰি আছে ফিছ ফেডৰ কাৰ্যালয়ৰ চৌহদত।

এইখন বিলাসী বলেৰ' পৰি আছে।

এতিয়া চালানী মাছেৰে চলি থকা ফিছফেডৰ যিকোনো বিপনীত ৰৌ মাছৰ দাম প্ৰতিকেজিত ১৭০ টকা। ঠিক তেনেদৰে ভকুৱা মাছৰ দাম ২৪০ টকা। পিছে দুখৰ বিষয় কেতিয়াবা মহানগৰীৰ ৩ স্থানত থকা ভ্ৰাম্যমাণ মাছৰ বাহনকেইখনে বিক্ৰী কৰিবলৈ সক্ষম নহয় মাছ। যাৰ বাবে তেওঁলোকে মাছ বিক্ৰী নহলেও সন্ধিয়াৰ লৈকে বহি ঘূৰি যাবলগা হয়। কাৰণ পুৱাৰ ভাগতে তেওঁলোকে চালানী মাছ বিক্ৰী কৰিবলৈৈ নিয়ে। যি মাছ বিয়লিৰ ভাগলৈ প্ৰায় বেয়া হোৱাৰ দৰে হয়গৈ।

অসমত মৎস্য ব্যৱসায়ৰ এক সুন্দৰ ভৱিষ্যত আছে। বিভিন্ন স্থানত বৰ্তমান নৱ প্ৰজন্মই মাছৰ খেতি কৰা দেখিবলৈ পোৱা যায়। মাছ পোহে এইসকল লোকে। মাছ বিক্ৰী কৰি তেওঁলোকে স্বাৱলম্বী হৈছে। কিন্তু ফিছফেডৰ দৰে এক ব্যৱস্থা তথা বিভাগ থকা স্বত্বেও বৰ্তমানৰ মাছ খেতিৰ প্ৰতি আগ্ৰহী লোকক কোনো সুবিধা দিব পৰা নাই।

নিলামৰ বাবে দিয়া বিজ্ঞাপন।

কিছু পৰিমাণে বেয়া হ'লে বাহনকেইখন ভাল কৰিবলৈও পইচা নাই বিভাগৰ। ইফালে ৰাজ্য চৰকাৰে মীন বিভাগক লৈ যিমানে অভিলাখী আঁচনিৰ কথা কলেও প্ৰকৃত ছবিখন ফিছফেডৰ দৰে ব্যৱস্থাত সংঘটিত অনিয়মে পোহৰলৈ আনে। মন্ত্ৰী পৰিমল শুক্লবৈদ্যৰ মীন বিভাগ এতিয়া এনেকৈয়ে চলিছে।

২০১৮ চনত ফিছফেডে অনলাইনৰ যোগেও মাছ বিক্ৰী কৰাৰ ব্যৱস্থা কৰিছিল। প্ৰথম অৱস্থাত চান্দমাৰী, দিছপুৰ, খানাপাৰা, ৰূপনগৰ ইত্যাদি স্থানত এই ব্যৱস্থা কৰিছিল। সেই সময়ৰ পৰিচালন সঞ্চালক ঘণকান্ত পেগুৱে আৰম্ভ কৰিছিল সেই ব্যৱস্থা। পিছে পৰিতাপৰ কথা সেই ব্যৱস্থা তিষ্টি থাকিব নোৱাৰিলে।

কাউন্টাৰৰ ভিতৰৰ পৰিৱেশ।

অসমত মাছৰ বজাৰখন সন্তোষজনক নোহোৱাৰ লগতে খেতি কৰা লোকসকলৰ বাবে নাই কোনো বিশেষ সুবিধাও। অসমত বৰ্তমান সময়ত প্ৰায় ৩.৯১ লাখ হেক্টৰতকৈ অধিক ঠাই পানীৰে আৱৰি আছে। কিন্তু সেই পৰিমাণে উৎপাদন নহয় মাছ। মাছ উৎপাদন কৰিলেও সেই মাছ বিক্ৰী কৰাৰ বাবে উপযুক্ত বজাৰৰো অভাৱ। তাৰে লগতে বৰ্তমান সময়ত হ্ৰাস পাইছে থলুৱা মাছৰ পৰিমাণো।

লিজত দিছিল মাটি।

বৰ্তমান সময়ত মীন আইন ভৰিৰে মোহাৰিও একাংশ লোকে মাছ ধৰে। ভাৰতীয় মীন আইন-১৮৯৭ৰ কেইটামান ধাৰা-

১) ১ এপ্ৰিলৰ পৰা ১৫ জুলাই পৰ্যন্ত ৭ ছেন্টিমিটাৰ/১৪ ছেন্টিমিটাৰ(২.৭ ইঞ্চি/৫.৫ ইঞ্চি)তকৈ কম বৰ্গৰ বেবজাল, মহাজাল, ফাঁচিজাল বা অন্য প্ৰকাৰৰ কোনো জাল কোনো ঘোষিত মীনমহল বা জলাশয়ত মৰা নিষেধ।

২) ১ ছেন্টিমিটাৰ/২ ছেন্টিমিটাৰ বৰ্গৰ যিকোনো মসাৰীজাল বছৰৰ যিকোনো সময়তে ব্যৱহাৰ কৰা নিষেধ।

৩) ১ এপ্ৰিলৰ পৰা ১৪ জুলাই পৰ্যন্ত মাছৰ প্ৰজননৰ সময়ছোৱাত ৰৌ, বাহু, মিৰিকা, চিতল, ক'লীয়াজৰা, কুঢ়ি আদিৰ গাভিনী মাছ কোনো মীন মহলত ধৰা নিষেধ।

৪) ১ আগষ্টৰ পৰা ৩১ অক্টোবৰ পৰ্যন্ত ৰৌ, বাহু, মিৰিকা, চিতল, কলীয়াজৰা, কুঢ়ি আদি মাছৰ ১০ ছেন্টিমিটাৰ(৩.৯ ইঞ্চি) দৈৰ্ঘ্যৰ কম পোনা খোৱাৰ বাবে বিক্ৰী কৰা নিষেধ। যদি এনেধৰণৰ মাছ ধৰে, তেনেহ'লে মীন বিভাগৰ লগত যোগাযোগ কৰি তাক মীন মহলত জীৱন্ত অৱস্থাত মেলাৰ ব্যৱস্থা কৰিব লাগে।

৫) ১ মে'ৰ পৰা ১৪ জুলাই পৰ্যন্ত কোনো নদী, বিল বা মীন মহলত ৭ বৰ্গ ছেন্টিমিতাৰ(২.৭ বৰ্গইঞ্চি)ৰ কোনো ধৰণৰ বাঁহেৰে নিৰ্মাণ কৰা মাছ ধৰাৰ সঁজুলি ব্যৱহাৰ কৰিব নোৱাৰিব।

থলুৱা মাছৰ সংখ্যা হ্ৰাস পোৱাৰ অন্তৰালত আছে বিভিন্ন কাৰণ। বৰ্তমান সময়ত প্ৰায়ে বহু স্থানত দেখিবলৈ পোৱা যায় বিহ দি মাছ মৰাৰ ঘটনা। এনে ঘটনাসমূহ বিশেষকৈ গ্ৰামাঞ্চলত অধিক দেখিবলৈ পোৱা যায়। খৰালি এই ঘটনা বেছিকৈ সংঘটিত হয়। ইয়াৰ বাবে বহুত মাছ অযথা মৃত্যুমুখত পৰি নষ্ট হয়। তাৰোপৰি চৰকাৰে কণী পাৰিবৰ সময়ত মাছ মৰাত নিষেধাজ্ঞা জাৰি কৰিলেও চোৰাংকৈ এই কাম চলি থাকে।

মাছ উৎপাদনত বিশেষ গুৰুত্ব নিদিয়ে মীন বিভাগেও। যাৰ বাবে বিভাগটোৰ নেতৃত্বৰ ফিছফেড চলি আছে অন্ধ্ৰপ্ৰদেশ, পশ্চিমবংগৰ দৰে স্থানৰ পৰা অহা চালানী মাছেৰে।

ফিছফেডত থকা চকিদাৰ সকলৰ বাবে থাকিবলৈও নাই উপযুক্ত স্থান। যাৰ বাবে দিনে-নিশাই কাম কৰি থকা এগৰাকী চকিদাৰ থাকিব লগীয়া হৈছে এখন গাড়ীত ট্ৰেইলৰত। তেওঁ এখন বাহনৰ সামগ্ৰী নিয়া ট্ৰেইলাৰত নিশা থাকে। কিমান ভয়াৱহ হ'ব পাৰে এই জীৱনৰ অভিজ্ঞতা। পৰিতাপৰ কথা যে, আন এগৰাকী চকিদাৰ থাকিবলগীয়া হৈছে এটা গুডাম ঘৰত। এনে এক স্থানত চকিদাৰগৰাকী আছে য'ত যিকোনো সময়তে চকিদাৰগৰাকীৰ গাত পৰিব পাৰে গুদামত সংৰক্ষণ কৰি ৰখা সামগ্ৰী।

চকিদাৰ ইয়াতে থাকে।

বিশ্ব স্বাস্থ্য সংস্থাৰ মতে প্ৰতিজন মাছ খোৱা নাগৰিকক, সম্পূৰ্ণ পৰিপুষ্টিৰ বাবে বছৰি নূন্যতম ১১ কেজি মাছৰ প্ৰয়োজন। কিন্তু সেই মাছো এতিয়া আমাৰ বাবে উপলব্ধ নহয়। তেনে হিচাপত চাবলৈ গ'লে অসমত বছৰি মাছৰ প্ৰয়োজন হয় ৩,৬০,০০০ মেট্ৰিক টন। কিন্তু অসমত মাছৰ উৎপাদনে সেই প্ৰয়োজন পূৰণ কৰিব পৰা নাই।

মাছক ব্ৰেইন ফুড বুলি কোৱা হয়। অৰ্থাত মগজুৰ খাদ্য। মাছত থকা বিভিন্ন ভিটামিনে আমাক না না প্ৰকাৰে সহায় কৰে। মাছত দেখা পোৱা যায় অ'মেগা-৩ এচিড। ইয়াৰ দ্বাৰা আমাৰ শৰীৰ বিভিন্ন ৰোগৰ পৰা মুক্ত হৈ থাকে। মীন পালনৰ ক্ষেত্ৰত ৰাজ্যৰ বিভিন্ন নিবনুৱাক অনুপ্ৰাণিত কৰিব পাৰিলে ৰাজ্যৰ মীন বিভাগৰ লগতে অজস্ৰ নিবুৱা যুৱক-যুৱতী লাভাবান্বিত হব। মীন পালনৰ বাবে প্ৰয়োজন হ'ব কাৰিকৰী জ্ঞান, বিজ্ঞানসন্মত পদ্ধতি, মাছৰ খাদ্য-ৰোগ সম্পৰ্কে জ্ঞানৰ।

এতিয়া এনেকৈ চলিছে এটা বিভাগ। বিভাগটোৰ নামত কোটি টকাৰ শৰাধ হৈছে। টকা পাইছে উচ্চ পদস্থ বিষয়া-কৰ্মচাৰীয়ে। কিন্তু একেসময়তে তিলতিলকৈ মৃত্যুৰ দিশেৰে গতি কৰিছে সাধাৰণ কৰ্মচাৰীসকল। পুৱা ৯ বজাৰ পৰা নিশাৰ লৈকে কাম কৰি তেওঁলোকে লাভ কৰিছে মাত্ৰ কেইটামান নগণ্য টকা। এইসমূহ কথাৰ প্ৰতি গুৰুত্ব নিদিলে ৰাজ্যৰ নিবনুৱা সমস্যা অধিক ভয়াৱহ হোৱাৰ সম্ভাৱনা প্ৰৱল। গতিকে যোগ্যতাৰ ভিত্তিত এগৰাকী বিষয়া নিযুক্তি দি ফিছফেড পৰিচালনা কৰিব নোৱাৰিলে মন্ত্ৰী পৰিমল শোক্লবৈদ্য মূৰ্দাবাদ ধ্বনি দিবলৈ বেছি সময় নালাগিব মাছ বিক্ৰী কৰি জীৱন নিৰ্বাহ কৰা হাজাৰ হাজাৰ লোকক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in