মোডীক নহয়, ধন্যবাদ আজি ৰতন টাটক…

মোডীক নহয়, ধন্যবাদ আজি ৰতন টাটক…

মৃদুল কুমাৰ সন্দিকৈ

ধন বহু মানুহৰেই থাকে। নাথাকে মন।ধন আৰু সমাজৰ বাবে কিবা এটা কৰাৰ মন থকা এক ব্যক্তিত্বৰ নাম ৰতন টাটা। অসাধাৰণ হৈয়ো তেওঁ সাধাৰণ।মানুহক সমাজক প্ৰাণ ভৰি ভালপোৱা আৰু সমাজৰ হ'কে উচৰ্গিত এটা নাম ৰতন টাটা।

২৮ এপ্ৰিল, ২০২২ত অসমলৈ আহিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। আহিছিল বিশিষ্ট উদ্যোগপতি ৰতন টাটাও। প্ৰধানমন্ত্ৰীক আদৰিবলৈ লগোৱা হৈছিল প্ৰান্তে প্ৰান্তে বিশাল হোৰ্ডিং। কিন্তু ৰতন টাটাৰ বাবে নাছিল কোনো আয়োজন।

সামাজিক মাধ্যমত প্ৰধানমন্ত্ৰীৰ এই অসম ভ্ৰমণ চৰ্চা নহ'ল, চৰ্চা হ'ল ৰতন টাটাৰ বৈদন্যতা।কিয়নো তেওঁ যি কাম কৰিলে সেই কামেই অসমৰ ৰাইজৰ মন মুহিলে। দেশৰ চিকিৎসা সেৱাৰ ইতিহাসত এক অভিলেখ ৰচিলে অসমে। ডিব্ৰুগড়ত অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেশ্যন আৰু টাটা ট্ৰাষ্টৰ যুটীয়া উদ্যোগত নিৰ্মাণ কৰা ৭খন অত্যাধুনিক পূৰ্ণ পৰ্যায়ৰ কেন্সাৰ হাস্পাতাল উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে।

অসম চিকিৎসা মহাবিদ্যালয় আৰু হাস্পাতালত ডিব্ৰুগড় কৰ্কট কেন্দ্ৰ উদ্বোধন কৰাৰ লগতে প্ৰধানমন্ত্ৰীয়ে ৰাজ্যৰ আন ৬টা কেন্দ্ৰত উদ্বোধন কৰা এই কৰ্কট কেন্দ্ৰ কেইটা আছে বৰপেটা, তেজপুৰ, যোৰহাট, দৰং, কোকৰাঝাৰ আৰু লখিমপুৰত। এই অনুষ্ঠানতেই গোৱালপাৰা, ধুবুৰী, নগাঁও, গোলাঘাট, শিৱসাগৰ,তিনিচুকীয়া, নলবাৰীত নিৰ্মাণ হ'ব লগা আন ৭টা কৰ্কট কেন্দ্ৰৰ আধাৰশিলাও স্থাপন কৰা হয়।

অসম চৰকাৰ আৰু টাটা ট্ৰাষ্টৰ উদ্যোগত এই যৌথ পদক্ষেপে কৰ্কট ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত দেশৰ ভিতৰতে অসমক আন এক মাত্ৰা প্ৰদান কৰিব। অসম কেন্সাৰ কেয়াৰ ফাউণ্ডেচনৰ অধীনত তিনিটা পৰ্যায়ত বিতৰণ যোগ্য কৰ্কট সেৱা আৰ্হি সম্পন্ন এই কৰ্কট কেন্দ্ৰ সমূহত থাকিব কেমথেৰাপি, ৰ'বটিকচ চাৰ্জাৰী, ব'নমেৰ' ট্ৰান্স প্লান্ট, নিউক্লিয়াৰ মেডিচিন, ষ্টেম চেল ৰিচাৰ্চ আদি অত্যাধুনিক সুবিধা।

এয়া কেৱল অসমৰ বাবেই নহয়, দক্ষিণ এছিয়াৰ বাবে এক সৰ্ববৃহৎ আৰু সুলভ কৰ্কট ৰোগ চিকিৎসাৰ আধাৰ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত প্ৰধানমন্ত্ৰী  মোডীয়ে এই অনুষ্ঠানত অংশ লৈ বহু কথা ক'লে যদিও মানুহে সেই অনুষ্ঠানত উপস্থিত থকা ৰতন টাটাৰ কথাহে মনত ৰাখিলে।

বয়স তেওঁৰ বহু হৈছে। ৰতন টাটাই ক'লে সমগ্ৰ বিশ্বই এতিয়া দৃষ্টি নিক্ষেপ কৰিব কিদৰে অসমৰ দৰে এখন সৰু ৰাজ্যই সমগ্ৰ দেশৰ জনগণক কেন্সাৰ ৰোগৰ উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সক্ষম হৈছে। অসমক এনে এখন ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ তেওঁ কৰা প্ৰয়াসৰ কথাও দোহাৰে।

ৰতন টাটা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ দুয়োটা ভাষণ মানুহে শুনিলে। প্ৰধানমন্ত্ৰী আহিব বুলি কিমান যে প্ৰস্তুতি। প্ৰধানমন্ত্ৰী মোডীৰ ডিঙিত ওলমাই দিয়া হ'ল ভালৰো ভাল গামোচাখন আৰু ৰতন টাটাৰ ডিঙিত। তেওঁক সেইবোৰ নালাগে।

মানৱ দৰদী এই সত্বাই ২০১৮ চনৰ জুনত টাটা ট্ৰাষ্টৰ হৈ অসম চৰকাৰৰ সৈতে এক চুক্তি স্বাক্ষৰিত কৰিছিল। ইয়াৰেই ফল স্বৰূপে অসমে  এই কৰ্কট ৰোগৰ চিকিৎসাৰ কেন্দ্ৰ সমূহ লাভ কৰিছে। এইটো ঠিক যে এনে উদ্যোগ গ্ৰহণ কৰাৰ বাবে সেই সময়ৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেতিয়াৰ স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো যথেষ্ঠ ভূমিকা আছে।

ৰতন টাটাই এই কথা ক'লে মই মোৰ অন্তিম বছৰবোৰ স্বাস্থ্যৰ বাবে উচৰ্গিত কৰিছো। 'অসম বৈভৱ' ৰতন টাটাই বিচাৰে অসমক সকলোৱে জানক। ৰতন টাটাৰ জন্ম হৈছিল ১৯৩৭ চনৰ ২৮ ডিচেম্বৰত। ভাৰতৰ উদ্যোগপতি সকলৰ ভিতৰত সদায় ৰতন টাটা শীৰ্ষত। টাটা গ্ৰুপৰ চেয়াৰমেন হিচাপে ১৯৯০ চনৰ পৰা ২০১২ চনলৈ কাৰ্যনিৰ্বাহ কৰা ৰতন টাটাই ব্যৱসায় কৰে কিন্তু সেই ব্যৱসায়ত আছে মানৱতাৰ প্ৰতি তীব্ৰ টান। তেওঁ জীৱনৰ বহু কাহিনীয়ে মানুহক উৎসাহিত কৰে। তেওঁৰ ব্যক্তিত্বই নতুন প্ৰজন্মক প্ৰেৰণা দিয়ে।

বহুতেই ক্ষোভ উজাৰিছে, ৰতন টাটাক ইমান অৱদানৰ পাছতো যেন কৰবাত সন্মান দিয়াত কৃপনালি কৰিলে চৰকাৰে।প্ৰধানমন্ত্ৰী ভ্ৰমণৰ বিজ্ঞাপন প্ৰচাৰ হ'ল, ৰতন টাটাৰ কথা কোৱা নহ'ল। কিন্তু ৰতন টাটা এইবোৰৰ উৰ্ধত। কিয় লাগে তেওঁক সস্তীয়া প্ৰচাৰ। ৰতন টাটা ৰতন টাটাই। তেওঁ নহয়, ভাষণৰ ফুলজাৰিৰে অৰ্ধসত্য কিছুমান কথাৰে ভোটাৰৰ মন মুহিব খোজা ৰাজনৈতিক নেতা।

কোনোবাই তেওঁৰ নাম হোৰ্ডিং বিজ্ঞাপনত নিলিখিলেও তেওঁ নিজেই নিজৰ নাম লিখি থৈ গ'ল অসমৰ জনতাৰ হৃদয়ত। কোনো কালেই মোচ নাখাই এই নাম। তেওঁৰ চিন্তাৰ চেতনাৰ পৰিধিয়ে মানুহৰ বাবে ভাৱিবলৈ এক অৱকাশ দিলে। নীৰৱে তেওঁ কৰি যায় সকলো কাম। আজি প্ৰধানমন্ত্ৰীক নহয়, সেয়ে ৰাইজে ধন্যবাদ দিছে ৰতন টাটাক। ধন্যবাদ ৰতন টাটা, অসমৰ বাবে ইমান খিনি ভবাৰ বাবে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in