আহক বজাৰলৈ যাঁও, ”আকৌ এবাৰ মোডী চৰকাৰ” গাও…

আহক বজাৰলৈ যাঁও, ”আকৌ এবাৰ মোডী চৰকাৰ” গাও…

মৃদুল কুমাৰ সন্দিকৈ

এইবোৰেই ভাল দিন! ভাল দিনৰ সপোন দেখুৱাই এতিয়া কেকোঁৰা চেপা দিছে ৰাইজক। কেৱল চৌদিশে দাম বাঢ়িছে। আৰু বাঢ়িব । এক কথাত প্ৰায় ১০৬ টকীয়া পেট্ৰ'ল বাইকত ভৰাব পৰাকৈ আমাক ধনী বুলি ভাৱিছে চৰকাৰে।

১০৩০ টকীয়া এলপিজি চিলিণ্ডাৰ কিনি আনি ৰান্ধিবলৈ ২৩০ টকীয়া মিঠাতেল কিনিব লাগে। অৱশ্যে বিনামূল্যে বহুতকে দিছে চৰকাৰে চাউল। সেই চাউলেৰে সিজোৱা ভাত খাবলৈ আপুনি কপালে মূৰে হাত দিব লগা অৱস্থা। বজাৰত পাচলিৰ মূল্য কিমান তাৰ অনুমান ৰঙালাওৰ ৩ ডাল আগ কিনিলেই অনুভৱ কৰিব।

এনেকুৱা একো একোটা ৰঙালাও আগৰ মূল্য ১৫ৰ পৰা ২০ টকা। বয়-বস্তুৰ মূল্য কি হাৰত বাঢ়িছে সেই কথা অনুভৱ কৰিবলৈ মাত্ৰ এসপ্তাহ বজাৰলৈ গ'লেই যথেষ্ঠ। এখন নিয়ন্ত্ৰণহীন বজাৰ। বিস্কুট এপেকেটৰ মূল্যও যেতিয়া ৫-৬ টকাকৈ বাঢ়িছে মানুহে কৰিব কি? খাব কি?

নিত্য ব্যৱহাৰ কৰা সামগ্ৰী সমূহৰ মূল্যবৃদ্ধিয়ে কোঙা কৰি দিয়াৰ সময়ত আন এক দুখবৰ আহিছে সাধাৰণ লোকসকলৰ বাবে। মুখৰ মাত হেৰাই গৈছে সাধাৰণ ক্ৰেতাৰ। প্ৰতিদিনাই বয়-বস্তুৰ দাম আকাশলংঘী হৈও গৈ আছে। সেই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰাৰ সলনি এতিয়া আকৌ চৰকাৰে চিন্তা-চৰ্চা কৰিছে ১৪৩ বিধ সামগ্ৰীৰ জিএছটি বৃদ্ধি কৰা।

পূৰ্বৰ ১৮ শতাংশৰ পৰা এই সামগ্ৰী সমূহৰ জিএছটিৰ হাৰ ২৮ শতাংশলৈ বৃদ্ধি কৰাৰ লক্ষ্যৰে চৰাকাৰে ব্লু প্ৰিন্ট সাজু কৰিছে।এনে কেতিয়াও হোৱা নাছিল। মানুহক ইমান বিপাঙত কোনোৱে পেলোৱা নাছিল। যদি চাউলৰ দাম বাঢ়িছে, ডিটাৰ্জেনৰ দাম বাঢ়িছে, মিঠাতেলৰ দাম বাঢ়িছে, বিস্কুট, নিমখ, টুথপেষ্ট, শিশুৰ খাদ্য, বাচন ধোৱা, চাবোন, ইন্ধন, টোলগেটৰ কৰ বাঢ়িছে তেনেহলে বাঢ়িবলৈ বাকী আছে কি?

১০০০ টকাত বিক্ৰী হৈ থকা ২০ কেজি ওজনৰ সোণাশক্তি চাউল দুদিনৰ পূৰ্বে আপুনি যদি ১০২৫ টকাত কিনিছিল তেন্তে এতিয়া কিনিব লাগিব ১১২৫ টকাত। ৰিদ্ধি-সিদ্ধি চাউলৰ দাম ১৭৫০ টকাৰ পৰা ১৮২০ টকা হ'ল। আমুল টাজাৰ প্ৰতিলিটাৰৰ মূল্য ২ টকা বাঢ়ি ৬৬ টকাৰ পৰা ৬৮ টকা হৈছে। টপগোল্ড, ডাইজেচষ্টিভ, মেৰি, পাৰ্লেজি বিস্কুটৰ পেকেটত ৫-৬ টকাকৈ বঢ়াতো হয়তো সাধাৰণ লোকেহে অনুভৱ কৰিছে।

বিকাজী ভুজিয়া ২০০ গ্ৰামৰ প্ৰতি পেকেটত ৫ টকা বাঢ়িল। ৫ টকীয়া চিপচ্ বাদ নপৰিল।৬টকা হ'ল চিপচৰ ৫ টকীয়া পেকেটত। গা ধোৱা চাবোনৰ মূল্য বাঢ়িছে। অনুমান কৰকচোন, এনেকৈ ১ টকা, ২ টকা , ৫ টকাকৈ সামগ্ৰী সমূহৰ দাম বৃদ্ধি হোৱাৰ ফলত আপোনাৰ মাহিলী বজাৰ ব্য়য় কিমান বাঢ়িব পাৰে।কিয়নো ১০ টকীয়া কাপোৰ ধোৱা অ'কে চাবোন টুকুৰা কিনিবলৈ এতিয়া ১০ টকা লৈ গ'লেই নহ'ব। ১২ টকা হ'ল এই চাবোনৰ মূল্য।

আশীৰ্বাদ নিমখৰ মূল্য ২০ টকা নহয়, ২৫ টকা হ'ল এতিয়া।মূল্যবৃদ্ধিৰ এই দৌৰত প্ৰায় সকলো সামগ্ৰীকেই সামৰি লৈছে চৰকাৰে। আনকি পাপৰ, গুৰ, পাৱাৰ বেংক, ঘড়ী, হেণ্ডবেগ, পাৰফিউম, কালাৰ টিভি, চকলেট, চুইংগাম আদিৰো দাম অচিৰেই বাঢ়িব।

চৰকাৰে যি ১৪৩ বিধ সামগ্ৰীৰ জিএছটি বৃদ্ধিৰ লক্ষ্য লৈছে সেইবোৰৰ ভিতৰত এই সামগ্ৰী সমূহো আছে। কোকা পাউদাৰ, বিউটি পাৰ্লাৰ বা মেকআপৰ সামগ্ৰী আদিও আছে এই তালিকাত। যি সময়ত চৰকাৰে ধনী বণিকক বিমাৰ বন্দৰ, শোধানাগাৰ, ৰেল ষ্টেচন আদি চমজাই দিছে সেই একেই সময়তে মূল্যবৃদ্ধিৰ এই মাধমাৰ মানুহৰ মূৰত মাৰিছে।

পূৰ্বৰ চৰকাৰৰ সৈতে এই চৰকাৰৰ পাৰ্থক্য এয়াই যে আগতে মূল্যবৃদ্ধিৰ বিৰুদ্ধে মানুহৰ মাজত এক প্ৰত্যক্ষ বাৰ্তা গৈছিল কিন্তু এতিয়া চৰকাৰে অতি কৌশলগতভাৱে সামগ্ৰী সমূহৰ মূল্যবৃদ্ধি কৰাৰ পাছতো ইয়াৰ বিৰুদ্ধে মাত মতাৰ কোনো অৱকাশ বা সুযোগ দিব নোখোজে।

দেশৰ ভাগি পৰা অৰ্থনীতিৰ সৈতে মোকাবিলা কৰিবলৈ চৰকাৰে এনে কিছু ব্যৱস্থা গ্ৰহণ কৰিছে যে যিকোনো প্ৰকাৰে চৰকাৰক ৰাজহ লাগে। এই হাৰত খাদ্য সামগ্ৰী, নিত্য ব্যৱহাৰ কৰা সা-সামগ্ৰী আৰু আন প্ৰয়োজনীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ঘটি থাকিলে দৰিদ্ৰ আৰু মধ্যবিত্ত শ্ৰেণীটোৰ বাবে জীৱন-ধাৰণ কৰাটোৱেই টান হৈ পৰিব।

ইমান মূল্যবৃদ্ধি হৈছে ইয়াৰ বিৰুদ্ধে ক'ৰবাত কাৰোবাৰ প্ৰতিবাদ দেখিছেনে? ৰাজনৈতিকভাৱে বিৰোধীৰ আসনত থকাৰ সময়ত মূল্যবৃদ্ধিক ডাঙৰ ইচ্ছ্যু কৰা, পিয়াজৰ মালা পিন্ধা, গৰু গাড়ীত উঠি প্ৰতিবাদ সাৱ্যস্ত কৰা লোকসকলে শাসকীয় পক্ষত থকাৰ সূত্ৰে চকুত কলা কাপোৰ বান্ধি ধৃতৰাষ্ট্ৰৰ ভূমিকা লৈছে।

এই ধাৰা অব্যাহত থাকিলে দেশত ধনী আৰু দৰিদ্ৰ এই দুই শ্ৰেণীয়েই থাকিব গৈ। চৰকাৰে কল্যানকামী আঁচনিৰ নামত হিতাধীকাৰী সৃষ্টিৰে দৰিদ্ৰ শ্ৰেণীটোক কোনোমতে জীয়াই থাকিবলৈ দি চৰকাৰ নিৰ্ভৰশীল এক পৰিৱেশৰ সৃষ্টি কৰাত ইতিমধ্যে সফল হৈছে।

সাধাৰণ মানুহৰ মনত প্ৰচণ্ড ক্ষোভ। সেই ক্ষোভৰ উদগিৰণ নিসন্দেহে এদিন ঘটিব। অৱশ্যে তেতিয়া ভাল দিনৰ সপোন দেখা মানুহবোৰ বেয়া দিনৰ বাস্তৱৰ মাজত ককবকাই থাকিবলগা পৰিৱেশ আহিছে। মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ বাবে চৰকাৰে পদক্ষেপ লোৱাৰ সলনি যদি জিএছটি বৃদ্ধিৰ দৰে সিদ্ধান্ত ল'ব লগা হয় তেনেহলে ইয়াৰ কোনো সমাধানৰ পথ নোলোৱাটোৱেই স্বাভাৱিক।

কি কৰিম আমি? পেটত গামোচা মাৰি বতাহ খাই মানুহ জীয়াই থাকিব নোৱাৰে। কেৱল বিনামূলীয়াকৈ দিয়া চাউল কেইটাৰে জানো জীৱন চলে? যিবোৰ সামগ্ৰী একান্তই প্ৰয়োজনীয় সেই সামগ্ৰীৰ মূল্যবৃদ্ধিত কোঙা হৈ পৰা জনজীৱনে ইতিমধ্যে ৰাইজক অতিষ্ঠ কৰিছে।

চৰকাৰী পক্ষৰ কোনো নিয়ন্ত্ৰণ নাই। চৰকাৰে সেয়েহে এই বিষয়টোক লৈ উদ্বিগ্ন হোৱাৰ বিপৰীতে যিকোনো প্ৰকাৰে দৰিদ্ৰ লোক সকলক শোষণ কৰি মূল্যবৃদ্ধিৰ মাধমাৰে জিএছটি জৰিয়তে ধন সংগ্ৰহেৰে ৰাজভড়াল টনকিয়াল কৰাৰ চেষ্টা চলাইছে।

আকৌ এবাৰ মোডী চৰকাৰ, আকৌ এবাৰ বিজেপি চৰকাৰ, হৰ হৰ মোডী, ঘৰ ঘৰ মোডী, সবকা সাথ-সবকা বিকাশ সেই শ্লোগান সদৃশ গানবোৰ যেন এতিয়া মানুহৰ ভাল নলগা হৈছে। কৰিম বুলি কৈছিল কিবা এটা আৰু হৈ আছে আন কিবা।

মানুহ হতবাক, মানুহ বাকৰুদ্ধ। শাসনত থকাৰ সময়ত ৰজাই যি কৰে সেয়া মানি ল'বলৈ প্ৰজা বাধ্য। কিন্তু এটা দিন আহিব যিদিনা আকৌ ৰজাই আহি প্ৰজাৰ সন্মুখত গান জুৰিব। ভাল দিনৰ কথা কব। সেইদিনা আপুনি বাৰু গাব পাৰিবনে সেই গীত- যি গীত আপুনি ৰজাৰ বাবে গাব লাগিব, প্ৰাণ খুলি ক'ব লাগিব- আকৌ এবাৰ বিজেপি চৰকাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in