মুখ্য ন্যায়াধীশ ‘যদু-মধু’ নহয়!

মুখ্য ন্যায়াধীশ ‘যদু-মধু’ নহয়!

► মৃদুল কুমাৰ সন্দিকৈ

কোনোবাই কল্পনা কৰিব পাৰেনে, কোনো ভদ্ৰ লোকে এজন ভব্য-গব্য লোকক এইদৰে সম্বোধন কৰিব পাৰে বুলি? যদি সম্বোধন কৰাজন কোনো দায়িত্বশীল চৰকাৰী বিষয়া হয় আৰু যাক উদ্দেশ্যি এইধৰণৰ মন্তব্য কৰা হৈছিল তেওঁ যদি দেশৰ মুখ্য ন্যায়াধীশ হয় তেন্তে কল্পনা কৰক কি ধৰণৰ মানসিকতা হ'ব পাৰে এই মন্তব্য কৰা বিষয়াজনৰ? এয়া মিছা কথা বুলি কোৱাৰ কোনো অৱকাশ নাই। ১৬ অক্টোবৰ, ২০১৮ৰ বৰঝাৰ বিমান বন্দৰৰ প্ৰাংগনত সেই দৃশ্য বন্দী হৈছিল। এজন অতিৰিক্ত উপায়ুক্ত পদবীধাৰী বিষয়াৰ এই দম্ভালিপূৰ্ণ আচৰণ খোদ দেশৰ মুখ্য ন্যায়াধীশৰ প্ৰতি। গাৰ্ড অৱ অ'নাৰ গ্ৰহণৰ বাবে তেওঁ কনভয় বিমান বন্দৰৰ মূল গেটৰ পৰা আগবাঢ়ি আহিছিল সেই সময়ত। গাড়ী কনভয় দেখিয়ে দায়িত্বশীল বিষয়াজনে চিঞৰিছিল- 'সেইটো আহিছে, বন্ধ কৰক…। বজা, বজা, বজা…।'

ন্যায়াধীশ দীপক মিশ্ৰই অৱসৰ গ্ৰহণ কৰাৰ পাছত দেশৰ ৪৪ সংখ্যক মুখ্য ন্যায়াধীশৰূপে শপতগ্ৰহণ কৰিছিল অসম সন্তান ৰঞ্জন গগৈয়ে। উত্তৰ-পূৰ্বাঞ্চলৰ পৰা এই শীৰ্ষ পদবীত অধিষ্ঠিত হোৱা তেওঁৱেই প্ৰথম। ৩ অক্টোবৰত শপতগ্ৰহণ কৰাৰ পূৰ্বে ন্যায়াধীশ ৰঞ্জন গগৈ অসমলৈ আহিছিল। তাৰপাছত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে শপত বাক্য পাঠ কৰাই উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ নিযুক্তিৰ আনুষ্ঠানিকতা সম্পূৰ্ণ কৰাৰ পাছত ১৬ অক্টোবৰৰ এই ভ্ৰমণ আছিল মুখ্য ন্যায়াধীশৰূপে তেখেতৰ প্ৰথমটো গৃহ ৰাজ্য ভ্ৰমণ।

ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে সেই ভিডিঅ'। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ মানেই দেশৰ শীৰ্ষ পদবীসমূহৰ ভিতৰত অন্যতম। ৰাষ্ট্ৰপতিয়ে মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কৰাই আৰু মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰায়। নিযুক্তিৰ সাংবিধানিক আনুষ্ঠানিকতা সম্পূৰ্ণ কৰা হয়। তেনেস্থলত সামান্য এজন অতিৰিক্ত উপায়ুক্তৰ এই স্পৰ্ধাক কি আখ্যা দিব পাৰি?

ৰঞ্জন গগৈৰ জন্ম হৈছিল ১৯৫৪চনৰ ১৮ নবেম্বৰত। ডিব্ৰুগড়ৰ ড'ন বস্ক' হাইস্কুলত শিক্ষাগ্ৰহণ কৰি দিল্লীত উচ্চ শিক্ষা লৈছিল তেখেতে। অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কেশৱ চন্দ্ৰ গগৈৰ পুত্ৰ  মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে ১৯৭৮চনতে অধিবক্তা হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল। ২০১৯ৰ ১৭ নবেম্বৰলৈ মুঠ ১৩ মাহ সময় এই শীৰ্ষ পদবীত কাৰ্যনিৰ্বাহ কৰিব মুখ্য ন্যায়াধীশগৰাকীয়ে।

২০০১চনৰ ২৮ ফেব্ৰুৱাৰীত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰিছিল তেওঁ। তাৰপৰা গৈ পৰ্যায়ক্ৰমে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা ৰঞ্জন গগৈৰ প্ৰতি গৃহ ৰাজ্যৰ এজন অসমীয়া বিষয়াৰ এই স্পৰ্ধাক লৈ এতিয়া তুমুল বিতৰ্কৰ সৃষ্টি হৈছে। শেহতীয়া অসম ভ্ৰমণত কেৱল তেওঁ এনে পৰিস্থিতিৰে সন্মুখীন হোৱা নাছিল। ১৭ অক্টোবৰ, ২০১৮ৰ দিনা কামাখ্যা মন্দিৰ দৰ্শনলৈ পুৱাই গৈছিল ৰঞ্জন গগৈ। পত্নীৰ সৈতে এইগৰাকী দেশৰ মুখ্য ন্যায়াধীশ কামাখ্যা মন্দিৰলৈ গৈ আন এক অবাঞ্চিত পৰিস্থিতিৰ সন্মুখীন হৈছিল। সেয়া আছিল সেই সময়ত কামাখ্যা মন্দিৰ দৰ্শনৰ বাবে গৈছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ, মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। অমিত শ্বাহৰ কামাখ্যা দৰ্শনৰ সময়্ত মন্দিৰৰ চৌহদত বিজেপিৰ বহু সমৰ্থক সমবেত হৈছিল। সেয়েহে ভিৰৰ মাজত আৱদ্ধ হৈ দিশহাৰা হৈ পৰিছিল খোদ মুখ্য ন্যায়াধীশগৰাকী।

চৰম অপমানবোধ কৰি সেই মুহূৰ্ততে কামৰূপ মহানগৰ উপায়ুক্তক মাতি আনি নিজৰ অসন্তুষ্টি ব্যক্ত কৰিবলগা হৈছিল মুখ্য ন্যায়াধীশগৰাকীয়ে। এজন সাধাৰণ লোকৰ দৰে প্ৰ'টকলৰ মাজত থকা মুখ্য ন্যায়াধীশগৰাকী সন্মুখীন হোৱা এই পৰিস্থিতি কিন্তু সাধাৰণ বুলি গণ্য কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশৰ অসম ভ্ৰমণৰ সন্দৰ্ভত ১১ অক্টোবৰতেই ডব্লিউ টি মেছেজযোগে গৃহ মন্ত্ৰণালয়ে ৰাজ্যৰ মুখ্য সচিবক অৱগত কৰাইছিল। ইয়াৰ কাৰণ আছিল- মুখ্য ন্যায়াধীশৰ এই ভ্ৰমণৰ বাবে যাৱতীয় ব্যৱস্থা যাতে কৰা হয়। ১২ অক্টোবৰত সেই অনুসৰি সংশ্লিষ্ট বিষয়াক নিৰ্দেশ দিছিল দিছপুৰে। কিন্তু তাৰ পাছতো এনে অপমান কিয় কৰা হ'ল দেশৰ মুখ্য ন্যায়াধীশ গৰাকীৰ প্ৰতি।

সাংবিধানিক আৰু প্ৰ'টকল অনুসৰি অমিত শ্বাহতকৈ বহু বেছি গুণেই গুৰুত্বপূৰ্ণ ব্যক্তি আছিল মুখ্য ন্যায়াধীশগৰাকী। তেওঁক গাৰ্ড অৱ অ'নাৰ প্ৰদান কৰা অনুষ্ঠানত বৰঝাৰত ৰাজ্যৰ এজন বৰমূৰীয়া বিষয়া উপস্থিত থকাৰ প্ৰয়োজন আছিল। কিন্তু সেয়া তেওঁৰ প্ৰতি কৰা নহ'ল। তাৰ বিপৰীতে 'সেইটো আহিছে' জাতীয় মন্তব্যৰে চৰম উপলুঙা কৰিলে মুখ্য ন্যায়াধীশগৰাকীক। আচলতে এয়া ৰঞ্জন গগৈক কৰা অপমান নহয়, এই অপমন দেশৰ ন্যায়িক ব্যৱস্থাৰ শীৰ্ষ পদৰ প্ৰতি চৰম উপলুঙা সূচক মন্তব্য। ইয়াৰ বাবে সংশ্লিষ্ট বিষয়াজনৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে কি ব্যৱস্থা লয় সেয়া কিন্তু লক্ষণীয় হ'ব। নিশ্চয় কৈ মুখ্য ন্যায়াধীশ গৰাকীৰ প্ৰতি এনে উপলুঙাসূচক মন্তব্য কোনো কাৰণতেই গ্ৰহণযোগ্য হ'ব নোৱাৰে।

কি কাৰণত অসমৰ সন্তান তথা দেশৰ মুখ্য ন্যায়াধীশ গৰাকীক এই অপমান কৰা হ'ল? অমিত শ্বাহতকৈ তেওঁক প্ৰশাসনে কিয় গুৰুত্ব নিদিলে। আচলতে গুৰুত্ব পাব লাগিছিল কোনে? ৰাজ্য চৰকাৰৰ প্ৰশাসনৰ সেই বিচাৰ-বিবেচনা নহ'ল কিয়? অমিত শ্বাহ আৰু মুখ্য ন্যায়াধীশগৰাকীক একে সময়তে কামাখ্যা দৰ্শনৰ বাবে প্ৰশাসনে কিয় নিব লগা হ'ল?

অসমৰ সন্তান আৰু অসমীয়া হোৱাৰ বাবেই এনে শীৰ্ষ পদবীত থকাৰ পাছতো তেওঁৰ প্ৰ'টকলৰ কথা পাহৰি ৰাজ্যৰ প্ৰশাসনীয় বিষয়াসকলে এই চৰম অপমান কৰিলে নেকি মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক? কামাখ্যা দৰ্শনৰ সময়ত ৰঞ্জন গগৈ সন্মুখীন হোৱা পৰিস্থিতি যদি আন কোনো বাহিৰৰ ন্যায়াধীশ বা মুখ্য ন্যায়াধীশৰ দৰে পদবীত থকা লোক সন্মুখীন হ'ল হয় তেন্তে কি উত্তৰ দিলে হেতেন ৰাজ্য চৰকাৰে?

মুখ্য ন্যায়াধীশৰ দায়িত্ব লৈয়ে অতি কঠোৰভাৱে ন্যায়িক ব্যৱস্থা সংস্কাৰ সাধনৰ চেষ্টা কৰিছে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে। এই আৰম্ভণি আৰু পূৰ্বৰ মুখ্য ন্যায়াধীশৰ প্ৰতি মুকলি বিদ্ৰোহ, চৰকাৰৰ বিৰুদ্ধে অধিক কঠোৰ হোৱাৰ বাবেই মুখ্য ন্যায়াধীশগৰাকীক ইচ্ছাকৃতভাৱে অৱহেলা কৰা হ'ল নেকি? ইয়াৰ অন্তৰালত ৰাজনৈতিক আৰু শাসক গোষ্ঠীৰ দ্বাৰাই প্ৰভাৱান্বিত কোনো শক্তিয়ে সেই অপমানজনক ঘটনাৰ বাবে কাৰোবাক প্ৰৰোচনা কৰিছিল নেকি? সেই কথাও বিচাৰ কৰিব লগা।

মুখ্য মন্ত্ৰী, জ্যেষ্ঠ মন্ত্ৰীৰ উপস্থিতিত কামাখ্যাত মুখ্য ন্যায়াধীশগৰাকী সন্মুখীন হোৱা পৰিস্থিতিৰ বাবে দুজন বিষয়াক ইতিমধ্যে নিলম্বন কৰা হৈছে। সেই সময়্ত কামাখ্যাত মুখ্য ন্যায়াধীশৰ ভ্ৰমণৰ দায়িত্বত থকা উপ-আৰক্ষী আয়ুক্ত ভৱৰলাল মীনা আৰু অতিৰিক্ত উপায়ুক্ত প্ৰশান্ত প্ৰতিম কাঠকটীয়াক নিলম্বন কৰা হৈছে। এই অস্বস্তিকৰ পৰিস্থিতিৰ সন্মুখীন হৈয়ে কামাখ্যা মন্দিৰৰ পৰা আৱৰ্ত ভৱনলৈ ঘূৰি আহি মুখ্য ন্যায়াধীশগৰাকীয়ে তলব কৰিছিল ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰক। মুখ্য সচিব গৰাকীক মুখ্য ন্যায়াধীশ গৰাকীয়ে সেইদিনা সাক্ষাৎ নকৰি তেখেতৰ এজন বিষয়াৰ হতুৱাই এই বাৰ্তা প্ৰেৰণ কৰিছিল যে- কামাখ্যা মন্দিৰত যি পৰিস্থিতিৰ সন্মুখীন হ'ল সেয়া অত্যন্ত দুৰ্ভাগ্যজনক।

তাৰপাছতহে গা লৰিছিল ৰাজ্যৰ প্ৰশাসনৰ। দিছপুৰে হয়তো ভাবিছিল- মুখ্য ন্যায়াধীশগৰাকীতকৈ শাসনত থকা ৰাষ্ট্ৰীয় দলটোৰ সভাপতি গৰাকী তেওঁলোকৰ বাবে গুৰুত্বপূৰ্ণ। ইফালে বৰঝাৰ বিমান বন্দৰত মুখ্য ন্যায়াধীশগৰাকীক 'সেইটো আহিছে' বুলি তুচ্ছ-তাচ্ছিল্য কৰা বিষয়াগৰাকীয়ে ভবাই নাছিল সেই সময়ত সংবাদ মাধ্যমৰ লোকেৰে ভৰি আছিল সেই স্থান। চৰকাৰী বিষয়া হোৱাৰ সূত্ৰে তেওঁৰ ওপৰত অৰ্পণ কৰা দায়িত্ব কাৰ্যকৰী কৰিবলৈ আৰু মুখ্য ন্যায়াধীশ গৰাকীক গাৰ্ড অৱ অ'নাৰ সন্মান প্ৰদান কৰাৰ দৰে গধুৰ দায়িত্বত নিয়োজিত ৰাজ্য চৰকাৰৰ এজন দায়িত্বশীল প্ৰতিনিধিৰূপে মুখ্য ন্যায়াধীশৰ প্ৰতি এনে বাক্যবাণ অত্যন্তই দুৰ্ভাগ্যজনক আছিল।

এই বিষয়াজনৰ বিৰুদ্ধে নিশ্চয় ন্যায়িক ব্যৱ্স্থাই কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। নহ'লে এইদৰে মুখ্য ন্যায়াধীশগৰাকীকে অপমান কৰি নিজৰ দম্ভ আৰু অহংকাৰ তথা প্ৰতিপত্তি জাহিৰ কৰিব খোজা সংশ্লিষ্ট বিষয়াজনৰ এই মানসিকতাৰ জৰিয়তে ৰাজ্য চৰকাৰৰ অবঞ্জাসূচক মনোবৃত্তিৰ প্ৰতিফলন ঘটিল নেকি?

অসমৰ সন্তান হ'লেও মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে পাব লগা সন্মান গৃহ ৰাজ্যতে দিয়াত ৰাজ্যৰ প্ৰশাসনে কৃপণালী কৰিলে। চৰকাৰী প্ৰশাসনিক বিষয়াৰ দ্বাৰা অপদস্থ হৈ চৰম অপমানবোধ কৰা কাৰ্যত এতিয়া সকলোৱে উদ্বেগ ব্যক্ত কৰিছে। কঠোৰ ভাষাৰে গৰিহণা দিছে। এগৰাকী মুখ্য ন্যায়াধীশক সন্মান কৰাৰ সলনি 'সেইটো আহিছে' বুলি প্ৰথমে অপমান কৰি গাৰ্ড অৱ অ'নাৰ সন্মান যচাৰ অৰ্থ কি থাকিল? ইফালে দেশৰ মুখ্য ন্যায়াধীশগৰাকীক এক ৰাজনৈতিক দলৰ সমৰ্থকৰ মাজত আৱদ্ধ কৰি ৰাখি ৰাজনৈতিক নেতাৰ সেৱাত ব্যস্ত হোৱা চৰকাৰী প্ৰশাসন যন্ত্ৰই সকলো জানিও তেওঁৰ এই ভ্ৰমণৰ বাবে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাছিল নেকি?

অসমৰ এজন সুযোগ্য সন্তানে দেশৰ মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাত যি গৰ্ববোধ কৰিছিল, সেই গৰ্ব আৰু আনন্দবোধৰ যৱনিকা পেলাই প্ৰথমটো গৃহ ৰাজ্য ভ্ৰমণতে মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈক চৰম উপেক্ষা আৰু অপমান কৰা হ'ল। এনে ধৃষ্টতা প্ৰদৰ্শন কৰিবলৈ নিশ্চয় এজন অতিৰিক্ত উপায়ুক্তৰ বা ডি চি পিয়ে সাহস কৰিব নোৱাৰে। ইয়াৰ অন্তৰালত নিশ্চিতভাৱে এনে কিছু কাৰক থাকিব লাগিব, যিবোৰ কাৰক ৰাজনৈতিক আৰু সামগ্ৰিকভাৱে শীৰ্ষ মহলৰ পৰা পৰিচালিত হোৱাৰ সন্দেহ ৰৈ যায়। কিয়নো মুখ্য ন্যায়াধীশৰূপে নিযুক্তি লাভ কৰাৰ পূৰ্বেই মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে চৰকাৰক সতৰ্ক কৰি দিছিল- 'সদায় এনেদৰে নচলিব ন্যায় ব্যৱস্থা। আহি আছো মই…।'

সেই কঠোৰ স্থিতি আৰু দমনীয় নীতিৰ বাবেই কোনোবাই যদি দেশৰ মুখ্য ন্যায়াধীশগৰাকীৰ প্ৰতি এনে ব্যৱহাৰ কৰিবলৈ কাৰোবাক উৎসাহিত কৰিছে, সেই কথাবোৰো পোহৰলৈ অহাৰ প্ৰয়োজন। এগৰাকী অসমীয়া হ'লেও তেখেত মুখ্য ন্যায়াধীশ। সেই কথা পাহৰি গ'ল ৰাজ্য চৰকাৰে, দিছপুৰ প্ৰশাসনে। তাতোকৈ এখোপ ওপৰলৈ গৈ অতি সাধাৰণ লোককো সম্বোধন নকৰা শব্দৰে এজন চৰকাৰী বিষয়াই মুখ্য ন্যায়াধীশগৰাকীকে 'সেইটো আহিছে' বুলি কৰা মন্তব্য সঁচাকৈয়ে অতি পৰিতাপৰ বিষয়।

এই ধৰণৰ ব্যৱহাৰ খোদ মুখ্য ন্যায়াধীশৰ প্ৰতি কৰিব পৰা বিষয়াসকলে সাধাৰণ লোকক কেনে ব্যৱহাৰ কৰিব পাৰে সেয়া কল্পনাই কৰিব নোৱাৰি। মুখ্য ন্যায়াধীশ গৰাকীক অপমান কৰা এইজন বিষয়াৰ শাস্তি হ'ব কেতিয়া? বৰঝাৰৰ ঘটনাক লৈ পুনৰ বিতৰ্কৰ মাজলৈ ঠেলি দিয়া এই ঘটনাৰ খলনায়কজনক পূৰ্বৰ দৰেই সুৰক্ষা দিবলৈ দিছপুৰৰ এক চক্ৰ উঠি-পৰি লাগিব? কিন্তু খোদ মুখ্য ন্যায়াধীশ গৰাকীক 'সেইটো আহিছে' সম্বোধন কৰা এজন অতিৰিক্ত উপায়ুক্তই এইবাৰ ৰক্ষা পাবনে? ন্যায়িক ব্যৱস্থাৰ প্ৰতি ভেঙুচালি কৰা এইজন বিষয়াৰ শাস্তি হ'ব কেতিয়া?

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in