পঞ্চায়ত নিৰ্বাচনঃ মৃত্যুৰ পৰোৱানাত চহী কৰিলে নেকি অসমীয়াই?

পঞ্চায়ত নিৰ্বাচনঃ মৃত্যুৰ পৰোৱানাত চহী কৰিলে নেকি অসমীয়াই?

♦ মৃদুল কুমাৰ সন্দিকৈ

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলৰ ঘোষণা এতিয়াও সম্পূৰ্ণ হোৱা নাই। কিন্তু এই নিৰ্বাচনৰ ফলাফলৰ এক আভাস পোৱা গৈছে। পূৰ্বৰ দৰেই শাসনত থকা শাসকীয় দলৰ পক্ষতে গৈছে ৰায়। এই নিৰ্বাচনৰ ফলাফলক লৈ শাসকীয় বিজেপিয়ে উৎসাহ বা আনন্দত মতলীয়া হ'বলগীয়া বিশেষ কাৰণ নাই। কিন্তু অসমীয়া জাতিৰ বাবে এই নিৰ্বাচনৰ ফলাফল আছিল অতি গুৰুত্বপূৰ্ণ।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে ৰাজ্যজুৰি তীব্ৰ আন্দোলন গঢ়ি তোলা হৈছিল। সেই সন্ধিক্ষণত অনুষ্ঠিত পঞ্চায়ত নিৰ্বাচনত ৰাইজৰ মত প্ৰকাশ পাব বুলি সকলোৱে ভাবিছিল। কিন্তু এই নিৰ্বাচনে প্ৰমাণ কৰি দিলে যে অসমীয়া জাতিয়ে নিজৰ মৃত্যুৰ পৰোৱানাত নিজেই চহী কৰিলে। ফলাফল যিয়েই নহওক নিৰ্বাচনত লাভ কৰা প্ৰতিটো ভোট শাসকীয় বিজেপিয়ে নাগৰিকত্ব বিধেয়কৰ সপক্ষে বুলি ব্যাখ্যা কৰাৰ এক সুযোগ লাভ কৰিলে।

নাগৰিকত্ব বিধেয়কৰ বিৰুদ্ধে ৭০ জাতীয় সংগঠনে আন্দোলন অব্যাহত ৰাখিছে। কিন্তু এই ফলাফলৰ পিছত প্ৰশ্ন হৈছে এনে এখন জাতি ধ্বংসী বিধেয়কৰ বিৰুদ্ধে তৃণমূল পৰ্যায়লৈ এই সংগঠনসমূহৰ নেতৃত্বই বিধেয়কখনৰ ফলত সৃষ্টি হ'ব পৰা ভৱিষ্যতৰ ফল কি হ'ব সেই বাৰ্তা লৈ যোৱাত বিফল হ'ল নেকি? নে তথাকথিত জাতীয় সংগঠনসমূহৰ প্ৰতি ৰাইজৰ আস্থা সঁচা অৰ্থত নাছিল?

এতিয়া এই বিধেয়কখন আইনত পৰিণত কৰিবলৈ বিজেপিৰ নেতৃত্বই নিৰ্বাচনৰ ফলাফলক এক আধাৰ হিচাপে ব্যৱহাৰ কৰিব। ইতিমধ্যে ৰাজ্যিক বিজেপিৰ নেতৃত্বয়ো বিধেয়কখনৰ সপক্ষে সিদ্ধান্ত লৈ থৈছে। তাৰ পাছত স্বাভাৱিকতে উৎসাহিত হৈ পৰিছে বিজেপিৰ নেতৃত্ব। বিধেয়কখনৰ সমৰ্থনত তেওঁলোকে পঞ্চায়ত নিৰ্বাচনত দিয়া ৰায় বা তেওঁলোকে লাভ কৰা ভোটৰ শতাংশক তেওঁলোকৰ প্ৰতি ৰাইজৰ সমৰ্থন বুলি দাঙি ধৰিব।

পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে লোকসভা বা বিধানসভাৰ ফলাফল বুলি ভবা উচিত নহয়। গাঁও পৰ্যায়ত দল-মতৰ নিৰ্বিশেষে অতি ঘৰুৱাভাৱে থকা চিনাকি, আত্মীয়তা, প্ৰাৰ্থীৰ ভাৱমূৰ্তি আদিৰ প্ৰভাৱ পৰে। খুব কম সংখ্যাক ভোটাৰৰ মাজত সেই ফলাফল নিৰ্ণয় হোৱা বাবে সামূহিক অৰ্থত সেয়া কোনো দলৰ সপক্ষে বা বিপক্ষে জনসাধাৰণৰ ৰায় বুলি ক'ব পৰা নাযায়। কিন্তু এই সত্যক ঢাকি থৈ শাসকীয় দলৰ নেতৃত্বই ইয়াকে তেওঁলোকৰ পক্ষে ৰায় বুলি প্ৰচাৰ চলাব।

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ গৃহ সমষ্টিতে বিজেপিয়ে নিজৰ ভেটি ধৰি ৰাখিব পৰা নাই। দুখনকৈ গাঁও পঞ্চায়ত কংগ্ৰেছৰ হাতলৈ যোৱাৰ লগতে বাওঁ দলেও সমষ্টিটোত প্ৰভাৱ অক্ষুন্ন ৰাখিছে। শাসকীয় দলটোৰ নেতৃত্বৰ বাবে এয়া এক বাৰ্তা। একেদৰে অগপৰ সভাপতি অতুল বৰাই ভাবিব নোৱৰা ধৰণে পঞ্চায়ত নিৰ্বাচনত গৃহ সমষ্টিতে ৰাইজৰ প্ৰত্যাখ্যানৰ সন্মুখীন হৈছে। অনুৰূপ অৱস্থা হৈছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ। নিজ সমষ্টিত এখনো পঞ্চায়ত দখল কৰিব নোৱৰাতো ৰিপুন বৰাৰ বাবে ডাঙৰ বিফলতা।

অসমীয়া জাতি আৰু থলুৱাৰ অস্তিত্ব ৰক্ষাৰ বাবে নাগৰিকত্ব সংশোধনী বিধেয়ক আইনত পৰিণত কৰাৰ বিৰুদ্ধে যি আন্দোলন গঢ় লৈ উঠিছিল সেই আন্দোলনৰ ফলত শাসকীয় দলটোৱে পঞ্চায়ত নিৰ্বাচনত এনে ফলাফল লাভ কৰিব বুলি কল্পনা কৰিব পৰা নাছিল। ইয়াৰ বাবে দায়ী অগপও। দিছপুৰত চৰকাৰত থাকি গাঁও পঞ্চায়তত বিজেপিক গালি পাৰি নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰা অগপ দলে কোনো সুযোগ বা সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰিলে।

ইংৰাজীত এষাৰ কথা আছে- A bad decision is better than no decision। বিজেপিৰ ক্ষেত্ৰতো সেয়ে হ'ল। তেওঁলোকে এটা বেয়া সিদ্ধান্ত ল'লে। কিন্তু সেই সিদ্ধান্ত লোৱা নোলোৱা একে হ'ল। অগপৰ নেতৃত্বক বিজেপিয়ে বাৰে বাৰে অপমান কৰাৰ পাছতো, নাগৰিকত্ব সংশোধনী বিধেয়কৰ সন্দৰ্ভত জোৰদাৰ প্ৰতিবাদ সাব্যস্তৰে অতুল বৰা বা কেশৱ মহন্তই মন্ত্ৰীত্বৰ লোভ এৰিব নোৱাৰিলে।

দেখা পোৱা যায় কাউৰী আৰু কাপুৰুষে বাৰে বাৰে অপমান কৰিলেও সেই স্থান নেৰে। তাৰ বিপৰীতে তেনে অপমানবোধ কৰিলেই সেই স্থান এৰে হাতীয়ে। পঞ্চতন্ত্ৰৰ সাধুত থকা এই কথা অগপৰ ক্ষেত্ৰত খাটে। বাৰে বাৰে অপমানিত হৈয়ো অগপই নিৰ্বাচনৰ আগত বিজেপিৰ সংগ ত্যাগ কৰাৰ কথা নাভাবিলে। কিন্তু নিৰ্বাচন অকলে খেলিলে। বহুতে ভাবি ল'লে অগপৰ এয়া বিভ্ৰান্তিমূলক নাটক।

মহৎ লোকসকলৰ ক্ষেত্ৰত দেখা পোৱা যায় ভাগ্যই তেওঁলোকক কেঁচা মাল দিয়ে। সুযোগৰ সদ্ব্যৱহাৰেৰে সেই কেঁচা মালক উৎকৃষ্ট পণ্য সামগ্ৰীলৈ ৰূপান্তিৰত কৰে মহৎ লোকসকলে। যদি লোকসকলে এই সুযোগৰ সদ্ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়াহ'লে তেওঁলোকৰ কেঁচা মাল মূল্যহীন হৈ পৰে। অগপলৈ সোণালী সুযোগ আহিছিল। কিন্তু সেই সুযোগ অগপই গ্ৰহণ কৰিব নাজানিলে। জাতিতকৈ নেতৃত্বই ব্যক্তি স্বাৰ্থৰ প্ৰতি বেছি গুৰুত্ব দিয়াত সোণালী সুযোগৰ কোনো সুযোগেই অগপই পঞ্চায়ত নিৰ্বাচনত ল'ব নোৱাৰিলে। ইয়াৰ পিছত অগপৰ বাবে সুযোগ আহিবও পাৰে, নাহিবও পাৰে। সেই নিশ্চয়তা কাৰো হাতত নাই।

নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিম বুলি দৃঢ় প্ৰতিজ্ঞ হৈ থকা বিজেপিয়ে এতিয়া দম্ভ আৰু অহংকাৰে এই বিধেয়কখনৰ কথা উত্থাপন হ'লেই পঞ্চায়ত নিৰ্বাচনৰ প্ৰসংগ আৰু ফলাফল টানি আনিব। কিন্তু প্ৰকৃত ছবিখন তেওঁলোকে লুকুৱাই ৰাখি এখন ধূসৰ আৰু ৰহস্যময় ছবি ৰাইজৰ আগত দাঙি ধৰি ক'ব– পঞ্চায়ত নিৰ্বাচনৰ ফলাফলে বিজেপিৰ স্থিতিক সমৰ্থন জনালে ৰাইজে। মাত্ৰ দুবছৰ হৈছিল বিজেপি শাসনলৈ অহা। এই দুটা বছৰতে বিজেপিৰ স্থিতি সবল নে দুৰ্বল হ'ল সেই বিচাৰ কিন্তু তেওঁলোকে নকৰে। কামিহাড় ভাগি পৰা কংগ্ৰেছৰ উত্থান তেওঁলোকে ঢাকি থব। একেদৰে পৰিয়ালকেন্দ্ৰিক ৰাজনীতি আৰু অতি সাম্প্ৰদায়িক আদৰ্শৰে অসমৰ ৰাজনীতিত ফেক্টৰ হ'বলৈ যোৱা এআইইউডিএফ আৰু বদৰুদ্দিন আজমলৰ প্ৰভাৱ লাহে লাহে নাইকিয়া হৈ আহিছে।

এন আৰ চি, নাগৰিকত্ব সংশোধনী বিধেয়ক আদি ক্ষেত্ৰত পূৰ্বৰ সক্ৰিয়তা নাই এআইইউডিএফৰ। পঞ্চায়ত নিৰ্বাচনৰ এই ফলাফলে ৰাজনৈতিক দলবোৰলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে বুলি ক'ব নোৱাৰি। কিন্তু অসমীয়া জাতিৰ প্ৰতি সন্ধিক্ষণৰ মুহূৰ্তত এই ফলাফলে শাসকীয় বিজেপি দলক বিধেয়কখনৰ সপক্ষে স্থিতি ল'ব পৰাকৈ এক সুযোগ আনি দিছে। নিসন্দেহে এয়া হ'ব জাতিটোৰ বাবে সংকটৰ সময়। সকলো বুজিও যেন অসমীয়াই নিজৰ মৃত্যু পৰোৱানাত নিজেই চহী কৰি দিলে পঞ্চায়ত নিৰ্বাচনৰ জৰিয়তে!

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in