হোৱাটচ এপৰ পৃথিৱী…

হোৱাটচ এপৰ পৃথিৱী…

মৃদুল কুমাৰ সন্দিকৈ

হোৱাটচ এপ নহ'লে যেন এতিয়া নচলে। গাঁৱে ভূঁঞে সকলোতে এতিয়া হোৱাটচ এপ। এনৰইড মোবাইল নথকা মানুহ নাই বুলিয়েই ক'ব পাৰি। সেয়েহে হোৱাটচ এপৰ অন্য এখন পৃথিৱী গঢ় লৈ উঠিছে। মানুহৰ সম্বন্ধবোৰ, মানুহৰ ভাৱ-অনুভূতিবোৰ প্ৰকাশৰ অন্যতম মাধ্যম হৈ পৰিছে এই হোৱাটচ এপ।

পৰিয়ালে পৰিয়ালে এতিয়া হোৱাটচ এপৰ গ্ৰুপ। কিবা এটা আয়োজন কৰিবলৈও যোগাযোগৰ সহজ মাধ্যম হৈ পৰিছে হোৱাটচ এপ। সংযোগ স্থাপনৰ প্ৰাথমিক আধাৰ হৈ পৰা হোৱাটচ এপত আছে বহু সুবিধা।

বিশেষকৈ পৰিয়ালৰ সদস্য সকলৰ মাজত খোলা এই হোৱাটচ এপ গ্ৰুপবোৰে বেছ জনপ্ৰিয়তা আৰু এৰাব নোৱাৰা অংগ হৈ পৰিছে। কাৰোবাৰ কিবা খবৰ দিব লগা থাকিলে কোনোবা এজনে হোৱাটচ এপত দি দিলেই সেই খবৰ প্ৰতিজন লোককেই আৰু দিব লগা নহয়।

কথাটো আজি তথ্য প্ৰযুক্তিৰ দৃষ্টিভংগীৰে তেনেই সাধাৰণ যেন লগা কথা। শিক্ষা, সমাজ, ৰাজনীতি, সংস্কৃতি সকলোতে হোৱাটচ এপে শিকাইছে। বাৰ্তা বিনিময়ৰ বাবে হোৱাটচ এপত উপলব্ধ সুবিধা সহজ ব্যৱহাৰ আদিৰ বাবে মানুহে ইয়াক এনেদৰে ব্যৱহাৰ কৰিব লৈছে যে হোৱাটচ এপ নথকা কোনোবা লোক এই পৃথিৱীৰ পৰাই যেন সংযোগহীন হৈ থাকে।

ব্যস্ততাৰ মাজতো পিতৃ- মাতৃয়ে হোৱাটচ এপৰ মেছেজ বোৰ চাই থাকিব লগা হয় এইকাৰণেই যে বিদ্যালয় সমূহতো সৰু সৰু ছাত্ৰ-ছাত্ৰীৰ বাবে নীতি-নিৰ্দেশনা দিবলৈ থাকে একো একোটা হোৱাটচ এপ গ্ৰুপ।

প্ৰতিখন বিদ্যালয়তে ইয়াৰ ব্যৱহাৰ মন কৰিবলগীয়া। লকডাউনৰ সময়ত হোৱাটচএপৰ ব্যৱহাৰ আৰু বাঢ়িল। কোনো কাৰো কাষলৈ যাব নোৱাৰা সেই সময়খিনি হোৱাটচ এপৰ জৰিয়তে কৰিব পৰা এটা ভিডিঅ'কলে যথেষ্ঠ সকাহ দিছিল।

হোৱাটচএপ বিহীন সময়ৰ কথা আজি মানুহে কল্পনাই কৰিব নোৱাৰে। পৰিয়ালবোৰত আগতে পৰিয়ালৰ সদস্য সকলে খোৱাৰ সময়ত একেলগে আহাৰ গ্ৰহণ কৰাৰ অন্তত দিনটোৰ বহু খবৰ বিনিময় কৰিছিল।

বিশেষকৈ নিশাৰ সাজ গ্ৰহণ কৰাৰ পাছত এই সময়খিনি আছিল পৰিয়ালটোৰ সকলো সদস্যই কথা পতা, বিভিন্ন পৰিক্লপনাৰ বিষয়ে আলচ কৰাৰ উত্তম সময়। অসমীয়া সমাজত সেই পৰম্পৰা অতি মন কৰিবলগীয়া।

ঘৰৰ জ্যেষ্ঠজনৰ উপস্থিতিত নিশাৰ সাজ একেলগে খোৱাতো আদৰ্শ অসমীয়া পৰিয়ালৰ অলিখিত নিয়ম আছিল। পৰিয়ালৰ সদস্য সকল বিভিন্ন কাৰণত আজি কালি পৃথক পৃথক স্থানত থাকিবলগীয়া হয়। বৃত্তিগত বা আন কাৰণটো ঘৰৰ জীয়ৰী বাহিৰলৈ উলিয়াই দিয়াৰ পাছত ঘৰখনলৈ তেওঁলোক আহিব নোৱাৰাত যোগসূত্ৰ কৰবাত বিচ্ছিন্ন হৈ পৰে।

দীৰ্ঘদিনৰ বিৰতিৰ অন্তত সংযোগ স্থাপন হ'লেও ইয়াৰ ধাৰাবাহিকতা নাথাকে। কিন্তু এতিয়া হোৱাটচ এপৰ এই গ্ৰুপবোৰে এটা পৰিয়ালক বিভিন্ন স্থানত থকাৰ পাছতো এখন ঘৰৰ দৰে বান্ধি পেলাইছে।

সুখ-দুখ, ভাল লগা মুহুৰ্ত, বিভিন্ন বিষয়ৰ আলোচনা এই গ্ৰুপবোৰৰ জৰিয়তে পৰিয়ালৰ সদস্য সকলে কৰিব লৈছে। সাহিত্য সংস্কৃতিৰ পৰা আৰম্ভ কৰি ৰাজনীতিৰ বিভিন্ন দৃষ্টিভংগী এই মাধ্যমৰ জৰিয়তে বিনিময় কৰি প্ৰতিজন লোকক ওচৰ চপাই নিয়া এই মানসিক কচৰৎক বহু পৰিয়ালে সৎ ব্যৱহাৰ কৰিছে।

ইয়াৰ জৰিয়তে পৰিয়ালৰ সদস্য সকলে আড্ডা মাৰে, মনে মিলা লোকসকলে গ্ৰুপ কৰি কথা পাতে, বৃত্তিগত ভাৱেও একেই বৃত্তিৰ লোকসকলে হোৱাটচ এপৰ জৰিয়তে সমন্বয় ৰক্ষা কৰে, খবৰ বিনিময় কৰে। ইয়াৰ ব্যৱহাৰ বহুমত্তিক।পৰিয়ালৰ ক্ষেত্ৰত এই গ্ৰুপ বোৰৰ প্ৰভাৱ আৰু ব্যৱহাৰৰ সুক্ষ্ম পৰ্যবেক্ষণৰ প্ৰয়োজন আছে।

ইয়াত আছে সকলোৰে কথা কোৱাৰ স্বাধীনতা, আলোচনাত ভাগ লোৱা সুবিধা আৰু যিকোনো মুহুৰ্ততেই সেই মাধ্যমৰ জৰিয়তে আত্মপ্ৰকাশ কৰি প্ৰতিক্ৰিয়া ব্যক্ত কৰাৰ সুযোগ।অভিজাত পৰিয়ালৰ পৰা আৰম্ভ কৰি নিম্ন মধ্যবিত্তৰ পৰিয়াললৈকে হোৱাটচ এপ গ্ৰুপে সেই সুযোগ আনি দিছে।

পৰিয়ালৰ এখন ভাল লগা ফটো, কাৰোবাৰ সফলতাৰ কথা, কেতিয়াবা প্ৰিয়জনক হেৰুওৱা বেদনা এই হোৱাটচ এপৰ জৰিয়তে এতিয়া বহুজনৰ কাষলৈ যায়। পৰিয়ালৰ এনে ডিজিটেল সম্বন্ধই ক্ষন্তেকৰ বাবে হ'লেও মানুহক সুখানুভূতি বা আৱেগিক কৰি তুলিব পাৰে।

এটা পৰিয়ালৰ সদস্য সকলৰ মাজৰ নতুন সম্বন্ধ গঢ় দিয়া হোৱাটচ এপে যি ধৰণে সুবিধা দিছে সেই একেধৰণে একেটা ঘৰতে থকা পৰিয়ালৰ সদস্য সকলক ওচৰত থাকিও নিলগাই ৰাখিছে। মোবাইল ফোনৰ জৰিয়তে হোৱাটচ এপৰ মাধ্যমেৰে বাৰ্তা বিনিময় কৰাৰ ফলত স্বাভাৱিক আন্তৰিক টানবোৰ যেন কৰবাত হানি বিঘিনি হৈছে।

ইতিবাচক, নেতিবাচক এনে দুয়োটা দিশৰ লগতে হোৱাটচ এপ বিহীন আজিৰ সময়ৰ কথা কল্পনাই কৰিব নোৱাৰি। সকলো ক্ষেত্ৰতে হোৱাটচ এপৰ ব্যৱহাৰ প্ৰায় বাধ্যতামূলক হোৱাৰ দৰে হৈছে। ই যোগাযোগৰ সহজ, ক্ষীপ্ৰ আৰু কম খৰচী মাধ্যম হোৱাৰ বাবেই মানুহে আদৰি লৈছে।সেয়েহে এতিয়া তলে তলে হোৱাটচ এপৰো এখন নতুন পৃথিৱী গঢ় লৈ উঠিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in